Breaking

যুৱ ছাত্ৰ পৰিষদৰ কুমাৰগাঁও শাখা সমিতি গঠন

0 1,077

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, দক্ষিণপাট আঞ্চলিক সমিতিৰ অধীনৰ কুমাৰ গাওঁ শাখা সমিতিখন ২৬ জানুৱাৰীত গঠন কৰা হয়। কুমাৰগাওঁ বৰা-কলিতা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত যোগেন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই লক্ষীৰাম কলিতাক সভাপতি আৰু মিলন কলিতাক সাধাৰণ সম্পাদক হিচাপে লৈ ২৬ জনীয়া এখন সমিতি গঠন কৰা হয় ৷ সভাত জিলা সভাপতি মুনীন্দ্ৰ ভূঞা, সাধাৰণ সম্পাদক পবিত্ৰ বৰা, উপদেষ্টা জগত হাজৰিকা,গুণেশ্বৰ গায়নে  সংগঠনৰ লক্ষ্য,উদেশ্য আৰু নীতি-আদৰ্শৰ ওপৰত মন্তব্য আগবঢ়াই নতুন সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে।

দক্ষিণ আঞ্চলিকৰ সাধাৰণ সম্পাদক ৰিতুৰাজ কলিতাই আঁত ধৰা সভাখনত কুমাৰ গাওঁখনৰ বিভিন্ন সমস্যা যেনে গড়া-খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থাৰ বাবে চৰকাৰক দাবী জনোৱা, কুমাৰগাওঁ মথাউৰি অংশ সৱলীকৰণ(ৰ’ড কাম বান্ধ) আৰু বৰ্তমান পকীকৰণত থকা যিকোনো অনিয়ম বা বিসংগতি দুৰ কৰা,বৰ্তমান অত্যাধুনিক যুগতো লোক নিৰ্মাণ(পথ) বিভাগৰ আঁচনিৰ  অধীনত এটাও পকীপথ নথকা গাওঁখনৰ গুৰত্বপুৰ্ণ পথসমূহ পকীকৰণ কৰা, একমাত্ৰ কৃষিজীৱি গাওঁখনৰ কৃষকসকলৰ বিভিন্ন সমস্যা দুৰ কৰা,পশুধনৰ সংৰক্ষণ আৰু পশুপালকৰ সমস্যাসমূহ দুৰ কৰা, বঞ্চিত দৰিদ্ৰ সীমাৰেখাৰ লোকসকলক পি.এম.আৰ.ওৱাই গৃহ, অৰুণোদয় আদি প্ৰদান কৰা,পখীনিধন ৰোধ কৰাকে ধৰি কেইবাটাও গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰায় অৰ্ধশতাধিক  লোকৰ উপস্থিতিত গঠন হোৱা শাখা সমিতিখনে আগন্তক দিনত ৰাইজৰ স্বাৰ্থত সৱলভাৱে কাম কৰি যাব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ৷

Leave A Reply