Home Blog Page 2680

এজুৰ পাৱাৰ কোম্পানীৰ উদ্যোগত নগাঁওত বিনামূলীয়া চিকিৎস্যা শিবিৰ আৰু ঔষধ বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ।

 সমাজ আৰু সামাজিক দায়িত্ববোধৰ ওপৰত কৰা কাম কাজৰ জৰিয়তে জনসমৰ্থন লাভ কৰা সংস্থা এজুৰ পাৱাৰ কোম্পানীয়ে এই বাৰ স্বাস্থ্য পৰীক্ষা শিৱিৰৰ যোগেদি জনগণৰ সেৱা আগবঢ়াইছে। জানিব পৰা মতে ; এজুৰ পাৱাৰ কোম্পানীয়ে সমগ্ৰ ভাৰততে সৌৰ প্ৰকল্প স্থাপন কৰিছে আৰু সৌৰ শক্তিৰ পৰা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ কোম্পানী হিচাপে পৰিচিত হৈছে। কোম্পানীটোৱে দেশৰ ভিন্ন প্ৰান্তত ভিন্ন ভিন্ন সামাজিক কামৰ দ্বাৰা জন সেৱা কৰি আহিছে। ইয়াৰ উপৰিও অলপতে কোম্পানীটোৱে অসমৰ নগাঁও জিলাৰ মিকিৰ বামুনী গাঁৱত এটা সাধাৰণ চিকিৎসা ও স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল। এই কাৰ্য্যসূচীৰ বিশেষ উদ্দেশ্য আছিল মিকিৰ বামুনী গাওঁ আৰু ওচৰৰ গাওঁ সমূহৰ লোক সকলৰ স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে কল্যাণ সাধন কৰা। এই কথা আজি সাংবাদিকৰ জৰিয়তে প্ৰকাশ কৰে কোম্পানীৰ অসম ৰাজ্যিক সমন্বয়ক অখিলেশ সিঙে।অখিলেশ সিঙে জনোৱা মতে ; চিকিৎসা শিবিৰত সকলো বয়সৰ শিশু ; যুৱ ; বৃদ্ধ লোকক সামৰি মুঠ 79 জন লোকক বিনামূলীয়াকৈ সাধাৰণ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰা হয়। এই চিকিৎসা শিবিৰত দুজন চিকিৎস্যক (এম.বি.বি.এছ.) কেৱাজনো জি.এন.এম. আৰু ঔষধ বিতৰণৰ বাবে স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে সহযোগ আগবঢ়াই।শিবিৰত ৰক্তচাপ পৰীক্ষা কৰোৱা হৈছে আৰু পৰ্য্যাপ্ত পৰিমানে সকলোকে সাধাৰণ আৰু ৰোগ অনুসৰি ঔষধ বিতৰণ কৰা হৈছে। ইফালে শিবিৰত অংশগ্ৰহণ কৰা ৰোগী আৰু গাওঁবাসীৰ সহযোগত শিবিৰটো সফলতাৰে সমাপ্ত কৰা হৈছে। ইফালে এজুৰ পাৱাৰ কোম্পানীয়ে আয়োজন কৰা স্বাস্থ্য পৰীক্ষা শিবিৰটোত গাওঁবাসীয়ে অতি সুখী অনুভৱ কৰে আৰু কোম্পানীটোৰ কামৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। প্ৰকাশ যে ; গাওঁখনৰ উন্নয়নৰ বাবে এজুৰ সৌৰ কোম্পানীয়ে ইতিমধ্যে একাধিক দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে। ৰাজ্যিক সমন্বয়ক অখিলেশ সিঙৰ তৎপৰতাত আয়োজন কৰা স্বাস্থ্য পৰীক্ষা শিৱিৰটো পি আৰ এছ ডি কোম্পানীয়ে এজুৰ কোম্পানীৰ নিৰ্দেশনাত আয়োজন কৰিছিল।কাৰ্য্যসুচীত অসম ৰাজ্যিক সমন্বয়ক অখিলেশ সিং আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্মচাৰী দীনেশ তিৱাৰী ; বিমল টেৰণ আৰু বিশ্বজিতে অনুস্থানটো সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

বিশ্ব দিব্যাংগ সপ্তাহ উপলক্ষে ক্ৰীড়া প্ৰতিযোগিতা

 দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ইপৰীয়াস্থ জনজাতি আৱাসগৃহ মধ্য ইংৰাজী বিদ্যালয়ত ১ ডিচেম্বৰত  বিশ্ব দিব্যাংগ সপ্তাহ উপলক্ষে উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষা গোটে দিনজোৰা কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰে। সপ্তাজোৰা কাৰ্যসূচীৰ অংশ হিচাপে উদযাপন কৰা এই কাৰ্যসূচীত লাখেৰাজ জনজাতি হাইস্কুল, জনজ্যোতি মিচিং হাইস্কুল, আমগুৰি জনজাতি মধ্য ইংৰাজী বিদ্যালয়, হেমচন্দ্ৰ দেৱ গোস্বামী মধ্য ইংৰাজী বিদ্যালয় আৰু জনজাতি আৱাসগৃহ মধ্য ইংৰাজী বিদ্যালয়ৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত উত্তৰ পশ্চিম যোৰহাট শিক্ষা খণ্ডৰ সৰ্বাধিক শিক্ষা গোটৰ হৈ   সমল ব্যক্তি  ৰাজিব গগৈ,  ৰিতুমনি গগৈ, সহকাৰী সমল ব্যক্তি নিতু দত্ত আৰু অতিৰিক্ত সহকাৰী সমল ব্যক্তি ৰূপৰেখা বৰাৰ লগতে অংশগ্ৰহণকাৰী বিদ্যালয় সমুহৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকল উপস্থিত থাকে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

যোৰহাট কৃষি বিভাগৰ সহযোগত বৰমুকলিত কৃষকৰ সুবিধাৰ্থে বৰোধানৰ কঠিয়া সিঁচা পৰ্ব সম্পন্ন

দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪০নং গাওঁ পঞ্চায়তৰ বৰমুকলিত ২৯ নবেম্বৰত এলেংমৰা কৃষি চক্ৰৰ উন্নয়ণ বিষয়া অনিল দৰৱধৰা, কৃষি সম্প্ৰসাৰণ বিষয়া তহিদূৰ ৰহমান নেওগ আৰু কৃষি সম্প্ৰসাৰণ বিষয়া ৰাজীৱ শৰ্মাৰ উপস্থিতিত বৰোধানৰ উন্নত মানৰ জাত US-382(hybrid) আৰুDRR-44(HYV) ৰ কঠিয়া উদীয়মান যুৱ অনিল পেগু আৰু বগা চকিয়ালৰ কৃষি পথাৰত সিঁচা হয়। জানিব পৰা মতে উত্তৰ পশ্চিম যোৰহাটৰ দেৰগাঁও সমষ্টিৰ ৪০নং গাওঁ পঞ্চায়তৰ গাঁওসমূহত বানপানীৰ আগতেই কৃষক পৰিয়ালে বৰোধান দাই চপাই আদায় কৰিব পাৰে।বৰোধানৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে কম সময়তে, কম মাটিত অধিক ধান উৎপাদন কৰিব পাৰে।এই কৃষি শস্যৰ জড়িয়তে কৃষকসকল উপকৃত হৈছে কৃষক ৰাইজে জানিবলৈ দিয়ে। আঘোণতে কঠিয়া সিঁচি পুহৰ শেষ আৰু মাঘ মাহৰ আৰম্ভণিতে এই বীজ ৰোপন কৰি ব’হাগ-জেঠত দাই চপাই শেষ কৰিব পাৰে।ইয়াৰ ফলত এই বানপীড়িত ৰাইজ উপকৃত হ’ব পাৰে। এইক্ষেত্ৰত যোৰহাট জিলাৰ এলেংমৰা কৃষি উন্নয়ণ খণ্ডৰ কৃষি বিষয়াসকলে বীজ যোগান ধৰাৰ লগতে সহায় সহযোগ দিহা পৰামৰ্শ আগবঢ়াই নিজে উপস্থিত থাকি সহযোগিতা আগবঢ়াই আহিছে বুলি কৃষকসকলে জানিবলৈ দিয়ে।

মিষ্টাৰ এণ্ড মিছেছ লৱাৰ অসম ছিজন ২ ফেশ্বন শ্বোত বকোৰ আয়ুশী দত্তৰ খিতাপ অৰ্জন।

বৌদ্ধিক শিক্ষাৰ উপৰিও সাম্প্ৰতিক কালৰ আধুনিক জ্ঞান আৰু পাৰদৰ্শিতাৰ পৰিচয়ৰে নিজকে সমাজত প্ৰতিষ্ঠা কৰিব পাৰি। এই কথাষাৰৰ সত্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত বকো বৰপাৰা গাওঁৰ শিশু শিল্পী আয়ুশী দত্তই। উল্লেখ্য যে ; যোৱা নিশা গোৱালপাৰা জিলাৰ দূধনৈস্থিত জনমন্দিৰত অনুষ্ঠিত হৈছিল মিষ্টাৰ এণ্ড মিছেছ লৱাৰ অসম ছিজন ২ ফেশ্বন শ্ব’। এই ফেশ্বন শ্ব’ত বকোৰ আয়ুশী দত্তই সৰ্বোচ্চ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে। ফেশ্বন শ্ব’ খনৰ উদ্যোক্তা আছিল কল্পনা ডালু আৰু বিচাৰক হিচাপে দায়িত্ব পালন কৰে অভিজিৎ তাহুই। এই ফেশ্বন শ্ব’ত তিনিচুকীয়া ; শিৱসাগৰ ; যোৰহাট ; ওদালগুৰি ; পাঠশালা ; কামৰূপ আৰু গুৱাহাটীকে ধৰি বহু ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছতে কিউড শাখাত বকোৰ আয়ুশী দত্তই শ্ৰেষ্ঠ ফেশ্বনাৰ সন্মান অৰ্জন কৰে। এই খৱৰে বকোৰ সমাজ সচেতন নাগৰিকৰ মনত আনন্দ দিছে।

অনিমেষ ভূঞা হত্যাৰ প্ৰতিবাদত দ্বিতীয় দিনাও মাজুলীত বিক্ষোভ কাৰ্যসূচী

মাজুলী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত পূব মাজুলী মহাবিদ্যালয় খেল পথাৰত আজি দ্বিতীয় দিনাৰ বাবে জিলা ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদ কাৰ্যসূচীৰ আৰম্ভণিতে অনিমেষ ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পণ কৰে সাধাৰণ সম্পাদক বিতোপন শৰ্মাই ৷ প্ৰতিবাদ স্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই বক্তব্য ৰাখি এই ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে ৷ লগতে আজি ক’লা ল’ৰা দাসৰ মৃত্যুত সকলোৱে শান্তি পাইছে বুলি বক্তব্যত উল্লেখ কৰে ৷  ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে বক্তব্য প্ৰদান কৰি বাকী থকা আটাইকেইগৰাকী ঘটনাৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদ স্থলীত বক্তব্য প্ৰদান কৰে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা , জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ সম্পাদক পবিত্ৰ বৰা , আছুৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য দুলাল ভূঞাইও দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ প্ৰতিবাদ স্থলীত জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি দীপক নেওগ , সহকাৰী সাধাৰণ সম্পাদক কাকুমনি কলিতা , পূবমাজুলী আঞ্চলিকৰ সভাপতি ভাস্কৰ শইকীয়া সম্পাদক প্ৰান্তু চাহু , কমলাবাৰী , গড়মুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক সহ তিনি শতাধিক ছাত্ৰ কৰ্মী উপস্থিত থাকে ৷

জাৰ্নেলিষ্ট এছ’চিয়েছন ফৰ আছাম (জাফা)ৰ বঁটা চেলেংহাটৰ সমাজকর্মী তুষাৰ পাললৈ

ৰাজ্যৰ সাংবাদিক-সংবাদ কর্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এছ’চিয়েছন ফৰ আছাম চমুকৈ জাফাৰ  ২০২১ বৰ্ষৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানটি  যোৱা ২৮ নৱেম্বৰ তাৰিখে দিছ্পুৰ লাষ্টগেটত  থকা লোক নিৰ্মান ভৱনত (জাফা)ৰ বাৰ্ষিক বটাঁ বিতৰণী অনুষ্ঠান ভাগি সম্পন্ন হৈ যায় । এই অনুষ্ঠান ভাগিত  টীয়ক চেলেংহাটৰ ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তুষাৰ পালক নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কাম কৰি থকাৰ বাবে JAFA Achievers Award 2021 আনুষ্ঠানিকভাৱে প্রদান কৰে। উক্ত বটাঁ প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোননয়ন মন্ত্ৰী ৰঞ্জিত দাস উপস্থিত থাকি এই বটা প্ৰদান কৰে।উল্লেখযোগ্য যে উক্ত সভাত বিধান সভাৰ উপাধক্ষ নোমল মমিনকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিতত ২৭ গৰাকীক বিভিন্ন ক্ষেত্রত সমাজলৈ আগবাঢ়োৱা অৱদানৰ বাবে এই বটা প্রদান কৰা হয়।টীয়কৰ চেলেংহাটৰ দৰে অঞ্চলৰ পৰা কাম কৰি ৰাজ্যিক পৰ্য্যায়ত এইদৰে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত সকলোৱে শুভেচ্ছা জনাইছে।

চৰকাৰী আচনিৰ ফোঁপোলা স্বৰূপ কৌপাটি গাওঁ পঞ্চায়তত ।আচনিৰ নামত কেৱল নাম ফলক।

দৰঙৰ দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত গাওঁ পঞ্চায়ত সমুহত চৰকাৰী আচনিৰ নামত চলিছে কেৱল নাম ফলক। আচনিৰ নামত কেৱল নাম ফলক আৰিয়েই লাখ লাখ টকা লুণ্ঠন চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে দৰঙৰ দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কৌপাটি গাওঁ পঞ্চায়তত আচনিৰ নামত সংঘটিত হৈছে এই ব্যাপক দুৰ্নীতি অনিয়ম। গ্ৰামাঞ্চলৰ উন্নীতকৰণৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষই  বৃহৎ পৰিমাণৰ ধন আবন্টন দিয়ে যদিও তাৰে অধিকাংশ ধন বিভাগীয় কৰ্মচাৰীৰ সহযোগত পঞ্চায়ত প্ৰতিনিধিয়ে আত্মসাত কৰাৰ  অভিযোগ উত্থাপিত হৈছে গাওঁ পঞ্চায়ত খনত।গাওঁ পঞ্চায়ত খনত কেৱল কাগজ কলমতহে ৰূপায়িত  হৈ আছে চৰকাৰী আচনিৰ কাম কাজ। অভিযোগ অনুসৰি কৌপাটি গাওঁ পঞ্চায়তখনৰ অন্তৰ্গত এগ্ৰীল বান্ধ ফ্ৰম    দিজেন বৰুৱা এগ্ৰিল লেণ্ড টু মনিন্দ্ৰ ডেকা এগ্ৰীল লেণ্ড 2020-21 বৰ্ষৰ এম জি এনৰেগা  আচনিৰ অধীনত বিভাগীয় কৰ্তৃপক্ষই ৭,৮৮,৫৮৮ টকা আবন্টন দিয়ে  । উক্ত আচনিৰ  কাম নকৰি সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । কেৱল সেইটোৱেই নহয় গাওঁ পঞ্চায়ত খনত ৰূপায়িত হোৱা ২০১৭-১৮ বৰ্ষ,২০১৯-২০,২০২০-২১ বৰ্ষত এমজিএনৰেগা, চতুৰ্দশ বিত্তীয় আচনিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। বিভাগীয় কৰ্তৃপক্ষই আবন্টন দিয়া এমজিএনৰেগা, চতুৰ্দশ বিত্তীয় আচনিৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । বিভাগীয় কৰ্তৃপক্ষই উক্ত গাওঁ পঞ্চায়ত খনত পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আবন্টন দিছে যদিও উক্ত কাম সমুহ চৰকাৰী প্ৰাক:কলনক জলাঞ্জলি দি ৰূপায়ণ কৰাৰ অভিযোগ । তাৎপৰ্যপূৰ্ণ কথা হল গাওঁ পঞ্চায়ত খনত ৰূপায়িত হোৱা আচনি সমুহৰ বিল প্ৰতি মুটা অংকৰ কমিচনলৈ বিভাগীয় কৰ্মচাৰীয়ে কামৰ তদন্ত নকৰি ওলিয়াই দিয়ে লাখ লাখ টকা ।গাওঁ পঞ্চায়তৰ সদস্য সচিব,জিআৰএছ,এক্ৰিকেটেড ইঞ্জিনীয়াৰ, কণিষ্ঠ অভিযন্তাৰ পৰা আৰম্ভ কৰি সকলোৰে পকেটত সোমায় বিলৰ প্ৰতি কমিচন লোৱা ধন । যাৰ ফলত গাওঁ পঞ্চায়ত খনত আচনি ৰূপায়নৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি।এতিয়া প্ৰশ্ন হয় দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীলতাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বন্ধ কৰিব পাৰিবনে দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ অধীনৰ গাওঁ পঞ্চায়ত সমুহত চলি থকা ব্যাপক দুৰ্নীতি অনিয়ম ।

সদৌ অসম কবি মঞ্চৰ মাহেকীয়া ই-আলোচনী ‘প্ৰজ্ঞাৰ সন্ধানত’ মুকলি

ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত এক সংবাদমেল যোগে কবি সমাজৰ উমৈহতীয়া মঞ্চ ‘সদৌ অসম কবি মঞ্চৰ’ অন্যতম প্ৰয়াস মাহেকীয়া ই-আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” প্ৰথম বছৰ পঞ্চম সংখ্যা  উন্মোচন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা বিশিষ্টা লেখিকা ড° ৰুণুমী দত্ত ডেকা,ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক ড° হিতেশ বৰ্মন, বিশিষ্ট সাংবাদিক ফাৰুক হুছেইন, মহেন্দ্ৰ কলিতা, অধিবক্তা জোন মহম্মদ আলী, সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, প্ৰধান সম্পাদক জিতু কাঞ্চন, যুটীয়া সম্পাদক অনু আফ্ৰিন, কাব্য সংকলন সম্পাদক অলকেশ কলিতা, কাৰ্যনিৰ্বাহক সদস্যা ৰিজুমণি বখতিয়াৰ, সংগীতা ডেকাৰ লগতে কেবাগৰাকী কবি। “প্ৰজ্ঞাৰ সন্ধানত” পঞ্চম সংখ্যা উন্মোচন কৰে অধ্যাপক ড° হিতেশ বৰ্মনে। “প্ৰজ্ঞাৰ সন্ধানত” সম্পাদনা কৰে জিতু কাঞ্চনে। উক্ত অনুষ্ঠানত কেবাগৰাকী কবিক হিতৈষী সভ্য আৰু আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰা হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ ৰতনপুৰত এমহীয়া সত্ৰীয়া সংগীতৰ কৰ্মশালাৰ সফল সামৰণি

অবিভক্ত দৰং হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰ্তমান ওদালগুৰি জিলাৰ বিশেষভাৱে সুনাম থকা ৰতনপুৰ অঞ্চল ।উক্ত অঞ্চলত বৈকুণ্ঠগামী হৰেকৃষ্ণ মহন্ত সত্ৰাধিকাৰ।বৰঙাজুলি সত্ৰৰ তত্ত্বাৱধানত বিগত ইং ৩১ জানুৱাৰী ১৯৯৯ চনত স্থাপিত হয় শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ৰতনপুৰ (টংলা,ওদাগুৰি)।বিভিন্ন জাতি-উপজাতি-বৰ্ণ-বৰ্গ-ভাষা-ভাষী লোকেৰে ভৰা অঞ্চলত লক্ষীকান্ত সাংস্কৃতিক শিক্ষানুষ্ঠান আৰু সমন্বয় ক’লা কৃষ্টি বিকাশ কেন্দ্ৰৰ উদ্যোগত,শ্ৰীশংকৰদেৱ সত্ৰ ৰতনপুৰ পৰিচালনা সমিতি আৰু ১ মহীয়া সত্ৰীয়া সংগীত কৰ্মশালা পৰিচালনা সমিতিৰ সৌজন্যত সত্ৰীয়া সংস্কৃতিৰ সাধক-সাংস্কৃতিক কৰ্মী-সমাজ সংগঠক যতীন্দ্ৰ নাথ কৃষ্ণদাসৰ সঞ্চালনাত ৰতনপুৰ অঞ্চলত পোন প্ৰথমবাৰৰ বাবে ইং ১ নৱেম্বৰ তাৰিখৰ পৰা ৩০ ইং তাৰিখলৈ বহল ভিত্তিত সত্ৰীয়া সংগীত কৰ্মশালাৰ অনুষ্ঠিত কৰে।উক্ত কৰ্মশালাত ৰতনপুৰ অঞ্চলৰ বড়ো-ৰাভা-সুত্ৰধৰ-নাথ-বনিয়া-বিশ্বাস-মহন্ত-ডেকা-আদিবাসী-কুমাৰ-আদি নানান সম্প্ৰদায়ৰ ৮০ তো অধিক প্ৰশিক্ষাৰ্থী অংশ গ্ৰহণ কৰে।উক্ত কৰ্মশালাত সত্ৰীয়ানৃত্য-বৰগীত-খোলবাদ্য-দিহানাম-থিয়নাম-বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়া হয়।মুখ্য প্ৰশিক্ষক যতীন্দ্ৰ নাথ কৃষ্ণদাসৰ লগত সহযোগী হিচাপে থাকে ধৰিত্ৰী বৰুৱা আৰু বিকাশ বনিয়া।কৰ্মশালাৰ অন্তত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ৰতনপুৰ বাসীৰ বছৰেকীয়া ন-খোৱা অনুষ্ঠানৰ লগতে সত্ৰীয়া সংগীত কৰ্মশালাৰ প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হয়।সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বেঙাবড়া-ঔতলাৰ সত্ৰাধিকাৰ শ্ৰীবাবুল চন্দ্ৰ ডেকাই।বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক অখিল কলিতা,ৰতনপুৰ ভিচিডিচিৰ চেয়াৰমেন ভূমিধৰ বড়ো,হীৰামোহন দাস।গায়ন-বায়ন পৰিৱেশনৰে আৰাম্ভ হোৱা সাংস্কৃতিক কাৰ্যসূচী সঞ্চালনা কৰে যতীন্দ্ৰ নাথ কৃষ্ণদাস।

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীলৈ ৰাজহুৱা বিদায় সম্বৰ্ধনা

নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ শান্তি –  শৃংখলা অটুত ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ চেষ্টা কৰাৰ  লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰা ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ পদোন্নতি সহ বদলি হৈছে। সেয়েহে, তেখেতক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে  কালি  এক অনুষ্ঠানৰ আয়োজন কৰি ঘগ্ৰাপাৰ প্ৰেছ  ক্লাব,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, ঘগ্ৰাপাৰৰ আঞ্চলিক ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,ঘগ্ৰাপাৰ হৰিমন্দিৰ,নলবাৰী উন্নতি সভা,ঘগ্ৰাপাৰ বজাৰ সমিতি,ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা,নিমুৱা বুঢ়া গোসাঁই থান পৰিচালনা সমিতি ধৰি প্ৰায় ৩০ টাকৈ সংগঠন আৰু অনুষ্ঠানে সুদক্ষ আৰক্ষী বিষয়াজনক জাপি,ফুলাম গামোচা, মানপত্ৰ,চেলেং,শৰাই আদিৰে আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনাই। ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাখন আত ধৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। সভাখনত উপস্থিত থাকে বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, নিউজ লাইভৰ সাংবাদিক ব্ৰজেন তালুকদাৰ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল-সংগঠন তথা বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জেষ্ঠ কনিষ্ঠ সাংবাদিক সকলে। আৰক্ষী বিষয়াগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে।