Breaking

সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনঃ অমিত শ্বাহ

0 1,024

চলিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে এনেদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে জম্মু-কাশ্মীৰ এক সপোন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে বহুমুখী প্ৰচেষ্টা হাতত লোৱা হৈছে।

শ্বাহে কয়—” গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এয়া সম্পূৰ্ণ হোৱাৰ পিছত চৰকাৰে কাশ্মীৰত (বিধানসভা) নিৰ্বাচন অনুষ্ঠিত কৰিব।” জম্মু-কাশ্মীৰৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত, জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ’ব বুলিও তেওঁ মন্তব্য কৰে।


জম্মু আৰু কাশ্মীৰৰ যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও শ্বাহে অনুৰোধ জনায়। উল্লেখ্য কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পিছতে ৰাজ্য খনে বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল। কাশ্মীৰৰ বিভিন্ন দল -সংগঠনে চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। চৰকাৰে দল-সংগঠন সমূহৰ প্ৰতিবাদৰ মাজতে কাশ্মীৰক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব বুলি কৈ আহিছে।

Leave A Reply