Home Blog Page 2622

অসম খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে অশোক কুমাৰ ভৰালীৰ কাৰ্যভাৰ গ্ৰহণ

একালৰ জনপ্ৰিয় ছাত্ৰ নেতা, সমাজ আৰু ক্ৰীড়া সংগঠক, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক, সমাজ সেৱাৰ বাবে ৰাষ্ট্রীয় বঁটা লাভ কৰা গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ একেৰাহে তিনিবাৰকৈ সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰা আৰু শেহতীয়াভাবে অসম চৰকাৰে ৰাজহুৱা খণ্ডৰ অন্যতম প্ৰতিষ্ঠান অসম খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া অশোক কুমাৰ ভৰালীয়ে ২৪ জানুৱাৰীত নিগমৰ কাৰ্যালয়ত মাংগলিক কার্যৰ মাজেৰে কাৰ্যভাৰ গ্ৰহণ কৰে।

কাৰ্যভাৰ গ্ৰহণৰ সময়ত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন, নিগমৰ অধ্যক্ষ ওৱাৰাং নাৰ্জাৰী, পৰিচালন সঞ্চালক এন আনন্দকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া, বিধায়ক নন্দিতা গাৰ্লছা, বি জে পি দলৰ অসম ৰাজ্যিক  কমিটিৰ সাংগঠনিক  সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাকে ধৰি দলৰ কেবাজনো নেতা, সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্ৰীয় সহ সংযোজক এছ প্রদীপন, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা ৰিংকু পিয়াচীকে ধৰি কেবাজনো শুভাকাংক্ষী,  অসম চৰকাৰৰ বিভিন্ন নিকায় – নিগমৰ কেবাজনো অধ্যক্ষ – উপাধ্যক্ষ উপস্থিত থাকে। আনহাতে অনুষ্ঠানত মন্ত্ৰী যোগেন মোহনে সীমান্ত চেতনা মঞ্চৰ ৰাষ্ট্রীয় সহ সংযোজক এছ প্রদীপনক দুই লাখ টকাৰ এখন চেক প্ৰদান কৰে। তেনেদৰে নৱনিযুক্ত উপাধ্যক্ষ অশোক কুমাৰ ভৰালীয়ে  তেওঁ নিগমৰ উন্নয়নৰ বাবে নিজকে সমৰ্পিত কৰিব বুলি ব্যক্ত কৰে।

নীৰজ চোপ্ৰালৈ ৰাষ্ট্ৰপতিৰ পৰম বিশ্বস্ত সেৱা পদক

টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক জয় কৰি ইতিহাস সৃষ্টি কৰা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাক প্ৰদান কৰা হ’ব ৰাষ্ট্ৰপতিৰ পৰম বিশ্বস্ত সেৱা পদক। সেনাৰ ৪ নং ৰাজপুতানা ৰাইফলছ ৰেজিমেণ্টৰ চুবেদাৰ নীৰজ চোপ্ৰাক ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই সন্মান।

উল্লেখ্য যে, নীৰজ চোপ্ৰাকে ধৰি সেনাৰ মুঠ ৩৮৪ জন জোৱান তথা বিষয়াক বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিয়ে মেডেল ঘোষণা কৰিছে। এই মেডেল সমূহৰ ভিতৰত আছে ১২ টা শৌৰ্য চক্ৰ, ২৯ টা পৰম বিশ্বস্ত সেৱা পদক, ৪ টা উত্তম যুদ্ধা সেৱা পদক, ৫৩ টা অতি বিশ্বস্ত সেৱা পদক, ১৩ টা যুদ্ধ সেৱা পদক আৰু ১২২ টা বিশিষ্ট সেৱা পদক।

২৪ ঘন্টাত ভাৰতত ৫৭৩ গৰাকী ৰোগীৰ ক’ৰণাত মৃত্যু

দেশত কোৰোনাৰ প্ৰকোপ অব্যাহত আছে। বিগত ২৪ঘন্টাত দেশত ২লাখ ৮৬হাজাৰ লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দেশবাসীক। এই সময়চোৱাত দেশত ৫৭৩গৰাকী ৰোগীৰ মৃত্যু হৈছে।

বিগত ২৪ঘন্টাত ৩লাখ ৬হাজাৰ ৰোগী সুস্থ হৈ ঘৰলৈ উভতাৰ লগতে ২২লাখ ৰোগী এতিয়াও চিকিতসাধীন অৱস্থাত আছে। দেশত পজিটিভিটিৰ হাৰ হৈছে ১৯.৫৯শতাংশ।

যুৱ ছাত্ৰ পৰিষদৰ কুমাৰগাঁও শাখা সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দক্ষিণপাট আঞ্চলিক সমিতিৰ অধীনৰ কুমাৰ গাওঁ শাখা সমিতিখন ২৬ জানুৱাৰীত গঠন কৰা হয়। কুমাৰগাওঁ বৰা-কলিতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত যোগেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই লক্ষীৰাম কলিতাক সভাপতি আৰু মিলন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৬ জনীয়া এখন সমিতি গঠন কৰা হয় ৷ সভাত জিলা সভাপতি মুনীন্দ্ৰ ভূঞা, সাধাৰণ সম্পাদক পবিত্ৰ বৰা, উপদেষ্টা জগত হাজৰিকা,গুণেশ্বৰ গায়নে  সংগঠনৰ লক্ষ্য,উদেশ্য আৰু নীতি-আদৰ্শৰ ওপৰত মন্তব্য আগবঢ়াই নতুন সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে।

দক্ষিণ আঞ্চলিকৰ সাধাৰণ সম্পাদক ৰিতুৰাজ কলিতাই আঁত ধৰা সভাখনত কুমাৰ গাওঁখনৰ বিভিন্ন সমস্যা যেনে গড়া-খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে চৰকাৰক দাবী জনোৱা, কুমাৰগাওঁ মথাউৰি অংশ সৱলীকৰণ(ৰ’ড কাম বান্ধ) আৰু বৰ্তমান পকীকৰণত থকা যিকোনো অনিয়ম বা বিসংগতি দুৰ কৰা,বৰ্তমান অত্যাধুনিক যুগতো লোক নিৰ্মাণ(পথ) বিভাগৰ আঁচনিৰ  অধীনত এটাও পকীপথ নথকা গাওঁখনৰ গুৰত্বপুৰ্ণ পথসমূহ পকীকৰণ কৰা, একমাত্ৰ কৃষিজীৱি গাওঁখনৰ কৃষকসকলৰ বিভিন্ন সমস্যা দুৰ কৰা,পশুধনৰ সংৰক্ষণ আৰু পশুপালকৰ সমস্যাসমূহ দুৰ কৰা, বঞ্চিত দৰিদ্ৰ সীমাৰেখাৰ লোকসকলক পি.এম.আৰ.ওৱাই গৃহ, অৰুণোদয় আদি প্ৰদান কৰা,পখীনিধন ৰোধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰায় অৰ্ধশতাধিক  লোকৰ উপস্থিতিত গঠন হোৱা শাখা সমিতিখনে আগন্তক দিনত ৰাইজৰ স্বাৰ্থত সৱলভাৱে কাম কৰি যাব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷

হেক হ’ল ক্ৰুণাল পাণ্ডিয়াৰ টুইটাৰ একাউণ্ট

 ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ক্ৰিকেটাৰ ক্ৰুণাল পাণ্ডিয়াৰ টুইটাৰ একাউণ্ট হেক৷ বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই কাণ্ডৰ পাছতে হেকাৰে বিটকইনৰ বিনিময়ত ক্ৰুণালৰ টুইটাৰ একাউণ্ট বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ উপৰি একাউণ্টটোৰ পৰা কিছুমান নেটিজেনক লক্ষ্য কৰি অশ্লীল মন্তব্য কৰা হৈছিল।

বাতৰি অনুসৰি, হেকাৰজনে আজি পুৱা ৭:৩১ বজাত ক্ৰিকেটাৰজনৰ একাউণ্টৰ পৰা প্ৰথমে এটা টুইট ৰিটুইট কৰে। দুইমিনিট পাছত এজন নেটিজেনে তেওঁক ধন্যবাদ জনাইছিল। হেকাৰজনে এতিয়ালৈকে একাউণ্টটোৰ পৰা প্ৰায় ১০ টা টুইট পোষ্ট কৰিছে।

যোৱা কেইবছৰমানত, বহু ক্ৰিকেটাৰৰ একাউণ্ট হেক হৈছিল। ২০১৯চনত, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ শ্বেন ৱাটছনৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট হেক কৰা হৈছিল। ২০২১ চনৰ অক্টোবৰত ভাৰতৰ প্ৰাক্তন উইকেটকিপাৰ বেটছমেন পাৰ্থিৱ পেটেলৰ ইনষ্টাগ্ৰাম একাউণ্ট হেক হৈছিল।

‘পদ্মভূষণ’ প্ৰত্যাখ্যান কৰিলে বুদ্ধদেৱ ভট্টাচাৰ্যই

দেশৰ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে বিভিন্ন অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ প্ৰয়াত সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱটক আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ।  তদুপৰি এই সন্মান আগবঢ়োৱা হৈছে প্ৰতিভা আত্ৰে, ৰাধেশ্যাম খেমকা, আৰু কল্যাণ সিঙলৈও। আনহাতে দেশৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বৰেণ্যলৈ আগবঢ়োৱা হৈছে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ। ইয়াৰ ভিতৰত আছিল কংগ্ৰেছ নেতা গুলাম নবী আজাদ, ভিক্টৰ বেনাৰ্জী আৰু পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দেশৰ বাওপন্থী শিবিৰৰ অগ্ৰণী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য্যও।

গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা এই সন্মানৰ বিষয়ে আনু্ষ্ঠানিক ঘোষাণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু অপ্ৰত্যাশিতভাৱে বুদ্ধদেৱ ভট্টাচাৰ্যই তেওঁলৈ আগবঢ়োৱা সন্মান প্ৰত্যাখ্যান কৰাৰ কথা ঘোষণা কৰিছে। পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্মান সম্পৰ্কীয় বাতৰি লাভৰ পাছতে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, এই বিষয়ে তেওঁক কোনেও একো জনোৱা নাই আৰু তেওঁ এই বিষয়ে একো অৱগত নহয়। আৰু যদিহে তেওঁক এই সন্মান চৰকাৰে দিছে তেন্তে সেয়া তেওঁ প্ৰত্যাখ্যান কৰিছে। ‘মই পদ্মভূষণ সন্মান প্ৰদান সম্পৰ্কত একো নাজানো। কোনেও এইবিষয়ে মোক একো কোৱা নাই। যদিহে তেওঁলোকে মোক পদ্মভূষণ সন্মান দিছেও মই সেয়া প্ৰত্যাখ্যান কৰিছোঁ।’ বাংলাত প্ৰচাৰ কৰা এটা চমু বিজ্ঞপ্তিত তেওঁ এইকথা প্ৰকাশ কৰে।

দেশৰ বাঁও শিবিৰৰ অগ্ৰণী প্ৰতিনিধি ভট্টাচাৰ্য্য আছিল বংগৰ অষ্টম মুখ্যমন্ত্ৰী। ২০০০চনৰ পৰা ২০১১চনলৈ তেওঁ মুখ্যমন্ত্ৰীৰ আসনত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা বিজেপিৰ কঠোৰ সমালোচক ৭৭ বছৰীয়া নেতাগৰাকী এতিয়া ভালেমান বাৰ্ধক্যজনিত ৰোগত ভুগি আছে। পদ্মভূষণ সম্পৰ্কত তেওঁৰ এই প্ৰতিক্ৰিয়াৰ কাৰণ অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই।

কাহিবাৰীত বৰপেটা উপায়ুক্তৰ দ্বাৰা ধান আহৰণ কেন্দ্ৰ উদ্ধোধন

নুন্যতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰাৰ বাবে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ ফলত বৰপেটা জিলাৰ কৃষক সকলো যথেষ্ট উপকৃত হৈছে। আজি বৰপেটা জিলাৰ কাহিবাৰীত অসম কৃষি বিপণন পৰিষদৰ এটা ধান আহৰণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে, মুকলি বজাৰত পোৱা দৰতকৈ ইয়াত প্ৰায় দুগুণ মূল্য কৃষকে লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা এই সুবিধা কৃষক সকলক গ্ৰহণ কৰি লাভান্বিত হ’বলৈ আহ্বান জনায়। ইয়াৰ দ্বাৰা খেতিয়ক সকলে নিজৰ উৎপাদিত শস্যৰ উচিত মূল্য পোৱাটো নিশ্চিত কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। 

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক জগত জীৱন ডেকাই আঁতধৰা সভাখনত অসম কৃষি বিপণন পৰিষদৰ অন্তৰ্গত নিজ বহৰি বজাৰ সমিতিৰ সচিব ডিম্বেশ্বৰ দাসে এই ধান আহৰণ প্ৰক্ৰিয়াত পালন কৰিবলগীয়া নিয়ম সমূহৰ বিষয়ে কৃষক সকলক বুজাই কয়।  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও চমু ভাষণ দিয়া সভাখনত সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকাও উপস্থিত থাকে। উদ্ধোধনী সভাৰ অন্তত উপায়ুক্ত গৰাকীয়ে ওচৰৰ ধান মিলৰ কাম-কাজো পৰিদৰ্শন কৰে। তদুপৰি অসম দৰ্শন আচনিৰ অধীনত নিৰ্মাণ কৰা কাহিবাৰী নামঘৰটোও পৰিদৰ্শন কৰি কাম বুজ লোৱাৰ লগতে ইয়াত সেৱাও লয়। ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে সৰ্থেবাৰীৰ বেলবাৰী আৰু বাজেশিলাত থকা ধান আহৰণ কেন্দ্ৰ দুটিও পৰিদৰ্শন কৰি ধান আহৰণৰ স্থিতিৰ পৰ্যালোচনা কৰে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে এই পৰ্যন্ত জিলাখনৰ কৃষকৰ পৰা ৩৫০ কুইন্টল ধান বিভিন্ন কেন্দ্ৰত সংগ্ৰহ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ আন এগৰাকী জ্যেষ্ঠ নেতাই যোগ দিলে বিজেপিত

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলবোৰৰ মাজত তৎপৰতা বৃদ্ধিৰ সময়তে কংগ্ৰেছত পুনৰ আৰম্ভ হৈছে খহনীয়া। উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ তথা গুৰুত্বপূৰ্ণ নেতা আৰ পি এন সিঙে ত্যাগ কৰিছে কংগ্ৰেছৰ সংগ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এয়া এক বৃহৎ আঘাত হিচাপে চিহ্নত হৈছে। কংগ্ৰেছত মোক্ষম আঘাত হানি এইগৰাকী নেতাই যোগদান কৰিছে বিজেপিত।

তেওঁ নিজৰ দুৰ্গস্বৰূপ পাডৰৌনাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। এই সমষ্টিটোৰ পৰা তেওঁ তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈছে। কংগ্ৰেছ ত্যাগ কৰি জ্যেষ্ঠ নেতাগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কয়, মই বিগত ৩২ বছৰে এটা দলতে আছিলোঁ। কিন্তু আজি মই ক’বই লাগিব যে, দলটো আৰু আগৰ দৰে হৈ থকা নাই। আজি সকলোৱে জানে যে, এতিয়া এটা দলেই সাধাৰণ জনতাৰ কল্যাণৰ বাবে কাম কৰি আছে আৰু দেশ নিৰ্মাণত ব্ৰতী হৈ আছে। সেই দলটো হৈছে বিজেপি। আৰপিএন সিঙৰ দৰে নেতাৰ এনে মন্তব্য নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিৰ বাবে যিদৰে এক বৃহৎ যোগাত্মক দিশ ঠিক একেদৰে কংগ্ৰেছৰ বাবে বৃহৎ আঘাত বিবেচিত হৈছে।

মন কৰিবলগীয়া যে, বিজেপিত যোগদানৰ পাছত সাংবাদিকৰে হোৱা কথা-বতৰাৰ সময়ত তেওঁৰ সৈতে আছিল ৰাহুল গান্ধীৰ এসময়ৰ ঘনিষ্ঠ সতীৰ্থ তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। সিন্ধিয়াই ২০২০চনত যোগদান কৰিছিল বিজেপিত। আৰপিএন সিঙৰ দৰে নেতাই বিজেপিত যোগদানৰ আঁৰত জ্যোতিৰাদিত্য সিন্ধিয়াৰ দৰে নেতাৰ যে ভূমিকা আছে সেয়া স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, আৰপিএন সিং উত্তৰ প্ৰদেশৰ পূব প্ৰান্তৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ অ’বিচি নেতা আছিল। জিতিন প্ৰসাদে কংগ্ৰেছ ত্যাগ কৰাৰ পাছত উত্তৰ প্ৰদেশৰ দ্বিতীয়গৰাকী অতি গুৰুত্বপূৰ্ণ নেতা সিঙে কংগ্ৰেছ এৰিলে। মন কৰিবলগীয়া যে, উত্তৰ প্ৰদেশত যিসকলক গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাবলগীয়া আছিল সেই তালিকাত সিঙৰ নামো আছিল। কালি কংগ্ৰেছৰ তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ হোৱাৰ পাছতে সিঙে পদত্যাগ কৰাটো অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। এইকথাই প্ৰমাণ কৰিছে যে, কংগ্ৰেছ নেতৃত্বই এতিয়া তেওঁলোকৰ দলৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীসকলৰ সৈতে আন্তঃসম্পৰ্ক বজাই ৰখাত ব্যৰ্থ হৈছে। যাৰ বাবে তেওঁলোকে দলৰ নেতাৰ মনোভাব বুজিব পৰা অৱস্থাতে নাই।

উল্লেখ্য যে, কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত উত্তৰ প্ৰদেশত কংগ্ৰেছে প্ৰচাৰ অভিযান চলাই আছে যদিও এই অভিযানকালত সিঙৰ দৰে নেতাই একাষৰীয়া অনুভৱ কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যাৰ পৰিপ্ৰেক্ষিতত দল ত্যাগৰ দৰে সিদ্ধান্ত তেওঁ গ্ৰহণ কৰে। ইফালে এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে কংগ্ৰেছে প্ৰিয়ংকা গান্ধীৰ মন্তব্যৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে, কংগ্ৰেছে যিখন যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছে সেই যুঁজত সাহসীজনেহে অৱতীৰ্ণ হ’ব পাৰিব। কোনো ভীৰুৱে এই যুঁজত অৱতীৰ্ণ হ’ব নোৱাৰে। নিজৰ সপক্ষে কংগ্ৰেছে যিয়েই নকওক লাগে গান্ধী পৰিয়ালক কেন্দ্ৰত লৈ আগবাঢ়িব খোজা দলটোৰ মনোবৃত্তি সলনি নহ’লে কংগ্ৰেছৰ ভৱিষ্যৎ যে এতিয়া ধূৱলি-কুঁৱলী সেইকথা এতিয়া স্পষ্ট হৈ পৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ

বন্যপ্ৰাণীৰ সুৰক্ষা স্বাৰ্থতেই হওঁক বা আন কোনো কাৰণতে হওক সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজিলৈকে গোচৰ দি আহিছে যদিও এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিপক্ষে গোচৰ তৰিছে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তর্গত ৰাঙলু পাহাৰগুৰি গাঁৱৰ ৰাইজে।

জানিব পৰা মতে, অসম চৰকাৰৰ ভুমি সংৰক্ষণ বিভাগে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তর্গত ৰাঙলু পাহাৰগুৰি গাঁৱৰ এটি ৰাজহুৱা পুখুৰী উন্নয়নৰ বাবে এক আঁচনি গ্ৰহণ কৰিছিল। পানী সংৰক্ষণৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় দুহেজাৰ বিঘা ভূমিত কৃষিকৰ্ম কৰাৰ সুবিধাৰ বাবে ভূমি সংৰক্ষণ বিভাগে গ্ৰহণ কৰিছিল এই আচঁনিখন।

পিছে আচঁনিখনৰ কাম আৰম্ভ কৰোতেই লাগিল কেনা। সংশ্লিষ্ট পুখুৰীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বুলি বন বিভাগে বন্ধ কৰি দিয়ে আঁচনিখনৰ কাম। বন বিভাগৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে গাঁওবাসী। যুগ যুগ ধৰি ৰাজহুৱা পুখুৰী হিচাপে ব্যৱহাৰ কৰি থকা পুখুৰীটো কিদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি আচঁনিখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ৰাইজ।

শিৱসাগৰৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীলৈ প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ

শিৱসাগৰ জিলাৰ নাজিৰাৰ অ’ এন জি চি কলনীৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰষ্কাৰ ২০২২ বঁটা লাভ কৰে। আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত  ধৃতিস্মান চক্ৰৱৰ্তীৰ পিতৃ মাতৃৰ লগতে শিৱসাগৰৰ উপায়ুক্ত মেঘ নিধি দাহালৰ উপস্থিতি virtual mode ত ব্লকচেইন পদ্ধতিৰে তেওঁক এই বঁটা ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰে। কণমানি ধৃতিষ্মানৰ সফলতাত আহ্লাদিত উপায়ুক্ত গৰাকীয়ে ধৃতিষ্মানক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। উল্লেখযোগ্য যে, দেৱজিৎ চক্ৰৱৰ্তী আৰু সুনম চক্ৰৱৰ্তীৰ পুত্ৰ ধৃতিষ্মান চক্ৰৱৰ্ত্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে “Youngest Multilingual Singer”ৰ খিতাপ অৰ্জন কৰে। বৰ্তমান তেওঁ আঁঠটা ভাষা ক্ৰমে অসমীয়া, হিন্দী, ইংৰাজী, বাংলা, মাৰাঠী কানাড়া, সংস্কৃত আৰু সিনহালিত গীত পৰিৱেশন  কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ ইতিমধ্যে মাত্ৰ ৫ বছৰ বয়সতে ৭-৮টা ভাষাৰ প্ৰায় ৭০টা মান গীত বাণীবদ্ধ কৰে।

অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ গীত টুইত কৰে। কনমাণি ধৃতিস্মান চক্ৰৱৰ্তী চচিয়েল মিডিয়াটো বহু জনপ্ৰিয়৷ ফেচবুকৰ প্ৰফাইলত তেখেতৰ আছে ১৩০০০কৈ অধিক ফলৱাৰ, ইউটিউবতো আছে চাৰিহাজাৰকৈ অধিক সাবস্ক্ৰাইবাৰ৷ বলিউড জগতৰ প্ৰসিদ্ধ শিল্পী ক্ৰমে চান, টনী কক্কৰ, সুনিধি চৌহান, শান্তনু মইত্ৰ, জীত গাংগুলী আদিকে ধৰি কেইবাগৰকী জনপ্ৰিয় শিল্পী ধৃতিস্মানৰ গীত শুনি আপ্লুত হৈছে৷উল্লেখযোগ্য যে, ৰবীন্দ্ৰ তীৰ্থ কলিকতাত অনুষ্ঠিত কৰা এটা লাইভ অনুষ্ঠানত তেওঁ “Performer and Champ of the day” খিতাপ অৰ্জন কৰে। তদুপৰি তেওঁ প্ৰাক্তন অধিনায়ক সৌৰভ গাঙ্গুলিৰ সৈতেও অনুষ্ঠান পৰিবেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল।