Home Blog Page 2621

নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নিৰ্বাচনী আয়োগ অসমৰ ০৫ জানুৱাৰী ২০২২ তাৰিখৰ  অধিসূচনা নং SEC.145/2019/410 অনুসৰি নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি, ০১/০১/২০২২  ভিত্তি তাৰিখ হিচাপে লৈ প্ৰস্তুত কৰা নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ ফটো সম্বলিত  ভোটাৰ তালিকা চূড়ান্ত সংযোজন আজি ২৮ জানুৱাৰী, ২০২২  তাৰিখে সমগ্ৰ অসমৰ লগতে নাজিৰা পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১৩ টা ভোট কেন্দ্ৰত আৰু শিমলুগুৰি পৌৰসভাৰ মূঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১০ টা ভোট কেন্দ্ৰত প্ৰকাশ কৰাৰ লগতে মহকুমাধিপতিৰ কাৰ্য্যালয়ত, পৌৰসভা দুখনৰ কাৰ্য্যালয়ত আৰু নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ভোটাৰৰ পৰ্য্যবেক্ষনৰ বাবে প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে।

যোৱা ১২/ ০১/ ২০২২ তাৰিখে প্ৰকাশ হোৱা সংযোজন তালিকাৰ সৈতে নাজিৰা পৌৰসভাৰ মূঠ পুৰুষ ভোটাৰ আছিল ৫০৩১ জন আৰু মহিলা ভোটাৰ ৫৩২৯ গৰাকীৰে সৈতে মূঠ ভোটাৰ আছিল ১০, ৩৬০ জন। বৰ্তমান দাবী আপত্তি নিষ্পত্তিৰ পাছত মূঠ পুৰুষ ভোটাৰ সংযোজন হৈছে ৫৫ জন আৰু মহিলা ভোটাৰ ৭৭ গৰাকীৰ সংযোজনৰ সৈতে মূঠ ভোটাৰ সংযোজন হৈছে ১৩২ গৰাকী । এইদৰে ভোটাৰ তালিকাত মূঠ পুৰুষ ভোটাৰৰ সংখ্যা ৫০৮৬ জন আৰু মহিলা ৫৪০৬ গৰাকীৰে সৈতে মূঠ ভোটাৰ ১০,৪৯২ জন।

সেইদৰে  শিমলুগুৰি পৌৰসভাৰ কোনো ভোটাৰৰ পৰা দাবী তথা আপত্তিৰ আবেদন নোপোৱাত  মূঠ ভোটাৰৰ সংখ্যা শিমলুগুৰি পৌৰসভাৰ মূঠ ৩,৬৬০ গৰাকী মহিলা আৰু ৩,২৪৩ জন পুৰুষৰ সৈতে মূঠ ৬৯০৩ জন। নাজিৰা নগৰৰ সৰ্বোচ্চ ১৫১২ ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰ্বনিম্ন ২৪৭ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে কেন্দ্ৰীয় বিদ্যালয় নাজিৰা। সেইদৰে শিমলুগুৰি পৌৰসভাৰ সৰ্বোচ্চ ৮১০ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে ৰেলৱে এম ই স্কুল আৰু সৰ্বনিম্ন ৫০২ জন ভোটাৰ থকা ভোটকেন্দ্ৰটো হৈছে শিমলুগুৰি নগৰ প্ৰাথমিক বিদ্যালয়। 

পথৰুঘাটত কৃষক শ্বহীদ দিৱস উদযাপন

১৮৯৪চনৰ ২৮জানুৱাৰীত বৃটিছ চৰকাৰৰ বিৰুদ্ধে খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৃটিছৰ গুলীত বুকু পাতি শ্বহীদ হৈছিল সাতকুৰি কৃষক। যি সকল কৃষক শ্বহীদক কুকুৰ – মেকুৰৰ দৰে অমানৱীয় ভাবে টানি, চোঁচৰাই নি একেটা গাঁততে পুতি থোৱা হৈছিল।যাৰ পিছত  পথৰুঘাট ৰণৰ অমৰ স্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক ২৮জানুৱাৰী তাৰিখে কৃষক শ্বহীদ দিৱস উদযাপন কৰি অহা হয়। 

এইবেলি কৰ’ণা মহমাৰীৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় শ্বহীদ দিৱসটি। দৰং জিলাৰ  উপায়ুক্তই পতাকা উত্তোলন, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই শ্বহীদ তৰ্পণৰে অনুষ্ঠানৰ আৰম্ভণি কৰে  আৰু পৰৱৰ্তী সময়ত গছপুলি ৰোপণ,  সৰ্বধৰ্ম প্ৰাৰ্থনা সভা,  স্বহীদ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা দিয়াৰ লগতে মুকলি সভা অনুষ্ঠিত হয়।  শ্বহীদ বাকৰিত অনুষ্ঠিত মুকলি সভাত উপস্থিত হৈ  মন্ত্ৰী অতুল বৰাই স্বহীদ বেদীত সেৱা জনায়।মন্ত্ৰী গৰাকীয়ে কৃষক শ্বহীদক সন্মান জনোৱা মানে কৃষকক সন্মান জনোৱা বুলি উল্লেখ কৰি  সভাত   পথৰুঘাটৰ প্ৰকল্পস্হলীলৈ ২কোটি ২০লাখ টকাৰ পেকেজো ঘোষণা কৰে।


এই ঐতিহাসিক স্হলীখন বিশ্বত প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ চৰকাৰক শ্বহীদ পৰিয়াল তথা দল-সংগঠনে দাবী জনাই। ইফালে পথৰুঘাট অঞ্চলত আজিও কৃৃৃষক ৰাইজৰ খেতি পথাৰত জলসিঞ্চনৰ ব্যৱস্থা, শ্বহীদ ক্ষেত্ৰৰ পাঁচশ মিটাৰ দূৰত থকা দ্বিগজ নৈৰ বানত ছিগা মথাউৰিটো সুদীৰ্ঘ ৩৪ বছৰে মেৰামতি নোহোৱাকৈ পৰি থকাত কৃষক ৰাইজে আজিও জীয়াতু ভোগ কৰি থাকিব লগীয়া হোৱাটো বিশেষ ভাবে লক্ষণীয়। আনহাতে প্ৰস্তাৱিত পথৰুঘাটৰ  দিপীলাত নতুনকৈ হ’ব লগীয়া উন্নযন খণ্ডৰ কাৰ্যালয় আজিও স্থাপন নোহোৱাটো পৰিতাপৰ কথা।

দলগাঁৱৰ অফিচ বজাৰত ভূমিকেন্দ্ৰিক ভয়াবহ সংঘাত

দলগাঁৱত দৈনিক ভূমি কেন্দ্ৰিক সংঘাতৰ বাতৰিয়ে শিৰোনাম দখল কৰাৰ সময়তে এইবাৰ ভূমি বিবাদক লৈ সংঘটিত হ’ল এক ঘৃণণীয় কাণ্ড । ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ দৰঙৰ দৈপাম আৰক্ষী চকীৰ অন্তৰ্গত ১/২ নং বৰুৱাঝাৰ (অফিছ বজাৰ) ৰ আলিমুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত অগ্নি সংযোগ কৰি দুটাকৈ ঘৰ ভস্মীভূত কৰাৰ অভিযোগ উঠিছে । জানিব পৰা মতে, গাঁৱ খনৰ সহোদৰ ফকিৰ আলী আৰু হুৰমুজ আলীৰ মাজত পৈতৃক সম্পত্তিৰ ভাগ বটৰুৱাক লৈ দীৰ্ঘদিনৰ পৰা বাদ বিবাদ চলি আহিছে । উভয় পক্ষৰ মাজত আইনী যুঁজ চলি থকাৰ মাজতে বুধবাৰে আবেলি প্ৰায় চাৰি বজাত কোনো পুৰুষ লোক ঘৰত নথকাৰ সুযোগ লৈ হুৰমুজ আলী সহ দুই পুত্ৰ ক্ৰমে ইব্ৰাহিম আলী আৰু এবাদুল হকে ফকিৰ আলীৰ জোৱাই আলিমুদ্দিনৰ ঘৰত জুই লগাই দিয়ে ।

উক্ত দুষ্কাৰ্য সম্পাদনত মহিলা সকলে বাধা প্ৰদানৰ চেষ্টা কৰে যদিও তেওঁলোকৰ লগতো হতাহতি কৰাৰ অভিযোগ উঠিছে । উক্ত অগ্নিকাণ্ডত  লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতি সাধন হোৱাৰ লগতে যাবতীয় নথিপত্ৰ জুইত জাহ যায়। ঘটনা সন্দৰ্ভত দৈপাম আৰক্ষী চকীত  এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে বিশেষ তৎপৰতা গ্ৰহণ নকৰাৰ উভিযোগ তুলিছে আলিমুদ্দিনৰ পৰিয়ালে । সঠিক তদন্তৰ জৰিয়তে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে বিষয়টি নিষ্পত্তি কৰি দিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনায় ভুক্তভোগী পৰিয়ালটোৱে ।

দেৰগাঁৱত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

দেৰগাঁৱৰ বৃহত্তৰ কাকডোঙাৰ অগ্ৰণী ক্ৰীড়া সংন্থা গোহাঁইমেৰ ক্ৰীড়া সন্থাৰ উদ্যোগত পাৰলিগুৰি খেলপথাৰত ২৪ জানুৱাৰী পৰা আয়োজন কৰা মাইনতদ্দিন গাঁওবুঢ়া সোঁৱৰণী আমন্ত্ৰণ মূলক ফুটবল প্ৰতিযোগিতা খনি ২৬ জানুৱাৰী দিনা চূড়ান্ত খেলখন অনুষ্ঠিত হয়। উজনি অসমৰ আগশাৰী চাৰিটা ফুটবল দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনিত বোকাখাত ৰাধাবাৰী ফুটবল একাদশ আৰু যোৰহাট ৰেডিয়ান ফুটবল একাদশৰ মাজত চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

আপকুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰনৱ চক্ৰৱৰ্ত্তীয়ে উদ্বোধন কৰা খেলখনি বোকাখাত ৰাধাবাৰী ফুটবল একাদশে যোৰহাট ৰেডিয়ান ফুটবল একাদশক ১-০ গলত পৰাস্ত কৰি চুড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

বাক্সাৰ কবি গৌতম ৰাভালৈ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্রখনৰ অধিক বিকাশৰ অৰ্থে গঠিত অন্যতম আগশাৰীৰ অনুষ্ঠান “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”য়ে আগবঢ়োৱা “সাহিত্য সাধক” খিতাপ লাভ কৰি বাক্সা জিলাৰ মুছলপুৰ মহকুমালৈ গৌৱৰ কঢ়িয়াই আনিছে মহকুমাটোৰ ৰামপুৰ নিবাসী তথা কবি গৌতম ৰাভাই৷ “নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটি”ৰ সভাপতি গগণাষ্টম গগৈৰ পৌৰহিত্যত অলপতে মহানগৰীৰ দিশপুৰস্থিত পি ডব্লিউ ডি প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বঁটা প্ৰদান অনুষ্ঠানত গৌতম ৰাভাক উক্ত খিতাপ প্ৰদান কৰাৰ লগতে সংস্থাটোৱে আগবঢ়োৱা তৃতীয় বাৰ্ষিক নেতাজী সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়৷ 

উল্লেখযোগ্য যে বাক্সাৰ যুগসম্ভৱা কবি গৌতম ৰাভা একেধাৰে কবি,সাহিত্যিক,আবৃত্তিকাৰ আৰু এগৰাকী সুদক্ষ অভিনেতা। বৰ্তমানলৈকে গৌতম ৰাভাৰ প্ৰকাশিত গ্ৰন্থ সমূহ হৈছে “সৰি পৰা ফুল”, “যৌৱনে আমনি কৰে”, “নদী হৈ সাগৰ বিচাৰি”, “শুকুলা মেঘৰ আঁৰে আঁৰে” ইত্যাদি। আনহাতে প্ৰকাশৰ পথত সাজু হৈ উঠিছে কাব্য গ্ৰন্থ “এপাহি ফুলৰ মৰম” ৷ ৰাভাই নৰ্থ-ইষ্ট বিগ কালচাৰেল চ’ছাইটিৰ এই বঁটা ঘোষণা কৰাৰ পিছত মুছলপুৰ মহকুমাৰ সাহিত্যানুৰাগী সকলৰ মাজত আনন্দৰ বন্যা নামি আহে। অবিভক্ত নলবাৰী তথা বৰ্তমানৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ ৰামপুৰ গাঁওত ১৯৫৮ চনৰ ১ মে’ত জন্ম গ্ৰহণ কৰা প্ৰয়াত গৌৰীকান্ত ৰাভা আৰু প্ৰয়াত পদুবালা ৰাভাৰ জ্যেষ্ঠ পুত্ৰ গৌতৰ ৰাভা অসম চৰকাৰৰ ৰাজহ বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে অসম সাহিত্য সভাৰো আজীৱন সভ্য ৷

বিগত চাৰিটা দশক জুৰি সাহিত্য চৰ্চা কৰি অহা গৌতম ৰাভাই লিখা কবিতা সমূহ অসমৰ আগশাৰীৰ প্ৰায়বোৰ কাকত-আলোচনীতে প্ৰকাশ হৈ আহিছে। নিৰৱচ্ছিন্নভাৱে সাহিত্য চৰ্চা অব্যাহত ৰখা গৌতম ৰাভাক নেতাজী সুভাষ চন্দ্ৰ বসু ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে অসম সাহিত্য সভাৰ সম্পাদক দামোদৰ তালুকদাৰ, বাক্সা জিলা সাহিত্য সভা, বাক্সা জিলা সাংবাদিক সন্থা, জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ বাক্সা জিলা সমিতি, বাস্কা আঞ্চলিক ছাত্ৰ সন্থা, মুছলপুৰ প্ৰেছ ক্লাবকে আদি কৰি বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

নগৰবেৰাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ৰাঙ্গাপানীত গাওঁত পৰকীয়া প্ৰেমৰ বাবেই বাহেজ আলীৰ পৰিয়াললৈ নামিপৰিছে ঘোৰ অমানিশা। জানিব পৰা মতে ৯ বছৰ পূৰ্বে ২ নং দক্ষিণ ৰাঙ্গাপানী গাওঁৰ বাসিন্দা বাহেজ আলীয়ে সামাজিক ৰীতি নীতি মতে ৩ নং দক্ষিণ ৰাঙ্গাপানী গাওঁৰ বাসিন্দা নবাব আলীৰ কন্যা নছিৰণ নেছাক বিয়া কৰে। উল্লেখ্য যে প্ৰায় দুই বছৰ ধৰি বাহেজ আলীৰ পত্নী নছিৰণ নেছাই অবৈধ প্ৰেমত মচগুল হয় গাওঁখনৰে মস্তক আলী নামৰ যুৱক এজন সৈতে, বাহেজ আলী বাহিৰলৈ গলেই ঘৰত সোমায় প্ৰেমিক মস্তক আলী আনকি মহিলা গৰাকীকো লৈ যায় নিজ গৃহলৈ।

বিয়াৰ প্ৰলোভন চলি থাকে নাছিৰণ-মস্তকৰ অবৈধ প্ৰেমলীলা। পিছে বিয়াৰ প্ৰলোভন দি প্ৰেমিক মস্তক আলীয়ে নছিৰণ নেছাক নিজ গৃহলৈ ল’ই যায় যদিও বিয়া নপতাৰ বাবে গোচৰ তৰে প্ৰেমিক মস্তক আলীৰ বিৰুদ্ধে। পিছে গাঁৱৰ একাংশ মুখিয়াল মাজত সোমাই বৃহৎ ধনৰ লেন-দেনত বিষয়াটো মীমাংসা কৰি দিয়ে যদিও নছিৰণ নেছাই পূৰ্বৰ স্বামীৰ ঘৰত নোযোৱাৰ সিদ্ধান্ত লয়। বিমোৰত পাৰে দুখীয়া বাহেজ আলীয়ে, শেহতীয়াকৈ বাহেজ আলীৰ সতে ডাইভৰ্চ দিয়াৰ কথা ক’ই নছিৰণ নেছা আৰু পৰিয়ালে এক লাখ টকা দাবী কৰে বাহেজ আলীৰ পৰা। প্ৰায় চাৰিমাহ ধৰি দুখীয়া বাহেজ আলীয়ে দিকভ্ৰান্ত হৈ ঘুৰি ফুৰিছে ন্যায় আৰু এই জটিলতাৰ পৰিত্ৰাণ বিচাৰি।

নিহত হ’ল ১০ পাকিস্তানী সৈনিক……

বেলুচিস্তানত এক উগ্ৰপন্থীৰ আক্ৰামণত ১০ জন পাকিস্তানী সৈনিক নিহত হোৱাৰ ঘটনা সংঘটিত হৈছে। বেলুচিস্তানৰ কেচজিলাৰ এটা নিৰাপত্তা বাহনীৰ চ’ষ্টত এই ঘটনা সংঘটিত হৈছে। আন্তঃ-সেৱা জনসম্পৰ্ক (আইএছপিআৰ)ৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে সন্ত্ৰাসবাদীসকলে ২৫-২৬ জানুৱাৰীৰ নিশা এই আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰতিশোধ স্বৰূপে, এজন সন্ত্ৰাসবাদীও নিহত হয় আৰু আন কেইবাজনো লোক আহত হয়।

ইৰাণ আৰু আফগানিস্তানৰ সীমান্তৱৰ্তী বেলুচিস্তানত দীৰ্ঘদিন ধৰি এক হিংসাত্মক বিদ্ৰোহ দেখা গৈছে। বেলুচ বিদ্ৰোহী গোটবোৰে অতীতত অঞ্চলটোত চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি)ক লক্ষ্য কৰি আক্ৰমণ চলাই আহিছে।

হকী দলৰ অধিনায়ক অলিম্পিক স্বৰ্ণ জয়ী চৰণজিৎ সিঙৰ বিয়োগ

ভাৰতৰ কিংবদন্তী হকী খেলুৱৈ চৰণজিৎ সিং আৰু নাই। বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়কগৰাকী। হিমাচল প্ৰদেশৰ উনাত থকা নিজা বাসগৃহত নিশ্বাস কৰা এইগৰাকী মহান খেলুৱৈয়ে ১৯৬৪ চনৰ টকিঅ’ অলিম্পিকত ভাৰতীয় দলটোক নেতৃত্ব প্ৰদান কৰি পাকিস্তানক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল। কিংবদন্তী খেলুৱৈগৰাকী আছিল দুবাৰৰ অলিম্পিয়ান।

উল্লেখ্য যে তেওঁ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগতো আক্ৰান্ত হৈ আছিল। তেওঁৰ মৃত্যুত হকী ইণ্ডিয়াই শোক প্ৰকাশ কৰিছে। ভাৰত চৰকাৰে এইগৰাকী মহান খেলুৱৈক পদ্মশ্ৰী আৰু অৰ্জুন বঁটা প্ৰদান কৰিছিল। মৃত্যুৰ সময়ত চৰণজিৎ সিঙে দুজন পুত্ৰ আৰু এজনী কন্যা এৰি থৈ গৈছে। খেলুৱৈগৰাকীৰ পুত্ৰ ভি পি সিঙে পিতৃৰ মৃত্যুৰ প্ৰসংগত কয় যে, পাঁচ বছৰ আগতে ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ বাবে দেউতা পক্ষাঘাতগ্ৰস্ত হৈছিল। তেওঁ এডাল লাঠিলৈ খোজ কাঢ়িছিল, কিন্তু যোৱা দুমাহ ধৰি তেওঁৰ অৱস্থা অধিক অৱনতি ঘটিছিল।

অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী দলৰ অধিনায়কৰ লগতে এইগৰাকী মহান খেলুৱৈয়ে ১৯৬০ চনৰ ৰোম অলিম্পিকৰ ৰূপৰ পদক বিজয়ী দলৰো অংশ আছিল। ইয়াৰ উপৰিও, তেওঁ ১৯৬২ চনৰ জাকাৰ্টা এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী দলৰো সদস্য আছিল। চৰণজিৎ সিঙে ফ্ৰেকচাৰৰ বাবে ১৯৬০ চনৰ অলিম্পিকৰ ফাইনেল খেলিব নোৱাৰিলে। তেওঁ ছেমিফাইনেল খেলিছিল। একেখন খেলতে, তেওঁ ফ্ৰেকচাৰত ভুগিছিল। ১৯২৯ চনৰ ২০ নৱেম্বৰত জন্মগ্ৰহণ কৰা চৰণজিৎ সিং কৰ্ণেল ব্ৰাউন কেমব্ৰিজ স্কুল, ডেৰাডুন আৰু পাঞ্জাব বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। আন্তৰ্জাতিক হকীত তেওঁৰ সুন্দৰ কেৰিয়াৰৰ পিছত, তেওঁ চিমলাৰ হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ৰ শাৰীৰিক শিক্ষা বিভাগৰ সঞ্চালক হিচাপে কাম কৰিছিল।

বিশিষ্ট লেখক,কবি সাংবাদিক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগঃ নগাঁৱত শোকৰ ছাঁ

নগাঁৱৰ  বিশিষ্ট সাংবাদিক,সু সাহিত্যিক,কবি,সমাজ সংগঠক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা শিৱপ্ৰসাদ বৰাৰ আজি পুৱা নগাঁও চহৰৰ আমোলাপট্টিস্থিত হাউচিং কলনীৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। ইপিনে শিৱপ্ৰসাদ বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে  নগাঁও জিলাত শোকৰ ছাঁ পৰে।নগাঁও জিলাৰ ৰাইদঙীয়া অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱকান্ত বৰা আৰু সমাজকৰ্মী প্ৰেমলতা বৰাৰ কণিষ্ঠ পুত্ৰ শিৱপ্ৰসাদ বৰাই ছাত্ৰাৱস্থাৰ পৰাই তেওঁ লিখামেলা কৰাৰ লগতে বিভিন্ন সাহিত্য, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰে জড়িত হৈ পৰিছিল। তাৰোপৰি ছাত্ৰাৱস্হাতে তেওঁ অসম আন্দোলনৰ লগতো  জড়িত হৈ পৰি একাধিকবাৰ কাৰাবাস পৰ্যন্ত খাটিব লগীয়া হৈছিল। ৰাইদঙীয়া অঞ্চলৰ পৰা প্ৰকাশিত ‘বৰ বেজালি’ নামৰ মাহেকীয়া বাৰ্তালোচনীখনৰ ১৯৮১ চনত সম্পাদকৰ দায়িত্ব বহনেৰে শিৱপ্ৰসাদ বৰাই সাংবাদিকতা জীৱনৰ পাতনি মেলে ।

আনহাতে গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়ি থকা সময়ত তেওঁ অধুনালুপ্ত আজিৰ অসম কাকতৰ জৰিয়তে  সংবাদসেৱা আৰম্ভ কৰি পাছলৈ তিনিদিনীয়া অগ্ৰদূত আৰু আশীৰ দশকৰ পৰা দৈনিক অগ্ৰদূত কাকতৰ নগাঁও জিলা সদৰৰ সাংবাদিক হিচাপে জড়িত হৈ পাছলৈ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে নিয়োজিত হৈ কেবা বছৰো সংবাদসেৱা আগবঢ়ায়।  এগৰাকী আপোচবিহীন সাংবাদিক হোৱাৰ বাবেই বৰাই ৰজাঘৰ আনকি সেনাৰো নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল।২০০০-২০০১চনত তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত উপত্যকা নামৰ সাপ্তাহিক কাকত খনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে কাকতখন কিছু দিনৰ পাছত বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁৰ সম্পাদনাত ‘জন প্ৰহৰী’ নামৰ আন এখন সাপ্তাহিক কাকত নগাঁও চহৰৰ পৰা কিছুদিন প্ৰকাশ পাইছিল।২০০০চনৰ পাছত বৰাই অসমীয়া প্ৰতিদিন কাকতৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ কেইবছৰমান কাম কৰে। পাছলৈ তেওঁ বৈদ্যুতিন নিউজ চেনেল, দৈনিক কাকতৰ জৰিয়তেও সংবাদসেৱা আগবঢ়ায়। মৃত্যুৰ সময়লৈকে তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ৰণাংগনৰ সম্পাদনা উপদেষ্টা হিচাপে কাৰ্যনিবাহ কৰি আছিল। তেওঁ জি আই টিৰ সমন্বয়ক হিচাপেও কেইবাবছৰো কাম কৰিছিল। এগৰাকী কবি হিচাপেও প্ৰতিষ্ঠা লাভ কৰা বৰাই ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰিছিল।

মৃত্যু পৰ্যন্ত বৰাই নগাঁও জিলা মুক্ত সাংবাদিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে একাধিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ জন্মদিনটো নগাঁৱত ‘গানৰ দিন’ হিচপে উদযাপন কৰাৰ ক্ষেত্ৰত শিৱপ্ৰসাদ বৰাই আগভাগ লৈছিল।আজি দুপৰীয়া শিৱপ্ৰসাদ বৰাৰ ‌মৃতদেহ নগাঁও প্ৰেছ ক্লাবলৈ অনা হয়।তাত নগাঁও প্ৰেছ ক্লাবৰ সাংবাদিক সকলে বৰাক শেষ শ্ৰদ্ধা নিবেদন কৰে।ইয়াৰ পাছত তেওঁৰ মৃতদেহ ৰাইদঙীয়াৰ বড়িগাঁৱৰ নিজা বাসগৃহলৈ লৈ যোৱা হয়। বৰাৰ ৰাইদঙীয়া বড়িগাঁৱৰ  বাসগৃহত প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিভিন্ন ব্যক্তিয়ে বৰাৰ শৱদেহত মাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।পাছত ৰাইদঙীয়াতে ভালে সংখ্যক লোকৰ উপস্থিতিত এক শোকাকূল পৰিৱেশৰ মাজত বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত বৰাই পত্নী, একমাত্ৰ পুত্ৰ,মাতৃ, জ্যেষ্ঠ ভাতৃ-ভগ্নী সহ ভালেসংখ্যক ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

ক’ভিডত আক্রান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক’ভিডত আক্রান্ত। ২০২০ বৰ্ষৰ আগষ্ট মাহতো প্ৰথমবাৰৰ বাবে কভিডত আক্ৰান্ত হৈছিল। ইফালে ৰাজ্যত হ্ৰাস পাইছে ক’ভিডৰ টেষ্ট। ক’ভিডৰ টেষ্ট হ্ৰাস পাইছে যদিও কমা নাই সংক্ৰমিতৰ হাৰ। বুধবাৰে ৰাজ্যত পজিটিভিটীৰ হাৰ ৯.৮৫ শতাংশ।

সৰ্বমুঠ ক’ভিডৰ টেষ্ট সম্পন্ন হৈছিল ১৯ হাজাৰ ৮০৩ টা। দিনটোত নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ১৯৫১ জন । কেৱল কামৰূপ মহানগৰীতে আক্ৰান্ত ৪২২ জন। দিনটোত ৰাজ্যত বৃদ্ধি মৃত্যুৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ২১ জন ক’ভিড ৰোগীৰ মৃত্যু।