Home Blog Page 268

Israel–Iran conflict: বন্ধ আকাশমাৰ্গ, ইৰাণত আৱদ্ধ কমেও ১০ হাজাৰ ভাৰতীয় ছাত্ৰ

Israel–Iran conflict: বন্ধ আকাশমাৰ্গ, ইৰাণত আৱদ্ধ কমেও ১০ হাজাৰ ভাৰতীয় ছাত্ৰ
Israel–Iran conflict: বন্ধ আকাশমাৰ্গ, ইৰাণত আৱদ্ধ কমেও ১০ হাজাৰ ভাৰতীয় ছাত্ৰ

সোমবাৰে চতুৰ্থ দিনত ভৰি দিলে ৷(Israel–Iran conflict) ইৰাণ-ইজৰাইল সংঘাতে৷ কিন্তু সংঘাত বন্ধ হোৱা নাই। ইৰাণত ইজৰাইলৰ আক্ৰমণত কমেও ২২৪জন লোকৰ মৃত্যু হৈছেপ্ৰায় ১২০০জন লোক আহত হৈছে৷ আনহাতে, ইজৰাইলত চ্ছজন লোকৰ মৃত্যু হৈছে৷ কমেও ৫০০জন লোক আহত হৈছে৷ ইৰাণ আৰু ইজৰাইলে উভয়ে উভয়ৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখিছে৷ ইৰাণ আৰু ইজৰাইলে ইজনে সিজনৰ বিৰুদ্ধে ক্ষেপণাস্ত্ৰ আক্ৰমণ অব্যাহত ৰাখিছে৷ ক’ৰবাত ক’লা, জীৰ্ণ, কংকালৰ দৰে দেখা ঘৰ এটা জৰাজীৰ্ণ অৱস্থাত থিয় হৈ আছে৷ ক’ৰবাত এটা বহুমহলীয়া অট্টালিকা ভাঙি মাটিত ধবংসস্তূপ হৈ পৰি আছে৷ যোৱা দুদিনত ইৰাণৰ ড্ৰোন আৰু মিছাইল আক্ৰমণৰ ফলত ইজৰাইলৰ টেল আভিভ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা এনে ধৰণৰ ধবংসৰ ছবি ওলাইছে৷ ইৰাণৰ ৰাজধানী তেহৰাণৰ পৰিস্থিতিও একে ধৰণৰ৷ হয়তো কিছুমান ঠাইত আৰু বেছি ভয়ংকৰ৷ আকাশত মাথোঁ এটা ক’লা ধোঁৱাৰ স্তম্ভ৷ তেল ডিপো আৰু ঘৰ ;লি আছে৷ সোমবাৰে চতুৰ্থ দিনত ভৰি দিলে ইৰাণ-ইজৰাইল সংঘাত৷ কিন্তু সংঘাত বন্ধ হোৱা যেন নালাগে৷/দেওবাৰে নিশাও তেহৰাণত আক্ৰমণ অব্যাহত থাকে৷

এই পৰ্যন্ত ইজৰাইলে তেহৰাণৰ ৮০টা স্থানত আক্ৰমণ কৰিছে৷ ইৰাণত তেওঁলোকৰ আক্ৰমণত কমেও ২২৪জন লোকৰ মৃত্যু হৈছে৷ প্ৰায় ১২০০ লোক আহত হৈছে৷ এই মন্তব্য ইৰাণৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ৷ আনহাতে, সংবাদ মাধ্যম চিএনএনে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী বে?ামিন নেতানিয়াহুৰ কাৰ্যালয়ৰ পৰা পোৱা তথ্য অনুসৰি ইজৰাইলত এতিয়ালৈকে চ্ছ জন লোকৰ মৃত্যু হৈছে৷ আহত হৈছে কমেও ৫০০জন লোক৷ ইৰাণেও বিগত চাৰি দিনত ইজৰাইলৰ ওপৰত প্ৰায় ৩৭০টা ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে৷ ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা অনুসৰি তেহৰানে ইজৰাইলৰ ৩০টাতকৈও অধিক অঞ্চলক লক্ষ্য কৰি লৈছিল৷ ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে ইৰাণে নিক্ষেপ কৰা ৯০ শতাংশ ক্ষেপণাস্ত্ৰই নিজৰ লক্ষ্যত আঘাত কৰিছে৷

ইয়াৰ ভিতৰত ইজৰাইলৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু বায়ুসেনাৰ ঘাটিও অন্তৰ্ভুক্ত৷ ইজৰাইলে অৱশ্যে দাবী কৰিছে যে ইৰাণৰ বেছি ভাগ ক্ষেপণাস্ত্ৰই ইয়াৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই [‘আইৰন ড’ম’] বাধা দিছে৷ ইৰাণৰ ক্ষেপণাস্ত্ৰৰ পৰা উৰি যোৱা ধবংসাৱশেষৰ ফলত হোৱা যিকোনো ক্ষতি৷ তেহৰাণত এটা বহুমহলীয়া অট্টালিকা ধবংস হৈছে৷ বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ নাটানজ, এছফাহান, আৰক, ফৰ্ডৌ পাৰমাণৱিক কেন্দ্ৰসমূহৰ ক্ষতিসাধন হৈছে৷ মোছাদৰ ড্ৰ’নে তেহৰাণৰ বেলিষ্টিক মিছাইল ঘাটি আৰু পিৰাণশ্বহৰ সামৰিক ঘাটিৰ ক্ষতিসাধন কৰে৷ ইয়াৰ উপৰি ইজৰাইলৰ ক্ষেপণাস্ত্ৰই তেহৰাণৰ আজগালৰ দৰে আৱাসিক অঞ্চলতো আঘাত কৰে৷ উত্তৰ তেহৰাণৰ ৱান হোল্ডিং টাৱাৰ আৰু কল্যাণ বিভাগৰ ভৱনো ধবংস হয়৷ টেল আভিভৰ এটা ওখ অট্টালিকাও ক্ষেপণাস্ত্ৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হয়৷ টেল আভিভৰ এটা ওখ অট্টালিকাও ক্ষেপণাস্ত্ৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হয়৷

ইৰাণে ইজৰাইলৰ কেইবাটাও সামৰিক ঘাটি আৰু কূটনৈতিক আৰু কৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ কিছুমান অঞ্চলতো আঘাত হানিছে৷ বিভিন্ন প্ৰতিবেদনত দাবী কৰা হৈছে যে ইৰাণৰ ক্ষেপণাস্ত্ৰই টেল আভিভত থকা ইজৰাইলী সেনাৰ মুখ্য কাৰ্যালয়, ৱাইজমেন ইনষ্টিটিউট অৱ ছাইন্স গৱেষণা কেন্দ্ৰ আৰু হাইফাৰ বাজান তেল শোধনাগাৰৰ ক্ষতিসাধন কৰে৷ তদুপৰি টেল আভিভৰ বাট য়াম, ৰমাত গানৰ দৰে আৱাসিক অঞ্চলৰ বহু ঘৰো ইৰাণৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়৷ মন কৰিবলগীয়া যে ইজৰাইলৰ হাইফা বন্দৰটো ভাৰতীয় আদানি গোটৰ দ্বাৰা পৰিচালিত৷ দেওবাৰে হাইফাত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ খবৰ বিয়পি পৰে৷ আদানি গোটটোৱে এক বিবৃতিত উল্লেখ কৰিছিল যে বন্দৰটো এতিয়াও কাৰ্যক্ষম হৈ আছে৷ অৱশ্যে সোমবাৰৰ আক্ৰমণৰ পিছত বন্দৰটোৰ ক্ষতি হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে কয় যে, ‘আমাৰ অভিযানত ব্যৱহৃত কৌশলে যিমান পাৰি সিমান সফলতাৰে লক্ষ্যত উপনীত হৈছে৷’ আমেৰিকা আৰু পশ্চিমীয়া বিশ্বৰ সমৰ্থন আৰু অত্যাধুনিক প্ৰযুক্তিৰ উপলব্ধতাৰ পিছতো ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে সকীয়াই দিছে, ‘তেহৰাণৰ জনসাধাৰণে ইয়াৰ মূল্য দিব৷’

Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ভাৰতৰ আকাশত মৃত্যুৰ কিৰিলি

Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ভাৰতৰ আকাশত মৃত্যুৰ কিৰিলি
Ahmedabad Plane Crash: আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ভাৰতৰ আকাশত মৃত্যুৰ কিৰিলি

‘মৃত্যুতো এটা শিল্প(Ahmedabad Plane Crash)
জীৱনৰ কঠিন শিলত কটি
নিৰ্লোভ ভাস্কৰ্য”


হীৰেন ভট্টাচাৰ্যৰ এই কবিতা ফাকিলৈ আকৌ মনত পৰিল। হয়, সঁচাকৈয়ে ‘মৃত্যু’ শিলত কটা এক নিৰ্লোভ ভাস্কৰ্যই হয়। এটা মাত্ৰ মুহূৰ্ত। এই অবাঞ্ছিত মুহূৰ্ততেই হঠাতে আহমেদাবাদৰ আকাশত হেৰাই গ’ল ২৫০গৰাকী বিমান যাত্ৰী। বৃহস্পতিবাৰে ঘটি গ’ল সেই অবৰ্ণনীয়, অকল্পনীয় অঘটনটো। দুপৰীয়া ১-৩৮ বজাত আহমেদাবাদ বিমান বন্দৰৰ পৰা উৰা মৰাৰ ঠিক পাঁচ মিনিট পিছতে বিমানখনে গৈ খুন্দা মাৰিছিল ওচৰতে থকা এটা অট্টলিকা অৰ্থাৎ বি জে মেডিকেল কলেজৰ ছাত্ৰাৱাসত। লণ্ডন অভিমুখী এখন বয়িং বিমানে আহমেদাবাদৰ পৰা ২৪২গৰাকী যাত্ৰী কঢ়িয়াই উৰা মাৰিছিলহে মাত্ৰ। সেই সময়ত কোনেও হয়তো ভবাই নাছিল তেওঁলোকৰ সন্মুখত ক্ৰুৰ হাঁহি মাৰি ৰৈ আছিল ‘মৃত্যু’ নামৰ কাল বিভীষিকা। এই যাত্ৰাই তেওঁলোকৰ শেষ যাত্ৰা। সকলোৱে তেতিয়া বিমানখনৰ নিজৰ নিজৰ আসনত বহি তেওঁলোকৰ নিজা পৰিকল্পনাত বিভোৰ হৈ আছিল। কিন্তু বিমানখনে গতি লোৱাৰ কিছু সময় পিছতে ঘটিল বিজুটি। কি হ’ল কোনেও একো ধৰিবই নোৱাৰিলে। বিমানখনৰ পাইলতে বিমানখনৰ উচ্চতা বৃদ্ধি কৰিবৰ বাবে বহু চেষ্টা কৰিও বিফল হৈছিল। সেই সময়ত বিমানখনৰ লগত সকলো সংযোগ বিচ্ছিন্ন হৈ পৰিছিল। আৰু এটা সময়ত গৈ বিমানখনে এটা উচ্চ অট্টালিকাত খুন্দা মাৰি জ্বলি উঠিছিল। তৎমুহূৰ্ততে শেষ হৈ গৈছিল বিমানখনৰ সকলো যাত্ৰীৰে সপোন। ছিন্ন-ভিন্ন হৈ পৰিছিল যাত্ৰীসকলৰ দেহ। গোটেই অঞ্চলটো ক’লা ধোঁৱা হৈ ‘মৃত্যু’ নামৰ বিভীষিকাই আগুৰি ধৰিছিল।

এক অগ্নিকুণ্ডত পৰিণত হৈ বিস্ফোৰণ ঘটিছিল বিমানখন। হাহাকাৰ লাগি পৰিছিল বিমান বন্দৰৰ চৌপাশ। দিক্‌-বিদিক হেৰুৱাই পেলাইছিল সকলোৱে। কিন্তু তেতিয়া আৰু কৰিবলৈ একোৱেই নাথাকিল। সকলো শেষ হৈ গৈছিল। আত্মীয়-স্বজন আৰু হৃদয়ৱান লোকৰ কান্দোন আৰু অসহায়ভাৱে লৰা-ঢপৰা কৰা শব্দই তেতিয়া বিস্ফোৰণৰ শব্দকো যেন চেৰাই গৈছিল। এই ঘটনা সন্দৰ্ভত মনত যি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে তাক ভাষাৰে প্ৰকাশ কৰাৰ ক্ষমতা নাই। ইয়াৰ মাজতো দৈব্যক্ৰমে ৰক্ষা পৰে বিশ্ব কুমাৰ ৰমেশ নামৰ এগৰাকী লোক। হয়তো নেদেখাজনৰ অশীৰ্বাদতে এইগৰাকী লোক বৃহৎ অগ্নিকুণ্ডৰ মাজৰ পৰা বাচি আহিবলৈ সক্ষম হৈছিল। যেনেদৰে হিৰণ্য কশিপুৱে পুত্ৰ প্ৰহ্লাদক অগ্নিকুণ্ডত নিক্ষেপ কৰাৰ পিছতো নিৰ্বিঘ্নে কোনো ক্ষতি নোহোৱাকৈ বাচি ওলাই আহিছিল। ইয়াকে কয়– ‘ৰাখে হৰি মাৰে কোনে…’।

বাকী বিমানখনত থকা ১৬৯গৰাকী ভাৰতীয় লোক, ৫৩গৰাকী ব্ৰিটিছ নাগৰিক, ৭গৰাকী পৰ্টুগীজ, এগৰাকী কানাডিয়ান নাগৰিক। ইয়াৰ উপৰি বিমানখনৰ দুগৰাকী পাইলট, মণিপুৰৰ দুগৰাকী এয়াৰ হোষ্টেজসহ ১২গৰাকী বিমানখনৰ কৰ্মীৰো প্ৰাণহানি হয় দুৰ্ঘটনাটোত। লগতে মেডিকেল কলেজখনৰ হোষ্টেলৰ পাঁচগৰাকী ডাকৰৰো প্ৰাণহানি হয় দুৰ্ঘটনাটোত।
কথা হ’ল দুৰ্ঘটনা যিয়েই নহওক, ই সদায় দুৰ্ঘটনাই। ইয়াৰ কাৰণ বিচাৰিলে হয়তো ওলাব যান্ত্ৰিক বিজুটি বা পাইলটকে ধৰি বিমান পৰিচালনাৰ সমগ্ৰ দায়িত্ববাহী বিষয়া-কৰ্মচাৰী সকলৰো দোষ থাকিব পাৰে। সেয়া অন্য কথা। কিন্তু যিখন দেশ বিশ্বৰ প্ৰথম শাৰীত অৱস্থান লোৱা বুলি আমি সদায়ে চিঞৰ-বাখৰ কৰি আহিছো, তেনে এখন দেশৰ বিমান পৰিবহণৰ ইমান গধূৰ দায়িত্বপূৰ্ণ বিষয় এটাত ইমান সাংঘাতিক বিসংগতি কেনেকৈ হ’বলৈ পালে। ভাবিলে আচৰিত হ’বলগীয়া বিষয়। আকৌ এইটোৱে প্ৰথম বিমান দুৰ্ঘটনা নহয় ইয়াৰ পূৰ্বেও ভাৰতত কেইবাটাও বিমান দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ আগতে ২০২০ চনৰ ৭ আগষ্টত ‘বন্দে ভাৰত’ মিছনৰ অধীনষ্ঠ এয়াৰ ইণ্ডিয়াৰ আই এক্স ১৩৪৪ বিমানখন ডুবাইৰ পৰা কোঝিকোড়লৈ আহি থাকোতে অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল। ২০১০ চনত মাংগালুৰু বিমান বন্দৰতো এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান ডুবাইৰ পৰা উভতি অহাৰ সময়ত দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাতো ১৫৮জন লোকৰ মৃত্যু হৈছিল।

আনহাতে, ১৯৯৬ চনৰ ১২ নৱেম্বৰত আন এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাত আটাইতকৈ বেছিসংখ্যক লোকৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনা সংঘটিত হৈছিল হাৰিয়ানাৰ আকাশত। ইয়াত দুখন বিমানৰ মুখামুখী সংঘৰ্ষত নিহত হৈছিল ৩৫৯গৰাকী লোক। এই দুৰ্ঘটনাটো আছিল ভাৰতবৰ্ষত সংঘটিত আটাইতকৈ ভয়ংকৰ দুৰ্ঘটনা। অৱশ্যে এই বিমান দুখনৰ এখন আছিল ছৌদী আৰবৰ আৰু এখন বিমান আছিল কাজাখস্তানৰ। যিহেতু এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হ’লে বিমানখনত থকা কোনো আৰোহী জীয়াই থকাৰ সম্ভাৱনাই নাথাকে এইক্ষেত্ৰত চৰকাৰ অথবা বিমান কৰ্তৃপক্ষ অধিক সতৰ্ক হোৱা প্ৰয়োজন। বেছি পুৰণা অথবা দুৰ্বল ইঞ্জিনৰ বিমান উৰণ নিষিদ্ধ হোৱাটোৱেই যুক্তিসংগত। ১৯৮০ চনত এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ। সেই সময়ত সঞ্জৰ গান্ধীৰ বিমান দুৰ্ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আনহাতে, ২০২১ চনত তামিলনাডুত আন এক হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হৈ পৰিয়ালসহ মৃত্যু হৈছিল ভাৰতৰ চীফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ। শেহতীয়াকৈ আহমেদাবাদৰ দুৰ্ঘটনাৰ ক’লা ধোঁৱা নিৰ্বাপিত নৌহওঁতেই সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাই ভাৰতৰ জনসাধাৰণৰ মন-মগজু আকৌ এবাৰ জোকাৰি গৈছে।

দেওবাৰে কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ যোৱাৰ পথত গৌড়ীকুণ্ড বনাঞ্চলত দুৰ্ঘটনাত পতিত হয় এখন হেলিকপ্টাৰ। হেলিকপ্টাৰখনত মুঠ সাতগৰাকী আছিল আৰু দুৰ্ঘটনাটোত এই সাতগৰাকী লোকৰেই মৃত্যু হৈছিল। আনহাতে, গংগোত্ৰী অভিমুখী এখন হেলিকপ্টাৰো দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ছগৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। মুঠতে ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাত ১২জন লোকৰ প্ৰাণ হানি হয়। বিজ্ঞান-প্ৰযুক্তিৰ যুগত যিমানেই ন ন আৱিষ্কাৰ হৈ আছে ঠিক একেদৰে একোখন মৰণ ফান্দো গঢ়ি উঠিছে। এয়া অপ্ৰিয় হ’লেও সত্য। আনহাতে, দেখা গৈছে পূৰ্বতকৈ বিমান দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হৈ গৈহে আছে। ই এক অতি স্পৰ্শকাতৰ বিষয় হোৱাৰ লগতে এক চিন্তনীয় বিষয়ো হৈ পৰিছে। লাহে লাহে মানুহে বিমান ভ্ৰমণ নিৰাপদ নহয় বুলিয়ে ভাবিবলৈ বাধ্য হৈছে। অনাগত দিনত বিমান কৰ্তৃপক্ষই বিমান যাত্ৰীক নিৰাপদ যাত্ৰাৰ ক্ষেত্ৰত কিমান নিশ্চিতি দিব পাৰে সেয়া আমি দেখা পাম পৰৱৰ্তী দিনবোৰত। তথাপি কওঁ চৰকাৰ-কৰ্তৃপক্ষৰ এইক্ষেত্ৰত ক’ত অসুবিধা হৈছে সেইখিনি পুংখানুপুংখ চালিজাৰি চাই অন্ততঃ বিমান যাত্ৰীসকলৰ যাত্ৰা সু-নিশ্চিত কৰক। নহ’লে গাড়ী-মটৰৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ লেখীয়াকৈ বিমান সেৱাতো যদি এনেদৰে দুৰ্ঘটনা সংঘটিত হৈ থাকে, তেনেহ’ল আমি নিৰাপদ ক’ত ?

আমি দেখি আহিছো গাড়ী-মটৰ, মটৰচাইকেল চলাওঁতে কেতিয়াবা মাদক দ্ৰব্য সেৱন কৰি চলোৱাৰ বাবে ভয়ংকৰ দুঘটনা সংঘটিত হৈছে, যান-বাহন অনিয়ন্ত্ৰিত গতিবেগত চলোৱাৰ ফলতো সঘনাই দুৰ্ঘটনা সংঘটিত হয়। যান্ত্ৰিক বিজুটিৰ ফলত হোৱা দুৰ্ঘটনাৰ কথাতো আছেই। ঠিক একেদৰে যদি যান্ত্ৰিক বিজুটি, কৰ্তৃপক্ষৰ অমনোযোগিতা, পাইলটৰ অন্যমনষ্কতা আদি কাৰণত বিমানৰ সঘন দুৰ্ঘটনা সংঘটিত হৈছে তেনে ইয়াৰ প্ৰতিকাৰৰ বিষয় অচিৰেই চিন্তা কৰি বিমানৰ নিৰাপদ যাত্ৰা সুগম কৰাটো অতিকে জৰুৰী। বিমান উৰণৰ ক্ষেত্ৰত যিমানেই নিৰাপদ নহওক কিয়, এইক্ষেত্ৰত কিন্তু ক্ষতিৰ সম্ভাৱনাই অধিক। আমি অাশা কৰিছো, ভৱিষ্যতে প্ৰযুক্তি আৰু অধিক উন্নতি সাধন কৰি বিমান যাত্ৰীৰ জীৱন-সম্পত্তি নিশ্চিতি প্ৰদান কৰিব বিমানপ্ৰাধিকাৰীসকলে। লগতে বিমানৰ সঘন পৰীক্ষা-নিৰীক্ষা, উন্নত প্ৰশিক্ষণপ্ৰাপ্ত পাইলত নিয়োগৰ ব্যৱস্থা কৰিলে নিশ্চয়কৈ বিমান যাত্ৰা নিৰাপদ হ’ব। সদৌ শেষত প্ৰতিগৰাকী নিহত বিমান যাত্ৰীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। লগতে প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ উপযুক্ত সাহায্য প্ৰদানৰ আহ্বান জনালোঁ সংশ্লিষ্ট কৰ্তৃপক্ষক।

Jayanta Bhagawat: বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ

Jayanta Bhagawat: বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ
Jayanta Bhagawat: বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ

বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ।(Jayanta Bhagawat)

প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী আৰ্থিক সংকটত ভুগিছে।

সকলোৱে প্ৰাৰ্থনা কৰক,সহায় কৰক যাতে সুস্থ হৈ উঠে বিশিষ্ট জয়ন্ত ভাগৱতী।

বৰ্তমান তেওঁ KGMT হাস্পতালত চিকিৎসাধীন হৈ আছে।

কোনোলোকে সহায় আগবঢ়াব বিচাৰিলে অভিনেতাগৰাকীক সহায় আগবঢ়াব পাৰে-

BANK ACCOUNT DETAILS:

Name: Jayanta Bhagawati

Account No.: 10567095029 3

Bank name: State Bank of India

Branch: New Guwahati Bamunimaidam,New Guwahati

IFSC: SBINO000221

gpay no: 9864038480

Israel Strikes Iran’s State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ

Israel Strikes Iran's State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ'ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ
Israel Strikes Iran's State TV Studio: বাতৰি পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ'ত ইজৰাইলৰ আক্ৰমণ, লাইভ টেলিকাষ্ট এৰি আঁতৰিল এংকৰ

এংকৰে নিউজ পঢ়ি থাকোতেই ইৰাণৰ ষ্টুডিঅ’ত ইজৰাইলৰ আঘাত। নিউজ পঢ়ি থাকোতে ইৰাণৰ টেলিভিছন ষ্টুডিঅ’ত লক্ষ্য কৰি লয় ইজৰাইলে।(Israel Strikes Iran’s State TV Studio)বাতৰিৰ মাজতে ষ্টুডিঅ’ এৰি আঁতৰি গৈছে এংকৰ। ইজৰাইলৰ দুটাকৈ টেলিভিছন চেনেলক লক্ষ্য কৰাৰ সম্ভাৱনা ইৰানে।

ইৰাণৰ তেহৰাণত থকা চৰকাৰী টেলিভিছনটো লাইভ টেলিকাষ্টৰ সময়ত ইজৰাইলে উৰুৱাই দিয়ে। ইয়াৰ বাবেই চেনেলটোৱে লাইভ টেলিকাষ্ট বন্ধ কৰিবলগীয়া হৈছিল। এই ঘটনাৰ এটা ভিডিঅ’ও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। এই ভিডিঅ’টোত লাইভ টেলিকাষ্টৰ সময়ত বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ বাবেই চেনেলটোৰ ষ্টুডিঅ’টো ধূলি আৰু ধোঁৱাৰে ভৰি পৰিছিল, যাৰ বাবে টিভিৰ এংকৰকে ধৰি বাকী লোক সকলে লগে লগে কেমেৰা এৰি ওলাই আহিবলগীয়া হৈছিল ষ্টুডিঅ’ পৰা। সেই সময়ত তাত উপস্থিত ৰাইজে আল্লাহ-হু-আকবৰৰ শ্লোগান চিঞৰ-বাখৰ কৰা শুনা যায়।

ইজৰাইলে আক্ৰমণৰ পূৰ্বে ইৰাণৰ ৰাজধানী তেহৰাণৰ সেই অঞ্চল খালী কৰাৰ সকীয়াই দিছিল। এই টিভি ষ্টুডিঅ’টোও সেই অঞ্চলতে অৱস্থিত। সোমবাৰে পুৱা ইৰাণে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনেৰে ইজৰাইলক আক্ৰমণ কৰি বহু ক্ষতিসাধন কৰে। ইৰাণৰ আক্ৰমণৰ বাবে সমগ্ৰ ইজৰাইলত বিমান আক্ৰমণৰ ছাইৰেন শুনা গ’ল। ইৰাণৰ আক্ৰমণত জৰুৰীকালীন সেৱাই কমেও ৮ জন ইজৰাইলী সাধাৰণ নাগৰিক নিহত আৰু বহু লোক আহত হোৱাৰ বাতৰি প্ৰকাশ পাইছে।

Pineapple: গৰমৰ লগতে বিভিন্ন ৰোগৰ পৰা সকাহ পাব মাটিকঁঠাল খালে !

Pineapple: গৰমৰ লগতে বিভিন্ন ৰোগৰ পৰা সকাহ পাব মাটিকঁঠাল খালে !
Pineapple: গৰমৰ লগতে বিভিন্ন ৰোগৰ পৰা সকাহ পাব মাটিকঁঠাল খালে !

মাটিকঁঠাল এবিধ ৰোগ নিৰাময় কৰা ফল। বিভিন্ন ৰোগৰ পৰা উপশম সোনকালে পাবলৈ চিকিৎসকসকলে মাটিকঁঠালৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে।(Pineapple) ই কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰাৰ লগতে ৰক্তচাপ, চৰ্দি কাহ আদি প্ৰতিৰোধ কৰে।

ইয়াৰ উপৰিও গৰমত মাটিকঁঠাল বা অনাৰস কিয় খাব লাগে আপোনালোকক জনাম-

আনাৰসত প্ৰাকৃতিক চেনি থাকে, যিয়ে আপোনাক দ্ৰুত শক্তি বৃদ্ধি কৰিব পাৰে। আনাৰস হৈছে গৰমত খোৱা এবিধ সোৱাদযুক্ত ফল। এই সুস্বাদু ফলবিধ অসংখ্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে ভৰপূৰ যিয়ে আপোনাৰ শৰীৰক গৰমৰ মাহবোৰত সহায় কৰিব পাৰে।

গ্ৰীষ্মকালত শৰীৰত পানী অভাৱ হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ নিজকে ভালদৰে জলসিঞ্চিত কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। আনাৰসত পানীৰ পৰিমাণ বেছি থাকে, যিয়ে আপোনাক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰিব পাৰে।

গৰমৰ বাবে আপোনাৰ শৰীৰত সংক্ৰমণ আৰু বেমাৰৰ প্ৰৱণতা থাকিব পাৰে। আনাৰসত অধিক পৰিমাণৰ ভিটামিন চি থাকে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আৰু শৰীৰক সুস্থ আৰু শক্তিশালী কৰি ৰাখিবলৈ এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান আনাৰস।

গ্ৰীষ্মকালত গেষ্ট্ৰাইটিছৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাটো গুৰুত্বপূৰ্ণ। আনাৰসত ব্ৰ’মেলিন নামৰ এনজাইম থাকে যিয়ে প্ৰ’টিন হজম কৰাত সহায় কৰিব পাৰে।

গৰম আৰু আৰ্দ্ৰতাৰ বাবে আপোনাৰ ৰক্তচাপ বৃদ্ধি পাব পাৰে, যাৰ ফলত উচ্চ ৰক্তচাপ হ’ব পাৰে। আনাৰসত পটাছিয়াম থাকে, যিয়ে আপোনাৰ ৰক্তচাপ কমোৱাত সহায় কৰিব পাৰে, ধমনীত মানসিক চাপ কমোৱাত সহায় কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা কম কৰিব পাৰে।

গ্ৰীষ্মকালত বেছিকৈ ৰ’দৰ সংস্পৰ্শলৈ আহিলে ছালৰ ক্ষতি হ’ব পাৰে আৰু অকাল বয়স বৃদ্ধি হ’ব পাৰে। আনাৰসত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে ছালখনক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে যিয়ে ৰ’দৰ সংস্পৰ্শলৈ অহাৰ ফলত ছালৰ কোষবোৰক ক্ষতি কৰে আৰু ফলত ৰঙা পৰা, বয়সৰ দাগ, বলিৰেখা আদি হয়।

গৰমৰ বাবে আপুনি ক্লান্ত আৰু শক্তি কম অনুভৱ কৰিব পাৰে। আনাৰসত প্ৰাকৃতিক চেনি থাকে, যিয়ে আপোনাক গোটেই দিনটো চলি থাকিবলৈ দ্ৰুত শক্তি বৃদ্ধি কৰিব পাৰে।

আনাৰস হৈছে এক সুস্বাদু আৰু স্বাস্থ্যকৰ ফল যিয়ে গৰমৰ দিনত আপোনাৰ শৰীৰক দিব উপকাৰ।

ইয়াৰ উপৰিও গৰমৰ দিনত তৰমুজে যথেষ্ঠ সহায় কৰে আমাৰ শৰীৰক। সেইবাবে বতৰৰ ফল বতৰত খাব লাগে।তৰমুজ খোৱাৰ পিছত ৰক্ত সঞ্চালন ভাল হয়, গ্ৰীষ্মকালত তৰমুজ সকলোৱে প্ৰিয়। কাৰণ ই পুৰুষৰ বাবে অতি উপকাৰী আৰু উচ্চ বি পি নিয়ন্ত্ৰণত ৰাখে। তৰমুজ খালে আন বহুতো উপকাৰো পোৱা যায়।

বেছিভাগ ৰোগেই শৰীৰৰ ভিতৰত ঘটা প্ৰদাহ আৰু অক্সিডেটিভ ষ্ট্ৰেছৰ ফলত হয়। কিন্তু এই ফলত লাইকোপেন আৰু ভিটামিন চি নামৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে প্ৰদাহ দূৰ কৰে।

চকুৰ দৃষ্টিশক্তিৰ বাবেও লাইকোপেন উপকাৰী। বয়সৰ লগে লগে চকুৰ স্বাস্থ্যৰ অৱনতি ঘটাত বাধা দিয়ে। ইয়াৰ ফলত চকুৰ কোষবোৰ সুস্থ হৈ থাকে আৰু বৃদ্ধ বয়সতো দৃষ্টিশক্তি দুৰ্বল নহয়।

গংগা নদীত অভ্যন্তৰীণ জলপথ পৰিবহণ উন্নয়নৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কি কি বৃহৎ ঘোষণা কৰিলে ! Sarbananda Sonowal

১৬ জুন, ২০২৫ । Sarbananda Sonowal দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।
১৬ জুন, ২০২৫ । Sarbananda Sonowal দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।

১৬ জুন, ২০২৫ । Sarbananda Sonowal
দেশৰ অভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত এক নতুন অধ্যায় সূচনা কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গংগা নদীত (ৰাষ্ট্ৰীয় জলপথ-১) ভৱিষ্যৎ পৰিকাঠামো আৰু ক্ৰুজ পৰ্যটনৰ সম্ভাৱনাক ধৰি কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ আৰু প্ৰকল্পৰ ঘোষণা কৰে।

পাটনাত অনুষ্ঠিত আলোচনামূলক কৰ্মশালাত অধ্যক্ষতা কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়—
“গংগা কেৱল নদী নহয়, ই ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু অৰ্থনীতিৰ হৃদস্পন্দন। ই আমাৰ জলপথ উন্নয়নৰ চালিকাশক্তি হিচাপে ভৱিষ্যতত বিৰাট ভূমিকা পালন কৰিব।”

এই উপলক্ষে উত্তৰ প্ৰদেশ আৰু বিহাৰ চৰকাৰৰ সৈতে ৰাজ্য সমৰ্থন চুক্তি (SSA) স্বাক্ষৰ কৰা হয়, যাৰ অধীনত কমিউনিটি জেটীৰ পৰিচালনা, ক্ৰুজ পৰ্যটনৰ বিকাশ আৰু কুইক পণ্টুন অ’পেনিং মেকানিজম (QPOMs)ত সহযোগিতা আগবঢ়োৱা হ’ব।

🔹 মুখ্য ঘোষণাসমূহ:
২০৩০ চনৰ ভিতৰত অভ্যন্তৰীণ জলপথ খণ্ডত ৩৫,০০০ কোটি টকাৰ বিনিয়োগৰ মাধ্যমে মালবাহী সংযোগৰ বিস্তাৰ।

২০২৭ চনৰ ভিতৰত ৪৭টা ৰাষ্ট্ৰীয় জলপথত ৫১টা নতুন নদী ক্ৰুজ চাৰ্কিট বিকাশ কৰা হ’ব।

গংগা নদীৰ লগতে গণ্ডক নদীকো কার্যকৰী কৰিবলৈ IWAI অধ্যয়ন আৰম্ভ কৰিছে।

পাটনাত জাহাজ মেৰামতিৰ সুবিধা গঠন কৰি জলপথ পৰিকাঠামো অধিক শক্তিশালী কৰা হ’ব।

🔹 বিশেষ কার্যসূচী আৰু উন্নয়ন প্রকল্প:
বিহাৰত ১৬টা নতুন কমিউনিটি জেটী, কালুঘাট টাৰ্মিনেলৰ উন্নয়ন, আৰু Water Metro ৰ পৰিকল্পনা।

বারাণসীত ইতিমধ্যে হাইব্ৰিড ইলেকট্ৰিক আৰু হাইড্ৰ’জেন-ইন্ধন ভিত্তিক জাহাজ পৰিচালনাৰ বাবে নিৰ্দেশনা।

‘জলবাহক’ আঁচনিৰ অধীনত গংগা-ব্ৰহ্মপুত্ৰ-বৰাক আৰু ভাৰত-বাংলাদেশ প্ৰটকল জলপথৰ ব্যৱহাৰত ৩৫% ইনচেণ্টিভ।

MV গংগা বিলাসৰ সফল পৰিচালনাই ভাৰতৰ ক্ৰুজ পৰ্যটনত নতুন সম্ভাৱনা উন্মোচন কৰিছে।

সাহিবগঞ্জত এক সংহত লজিষ্টিক পাৰ্ক গঠনৰ বাবে IWAI, NHLML আৰু RVNLৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ।

🔹 ২০১৪-২০২৫: জলপথ খণ্ডৰ অগ্ৰগতি
মাল পৰিবহণ ১৮ MT → ১৪৫ MT বৃদ্ধি

কার্যকৰী জলপথ ৮ গুণ বৃদ্ধি

বিনিয়োগ ৫ গুণ বৃদ্ধি (৫১০%)

নদী ক্ৰুজ পৰ্যটন ৩৩৩% বৃদ্ধি

🔹 উপস্থিত গণ্য-মান্যসকল
কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী, বিজয় কুমাৰ সিনহা, উত্তৰ প্ৰদেশৰ দয়াশংকৰ সিং, পশ্চিম বংগৰ মানস ৰঞ্জন ভুনিয়া, সাংসদ ৰবিশংকৰ প্ৰসাদ, সুদামা প্ৰসাদসহ বহু উচ্চপদস্থ বিষয়া, বিশেষজ্ঞ আৰু সাংবাদিক এই মহত্বপূর্ণ অধিবেশনত উপস্থিত থাকে।

সৰ্বানন্দ সোণোৱালে শেষত কয় —
“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ জলপথ খণ্ডে নতুন দিশ পালে। সমগ্ৰ দেশত এখন বৃত্তিমূলক, পৰিষ্কাৰ, সবল জলপথ পৰিবহণ ব্যৱস্থাৰ উদয় হৈছে, যি আগন্তুক যুগৰ বাবে অতি প্ৰাসংগিক।”

গোৱালপাৰাত চকুলোৰ বন্যা: পুৱা ৫ বজাতেই উপস্থিত বুলড’জাৰ, উচ্ছেদ ৬৬৭ পৰিয়ালৰ

Golaghat 
গোৱালপাৰাত চকুলোৰ বন্যা: পুৱা ৫ বজাতেই উপস্থিত বুলড’জাৰ, উচ্ছেদ ৬৬৭ পৰিয়ালৰ । Golaghat 

গোৱালপৰা, ১৬ জুন, ২০২৫ঃ Golaghat । হাচিলা বিলত অবৈধ দখলদাৰিত্বৰ বিৰুদ্ধে গোৱালপারা জিলা প্ৰশাসনে আৰম্ভ কৰিছে বৃহৎ উচ্ছেদ অভিযান। সোমবাৰ পুৱা ৫ বজাৰ পৰাই ২০খন এক্সেভেটৰৰ সৈতে আৰম্ভ হোৱা এই অভিযানত ১৫০০ বিঘা চৰকাৰী ভূমিৰ পৰা ৬৬৭ খন অবৈধ গৃহ উচ্ছেদ কৰা হৈছে।

এই অঞ্চলত অবৈধভাৱে বসবাস কৰি আছিল প্ৰায় ৮ হাজাৰৰো অধিক লোক, যি বহু বছৰৰ পৰা চৰকাৰী জমি দখল কৰি ৰাখিছিল। উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ আগতে বহু পৰিয়ালে ঘৰ এৰি গুচি গৈছিল যদিও, বহুতে কান্দি কান্দি নিজৰ ঠাই হেৰুৱাৰ বেদনা প্ৰকাশ কৰে।

চকু পানীত তিয়াঁ হৈছে বহু পৰিয়ালৰ আশা-ভৱিষ্যৎ। কিছুমানে সন্তানেৰ কোলাত লৈ, কিছুমানে ঘৰৰ দেউলিৰে আল্লাৰ নাম লৈ প্ৰাৰ্থনা কৰি আছিল। এই দৃশ্যই সজীৱ কৰি তোলে গাঁও-ঘৰৰ গৰিমা আৰু বেদনাৰ যুগপৎ সংগম।

জিলা প্ৰশাসনৰ মতে, এই ভূমিত অনুমতি অবিহনে গঢ়ি উঠা পাঁচখন বিদ্যালয় আৰু এটা জল জীৱন মিছন (JJM) প্ৰকল্পৰো অস্তিত্ব পোৱা গৈছে। এই সকলো উপদ্ৰব অপসাৰণ কৰি চৰকাৰে ভূমিখন পুনৰুদ্ধাৰ কৰাৰ লক্ষ্য লৈছে।

উল্লেখযোগ্য যে, গোৱালপাৰা আৰক্ষীয়ে এই অভিযানকালত বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়ন কৰি আইন-শৃংখলা বজাই ৰাখিবলৈ বঢ়াইছে সতৰ্কতা। এতিয়ালৈকে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।

জিলা প্ৰশাসনৰ মতে, ই এটা “চৰকাৰী ভূমি ৰক্ষাৰ অভিযান” আৰু ৰাজ্য চৰকাৰৰ “জমি পুনৰুদ্ধাৰ নীতি” অনুসৰি ই আগবঢ়োৱা হৈছে। স্থানীয় প্ৰশাসনে কয় যে, ভবিষ্যতে এই অঞ্চলটো উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ কৰা হ’ব।

যদিও প্ৰশাসনে ভূমি-ব্যবস্থাপনাৰ স্বচ্ছতা আনি জনসাধাৰণৰ অধিকাৰ ৰক্ষাৰ কথা কৈছে, এতিয়া উচ্ছেদ হোৱা পৰিয়ালসমূহৰ পুনঃবাস আৰু বিকল্প ব্যৱস্থাৰ অভাৱ লৈ সামাজিক মহলত প্ৰশ্ন উঠিছে। এই পৰিস্থিতিৰ মাজতেই, চকুলোৰ বন্যা আৰু শূন্য দেউলিৰ মাজত, হাচিলা

Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ

Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ
Ambubachi Mela 2025: অম্বুবাচীৰ মহাযোগকলৈ বিশেষ নীতি-নিৰ্দেশনা পৰিচালনা সমিতি আৰু প্ৰশাসনৰ

উখল-মাখল নীলাচলৰ বুকু।(Ambubachi Mela 2025)

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচীৰ মহাযোগ।

২২জুনৰ দিনৰ ২:৫৬ বজাত হ’ব প্রবৃত্তি ২৬ জুনৰ পুৱা হ’ব অম্বুবাচীৰ নিবৃত্তি।

২৬ আৰু ২৭ তাৰিখে সৰ্বসাধাৰণৰ বাবে দৰ্শনৰ থাকিব সুবিধা মন্দিৰ খোলাৰ পাছত প্রথম দুদিন VIP, VVIPৰ বাবে নাথাকিব দৰ্শনৰ সুবিধা।

পুৱা ৫ বজাৰ পৰা সন্ধ্যা ৬ বজালৈহে ভক্ত আহিব পাৰিব নীলাচল পাহাৰলৈ।

৩-৪ ঘণ্টা সময়ৰ ভিতৰতে নীলাচলৰ পৰা উভতিব লাগিব ভক্ত বাদ্যযন্ত্র বজাই অপ্রীতিকৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান প্রশাসনৰ।

Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months

Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months
Apollo Hospitals, Chennai to Extend Expert Medical Services to Guwahati Every Two Months

Apollo Hospitals, Chennai, one of India’s leading healthcare institutions, is pleased to announce that senior specialist doctors from Chennai will now be visiting Guwahati on a regular basis to offer advanced medical consultations and care. The initiative aims to bring world-class medical expertise closer to patients in the North East, reducing the need for them to travel long distances for specialized treatments.

As part of this program, Dr. Jayachandran PK, Senior Consultant – Oncology and Cellular therapy (Cancer Specialist), and Dr. V. Muralidharan, Senior Consultant – Spine Specialist, will be visiting Guwahati once every two months. This initiative will provide patients with direct access to leading specialists from Apollo Hospitals, Chennai, for critical and advanced medical consultations in the fields of blood cancer and spinal disorders.

Speaking on this initiative, Dr. Jayachandran PK said, “Our goal is to make high-quality, specialized state of the art cancer care more accessible to people in the North East Region. With regular visits to Guwahati, we can ensure that patients receive timely expert guidance and follow-up care without the burden of traveling to Chennai frequently.” Dr. Jayachandran brings in his more that 15 years of expertise in Cancer care in renowned cancer national and international centres to this region.

Dr. V. Muralidharan added, “Spine-related disorders are on rise and patient education remains the key to manage spine problems. Through this outreach, we are committed to providing high quality personalized care and treatment plans locally for patients in Assam and neighbouring states.”

Apollo Hospitals remains committed to bridging healthcare gaps and offering compassionate, world-class care to all regions of India.

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ’ব বহু স্বাস্থ্যৰ সমস্যা !

Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ'ব বহু স্বাস্থ্যৰ সমস্যা !
Foot Massage: প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰক, দূৰ হ'ব বহু স্বাস্থ্যৰ সমস্যা !

ৰাতি শোৱাৰ পূৰ্বে কেতিয়াবা ভৰিৰ মালিচ কৰিছেনে? আগৰ দিনত শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ পৰামৰ্শ দিছিল। ভৰিৰ মালিচ কৰিলে স্বাস্থ্যৰ বহু উপকাৰৰ হয়।(Foot Massage)প্ৰতি নিশা শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰিব লাগে আৰু কেইদিনমানৰ ভিতৰতে ইয়াৰ প্ৰভাৱ আপোনাৰ শৰীৰত দেখিবলৈ পাব। আয়ুৰ্বেদৰ মতে ৰাতি শোৱাৰ পূৰ্বে ভৰিৰ মালিচ কৰাৰ অভ্যাস স্বাস্থ্যৰ বাবে অতি উপকাৰী।

দিনটো দৌৰি ফুৰাৰ পিছত পেশীৰ বিষ হোৱাটো অনিবাৰ্য। যদি আপুনি পেশীৰ বিষৰ পৰা মুক্তি পাব বিচাৰে তেন্তে ৰাতি শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰক। ভৰিৰ মালিচ কেৱল পেশীৰ বিষৰ পৰা উপশম কৰাই নহয়, আপোনাৰ পেশীবোৰ শিথিল কৰাতো ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে। বাতবিষৰ বিষত ভুগি থকা লোকসকলকো ৰাতি শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰিবলৈ পৰামৰ্শ দিয়া হয়।

যদি ৰাতি ভালদৰে টোপনি নাহে, তেন্তে ৰাতি শোৱাৰ পূৰ্বে ভৰি দুখন ভালদৰে মালিচ কৰিব লাগে। ভৰিৰ মালিচৰ সহায়ত আপুনি গোটেই দিনটোৰ মানসিক চাপৰ পৰা বহু পৰিমাণে উপশম পাব পাৰে, যাৰ ফলত আপোনাৰ মনটোৱে শিথিল অনুভৱ কৰিব আৰু আপুনি শান্তিৰে শুব পাৰিব।

ভৰিৰ মালিচ কৰিলে তেজৰ সঞ্চালন ভাল হ’ব, যাৰ ফলত আপোনাৰ ভাগৰ নাইকিয়া হৈ যাব। মাইগ্ৰেইন বা মূৰৰ বিষৰ সমস্যা থাকিলেও প্ৰতি নিশা শুই উঠাৰ আগতে ভৰিৰ মালিচ কৰিলে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ভৰিৰ মালিচৰ বাবে সৰিয়হৰ তেল, আলমণ্ড অইল, অলিভ অইল, তিল তেল বা নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে।