Home Blog Page 2618

এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলৰ বাবে ৰতন টাটাৰ এক বিশেষ বাৰ্তা

টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়াৰ দায়িত্ব লোৱাৰ কেইদিনমান পিছত, টাটা সন্চৰ অধ্যক্ষ এমিৰিটাছ আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই এয়াৰলাইনত ভ্ৰমণ কৰা যাত্ৰীসকলক উষ্ম আদৰণি জনায়। টুইটাৰৰ জৰিয়তে এয়াৰ ইণ্ডিয়াৰ অফিচিয়েল হেণ্ডেলে ৰতন টাটাৰ দ্বাৰা নিজেই কণ্ঠদান কৰা এটা চমু ১৮ ছেকেণ্ডৰ বাৰ্তা পোষ্ট কৰিছে। তেওঁক ‘এয়াৰ ইণ্ডিয়াৰ নতুন গ্ৰাহক’ক আদৰণি জনোৱা শুনা গৈছে।

তদুপৰি, তেওঁ কয়, “যাত্ৰীৰ আৰাম আৰু সেৱাৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াক পছন্দৰ বিমান সেৱা হিচাপে গঢ়ি তুলিবলৈ আমি একেলগে কাম কৰিবলৈ উৎসাহিত।” এয়াৰ ইণ্ডিয়াক বৃহস্পতিবাৰে টাটা গ্ৰুপক হস্তান্তৰ কৰা হৈছিল, গোটটোৰ পৰা লোৱাপ্ৰায় ৬৯ বছৰ পিছত। ইয়াৰ পূৰ্বে, বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ইণ্ডিয়া টুডে টিভিক কৈছিল যে এয়াৰ ইণ্ডিয়াৰ মুঠ ঋণ বৰ্তমানৰ দায়বদ্ধতাসহ প্ৰায় ৬০-৭০,০০০ কোটি টকা। তাৰ ভিতৰত, সেই ঋণৰ ১৫৩০০ কোটি টকা হ্ৰাস কৰা হৈছে, টাটা নিবিদাৰ অধীনত।

বকোত বিশ্ব ফাৰ্মাছিষ্ট দিৱস উদযাপন

বিশ্ব ফাৰ্মাছিষ্ট দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি ৩১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । ঔষধালয়ৰ আৰ্হি বিষয়ৰে মেঘা মেডিক’জ, বৰপাৰা, বকোই ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত এই আয়োজনত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বকোৰ ফাৰ্‌হানা আহমেদে, দ্বিতীয় স্থান লাভ কৰে মডেল ইংলিছ স্কুলৰ সুৰভি মণ্ডলে আৰু তৃতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বকোৰ পৰাগজ্যোতি কাকতিয়ে । পুৰস্কাৰ হিচাপে প্ৰত্যেককে এখনি মানপত্ৰ , কিতাপ, এখনিকৈ গ্ৰীণ কাৰ্ড যাৰ পৰা প্ৰতিযোগী তথা পৰিয়ালে ঔষধ ক্ৰয় কৰিলে ১০% ৰেহাই মূল্যত পাব ।

বিচাৰকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা পূৰ্ণিমা পালকো এখনি মানপত্ৰ, গ্ৰীণ কাৰ্ড তথা তেওঁৰ চিকিৎসা সহায়ক হোৱাকৈ কিছু অৰ্থ সাহায্য প্ৰদান কৰে । মনোজ্ঞ আলোচনা চক্ৰৰ মাজেৰে সম্পন্ন হোৱা অনুষ্ঠানটিত নিজৰ বহুমূলীয়া বক্তব্য ৰাখে ক্ৰমে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গণেশ্বৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত বন বিষয়া তথা সংগীত, সাহিত্য চৰ্চাকাৰ প্ৰহ্লাদ বড়ো, বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বকো সাহিত্য সভাৰ সভাপতি সুৰেন চন্দ্ৰ কলিতা , নৃত্য শিল্পী – পৰিচালনা মনোজ দাস , বকোৰ বিশিষ্ট ব্যৱসায়ী তথা দীক্ষিতা চুইটছৰ স্বত্বাধিকাৰী জনাৰ্দন বড়ো, শিক্ষক সুনন্দ দাস, বকো সাহিত্য সভা তথা অসম বিজ্ঞান সমিতি, বকো শাখাৰ সহকাৰী সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত , ঔষধালয়ৰ কৰ্মচাৰী ৰাতুল কলিতা, শিৱম শৰ্মা , শিক্ষক অজিত মণ্ডল আৰু অন্যান্য বহুতো ব্যক্তি । উপস্থিত বিশিষ্ট ব্যক্তিসকলে  বকোৰ আন আন অনুষ্ঠানসমূহকো এনেকুৱা আন ধৰণৰ গঠনমূলক কাৰ্যসূচীলৈ অঞ্চলটিৰ ব্যৱসায়িকক্ষেত্ৰৰ লগতে আন আন ক্ষেত্ৰতো অৰিহণা যোগাবলৈ আহ্বান জনায়।

দেশত হ্ৰাস পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা

দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে কোৰোনা আক্ৰান্তৰ সংখ্যা। বিগত দিনটোত দেশত ১.৫৮ লাখ লোক কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে। এই সময়ছোৱাত কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ২.৮০ লাখ লোক। আনহাতে মৃত্যু হৈছে ১,৭২১ গৰাকী কোৰোনা আক্ৰান্তৰ। উল্লেখ্য যে বিগত সোমবাৰৰ দিনটোত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছিল ১,৬৭,০৫৯ জন লোক। সেই অনুসৰি সোমবাৰৰ তুলনাত মঙ্গলবাৰে প্ৰায় ৮,৫০০ লোক কমকৈ কোৰোনাত আক্ৰান্ত হৈছে। অৰ্থাৎ নতুনকৈ কোৰোনাত আক্ৰান্তৰ হাৰ ৫.৩৭ শতাংশ কম।

মন কৰিবলগীয়া যে বিগত ২০ জানুৱাৰীত চলিত বছৰত সৰ্বাধিক ৩.৪৭ লাখ লোক কোৰোনাত আক্ৰান্ত হৈছিল। ইয়াৰ পিছত ক্ৰমান্বয়ে কোৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ আৰম্ভ হৈছিল। বৰ্তমান, দেশত সক্ৰিয় কোৰোনা আক্ৰান্তৰ মুঠ সংখ্যা অৰ্থাৎ চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ১৬.১৩ লাখ। সক্ৰিয় ঘটনাৰ সংখ্যা আগৰ দিনৰ তুলনাত প্ৰায় ১,২৩,৩২৩ হ্ৰাস পাইছে। কোৰোনা আক্ৰান্তৰ মুঠ ঘটনাই ৪.১৬ কোটি সংখ্যা অতিক্ৰম কৰিছে।

অপৰাধীৰ খবৰ দি অসম আৰক্ষীৰ পৰা লাভ কৰক ২ লাখ টকা

অসম আৰক্ষীক অপৰাধীৰ খবৰ দিয়ক আৰু লাভ কৰক ২ লাখ টকাৰ পুৰস্কাৰ। অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে আগঢ়াইছে এই অফাৰ। জি পি সিঙে টুইটাৰৰ জৰিয়তে দুটা দুধৰ্ষ গঁড় চিকাৰীৰ ফটো আৰু তেওঁলোকৰ ঠিকনাৰ সৈতে উল্লেখ কৰিছে যে যিয়ে এই অপৰাধী দুটাৰ সন্ধান দিবলৈ সক্ষম হ’ব তেওঁলোকক ২ লাখকৈ টকা পুৰস্কাৰ দিব আৰক্ষীয়ে।

জি পি সিঙে টুইটাৰত উল্লেখ কৰা অনুসৰি এই গঁড় চিকাৰী দুটাৰ নাম আব্দুল মাটিন ওৰফে কালা আৰু আতাউৰ ৰহমান। ইয়াৰে আব্দুল মাটিনৰ বয়স ৩৬ বছৰ। আনহাতে আতাউৰ ৰহমানৰ বয়স ৩৫। বিশ্বনাথ জিলাৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১ নং আদাভেঁটি গাঁৱৰ ইছমাইল আলীৰ পুত্ৰ আব্দুল মাটিন আৰু মহম্মদ ইফাৰ আলীৰ পুত্ৰ আতাউৰ ৰহমান।

মানাহ নদীৰ গৰাখহনীয়াঃ খৰালিতেই নিদ্ৰা হৰিছে নৈ পৰীয়া ৰাইজৰ

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত গোলাপাৰাত মানাহ নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈ পৰীয়া ৰাইজৰ। খৰালীৰ সময়তো গৰাখহনীয়াৰ কবলত পৰিছে শ শ বিঘা কৃষিভূমি। নদীৰ বুকুত জাহ গৈছে কৃষকৰ হাড়ভঙা পৰিশ্ৰমেৰে উৎপাদিত সেউজীয়া শস্য। বিগত বাৰিষাৰ সময়ত মানাহ নদীয়ে গোলাপাৰাৰ এখন ৰাজহ গাওঁ নিচিহ্ন কৰি পেলোৱাৰ পিছত এইবাৰ খৰালীৰ পৰা আৰম্ভ হৈছে গৰাখহনীয়া। মানাহ নদীৰ ওপৰত থকা পকী দলংৰ প্ৰতি আহিছে তীব্ৰ ভাবুকি।

অঞ্চলটোৰ মাজেৰে যোৱা কীৰ্ত্তন পাৰা নাম্বাৰ পাৰা চাকলা সংযোগী এক মাত্ৰ পকী ৰাস্তা খনো নদীত জাহ যোৱাৰ উপক্ৰম হৈছে। গোলাপাৰা বজাৰ, ৰাস্তা ঘাট, কেইবাটাও শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিও মানাহ নদীৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। ইমানৰ পিছতো গৰাখহনীয়াৰ ৰোধৰ বাবে জিলা প্ৰসাশন, জনপ্ৰতিনিধি তথা জলসম্পদ বিভাগৰ কাণসাৰ নাই। এক প্ৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত আছে জনপ্ৰতিনিধি। বাৰিষাৰ আগতেই মানাহ নদীৰ এই গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে স্থানীয় ভুক্তভোগী ৰাইজে।

বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ হোৱাৰ দিশত চৰাইদেউ

মিচৰৰ পিৰামিড ক্ষাত চৰাইদেউ মৈদাম ক্ষেত্ৰ অতি সোনকালেই বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰত পৰিণত হ’ব। ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰত ইতিমধ্যে আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাম ক্ষীপ্ৰ গতিত অব্যাহত আছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত স্থান দখল কৰিবলৈ সক্ষম হোৱা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে চৰকাৰে  ২৫ কোটি টকাৰ অনুমোদন আগবঢ়োৱা লগতে ইতিমধ্যে মুকলি কৰি দিয়া দহ কোটি টকাৰে কাম আৰম্ভ হৈছে। অতি তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চৰাইদেউ চাহ বাগিচাই দখল কৰি থকা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ বৃহৎ পৰিমাণৰ এলেকাৰ পৰা চাৰিশ বিঘা মাটি ইতিমধ্যে বেদখলমুক্ত কৰাবলৈ সক্ষম হৈছে বিভাগীয় কৰ্তৃপক্ষ।

মন কৰিবলগীয়া যে চৰাইদেউ মৈদাম ক্ষেত্ৰৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে সোণাৰি সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা স্থানীয় বাসিন্দা ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে স্থানীয় সচেতন লোকসকলে দীৰ্ঘদিন ধৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিত বিগত চৰকাৰৰ বিত্তমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মহোৎসৱত অংশগ্ৰহণ কৰি চৰাইদেউ মৈদামৰ আন্তঃগাথঁনি উন্নয়ন কৰিবলৈ পেকেজ ঘোষণা কৰিছিল। ইয়াৰ ফলশ্ৰুতিত এতিয়া ক্ষীপ্ৰ গতিত অব্যাহত আছে আন্তঃগাথঁনি উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ কাম। যাৰ বাবে অসম ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা চৰাইদেউ মৈদাম ক্ষেত্ৰৰ অংশটো সাময়িকভাৱে পৰ্যটকৰ বাবে বন্ধ আছে। মৈদাম ক্ষেত্ৰ উন্নয়নৰ কাম সম্পূৰ্ণ হ’লেই দৰ্শনাৰ্থীসকলে এক নতুন ৰূপত দেখিবলৈ পাব অসমৰ গৌৰৱ তথা আহোম ৰাজত্ব কালৰ প্ৰথমটো স্থায়ী ৰাজধানী আৰু পৰৱৰ্তী সময়ত পবিত্ৰ মৈদাম ক্ষেত্ৰলৈ পৰিণত হোৱা ঐতিহাসিক চে-ৰায়-ডয়ক।

ভাৰতীয় অৰ্থনীতিত নতুন যুগৰ আৰম্ভণি

২০২২-২৩ বিত্তীয় বৰ্ষৰ পৰা দেশত প্ৰচলন হ’ব ডিজিটেল মুদ্ৰা বা ক্ৰীপ্ট’কাৰেন্সী । সংসদৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত এই গুৰুত্বপূৰ্ণ বিষয় ব্যক্ত কৰে। ইতিমধ্যে ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। ব্লকছেইন প্ৰযুক্তিৰ জৰিয়তে ৰিজাৰ্ভ বেংকে এই মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব। ডিজিটেল সম্পদ বিক্ৰী বা অধিগ্ৰহণৰ পৰা লাভ কৰা আয়ৰ ওপৰত চৰকাৰে ৩০ শতাংশ কৰ ধাৰ্য কৰিব।

বাজেট ভাষণত এই বিষয় অন্তৰ্ভুক্তিৰ জৰিয়তে কাৰ্যতঃ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ল। ইতিমধ্যে ক্ৰীপ্ট’কাৰেন্সীৰ প্ৰতি দেশৰ সাধাৰণ মানুহৰ আস্থা বৃদ্ধি পাইছে। বহুতৰে ধাৰণা আছিল যে, চৰকাৰে কেতিয়াবা এই মুদ্ৰা নিষিদ্ধ কৰিব পাৰে। কিন্তু অৱেশষত চৰকাৰেই দেশত ডিজিটেল মুদ্ৰা প্ৰৱৰ্তনৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে। ব্যাপকসংখ্যক লোকে ইণ্টাৰনেটৰ মাধ্যমত এই মুদ্ৰাৰ ব্যৱসায়ত ইতিমধ্যেই জড়িত হৈছে। এতিয়াৰ পৰা তেওঁলোক ৰিস্কমুক্ত হ’ব। নগদ টকাৰ সমতুল্য হ’ব ক্ৰীপ্ট’কাৰেন্সীৰ লেনদেন।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ অভূতপূৰ্ব সফলতাই ক্ৰীপ্ট’কাৰন্সীৰ প্ৰতি মানুহক আকৰ্ষিত কৰিছে। সহজ ভাষাত বিনিময়ৰ মাধ্যম হিচাপে এতিয়াৰ পৰা কাগজী মুদ্ৰাৰ লগতে ক্ৰীপ্ট’কাৰেন্সী বা ভাৰ্চুৱেল মুদ্ৰাও ব্যৱহৃত হ’ব। কম্পিউটাৰৰ ছাৰ্ভাৰৰ তত্ত্বাৱধানত চলিব বিত্তীয় লেনদেন। ‘শ্বেয়াৰ বজাৰ’ত শ্বেয়াৰৰ জৰিয়তে মূলধনৰ বিনিয়োগ আৰু ক্ৰয়-বিক্ৰয়ৰ দৰে ‘ডিজিটেল মাৰ্কেট’তো ক্ৰীপ্ট’কাৰেন্সীৰ ক্ৰয়-বিক্ৰয় আৰু বিনিয়োগৰ ব্যৱস্থাৰে অৰ্থনৈতিক ব্যৱস্থাত এক নতুন অধ্যায়ৰ আৰম্ভণি হ’ব।

জিলাই জিলাই টেট শিক্ষকৰ অৱস্থান ধৰ্মঘট

আজি পহিলা ফেব্ৰুৱাৰীৰ দিনটোতে পুৱা ১১ বজাৰ পৰা অসমৰ প্ৰতিখন জিলাৰ দৰে ধুবুৰী জিলাতো সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক টেট্ উত্তীৰ্ণ শিক্ষকসকলে ‘এঘণ্টীয়া অৱস্থান ধৰ্মঘট’ কাৰ্যসূচী ৰূপায়ন কৰে। উল্লেখযোগ্য যে ধুবুৰী জিলা মিছন সমন্বয়কৰ কাৰ্যালয় প্ৰাঙ্গনত ক’ভিড নিয়ম মানি ধুবুৰী জিলাৰ সৰ্বশিক্ষাৰ অন্তৰ্গত টেট্ উত্তীৰ্ণ শিক্ষকসকলে নিজৰ প্ৰাপ্যৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ থাকে যে ২০১৩ চনৰ পৰা আৰ.অ.পি অনুযায়ী দৰমহা লাভ কৰি অহা এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষাবিভাগৰ এক নিৰ্দেশনাযোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্যজনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এইসকল শিক্ষকে বৰ্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই। বৰ্তমানে নীতি অনুসৰি এইসকল শিক্ষকে ৩১ শতাংশ মৰগীয়া বানচ লাভ কৰিব লাগিছিল যদিও কেৱল ১২ শতাংশ মৰগীয়া বানচ লৈয়ে চাকৰি কৰি থাকিবলগীয়া হৈছে। ২০১৯ চনৰ পৰা ৫ শতাংশ আৰু তাৰ পাছত চৰকাৰৰ ঘোষিত ক্ৰমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ তথা তাৰ বকেয়াৰ পৰাও বঞ্চিত হৈ আছে এইসকল শিক্ষক।

শিক্ষকসকলৰ দাবী অনুসৰি চৰকাৰে নিজৰ পূৰ্বৰ কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপাল নিৰ্দেশনাকো ভঙ্গ কৰিছে। উল্লেখযোগ্য যে ১ জুলাই ২০২০ ইং তাৰিখে ৰাজ্যচৰকাৰৰ কেবিনেট সিদ্ধান্তৰ ৰাজ্যপাল নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকে নিয়মীয়া হাৰত দৰমহা লাভৰ উপৰি ৫ লাখ টকা পৰ্যন্ত মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট, বেংকলোন (আপোনঘৰ) আদিৰ সুবিধা লাভ কৰিব লাগে। কিন্তু এইসকল শিক্ষকক আজি পৰ্যন্ত কাগজে-পত্ৰই সুবিধা দিয়াৰ বাহিৰে বাস্তৱত একোৱে দিয়া হোৱা নাই।

যিটো সময়ত শিক্ষামন্ত্ৰীয়ে ‘প্ৰায় নিয়মীয়াকৰণ’ৰ নামত “সমহাৰত দা-দৰমহা দিয়া হৈ আছে” বুলি বিভিন্ন সংবাদ মাধ্যমত ঘোষণা কৰি আহিছে দৰাচলতে বাস্তৱত এয়া সম্পূৰ্ণ মিছা। এইসকল শিক্ষকে অন্য সুবিধা, সন্মান আদিৰ পৰা বঞ্চিত হৈ থকাৰ উপৰি নিয়মীয়া বৰ্ধিত হাৰৰ দৰমহা, এনপিএচ, চাৰ্ভিচ বুক, বেংকলোন, মেডিকেল ৰি-ইম্বাৰ্চমেণ্ট, এম.এ.চি.পি.এচ, শিক্ষক বঁটাৰ সুবিধা আদি সকলো প্ৰাপ্যৰ পৰাও বঞ্চিত হৈ আছে।যিটো সময়ত উচ্চতম ন্যায়ালয়ে সম কামৰ সম দৰমহাৰ কথা কৈ আহিছে একে সময়তে বৰ্তমানৰ শিক্ষা বিভাগ তথা বিভাগীয় মন্ত্ৰীয়ে নিজৰে বিভাগীয় নিৰ্দেশনা তথা কেবিনেট সিদ্ধান্তক ভঙ্গ কৰিছে।
শিক্ষক সমাজে বহুবাৰ বিভাগীয় মন্ত্ৰীক প্ৰাপ্য আদায়ৰ কাকূতি-মিনতি কৰিছিল যদিও বিভাগীয় মন্ত্ৰী আৰু শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা নাই।

যাৰ পৰিপ্ৰেক্ষিতত আজি অসমৰ প্ৰতিখন জিলাতে ‘সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ’ৰ আহ্বানমৰ্মে ক’ভিড নীতি মানি শিক্ষক প্ৰতিনিধিৰ জৰিয়তে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সমাজৰ ধুবুৰী জিলাৰ নেতৃত্বই জনোৱা অনুসৰি পেব(PAB) ৰ নিৰ্দেশনা অনুযায়ী এইসকল শিক্ষকৰ দ্বৈত কেডাৰ ভঙ্গ কৰি নিয়মীয়াকৰণ নকৰিলে তথা পূৰ্বৰ বিভাগীয় তথা চৰকাৰী কেবিনেট ঘোষণা অনুসৰি দিবলগীয়া সুবিধা আৰু প্ৰাপ্যসমূহ আদায় নিদিলে শিক্ষকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হ’ব। প্ৰয়োজনত শিক্ষকসকলে গুণোৎসৱ তথা অন্যান্য চৰকাৰী দায়িত্ব সমূহতো অসহযোগ কৰিবলৈ বাধ্য হ’ব।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰাই শিক্ষক সমাজৰ জিলা নেতৃত্বই অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰি জনাই যে “আজি সকলো সমস্যাৰ সমাধান বিচাৰি ৰাজ্যখনৰ মূৰব্বী মুখ্যমন্ত্ৰী গৰাকীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে আৰু আমাৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শিক্ষকসকলক ইতিমধ্যে ঘোষণা কৰি থোৱা সুবিধাসমূহ সঁচা অৰ্থত প্ৰদান কৰিব।”।

ধেমাজিত পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তি কৰ্মচাৰীৰ কৰ্ম বিৰতি

ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ড অন্তৰ্গত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তি কৰ্মচাৰী সকলে আজিৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ বৰদলনি উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদত লৈকে কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে ৷ উল্লেখ্য যে পঞ্চায়ত কৰ্মচাৰী সকলে বিভিন্ন চৰকাৰী চাকৰিৰ তুলনাত তেওঁলোকে অসম চৰকাৰৰ পৰা অতি কম পৰিমাণৰ বেতন লাভ কৰি আহিছে ৷ ফলত ঠিকাভিত্তিক কৰ্মচাৰী সকলে নিজৰ পৰিয়াল চলোৱাটোৱে কঠিন হৈ পৰিছে ৷ মাহিলী নগন্য পৰিমাণৰ দৰমহা দি চৰকাৰে ঠিকাভিত্তিক পঞ্চায়ত কৰ্মচাৰী সকলক ন্যায়ৰ পৰা বঞ্চিত কৰা বুলিও তেওঁলোকে অভিযোগ কৰিছে ৷ তেওঁলোকে মূলতঃ চৰকাৰৰ ওচৰত ৬ টা দাবীৰ সমৰ্থনত এই সপ্তাহজোৰা কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

দাবী সমূহ হৈছে- ঠিকাভিত্তিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী সকলৰ চাকৰি ৬০ বছৰলৈ সুনিশ্চিত কৰা, সকলো কৰ্মচাৰীক সম কামৰ সম মৰ্যাদা প্ৰদান কৰা, সকলো কৰ্মচাৰী আৰ অ পি ব্যৱস্থা কৰা, চাকৰিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰ হস্তক্ষেপ কৰা, চৰকাৰী কৰ্মচাৰী সকলে লাভ কৰা সকলো সুবিধা প্ৰদান কৰা, বিভাগত খালি হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি সকলো ঠিকাভিত্তিক কৰ্মচাৰীক বিভাগীয় ভাৱে পৰিক্ষা পাতি নিযুক্তি প্ৰদান কৰা আদি ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্ম বিৰতিৰ ফলত বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলোবোৰ কাম-কাজ স্তব্ধ হৈ পৰাটো নিশ্চিত হৈছে ৷

জিলাই জিলাই টেট শিক্ষকৰ অৱস্থান ধৰ্মঘট

পহিলা ফেব্ৰুৱাৰীৰ দিনটোতে পুৱা ১১ বজাৰ পৰা অসমৰ প্ৰতিখন জিলাৰ দৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলাতো সৰ্বশিক্ষাৰ অধীনৰ ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সকলে এঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা মানকাচাৰ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত সম্পূৰ্ণ কভিট নিয়ম মানি এই অৱস্থান ধৰ্মঘট পালন কৰে নিজৰ প্ৰাপ্যৰ দাবীত। যোৱা ২০১৩ চনৰ পৰা আৰ অ পি অনুযায়ী দৰমহা লাভ কৰি অহা এইসকল শিক্ষকক ২০১৭ চনৰ পৰা শিক্ষা বিভাগৰ এক নিদেৰ্শ যোগে সপ্তম দৰমহা আয়োগৰ নিৰ্ধাৰিত হাৰত দৰমহা দিয়া হৈছিল। কিন্তু কোনো ৰহস্য জনক কাৰণত বিভাগীয় অৱহেলাৰ বাবে ২০১৯ চনৰ পৰা এই সকল শিক্ষকে বৰ্ধিত হাৰৰ মৰগীয়া বানচ লাভ কৰা নাই। বৰ্তমানে নীতি অনুসৰি এই সকল শিক্ষকে ৩১ শতাংশ মৰগীয়া বানচ লৈয়ে চাকৰি কৰিবলগীয়া হৈছে। ২০১৯ চনৰ পৰা ৫ শতাংশ আৰু তাৰ পিছত চৰকাৰৰ ঘোষিত ঞমে ১১ আৰু ৩ শতাংশ মৰগীয়া বানচ তথা তাৰ বকেয়াৰ পৰাওঁ বঞ্চিত হৈ আছে বুলি দক্ষিণ শালমাৰা

মানকাচাৰ জিলা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজ সমিতিৰ সভাপতি মজেদুৰ ৰহমান প্ৰধানী আৰু সম্পাদক টিকেন্দ্ৰ ডেকা সাংবাদিকক জানিবলৈ দিয়ে। শিক্ষক সকলৰ দাবী অনুসৰি চৰকাৰে নিজৰ পূৰ্বৰ কেবিনেট সিদ্ধান্ত তথা ৰাজ্যপালৰ নিদেৰ্শনাকো ভংগ কৰিছে। উল্লেখ্য যে ১ জুলাই ২০২০ ইং তাৰিখে ৰাজ্যচৰকাৰৰ কেবিনেটে সিদ্ধান্তৰ ৰাজ্যপালৰ নিদেৰ্শনা অনুসৰি এই সকল শিক্ষকে নিয়মীয়া হাৰত দৰমহা লাভৰ উপৰিও ৫ লাখ টকা পৰ্যন্ত মেডিকেল ৰি ইমবাচমেণট, বেংক লোন (আপোন ঘৰ) আদিৰ সুবিধা দিয়াৰ বাহিৰে বাস্তৱত একোৱে দিয়া হোৱা নাই। এই সকল শিক্ষকে অন্য সুবিধা, সন্মান আদিৰ পৰাও বঞ্চিত হৈ থকাৰ উপৰি নিয়মীয়া বৰ্ধিত হাৰৰ দৰমহা, এনপি এছ, চাৰ্ভিছ বুক, এম এন চি পি এছ, শিক্ষক বটাৰ সুবিধা আদি সকলো প্ৰাপৰ পৰা বঞ্চিত হৈ আছে। যিটো সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে সমকামৰ সম দৰমহাৰ কথা কৈ আহিছে।

একে সময়তে বৰ্তমানৰ শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীয়ে নিজৰে বিভাগীয় নিৰ্দেশনা তথা কেবিনেট সিদ্ধান্তক ভঙ্গ কৰিছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ নেতৃত্বই জনোৱা অনুসৰি পেব ৰ নিদেৰ্শনা অনুযায়ী এই সকল শিক্ষকৰ দৈত কেডাৰ ভঙ্গ কৰি নিয়মীয়া কৰণ নকৰিলে তথা পূৰ্বৰ বিভাগীয় তথা চৰকাৰী কেবিনেট ঘোষণা অনুসৰি দিবলগীয়া সুবিধা আৰু প্ৰাপসমূহ আদায় নিদিলে শিক্ষকসকল ৰাজপথলৈ ওলাবলৈ বাধ্য হব। প্ৰায়োজনত শিক্ষকসকলে গুণোৎসৱ তথা অন্যান্য চৰকাৰী দায়িত্ব সমূহতো অসহযোগ কৰিবলৈ বাধ্য হব। সকলো সমস্যাৰ সমাধান বিচাৰি আজি ৰাজ্য খনৰ সুনাম ধন্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে আৰু শিক্ষক সকলৰ বিশ্বাস মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শিক্ষক সকলক ইতিমধ্যে ঘোষণা কৰি থোৱা সুবিধা সমূহ সচা অৰ্থত প্ৰদান কৰিব।