Home Blog Page 2681

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীলৈ ৰাজহুৱা বিদায় সম্বৰ্ধনা

নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ শান্তি –  শৃংখলা অটুত ৰাখি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিবলৈ চেষ্টা কৰাৰ  লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰা ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ পদোন্নতি সহ বদলি হৈছে। সেয়েহে, তেখেতক ৰাজহুৱা সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে  কালি  এক অনুষ্ঠানৰ আয়োজন কৰি ঘগ্ৰাপাৰ প্ৰেছ  ক্লাব,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, ঘগ্ৰাপাৰৰ আঞ্চলিক ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,ঘগ্ৰাপাৰ হৰিমন্দিৰ,নলবাৰী উন্নতি সভা,ঘগ্ৰাপাৰ বজাৰ সমিতি,ঘগ্ৰাপাৰ ক্ৰীড়া সন্থা,নিমুৱা বুঢ়া গোসাঁই থান পৰিচালনা সমিতি ধৰি প্ৰায় ৩০ টাকৈ সংগঠন আৰু অনুষ্ঠানে সুদক্ষ আৰক্ষী বিষয়াজনক জাপি,ফুলাম গামোচা, মানপত্ৰ,চেলেং,শৰাই আদিৰে আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনাই। ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাখন আত ধৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। সভাখনত উপস্থিত থাকে বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতা, নিউজ লাইভৰ সাংবাদিক ব্ৰজেন তালুকদাৰ,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাকে প্ৰমুখ্য কৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলটোৰ দল-সংগঠন তথা বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জেষ্ঠ কনিষ্ঠ সাংবাদিক সকলে। আৰক্ষী বিষয়াগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে।

বৰপথাৰৰ এখন বহু চৰ্চিত বিবাহঃ কন্যা বৰপথাৰৰ,দৰা ফান্সৰ

প্ৰেমত ঘুৰিছে ভূ মণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেমাস্পদক জীৱন সংগী কৰি ল’বৰ বাবেই সাত সাগৰ তেৰ নদী পাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰ পালেহি ফ্ৰান্সৰ এজন যুৱক। বৰপথাৰ নগৰত দেখা গল এখন ব্যতিক্ৰমী বিবাহ।

বৰপথাৰ নগৰৰ ডা: বিশ্বজিৎ দেৱৰ কন্যা শ্ৰুতিৰ লগত বিয়াত বহিল ফ্ৰাঞ্চৰ ৰবীন। সোমবাৰে নিশা ডা: বিশ্বজিৎ দেৱৰ বৰপথাৰ নগৰৰ নিজা বাসগৃহত হিন্দু ধৰ্মীয় ৰীতি-নীতি আৰু  পৰম্পৰাৰে উলহ মালহেৰে বিবাহ সম্পন্ন হৈ যায় শ্ৰুতি আৰু ৰবীনৰ। কৰ্মসূত্ৰে দৰা-কন্যা দুয়ো থাকে লণ্ডনত। কন্যা শ্ৰুতি এগৰাকী অধিবক্তা  আৰু দৰা ৰবীন এজন চ’ফটৱেৰ ইঞ্জিনিয়াৰ। লণ্ডনতে চিনাকী হৈ তিনিবছৰীয়া প্ৰেমৰ অন্তত সোমবাৰে সামাজিক প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন কৰি দাম্পত্য জীৱনৰ পাতনি মেলে শ্ৰুতি আৰু বিদেশী দৰা ৰবীনে।

অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে বিয়াখন কিছু পিচোৱাব লগীয়াও হৈছিল বুলি জানিবলৈ দিয়ে কন্যা শ্ৰুতিয়ে। ইপিনে ক’ভিডৰ বাবেই দৰা ৰবীনৰ পিতৃ মাতৃৰ লগতে পৰিয়ালৰ কোনো লোক বিবাহ উপলক্ষে অসমলৈ আহিব নোৱাৰাত অকলেই ৰবীন উপস্থিত হ’লহি আৰু জীৱন সংগী কৰি ললে শ্ৰুতি দেৱীক। প্ৰেয়সীক আপোন কৰি লবলৈ পাই অত্যন্ত সুখী বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিলে শ্ৰুতি আৰু ৰবীনে। লগতে  আনন্দ প্ৰকাশ কৰিলে শ্ৰুতিৰ পিতৃ মাতৃ আৰু আত্মীয়লোকেও। ফ্ৰান্সৰ দৰা ৰবীনে  অসমৰ সৌন্দৰ্যৰ প্ৰশংসা কৰাৰ লগতে অসমৰ চাহ তেওঁৰ খুওব প্ৰিয় বুলিও জানিব দিয়ে। আনহাতে দৰাই অসমীয়াতে ” মই শ্ৰুতিক বহুত ভাল পাও” বুলি ক’বলৈ চেষ্টা কৰাও দেখা গল।

১০০ গৰাকী যুৱক-যুৱতীৰ বাবে বিনামুলীয়াকৈ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সৌজন্যত আজি বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ গাড়ী চালকৰ দক্ষতা প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰা হয়। বিশ্বনাথৰ জিলাৰ পৰিবহণ বিভাগৰ কাৰ্য্যলয়ে বিশ্বনাথ জিলাৰ ৰতোৱাত  আয়োজন কৰা এই উদ্বোধনী অনুষ্ঠানত  বিশ্বনাথ আৰু বিহালী সমষ্টিৰ  মুঠ ১০০ গৰাকী যুৱক যুৱতীক বিনামূলীয়াকৈ গাড়ী চালকৰ প্ৰশিক্ষণ দিয়া হ’ব বুলি জানিবলৈ দিয়ে উপস্হিত থকা বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। ৪৫দিনীয়া চালকৰ এই দক্ষতা প্ৰশিক্ষণ বিশ্বনাথ সমষ্টিৰ লেহুগাঁৱত থকা বিশ্বনাথ ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিউটত আৰু বিহালি সমষ্টিৰ ৰতোৱাত থকা অসম প্ৰফেচনেল একাডেমীত অনুষ্ঠিত হ’ব। আজি এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সভাপতিত্ব অনুষ্ঠিত  সভাত উঠি অহা যুৱক যুৱতীৰ বাবে এই প্ৰশিক্ষণে স্বাৱলম্বীতাৰ  পথ দিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে।  আজিৰ সভাত উপস্থিত থাকে জিলা পৰিবহন বিষয়া উমেশ চন্দ্ৰ শৰ্মা, মটৰ গাড়ী পৰিদৰ্শক পদ্মলোচন হাজৰিকাকে ধৰি জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়ববীয়া সকল।

ছয়দুৱাৰ মহাবিদ্যালয়ত ‘অনুৰাগ’ৰ অনুষ্ঠান

ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ গঠিত সাহিত্য-সংস্কৃতিৰ একমাত্ৰ অনুষ্ঠান ‘অনুৰাগ’ৰ উদ্যোগত এক বিশেষ অনুষ্ঠান ৰূপায়ণ হয়। ‘এমুঠি সম্ভাৱনাৰে শীতৰ দুপৰীয়া’ শীৰ্ষক অনুষ্ঠানটি কালি দিনৰ ১১ বজাত মহাবিদ্যালয়ৰ পোন্ধৰ নং শ্ৰেণী কোঠাত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি-লেখক ‘অনুৰাগ’ৰ সভাপতি ড০ ভাস্কৰজ্যোতি গগৈ সভাপতিত্বত অনুষ্ঠিত সভাখনি ছাত্ৰ অবিনাশ বৰুৱাৰ এটি গীতেৰে শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত ‘অনুৰাগ’ৰ ন-পুৰণি সদস্য সকলৰ দ্বাৰা গীত-নৃত্য-কবিতা-গল্প-বক্তৃতা আদি পৰিবেশনেৰে সভাখনি উজ্জীৱিত হৈ উঠে। ছাত্ৰ অবিনাশ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাতে গহপুুুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সমাজকৰ্মী ভুৱন শইকীয়া, কবি-সাংবাদিক তথা সমালোচক বিপুল কুমাৰ দিহিঙীয়া, বিশিষ্ট সংগীত শিল্পী নুপূৰ হাজৰিকা আৰু ছাত্ৰ অসীম নাথে বক্তব্য আগবঢ়ায়। বিশেষকৈ ভুৱন শইকীয়াই ভাষণ প্ৰসংগত সাংবাদিকতাৰ মাজেৰে সমাজ সেৱা কৰিব পাৰি বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক জীৱনৰ মাজে সমাজৰ ভাল কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায়। কবি বিপুল কুমাৰ দিহিঙীয়াই বক্তব্য আগবঢ়াই কয় যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সৃষ্টিশীল কৰ্মৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ অনুৰাগ আদৰণীয় বুলি উল্লেখ কৰি অধ্যাপক তথা বিশিষ্ট কবি ড০ ভাস্কৰজ্যোতি গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলক লৈ এইদৰে কেতবোৰ উল্লেখনীয় পদক্ষেপ লোৱা কাৰ্যক আদৰণি জনায়। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘অনুৰাগ’ এখন সৃষ্টিশীল মঞ্চ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। জনপ্ৰিয় কণ্ঠশিল্পী গীত নিপুৱে গীত পৰিৱেশন কৰা সভাতে সাংবাদিক তথা সাংস্কৃতিক কৰ্মী প্ৰণৱজ্যোতি শইকীয়া, শিক্ষক তথা অনুৰাগৰ সদস্য ৰেৱ বৰা, ছাত্ৰ দীপজ্যোতি নাথ, কৰিস্মা দাস, নমি বেজবৰুৱা, উপাসা হাজৰিকাকে ধৰি ভালেকেইগৰাকীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। ঠিক সেইদৰে ছাত্ৰী ৰশ্মিতা শৰ্মা, ববিতা দাস, গীতিকা বৰা, বিস্মিতাকে ধৰি ভালেকেইগৰাকী ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰা সভাতে ছাত্ৰ যুগান্ত বৰাই স্ব-ৰচিত নীলা খামৰ চিঠি, মনালিছা নাথ, জোনাক শইকীয়া, পৰাৱৰাণী বৰাই কবিতা আবৃত্তি, অজিত কাকতিয়ে স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠান সজীৱ কৰি তোলে। সভাৰ মাজতে ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত অধ্যাপক ড০ ভাস্কৰজ্যোতি গগৈৰ জন্মদিন উদযাপন কৰা হয়। ‘এমুঠি সম্ভাৱনাৰে শীতৰ দুপৰীয়া’ অনুষ্ঠানটি মুঠতে গীত-নৃত্য-কথাৰে জীপাল হৈ পৰে। কাৰ্যসূচীৰ মাজে মাজে সভাপতি ড০ গগৈয়ে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল কৰ্মক শলাগ জনাই উদ্গনিমূলক মন্তব্য আগবঢ়াই যায়। উল্লেখ্য যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘অনুৰাগ’ৰ উদ্যোগত ভালেসংখ্যক অনুষ্ঠান ইতিমধ্যে ৰূপায়ণ কৰা হয়। বিশেষকৈ অসমৰ ভালেসংখ্যক বিশিষ্ট কবি-সাহিত্যিকক আমন্ত্ৰণ কৰি কেতবোৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ক’ভিডকালিন পৰিস্থিতিৰ অনলাইন যোগেও এই অনুষ্ঠানৰ জৰিয়তে গীত-মাত-কথাৰ ভালেকেইটি অনুষ্ঠান ৰূপায়ণ কৰি ছাত্ৰ-ছাত্ৰীৰ সকলক উৎসাহিত কৰি আহিছে।  ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল মনক এইদৰেই উৎসাহিত কৰি অহা কাৰ্য সঁচাকৈয়ে আদৰণীয় বুলিও সভাত উপস্থিত থকা অতিথিসকলে একেমুখে স্বীকাৰ কৰে।

নদুৱাৰত আটছাৰ বিশেষ সভা

অসমীয় জাতিৰ অবিচ্চেদ্য অংগ চাহ জনগোষ্ঠীৰ এক মাত্ৰ ছাত্ৰ সংগঠন আটছাই জনগোষ্ঠীটোৰ বিভিন্ন সমস্যাৰ হকে সৰৱ হৈ থকাৰ মাজতে ছাত্ৰ সংগঠনটিৰ সাংগঠনিক দিশত অধিক শক্তি শালী কৰাৰ দিশতো বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। এই পৰিপেক্ষিতত অলপতে কেন্দ্ৰীয় আটছাই মনোনিত কৰা দুগৰাকীকৈ পৰ্যবেক্ষকৰ উপস্থিত হৈ নদুৱাৰ শাখা আটছাৰ লগত এক বিশেষ সভাত মিলিত হয়। জানিব পৰা মতে কেন্দ্ৰীয় আটছাই নিয়োগ কৰা দুগৰাকীকৈ পৰ্যবেক্ষক ক্ৰমে কেন্দ্ৰীয় আটছাৰ উপ-সভাপতি কল্যাশ গড়,সাংগঠনিক সম্পাদক অভিষেক সুনাৰে পৰ্যবেক্ষক আৰু কেন্দ্ৰীয় আটছাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে প্ৰথম বাৰৰ বাবে নদুৱাৰ শাখাত উপস্থিত হোৱাত শাখাটিৰ আটছা কৰ্মী সকলে উষ্ম আদৰণি জনাই। পিছত নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তীয়ে আত ধৰা বিশেষ সভাত শাখাটিৰ সাংগঠনিক দিশত এক বিসদ আলোচনা অনুষ্ঠিত হৈ যায় । নদুৱাৰ শাখা আটছাৰ বিষয়বৱীয়াসহ শাখাটিৰ অন্তৰ্গত দিকৰাই উপ-শাখা,চতিয়া উপ-শাখা,কৰ্চনতলা উপ-শাখা আটছাৰ বিষয়বৱীয়াসকলৰ লগত পৰ্যবেক্ষদ্বয়ে এক আলোচনাত মিলিত হয় । সম্প্ৰতিক সময়ত চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ ভুমিকা লৈ অহাৰ মাজতে সংগঠনটিৰ সাংগঠনিক দিশত তৎপৰতাৰ প্ৰদৰ্শনে জনগোষ্ঠীটোৰ সচেতন মহলে শলাগ লৈছে । কেন্দ্ৰীয় আটছাৰ পৰ্যবেক্ষক দ্বয়ে নদুৱাৰ আটছাত আকস্মিক ভাবে কৰা পৰ্যবেক্ষণ কালত কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ কাৰ্যনিৰ্বাহক লৱ কুমাৰ ভূঞা,বিশ্বনাথ জিলা আটছাৰ সভাপতি ধীৰাজ তাঁ‌তী,শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ আৰু বিহালী শাখা আটছাৰ সভাপতি আকাশ কিশান সম্পাদক বিমলদ্বীপে কেন্দ্ৰীয় আটছাৰ বিষয়ববীয়াসকলক সংগ দিয়ে।

লেখাপানী বন বিভাগৰ পুনৰ এক বৃহৎ সাফল্য

 ডিগবৈ বন সংমণ্ডল কাৰ্য্যালয় অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলত যোৱাকালি লেখাপানী আঞ্চলিক বন বিভাগ আৰু অসম আৰক্ষীৰ যৌথ অভিযানত অবৈধ ভাৱে কুণ্ডা কঢ়িয়াই থকা অৱস্থাত এজনী মাইকী হাতী জব্দ কৰা হয়। মাউতে জানিব দিয়া অনুসৰি হাতী জনীৰ নাম শান্তি বুলি জানিব পৰা গৈছে।বন বিভাগে হাতীৰ গৰাকীক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও হাতীজনী অৰুণাচল প্ৰদেশৰ মানমৌ’ৰ বুলি সন্দেহ কৰা হৈছে। উল্লেখ যে বিগত কিছুদিন ধৰি একাংশ বন দস্যুয়ে লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ অধীনৰ সংৰক্ষিত বনাঞ্চল সমূহত হাতী, পোকলেণ্ড, জে, চি, বি আৰু অত্যাধুনিক হস্তচালিত চেইন স্ব ব্যৱহাৰ কৰি মূল্যৱান গছ সমূহ কাটি সেই গছৰ কুণ্ডা সমূহ অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত প্লাইউড ফেক্টৰী সমূহত যোগান ধৰি আহিছে।এই ক্ষেত্ৰত বন দস্যু কেইটাই একপ্ৰকাৰে লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ নিদ্ৰা হৰণ কৰি আহিছে। বন দস্যু কেইটাৰ কিছু সংখ্যক খবৰ যোগান ধৰা অসৎ প্ৰকৃতিৰ লোকৰ বাবেই নেৰনেপেৰা  চেষ্টা কৰিও বন বিভাগ সফল হব পৰা নাছিল। তৎসতেও কিন্তু বন বিভাগে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখি অৱশেষত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়।  এই ক্ষেত্ৰত বন বিভাগে নৃত্য নতুন কৌশল অৱলম্বন কৰি দিন ৰাতি একাকাৰ কৰি নেৰনেপেৰা কষ্টৰে অভিযান তীব্রতৰ কৰি যোৱাকালি মাউতৰ সৈতে এজনী মাইকী হাতী জব্দ কৰে। বনাঞ্চল কেইখনৰ বিভিন্ন ঠাইত এতিয়াও আৰু কেইবাটাও হাতীৰ সহায়ত কেইবাটাও বন দস্যুয়ে অবৈধ ভাৱে চোৰাং কুণ্ডা সৰবৰাহত জড়িত হৈ আছে বুলি সন্দেহ কৰা হৈছে। ডিগবৈ বন সংমণ্ডল বিষয়া গৰাকী লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত উপস্থিত হয় অধিক তথ্যৰ বাবে তদন্ত কৰি থকা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জব্দকৃত হাতীজনীক লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ সমীপৰ এখন কাঠনিত শিকলিৰে বান্ধি ৰখা হৈছিল যদিও আজি পুৱাৰ ভাগত হাতীজনী শিকলি ছিঙি পলায়ন কৰে।বন বিভাগ আৰু হাতী মাউতে অশেষ কষ্ট কৰিও হাতী জনী বশ কৰিব পৰা নাই।হাতী জনী যোৱাকালি জব্দকৃত ঠাইৰ পিনে পলাবলৈ চেষ্টা কৰাত বন বিভাগে বাধা দিবলৈ চেষ্টা কৰে যদিও হাতীজনী অধিক আক্ৰমণাত্মক হৈ পৰে।ইতিমধ্যে হাতীজনী পাহাৰপুৰ গাঁৱৰ এক ঘন হাবিত অৱস্থান কৰি আছে যদিও মানুহ দেখিলেই আক্ৰমণ কৰিবলৈ খেদি আহে যাৰ ফলত বন বিভাগৰ তিনিজন কৰ্মচাৰী হাতীজনীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে।বৰ্তমান হাতীজনীক ট্ৰেংকুলাইজ কৰিবলৈ বন বিভাগৰ এটা দল পাহাৰপুৰত আহি উপস্থিত হৈছে যদিও ঘন হাবিত সোমাই থকাৰ বাবে হাতীজনীক বশ কৰিব পৰা হোৱা নাই।

সমাজকৰ্মী প্ৰয়াত লক্ষীৰাম ভুমীজৰ মৃত্যুত শোক

বিশ্বনাথ জিলাৰ চতিয়াস্থিত সাপেখাটিৰ বেজহলা নিবাসী সমাজকৰ্মী লক্ষীৰাম ভূমিজ(৭৭)ৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে । প্ৰয়াত সমাজকৰ্মী ভুমিজে বিগত দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰুগত চিকিৎসা গ্ৰহণ কৰি আছিল যদিও যোৱা ২৭ নবেম্বৰ দিনা শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত ভুমিজে তেওঁৰ জীৱন কালত অঞ্চলটিৰ কেইবাটাও শিক্ষানুষ্ঠান,ধৰ্মীয় অনুষ্ঠান গঢ় দিয়াৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে। সমাজ হিতৈষি,বিচক্ষণ স্বৱাভৰ ব্যক্তিত্বৰ অধিকাৰী প্ৰয়াত লক্ষীৰাম ভুমিজে মৃত্যুৰ সময়ত দুজন পুত্ৰ,পুত্ৰ বোৱাৰী আৰু নাতি-নাতিনীক ইহঁসংসাৰত এৰি থৈ যায়। তেখতৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ লগতে বিশ্বনাথ শাখা আটছা,নদুৱাৰ শাখা আটছাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অঞ্চলটিৰ গুন মুগ্দ্ধই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইয়াৰ উপৰিও জনপ্ৰিয় সমাজকৰ্মী গৰাকীৰ বিয়োগত উক্ত দিনা স্থানীয় ব্যৱসায় প্ৰতিষ্ঠান বন্দ্ধ ৰাখি শোক প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে।

মুছলপুৰত মীন পালকৰ মাজত মাছৰ খাদ্য সামগ্ৰী বিতৰণ

বিটিচিৰ মীন বিভাগৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ণ পুঁজিৰ অধীনত আজি বাক্সা জিলাৰ মুছলপুৰত আনুষ্ঠানিকভাৱে মীন পালক সকলৰ মাজত বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ এই উপলক্ষে বাক্সা জিলা মীন বিভাগৰ কাৰ্যালয়ত এখন সভাৰ আয়োজন কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰি বিটিচিৰ মীন আৰু পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে উঠি অহা নৱ প্ৰজন্ম আৰু মীন পালক সকলে মৎস পালনৰ জৰিয়তে স্বাৱলম্বী হ’বৰ বাবে বিটিচিৰ মীন বিভাগৰ উদ্যোগত বিভিন্ন উন্নয়ণমূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷ বিটিআৰ অঞ্চলৰ নিবনুৱা যুৱক-যুৱতী সকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে বিটিচি চৰকাৰে পশু তথা মৎস পালনৰ জৰিয়তে ঘৰুৱা উৎপাদন বৃদ্ধি কৰি কিদৰে আৰ্থিকভাৱে লাভৱান হ’ব পাৰি তাৰ প্ৰতি গুৰুত্ব দিবলৈ হিতাধিকাৰী সকলৰ প্ৰতি আহ্বান জনায় ৷ ভাষণ প্ৰসংগত তেখেতে পূৰ্বৰ বিপিএফ চৰকাৰৰ দিনত বিটিচিৰ কেবাটাও বিভাগত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল যদিও মীন বিভাগত এতিয়ালৈ কোনো তেনে দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহা নাই বুলি উল্লেখ কৰে ৷ কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে বিটিচিৰ মীন বিভাগে বাক্সা জিলাৰ কোকিলাবাৰীত দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু ওডালগুৰি জিলাৰ বৰজামুগুৰিত প্ৰায় আশী বিঘা ভূমিত মৎস পালনৰ উদ্দেশ্যে বিভাগীয়ভাৱে বৃহৎ পুখুৰী খান্দি থকাৰ কথাও ব্যক্ত কৰে ৷ উল্লেখ্য যে আজি বাক্সা জিলাৰ ৮১ গৰাকী মীন পালকৰ মাজত বিনামূলীয়াকৈ মাছৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷ আজিৰ এই কাৰ্যসূচীত মুছলপুৰ পৰিষদীয় সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ মনেশ্বৰ বসুমতাৰী, বাক্সা জিলা মীন উন্নয়ণ বিষয়া নীলো দাস, মীন উন্নয়ণ বিষয়া অভিজিত চৌধুৰীকে ধৰি বিভাগটোৰ কেবাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

মিষ্টাৰ কামৰূপ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ সফল সামৰণি

এচোছিয়েশ্যন অৱ বোডি বিল্ডাৰ্ছ কামৰূপৰ উদ্যোগত কামৰূপ জিলাৰ ৰঙিয়াৰ শৰাইঘাট ফিটনেছ চেন্টাৰৰ সহযোগত অনুষ্ঠিত হোৱা মিষ্টাৰ কামৰূপ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা খন সফল সামৰণি পৰে। উল্লেখ্য যে . অলপতে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল মি: কামৰূপ খেল খন। এচোছিয়েশ্যন অৱ বোডি বিল্ডাৰ্ছ কামৰূপৰ সাধাৰণ সম্পাদক তথা বিশিষ্ট ক্ৰীড়া সংগঠক বকোৰ মনোৰঞ্জন কলিতাই জনোৱা মতে , ৰঙিয়াৰ শৰাইঘাট ফিটনেছ চেন্টাৰৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ খেলত প্ৰায় শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। সম্পাদক মনোৰঞ্জন কলিতাৰ মতে জিলা সভাপতি তথা বি টি চি পৰিষদৰ সচিব প্ৰধান নৰেন চন্দ্ৰ বসুমতাৰীয়ে পূৱা পতাকা উত্তোলন কৰি কাৰ্য্যসুচীৰ শুভাৰম্ভ কৰে। ইফালে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ব্ৰজেন্দ্ৰ  শইকীয়াই আনুষ্ঠানিক ভাৱে খেল খন উদ্ধোধন কৰে লগতে ৰাষ্ট্ৰীয় খেল পৰিচালক তথা এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক মনোৰঞ্জন কলিতাই মূখ্য বিচাৰক হিচাপে দায়িত্ব পালন কৰে আৰু খেল খনৰ আত ধৰে পৰিচালনা সমিতিৰ সম্পাদক জয়ন্ত শৰ্মাই। খেলৰ অন্তত ছিনিয়ৰ মিষ্টাৰ কামৰূপ খিতাপ অৰ্জন কৰা নেকিব পাৰমানিকক নগদ ধন পছিশ হাজাৰ টকা আৰু জুনিয়ৰ মিষ্টাৰ কামৰূপ খিতাপ অৰ্জন কৰা মনিস দাসক নগদ ধন পোন্ধৰ হাজাৰ টকা প্ৰদান কৰে।খেলত চেম্পিয়ন হোৱা খেলুৱৈ দুগৰাকীক বঁটা প্ৰদান কৰে সভাপতি নৰেন চন্দ্ৰ বসুমতাৰী আৰু মি: ইউনিৰ্ভাছ নিৰঞ্জন কুমাৰে।

অনিমেষ ভূঞা হত্যাৰ কেন্দ্ৰ কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাট জিলাৰ ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা  যোৰহাটৰ ৰাজপথত একাংশৰ গনপ্ৰহাৰত মৃত্যু হোৱাত এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰে সমান্তৰাল ভাৱে সমগ্র অসমৰ লগতে মৰিগাঁৱতো মৰিগাওঁ জিলা ছাত্ৰ সন্থাই ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাৰীক অতিশিগ্ৰে শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰে |মৰিগাঁও চহৰৰ মাজমজিয়াত এক প্ৰতিবাদী কাৰ্য্যসূচী দ্বাৰা দোষীক শাস্তি দিয়া আৰু অসমত যাতে পুনৰ এনে ধৰণৰ জঘন্য কাৰ্য্য সংঘটিত নহয় তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মৰিগাঁও জিলা ছাত্ৰ সন্থাই |