Breaking

দুই মহাৰথীৰ সংঘাতক লৈ কি কয় দাদাই?

0 2,065

অব্যাহত আছে ভাৰতীয় ক্ৰিকেটৰ দুই মহাৰথীৰ সংঘাত। বিৰাট কোহলীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ পক্ষপাতী আছিল বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। ভাৰতীয় ব’ৰ্ডৰ সভাপতিৰ এই সিদ্ধান্তক হেনো বাধা দিছিল ভাৰতীয় ব’ৰ্ডৰ কৰ্মকৰ্তাই। বিৰাট-সৌৰভৰ বিতৰ্কই প্ৰায় এমাহ অতিক্ৰম কৰাৰ পাছতো মাৰ যোৱা নাই উত্তেজনাৰ। বৰঞ্চ দিনক দিনে নানা চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাহে পৰিলক্ষিত হৈছে।

মনকৰিবলীয়া যে, দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে সাংবাদিক সন্মিলনত কোহলীৰ বিবৃতিয়ে আঘাত কৰিছিল সৌৰভক। টি-২০ ফ’ৰ্মেটৰ নেতৃত্ব এৰাৰ কথাৰ কোনেও বিৰোধিতা নকৰা বুলি কৈছিল কোহলীয়ে। কোহলীৰ এই বিবৃতিয়ে সৌৰভক মিথ্যাবাদী বুলি প্ৰমাণিত কৰিছিল। কোহলীৰ কাণ্ডত খৰ্গহস্ত সৌৰভে হেনো বিৰাটলৈ চিঠিও লিখিছিল, কিন্তু ব’ৰ্ডৰ কৰ্মকৰ্তাৰ হস্তক্ষেপৰ বাবেহে চিঠিখন প্ৰেৰণ কৰা নহ’ল। এনে কেতবোৰ কথা বতৰাই বিগত কিছুদিন ধৰি সংবাদ শিৰোনাম দখল কৰা দেখিবলৈ পোৱা গৈছে। এইবাৰ মৌনতা ভংগ কৰিছে সৌৰভ গাংগুলীয়ে। সৌৰভ গাংগুলীৰ স্পষ্টমত, ‘বিৰাট কোহলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ কোনো পৰিকল্পনা নাছিল। কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা কথাতো সমূলি মিছা।

উল্লেখ্য যে, বিগত কেইদিনমানধৰি বিভিন্ন সংবাদ মাধ্যমত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে এখন সংবাদমেলত সৌৰভৰ বক্তব্যৰ বিৰোধিতা কৰা বাবে সৌৰভে কোহলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ পাই আহিছে। কিন্তু এইবাৰ বিচিচিআইৰ সভাপতিগৰাকীয়ে নিজেই এই কথা অস্বীকাৰ কৰিছে। স্বাভাৱিকতে সৌৰভৰ মন্তব্যৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল অনুৰাগীয়ে। দুই মহাৰথীৰ মাজত অনুৰাগীয়ে মনোমালিন্য হোৱাতো বিচৰা নাই কোনেও। ভাৰতীয় ক্ৰিকেটলৈ ভালদিন উভতি অহাৰে পোষকতা ক্ৰীড়ানুৰাগীৰ।

Leave A Reply