Breaking

বঙাইগাঁৱৰ ৰাখালডুবিত নিশা দুৰ্ঘটনাগ্ৰস্ত ম’হ কঢ়িওৱা ট্ৰাক :১৫ টা ম’হৰ মৃত্যু

0 2,073

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত  ৰাখালডুবিত যোৱা নিশা ম’হ কঢ়িয়াই অনা ট্ৰাক এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত ট্ৰাকখনত থকা ১৫ টাকৈ ম’হৰ মৃত্যু হয় ৷ আনহাতে জীৱন্তে উদ্ধাৰ কৰা হয় ৭ টা ম’হ ৷ জানিব পৰা মতে নিশা প্ৰায় ১ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয় ৷ উল্লেখ্য যে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ দিশৰ পৰা অহা এন এল ০২ কিউ ৫৪৫৭ নম্বৰৰ ট্ৰাকখনে ম’হ কঢ়িয়াই ৰাষ্ট্ৰীয় ঘাই পথেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত বঙাইগাঁও জিলাৰ ৰাখালডুবি তিনি আলিত দুৰ্ঘটনাত পতিত হয় ৷ কোকৰাঝাৰৰ দিশৰ পৰা অহা ট্ৰাকখনে বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাখালডুবি তিনি আলি পোৱাৰ পিছত বৰপেটা হৈ গুৱাহাটীলৈ যাবলৈ পথৰ বাওফালে কেঁকুৰীটো ঘুৰাৰ সময়তে ট্ৰাকখন পোনে পোনে ৰাষ্ট্ৰীয় ঘাইপথৰ সিটো পাৰে গৈ চিলাৰায়ৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ ঠাইত বাগৰি পৰে ৷

পিছত দুৰ্ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয় আৰু আৰক্ষীক খবৰ দিয়ে ৷ দুৰ্ঘটনাৰ খবৰ পাই যান বাহন শাখাৰ আৰক্ষীৰ লোক দুৰ্ঘটনাস্থলীত উপস্থিত হৈ নিশাই তিনিখনকৈ জেচিবিৰে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকৰ সহায়ত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত উদ্ধাৰ অভিযান চলাই ৭ টাকৈ ম’হক  জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ১৫ টাকৈ ম’হৰ মৃত্যু হৈছিল  ৷

ট্ৰাকখনত ২২ টা ম’হ কঢ়িয়াই আনিছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ৷ ইপিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালক, হেণ্ডিমেনে পলায়ণ কৰে ৷ জীৱন্তে উদ্ধাৰ হোৱা ম’হ ৭ টাক সম্প্ৰতি আৰক্ষীয়ে স্থানীয় গাঁওৰক্ষী বাহিনীক চোৱা চিতা কৰাৰ বাবে গতাই দিছে ৷ আনহাতে মৃত ম’হকেইটাক আজি পুৱাৰ ভাগত বিভাগীয়ভাৱে কাৰ্যবাহী দণ্ডাধীশ, পশু চিকিৎসক, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত আই নৈৰ দলঙৰ তলৰ নৈৰ পাৰত গাঁত খান্দি পোতাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷ আৰক্ষীয়ে প্ৰকৃততে ম’হসমূহ ট্ৰাকখনে ক’ৰ পৰা কলৈ কঢ়িয়াই লৈ গৈ আছিল আৰু বৈধভাৱে নে অবৈধভাৱে কঢ়িয়াই আনিছিল সেয়া পৰৱৰ্তী সময়ত তদন্তত জানিব পৰা যাব বুলি কয় ৷ আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন উদ্ধাৰ কৰি বঙাইগাঁও থানালৈ আনিছে ৷ উল্লেখ্য যে ট্ৰাকখনৰ চালকে ৰাখালডুবিত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ সন্দেহ কৰা হৈছে ৷ যাৰ বাবে ট্ৰাকখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ সেইদৰে এখন ট্ৰাকখনত ২২ টাকৈ ম’হ কেনেকৈ কঢ়িয়াই আনিব পাৰিলে বুলিও প্ৰশ্ন উত্থাপিত হৈছে ৷ 

Leave A Reply