Home Blog Page 2619

২০২২-২৩ৰ সাধাৰণ বাজেট, বিত্তমন্ত্ৰীৰ বাজেটৰ বৃহৎ ঘোষণাসমূহ কি কি?

সংসদৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পুৱা ১১ বজাৰ পৰা পাঠ কৰিছে ২০২২-২৩ বৰ্ষৰ বাজেট। বাজেট পাঠৰ প্ৰথম এটা ঘণ্টাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে। ইয়াৰ ভিতৰত তেওঁ কোৱা মূল কথা কেইটা হ’ল-

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে অনাগত বছৰবোৰত ২৫,০০০ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰা হ’ব। অহা তিনি বছৰত, ৪৪ খন নতুন বন্দে ভাৰত ৰে’ল আৰম্ভ কৰা হ’ব। দেশত ৬০ নিযুত নতুন চাকৰি সৃষ্টি কৰা হ’ব। চৰকাৰৰ ৩০ নিযুত অতিৰিক্ত চাকৰি প্ৰদান কৰাৰ ক্ষমতা আছে।

নিৰ্মলা সীতাৰমণে লোকসভাত কৈছে যে এলআইচিৰ আইপিঅ’ সোনকালেই আহিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে। দেশৰ ব্যক্তিগত খণ্ডবোৰক প্ৰচাৰ কৰা হ’ব আৰু আধুনিক আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

২০২১-২২ বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.২ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে আৰু অৰ্থনীতিক পুনৰ পথলৈ ঘূৰাই অনাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাই ফলাফল দেখুৱাইছে। দেশখনত ২৫ হাজাৰ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰা হ’ব। দেশৰ ৫ খন প্ৰধান নদীক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে।

২৫,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে ২০,০০০ কোটি টকা ব্যয় কৰা হ’ব। জল সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সহায়ত দেশৰ ৫খন প্ৰধান নদীৰ সংযোগৰ কামো কৰা হ’ব। দেশত জলসিঞ্চন আৰু খোৱা পানীৰ আঁচনি নিৰ্ধাৰণ কৰা হৈছে আৰু গঙ্গাৰ পাৰত বসতি স্থাপন কৰা কৃষকসকলক সহায় কৰা হ’ব।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে কৃষকসকলক ডিজিটেল সেৱা প্ৰদান কৰা হ’ব আৰু ভাৰতত দৰিদ্ৰতা নিৰ্মূলৰ লক্ষ্যৰ ওপৰত দৃঢ়ভাৱে কাম কৰা হ’ব। ড্ৰোনৰ জৰিয়তে কৃষি খণ্ডক উৎসাহিত কৰিব। ১০০ টা স্পীড পাৱাৰ কাৰ্গো টাৰ্মিনেটৰ নিৰ্মাণ কৰা হ’ব।

চৰকাৰে কৃষকসকলৰ একাউণ্টলৈ এমএছপিৰ জৰিয়তে ২.৩৭ কোটি টকা প্ৰেৰণ কৰিছে আৰু জৈৱিক কৃষিত নিয়োজিত কৃষকসকলক উদগনি দিয়া হ’ব। চৰকাৰে ৰাসায়নিক আৰু কীটনাশক-মুক্ত কৃষিৰ বিস্তাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

শিক্ষাৰ ক্ষেত্ৰৰ ক্ষেত্ৰত তেওঁ কয় যে, ডিজিটেল বিশ্ববিদ্যালয় সৃষ্টি কৰা হ’ব আৰু বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীত টিভি স্থাপন কৰা হ’ব। দক্ষতা ভাৰত অভিযানৰ জৰিয়তে আৰু দক্ষ শ্ৰমিক বনোৱাৰ ক্ষেত্ৰত চৰকাৰী আঁচনিৰ অধীনত যুৱ শক্তিৰ কাম কৰা হ’ব। চৰকাৰী প্ৰকল্পৰ সংখ্যা বৃদ্ধি কৰা হ’ব যাতে মানুহৰ জীৱিকাৰ উপায় বৃদ্ধি কৰিব পৰা যায়।

বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছে যে বাজেট আৱণ্টনৰ ২৫ শতাংশ চৰকাৰে প্ৰতিৰক্ষাৰ গৱেষণা বা গৱেষণাৰ বাবে কৰিব। এই বাজেটত, প্ৰতিৰক্ষাৰ প্ৰতি যথেষ্ট মনোযোগ দিয়া হৈছে কিয়নো সীমান্তত অতিৰিক্ত চৰ্ত আছে।

এই বাজেটত সৌৰ শক্তি উৎপাদনৰ বাবে আৱণ্টন ১৯,৫০০ কোটি টকা বৃদ্ধি কৰা হৈছে আৰু দেশত বৈদ্যুতিক বাহনৰ বাবে নতুন চাৰ্জিং ষ্টেচন স্থাপন কৰা হ’ব। দেশত সৌৰ শক্তিৰ বাবে সৌৰ পেনেল-আধাৰিত শক্তি প্ৰকল্পৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস

আজি পাঠশালাৰ আগশাৰীৰ অন্যতম শৈক্ষিক প্ৰতিষ্ঠান পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস ক’ভিড-১৯ ৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়৷ এই উপলক্ষে পুৱা মূল অনুষ্ঠান পাঠশালা শিক্ষাপীঠ আৰু পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পতাকা উত্তোলন কৰি ভাষণ প্ৰদান কৰে ক্ৰমে পাঠশালা শিক্ষাপীঠৰ প্ৰতিষ্ঠাপক সভাপতি মনোমোহন শৰ্মা আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক উৎপল বৰকাকতিয়ে৷ ইয়াৰ পিছতে শিক্ষক প্ৰাণজিৎ দাস আৰু শিক্ষয়িত্ৰী ৰঞ্জিতা তালুকদাৰৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলে প্ৰাৰ্থনাৰে ভগৱানৰ ওচৰত আৰ্শীবাদ বিচাৰে৷

বিদ্যালয়ৰ শিক্ষক নন্দ দুলাল চৌধুৰীয়ে সঞ্চালন কৰা অনুষ্ঠানটিত বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়ে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি ভাষণ আগবঢ়ায়৷ ইয়াৰ পিছতে বৰবাং [খান্দোপাৰা] গাঁৱৰ ভকতবৃন্দৰ দ্বাৰা অনুষ্ঠিত নাম-কীৰ্তন অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে জনতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনোৰঞ্জন গোস্বামীয়ে৷ সন্ধিয়া বন্তি প্ৰজ্বলন অনুষ্ঠানটি বুনিয়াদী শাখাৰ প্ৰধান শিক্ষক প্ৰবীৰ কুমাৰ দেৱ শৰ্মাৰ উদ্বোধনেৰে সামৰণি পৰে৷ অনুষ্ঠানত শিক্ষক নন্দ দুলাল চৌধুৰীয়ে শিক্ষাৰ্থীক উৰি থকা পতাকাৰ তলত প্ৰকৃত মানৱ সম্পদ হবৰ বাবে সংকল্প লবলৈ আহ্বান জনায়।

ৰাষ্ট্ৰপতিক সাক্ষাত কৰি ডিজিটেল বাজেট হাতত লৈ সংসদ ভৱনত নিৰ্মলা সীতাৰমণ

  • ডিজিটেল বাজেট হাতত লৈ সংসদ ভৱনত উপস্থিত নিৰ্মলা সীতাৰমণ।
  • প্ৰথমে ৰাষ্ট্ৰপতিক সাক্ষাত কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।
  • সাজু হৈছে বিত্ত মন্ত্ৰালয়ৰ কৰ্মচাৰীসকলো।
  • এইখন সীতাৰমণৰ কাৰ্যকালৰ ৪ৰ্থ খন বাজেট।
  • এইবাৰ ২য় বাৰৰ বাবে ডিজিটেল বাজেট দাখিল কৰিব সংসদত।
  • দিনৰ ১১ বজাত লোকসভাত দাখিল কৰিব এই বাজেট।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩সংখ্যক জন্মদিন

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন। মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰীৰ সমষ্টিটোৰ ৰাইজে বিভিন্ন কাৰ্যসূচী হাতত লৈছে।ইতিমধ্যে বিভিন্ন ৰঙীণ লাইট,বেনাৰ-পোষ্টাৰৰে সজোৱা হৈছে জালুকবাৰী সমষ্টি।জালুকবাৰী সমষ্টিৰ ৰাইজে তিনিদিনীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন পালন কৰিব।

থোৰেতে জানি লও আহক মুখ্যমন্ত্ৰীৰ বিষয়েঃ

 হিমন্ত বিশ্ব শৰ্মা

জন্মঃ ১-২-১৯৬৯ চন যোৰহাট।

পিতৃঃ প্ৰয়াত কৈলাশ নাথ শৰ্মা ।

মাতৃঃ শ্ৰী মৃণালিনী দেৱী।

জন্ম স্থানঃ যোৰহাট, অসম

পত্নীঃ ৰিণিকি ভূঞা শৰ্মা (২০০০ চনত বিবাহ হয়।)

শিক্ষা:

স্কুল : ১৯৭৫ নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয় , গন্ধিবস্তি।

কামৰূপ একাডেমী ১৯৭৯।

১৯৮৫ চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্ত্তি।

১৯৮৭ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাবে লৈ কটন কলেজত নামভৰ্ত্তি।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ কটনৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ নিৰু হাজৰিকাৰ তত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ।

ৰাজনৈতিক পৰিক্ৰমা:

১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান। ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাবে কাৰ্যনিৰ্বাহ।

১৯৯৬ চনত ৫১ নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়।

২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত।

২০০২ চনত তৰুণ গগৈৰ মন্ত্রী সভাত কৃষিকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।

২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্যকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।

২০১১চনত তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্য, শিক্ষা,গুৱাহাটী উন্নয়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে স্থান লাভ।

২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰী সভাৰ পৰা পদত্যাগ ।

২০১৫ চনত বিজেপিত যোগদান।

২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত। সৰ্বানন্দ সোনোৱালৰ মন্ত্ৰী সভাত গড়কাপ্তানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাবে কাৰ্যনিৰ্বাহ।

২০২১ চনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয়। বিধায়িনী দলৰ সিদ্ধান্ত মৰ্মে মুখ্যমন্ত্ৰী নিৰ্বাচিত হয় আৰু ১০ মে’ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। 

ছাত্র ৰাজনীতি :

আছু । ১৯৮৭-১৯৮৮ চনত কটন কলেজ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক।

১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনি বাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাবে কাৰ্যনিৰ্বাহ।

ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি

ওদালগুৰি শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয়ৰ সোনালী জয়ন্তী উৎসৱৰ শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী ৩১জানুৱাৰীত বিদ্যালয় প্ৰাঙ্গণত বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনেৰে অনুষ্ঠিত হৈ যায়। এই উপলক্ষে পুৱা ১০ বজাত আড়ম্বৰপূৰ্ণভাৱে এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা প্ৰতিষ্ঠা কালৰ পৰিচালনা সমিতিৰ সদস্য কৃষ্ণকান্ত দাসে। 

বিদ্যালয় খনৰ শিক্ষক নৰহৰি পাঠকে আতঁধৰা অনুষ্ঠানত পতাকা উত্তোলক কৃষ্ণকান্ত দাসে বিদ্যালয় খনৰ স্মৃতি ৰোমন্হন কৰি কয়- শিক্ষা জীৱনৰ আদিপাঠ।এই শিক্ষানুষ্ঠান গঢ়ি তোলাৰ বাবে গৌৰৱান্বিত।সেয়ে আজি মই আনন্দিত হৈ পৰিছো।বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ ইতিহাস স্মৃতি ৰোমন্হন কৰি আবেগিক হৈ পৰে।তেওঁ বিদ্যালয় খনৰ সোনালী জয়ন্তী উৎসৱৰ সফল ৰূপায়নৰ কামনা কৰি সকলোৰে সহযোগিতা কামনা কৰে।

উক্ত অনুষ্ঠানত ওদালগুৰিৰ বিধায়ক তথা বিবিচিৰ উপমুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্হিত থাকি বিদ্যালয়খনৰ সোনালী জয়ন্তী উৎসৱৰ সফলতা কামনা কৰাৰ লগতে  সকলোৰে সহযোগিতা কামনা কৰে আৰু তেওঁ সকলো ধৰণৰ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰি বৌদ্ধিক উত্তৰণৰত  বিদ্যালয় খনৰ অৱদানৰ কথা শ্ৰৰ্দ্ধাৰে সোঁৱৰণী কৰে  ।৩১জানুৱাৰীৰ এই মাঙ্গলিক কাৰ্যসূচীত অঞ্চলটোৰ বিশিষ্ট নাগৰিক সকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল, বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল, অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।

মৰিগাঁও জিলা যোগ সন্থাৰ সাধাৰণ সভা সম্পন্ন

মৰিগাঁও জিলা ক্ষীৰুদ বৰুৱা ষ্টেডিয়াম প্ৰেক্ষাগৃহত মৰিগাঁও জিলা যোগ সন্থাৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ জিলা যোগ সন্থাৰ সভাপতি ধনঞ্জয় তালুকদাৰ আৰু সম্পাদক মানস নাথে এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জনোৱা মতে জিলা যোগ সন্থাৰ সভাপতি ধনঞ্জয় তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ   সভা খনৰ জৰিয়তে জিলাখনৰ সাংগঠনিক দিশত বিভিন্ন আলোচনা কৰাৰ লগতে মৰিগাঁও জিলা যোগ সন্থাই প্ৰতিষ্ঠা কালৰে পৰা অৰ্থত ২০২০ চনৰ পৰা অসম যোগ সন্থাৰ লগত থাকি কাম কৰি গৈছিল যদিও শেহতিয়াকৈ অসম যোগ সন্থাৰ সাধাৰণ সম্পাদক প্ৰভাত বৰাৰ একনায়কত্ববাদ আৰু মইমতালিৰে ৰাজ্যিক যোগ সন্থাটো পৰিচালনা কৰাত ক্ষুন্ন হৈ পৰিছে মৰিগাঁও জিলা যোগ সন্থা ৷

ৰাজ্যিক সম্পাদক গৰাকীয়ে বিশেষকৈ ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ ছাত্ৰছাত্ৰীক অংশগ্ৰহণত বাধা প্ৰদান কৰা , পক্ষপাত মূলক আচৰণ কৰা , ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ছাত্ৰছাত্ৰীক বিগত  ৪৫ দিনে মানপত্ৰ প্ৰদান নকৰা ইত্যাদি বিষয়ত ৰাজ্যিক বিষয়ববীয়াৰ প্ৰতি ক্ষুন্ন হৈ আজি সাধাৰণ সভাৰ জৰিয়তে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ  অসম যোগ সন্থাৰ লগত কোনো ধৰণৰ সম্পৰ্ক আৰু যোগাযোগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে মৰিগাঁও জিলাই নিজাববীয়াকৈ কামকৰি যাব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখ্য যে এই সভাতে যোৱা ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত ক্ৰমে কমল চন্দ্ৰ নাথ , শ্বৰ্ণলতা দেৱী , অভিজ্ঞান নাথ , স্তুতি দেৱীক জিলা যোগ সন্থাৰ তৰফৰ পৰা একোখনকৈ গামোচা আৰু পদকেৰে সম্বৰ্ধনা জনোৱা হয় ৷ লগতে জিলা আৰু ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰা প্ৰতিযোগিতা ছাত্ৰছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷

তীৰৰ জুৱাৰীৰ বিৰুদ্ধে বাঁ‌হবাৰী আৰক্ষীৰ অভিযান

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত বাহঁবাৰী আৰক্ষীয়ে শুকুৰবাৰে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে এগৰাকী তীৰৰ জুৱাৰী । তীৰৰ জুৱাৰীটোৰ নাম চমেৰ আলী । বাঁ‌হবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আটকাধীন চমেৰৰ পৰা নগদ চাৰি হাজাৰ টকা আৰু তীৰ খেলৰ বুকি,মোবাইল ফোন জব্দ কৰে ।

সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জুৱাৰী চাহেৰক জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি বাহবাৰী অঞ্চলত তীৰ খেলৰ বৃহৎ ঘাটি গঢ়ি তুলিছিল ধৃত চামেৰ আলীয়ে ।

জ্যেষ্ঠ সংবাদিক দুলাল মিশ্ৰক ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা’ বঁটা প্ৰদান

সাংবাদিকসকলৰ দেশৰ বৃহত্তম সংগঠন ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক প্ৰথম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। গুৱাহাটী মহানগৰীৰ লাষ্টগেটস্থিত পি ডব্লিউ ডি কনভেনছল হ’লত আয়োজিত অনুষ্ঠানত আজি প্ৰদান কৰা হয় ‘ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা’ বঁটা।  ২৫ বছৰীয়া সাংবাদিকতাৰ স্বীকৃতি স্বৰূপে জ্যেষ্ঠ সাংবাদিক দুলাল মিশ্ৰক এই বঁটা প্ৰদান কৰে অসমৰ তথ্য আৰু জনসংযোগ দপ্তৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই।

অসম আৰক্ষীৰ বিষয়া প্ৰসেনজিৎ দাসক আগবঢ়োৱা হয় সাহসিকতাৰ বঁটা।এই অনুষ্ঠানত অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাস(IAS), লাহৰীঘাট সমষ্টিৰ বিধায়ক ডঃ আছিফ মহম্মদ নজৰ , সাংবাদিক এনাক্ষী শইকীয়া বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।   অনুষ্ঠানত  ইণ্ডিয়ান জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাপতি বি.আৰ. প্রজাপতি ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা,ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাতুল বৰা প্ৰমুখ্যে আন আন বিষয়ববীয়া সকলৰ লগতে অসম সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সচিব বাবুল বৰা  আদি উপস্থিত থাকে।

মিষ্টাৰ এণ্ড মিছ দিহিংপৰীয়া-২০২১ৰ সফল সমাপ্তি

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত “ফ্ল’চম মেগা এন্টাৰটেইণ্টমেন্ট” ৰ বেনাৰত আৰু পংকজ শইকীয়াৰ উদ্যোগত “মিষ্টাৰ এণ্ড মিছ দিহিংপৰীয়া ২০২১” অনুষ্ঠিত হৈ যায়।  সত্যজিত গগৈয়ে আঁত ধৰা প্ৰতিযোগীতাখনৰ শুভ উদ্বোধন কৰে নাহৰকটীয়া জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি শ্ৰী যুত চিত্ৰ বৰুৱায়ে। জাতীয় সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত অসম আৰু মেঘালয়ৰ প্ৰায় ১০০ গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।তিনিটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত ‘কিডচ্ এ গ্ৰুপ’ত শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড়ৰ শিৱাংগী বৰবৰাই।’ফাৰ্ষ্ট ৰাণাৰ আপ’ ৰ খিতাপ অৰ্জন কৰে নাহৰকটীয়াৰ জিনাশ্ৰুতি তালুকদাৰে আৰু ‘চেকেণ্ড ৰাণাৰ আপ’ৰ খিতাপ অৰ্জন কৰে ডিব্ৰুগড়ৰ তনুশ্ৰী কাশ্যপে।

‘কিডচ্ বি গ্ৰুপ’ৰ শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাৰ অৰ্জন কৰে নাহৰকটীয়াৰ কৃতিকা চেত্ৰীয়ে।ফাৰ্ষ্ট ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে নামৰূপৰ প্ৰিয়দৰ্শিনী শইকীয়াই আৰু চেকেণ্ড ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে বৰডুবিৰ জাগৃতি শইকীয়াই।অন্যহাতে “মিষ্টাৰ দিহিংপৰীয়া-২০২১”ৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে নাহৰকটীয়াৰ সময় গগৈয়ে।ফাৰ্ষ্ট আৰু চেকেণ্ড ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে ক্ৰমে নাহৰকটীয়াৰ অনুৰাগ বৰগোঁহাই আৰু ৰাজগড় ৰ ভাষ্কৰ জ্যোতি গগৈয়ে।ঠিক তেনেকৈয়ে “মিচ্ দিহিংপৰীয়া-২০২১”ৰ শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে ভাদৈ পাঁচআলিৰ গাৰ্গী গগৈয়ে।ফাৰ্ষ্ট আৰু চেকেণ্ড ৰাণাৰ আপ ৰ খিতাপ অৰ্জন কৰে ক্ৰমে নাহৰকটীয়াৰ ডেইজী গগৈ আৰু মৰাণৰ চিন্ময়ী খনিকৰে।

প্ৰায় ১০০ তকৈও অধিক প্ৰতিযোগীৰ মাজৰ পৰা ১২ গৰাকী প্ৰতিযোগীক নিৰ্বাচন কৰি বিচাৰকৰ আসন শুৱনি কৰিছিল চাচনি কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ৰাজলক্ষী গোস্বামী আৰু মডেল নয়ন চাংকাকতিয়ে।”কিডচ্ এ আৰু বি গ্ৰুপ”ৰ গ্ৰ’মাৰ আছিল  মডেল চিৰঞ্জীৱ বৰা।”মিষ্টাৰ দিহিংপৰীয়া-২০২১”ৰ গ্ৰ’মাৰ আছিল মডেল গহিন শইকীয়া আৰু নিতীশ দাস আৰু “মিচ্ দিহিংপৰীয়া-২০২১”ৰ গ্ৰ’মাৰ আছিল মডেল ৰিচা চেত্ৰী।পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটো সন্ধিয়া ৭ বজাত সফল সমাপ্তি হয়।

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৰঞ্জী ট্ৰফীৰ মেচঃ বিচিচিআইৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশত বৃদ্ধি পোৱা কোভিড-১৯ আৰু ইয়াৰ নতুন প্ৰকাৰ অমিক্ৰনৰ বাবে পিছুৱাই দিয়া হৈছিল ৰঞ্জী ট্ৰফী। কিন্তু দেশত লাহে লাহে কোভিডৰ সংক্ৰমণ কমি অহাৰ পিছতেই পুনৰ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বি চি চি আই) কোষাধ্যক্ষ অৰুণ ধুমলে ৰঞ্জী ট্ৰফী পৰিচালনাৰ বিষয়ে শেহতীয়াকৈ এক ঘোষণা কৰিছে।

ধুমলে বৃহস্পতিবাৰে কৈছে যে, ব’ৰ্ডে দুটা পৰ্যায়ত ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। বি চি চি আইয়ে ২৭ মাৰ্চৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আয়োজন কৰাৰ পৰিকল্পনা কৰিছে আৰু এনে পৰিস্থিতিত, এটা পৰ্যায়ত ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। কিন্তু কেইবাখনো ৰাজ্যৰ অনুৰোধত ব’ৰ্ডে এক বৈঠক অনুষ্ঠিত কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বৈঠকৰ পিছত ধুমলে কয়, আমি ৰঞ্জী ট্ৰফী অনুষ্ঠিত কৰাৰ সম্ভাৱনা অন্বেষণ কৰি আছো। যেতিয়া কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছিল তেতিয়া প্ৰতিযোগিতাখন পিছুৱাই দিয়া হৈছিল। এতিয়া দেখা গৈছে যে দেশত সংক্ৰমণ হ্ৰাস পাইছে। আমাৰ অপাৰেচন দলে অহা মাহত লীগ পৰ্যায়ৰ মেচ আয়োজন কৰিব পাৰোঁ নে নাই সেই বিষয়ে কাম কৰি আছে।

উল্লেখ্য যে বি চি চি আই সভাপতি সৌৰভ গাংগুলী, সচিব জয় শ্বাহ উপস্থিত থকা এই বৈঠকতে ৰঞ্জী ট্ৰফীৰ লীগ পৰ্যায়ৰ মেচ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈকে এমাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব। আনহাতে পৰৱৰ্তী পৰ্যায়ৰ মেচসমূহ জুন-জুলাইত অনুষ্ঠিত হ’ব।