Home Blog Page 267

Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল, অসমৰ ২০ টা স্থানত আজি মক ড্ৰিল

Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল
Mock Drill: বাজিছে যুদ্ধৰ দামামা! ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল

দেশত বাজিছে যুদ্ধৰ দামামা।(Mock Drill)পাকিস্তানৰ বিৰুদ্ধে যিকোনো মুহূৰ্ততে গৰজি উঠিব পাৰে ভাৰতৰ কামান। ১৯৭১ চনত পাকিস্থানৰ বিৰুদ্ধে যুদ্ধৰ পূৰ্বে ভাৰতে চলাইছিল মকড্ৰিল। ১৯৭১ চনৰ পিছত ভাৰতে পুনৰ অসামৰিক প্ৰতিৰক্ষাৰ অনুশীলনৰ মকড্ৰিল কৰিব আজি। এইবাৰো ভাৰতৰ লক্ষ্য পাকিস্তানেই। আজি দেশৰ ২৪৪ খন জিলাত অনুষ্ঠিত হ’ব অসামৰিক প্ৰতিৰক্ষা অনুশীলন ৷ এই আখৰাৰ পূৰ্বে কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে মঙলবাৰে পুৱা অনুশীলন সন্দৰ্ভত অনুষ্ঠিত কৰে বিশেষ বৈঠক। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি ৭ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুশীলনৰ প্ৰস্তুতি পৰ্যালোচনা কৰে গৃহ সচিবে ৷

অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতি বৃদ্ধিৰ প্ৰয়াসত আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰস্তুতি মূল্যায়ন আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হ’ব বৈঠক । গাঁও পৰ্যায়লৈকে এই অনুশীলনৰ পৰিকল্পনা কৰা হৈছে ।এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ মুখ্য সচিব আৰু অসামৰিক প্ৰতিৰক্ষাৰ মুৰব্বীসকলে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে ।৫ মে’ত কেন্দ্ৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা অহা এখন পত্ৰত মকড্ৰিলৰ বিষয়ে উল্লেখ কৰা হৈছিল ৷ সমান্তৰালকৈ কেইবাখনো ৰাজ্যক ফলপ্ৰসূ অসামৰিক প্ৰতিৰক্ষাৰ বাবে নিজৰ অনুশীলন চলাবলৈ নিৰ্দেশ দিয়া হৈছিল ।পত্ৰখনত কোৱা হৈছে যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২০২৫ চনৰ ৭ মে’ত দেশৰ ২৪৪ খন শ্ৰেণীভুক্ত অসামৰিক প্ৰতিৰক্ষা জিলাত অসামৰিক প্ৰতিৰক্ষা অনুশীলন আৰু আখৰা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে ।মকড্ৰিলৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত আছে ক্ৰমে- বিমান আক্ৰমণৰ সতৰ্কবাণী ব্যৱস্থাৰ ফলপ্ৰসূতা মূল্যায়ন কৰা, হটলাইন কাৰ্যকৰী কৰা, আই এ এফৰ সৈতে ৰেডিঅ’ যোগাযোগৰ সংযোগ, নিয়ন্ত্ৰণ কক্ষ আৰু ছায়া কক্ষৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা, শত্ৰুতাপূৰ্ণ আক্ৰমণৰ ক্ষেত্ৰত নিজকে সুৰক্ষিত কৰিবলৈ নাগৰিক প্ৰতিৰক্ষাৰ দিশৰ ওপৰত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকক প্ৰশিক্ষণ দিয়া আৰু দুৰ্ঘটনা প্ৰতিৰোধ ব্যৱস্থাৰ ব্যৱস্থা কৰা ।

ৱাৰ্ডেন সেৱা, অগ্নিনিৰ্বাপক, উদ্ধাৰ অভিযান আৰু ডিপো পৰিচালনাকে ধৰি অসামৰিক প্ৰতিৰক্ষা সেৱাৰ সক্ৰিয়কৰণ আৰু সঁহাৰি পৰীক্ষা কৰা, দুৰ্ঘটনাজনিত ব্লেকআউট ব্যৱস্থা ৰূপায়ণৰ মূল্যায়ন কৰা আৰু খালী কৰাৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ প্ৰস্তুতিৰ মূল্যায়ন কৰা আদিও এই উদ্দেশ্যসমূহৰ অন্তৰ্গত ৷গৃহ মন্ত্ৰালয়ে বিগত ২ মে’ত দুৰ্বল অঞ্চল আৰু জিলাৰ অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল । তদুপৰি মন্ত্ৰালয়ে দেশৰ মুঠ ২৯৫ খন দুৰ্বল চহৰ আৰু জিলা চিনাক্ত কৰিছে, য’ত শান্তিৰ সময়ত অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা ৰূপায়ণ কৰাটো প্ৰয়োজন ।দেওবাৰে নিশা ৯ বজাত পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টৰ সকলো লাইট বন্ধ কৰি সেনাই ‘ব্লেকআউট ড্ৰিল’ চলাইছিল। এনে সময়ছোৱাত দূৰৰ পৰা দেখা পোৱা কোনো ধৰণৰ লাইট বা তেনে ধৰণৰ পোহৰ ব্যৱহাৰ নকৰিবলৈ স্থানীয় বাসিন্দাসকলক আগতীয়াকৈ সকীয়াই দিয়া দিছে। ১৯৭১ চনতো ভাৰতে পঞ্জাৱৰ ফিৰোজপুৰ কেণ্টনমেণ্টতে আঘাঘণ্টা ধৰি সকলো লাইট নুমাই দি মকড্ৰিল কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ এক নিৰ্দেশনা অনুসৰি সকলো ৰাজ্যকে অহা ৭ মে’, বুধবাৰে যুদ্ধকালীন সুৰক্ষাৰ অনুশীলন নিৰ্দেশ দিয়া হৈছে্ ৷চৰকাৰী তথ্য অনুসৰি দেশৰ মুঠ ২৪৪ খন জিলাৰ ২৫৯ স্থানত হ’ব এই মকড্ৰিল। আনহাতে অসমৰ মুঠ ২০ টা স্থান ক্ৰমে বঙাইগাওঁ, ডিব্ৰুগড়, ধুবুৰী, গোৱালপাৰা, যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, তেজপুৰ, ডিগবৈ, দুলীয়াজান, গুৱাহাটী (দিছপুৰ), ৰঙিয়া, নামৰূপ, নাজিৰা, উত্তৰ লখিমপুৰ, নুমলীগড়, দৰং, গোলাঘাট, কাৰ্বি আংলং আৰু কোকৰাঝাৰত হ’ব মকড্ৰিল।পেহলগাম নৰসংহাৰৰ পিছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। বিভিন্ন চৰকাৰী সূত্ৰই দাবী কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ প্ৰস্তুতিৰ বাবে প্ৰতিৰক্ষা বৈঠক অনুষ্ঠিত কৰিছে৷

Operation Sindoor: ‘অপাৰেচন সিন্দুৰ’ নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

Operation Sindoor: 'অপাৰেচন সিন্দুৰ' নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে
Operation Sindoor: 'অপাৰেচন সিন্দুৰ' নামটো দিছিল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে

‘OPERATION SINDOOR’ৰ নামকৰণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ (Operation Sindoor)

পাকিস্তানৰ ওপৰত ভাৰতে আক্ৰমণ কৰাৰ ক’ডনেম আছিল এই ‘OPERATION SINDOOR’।

‘অপাৰেচন সিন্দুৰ’ত কি কি হ’ল-


২. প্রধানমন্ত্রী মোদীয়ে ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিছিল অপাৰেচন সিন্দুৰ


৩. অপাৰেচন সিন্দুৰ পূৰ্বৰ ছাৰ্জিকেল স্ট্রাইকতকৈ অধিক ফলপ্রসূ


৪. এপষেক পূৰ্বেই পৰিকল্পনা কৰা হৈছিল এই আক্রমণ


৫. পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা স্থানত আক্ৰমণ


৬. ১২টা সন্ত্রাসবাদী নিহত হৈছে, আহতৰ সংখ্যা প্রায় ৫৫ জন


৭. ভাৰত ভূমিৰ পৰা লক্ষ্য নিৰ্দিষ্ট ড্ৰোণেৰে ভাৰতৰ আক্ৰমণ


৮. অপাৰেচন সিন্দুৰৰ হিৰ’ লইটাৰিং মিউনিচন ছিষ্টেম অর্থাৎ LMS


৯. পাকিস্তানৰ ৪৫ কিলোমিটাৰ ভিতৰলৈ গৈ আক্ৰমণ


১০. অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানত আলোড়ন

Pakistan PM Shehbaz Sharif: ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, বৰ্তমান পাকিস্তানৰ হাহাকাৰ অৱস্থা

Pakistan PM Shehbaz Sharif: ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
Pakistan PM Shehbaz Sharif: ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

দোভাগনিশা পাকিস্তানৰ ওপৰত আক্ৰমণ ভাৰতৰ। অপাৰেশ্যন সিন্দূৰ নামেৰে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণ। ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক বায়ুসেনাৰ।(Pakistan PM Shehbaz Sharif)বৰ্তমান পাকিস্তানৰ পৰিৱেশ হাহাকাৰ।


শত্ৰুৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে আমি ভালদৰে জানো। পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ প্ৰতিক্ৰিয়া। ভাৰতৰ আক্রমণত ৮ জন নিহত, ৩৫ জন আহত বুলি তথ্য প্রকাশ।

ভাৰতৰ আক্ৰমণত লস্কৰ-ঈ-তৈবাৰ হাফিজ আব্দুল মালিকৰ মৃত্যু মৃত্যু হৈছে। লস্কৰ-ঈ-তৈবাৰ ক’মাণ্ডাৰ বদৰুদ্দিনৰো মুৰিদকেত কৰা ভাৰতীয় সেনাৰ আক্ৰমণত মৃত্যু। আক্ৰমণৰ সময়ত ঘাটিতে আছিল দুয়োগৰাকী, আক্ৰমণত মুদছিৰ নামৰ এটা সন্ত্রাসবাদীও নিহত।

Operation Sindoor: পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ

Operation Sindoor: পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ
Operation Sindoor: পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ

পেহেলগামৰ হত্যালালীৰ প্ৰত্যুত্তৰ ভাৰতৰ।(Operation Sindoor)

অপাৰেশ্যন সিন্দুৰ নামেৰে পাকিস্তানৰ ওপৰত ভাৰতৰ আক্ৰমণ।

৯টাকৈ সন্ত্রাসবাদীৰ ঘাটিত এয়াৰ ষ্ট্ৰাইক বায়ুসেনাৰ।

ভাৰতে আক্ৰমণ কৰা পাকিস্তানৰ সন্ত্রাসবাদীৰ স্থান সমূহ –


১. ৱহাৱলপুৰৰ মাৰ্কাজ সুভান আল্লা

২. মুদিৰ্কেৰ মাৰ্কাজ তৈবা

৩. ছেৰ্জাল/টেহৰা কালান

৪. শিয়ালকোটৰ মেহমুন জয়া

৫. বৰ্ণালা চহৰৰ ভীমবৰৰ মাৰ্কাজ-এ-আহলে হাদিছ চহৰ

৬. কোটলীৰ মাৰ্কাজ আব্বাছ

৭. কোটলীৰ মাৰ্কাজ ৰাহিল ছাহিদ

৮. মুজফৰাবাদৰ শ্বাহাই নাল্লাহ চাউনি

৯. মুজফৰাবাদৰ মাৰ্কর্কাজ ছেদনা বিল্লাল

মাজনিশা ১ বাজি ৪৪ মিনিটত ভাৰতীয় সেনাই আৰম্ভ কৰিলে এই অভিযান।


এইপর্যন্ত ৩০টাকৈ পাকিস্তানীৰ মৃত্যুৰ আশংকা।

১২ খন চুখয় Su-3MKI, ৮ খন ৰাফেল বিমানেৰে চলাইছিল আক্রমণ।

সীমান্তৰ পৰা ৪৫ কিঃমিঃ ভিতৰত সোমাই ভাৰতৰ আক্ৰমণ পাক অধ্যুষিত কাশ্মীৰকে ধৰি ৯ স্থানত চলিছিল আক্রমণ।

প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war

প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war
প্ৰেৰণা পুথিভঁৰালত ভাৰত-পাকিস্তান সংঘাত সম্পৰ্কে আলোচনা । India-Pakistan war

৬মে’ ২০২৫ঃ India-Pakistan war । পশ্চিম নলবাৰী অঞ্চলৰ বিহামপুৰস্থিত প্ৰেৰণা পুথিভঁৰালৰ নিয়মীয়া কাৰ্যসূচী দেওবৰীয়া চ’ৰাৰ ৩৩৩ সংখ্যক বৈঠক যোৱা ৪ মে’ (দেওবাৰে)তাৰিখে অনুষ্ঠিত হৈ যায় । কাৰ্যসূচী অনুসৰি সিদিনা গ্ৰন্থৰ আদান-প্ৰদানৰ পাছতে ‘ফিব’নাচ্চি সংখ্যা’ সম্পৰ্কে গণিতৰ পাঠদান কৰাৰ লগতে সাধাৰণ জ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে পুথিভঁৰালৰ মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । সহযোগ কৰে সুশীল মালাকৰ, বীৰেন বৰ্মন, অংগৰাজ বৰ্মন, হিতেন শৰ্মা আদিয়ে । প্ৰতিযোগিতাৰ উচ্চশাখাত প্ৰথম স্থান অধিকাৰ কৰে মৃগাংশু মেধি আৰু অভিনৱ নাৰায়ণ শৰ্মাৰ দলে । মধ্যশাখাত প্ৰথম হয় নেইনা শৰ্মা আৰু তৃষাংগী তালুকদাৰৰ দল । আনহাতে নিম্নশাখাত শীৰ্ষস্থান দখল কৰে হিয়া কাকতি আৰু তিনাশ্ৰী দাসৰ দলে ।

ইয়াৰ পাছতে ‘ভাৰত-পাকিস্তান সংঘাত’ সম্পৰ্কে বক্তব্য প্ৰদান কৰি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই কয় যে এই সংঘাতৰ বীজ ৰোপিত হৈছিল এই উপমহাদেশত মুছলিম লীগৰ জন্ম আৰু উত্থানৰ জৰিয়তে । ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ সমান্তৰালভাৱে জন্মলাভ কৰা পাকিস্তানে কাশ্মীৰৰ ওপৰত নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ ভাৰত আক্ৰমণ কৰে আৰু কাশ্মীৰৰ এটা বৃহৎ অংশ দখল কৰি লয় । পুনৰ ১৯৬৫ চনত আৰু বাংলাদেশৰ মুক্তি যুদ্ধৰ সময়ত ১৯৭১ চনত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ হয় । ১৯৯৯ চনত হয় কাৰ্গিল যুদ্ধ । ইয়াৰোপৰি প্ৰায় প্ৰতিবছৰেই সীমান্তত উত্তেজনা আৰু সংঘাত অব্যাহত আছে । কেতিয়াবা এই সংঘাতেও যুদ্ধৰ ৰূপ ল’ব খোজে । ভাৰতৰ বাবে অন্যতম ডাঙৰ সমস্যা হ’ল সীমান্তৰ সিপাৰৰ পাকিস্তানৰ মাটিত চলি থকা ভাৰতবিৰোধী সন্ত্ৰাসবাদীসকল । এইসকলক লালন-পালন কৰে আৰু প্ৰশিক্ষণ দিয়ে পাকিস্তানে । পাকিস্তান চৰকাৰ, পাকিস্তানী সেনা আৰু পাকিস্তানী গুপ্তচৰ সংস্থা আই এছ আইৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি থকা এই কাৰ্যকলাপৰে শেহতীয়া ৰূপ হ’ল কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ ওপৰত নাৰকীয় আক্ৰমণ । আন এগৰাকী বক্তা, ছেবাৰ অৱসৰী বিষয়া, শিক্ষাবিদ হৰিনাৰায়ণ দাসে কয় যে হিন্দু-মুছলমান বুলি কথা নাই, সকলো ধৰণৰ সন্ত্ৰাসবাদক আমি গৰিহণা দিব লাগে আৰু ভাৰত চৰকাৰে সন্ত্ৰাসবাদক কঠোৰ হাতেৰে দমন কৰিব লাগে ।

আনহাতে ‘অনুশীলন’ শীৰ্ষক কিতাপৰ আলোচনাত প্ৰসিদ্ধ লেখিকা জুৰি বৰা বৰগোহাঞিৰ ‘ভোক’ নামৰ উপন্যাসখনৰ বিষয়ে কয় দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাই । অনুষ্ঠানত অনলাইন যোগে অংশগ্ৰহণ কৰি লেখিকা বৰগোহাঞিয়ে কয় যে মূলতঃ সমাজৰ নিম্নবৰ্গৰ মহিলাই জীৱন-যাতনাৰ বাবে দেহৰ ব্যৱসায় কৰিবলগীয়া হয় । আমি আলোচনা কৰিব নিবিচৰা এই ব্যৱসায় কিন্তু পৃথিৱীৰ প্ৰাচীনতম ব্যৱসায় । তেওঁলোকো আমাৰ সমাজৰে অংগ । ‘ভোক’ উপন্যাসখনত এচাম ক্ষুধাতুৰ নাৰীয়ে নিজৰ ক্ষুধা নিবাৰণৰ কাৰণে কেনে পৰ্যায়লৈ যাব পাৰে, সেই পটভূমিত লিখা হৈছে । এইখন অশ্লীল উপন্যাস নহয় । ই সমাজ-বাস্তৱৰ এক প্ৰতিফলন । প্ৰসংগক্ৰমে লেখিকাগৰাকীয়ে ক্ষেত্ৰ-অধ্যয়ন কৰা কালত লাভ কৰা অভিজ্ঞতা আৰু উপন্যাসখন পঢ়ি বিভিন্নজনে প্ৰকাশ কৰা মনোভাৱো ব্যক্ত কৰে ।

আনহাতে সিদিনা ড০ হীৰেন গোহাঁই, প্ৰতিভাৰ পৰিক্ৰমা, সমসাময়িক মূল্যায়ন নামৰ গ্ৰন্থখন দান কৰে গ্ৰন্থখনৰ সম্পাদক উমেশ গোস্বামীয়ে । লগতে দুলীয়াজানৰ দিলীপ কুমাৰ বৰাই আগবঢ়োৱা ধনেৰে দহগৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক দুইদিস্তাকৈ বহীৰ পাত প্ৰদান কৰা হয় । একেটা অনুষ্ঠানতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী গজেন কলিতাই আগবঢ়োৱা ধন আৰু প্ৰেৰণা পুথিভঁৰালে পতা বিহুৰ ৰাহি ধনেৰে ক্ৰয় কৰা ৩৫ খন চকী প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে পুথিভঁৰালৰ পৰিচালক মামণি দেৱী, লতিকা দেৱী, অমলেশ ডেকা, অভিনৱ নাৰায়ণ শৰ্মা, নিবন্ধকাৰ মনোৰঞ্জন দাস আদি ।
প্ৰেৰক, দিগন্তবৰ্মন।

বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU
বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন । BIHU

৬ মে’ ২০২৫: BIHU । বন্তি জ্বলাই মাংগলীক ধ্বনিৰে ৫ মে’ত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ লাইখুটা স্থাপন হৈ যায়। লাইখুটা স্থাপন কৰে কেন্দ্ৰীয় বিহুৰ আজীৱন উপদেষ্টা গোপিকানন্দ শইকীয়া আৰু খগেন বৰাই। উল্লেখ্য যে বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলি আছে ৷ ২৯, ৩০, ৩১ ব’হাগ অৰ্থাৎ ১৩, ১৪, ১৫ মে’ত বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বোকাখাত ষ্টেচন ক্লাব, সন্মিলিত যুৱ সংঘ, মধ্য বোকাখাত বিহু সন্মিলন, নাগৰিক কল্যাণ সমিতি আৰু কেন্দ্ৰীয় বিহু সন্মিলনৰ যৌথ উদ্যোগত বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ, ২০২৫ ৰ ব্যাপক আয়োজন চলি আছে। বোকাখাত কেন্দ্ৰীয় বিহুতলীত আয়োজন কৰা বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ প্ৰথম দিনা ২৯ ব’হাগ অৰ্থাৎ ১৩ মে’, মঙলবাৰে পুৱা ৯ বজাত পতাকা উত্তোলন কাৰ্যসূচীৰ মুখ্য উত্তোলক কৰিব বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ সভাপতি, বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী অতুল বৰাই ৷ সমান্তৰালকৈ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তিৰ দ্বাৰা আন ৫০ খন পতাকাও উত্তোলন কৰা হ’ব ৷ ইয়াৰ পিছতে স্মৃতি তর্পণ কাৰ্যসূচীৰ মুখ্য তৰ্পক হিচাবে তৰ্পন কৰিব উদযাপন সমিতিৰ আজীৱন উপদেষ্টা দিলীপ শইকীয়া আৰু গোপিকানন্দ শইকীয়াই ৷

পুৱা ১০ বজাত সকলো জাতি-জনগোষ্ঠীৰ লোককৃষ্টিৰে বাৰেৰহনীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাই ৷ দিনৰ ১১ বজাত কেন্দ্রীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বিহুনাচ আৰু ঢোলবাদন কর্মশালাৰ প্রশিক্ষার্থীক মানপত্র প্রদান কৰিব উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ বিয়লি ৩ বজাত সদৌ অসম ভিত্তিত হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণী ২০২৫ প্রতিযোগিতাৰ শুভাৰম্ভ আৰু উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা ৩০ ব’হাগ, ১৪ মে’, বুধবাৰে পুৱা ৫ বজাত গোলাঘাট জিলা ভিত্তিত ল’ৰা আৰু ছোৱালী উভয় শাখাত ‘মাৰাথন’ প্রতিযোগিতা উদ্বোধন কৰিব উদযাপন সমিতিৰ মুখ্য উপদেষ্টা উত্তম শইকীয়াই ৷ পুৱা ১০ বজাত শিশুসকলৰ মাজত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ দিনৰ ১১ বজাত মহিলাসকলৰ বিশেষ অনুষ্ঠানৰ লগতে গোলাঘাট জিলা ভিত্তিত মহিলাৰ জাতীয় সাজপাৰ আৰু পুস্পসজ্জা প্ৰতিযোগিতা উদ্বোধন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে ৷

বিয়লি ৩ বজাত কেন্দ্ৰীয় বসন্ত উৎসৱ উদযাপন সমিতিৰ প্ৰাক্তন বিষয়ববীয়া আৰু বোকাখাতৰ বিশিষ্ট নাগৰিকৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত প্ৰথম সাংস্কৃতিক সন্ধ্যাত স্থানীয় নিৰ্বাচিত আৰু আমন্ত্ৰিত শিল্পীৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী আস্থাজিতাই গীত পৰিৱেশন কৰিব ৷ ৩১ ব’হাগ, ১৫ মে’, বৃহস্পতিবাৰে অন্তিম দিনা পুৱা ১০ বজাত গোলাঘাট জিলা ভিত্তিত অসমীয়া নিৰ্বাচিত গীতত একক আৰু দলীয় সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ বিয়লি ৫ বজাত সোণালী জয়ন্তী উদযাপন উপলক্ষে প্ৰকাশ কৰি উলিওৱা অমৰ শৰ্মাৰ সম্পাদনাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব উদযাপন সমিতিৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকর্ষণ হিচাবে থাকিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশৰ ‘গীতৰ শৰাই’ ৷ লগতে কেন্দ্ৰীয় বসন্ত উৎসৱত প্ৰথম স্থান লাভ কৰা হুঁচৰি, মৌ-বিহুৱতী আৰু নামদৈয়াং বিহুৰাণীয়ে বিহু প্ৰদৰ্শন কৰিব ৷ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱ সন্দৰ্ভত ৯৩৬৫০০৩৬০৯, ৭০০২১০৮১৪৩ আৰু ৮৬৩৮৩৯৪৩০৩ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ শইকীয়া আৰু মুখ্য সম্পাদক ৰাজীৱ বৰাই জানিবলৈ দিছে। অনুষ্ঠানটোলৈ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠান সফল কৰি তুলিবলৈ উদ্যোক্তা সমিতিৰ তৰফৰ পৰা ৰাইজলৈ আহ্বায়ক জনাইছে।

উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati

উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati
উত্তৰ গুৱাহাটী অভয়পুৰ(কলেজ নগৰ)ত চাইনী ড্যান্স চেণ্টাৰ মুকলি । North Guwahati

৫ মে’২০২৫: North Guwahati । উত্তৰ গুৱাহাটী অভয়পুৰ কলেজ নগৰত চাইনী ড্যান্স একাডেমী নামৰ এখন নৃত্য বিদ্যালয় মুকলি কৰা হয়। অৰূপ দাসে আতঁধৰা অনুষ্ঠানত বিদ্যালয় খনৰ দ্বাৰ মুকলি কৰে নৃত্য প্ৰশিক্ষক কঙ্কন চৌধুৰীয়ে। এই বিদ্যালয় খনত সপ্তাহত দুটা দিন আধুনিক নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিছে। বিদ্যালয় খনৰ মুখ্য তত্বাৱধায়ক হিচাপে থাকিব বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা জণকল্যাণ বাতৰি কাকতৰ মুখ্য সম্পাদক কুমুদ নাথ।

বিদ্যালয় খনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি দৈনিক অসম কাকতৰ উত্তৰ গুৱাহাটীৰ সংবাদ দাতা ৰূপক ডেকাই সাম্প্ৰতিক পৰিস্থিতিত এই বিদ্যালয় খনে এক মুখ্য ভুমিকা পালন কৰিব বুলি উল্লেখ কৰে কিয়নো বৰ্তমান সময়ত নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলনে যুৱ প্ৰজন্মৰ লৈ এক ডাঙৰ অভিশাপ কঢ়িয়াই আনিছে।এই বিদ্যালয় খনে শিক্ষাৰ্থী সকলক নৃত্যৰ লগতে সমাজক সুস্থিৰ ভাবে আগবঢ়াই নিবলৈ সক্ষম হব উল্লেখ কৰে। সাংবাদিক কৌশিক ডেকাই বক্তব্যত এই বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্য লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। উত্তৰ গুৱাহাটীৰ কলেজ নগৰৰ দৰে এক কেন্দ্ৰীয় স্হানত এই বিদ্যালয় খন স্হাপন হোৱাটো অতিকৈ ভাল খবৰ বুলি সাংবাদিক গৰাকীয়ে উল্লেখ কৰে। সাংবাদিক উৎপল তামুলীয়ে এই নৃত্য বিদ্যালয় খনৰ উত্তৰোত্তৰ কামনা কৰাৰ লগতে সাংস্কৃতিক কৰ্মী কুমুদ নাথৰ তত্বাৱধানত বিদ্যালয় খনে এক সুন্দৰ গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নৃত্য শিল্পী মিতালী দাসৰ লগতে,পিংকী চৌধুৰী, টিংকু শ‌ইকীয়া আৰু ক্ষীৰদা নাথৰ উপৰিও বহু বিশিষ্ট ব্যক্তি। মুকলি অনুষ্ঠানৰ শেষত বিদ্যালয় খনৰ শিক্ষাৰ্থী সকলে নৃত্য পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election
ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ , কলিয়াবৰত পঞ্চায়তৰ তিনিটা স্তৰত সামগ্ৰীকভাৱে ৫৩গৰাকী প্ৰাথী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত ।election

৬ এপ্ৰিল,২০২৫ : election । বুধবাৰে অনুষ্ঠিত হ’বলগা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যৰ ১৩ খন জিলাৰ লগতে নগাঁও জিলাৰ কলিয়াবৰ সমজিলাত ২৩০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ। কিন্তু বঞ্চিত হ’ব ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক কেশৱ মহন্ত। মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলা পৰিষদ চতিয়াল-পূৱথৰীয়াত বিজেপি-অগপ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী পণ্যলতা বৰুৱা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে।

তদ্ৰুপ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী দীপা বৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। আনহাতে, মন্ত্ৰীগৰাকীৰ গৃহ গাঁওসভা তেলীয়া-মৰিয়া (ৱাৰ্ড)ৰ সদস্যগৰাকীও বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাত আপাতত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান কাৰ্যৰ পৰা বঞ্চিত হ’ল মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে ভোটদান কৰা তেলীয়া গাঁও আঙ্গনৱাড়ী কেন্দ্ৰত এইবাৰ ভোটগ্ৰহণ নহয়। এই সন্দৰ্ভত ৰাজ্যৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই কয় – কলিয়াবৰত প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত নগৰাকী ৱাৰ্ড চেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। যাৰ বাবে ভোটকেন্দ্ৰ স্থাপন কৰিব লগা নহ’ল।

ফলত আমিও ভোটদান কৰিব লগা নহ’ব। আচলতে আমি ভোটদানৰ পৰা বঞ্চিত হ’লোঁ। কিন্তু কথাটো এনেকুৱা নহয় যে ইয়াত গণতান্ত্ৰিক ব্যৱস্থা নাই। ইয়াৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু প্ৰতিটো ৱাৰ্ডত সাম্ভাব্য প্ৰাৰ্থীসকলে আলোচনা কৰি প্ৰতিদ্বন্দিতা নকৰাকৈ থাকিল। প্ৰতিদ্বন্দিতা নকৰাৰ বাবেহে ভোটদানেৰে নিৰ্বাচিত কৰিবলগা নহ’ল। এফালে আমি দেখিছোঁ, ভোটদান কৰিবলগা হোৱা নাই কিন্তু যিসকল বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে তেওঁলোকেও প্ৰতিদ্বন্দিতা কৰিবলৈ বিচৰাসকলৰ লগত যথেষ্ট সমিল-মিলেৰে বুজা-পৰাত উপনীত হ’ল, যিটো অগপ-বিজেপিৰ মিত্ৰতাৰ সুফল বুলি ভাবিছোঁ। মন্ত্ৰীগৰাকীয় এইবাৰ পঞ্চায়ত নিৰ্বাচনত কলিয়াবত সদস্যৰ বাবে ৪১টা ৱাৰ্ডত, দহটা আঞ্চলিক পঞ্চায়ত আৰু দুটা জিলা পৰিষদ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত নহ’ব বুলি জনাই। মন্ত্ৰীগৰাকীৰ গৃহ গাঁও পঞ্চায়তৰ নটা ৱাৰ্ডৰ সদস্য বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে বৰভকতিৰ এটা ৱাৰ্ডত ভোটগ্ৰহণ হ’ব।

চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত বিদায় সম্বৰ্ধনা । Chichibargaon

চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত বিদায় সম্বৰ্ধনা । Chichibargaon
চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত বিদায় সম্বৰ্ধনা । Chichibargaon

চিচিবৰগাঁও ৫ মে’,২০২৫ঃ Chichibargaon । চিচিবৰগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগত কালি এখনি বিদায় সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । বিভাগৰ ষষ্ঠ ষাণ্মাসিকৰ ছাত্র-ছাত্রী সকলক বিদায় জনোৱাৰ উদ্দেশ্য অনুষ্ঠিত এই বিদায় সম্বর্ধনা অনুষ্ঠানত সভাপতিত্ব আগবঢ়ায় মুৰব্বী অধ্যাপক উত্তম কুমাৰ চুতীয়াই । অধ্যাপিকা বৰ্ণালী চুতীয়াই আঁত ধৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় অতিথি অধ্যাপক সমুজ্জ্বল শইকীয়াই ।

সভাত উপস্থিত থাকি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সম্বন্বয়ক জগন্নাথ চুতীয়াৰ লগতে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হেমন্ত ভূঞায়ে ছাত্ৰ ছাত্ৰী সকলক বিভিন্ন গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে । আনহাতে অসমীয়া বিভাগৰ ছাত্ৰী পৰিস্মিতা ভূঞাৰ নৃত্য আৰু হেমাজ্যোতি চুতীয়াৰ লগতে আন বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে গীত -মাত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলাৰ লগতে বিদায়ী অগ্ৰজসকলক কেন্দ্ৰ কৰি বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতেই বিদায়ী ছাত্ৰ -ছাত্ৰীসকলক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে বিভাগীয় শিক্ষক – শিক্ষয়িত্ৰী সকলে ।

এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে সমুজ্জ্বল শ ইকীয়ায়ে । ইয়াৰ পিছতেই অধ্যাপিকা অৰুনিমা ভূঞায়েও আগন্তুক স্নাতক চূড়ান্ত পৰীক্ষাকেন্দ্ৰিক শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । ইফালে বিদায়ী ছাত্ৰ -ছাত্ৰীসকলকেও বিভাগৰ শিক্ষাগুৰুসকলক একোখনিকৈ ফুলাম গামোছা পিন্ধাই সমজুৱাকৈ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বিভাগৰ আন এজন সহকাৰী অধ্যাপক নয়নমনি মহন্ত দূৰ্ঘটনাজনিত কাৰণ ঘৰত থাকিব লগা হোৱাত ঘৰলৈ গৈ সাক্ষাৎ কৰি আশীৰ্বাদ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে।

Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?

Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?
Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?

বহুতে ভাতৰ লগত নাইবা অন্যান্য খাদ্যৰ লগত কেঁচা নিমখ খায়। (Salt Craving)খোৱাৰ সময়ত ভাতৰ সৈতে কেঁচা নিমখ নহ’লে এচামে খাদ্যৰ সোৱাদ নাপাই। কেঁচা নিমখ খোৱাৰ পৰা যিমানেই অপকাৰ নাথাকক কিয়, বহুতৰে খাদ্যত সদায় নিমখ থাকে। বহুতে দুপৰীয়া ভাজি খাদ্য, চপ, চিংগাৰৰ বাবে হাহাকাৰ কৰে। নিমখ বা নিমখীয়া খাদ্য খোৱাৰ এই ইচ্ছাৰ আঁৰৰ কাৰণ কি? বিশ্বাস কৰা হৈছিল যে শৰীৰত যদি পানী আৰু খনিজ লৱণৰ অভাৱ হয় তেন্তে ইয়াৰ অৰ্থ হ’ব যে শৰীৰে নিমখ খাবলৈ ইচ্ছা নকৰে। কিন্তু সেয়া নহয়। ইয়াৰ আঁৰৰ কাৰণ বেলেগ।

মানুহে কিয় মিঠাইৰ বাবে হাহাকাৰ কৰে সেই সম্পৰ্কে বহু মতামত আছে। কিন্তু ‘নিমখৰ লোভ’ৰ প্ৰকৃত কাৰণৰ ওপৰত গৱেষণা চলি আছে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে নিমখ খোৱাৰ ইচ্ছাৰ এটা কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা। এলড’ষ্টেৰন নামৰ হৰম’ন এটা আছে, যিটো পৰিৱৰ্তন হ’লে নিমখ খোৱাৰ অপ্ৰতিৰোধ্য ইচ্ছাৰ সৃষ্টি হয়। এলড’ষ্টেৰন হৈছে এবিধ ষ্টেৰইড হৰম’ন, যিটো এড্ৰিনেল গ্ৰন্থিৰ পৰা নিঃসৰণ হয়। এই হৰম’নে শৰীৰত ৰক্তচাপ আৰু ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ আন এটা কাম হ’ল শৰীৰে ছডিয়াম শোষণ কৰাত সহায় কৰা, যাৰ বিনিময়ত অতিৰিক্ত পটাছিয়াম প্ৰস্ৰাৱত নিৰ্গত হয়। এই হৰম’নবোৰৰ ভিন্নতাই ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, শৰীৰত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে আৰু বৃক্কৰ ৰোগ সৃষ্টি কৰিব পাৰে।

কিন্তু হৰম’নৰ ভাৰসাম্যহীনতাৰ বাহিৰেও নিমখ বা নিমখীয়া খাদ্য খোৱাৰ ইচ্ছাৰ আন কাৰণো আছে। যেনে, টোপনিৰ অসুবিধা হ’লে বা অনিদ্ৰা হ’লে নিমখৰ লোভ বৃদ্ধি হ’ব পাৰে। যিসকল লোকে বেছি ঘামচি ওলায়, তেওঁলোকৰ নিমখীয়া খাদ্যৰ প্ৰতি অধিক হেঁপাহ থাকে। অত্যন্ত মানসিক চাপ বা উদ্বেগেও নিমখীয়া খাদ্যৰ প্ৰতি লোভৰ সৃষ্টি কৰিব পাৰে। কিছুমান ৰোগৰ বাবেও এনে কামনাৰ সৃষ্টি হয়। ইয়াৰে এটা হ’ল ‘বাৰ্টাৰ চিণ্ড্ৰম’। এইটো এটা জিনীয় ৰোগ, য’ত এই ৰোগ থকাসকলে শৰীৰৰ পৰা ছডিয়াম সোনকালে হেৰুৱাই, যাৰ ফলত পটাছিয়াম আৰু কেলচিয়ামৰ ভাৰসাম্যহীনতা দেখা দিয়ে। এই চিনড্ৰমৰ ফলত কোষ্ঠকাঠিন্য, বৃক্কত পাথৰ সৃষ্টি হোৱাৰ প্ৰৱণতা অধিক, মাজে মাজে ৰক্তচাপ কম হয়। পুনৰ ‘চিষ্টিক ফাইব্ৰ’ছিছ’ নামৰ ৰোগৰ ক্ষেত্ৰতো ৰোগীয়ে অধিক নিমখ খোৱাৰ ইচ্ছা অনুভৱ কৰে। এই ৰোগত হাওঁফাওঁ আৰু বিপাকীয় ক্ৰিয়া সম্পূৰ্ণৰূপে ধ্বংস হয়।