Breaking

বকোত বিশ্ব ফাৰ্মাছিষ্ট দিৱস উদযাপন

0 1,039

বিশ্ব ফাৰ্মাছিষ্ট দিৱসৰ সংগতি ৰাখি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আজি ৩১ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় । ঔষধালয়ৰ আৰ্হি বিষয়ৰে মেঘা মেডিক’জ, বৰপাৰা, বকোই ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে অনুষ্ঠিত এই আয়োজনত প্ৰথম স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বকোৰ ফাৰ্‌হানা আহমেদে, দ্বিতীয় স্থান লাভ কৰে মডেল ইংলিছ স্কুলৰ সুৰভি মণ্ডলে আৰু তৃতীয় স্থান লাভ কৰে শংকৰদেৱ শিশু বিদ্যা নিকেতন, বকোৰ পৰাগজ্যোতি কাকতিয়ে । পুৰস্কাৰ হিচাপে প্ৰত্যেককে এখনি মানপত্ৰ , কিতাপ, এখনিকৈ গ্ৰীণ কাৰ্ড যাৰ পৰা প্ৰতিযোগী তথা পৰিয়ালে ঔষধ ক্ৰয় কৰিলে ১০% ৰেহাই মূল্যত পাব ।

বিচাৰকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা পূৰ্ণিমা পালকো এখনি মানপত্ৰ, গ্ৰীণ কাৰ্ড তথা তেওঁৰ চিকিৎসা সহায়ক হোৱাকৈ কিছু অৰ্থ সাহায্য প্ৰদান কৰে । মনোজ্ঞ আলোচনা চক্ৰৰ মাজেৰে সম্পন্ন হোৱা অনুষ্ঠানটিত নিজৰ বহুমূলীয়া বক্তব্য ৰাখে ক্ৰমে হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° গণেশ্বৰ চহৰীয়া, অৱসৰপ্ৰাপ্ত বন বিষয়া তথা সংগীত, সাহিত্য চৰ্চাকাৰ প্ৰহ্লাদ বড়ো, বকো ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বকো সাহিত্য সভাৰ সভাপতি সুৰেন চন্দ্ৰ কলিতা , নৃত্য শিল্পী – পৰিচালনা মনোজ দাস , বকোৰ বিশিষ্ট ব্যৱসায়ী তথা দীক্ষিতা চুইটছৰ স্বত্বাধিকাৰী জনাৰ্দন বড়ো, শিক্ষক সুনন্দ দাস, বকো সাহিত্য সভা তথা অসম বিজ্ঞান সমিতি, বকো শাখাৰ সহকাৰী সম্পাদক পৱিত্ৰ কৈৱৰ্ত্ত , ঔষধালয়ৰ কৰ্মচাৰী ৰাতুল কলিতা, শিৱম শৰ্মা , শিক্ষক অজিত মণ্ডল আৰু অন্যান্য বহুতো ব্যক্তি । উপস্থিত বিশিষ্ট ব্যক্তিসকলে  বকোৰ আন আন অনুষ্ঠানসমূহকো এনেকুৱা আন ধৰণৰ গঠনমূলক কাৰ্যসূচীলৈ অঞ্চলটিৰ ব্যৱসায়িকক্ষেত্ৰৰ লগতে আন আন ক্ষেত্ৰতো অৰিহণা যোগাবলৈ আহ্বান জনায়।

Leave A Reply