Home Blog Page 267

Israel-Iran Conflict: ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব, কোনে ক’লে এই কথা ?

Israel-Iran Conflict: ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব, কোনে ক'লে এই কথা ?
Israel-Iran Conflict: ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব, কোনে ক'লে এই কথা ?

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Israel-Iran Conflict)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷ অৱশ্যে ইজৰাইলৰ খোমেইনিক হত্যা কৰাৰ পৰিকল্পনা আছে নে নাই সেই বিষয়ে স্পষ্ট কৰা নাই নেতানিয়াহুৱে৷ শেহতীয়াকৈ আমেৰিকাৰ বিষয়াসকলে জনাইছে যে ইজৰাইলৰ ষড়যন্ত্ৰই ইৰাণৰ সৰ্বোচ্ছ নেতাক হত্যাৰ ষড়যন্ত্ৰ কৰিছে৷

কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইয়াৰ বিৰুদ্ধে আপত্তি কৰিছে৷ ইয়াৰ ফলত সংঘাত আৰু অধিক তীব্ৰতৰ হ’ব পাৰে বুলি দাবী কৰা হৈছিল৷ আমেৰিকাৰ সংবাদ মাধ্যম এবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতানিয়াহুক এই বিষয়ে সোধা হৈছিল৷ ইয়াৰ উত্তৰত তেওঁ কয়, ‘‘তেনে ক্ষেত্ৰত সংঘাত বৃদ্ধি নহ’ব, বন্ধ হৈ যাব৷’’ সাক্ষাৎকাৰটোত তেওঁ বৰ্তমানৰ ইৰাণী শাসন ব্যৱস্থাক লক্ষ্য কৰি কয় যে, ‘‘তেওঁলোকে পশ্চিম এছিয়াৰ সকলোকে আতংকিত কৰি ৰাখিছে৷ প্ৰায় ৫০ বছৰ ধৰি উত্তেজনা বৃদ্ধি পাইছে৷ ছৌদি আৰৱৰ আৰামকো তৈলক্ষেত্ৰত বোমা বিস্ফোৰণ কৰিছে৷ সন্ত্ৰাসবাদ আৰু বিধবংসী কাৰ্য সকলোতে বিয়পি পৰিছে৷’’ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছে যে ইৰানে ‘চিৰদিনৰ বাবে’ যুদ্ধ অব্যাহত ৰাখিব বিচাৰে।

নেতানিয়াহুৱেও সাক্ষাৎকাৰত দাবী কৰে যে তেহৰানে পৰিস্থিতি পাৰমাণৱিক যুদ্ধৰ সীমালৈ লৈ গৈছে৷ গতিকে ইৰাণৰ সৰ্বোচ্ছ ধৰ্মগুৰু খোমেইনিক হত্যা কৰাৰ পৰিকল্পনা কৰিছে নেকি ইজৰাইলে? সাক্ষাৎকাৰত এই সন্দৰ্ভত সোধাত নেতানিয়াহুৱে কোনো উত্তৰ নিদিলে৷ তেওঁ কয়, ‘‘ইজৰাইলে যি কৰিবলগীয়া আছে সেয়া কৰা হৈছে৷ মই এই বিষয়ে বিতংভাৱে ক’ব নিবিচাৰো৷’’ দৰাচলতে ইজৰাইলৰ ‘অপাৰেচন ৰাইজিং লায়ন’ৰ সময়ত জ্ঝ জন ইৰাণী পাৰমাণৱিক বিজ্ঞানী নিহত হোৱা বুলি দাবী কৰা হৈছে৷ নেতানিয়াহুৱেও সেই কথা সোঁৱৰাই দিয়ে৷ তেওঁ ক’লে, ‘‘আমি তেওঁলোকৰ শীৰ্ষ পাৰমাণৱিক বিজ্ঞানীসকলক হত্যা কৰিলোঁ৷’’

আমেৰিকাৰ বিষয়াসকলে দাবী কৰে যে ইজৰাইলে আমেৰিকাক জনাইছে যে তেওঁলোকে ইৰাণৰ সৰ্বোচ্ছ ধৰ্মীয় নেতাক হত্যা কৰাৰ সুযোগ পাইছে৷ অৱশ্যে ইয়াৰ পূৰ্বেনেতানিয়াহুৱে এই কথা অস্বীকাৰ কৰিছিল৷ যোৱা দেওবাৰে আমেৰিকাৰ বিষয়াসকলৰ এই দাবী ৰাজহুৱা হৈছিল৷ প্ৰসংগক্ৰমে সেইদিনা ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ‘ফ’ নিউজ’ সংবাদ মাধ্যমক সাক্ষাৎকাৰ দিছিল৷ তাত ইজৰাইল আৰু আমেৰিকাৰ মাজত এনে কোনো আলোচনা হোৱা নাই বুলি তেওঁ অস্বীকাৰ কৰে৷

Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু

Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু
Gaza Attack: গাজাত অবৰ্ণনীয় পৰিস্থিতিঃ ৩৮ লোকৰ মৃত্যু

ইৰাণৰ সৰ্বোচ্ছ নেতা আয়াতুল্লাহ আলী(Gaza Attack)খোমেইনিক হত্যা কৰিলেই যুদ্ধ বন্ধ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এনে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে৷ অৱশ্যে ইজৰাইলৰ খোমেইনিক কৰে৷ গাজা স্বাস্থ্য প্ৰশাসনৰ উদ্ধৃতিৰে আল জাজিৰাই কয় যে ভূখণ্ডৰ দক্ষিণে ৰাফা চহৰৰ ওচৰত খাদ্যৰ লাইনত ভোকাতুৰ লোক থিয় হৈ আছিল৷ সেই সময়ত ইজৰাইল সেনাই বিমান আক্ৰমণ চলাইছিল৷

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বিভাগৰ মুৰব্বী ভলকাৰ টাৰ্কে ইতিমধ্যে এক বিবৃতিত ‘নিৰীহ লোকৰ ওপৰত আক্ৰমণ’ক গৰিহণা দিছে৷ তেওঁ এই কাণ্ডক ‘ভয়ংকৰ’ বুলি অভিহিত কৰে৷ তাত থকা স্বাস্থ্য বিভাগে জনোৱা মতে, গাজাত ২০ মাহতকৈ অধিক সময় ধৰি চলি থকা ইজৰাইল-হামাছৰ সংঘাতত এতিয়ালৈকে ৫৫,৩৬২ জন লোকৰ মৃত্যু হৈছে৷ বহু আহত হৈছে৷ ইজৰাইলৰ ‘‘অৱৰোধ’’ৰ বাবে গাজাত সাহায্য আৰু মানৱীয় সাহায্য প্ৰায় বন্ধ হৈ গৈছিল৷

কিন্তু বিশ্বৰ বিভিন্ন দেশৰ আপত্তিৰ পাছত ইজৰাইলে নিজৰ সুৰ কোমল কৰিলে৷ ইজৰাইল চৰকাৰে গাজাত সাহায্য বা মানৱীয় সাহায্যৰ প্ৰৱেশ শিথিল কৰিছে৷ কিন্তু এতিয়া যিমান সকাহৰ পৰিমাণ গৈ আছে সেয়া গাজাৰ জনসাধাৰণৰ বাবে যথেষ্ট নহয়৷ মঙলবাৰে পুৱা বোমা বিস্ফোৰণ ঘটা দক্ষিণ গাজাৰ সাহায্য শিবিৰটো কাৰ্যতঃ ইজৰাইলী সৈন্যই ঘেৰি ধৰিছে৷ মানৱ অধিকাৰ সংগঠনসমূহে অভিযোগ কৰে যে গাজাক নিৰীহ লোকক হত্যাৰস্থলীত ৰূপান্তৰিত কৰা হৈছে৷

Modi-Trump Phone Call: ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

Modi-Trump Phone Call: ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ
Modi-Trump Phone Call: ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাৰ্তালাপ।(Modi-Trump Phone Call)

অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত ৩৫ মিনিট ধৰি টেলিফোনযোগে বার্তালাপ দুয়োগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত ।

ভাৰতে সন্ত্রাসবাদক যোগ্য প্ৰত্যুত্তৰ দিছে বুলি ক’লে ট্রাম্পে।

আনহাতে প্ৰধানমন্ত্ৰীৰ মোদীক আমেৰিকালৈ আমন্ত্ৰণ ট্রাম্পৰ।

ড’নাল্ড ট্রাম্পকো ভাৰতলৈ আমন্ত্রণ জনালে মোদীয়ে।

অপাৰেশ্যন সিন্দুৰ, পাকিস্তানক লৈ বার্তালাপ দুয়োগৰাকী নেতাৰ।

জি-৭ শীৰ্ষ সন্মিলনত কানাডাত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে মোডীক সাক্ষাৎ কৰিব নোৱাৰাৰ বাবে বিভিন্ন বিষয়ত ৩৫ মিনিটৰ কথা-বতৰা পাতে তেওঁলোকে।

Iran Attack israel: ইজৰাইলৰ ওপৰত ইৰানৰ ভয়ংকৰ আক্ৰমণ

Iran Attack israel: ইজৰাইলৰ ওপৰত ইৰানৰ ভয়ংকৰ আক্ৰমণ
Iran Attack israel: ইজৰাইলৰ ওপৰত ইৰানৰ ভয়ংকৰ আক্ৰমণ

ক্ৰমাৎ মধ্যপ্ৰাচ্যৰ যুদ্ধই লৈছে ভয়ংকৰ ৰূপ।(Iran Attack israel)নিশা ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ ইৰানৰ। ২০টাতকৈও অধিক মিছাইলেৰে ইজৰাইলক আক্ৰমণ।

আনহাতে পুনৰবাৰ ইৰানক সকীয়নি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ইৰানৰ হাতত ভাল অস্ত্ৰ-শস্ত্ৰ আছে যদিও আমেৰিকাৰ লগত তুলনা নহয় বুলি কয় ড’নাল্ড ট্ৰাম্পে।

ইৰাণ-ইজৰাইল যুদ্ধই এতিয়া সাধাৰণ জনতাৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলাইছে। ইজৰাইলৰ হাইফা চহৰত অৱস্থিত বৃহৎ তেল শোধনাগাৰ ‘বাজান’ত ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই। যাৰ ফলত তিনিজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে শোধনাগাৰটোৰ বহু গুৰুত্বপূৰ্ণ উদ্যোগটোৰ যথেষ্ট ক্ষতিসাধন হয়। এই আক্ৰমণৰ পিছত খবৰ ওলাল যে ইজৰাইলত তেলৰ বৃহৎ নাটনি হ’ব পাৰে। পাম্পত তেল পোৱা বন্ধ হ’ব পাৰে। বহু ঠাইত এনে সমস্যাৰ খবৰ ছচিয়েল মিডিয়াতো বিয়পি পৰিল। কিন্তু পিছত ইজৰাইলৰ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। ইজৰাইলৰ শক্তি মন্ত্ৰালয়ে ততাতৈয়াকৈ এই আশংকাক খাৰিজ কৰিছে।

আনহাতে বুধবাৰে ইৰাণ আৰু ইজৰাইলৰ মাজত মাৰাত্মক সংঘাতৰ ষষ্ঠটো দিনত দুয়োপক্ষই আক্ৰমণ বেছি কৰিছে। ড’নাল্ড ট্ৰাম্পে ইছলামিক ৰিপাব্লিকক “বিনা চৰ্তত আত্মসমৰ্পণ”ৰ দাবী জনোৱাৰ কেইঘণ্টামানৰ পাছতে তেহৰানে ইজৰাইলৰ ওপৰত নিশাৰ শেহতীয়া আক্ৰমণত হাইপাৰছ’নিক ফাট্টাহ-১ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইলৰ বোমা বিস্ফোৰণ অভিযানত ৱাশ্বিংটনে কোনো ভূমিকা লোৱা নাই বুলি কয় যদিও ইৰাণক সকীয়াই দিয়ে যে তেওঁৰ ধৈৰ্য্য নোহোৱা পৰিছে।

ইজৰাইলৰ সেনাই লগতে কয় যে বুধবাৰে পুৱা প্ৰথম দুঘণ্টাত ইজৰাইলৰ ফালে দুটা ইৰাণৰ ক্ষেপণাস্ত্ৰৰ নিক্ষেপ কৰে।

আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সঞ্চালকৰ কাৰ্যালয়ে কয় যে ইৰাণ মধ্যপ্ৰাচ্যৰ ভিতৰতে সৰ্বাধিক সংখ্যক বেলিষ্টিক মিছাইলেৰে সজ্জিত। ইৰানে কয় যে তেওঁলোকৰ বেলিষ্টিক মিছাইলসমূহ আমেৰিকা, ইজৰাইল আৰু অন্যান্য সম্ভাৱ্য বিপদৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ প্ৰতিশোধমূলক শক্তি।

Sleeping Early: ৰাতি সোনকালে কিয় শুব লাগে? স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব জানি লওক

Sleeping Early: ৰাতি সোনকালে কিয় শুব লাগে? স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব জানি লওক
Sleeping Early: ৰাতি সোনকালে কিয় শুব লাগে? স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব জানি লওক

আমি ইংৰাজীত(Sleeping Early)এটা কথা শুনিছো, “Early to bed and early to rise, makes a man healthy, wealthy, and wise”। কিয় এই কথাষাৰ কোৱা হৈছে, জানো আহক।

আজিৰ ব্যস্ততাপূৰ্ণ জীৱনত আমি আমাৰ টোপনিৰ যত্ন ল’ব নোৱাৰো। ৭ৰ পৰা ৮ ঘণ্টা টোপনি যাবলৈ আমি সময় নাপাওঁ। চহৰবোৰত গভীৰ নিশা শোৱা ধাৰা দেখা গৈছে যদিও এই অভ্যাস স্বাস্থ্যৰ বাবে ভাল নহয়। সোনকালে শুই উঠি ৰাতিপুৱা সোনকালে সাৰ পাব লাগে।

ৰাতি সোনকালে শুই, পোৱা সোনকালে উঠা উপকাৰিতা-

১/ মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে ভাল

স্মৃতিশক্তি, একাগ্ৰতা আৰু সমস্যা সমাধানৰ দক্ষতাকে ধৰি মগজুৰ কাৰ্য্যক্ষমতাৰ বাবে পৰ্যাপ্ত টোপনি অতি প্ৰয়োজনীয়। সোনকালে শুলে আপোনাৰ মগজুৱে স্মৃতিশক্তি একত্ৰিত কৰাত সহায় কৰে আৰু স্নায়ু উৎপাদনৰ দৰে প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ অধিক ফলপ্ৰসূভাৱে সম্পন্ন কৰে। ৰাতি মগজুক জিৰণি ল’বলৈ আৰু ভাবিবলৈ যথেষ্ট সময় দিলে আপুনি মানসিকভাৱে সুস্থ আৰু দিনটোৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু হৈ উঠিব পাৰে।

২/ মেজাজ উন্নত হয়

টোপনিৰ অভাৱৰ ফলত মেজাজ নিয়ন্ত্ৰণ আৰু আৱেগিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰে। সোনকালে শুই গ’লে আপুনি পৰ্যাপ্ত পৰিমাণৰ জিৰণি ল’ব পাৰে, যিয়ে মেজাজ সুস্থিৰ কৰাত আৰু খিংখিঙীয়া আৰু মানসিক চাপ হ্ৰাস কৰাত ভূমিকা পালন কৰে।

৩/ উন্নত শাৰীৰিক স্বাস্থ্য

সোনকালে টোপনিৰ গ’লে মানসিক স্বাস্থ্যৰ বাহিৰেও শাৰীৰিক স্বাস্থ্যৰ উপকাৰ হয়। গৱেষণাৰ পৰা দেখা গৈছে যে নিয়মিতভাৱে সোনকালে শোৱা লোকসকলৰ মেদবহুলতা, হৃদৰোগ, বিপাকীয় ৰোগ আদিৰ সম্ভাৱনা কম। ভোক আৰু বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰা লেপ্টিন আৰু ঘ্ৰেলিনৰ দৰে হৰম’ন নিয়ন্ত্ৰণৰ বাবে ভাল টোপনি অতি প্ৰয়োজনীয়।

৪/ উৎপাদনশীলতা বৃদ্ধি পায়

ৰাতি সময়মতে শুলে ৭ৰ পৰা ৮ ঘন্টা জিৰণি ল’লে মানসিক আৰু শাৰীৰিক স্বাস্থ্য বজাই ৰখাত সহায়ক হ’ব। গোটেই দিনটো আপুনি সতেজ অনুভৱ কৰিব, যাৰ ফলত পঢ়া-শুনা আৰু কাৰ্যালয়ৰ কামত মন বহিব, যিটো আপোনাৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ বাবে ভাল হ’ব।

Astro tips: ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ এই সমূহ কাম কৰক বুধবাৰে !

Astro tips: ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ এই সমূহ কাম কৰক বুধবাৰে !
Astro tips: ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ এই সমূহ কাম কৰক বুধবাৰে !

বুধবাৰে ভগৱান গনেশৰ আশীৰ্বাদ পাবলৈ বিশেষভাৱে পূজা কৰক। (Astro tips)বুধবাৰটো ভগৱান গণেশৰ বাবে উৎসৰ্গা কৰা হৈছে। এনে পৰিস্থিতিত এই দিনটোত তেওঁক পূজা কৰিলে কেৰিয়াৰত সফলতা, ব্যৱসায়ত লাভ হয়। বুধবাৰে ভগৱান গণেশক পূজা কৰিলে ধন সম্পৰ্কীয় সমস্যা দূৰ হয় বুলি ধৰ্মীয় বিশ্বাস আছে।

বুধবাৰে সেউজীয়া কাপোৰ দান কৰিলে ভগৱান গণেশ সন্তুষ্ট হয়। বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে।

বুধবাৰে গণেশ চালিছা পাঠ কৰিলে মানসিক চাপ দূৰ হয় আৰু জীৱনত ইতিবাচকতা আনে।

গণেশৰ সন্মুখত মন্ত্ৰ জপ কৰিলে তেওঁৰ আশীৰ্বাদ পোৱা যায়।

যদি আপুনি ঘৰৰ বাস্তু দোষ আঁতৰাব বিচাৰে তেন্তে বুধবাৰে ভগৱান শ্ৰীকৃষ্ণক বাঁহী আগবঢ়াই একেই বাঁহী উত্তৰ দিশলৈ মুখ কৰি কোঠাটোত ৰাখক। দোষ আঁতৰিব।

আৰ্থিক সংকটৰ লগতে ব্যৱসায়ত বৃদ্ধিৰ আশীৰ্বাদ পাবলৈ বুধবাৰে ভগৱান গণেশক পূজা কৰক।

মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু । LOVE

প্ৰেম, প্ৰতাৰণা আৰু তাৰ পিছত…. মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু । LOVE
শুকুৰবাৰে নিশা জীৱনৰ চৰম সিদ্ধান্ত লৈছিল ইপ্সিতা দাসে। ইফালে কন্যাৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বৰ অভিযোগ পৰিয়ালৰ লোক। প্ৰেমিকৰ প্ৰবঞ্চনা বলি হৈ আত্মহননৰ পথ বাচি লোৱা বুলি দাবী পৰিয়ালৰ । পৰিয়ালৰ লোকে কোৱা অনুসৰি ডেৰ বছৰ আগৰ পৰা এজন যুৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ইপ্সিতাৰ।


মহানগৰীত পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। এইবাৰ নিজৰ বাসগৃহৰ পৰাই উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ মৃতদেহ। ভঙাগড়ৰ চিলাৰায় পথত সংঘটিত হৈছে এই ঘটনা। মৃত যুৱতীগৰাকী ২১ বছৰীয়া ইপ্সিতা দাস। নিজ বাসগৃহতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক সৃষ্টি হৈছে চাঞ্চল্যৰ।
জানিব পৰা মতে শুকুৰবাৰে নিশা জীৱনৰ চৰম সিদ্ধান্ত লৈছিল ইপ্সিতা দাসে। ইফালে কন্যাৰ মৃত্যুক লৈ কেইবাটাও গুৰুত্বৰ অভিযোগ পৰিয়ালৰ লোক। প্ৰেমিকৰ প্ৰবঞ্চনা বলি হৈ আত্মহননৰ পথ বাচি লোৱা বুলি দাবী পৰিয়ালৰ । পৰিয়ালৰ লোকে কোৱা অনুসৰি ডেৰ বছৰ আগৰ পৰা এজন যুৱৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ইপ্সিতাৰ। সেই যুৱকডজন চানমাৰি পিয়লি ফুকন পথত ঘৰ চিন্টু কলিতা বুলি অভিযোগ উত্থাপন কৰে তেওঁলোকে।

ইপ্সিতাৰ প্ৰেমিক তথা ৩৮ বছৰীয়া যুৱক চিণ্টু কলিতা আছিল ইপ্সিতাৰ দূৰ সম্পৰ্কীয় মোমায়েকৰ বন্ধু। ইয়াৰ উপৰিও ইপ্সিতাক প্ৰেমৰ জালত পেলাই চিণ্টুৱে ধন সম্পত্তি দাবীৰ অভিযোগ উত্থাপন কৰিছে ইপ্সিতাৰ পৰিয়ালে। ইফালে ইপ্সিতাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো আন এগৰাগী যুৱতীৰে বিবাহ ঠিক কৰিছিল চিন্তুৱে। এই কথা সহ্য কৰিব পৰা নাছিল ইপ্সিতাৰ। চিন্তুৰ এই কাণ্ডৰ বাবে মানসিকভাৱে ভাঙি পৰিছিল ২১ বছৰীয়া যুৱতীগৰাকী। যাৰ বাবে যুৱতীগৰাকীয়ে মানসিক নির্যাতনৰ বলি হৈ ইপ্সিতাই চৰমপন্থা লোৱাৰ সন্দেহ পৰিয়ালৰ।

পৰিয়ালৰ লোকে কয়, “ল’ৰাটোৱে তেওঁৰ ব্লেকমেইল কৰিছে নহ’লে ইপ্সিতা নিজকে শেষ নকৰে। ল’ৰাটোৱে ইপ্সিতাৰ পৰা টকাও দাবী কৰিছিল। ইপ্সিতাই ল’ৰাটোক মামা বুলি মাতে।” ইফালে আৰক্ষীৰ সহায় বিচাৰি যাওঁতে আৰক্ষীয়ে পৰিয়ালক অপদস্ত কৰি উভতাই পঠিওৱাৰ অভিযোগ যুৱতীগৰাকীৰ পৰিয়ালৰ। শীৰ্ষ আৰক্ষী বিষয়াই কোনো সহায় নকৰাৰ অভিযোগ।

ইফালে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী ডিফলু শিৱ মন্দিৰৰ ত্ৰি-জংচনৰ সমীপত সোমবাৰে এগৰাকী অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যি ঘটনাই স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। নগাঁৱৰ আৰক্ষী বিষয়াই কোৱা মতে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগে কৰ্তৃপক্ষক অৱগত কৰে পথচাৰীয়ে। অৱশ্যে মৃত কিশোৰীগৰাকীৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষী ।

Suhagraat: বিয়াৰ প্ৰথম নিশাক কিয় ‘ফুলশয্যা নিশা’ বুলি কোৱা হয়, এই নিশাৰ অৰ্থ কি ?

Suhagraat: বিয়াৰ প্ৰথম নিশাক কিয় ‘ফুলশয্যা নিশা’ বুলি কোৱা হয়, এই নিশাৰ অৰ্থ কি ?
Suhagraat: বিয়াৰ প্ৰথম নিশাক কিয় ‘ফুলশয্যা নিশা’ বুলি কোৱা হয়, এই নিশাৰ অৰ্থ কি ?

আমি সকলোৱে জানো যে প্ৰথম বিয়াৰ প্ৰথম নিশাক ‘ফুলশয্যা নিশা’ বুলি কোৱা হয়, কিন্তু ইয়াৰ গুৰুত্ব কেৱল শাৰীৰিক ঘনিষ্ঠতাতে সীমাবদ্ধ নহয়।(Suhagraat)

ভাৰতীয় সংস্কৃতিত বিবাহক দুই আত্মাৰ পবিত্ৰ মিলন বুলি গণ্য কৰা হয় আৰু ইয়াৰ আৰম্ভণি ‘ফুলশয্যা নিশা’ৰ পৰা হয়। ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ আধাৰত গঢ় লৈ উঠা বিবাহৰ প্ৰথম নিশাক ‘ফুলশয্যা নিশা’ বুলি কোৱাৰ আঁৰত গভীৰ সাংস্কৃতিক, সামাজিক আৰু আৱেগিক কাৰণ আছে। আহক আমি এই শব্দটোৰ অৰ্থ আৰু গুৰুত্ব বুজি জানি লওঁ।

‘ফুলশয্যা’ এই শব্দটোৱে এগৰাকী ছোৱালীৰ বিবাহিত জীৱনৰ সুখ, মৰম আৰু সৌভাগ্যৰ প্ৰতীক। সেই নিশাটোৱে নৱবিবাহিত দম্পতীৰ বাবে এক নতুন আৰম্ভণিৰ প্ৰতীক। এইদৰে ফুলশয্যা নিশা হৈছে নৱবিবাহিত দম্পতীয়ে বিবাহ জীৱন আৰম্ভ কৰা নিশা, য’ত প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজিৰ ভেটি স্থাপন কৰা হয়।

ফুলশয্যা নিশাৰ গুৰুত্ব কেৱল শাৰীৰিক অন্তৰংগতাতে সীমাবদ্ধ নহয়। এই সময়ত বিবাহৰ বান্ধোনত বান্ধ খাই থকা দুজন অচিনাকি মানুহে ইজনে সিজনক আৱেগিক আৰু মানসিকভাৱে বুজিবলৈ চেষ্টা কৰে। এই নিশাটো দম্পতীহালৰ মাজত যোগাযোগ, প্ৰেম আৰু বিশ্বাসৰ সৃষ্টিৰ সুযোগ বুলি গণ্য কৰা হয়।

ফুলশয্যা নিশাৰ লগত জড়িত আচাৰ-অনুষ্ঠানেও ইয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। ফুল, মিঠাই আৰু এগিলাচ গাখীৰেৰে সজাই তোলা বিচনা এখনৰ দৰে পৰম্পৰাই এই নিশাটোক আৰু অধিক বিশেষ কৰি তুলে। এই অনুষ্ঠানসমূহে ৰোমাঞ্চ বৃদ্ধি কৰাই নহয় দম্পতীহালৰ মাজত প্ৰেম আৰু সন্মানৰ অনুভূতিও শক্তিশালী কৰে।

অৱশ্যে আধুনিক যুগত ফুলশয্যা নিশাৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি হৈ আছে। আজিৰ দম্পতীয়ে পাৰস্পৰিক সন্মতি আৰু আৰাম অনুসৰি এই নিশাটো উদযাপন কৰাটো পছন্দ কৰে। তথাপিও এই নিশাৰ সাংস্কৃতিক গুৰুত্ব এতিয়াও আছে। ফুলশয্যা কেৱল এটা নিশা নহয়, এক নতুন জীৱনৰ আৰম্ভণি। প্ৰেম, বিশ্বাস আৰু একেলগে থকাৰ দায়বদ্ধতাৰ প্ৰতীক ফুলশয্যাৰ নিশা।

ICC Women’s World Cup: গুৱাহাটীত অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপৰ ৪খন খেল

ICC Women’s World Cup: গুৱাহাটীত অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপৰ ৪খন খেল
ICC Women’s World Cup: গুৱাহাটীত অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপৰ ৪খন খেল

গুৱাহাটীত অনুষ্ঠিত হ’ব (ICC Women’s World Cup)আই চি চি মহিলা বিশ্বকাপ ২০২৫১ চাৰিখন খেল৷বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত জ্জ অক্টোবৰ [৩ বজাত] ইংলেণ্ড বনাম বাংলাদেশৰ পৰা আৰম্ভ হ’ব চাৰিখন লীগ মেচ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫১ খচৰা সূচী উন্মোচন কৰি গুৱাহাটীৰ গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিশ্চিত কৰে৷ বৰ্ষাপাৰাৰ এচিএ ষ্টেডিয়ামত জ্জ অক্টোবৰ [৩ বজাত] ইংলেণ্ড বনাম বাংলাদেশৰ পৰা আৰম্ভ হ’ব চাৰিখন লীগ মেচ৷ ১১ অক্টোবৰত ইংলেণ্ডে পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব৷ আনহাতে, স্থানীয় অনুৰাগীৰ বাবে আকৰ্ষণীয় দিশ হ’ব ২৩ অক্টোবৰত নিউজিলেণ্ডৰ সৈতে ভাৰত মুখামুখি হোৱাটো৷ ২৬ অক্টোবৰত [ৰৰ১১ বজাত] গুৱাহাটীৰ অন্তিমখন লীগ মেচ হ’ব ইংলেণ্ড বনাম নিউজিলেণ্ড৷

তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীতো ২৯ অক্টোবৰত প্ৰথমখন ছেমি ফাইনেল আয়োজন সাজু হৈ আছে যদিও পাকিস্তানে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেহে সেয়া হ’ব৷ ইয়াৰ দ্বাৰা ভাৰতীয় অনুৰাগীসকলে নিজৰ দলটোক পুনৰ চোৱাৰ সুযোগ পাব পাৰে, যদিহে ভাৰতে গ্ৰুপ পৰ্যায়ত শীৰ্ষ বা চতুৰ্থ স্থানত অন্ত পেলায়৷ অহা ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতাত আয়োজক ভাৰতে বেংগালুৰুত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াই ৰ অক্টোবৰত ইন্দোৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ চ্ছ অক্টোবৰত ৰাউণ্ড ৰবীন পৰ্যায়ৰ সামৰণি পৰে আৰু ২৯ আৰু ৩০ অক্টোবৰত শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব, তাৰ পিছত ২ নৱেম্বৰত বেংগালুৰু বা কলম্বোত ফাইনেল খেলিব৷ পাকিস্তানে ভাৰতত খেলিব নোৱৰাৰ সিদ্ধান্তৰ বাবে কলম্বোক সহ-আয়োজক হিচাপে অন্তৰ্ভুক্ত কৰাটো হাইব্ৰিড মডেলৰ অংশ৷

সমগ্ৰ বেংগালুৰু, গুৱাহাটী, ইন্দোৰ, বিশাখাপট্টনম আৰু কলম্বোত খেল অনুষ্ঠিত হ’ব৷ আইচিচিৰ অধ্যক্ষ জে শ্বাহে উৎসাহ প্ৰকাশ কৰি কয়, ‘সূচী নিশ্চিত কৰাটোৱে কেৱল উত্তেজনাহে গঢ়ি তোলে৷ আঠটা শ্ৰেষ্ঠ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আৰু ষ্টেণ্ডত আৱেগিক অনুৰাগীৰ সৈতে আমি এক অবিস্মৰণীয় প্ৰতিযোগিতা আশা কৰিছো৷’ অংশগ্ৰহণকাৰী দলসমূহ–


ভাৰত, অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান৷ গুৱাহাটীৰ মূল খেলসমূহ–
জ্জ অক্টোবৰঃ ইংলেণ্ড বনাম বাংলাদেশ [৩ বজাত]
ৰৰ অক্টোবৰঃ ইংলেণ্ড বনাম শ্ৰীলংকা [৩ বজাত]
২৩ অক্টোবৰঃ ভাৰত বনাম নিউজিলেণ্ড [৩ বজাত]
চ্ছ অক্টোবৰঃ ইংলেণ্ড বনাম নিউজিলেণ্ড [ৰৰ বজাত]
২৯ অক্টোবৰঃ ছেমি ফাইনেল ৰ [পাকিস্তানৰ অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰিব]৷

Utpal Baruah: ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে উৎপল বৰুৱাক শপত বাক্য পাঠ ৰাজ্যপালৰ

Utpal Baruah: ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে উৎপল বৰুৱাক শপত বাক্য পাঠ ৰাজ্যপালৰ
Utpal Baruah: ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে উৎপল বৰুৱাক শপত বাক্য পাঠ ৰাজ্যপালৰ

ৰাজভৱনত অনুষ্ঠিত এক গুৰু-গম্ভীৰ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ(Utpal Baruah)প্ৰসাদ আচাৰ্যই উৎপল বৰুৱাক ৰাজ্যিক তথ্য আয়ুক্ত হিচাপে শপত গ্ৰহণ কৰোৱায়৷ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কৈলাস চান্দ চামৰিয়াই শপত বাক্য পাঠ অনুষ্ঠানৰ কাম-কাজ আৰম্ভ কৰিবলৈ ৰাজ্যপালৰ অনুমতি বিচৰাৰ পিছত তথ্যৰ অধিকাৰ আইন, ২০০৫১ ১৫[৩] ধাৰাৰ অধীনত ৰাজ্যপালগৰাকীয়ে শপত গ্ৰহণ কৰায় ৷

শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, ৰাজভৱনৰ বিশেষ কৰ্তব্যৰত বিষয়া অধ্যাপক বেচন লাল, এ আৰ টি পি পি জিৰ প্ৰধান সচিব দিৱাকৰ নাথ মিশ্ৰ, ৰাজ্যিক তথ্য আয়ুক্ত ড॰ ৰীপ হাজৰিকাকে ধৰি ৰাজ্য চৰকাৰৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷