Home Blog Page 2620

উন্মোচন ভূপেন হাজৰিকাৰ ১০ ফুট ৩ ইঞ্চি উচ্চতাৰ আবক্ষমূৰ্তি

অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখা সভাৰ সন্মানেৰে স্বীকৃত নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ পৰিকল্পনা আৰু উদ্যোগত, নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত নিৰ্মিত ১০ ফুট ৩ ইঞ্চি উচ্চতাৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ আবক্ষমূৰ্তি যোৱা ২৬ জানুৱাৰী, ২০২২ তাৰিখে ডবা, কাহ, শংখ আৰু উৰুলি মঙ্গল ধ্বনিৰ মাজত শোধনাগাৰৰ পৰিচালন সঞ্চালক সৌমেন্দ্ৰ কুমাৰ বৰুৱাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। শোধনাগাৰৰ কাৰিকৰী সঞ্চালক ভাস্কৰজ্যোতি ফুকন আৰু বিত্ত সঞ্চালক ইন্দ্ৰনীল মিত্ৰই সুধাকণ্ঠ গৰাকীৰ জীৱনী সম্বলিত ফলক উন্মোচন কৰে।

নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ নাথে আদৰণি ভাষণ আগবঢ়োৱা উক্ত অনুষ্ঠানত  ড° ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা পৰিয়ালসহ উপস্থিত থাকে।অসমৰ এগৰাকী বিশিষ্ট কলানিৰ্দেশক, ভাস্কৰ্য্যশিল্পী নুৰুদ্দিন আহমেদে নিৰ্মাণ কৰি উলিওৱা এই মূৰ্তিভাগি নিৰ্মাণত ২৩০০ কিলোগ্ৰাম ব্ৰঞ্জ, ৩০০ কিলোগ্ৰাম তাম, ৮০ কিলোগ্ৰাম পিতলৰ ওৱেলডিং ৰড, ৫৫০ কিলোগ্ৰাম ম’ম, ৩০০০ কিলোগ্ৰাম কয়লা, ৬৩ টন কাঠখৰি, ৭৫০০ কিলোগ্ৰাম প্লাষ্টাৰ অৱ পেৰিছ, ৭৫০০ কিলোগ্ৰাম ইটাৰ গুৰি, ২৫০ কিলোগ্ৰাম ফাইবাৰ ব্যৱহৃত হয়। উক্ত অনুষ্ঠানত ভাস্কৰ্য্যশিল্পী গৰাকীক সম্বৰ্ধনা জনোৱা হয়।

অসম পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতিক সম্বৰ্ধনা

অসম পশুধন নিগমৰ নব নিযুক্ত উপাধ্যক্ষ তথা চতিয়াৰ সুসন্তান পৰেশ বৰকাকতিক আজি চতিয়াত সম্বৰ্ধনা জনোৱা হয়৷ আজি পুৱা ১০:৩০ বজাত ৩নং চতিয়া গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠান ভাগৰ সঞ্চালনা কৰে ত্ৰিনয়ন বৰাই৷ ৩নং পঞ্চায়তৰ সভাপতি উদয় শংকৰ শইকীয়াই আঁত ধৰা অনুষ্ঠান ভাগত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি কয় যে “১৯৮৪ চনৰ পৰাই বিজেপিৰ সৈতে জড়িত হৈ পৰা পৰেশ বৰকাকতি মোৰ বাল্যবন্ধু৷ যি সময়ত অসমত বিজেপিৰ স্হিতি দুৰ্বল আছিল সেই সময়ত পৰেশে দলটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল৷আজি চৰকাৰ খনে তেখেতক অসম পশুধন নিগমৰ উপাধ্যক্ষ নিয়োগ কৰাত আতিশয় আনন্দিত হৈছে৷আশা কৰো তেওঁ নিজৰ দক্ষতাৰ নিগম খনক আগুৱাই নিব৷“ ইয়াৰ পিচতেই অসম পশুধন নিগমৰ নব নিযুক্ত উপাধ্যক্ষ পৰেশ বৰকাকতিয়ে কয় চতিয়াবাসী আজি মোক যি মৰম আৰু আশীৰ্বাদ যাচিলে তাৰ বাবে মই চিৰকৃতজ্ঞ৷ মোক আপোনাসবি আশীৰ্বাদ দিব যাতে মই মোৰ কাম সুচাৰু ৰূপে পালন কৰিব পাৰো৷

বৃহত্তৰ চতিয়া নাগৰিক সভাৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত পৰেশ বৰকাকতিক বৃহত্তৰ চতিয়া নাগৰিক সভা,চতিয়া জ্যেষ্ঠ নাগৰিক সন্মিলন,চতিয়া নাট্য সমাজ,চতিয়া আঞ্চলিক ছাত্ৰ সন্হা,চতিয়া প্ৰেছ ক্লাৱ,ইষ্টান্তিক,চতিয়া ক্ৰীড়া সন্হা,চতিয়া আঞ্চলিক পঞ্চায়ত,যুব মৰ্চা নাগশংকৰ মণ্ডল,মহিলা মৰ্চা নাগশংকৰ মণ্ডল,কৃষান মৰ্চা,কৰ্মজীৱি আত্ম সহায়ক গোট,নাগশংকৰ জিলা পৰিষদৰ সদস্য,চতিয়া জিলা পৰিষদৰ সদস্য,বনিক সন্হা,৩নং গাওঁ পঞ্চায়ত,চতিয়া শাখা সাহিত্য সভা,সাৰ্ব্বজনিন শ্ৰীমন্ত শংকৰজ্যোতি সমাজ,চতিয়া,নাগশংকৰ মণ্ডল বিজেপি,২নং সমবায় সমিতি,পূৰ্বাঞ্চল তাই সাহিত্য সভা,মালৰ গাওঁ উন্নয়ন সমিতিকে ধৰি বিভিন্ন দল সংগঠনে তেখেতক সম্বৰ্ধনা জনায়৷ নাগৰিক সভাৰ উদ্যোগত বিভিন্ন দল সংগঠনে ৰাজহুৱা ভাবে তেওঁক এখন শৰাই আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে ৷ পত্ৰ খন পাঠ কৰে নাগৰিক সভাৰ যুটীয়া সম্পাদকৰ অন্যতম বিষ্ণু বৰুৱাই৷ উল্লেখ যে পৰেশ বৰকাকতি ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়ৰ পৰাই সামাজিক ক্ষেত্ৰত জড়িত হৈ পৰিছিল৷১৯৭৭ চনত তেখেত চতিয়া আঞ্চলিক ছাত্ৰ সন্হাৰ সহকাৰী সাধাৰণ সম্পাদক আৰু কাৰ্যালয় সম্পাদক হিচাপে দায়িত্ব বহন কৰিছিল৷

১৯৮১ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে মাদ্ৰাছ যায়৷ ১৯৮৩ চনত অসমৰ নেলী আৰু গহপুৰত সংঘটিত ঘটনাৰ বাবে জনগনৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰি অসমীয়া ছাত্ৰ সন্হা,মাদ্ৰাছ নামেৰে সংগঠন কৰি মাদ্ৰাছত থকা অসমৰ ১৫০০- ২০০০ ছাত্ৰক নেতৃত্ব প্ৰদান কৰি সমদল,প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷এই সংগঠনটোৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল৷১৯৮৪ চনত তেওঁ আৰ এছ এছৰ প্ৰতি আকৰ্ষিত হয় আৰু পৰবৰ্তী সময়ত বিজেপিত যোগদান কৰি ইয়াৰ সভা সমিতিবোৰত উপস্থিত থাকে৷বিশেষকৈ জনকৃষ্ণ মূৰ্তি আৰু গোবিন্দচাৰ্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ বিজেপিত যোগদান কৰে৷ তেতিয়াৰ পৰা আজি লৈকে তেওঁ বিজেপিৰ এজন নিষ্ঠাবানকৰ্মী ৰূপে কাম কৰি আহিছে৷ স্পষ্টবাদী,নিৰ্ভীক পৰেশ বৰকাকতিক অসম চৰকাৰে পশুধন নিগমৰ উপাধ্যক্ষ হিচাপে নিয়োগ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে চতিয়াবাসীয়ে৷

নগৰবেৰাত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত জোৰশিমলী বজাৰত আজি অভিযান চলাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মীয়ে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জোৰশিমলী বজাৰত এচাম চোৰাং বেপাৰীয়ে মুক্ত ভাৱে অৱৈধ চোৰাং ফলা কাঠ বিক্ৰী কৰি থকাৰ খৱৰ পাই নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ বন কৰ্মীৰ দলে সংশ্লিষ্ট বজাৰত উপস্থিত হৈ বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত চোৰাং কাঠ খিনি পিছত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আনে অভিযানকাৰীৰ দলটোৱে।

বন বিভাগৰ দলটোক দেখি চোৰাং বেপাৰী পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে, জব্দকৃত চোৰাং ফলা কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৭০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে।

অনিমেষ ভুঞাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলীঃ দেৰগাঁৱত সমুজ্জুল কুমাৰ ভট্টাচাৰ্য

যোৰহাটৰ মাজমজিয়াত ৰাজ্য কপাঁই যোৱা হত্যাকাণ্ডৰ বলি হোৱা দেৰগাঁৱৰ অনিমেষ ভূঞাৰ আজি অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ  ।দেৰগাঁৱৰ ১নং খকণ্ডগুৰি গাঁৱৰ অনিমেষ ভূঞাৰ বাসগৃহৰ সমীপৰ শ্বহীদ স্মৃতি খকন্দগুৰি ছোৱালী বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।

এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সৰ্ব্বধৰ্ম্মীয় প্ৰাৰ্থনা,স্মৃতিচাৰন,আৰু বিশেষভাৱে “অপ্ৰতীম অনিমেষ” নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ গ্ৰহণ কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাকে প্ৰমুখ্যে কৰি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জীপাল কৃষক শ্ৰমিক সংঘৰ সোনেশ্বৰ নৰহ আদি কৰি বহু কেইটা সংগঠনৰ বিষয়-ববীয়া ।

অনিমেশ হত্যা কাণ্ডৰ লগত জড়িত কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাৰে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতৃবৃন্দই।অনিমেশৰ পৰিয়ালে যাতে ন্যায় লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে আছুৰ নেতৃত্বই।

দক্ষিণৰ ৰীতি-নীতি আকোঁৱালি বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ মৌনী ৰয়

‘অৱশেষত মই চিৰদিনৰ বাবে তেওঁৰ হৈ পৰিলোঁ’- এগৰাকী অভিনেত্ৰীৰ এটি ইষ্টাগ্ৰাম পোষ্টে তোলপাৰ লগাইছে অনুৰাগীক৷ ৰীতি-নীতি অনুসৰি বিবাহৰ বান্ধোনেৰে বান্ধ খায় অভিনেত্ৰীগৰাকী৷ তেওঁ আন কোনো নহয় মোহময়ী অভিনেত্ৰী মৌনী ৰয়৷ বাঙালী পৰম্পৰাৰে হোমৰ জুইক সাক্ষী কৰি, শিৰত সেন্দুৰ পিন্ধিলে অভিনেত্ৰীগৰাকী৷ ইয়াৰ মাজতে, বাঙালী বিবাহখনে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে। দৰা হৈছে মালায়ালী, কইনা বাঙালী। সেয়েহে বৃহস্পতিবাৰে পুৱা দক্ষিণৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হোৱাৰ পাছত মৌনী ৰয় আৰু সুৰজ নাম্বিয়াই সন্ধিয়া বাংলা নিয়ম অনুসৰি বিবাহপাশত আবদ্ধ হয়।

প্ৰথা অনুসৰি, ৰঙা লেহেংগা পৰিধান কৰিছিল মৌনী ৰয়ে। শিৰত ডাঙৰ মাংটিকা, ডিঙিত সোণৰ গহণা আৰু ৰঙা ওৰণীখনেৰে কইনা সাজত দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। ওৰণীখনত লিখা এটি শব্দই সকলোকে আকৰ্ষণ কৰিছে৷ ওৰণীখনত বাংলাভাষাত নহয়, সংস্কৃতত লিখা আছিল ‘আয়ুষ্মতী ভৱ৷’

পৰম্পৰা অনুসৰি, পাণেৰে মুখখন ঢাকি ৰাখিলে আৰু পাৰিজৰ ওপৰত সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে, অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ আৱেগিক হৈ পৰিছিল৷ মালাবৰণ কৰাৰ আগতে দৰাৰ চাৰিওকাষে সাতপাক ঘূৰিলে অভিনেত্ৰীগৰাকীয়ে। আৰু সেই সময়তেই বাজি উঠে – ‘আমাৰ পৰাণ যাহা চায়…’ শীৰ্ষক গীতটি৷ বৃহস্পতিবাৰে মালায়ালী বিবাহৰ পাছত, মৌনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, ‘অৱশেষত মই তেওঁৰ হৈ পৰিলো। হাতত হাত দি, পৰিয়ালৰ আশীৰ্বাদ লৈ, বন্ধুবৰ্গৰ প্ৰেমক শিৰোধাৰ্য কৰি আমি আজি বিবাহিত। মই আপোনালোক সকলোৰে মৰম আৰু আশীৰ্বাদ বিচাৰো। ইতি- সুৰজ আৰু মৌনী।’ মৌনীৰ এই পোষ্টটোৱে আপ্লুট কৰিছিল অনুৰাগীসকলক৷

বিবাহৰ পূৰ্বে মৌনীয়ে কেতিয়াও সুৰজৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰা নাছিল। বিবাহৰ দিনা পুৱা, অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত প্ৰথম দৰাৰ এখন ফটো পোষ্ট কৰিছিল আৰু নিজৰ বিষয়ে এক অফিচিয়েল ছিল-মোহৰ মাৰিছিল।উল্লেখ্য যে, ডুবাইৰ বিনিয়োগ বেংকাৰ সুৰজ নাম্বিয়াৰ। তেওঁৰ এটা ৰিয়েল ইষ্টেট ব্যৱসায়ো আছে। বাংগালুৰুত সুৰজৰ মূল ঘৰ বুলি জানিব পৰা গৈছে। দুয়োখন ঘৰৰ ৰীতি-নীতি অনুসৰি মৌনী আৰু সুৰজ বিবাহপাশত আবদ্ধ হয়। সামাজিক মাধ্যমত ভাইৰেল ফটো আৰু ভিডিঅ’বোৰে মুহিত কৰিছে সকলোকে৷

চন্দ্ৰত খুন্দা মাৰিব এখন বিশেষ ৰকেটে! কি হ’ব পৃথিৱীৰ?

এখন বিশেষ ৰকেটে চন্দ্ৰত খুন্দা মাৰিব! কি হ’ব পৃথিবীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী স্পেচএক্সৰ এখন ৰকেট সোনকালেই চন্দ্ৰত খুন্দা মাৰিবলৈ সাজু হৈছে। এই ৰকেটখনৰ গতিবেগ প্ৰতিঘণ্টাত প্ৰায় ৯২৮৮ কিলোমিটাৰ হ’ব বুলি জানিবলৈ পোৱা গৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ৰকেটখনে ৭ বছৰ আগতে উৎক্ষেপণ কৰা হৈছিল, যিয়ে এটা উপগ্ৰহ কঢ়িয়াই লৈ গৈছিল যি সেই সময়ত মহাকাশৰ জলবায়ু নিৰীক্ষণ কৰিছিল। কিন্তু পাছত ৰকেটখনে চন্দ্ৰৰ ফালে ঘূৰি গৈছিল, মহাকাশৰ কক্ষপথত অৰ্ঘনিশে ঘূৰি আছিল ৰকেটখন।

এয়া ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ঘটনা আছিল, যেতিয়া এলন মাস্কৰ কোম্পানী স্পেচএক্সে এটা ফালকন ৯ ৰকেটৰ পৰা মহাকাশলৈ পৰিৱেশ নিৰীক্ষণ কৰা উপগ্ৰহ কঢ়িয়াই আনিছিল। তাৰ পাছত, ৰকেটখনৰ ইন্ধন শেষ হৈ গৈছিল। তেতিয়া ইয়াৰ পৰা ৪৪০০ কিলোগ্ৰাম ওজনৰ ৰকেট বুষ্টাৰটো মহাকাশলৈ গতি কৰি আছিল। এতিয়া বিশ্বাস কৰা হয় যে ২০২২ চনৰ ৪ মাৰ্চত ৰকেটখনে প্ৰতিঘণ্টাত ৯২৮৮ কিলোমিটাৰ বেগত চন্দ্ৰপৃষ্ঠত খুন্দা মাৰিব। নিয়ৰ আৰ্থ অবজেক্টবোৰ ট্ৰেক কৰি এই দাবী উত্থাপন কৰে বিল গ্ৰে-ৰ দ্বাৰা কৰা হৈছে।

বিল গ্ৰেয়ে তেওঁৰ ব্লগত লিখিছিল যে, ৫ জানুৱাৰীত চন্দ্ৰৰ কাষত এটা মহাকাশৰ আবৰ্জনা পাৰ হৈ গৈছিল৷ যি ২০২২ চনৰ ৪ মাৰ্চত চন্দ্ৰপৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা আছে৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতি ৰ্বিজ্ঞানী জনাথন মেকডৱেলে তেওঁৰ টুইটাৰত এই বিষয়ে সদৰী কৰিছিল। তেওঁ লিখিছিল যে, এইটো এটা ডাঙৰ ঘটনা নহয়, কিন্তু ইয়াক চোৱাটোৱে এক আশ্চৰ্যজনক অনুভৱ হ’ব।

বঙাইগাঁৱত ড্ৰাগছসহ দুজনক আটক

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত দনকিনামাৰীৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ দুজন যুৱকক আটক কৰে৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতাই জানিবলৈ দিয়া মতে দনকিনামাৰী বজাৰৰ পৰা কিছু ভিতৰৰ গাঁৱত বহুদিন ধৰি  ড্ৰাগছৰ সৰবৰাহ চলি আছিল আৰু এই তথ্য লাভ কৰি বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ পোচাকত আৰু অসামৰিক পোচাকত যোৱা আৰক্ষীৰ দলে ছাইদুল ইছলাম (৩০) আৰু ৰহিম বাদশ্বাহ (৩৬) নামৰ যুৱক দুজনক আটক কৰাৰ লগতে ধৃত যুৱক দুজনৰ পৰা ৩৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷

লগতে এ এছ ১৬ ই ২৬৬৭ নম্বৰৰ এখন ২২০ পালচাৰ মটৰ চাইকেল আৰু দুটা মোবাইলো জব্দ কৰে ৷ আৰক্ষীয়ে জব্দ কৰা কণ্টেইটাৰ কেইটাত মুঠ ৫৫ গ্ৰাম ব্ৰাউন চুগাৰ আছিল ৷ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে ড্ৰাগছৰ বেহাৰ লগত আৰু দুজনমান জড়িত আছে যদিও মূল ব্যক্তিজন পলাতক অৱস্থাত আছে ৷ জব্দকৃত ব্ৰাউন চুগাৰৰ এটা কণ্টেইনাৰ সম্প্ৰতি দুহেজাৰ টকাকৈ বিক্ৰী হয় বুলি ধৃত যুৱকে প্ৰকাশ কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দি তদন্ত অব্যাহত ৰখা বুলি কয় ৷ ধৃত ছাইদুল ইছলামৰলঘৰ চিৰাং জিলাৰ বিজনীৰ কাৱাটিকাত আৰু ৰহিম বাদশ্বাহৰ ঘৰ বাঘমাৰাত বুলি জানিব পৰা গৈছে ৷

লাহৰীঘাটৰ এটি কণমানিক লৈ নিঃসহায় পিতৃ মাতৃৰ উচুপনি

এটি মৰম লগা কণমানি।বয়স মাত্ৰ চাৰি মাহ।শিশুটিৰ নাম নিধিৰাণী ডেকা।এক জটিল ৰোগত আক্ৰান্ত শিশুটি।এই কণমানি শিশুটিয়ে হয়তু আপোনাকো মোহিত কৰিব ।মৰিগাঁও জিলাৰ লাহৰীঘাটৰ খহনীয়াগ্ৰস্ত কাঠনিৰ পংকজ ডেকা আৰু হিমামণি দাস ডেকাৰ একমাত্ৰ চাৰিমহীয়া কন্যা শিশুটিৰ জন্ম লগ্নৰে পৰাই নাই মলদ্বাৰ।কেৱল প্ৰস্ৰাৱ দ্বাৰে কৰি আছে শৌচ – প্ৰস্ৰাৱ।শিশুটিৰ এনে জটিলতা দেখি হতভম্ব হৈ পৰিছে দৰিদ্ৰ পিতৃ মাতৃ।কন্যা শিশুটিৰ এই জটিল অৱস্থাৰ উপাই বিচাৰি তেওঁলোকে জিএম চি এইছত ভৰ্তি কৰিছিল।পিছত চিকিৎসকে শিশুটিক তিনিটা অস্ত্ৰোপচাৰ কৰিব লগীয়া হব বুলি তেওঁলোকক অবগত কৰিছিল।

অস্ত্ৰোপচাৰৰ বাবে এতিয়া তেওঁলোকক প্ৰয়োজন হৈছে যথেষ্ট টকাৰ।অহা ফেব্ৰুৱাৰী মাহত পুনৰ শিশুটিক জি এম চি এইছত ভৰ্তি কৰিব।ইয়াকে লৈ এতিয়া দৰিদ্ৰ পিতৃ মাতৃয়ে বিমোৰত পৰিছে। উচ্চ শিক্ষিত হৈয়ো সংস্থাপনৰ অভাৱত এখন সাধাৰণ চেলুন খুলি যেনে তেনে পৰিয়াল পোহ পাল দিয়া এইগৰাকী পংকজ ডেকাৰ মূৰত এতিয়া সৰগ ভাঙি পৰিছে। খহনীয়াগ্ৰস্ত অঞ্চলটোৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে এতিয়া এটি বিধ্বস্ত জুপুৰিত থকি ধনৰ অভাৱত কণমানি কন্যাৰ চিকিৎসাৰ কথা ভাবি মূৰে নিৰুপাই হৈ পৰিছে।এই মৰম লগা কন্যা শিশুটিক জীয়াই ৰাখিবলৈ এতিয়া আপোনাৰ আৰু মোৰ সহায়ৰ প্ৰয়োজন হৈছে।সেয়েহে এতিয়া এই দুই নিঃসহায় পিতৃ মাতৃয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান জনাইছে।সকলোৰে সহায় সহযোগিতা বিচাৰি পিতৃ মাতৃয়ে নিজৰ একাউণ্ট নম্বৰ প্ৰদান কৰিছে শুভাকাংক্ষী ৰাইজলৈ।তেওঁলোকৰ একাউণ্ট নম্বৰ হৈছে

PANKAJ DEKA, A/C NO : 35776277709. IFSC : SBIN0006309.  

পাটনাত টায়াৰ জ্বলাই পথ বন্ধ প্ৰতিবাদকাৰীৰ

বিৰোধীয়ে আহ্বান জনোৱা বিহাৰ বন্ধক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজধানী পাটনাত উত্তপ্ত পৰিস্থিতি। টায়াৰ জ্বলাই পাটনাৰ পথ বন্ধ কৰিলে প্ৰতিবাদকাৰীয়ে। ৰেলৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে ভালেমান দল-সংগঠনে। অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচনকে ধৰি ভালেমান ছাত্ৰ সংগঠনেও এই বিহাৰ বন্ধৰ আহ্বান জনাইছিল। উল্লেখ্য যে, ৰে’ল বিভাগৰ পৰীক্ষাত হোৱা অনিয়মক কেন্দ্ৰ কৰি আৰম্ভ হোৱা প্ৰতিবাদে গণৰাজ্য দিৱসৰ দিনটোতে উত্তপ্ত ৰূপ লৈছিল আৰু ভালেমান প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ দৰে ভয়ংকৰ কাৰ্য সংঘটিত কৰিছিল। কেৱল এয়াই চলাচলৰত ভালেমান ৰে’লত কৰা হৈছিল আক্ৰমণ।

‘ৰে’লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ নন টেকনিকেল পপুলাৰ কেটেগৰী’ৰ পৰীক্ষাক কেন্দ্ৰ কৰি এই প্ৰতিবাদ আৰম্ভ কৰিছিল এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে। দুটা স্তৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে এই প্ৰতিবাদ কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াক অন্যায় আখ্যা দিছিল শিক্ষাৰ্থীসকলে। আকস্মিকভাৱে হিংসাত্মক ৰূপ ধাৰণ কৰা প্ৰতিবাদৰ তীব্ৰতা আজিও মাৰ যোৱা নাই। উল্লেখ্য যে, ১৫জানুৱাৰীত পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ ফলাফল ঘোষণা হোৱাৰ পাছতে অসন্তুষ্টি আৰম্ভ হৈছিল। মন কৰিবলগীয়া যে, ৩৫হাজাৰ পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু ইয়াৰ বাবে আবেদন কৰিছিল ১.২৫কোটি লোকে। লেভেল ২ আৰু লেভেল ৬ পৰ্যায়ৰ নিযুক্তিৰ বাবে অনুষ্ঠিত এই পৰীক্ষাত প্ৰায় ৬০ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। উল্লেখ্য যে, কালি ৰাজ্যখনৰ বিৰোধী দলসমূহে দেশৰ ভিতৰতে আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ চৰকাৰে নিবনুৱাসকলক প্ৰতাৰণা কৰা বুলি অভিযোগ কৰিছিল।

কিডনী বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে আফগানৰ ক্ষুধাতুৰ নাগৰিকে!

তালিবানে আফগানিস্তান দখল কৰাৰ পাছত আফগানিস্তানৰ সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈ পৰিছে। এতিয়া যেন আফগানিস্তানৰ লোকসকলে দুবেলা-দুমুঠি খাবৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে। পৰিস্থিতিৰ এনে পৰ্যায় পাইছে যে, আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ সাধাৰণ নাগৰিকে দুবেলা-দুমুঠি খাবৰ বাবেও আৰ্তনাদ কৰিব লগা হৈছে। শেহতীয়া এক প্ৰতিবেদন প্ৰকাশ পাইছে যে, আফগানিস্তানৰ লোকসকলে নিজকে জীয়াই ৰাখিবলৈ তেওঁলোকৰ সন্তানৰ লগতে নিজৰ কিডনী পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে।

দ্য মিৰ’ৰে প্ৰকাশ কৰা সংবাদ অনুসৰি, আফগানিস্তানৰ বহু সংখ্যক লোকে তেওঁলোকৰ শৰীৰৰ অংগ বিক্ৰী কৰিছে। ইয়াৰ আগতে, দৰিদ্ৰতা আৰু অনাহাৰত ভুগি থকা বহুতো লোকে তেওঁলোকৰ সন্তানক বাধ্য হৈ বিক্ৰী কৰিছিল। ইউৰোলজিষ্ট আৰু বৃক্ক সংৰোপণ শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদে দাবী কৰিছে যে আফগানিস্তানত যোৱা ১২ মাহত ৮৫ টা বৃক্ক সংৰোপণ অস্ত্ৰোপচাৰ কৰা হৈছে। ভাৰতীয় টকাৰ হিচাপত প্ৰতিটো কিডনীৰ মূল্য প্ৰায় ৪ লাখ ২৫ হাজাৰ টকা।

আফগানসকলে নিজৰ জীৱন বিপদত পেলাই বৃক্ক বিক্ৰী কৰি আহিছে। শল্য চিকিৎসক ডাঃ নাছিৰ আহমেদ আৰু বিশেষজ্ঞ ডাঃ আহমেদ চাকিবে কৈছিল যে যিসকলে তেওঁলোকৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ বিক্ৰী কৰি আছে তেওঁলোকৰ অধিকাংশৰ প্ৰাণ হেৰুওৱাৰ আশংকা আছে। তেওঁ কৈছিল যে আৰ্থিক সমস্যাৰ বাবে বৃক্ক বিক্ৰী কৰা বেছিভাগ লোকে পাছৰ সময়ত বৃক্কৰ অভাৱৰ বাবে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব। অৱশ্যে আফগানিস্তানৰ বৃক্ক দান সংস্কৃতি সচৰাচৰ নহয়, বেছিভাগ বৃক্ক দাতাই আৰ্থিক সমস্যাত ভুগিহে এনে সিদ্ধান্ত লব লগা হৈছে।