Breaking

ছাত্ৰ নেতা হ’লে পুলিচকো মাৰিব নেকি,ড্ৰাগছ বেপাৰ কৰিব নেকি :জয়ন্ত মল্ল বৰুৱা

0 2,042

নগাঁওৰ কীৰ্তিকমলৰ ঘটনা সন্দৰ্ভত ৰবিবাৰে সংবাদ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই  । ৰবিবাৰে নলবাৰী জিলাৰ বাহঁজানীৰ গোপালথান পলিটেকনিক ইনষ্টিটিউটত এটি গৃহৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি নগাঁওৰ কীৰ্তিকমল ঘটনা সন্দৰ্ভত বিধায়ক জয়ন্ত মল্ল বৰুৱাই প্ৰথমতে প্ৰশ্ন উত্থাপন কৰি ব্যক্ত কৰে যে, ছাত্ৰ নেতা হ’লে পুলিচকো মাৰিব নেকি,তেওঁ ড্ৰাগছৰো বেপাৰ কৰিব নেকি,,ছাত্ৰ নেতা হল বুলি তেওলোকক সেইবিলাক লাইচেন্স দিয়া হোৱা নাই বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে  ।

লগতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে ছাত্ৰ নেতাজনৰ পক্ষত তৎক্ষণাত সাংবাদিক সকল অথবা সাধাৰণ লোক,সংগঠন আগবাঢ়ি নালাগে প্ৰকৃত সত্য কি তাক চাব লাগে বুলি কোৱাৰ উপৰিও পুলিচে যদি ভুল কৰি  গুলীচালনা কৰিছে তেন্তে তেতিয়া হলে পুলিচৰ ওচৰত তদন্ত হব কিন্তু ছাত্ৰ নেতা হলে সকলো মাফ এই ধাৰণা বাদ দিয়ক বুলি মন্তব্য প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই  । আনহাতে নগাঁওৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰা ওপৰত এসময়ত অসমৰ জনসাধাৰণে বহুত আস্থা দেখুৱাইছে,ভাল পুলিচ বিষয়া হিচাপে নাম আছে ও সদৰী কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই  ।

Leave A Reply