Home Blog Page 2624

বোকাখাত শঙ্কৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভনি অনুষ্ঠান সম্পন্ন

বোকাখাতৰ অসমীয়া মাধ্যমৰ অন্যতম আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভনী অনুষ্ঠান যোৱা ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কায্যসুচীৰে অনুষ্ঠিত কৰা হয়। ১৯৯৮ চনৰ ২১ জানুৱাৰীত জন্ম গ্ৰহন কৰা নিকেতন খনৰ ৰূপালী জয়ন্তীত ভৰি দিয়াত ২১ জানুৱাৰী পুৱা বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰাক্তন প্ৰধান আচায্য প্ৰতাপ ফুকনে। ইয়াৰ পিছত  নিকেতনৰ আচায্য,আচায্যা সকলৰ দ্বাৰা বন্দনা পৰিবেশন কৰা হয়। ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি ফনীধৰ হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগে লগে নিকেতন খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, সম্পাদক,সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে ২৪ খন পতাকা উত্তোলন কৰে। নিকেতন প্ৰতিষ্ঠা কালৰ পৰা নিকেতনৰ সৈতে জড়িত প্ৰয়াত সকলৰ পূণ্যাত্মাৰ স্মৃতিত স্মৃতি তৰ্পন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শৈলেন তামুলীয়ে।

ইয়াৰ পিছত নিকেতনৰ সৈতে জড়িত প্ৰয়াত আৰু শয্যাশায়ী সকলৰ পৰিয়ালৰ সদস্য সকলক  সম্বৰ্ন্ধনা জনোৱা হয়। দিনৰ দুই বজাত নিকেতন প্ৰতিষ্ঠা কালৰ পৰা বৰ্ত্তমান লৈকে পৰিচালনা সমিতিৰ পদাধিকাৰ আৰু আচায্য,আচায্যা, কৰ্মচাৰী সকলৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়। ভবানন্দ কলিতাই আঁত ধৰা অনুষ্ঠানত উপস্থিত সকলে নিজৰ মত ব্যক্ত কৰে। ২২ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সৌজ্যনত বৰ্নাঢ়্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হয়। পুৱা স্মৃতি তৰ্পন কৰে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সভাপতি চক্ৰপাণি কলিতাই। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন কৰাৰ পিছত গুৰু প্ৰনামৰ প্ৰাক মূহুৰ্তত ছাত্ৰ ছাত্ৰী সকলৰ লগতে আচায্য, আচায্যা, শুভাকাঙ্খী সকলে এখন পুষ্পসজ্জিত বাহনেৰে গায়ন বায়ন সহ প্ৰাক্তন প্ৰধান আচায্যক ঘৰৰ পৰা আদৰি আনে।

ঐশ্বয্য শৰ্ম্মা আৰু অভিলাষ শৰ্ম্মাই আঁত ধৰা গুৰু প্ৰনাম কায্যসূচীত আচাৰ্য,আচায্যা কৰ্মচাৰী সকলক  একোখনকৈ ফুলাম গামোছা,সম্বৰ্ন্ধনা পত্ৰ, উপহাৰ আগবঢ়ায়।গুৰু প্ৰনামৰ পিছত ন পুৰণি ছাত্ৰ, ছাত্ৰী, আচাৰ্য আচায্যা, কৰ্মচাৰী সকলৰ সৈতে অন্তৰঙ্গ আলাপ  অনুষ্ঠিত কৰে। বিয়লি প্ৰাক্তন ছাত্ৰ  সন্মিলন অনুষ্ঠিত কৰে।‌‌ সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী আকাশ ফুকনে। ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত নৃত্য গীত পৰিবেশনৰ জড়িয়তে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰি ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভনি অনুষ্ঠান সামৰণি পৰে।  উদযাপন সমিতিয়ে এই অনুষ্ঠানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।

ধুবুৰীত পুনৰ আৰক্ষীৰ অভিযান, ড্ৰাগছ ব্যৱসায়ী লৈ আৰক্ষীৰ গুলি

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে শণিবাৰে নিশা আৰক্ষীৰ চলিল ব্যাপক অভিযান। শনিবাৰে নিশা দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীলৈ পুনৰ আৰক্ষীৰ গুলী। গুলীত আহত হয় এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ গুলীত আহত হৈছে বেল্লাল শেখ।  আৰক্ষীয়ে এই সংক্ৰান্তত ধুবুৰী সদৰ থানাত, মুঠ চাৰিটা গোচৰ ক্ৰমে,  গোচৰ নং  1. Dhubri PS case No.366/21 U/S 22(c) NDPS act. 2. Dhubri PS case No.1102/21U/S 306 IPC3. Dhubri PS case No.562/21U/S 273/448/325 IPC.4. Dhubri PS case 1156/20 U/S 22(c) NDPS Act. আইনৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।  আৰক্ষীৰ গুলীত আহত  বেল্লাল শেখ বৰ্তমান ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। 

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ উপ – পৰিদৰ্শক দেৱান ৰহিজুদ্দিনৰ নেতৃত্বত এটি সজাতী দলে, ড্ৰাগছ সৰবৰাহকাৰী বেল্লাল শেখৰ ঘৰত তলাচি চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে, বেল্লাল শেখক ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ গৌৰীপুৰ লৈ গৈছিল যদিও পলাবলৈ চেষ্টা কৰিছিল বেল্লাল শেখ। আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ পাছতো পুনৰ পলাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে, উপায়হীন হৈ ব্যক্তি গৰাকীৰ ভৰিলৈ লক্ষ্য কৰি এক ৰাউণ্ড গুলি চলাব লগা হয়।আৰক্ষীৰ গুলীত ভৰিত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত হৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ গুলীত আহত হোৱা ধুবুৰীৰ চহৰৰ ১৪ নং ওৱাৰ্ডৰ বাসিন্দা মৃত আফছাৰ শেখৰ পুত্ৰ বেল্লাল শেখ।

উন্মোচিত হ’ল নিৰপেক্ষ গহপুৰৰ বাৰ্ষিক কেলেণ্ডাৰ

গহপুৰৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম নিৰপেক্ষ গহপুৰৰ‌ বাৰ্ষিক কেলেণ্ডাৰখনি যোৱা ২২ জানুৱাৰী তাৰিখে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ডিজিটেল চেমিনাৰ হলত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ সভাত উন্মোচন কৰা হয়। উন্মোচক হিচাপে উপস্থিত থাকে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা। উন্মোচনী ভাষণ প্ৰসংগত বিধায়ক বৰাই উল্লেখ কৰে যে ২০১৭ চনতে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটোৰ লগত তেওঁ নিবিড়ভাৱে জড়িত হৈ আহিছে। নিৰপেক্ষ গহপুৰৰ গহপুৰৰ সামাজিক-বৌদ্ধিক ক্ষেত্ৰ খনলৈ থকা দায়িত্ববোধ আৰু কৰ্তব্যবোধৰো তেওঁ শলাগ লয়। তদুপৰি তেওঁ এই বৰ্ষৰ নিৰপেক্ষ গহপুৰৰ দ্বাৰা প্ৰকাশিত কেলেণ্ডাৰ খনিৰ বিষয়বস্তু সম্পৰ্কটো বিশেষ মন্তব্য প্ৰদান কৰে।

এই বৰ্ষৰ কেলেণ্ডাৰ খনিৰ মূল বিষয়বস্তু আছিল গহপুৰ মহকুমাৰ এখন ভৌগোলিক মানচিত্ৰ আৰু ৪২ৰ গণ আন্দোলনৰ সময়ৰ ঐতিহ্যমণ্ডিত গহপুৰ আৰক্ষী থানা। এই বিষয়বস্তু গহপুৰৰ ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই উঠি অহা প্ৰজন্মক দেশপ্ৰেম আৰু ইতিহাস সম্পৰ্কে শিকাব বুলিও বিধায়ক বৰাই উল্লেখ কৰে। এই সভাতে পোনপ্ৰথমবাৰৰ বাবে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা দেৱে গহপুৰ সমষ্টিৰ সাংবাদিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা পূৰণৰ বাবে এটা সংবাদসেৱী সকলৰ বাবে স্থায়ী ভৱন নিৰ্মাণ আৰু তাৰ বাবে বিভাগীয় ভূমি আবণ্টনৰ কাম কাজ সমূহ কৰা হব বুলি এক বৃহৎ ঘোষণা কৰে। তদুপৰি তেওঁ,সাংবাদিক আৰু সুস্থ গণতন্ত্ৰৰ সম্পৰ্কত নিজৰ মন্তব্য দিয়ে। বিধায়ক গৰাকীৰ এই ঘোষণাই গহপুৰৰ সাংবাদিক সকলৰ মাজত আনন্দৰ লহৰ তুলিছে।

 
 উক্ত সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে গহপুৰ মহকুমাৰ মহকুমাধিপতি দিপন বৰ্মন(ACS) । মহকুমাধিপতিয়ে তেওঁ ভাষণ প্ৰসংগত নিৰপেক্ষ গহপুৰলৈ শুভেচ্ছা জনোৱা লগতে সমাজৰ হৈ বিভিন্ন গঠনমূলক কাম কাজ কৰি যাবলৈ উৎসাহিত কৰে। ছয়দুৱাৰ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলনৰে শুভৰাম্ভণি কৰা হয়, বন্তি প্ৰজ্বলন কৰে গহপুৰ জিলা সাংবাদিক সন্থাৰ সভাপতি ভুৱন শইকীয়াই। সভাত ভাষণ ৰাখি গহপুৰ জিলা সাংবাদিক সন্থাৰ সহকাৰী সভাপতি তথা নিউজ লাইভৰ গহপুৰৰ স্থানীয় সংবাদদাতা নৱজিৎ শইকীয়াই নিৰপেক্ষ গহপুৰৰ জন্ম কাহিনীৰ স্মৃতি আওঁৰাই নষ্টালজিক হৈ পৰে। নিৰপেক্ষ গহপুৰৰ পৰিচালন সঞ্চালক হেমন্ত বৰুৱাই আঁত ধৰা সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নিৰপেক্ষ গহপুৰৰ সঞ্চালক বিপ্লৱ নেওগে।

উক্ত উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ছয়দুৱাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ পদ্মেশ্বৰ ভূঞা, নিৰপেক্ষ গহপুৰৰ‌ উপদেষ্টা যাদৱ চলিহা, সিদ্ধেশ্বৰ হাজৰিকা লগতে গহপুৰৰ সাংবাদিক সকল ক্ৰমে বিশ্ব জ্যোতি সেনাপতি, অৰূপ মহন্ত,অমৰ বৰা, পলাশ ফুকন, সমিৰণ বৰা উপস্থিত আৰু বিভিন্ন জাতীয় দল সংগঠনৰ বিষয় ববীয়া সকল। উক্ত সভাখনৰ‌ শলাগৰ শৰাই আগবঢ়ায় নিৰপেক্ষ গহপুৰৰ‌ প্ৰতিস্থাপক মূখ্য প্ৰশাসক পৰাশ শইকীয়াই। সভাত নিৰপেক্ষ গহপুৰৰ পলাশ জ্যোতি চলিহাকে আদি কৰি নিপনজ্যোতি বৰা, ৰবীন নেওগ, পবন নেওগ কে আদি কৰি কেইবাগৰাকীও নিৰপেক্ষ গহপুৰৰ বিষয় ববীয়া উপস্থিত থাকে ।

লামডিঙত নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত সার্বজনিন নেতাজী জন্মজয়ন্তী কমিটিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়।পুৱাৰ ভাগত নেতাজী পেৰেড গ্রুপ’ ভাৰত স্কাউট গ্রুপ,হিন্দুস্থান পেৰেড গ্রুপ, লগতে বিভিন্ন স্কুলৰ ছাত্ৰ – ছাত্ৰী আৰু বিভিন্ন স্কুলৰ শিক্ষক সমাজৰ বিশিষ্ট  ব্যক্তিয়ে নেতাজী মূর্তীত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। লামডিঙৰ মাজ মজিয়াত থকা সূভাষ ময়দানৰ সম্মুখত থকা নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পণ কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ভাৰত সেৱাশ্ৰমৰ সঙ্ঘৰ উত্তৰ পূর্বাঞ্চলৰ দায়িত্বত থকা সন্যাসি  সাধনানন্দজী মহাৰাজ,আজাদ হিন্দ পাব্লিক লাইব্রেৰীৰ সভাপতি সুভাষ সিংহৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট ব্যক্তি সকলে।

ভাৰত সেৱাশ্ৰমৰ মূখ্য সাধনানন্দ মহাৰাজ পতকা উত্তোলন কৰে লগতে সংগীত পৰিবেশন কৰি নেতাজীৰ জন্ম জয়ন্তী পালন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, ভাৰত সেৱাশ্ৰমৰ  সাধনানন্দজী মহাৰাজ, লামডিঙ বিজেপিৰ টাউন মণ্ডল সভাপতি দেৱাশিস সেনগুপ্ত, সুভাষ  সিং,লামডিঙ সাংবাদিক সন্থাৰ সভাপতি অনিমেষ মজুমদাৰ, মিৰা মিশ্ৰ, প্ৰাক্তন পৌৰসভাৰ সভানেত্ৰী সস্তিকা ৰাউত ‘ৰ  লগতে শিক্ষক- শিক্ষয়িত্ৰীৰ আৰু সমাজৰ গণ্য মান্য ব্যক্তিসকল।

ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা

এতিয়াৰে পৰা ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ ৰেল যাত্ৰা অধিক আৰামদায়ক কৰি তুলিবলৈ ৰে’লৰ দবাৰ ভিতৰত উচ্চ স্বৰত সংগীত বজোৱা আৰু ফোনত ডাঙৰকৈ কথা পতা নিষিদ্ধ কৰিছে।
দৰাচলতে ডাঙৰকৈ সংগীত বজালে বা ফোনত ডাঙৰকৈ কথা ক’লে আন বহু যাত্ৰীৰ শান্তি ভংগ হ’ব পাৰে। সেইবাবেই ৰে’ল বিভাগে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল যাত্ৰীয়ে ডাঙৰকৈ কথা পাতি থকা বা উচ্চ স্বৰত সংগীত বজাই ধৰা পৰিব তেওঁক কঠোৰভাৱে জৰিমনা বিহা হ’ব বুলি ৰে’ল বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইয়াৰ উপৰি কোনো যাত্ৰীৰ এনে আচৰণৰ বাবে যদি আন কোনো যাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হয় তেন্তে ৰেলকৰ্মচাৰীসকলক এই কাৰ্যৰ বাবে দায়বদ্ধ কৰা হ’ব। ৰে’ল মন্ত্ৰালয়ে এই সন্দৰ্ভত বহু অভিযোগ পোৱাৰ বাবেই এনে কঠোৰ নিয়মৰ প্ৰৱৰ্তন কৰিবলৈ বাধ্য হৈছে। আৰপিএফ, টিকট পৰীক্ষক, কোচ এটেণ্ডেণ্ট আৰু কেটাৰিঙকে ধৰি ৰে’ল কৰ্মচাৰীসকলে যাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় সেয়া নিশ্চিত কৰিব । পশ্চিম ৰে’লৱেৰ এজন বিষয়াই এনে সিদ্ধান্তৰ কথা নিশ্চিত কৰিছে।

নতুন নিয়মত এইটোও কোৱা হৈছে যে দলবদ্ধভাৱে ভ্ৰমণ কৰা যাত্ৰীসকলক নিশা লৈকে কথা পাতিবলৈ অনুমতি দিয়া নহ’ব আৰু দবাৰ লাইট নিশা ১০ বজাৰ পিছত বন্ধ কৰিব লাগিব । যিসকল যাত্ৰীয়ে এনে নিয়মসমূহ পালন নকৰে তেওঁলোকক ৰে’ল আইন অনুসৰি জৰিমনা বিহা হ’ব।

ক’ভিডৰ তৃতীয় ঢৌত মৃত্যু ঘটা ৬০ শতাংশ লোকেই আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক

অতিমাৰী ক’ভিডে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত এতিয়ালৈকে বহু লোকৰ প্ৰাণ কাঢ়ি নিছে ক’ভিডে। এনে সময়তে আন এক তথ্যই বহুতকে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে। সেয়া হৈছে একেবাৰে ভেকচিন গ্ৰহণ নকৰা অথবা আংশিক ভাবেহে ভেকচিন গ্ৰহণ কৰা। ক’ভিডত আক্ৰান্ত হৈ সৰ্বাধিক হাৰত মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। এখন ব্যক্তিগত চিকিৎসালয়ে চলোৱা এক অধ্যয়নত কোৱা হৈছে যে কোভিড মহামাৰীৰ তৃতীয় ঢৌৰ সময়ত মৃত্যু হোৱা ৰোগীসকলৰ ৬০ শতাংশই হয় আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক। মেক্স হেল্থকেয়াৰৰ অধ্যয়নত কোৱা হৈছে যে কোভিডত মৃত্যু ঘটা লোকসকলৰ ভিতৰত ৭০ বছৰতকৈ অধিক বয়সৰ লোক,যিসকলে বৃক্কৰ ৰোগ, হৃদৰোগ, মধুমেহ, কৰ্কট ৰোগ আদিৰ দৰে একাধিক ৰোগত ভুগি আছিল তেওঁলোকৰ মাজৰে বেছি সংখ্যক লোকে মৃত্যুক সাৱটি লৈছে।

চিকিৎসালয় খনৰ অধ্যয়নত প্ৰকাশ পোৱা মতে মেক্স হেল্থকেয়াৰত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ৮২ গৰাকী লোকৰ ভিতৰৰে মৃত্যু ঘটা ৬০ শতাংশ লোকেই হয় আংশিকভাবে অথবা একেবাৰে টিকাকৰণ নকৰা লোক। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনেও এই কথা কৈ আহিছে যে যিসকল ৰোগী ইমিউনোকম্প্ৰমিছড আৰু আন জটিল ৰোগত আক্ৰান্ত তেওঁলোকৰ মাজতে মৃত্যুৰ ঘটনা অধিক হোৱা দেখা গৈছে। কোভিডৰ তৃতীয় ঢৌৰ সময়ত মাত্ৰ ২৩.৪ শতাংশ ৰোগীক অক্সিজেনৰ প্ৰয়োজন হৈছিল, দ্বিতীয় ঢৌৰ সময়ত ৭৪ শতাংশ আৰু প্ৰথম ঢৌৰ সময়ত ৬৩ শতাংশ ৰোগীক অক্সিজেন দিবলগীয়া হৈছিল। অৰ্থাৎ ক’ভিডৰ তৃতীয় ঢৌৱে অধিকাংশ ৰোগীকে প্ৰথম অথবা দ্বিতীয় ঢৌৰ দৰে ধৰাশায়ী কৰিব পৰা নাই। ভাৰতত সেইবাবেই ক’ভিডৰ ভেকচিন গ্ৰহণৰ বাবে চৰকাৰে বিভিন্ন মাধ্যমৰ জৰিয়তে দেশবাসীক আহ্বান জনাইছে। দেশত এতিয়াও বহুলোকে ভেকচিন গ্ৰহণ কৰিবলৈ বাকী থকাত কোভিডৰ অধিক সংক্ৰমণৰ আশংকা কৰা হৈছে।

বাজেট ২০২২ঃ মহিলাৰ সুস্থতাৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰাটো বিচাৰে উদ্যোগীসকলে

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ২০২২-২০২৩। এই বাজেটে কাৰ বাবে কেনে বতৰা কঢ়িয়াই আনিব তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈ গৈছে। ইয়াৰ মাজতে দেশৰ একাংশ আগশাৰীৰ উদ্যোগীয়ে এইবাৰৰ বাজেটত মহিলাসকলৰ সুস্থতাৰ বিষয়টোৱে অধিক গুৰুত্ব পোৱা উচিৎ বুলি মন্তব্য কৰিছে। মহিলা উদ্যোগী আনিকা পৰাশৰে কৈছে যে বাজেটে মহিলাৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে – বিশেষকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ ওপৰত। বাজেটত মহিলাসকলৰ বাবে অধিক চাকৰি আৰু শিক্ষাৰ সুযোগ প্ৰদান কৰিব লাগে বুলিও পৰাশৰে কয়। দ্য ৱমেন কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আনিকা পৰাশৰে কয়, “কেন্দ্ৰীয় বাজেটে মহিলাৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে – বিশেষকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা।

আমাৰ ইতিমধ্যে চেনিটাৰী পেডৰ ওপৰত কৰ ৰেহাই আছে, অৱশ্যে, ইয়াৰ উৎপাদন আৰু উৎপাদনৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব লাগে।” তেওঁ লগতে কয় যে কেঁচা সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰিলে অধিক ভাৰতীয় নিৰ্মাতাক দেশত জৈৱ-পচনশীল পেড নিৰ্মাণ আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব। প্লাষ্টিক সামগ্ৰীৰ দ্বাৰা উৎপাদিত আৱৰ্জনা হ্ৰাস কৰিবলৈ জৈৱ-পচনশীল ঋতুস্ৰাৱ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাট বাজেটে মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। চানফেৰ সহঃ প্ৰতিষ্ঠাপক হেৰী চেহৰাৱতে কয় যে কেন্দ্ৰীয় বাজেটে মহিলাসকলক ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আৰু এই বিষয়বোৰৰ বিষয়ে অধিক মুক্ত হোৱাৰ বিষয়ত গুৰুত্ব দিব লাগে ।

চৰকাৰে জৈৱ-পচনশীল সামগ্ৰী ব্যৱহাৰৰ প্ৰতি মহিলাসকলক উৎসাহিত কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। চেনিটাৰী পেডৰ ওপৰত কৰ ৰেহাইৰ উপৰি আমদানি শুল্কৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধিব পাৰিলে দেশৰ মহিলাসকল উপকৃত হ’ব বুলিও তেওঁ কয়।

সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনঃ অমিত শ্বাহ

চলিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে এনেদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে জম্মু-কাশ্মীৰ এক সপোন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে বহুমুখী প্ৰচেষ্টা হাতত লোৱা হৈছে।

শ্বাহে কয়—” গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এয়া সম্পূৰ্ণ হোৱাৰ পিছত চৰকাৰে কাশ্মীৰত (বিধানসভা) নিৰ্বাচন অনুষ্ঠিত কৰিব।” জম্মু-কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত, জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।


জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও শ্বাহে অনুৰোধ জনায়। উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে ৰাজ্য খনে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল। কাশ্মীৰৰ বিভিন্ন দল -সংগঠনে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। চৰকাৰে দল-সংগঠন সমূহৰ প্ৰতিবাদৰ মাজতে কাশ্মীৰক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব বুলি কৈ আহিছে।

দেশৰ বিভিন্ন জিলা দণ্ডাধীশসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ


কোভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শণিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ জিলা দণ্ডাধীশসকলৰ সৈতে চৰকাৰী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত বাৰ্তালাপ কৰে। জিলা দণ্ডাধীশসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মোদীয়ে সু-শাসনৰ বাবে সকলোৰে সহযোগিতা কাম্য বুলি মন্তব্য কৰে। মোদীয়ে কয়—”সুশাসনৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই চৰকাৰক আঁচনিবোৰ ভালদৰে ৰূপায়ণ কৰাত সহায় কৰে। সেয়ে জিলা প্ৰশাসনৰ বিষয়াসকলে ক্ষেত্ৰ ভ্ৰমণ আৰু পৰিদৰ্শনৰ বাবে বিতং নিৰ্দেশনা প্ৰস্তুত কৰা উচিত,”।

শণিবাৰে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে। বৈঠকত কেন্দ্ৰ, ৰাজ্য আৰু স্থানীয় প্ৰশাসনৰ দলবদ্ধ কামে দেশৰ বহু উন্নয়নৰ প্ৰতি আগ্ৰহী জিলাত ভাল ফলাফল প্ৰদান কৰিছে বুলি মোদীয়ে উল্লেখ কৰে। এনে জিলাসমূহৰ বিষয়াসকলে এতিয়া যথেষ্ট সন্তুষ্টি অনুভৱ কৰিছে । প্ৰতিখন জিলাই আনৰ সফলতাৰ পৰা শিকিব লাগিব আৰু তেওঁলোকৰ প্ৰত্যাহ্বানবোৰ মূল্যায়ন কৰিব লাগিব বুলি মোদীয়ে উল্লেখ কৰে। প্ৰশাসন আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ, আৱেগিক সংযোগৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰি মোদীয়ে কয় ‘ওপৰৰ পৰা তললৈ’ আৰু ‘তলৰ পৰা শীৰ্ষলৈ’ শাসন ব্যৱস্থাটোক গতিশীল কৰি তোলাটো এতিয়া সকলোৰে দায়িত্ব।


উল্লেখ্য চৰকাৰে ২২ খন ৰাজ্যৰ ১৪২ খন জিলা কেইবাটাও বিষয়ত পিছ পৰি থকাৰ কথা চিনাক্ত কৰিছে।

গণৰাজ্য দিৱসৰ পেৰেডত উজলিব ১২ ৰাজ্যৰ ২১ প্ৰতীকপট

নতুন দিল্লীৰ ৰাজপথত চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১২ খন ৰাজ্যৰ মুঠ ২১ খন প্ৰতীকপট থাকিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নটা মন্ত্ৰালয়ে প্ৰদৰ্শন কৰিব এই প্ৰতীকপটসমূহ। প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নাম্পিবৌ মাৰিনমাই পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতীক পটৰ বিষয়ে অৱগত কৰে।


গুজৰাট,মহাৰাষ্ট্ৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, গোৱা, মেঘালয়, জম্মু-কাশ্মীৰ ৰাজ্যৰ প্ৰতীকপটে এইবেলি গণৰাজ্য দিৱসৰ পেৰেডত স্থান লাভ কৰিছে। মেঘালয়ৰ প্ৰতীকপটত মহিলাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন আদিৰ দৃশ্য প্ৰদৰ্শন কৰা হ’ব। সমবায় সমিতি আৰু আত্ম সহায়ক গোটসমূহো জিলিকি উঠিব প্ৰতীকপটত। গুজৰাটৰ প্ৰতীকপটত গুজৰাটৰ জনজাতীয় বিপ্লৱীসকলক প্ৰদৰ্শন কৰা হ’ব, গোৱাৰ প্ৰতীকপটত বিভিন্ন ঐতিহাসিক আৰু প্ৰাকৃতিক আকৰ্ষণ প্ৰদৰ্শন কৰা হ’ব বুলি প্ৰতিৰক্ষামন্ত্ৰণালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে।