নগাঁও আৰক্ষীয়ে আজি নগাঁও চহৰৰ মোলাপট্ৰিৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ এটা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াটো হ’ল জুৰীয়াৰ চাদাম হুছেইন। হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱী ড্ৰাগছ মাফিয়াটোৰ পৰা ৭২ টা কন্টেনাৰ আৰু নগদ ৯ হাজাৰ টকা জব্দ কৰিছে।জুৰীয়াৰ চাদামে নগাঁও চহৰৰ মোলাপট্ৰিৰ এটা ভাড়াঘৰৰ পৰা ড্ৰাগছৰ বেহা চলাই আহিছিল।
বঙাইগাঁৱৰ ৰাখালডুবিত নিশা দুৰ্ঘটনাগ্ৰস্ত ম’হ কঢ়িওৱা ট্ৰাক :১৫ টা ম’হৰ মৃত্যু
বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ৰাখালডুবিত যোৱা নিশা ম’হ কঢ়িয়াই অনা ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ট্ৰাকখনত থকা ১৫ টাকৈ ম’হৰ মৃত্যু হয় ৷ আনহাতে জীৱন্তে উদ্ধাৰ কৰা হয় ৭ টা ম’হ ৷ জানিব পৰা মতে নিশা প্ৰায় ১ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ দিশৰ পৰা অহা এন এল ০২ কিউ ৫৪৫৭ নম্বৰৰ ট্ৰাকখনে ম’হ কঢ়িয়াই ৰাষ্ট্ৰীয় ঘাই পথেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বঙাইগাঁও জিলাৰ ৰাখালডুবি তিনি আলিত দুৰ্ঘটনাত পতিত হয় ৷ কোকৰাঝাৰৰ দিশৰ পৰা অহা ট্ৰাকখনে বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাখালডুবি তিনি আলি পোৱাৰ পিছত বৰপেটা হৈ গুৱাহাটীলৈ যাবলৈ পথৰ বাওফালে কেঁকুৰীটো ঘুৰাৰ সময়তে ট্ৰাকখন পোনে পোনে ৰাষ্ট্ৰীয় ঘাইপথৰ সিটো পাৰে গৈ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ ঠাইত বাগৰি পৰে ৷

পিছত দুৰ্ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে ৷ দুৰ্ঘটনাৰ খবৰ পাই যান বাহন শাখাৰ আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ নিশাই তিনিখনকৈ জেচিবিৰে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত উদ্ধাৰ অভিযান চলাই ৭ টাকৈ ম’হক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ১৫ টাকৈ ম’হৰ মৃত্যু হৈছিল ৷

ট্ৰাকখনত ২২ টা ম’হ কঢ়িয়াই আনিছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ৷ ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালক, হেণ্ডিমেনে পলায়ণ কৰে ৷ জীৱন্তে উদ্ধাৰ হোৱা ম’হ ৭ টাক সম্প্ৰতি আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীক চোৱা চিতা কৰাৰ বাবে গতাই দিছে ৷ আনহাতে মৃত ম’হকেইটাক আজি পুৱাৰ ভাগত বিভাগীয়ভাৱে কাৰ্যবাহী দণ্ডাধীশ, পশু চিকিৎসক, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত আই নৈৰ দলঙৰ তলৰ নৈৰ পাৰত গাঁত খান্দি পোতাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ আৰক্ষীয়ে প্ৰকৃততে ম’হসমূহ ট্ৰাকখনে ক’ৰ পৰা কলৈ কঢ়িয়াই লৈ গৈ আছিল আৰু বৈধভাৱে নে অবৈধভাৱে কঢ়িয়াই আনিছিল সেয়া পৰৱৰ্তী সময়ত তদন্তত জানিব পৰা যাব বুলি কয় ৷ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন উদ্ধাৰ কৰি বঙাইগাঁও থানালৈ আনিছে ৷ উল্লেখ্য যে ট্ৰাকখনৰ চালকে ৰাখালডুবিত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ সন্দেহ কৰা হৈছে ৷ যাৰ বাবে ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ সেইদৰে এখন ট্ৰাকখনত ২২ টাকৈ ম’হ কেনেকৈ কঢ়িয়াই আনিব পাৰিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷

গণৰাজ্য দিৱসত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব নেকি মোদী?
স্বাধীনতা দিৱসৰ দৰে গণৰাজ্য দিৱসো প্ৰতিজন ভাৰতীয়ৰ বাবে এক অতি গুৰুত্বপূৰ্ণ আৰু গৌৰৱান্বিত দিন। এক দীঘলীয়া সংগ্ৰামৰ পিছত, ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰে। যি স্বাধীনতা হৈছে দেশৰ বীৰ পুত্ৰ, স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু ৰক্তপাতৰ ফল। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হয় আৰু তেতিয়াৰ পৰাই ২৬ জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। দিল্লীৰ ৰাজপথত প্ৰতিবছৰে এক ৰঙীন অনুষ্ঠানৰ সৈতে ভাৰতীয় গণৰাজ্য দিৱস উদযাপন কৰা হয়। এই বছৰ দেশে ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব আৰু ইয়াৰ বাবে দিল্লীৰ ৰাজপথত প্ৰায় সাজু কৰি তোলা হৈছে ৷
এতিয়া নতুন দিল্লীয়ে নতুন পোছাক পিন্ধিব। দিল্লীৰ ৰাজপথত এতিয়া গণৰাজ্য দিৱসৰ শেষ মুহূৰ্তৰ প্ৰস্তুতি চলি আছে। কোভিড পৰিস্থিতিৰ বাবে, যোৱা দুবছৰ ধৰি অনুস্তুপিয়াকৈ গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। এইবাৰো ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ ইণ্ডিয়া গেটত পালন কৰা হ’ব গণৰাজ্য দিৱস৷ এইবাৰ কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ বিশিষ্ট ব্যক্তিসকলে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অৱশ্যে, ক’ৰোনাৰ বদ্ধিত সংক্ৰমণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি, এইবাৰ ২৪,০০০ ৰ পৰিৱৰ্তে মাত্ৰ ৪,০০০ লোকক ৰাজপথত একত্ৰিত হ’বলৈ অনুমতি দিয়া হৈছে। একে সময়তে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ১৫ বছৰৰ তলৰ কোনো শিশু আৰু ভেকছিন গ্ৰহণ নকৰা লোকসকলে এই বছৰ পেৰেডত অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব।
ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে ইতিমধ্যে তথ্য লাভ কৰিছে যে সন্ত্ৰাসবাদীয়ে এই বছৰ গণৰা জ্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিশিষ্ট অতিথিসকলক আক্ৰমণৰ পৰিকল্পনা কৰিছে। শেহতীয়াকৈ, চোৰাংচোৱা সংস্থাৰ দ্বাৰা ন পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, উগ্ৰপন্থীসকলে গণৰাজ্য দিৱসত প্ৰধানমন্ত্ৰী আৰু বিশিষ্ট অতিথিসকলক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। ফলস্বৰূপে, দিল্লীত এতিয়া নিৰাপত্তাৰ দিশটোৰ প্ৰতি বিশেষভাৱে চকু ৰাখিছে নিৰাপত্তাৰক্ষীয়ে। সূত্ৰ অনুসৰি, আফগানিস্তান বা পাকিস্তান সীমান্তত অৱস্থিত উগ্ৰপন্থী গোটসমূহে আক্ৰমণৰ পৰিকল্পনা কৰি আছে।
২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ মহত্ব কি?
দেশে স্বাধীনতা লাভ কৰা প্ৰায় আঢ়ৈ বছৰৰ পিছত, দেশৰ সংবিধান প্ৰস্তুত কৰা হৈছিল। ১৯৪৭ চনত, বি.আৰ আম্বেদকাৰৰ অধ্যক্ষতাত খচৰা সমিতি গঠন কৰা হৈছিল। ১৯৪৭ চনৰ ৪ নৱেম্বৰত আম্বেদকাৰৰ নেতৃত্বত খচৰা সমিতিয়ে প্ৰথম ভাৰতীয় সংবিধানৰ খচৰা দাখিল কৰে। পিছত, ১৯৫০ চনৰ ২৬ জানুৱাৰীত এই সংবিধান দেশৰ জনসাধাৰণৰ বাবে সংবিধান কাৰ্যকৰী হয়। ২৬ জানুৱাৰীৰ দিনটোক মহাত্মা গান্ধীয়ে ‘স্বাধীনতা সংকল্প দিৱস’ হিচাপে নামাকৰণ কৰিছিল।
জহি-খহি গৈছে টীয়কৰ হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ গৃহ
চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগ আৰু টীয়ক সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া শ্মশান যাত্ৰাৰ দিশে ধাৱমান হৈছে টীয়কৰ চিন্তামনিগড়ৰ খাটোৱালত থকা বিভাগৰ হস্ততাঁত বস্ত্ৰৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ । অঞ্চলটোৰ যুৱতীসকলক হস্ততাঁতৰ উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিবৰ বাবে ১৯৮৭ চনতে সেইসময়ৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাই এই প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপনত আগভাগ লৈছিল ।কিন্তু অতি সম্প্ৰতি এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ আন্ত: গাঠনিৰ অভাৱ ।দীৰ্ঘদিন মেৰামতি নকৰাত জহিখহি গৈছে প্ৰশিক্ষণ কেন্দ্ৰটোৰ দুৱাৰ খিৰিকী,টিনপাত আদি । উল্লেখযোগ্য যে প্ৰতিবছৰে ১৫ গৰাকীকৈ যুৱতীক প্ৰশিক্ষণ প্ৰদানৰ সুবিধা থকা এই প্ৰশিক্ষণ কেন্দ্ৰটোত কেৱল মাত্ৰ দুখন তাঁতশালহে কাৰ্যক্ষম হৈ আছে ।বাকী কেইখন তাঁতশাল ব্যৱহাৰৰ অনুপযোগী হৈ পৰি আছে দীৰ্ঘদিন ধৰি ।লক্ষনীয় বিষয় এই যে প্ৰশিক্ষণ কেন্দ্ৰটোত এগৰাকী প্ৰশিক্ষক আৰু এগৰাকী ডেমন্চটেটৰ নিযুক্তি দিয়া হৈছিল যদিও প্ৰদৰ্শক গৰাকীক ইয়াৰ পৰা বহু দিনৰ পূৰ্বে পদসহ লৈ যোৱাত এতিয়া কেৱল এগৰাকী প্ৰশিক্ষকে কাৰ্যনিৰ্বাহ কৰি আছে চিন্তামনিগড়ৰ এই হস্ততাঁত বস্ত্ৰ শিল্পপ্ৰশিক্ষণ কেন্দ্ৰটোত ।শীঘ্ৰে এই কেন্দ্ৰটোৰ আন্ত:গাঠনি উন্নয়ন কৰি প্ৰশিক্ষণৰ এক উপযুক্ত পৰিৱেশ গঢ়ি তোলাৰ আহ্বান জনাইছে দল সংগঠন সমূহে।
দলঙৰ পৰা বাহন পৰি বিজেপি বিধায়কৰ পুত্ৰসহ ৭ শিক্ষাৰ্থীৰ মৃত্যু
মহাৰাষ্ট্ৰৰ চেলচুৰাৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত এজন বিজেপি বিধায়কৰ পুত্ৰসহ সাতগৰাকী শিক্ষাৰ্থী মৃত্যু হয়৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰৰ এখন দলঙৰ ওপৰৰ পৰা গাড়ীখন পৰি যোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ এই দুৰ্ঘটনাত বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আ ৰাহাংদালেকে ধৰি সাতজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হয়৷
আৰক্ষীৰ জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন পৰি গৈছিল। আৰক্ষী অধীক্ষক ৱাৰ্ধাৰ প্ৰশান্ত হোলকাৰৰ মতে যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত থকা লোকসকলক ৱাৰ্ধাৰ চাৱাংগী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে।
নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল চূড়ান্ত বৰ্ষৰ এমবিবিএছ ছাত্ৰ, আবিষ্কাৰ ৰাহাংডেল আৰু পৱন শক্তি প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ আৰু নীতেশ সিং এজন চিকিৎসা বিজ্ঞানৰে শিক্ষাৰ্থী আছিল৷
ঘৰমুৱা হ’ল চৰাইচোঙৰ বিদেশী আলহী
সাত সাগৰ তেৰ নদী পাৰ হৈ সুদৰ আফ্ৰিকা, চাইবেৰিয়া আদিৰ পৰা মাজুলীৰ অভয়পুৰীয়াত অৱস্থিত চৰাইচোঙলৈ অহা আলহী পক্ষীবোৰ এতিয়া লাহে লাহে ঘৰমুৱা হৈছে। ক্ৰমাৎ কমিছে পুৱাই শুনিবলৈ পোৱা কলকলনি বোৰ। নিৰ্জান হৈ পৰিছে চৰাইচোং। নিজ নিজ ঘৰলৈ উভতিছে পক্ষী সমূহ। আহোম ৰজা প্ৰমত্ত সিংহই নিৰ্মাণ কৰা অসমৰ প্ৰথমখন ৰাজকীয় পক্ষী উদ্যান চৰাইচোঙে আজিও বহন কৰি আহিছে নিজৰ স্বকীয়তা আৰু জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ শ বছৰীয়া ইতিহাস। মাজুলীৰ শ্ৰীৰাম গাওঁ পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰীয়া ৰাজহ গাঁৱত অৱস্থিত এই পক্ষী উদ্যানখনে সমগ্ৰ মাজুলীৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিছে। দেশী বিদেশী এই আলহী পক্ষীবোৰ আহে শালি খেতি চপোৱাৰ মাজভাগত। পুৱাই দৃষ্টি নন্দনভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি ৰাখে এই আলহী পক্ষীবোৰে। সন্ধিয়া উৰি যোৱা পৰত প্ৰতিধ্বনিত হয় এক আকৰ্ষণীয় কলকলনি আৰু নৈসৰ্গিক দৃশ্য। ইয়াৰ মাজতে সততে প্ৰশ্ন উত্থাপন হয় চৰাইচোঙৰ নিৰাপত্তা আৰু সংৰক্ষণৰ বিষয়টোৰ ওপৰত। সাধাৰণতে দোষাৰোপ কৰা হয় চৰাইচোঙৰ ওচৰ পাজৰৰ ৰাইজক। কিন্তু এই প্ৰতিবেদকে স্বজমিন ভাৱে কৰা এক অভিযানত এই কথা স্পষ্ট হৈ পৰিছে যে অঞ্চলবাসীৰ ওচৰত সদায় সুৰক্ষিত হৈ আহিছে চৰাইচোং। আনহাতে চৰাইচোঙৰ স্থানীয় ৰাইজৰ মতে কিছু সংখ্যক লোকে চৰাইচোঙৰ সুৰক্ষাৰ দিশটোত কেৱল স্থানীয় ৰাইজকে দোষাৰোপ কৰি আহিছে। যাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি স্থানীয় ৰাইজে কয় যে ৰাইজে ৰাইজৰ ফালৰ পৰা যিমানখিনি কৰিব পাৰে সেইয়া কৰিছে। স্থানীয় অভয়পুৰীয়া গাঁৱৰ যুৱ সমাজেও নিশা চৰাই সমূহৰ সম্ভাৱ্য বিপদ হোৱাৰ আশংকাত চৰাইছোঙৰ ওপৰত চকু ৰাখে। আনহে নালাগে ৰাতি যদি চৰাইচোঙৰ মাজত টৰ্চৰ পোহৰ দেখিলেও যুৱক সকলে একলগ হৈ দৃষ্টি ৰাখে পক্ষীসমূহৰ ওপৰত। প্ৰয়োজন সাপেক্ষে নিজাববীয়াকৈ যুৱকসকলে ৰাতিও পথাৰৰ মাজলৈ গৈ সন্ধান কৰে । কিন্তু ইয়াৰ পাছতো কেৱল স্থানীয় ৰাইজকে দোষাৰোপ কৰা কাৰ্যত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ইয়াৰ বিপৰীতে চৰকাৰৰ কৰণীয় খিনিক সোঁৱৰাই দিবলৈ চেষ্টা কৰা নাই সেই সকল লোকে । স্থানীয় ৰাইজৰ মতে চৰাইচোঙৰ সংৰক্ষণৰ প্ৰয়োজন আছে কিন্তু সেই সংৰক্ষণ কেৱল ৰাইজৰ দ্বাৰা কৰাটো সম্ভৱ নহয়, তাৰ বাবে প্ৰয়োজন বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰৰ সু পৰিকল্পিত আঁচনিৰ। চৰাইচোঙলৈ পক্ষী সমূহ আহে শালি খেতি চপোৱাৰ মাজভাগত অথবা শেষৰ সময়ত আৰু ইয়াৰ পৰা উভতি যায় পুনৰ খেতি আৰম্ভ কৰাৰ পূৰ্বেই। গতিকে স্থানীয় ৰাইজৰ খেতি বাতিত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় চৰাইবোৰে। সেয়ে অঞ্চলৰ ৰাইজক বেদখলকাৰী আখ্যা দিয়া কাৰ্যই এতিয়া একাংশ স্থানীয় ৰাইজক অসন্তুষ্ট কৰিছে। তাৰ মাজতে যদিও বিগত বৰ্ষত চৰাইচোঙত ফিচাৰী খন্দাৰ অভিযোগ আহিছে, সেই অভিযোগ পোন চাতেই নাকচ কৰিবও নোৱাৰি। দুই এটা ফিচাৰীৰ বাদে প্ৰায় কেইটা ফিচাৰী চৰাইচোঙৰ পৰা বহু দূৰৈত অৱস্থিত | সেই সমূহ স্থানত সাধাৰণতে চৰাই সমূহ নচৰে |
গড়গাঁও মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ উদযাপন
ঐতিহ্য মণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ সহযোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ এটি কাৰ্যসূচী ৰূপে আজি উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিবস'(National girl child day)।প্ৰথমে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ৰিমঝিম বৰা , আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ড০সুৰজিত শইকীয়া,শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০বিদ্যানন্দ বৰকাকতী, অসমীয়া বিভাগৰ অধ্যাপক প্ৰণব দুৱৰা,অৰ্থনীতি বিভাগৰ অধ্যাপিকা অংকিতা দত্ত আৰু সমূহ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাইডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগত ভাৰ্চুৱেল মাধ্যমৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই ৰাষ্ট্ৰীয় কন্যা শিশু দিবসৰ তাৎপৰ্য ব্যাখ্যা কৰি তেখেতৰ সাৰগৰ্ভ বক্তৃতাত কয় যে কন্যা সকলক পূৰ্ণ মানব সত্বা ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ হ’লে এনেধৰণৰ সজাগতা অনুষ্ঠানৰ লগতে বৰ্তমানৰ প্ৰজন্মই কন্যা সন্তানৰ অধিকাৰ, সুৰক্ষা, গুৰুত্ব আৰু দায়িত্ব সম্পৰ্কে সজাগ হোৱাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। প্ৰতিগৰাকী নাৰীক পুৰুষৰ সমানে আগবঢ়াই নিব পাৰিলেহে এখন সুন্দৰ গণতান্ত্ৰিক সমাজৰ আশা কৰিব পাৰি। ইয়াৰ পাছতে বিভিন্ন দিশত স্বপ্ৰতিভাৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা মহাবিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰী ক্ৰমে জ্ঞানতৃষা ফুকন (২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাজ্যিক বঁটা প্ৰাপ্ত শ্ৰেষ্ঠ স্বেচ্ছাসেৱিকা), ৰুটুজা দেউৰী (ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত) গৌৰাংগী ভট্টাচাৰ্য (ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত),প্ৰস্তুতি ফুকন (ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলুৱৈ) ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ৰিমঝিম বৰাই আঁত ধৰা অনুষ্ঠানটিত উল্লেখ কৰে যে অতি প্ৰাচীন কালৰে পৰা নাৰীয়ে নিজৰ যোগ্যতাসমূহ প্ৰদৰ্শন কৰি আহিছে আৰু এই গুৰুত্ব উপলব্ধি কৰিয়েই বৰ্তমান সময়তো নাৰীৰ স্বাধীনতা,সমতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হোৱাটো উচিত। অনুষ্ঠানটিত ভিন্ন দিশত উজ্জ্বলি উঠা ছাত্ৰী কেইগৰাকীয়ে নিজা অভিজ্ঞতা সমূহ বৰ্ণনা কৰে। প্ৰায় ডেৰশৰো অধিক মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা উপস্থিত থকা অনুষ্ঠানটি সাফলতাৰে উদযাপন কৰা বাবে ড০ৰিমঝিম বৰাই সকলোকে শলাগৰ শৰাইৰ আগবঢ়াই।
ওৰাঙত গভাইত ছাগলী চোৰ গ্ৰেপ্তাৰ
ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাগাঁওত ২৩জানুৱাৰীত পুৱতি নিশা এজন গভাইত ছাগলীচোৰ ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ওৰাঙৰ চমুৱাগাও নিবাসী চিন্তাৰাম মাহাতোৰ ঘৰত ২৩ জানুৱাৰীৰ নিশা ঘৰৰ পৰাই চোৰে ছাগলীচোৰ কৰি নিয়ে ৷ পুৱতি নিশা ২ টামান বজাত ছাগলী বিচাৰি বিচাৰি ওচৰৰে সুনীল বাগলাৰীৰ ঘৰৰ কাষেৰে পাৰ হৈ যাঁওতে ছাগলীৰ মাত শুনা পায় ৷এনেতে গৃহস্হক মাত দিওঁতে গভাইত চোৰ বাগলাৰীৰ মাকে দৰজা খুলি দিয়াত ছাগলীটো ঘৰৰ ভিতৰৰ পৰা ওলাই আহে ৷এনেতে ৰাইজে গভাইত চোৰ সুনীল বাগলাৰীক হাতে লোটে ধৰি ওৰাং আৰক্ষী থানাত চমজাই দিয়ে ৷ৰাইজে জানিব দিয়া মতে এই চোৰজনে এই অঞ্চলটোত লোকৰ ঘৰত চুৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ওৰাং আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি গভাইত চোৰ জনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
ছাত্ৰ নেতা হ’লে পুলিচকো মাৰিব নেকি,ড্ৰাগছ বেপাৰ কৰিব নেকি :জয়ন্ত মল্ল বৰুৱা
নগাঁওৰ কীৰ্তিকমলৰ ঘটনা সন্দৰ্ভত ৰবিবাৰে সংবাদ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই । ৰবিবাৰে নলবাৰী জিলাৰ বাহঁজানীৰ গোপালথান পলিটেকনিক ইনষ্টিটিউটত এটি গৃহৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নগাঁওৰ কীৰ্তিকমল ঘটনা সন্দৰ্ভত বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্ৰথমতে প্ৰশ্ন উত্থাপন কৰি ব্যক্ত কৰে যে, ছাত্ৰ নেতা হ’লে পুলিচকো মাৰিব নেকি,তেওঁ ড্ৰাগছৰো বেপাৰ কৰিব নেকি,,ছাত্ৰ নেতা হল বুলি তেওলোকক সেইবিলাক লাইচেন্স দিয়া হোৱা নাই বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে ছাত্ৰ নেতাজনৰ পক্ষত তৎক্ষণাত সাংবাদিক সকল অথবা সাধাৰণ লোক,সংগঠন আগবাঢ়ি নালাগে প্ৰকৃত সত্য কি তাক চাব লাগে বুলি কোৱাৰ উপৰিও পুলিচে যদি ভুল কৰি গুলীচালনা কৰিছে তেন্তে তেতিয়া হলে পুলিচৰ ওচৰত তদন্ত হব কিন্তু ছাত্ৰ নেতা হলে সকলো মাফ এই ধাৰণা বাদ দিয়ক বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই । আনহাতে নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ওপৰত এসময়ত অসমৰ জনসাধাৰণে বহুত আস্থা দেখুৱাইছে,ভাল পুলিচ বিষয়া হিচাপে নাম আছে ও সদৰী কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।
দুই মহাৰথীৰ সংঘাতক লৈ কি কয় দাদাই?
অব্যাহত আছে ভাৰতীয় ক্ৰিকেটৰ দুই মহাৰথীৰ সংঘাত। বিৰাট কোহলীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ পক্ষপাতী আছিল বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। ভাৰতীয় ব’ৰ্ডৰ সভাপতিৰ এই সিদ্ধান্তক হেনো বাধা দিছিল ভাৰতীয় ব’ৰ্ডৰ কৰ্মকৰ্তাই। বিৰাট-সৌৰভৰ বিতৰ্কই প্ৰায় এমাহ অতিক্ৰম কৰাৰ পাছতো মাৰ যোৱা নাই উত্তেজনাৰ। বৰঞ্চ দিনক দিনে নানা চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাহে পৰিলক্ষিত হৈছে।

মনকৰিবলীয়া যে, দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিক সন্মিলনত কোহলীৰ বিবৃতিয়ে আঘাত কৰিছিল সৌৰভক। টি-২০ ফ’ৰ্মেটৰ নেতৃত্ব এৰাৰ কথাৰ কোনেও বিৰোধিতা নকৰা বুলি কৈছিল কোহলীয়ে। কোহলীৰ এই বিবৃতিয়ে সৌৰভক মিথ্যাবাদী বুলি প্ৰমাণিত কৰিছিল। কোহলীৰ কাণ্ডত খৰ্গহস্ত সৌৰভে হেনো বিৰাটলৈ চিঠিও লিখিছিল, কিন্তু ব’ৰ্ডৰ কৰ্মকৰ্তাৰ হস্তক্ষেপৰ বাবেহে চিঠিখন প্ৰেৰণ কৰা নহ’ল। এনে কেতবোৰ কথা বতৰাই বিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ মৌনতা ভংগ কৰিছে সৌৰভ গাংগুলীয়ে। সৌৰভ গাংগুলীৰ স্পষ্টমত, ‘বিৰাট কোহলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ কোনো পৰিকল্পনা নাছিল। কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা কথাতো সমূলি মিছা।

উল্লেখ্য যে, বিগত কেইদিনমানধৰি বিভিন্ন সংবাদ মাধ্যমত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে এখন সংবাদমেলত সৌৰভৰ বক্তব্যৰ বিৰোধিতা কৰা বাবে সৌৰভে কোহলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ পাই আহিছে। কিন্তু এইবাৰ বিচিচিআইৰ সভাপতিগৰাকীয়ে নিজেই এই কথা অস্বীকাৰ কৰিছে। স্বাভাৱিকতে সৌৰভৰ মন্তব্যৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল অনুৰাগীয়ে। দুই মহাৰথীৰ মাজত অনুৰাগীয়ে মনোমালিন্য হোৱাতো বিচৰা নাই কোনেও। ভাৰতীয় ক্ৰিকেটলৈ ভালদিন উভতি অহাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।











