Home Blog Page 2682

অনিমেষ ভূঞা হত্যাৰ কেন্দ্ৰ কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী

গোলাঘাট জিলাৰ ব্ৰক্ষ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা  যোৰহাটৰ ৰাজপথত একাংশৰ গনপ্ৰহাৰত মৃত্যু হোৱাত এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু তাৰে সমান্তৰাল ভাৱে সমগ্র অসমৰ লগতে মৰিগাঁৱতো মৰিগাওঁ জিলা ছাত্ৰ সন্থাই ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাৰীক অতিশিগ্ৰে শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ন কৰে |মৰিগাঁও চহৰৰ মাজমজিয়াত এক প্ৰতিবাদী কাৰ্য্যসূচী দ্বাৰা দোষীক শাস্তি দিয়া আৰু অসমত যাতে পুনৰ এনে ধৰণৰ জঘন্য কাৰ্য্য সংঘটিত নহয় তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মৰিগাঁও জিলা ছাত্ৰ সন্থাই | 

ধুবুৰীৰ টেগ বাহাদুৰ গুৰুদ্বাৰত ছহিদি গুৰপূৰব, প্ৰশাসনৰ বৈঠক

শিখ গুৰু টেগ বাহাদুৰৰ ৩৪৬ সংখ্যক ‘ছহিদি গুৰপূৰৱ’ অৰ্থাৎ ছহিদ  দিৱস উদযাপন সন্দৰ্ভত আলোচনা কৰিবলৈ ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে সন্ধিয়া এখন বৈঠক অনুষ্ঠিত হয়৷ জিলা উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত  ধুবুৰীৰ ঐতিহাসিক টেগ বাহাদুৰ গুৰুদ্বাৰত  অহা ৬ ৰ পৰা ৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ছহিদ দিৱসৰ কাৰ্যসূচীসমূহ সম্পূৰ্ণ কোভিড বিধি মানি পালনৰ সিদ্ধান্ত লোৱা হয়৷ বৈঠকত জিলা প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে শিখ ধৰ্মাৱলম্বীৰ পবিত্ৰ উৎসটোলৈ অহা সকলো সকলো ভক্তই কমেও এপালি কোভিড ভেকচিন ল’ব লাগিব৷ যিসকল ভক্তই ভেকচিন লৈছে তেওঁলোকে লগত প্ৰমাণপত্ৰ ৰাখিব লাগিব৷ ভেকচিন নোলোৱাসকলে গুৰুদ্বাৰৰ সমীপত স্বাস্থ্য বিভাগে স্থাপন কৰিবলগীয়া কোভিড প্ৰতিষেধক কেন্দ্ৰত ভেকচিন ল’ব লাগিব৷ প্ৰতিষেধক কেন্দ্ৰৰ লগতে কোভিডৰ ৰেপিড এন্টিজেন পৰীক্ষা কেন্দ্ৰ এটাও স্থাপন কৰা হ’ব৷ আনহাতে ছহিদ দিৱসৰ বাবে নিযুক্ত হ’বলগীয়া স্বেচ্ছাসেৱকসকলক জিলা প্ৰশাসনে পৰিচয় পত্ৰ প্ৰদান কৰিব৷ বৈঠকত উপস্থিত থকা গুৰুদ্বাৰৰ প্ৰৱন্ধকে জনায় যে এইবাৰ পাঁচ হাজাৰৰ পৰা দহ হাজাৰ ভক্তৰ সমাগম হ’ব বুলি তেওঁলোকে অনুমান কৰিছে৷ বৈঠকত ছহিদ দিৱস উপলক্ষে হ’বলগীয়া মেলা, ভক্তৰ যান-বাহন পাৰ্কিং সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়৷ বৈঠকত জিলা আৰক্ষী অধীক্ষক অভিজিত গুৰাৱ, অতিৰিক্ত উপায়ুক্তদ্বয় নিত্য বিনোদ ৱাৰী আৰু মানস শইকীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, ধুবুৰী টাউন ক্লাৱ, অশোকাষ্টমী মেলা সমিতিৰ প্ৰতিনিধি উপস্থিত থাকে৷

ধৰ্মপুৰত মন্ত্ৰী চন্দ্ৰমোহনৰ ঘৰে ঘৰে ক’ভিড ভেকচিন লবলৈ আহ্বান ৰাইজক

পশ্চিম  নলবাৰী  অঞ্চলৰ  ধৰ্মপুৰ সমষ্টিৰ বহুকেইখন গাঁৱত সোমবাৰে  স্থানীয় বিধায়ক তথা উদ্যোগ, বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মানুহৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন ল’বলৈ পৰিয়ালসমূহক অনুৰোধ জনায় ৷ সমষ্টিটোৰ শোলমাৰা গাঁৱত কালি  বিয়লি উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গাঁওখনৰ বহুকেইটা ভেকচিন নোলোৱা পৰিয়ালৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিনৰ সজাগতা সৃষ্টি কৰাৰ লগতে ক’ভিড ভেকচিন নোলোৱাসকলক অতি শীঘ্ৰে ভেকচিন ল’বলৈ অনুৰোধ জনায় । ইয়াৰ লগতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিতে শোলমাৰা অঞ্চলৰ কেইবাজনো ব্যক্তিয়ে ক’ভিড ভেকচিন গ্ৰহণ কৰে । ইয়াৰ উপৰি মন্ত্ৰী পাটোৱাৰীয়ে সমষ্টিটোৰ পিপলীবাৰী আৰু চামতা মটৰষ্টেণ্ডত ক’ভিড ভেকচিনৰ সজাগতা সৃষ্টি কৰাৰ লগতে সকলো স্তৰৰ লোকক ক’ভিড ভেকচিন ল’বলৈ অনুৰোধ জনায় । ক’ভিড ভেকচিন সজাগতাৰ আজিৰ এই কাৰ্যসূচীত মন্ত্ৰী পাটোৱাৰীক সংগ দিয়ে নলবাৰীৰ জিলা উপায়ুক্ত গীতিমণী ফুকন, অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকা, পশ্চিম নলবাৰী ৰাজহ চক্র বিষয়া অৰ্পনা শৰ্মা, সংলগ্ন ৰাজহ চক্র বিষয়া বেদান্ত বৰুৱা, চামতা খণ্ড প্ৰাথমিক চিকাৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মইনুল হকসহ এটি স্বাস্থ্যকৰ্মীৰ দল, স্থানীয় আশাকৰ্মীসকল, অংগনাৱাড়ী কৰ্মী, স্বাস্থ্য বিভাগৰ চেক্টৰ অফিচাৰ, পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ সভাপতি কামাখ্যা শৰ্মা, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মন, চামতা জিলা পৰিষদ সদস্যা মিনাক্ষী দাস, নতুন দেহৰ জিলা পৰিষদৰ সদস্য ভাস্কৰ শৰ্মা, ২৩ নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি অমৰজ্যোতি দাস আৰু ২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি বিকাশ বৰ্মনে ৷ এইফালে সংবাদ মাধ্যমৰ ব্যক্তিৰ লগত হোৱা কথা-বতৰাত মন্ত্ৰী পাটোৱাৰীয়ে কোনো বাছ মালিকে যদি বাছভাড়া বৃদ্ধি কৰাৰ প্ৰমাণ পোৱা যায় সেইজনৰ ওপৰত বিহিত ব্যৱস্থা এনেকি অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হ’ব বুলিও কয় ৷ 

টীয়কৰ কাৱৈমাৰীত ‘হৰ ঘৰ ডষ্টক’ কাৰ্যসূচী আৰম্ভ

অসমৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশ ক্ৰমে  ২৯ নৱেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হোৱা ‘হৰ ঘৰ ডষ্টক’ শীৰ্ষক ক’ভিড ভেকচিনৰ ভেৰিফিকেশ্বন কাৰ্যসূচী যোৰহাট জিলাৰ টীয়কৰ কাৱৈমাৰী অঞ্চলটো সক্ৰিয়তাৰে আৰম্ভ হৈছে।মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে শিক্ষক, স্বাস্থকৰ্মী, আশা কৰ্মী, অঙ্গনবাড়ী কৰ্মীৰে গঠিত ভেকচিন ভেৰিফিকেশ্বন অফিচাৰ (ভি ভি অ’)সহ একোটাকৈ ৫/৬জনীয়া দলে নিজ নিজ এলেকাৰ প্ৰতিটো পৰিয়াললৈ গৈ ক’ভিড ভেকচিনৰ প্ৰথম ড’জ পোৱাটো নিশ্চিত কৰাৰ লগতে এতিয়াও এটাও ড’জ নোলোৱা সকলক ঘৰতে দিয়াৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি টীয়ক সমষ্টিৰ অন্তৰ্গত ৪১(ক) নং ভোট কেন্দ্ৰৰ কাৱৈমাৰী গোঁহাইগাঁও মধ্য ইংৰাজী বিদ্যালয়(উত্তৰ) অংশৰ চিনাতলী আৰু হাতীপৰা গাঁৱত নিয়োজিত ভেকচিন ভেৰিফিকেশ্বন অফিচাৰ (ভি ভি অ’) তথা কুমাৰভেটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত চাংমাইৰ নেতৃত্বত স্থানীয় বি এল অ’ ৰুবি কলিতা, আশাকৰ্মী গুণমাই কলিতা, অঙ্গনবাড়ী কৰ্মী অনিমা কলিতাই প্ৰায় ৩৫ টা পৰিয়ালত উপস্থিত হৈ ১০০ শতাংশ প্ৰথম ড’জ ভেকচিন প্ৰাপ্তিৰ নিশ্চিতি সম্পন্ন কৰে। যাত্ৰা কালত দলটিয়ে কাৱৈমাৰী চিনাতলী গাঁৱৰ প্ৰায় ৮০বছৰীয়া গেৰেলী কলিতা নামৰ ভয়তে ভেকচিন নোলোৱাকৈ থকা আইতা এগৰাকী বুজাই বঢ়াই স্বাস্থ্যকৰ্মী এ এন এম মিনালী বৰুৱা আৰু কবিতা দলেৰ লগতে অন্য এগৰাকী শিক্ষয়িত্ৰী ৰেখা বৰুৱাৰ সহযোগত ভেকচিনৰ প্ৰথম ড’জ প্ৰদান কৰিবলৈ সক্ষম হয়। অহা ৫ ডিচেম্বৰলৈকে চলিবলগা কাৰ্যসূচীটোৱে ৪১(ক) নং ভোটকেন্দ্ৰৰ অন্তৰ্গত কাৱৈমাৰী চিনাতলী আৰু হাতীপৰা গাঁৱৰ প্ৰতিটো পৰিয়ালক চুই যোৱাৰ লগতে প্ৰথম ড’জ ক’ভিড ভেকচিন ১০০ শতাংশ নিশ্চিত কৰিব বুলি ভি ভি অ’ দিগন্ত চাংমায়ে জানিবলৈ দিছে।

মংগলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ ন’মিনি হিচাপে দায়িত্ব প্ৰদান কিশোৰ শৰ্মাক

ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ সকলো ধৰণৰ উন্নয়ন মূলক আঁচনি সমূহৰ মনিটৰ কৰাৰ লগতে সাংসদৰ নমিনি হৈ তেওঁৰ অনুপস্থিতিত  সকলো সভা সমিতিত  অংশগ্ৰহণ কৰাৰ বাবে মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাক দায়িত্ব অৰ্পণ কৰিছে ।ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জনে  ২৯ নবেম্বৰত  কিশোৰ শৰ্মাক দায়িত্ব প্ৰদান কৰাত সমগ্ৰ ওদালগুৰি জিলা বিজেপিৰ কাৰ্যকৰ্তা সকলৰ লগতে সমগ্ৰ  মাজবাট বাসী ৰাইজে শলাগিছে ৷ উল্লেখযোগ্য যে মাজবাটৰ উদ্যমী যুৱ ব্যৱসায়  হিচাপে পৰিচিত হোৱাৰ লগতে বিজেপিৰ যুব  নেতা হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা মাজবাট বিধানসভা সমষ্টিৰ ওৰাঙৰবিজেপি দলৰ সাংগঠনিক ভেটি সক্ৰিয় কৰাত প্ৰায়ে ১২ বছৰত পশ্চিম বঙ্গতো দলৰ কাৰ্যকৰ্তা সকলৰ মাজত নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়ে অসমতো ৰাজনীতি পথাৰত নিজকে চিনাকি কৰিবলৈ সক্ষম হৈছে । বিগত কেইবাবছৰ আগৰ পৰাই মাজবাট বিধানসভা সমষ্টিত বিজেপি দলৰ সাংগঠনিক ভেটি সক্ৰিয় কৰাত ৰাইজক লগত লৈ নানান ধৰণৰ  উন্নয়ন চেষ্টা কৰাৰ লগতে মাজবাট মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ আসনত থাকিও দলৰ সেৱাৰ লগতে যুৱ প্ৰজন্মক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰিছিল । পৰৱৰ্তী কালত  চলিত বৰ্ষত ৰাজ্যিক তথা ওদালগুৰি জিলা বিজেপিয়ে যুৱ নেতা কিশোৰ শৰ্মাক  জিলাৰ মুখপাত্ৰ , সমল ব্যক্তিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব দিয়াৰ লগতে বৰ্তমান ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ জিলা আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত  কৰে ৷ মাজবাটৰ যুৱক কিশোৰ শৰ্মাক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা যুৱ সাংসদ দিলীপ শইকীয়াই তেওঁৰ ন’মিনি হিচাপে দায়িত্ব অৰ্পণ কৰাৰ জিলা বিজেপিৰ লগতে সমগ্ৰ মাজবাট বাসী ৰাইজে শলাগিছে আৰু কিশোৰ শৰ্মাৰ নেতৃত্বত মাজবাট বিধানসভা সমষ্টিৰ সকলো ধৰণৰ উন্নয়ন সুচাৰুভাৱে ৰূপায়ন কৰাত উদ্যমী যুৱক কিশোৰ শৰ্মা সফল হব বুলি অঞ্চলৰ সৰ্ব সাধাৰণ ৰাইজে আশা ব্যক্ত কৰিছে উক্ত উদ্যমী যুৱক জনে বিগত কেইবছৰ  আগৰে পৰা ৰাষ্ট্ৰীয় স্বয়ং সেৱক RSS ৰ দৰে বৃহৎ  সংগঠনতো এজন স্বয়ং সেৱক  হিচাপে বৰ্তি আছিল  । ২০১৮ চনত RSS ৰ প্ৰথম বাৰ্ষিক প্ৰশিক্ষণ প্ৰাপ্ত কিশোৰ শৰ্মাক সাংসদ দিলীপ শইকীয়াই এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাত  মাজবাট বিধানসভা সমষ্টিৰ বিভিন্ন জাতীয় সংগঠন সমূহৰ লগতে অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা ,ওৰাং অঞ্চলিকৰ লগতে অসম গোর্খা ছাত্ৰ সংগঠন,সচেতন নাগৰিক  সমাজৰ পৰাও অভিনন্দন ,আৰু আন্তৰিক ধন্যবাদ  জ্ঞাপন কৰিছে ৷মাজবাট মণ্ডল বিজেপিৰ হৈ সভাপতি  জীবন ডেকাই কিশোৰ শৰ্মাক  ৷শৰ্মাক  এই দায়িত্ব অৰ্পন কৰাত মাজবাট মণ্ডলে আনন্দিত  হৈছে বুলি প্ৰকাশ কৰিছে ৷ ৰাইজৰ অভাব অভিযোগ বোৰ সঠিক ভাৱে সাংসদ সম্মূখত উপস্হাপন কৰি মাজবাটবিধান সভা সমষ্টিটোৰ উন্নয়নত সঠিক ভূমিকা ল’ব | লগতে দলৰ সাংগঠনিক ভেটি আৰু অধিক সূদৃঢ় হ’ব  বুলি জীবন ডেকাই প্ৰকাশ কৰিছে ৷

ৰোগীৰ জীৱনকলৈ হেতালি অ’ এন জি চিৰ

 থলুৱা ক্ষুদ্ৰ ব্যৱসায়ী – পৰিয়ালক ভাতে মাৰি বহিৰাগত পুঁজিপতি গোষ্ঠী এপল’ক ঔষধ ব্যৱসায়ৰ বাবে বৰপীড়া পাৰি দিয়া মহাৰত্ন উদ্যোগ ” তেল আৰু প্ৰাকৃতিক গেছ নিগম , অসম সম্পদ ”  ( অ’ এন জি চি ) ৰ হঠকাৰী সিদ্ধান্তই প্ৰতিষ্ঠানটোৰ হাজাৰ হাজাৰ কৰ্মচাৰী , প্ৰাক্তন কৰ্মচাৰী – পৰিয়ালৰ জীৱনকলৈ হেতালি খেলা বিষয়টোয়ে ব্যাপক প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ বৰ্হি:প্ৰকাশ ঘটিছে । থলুৱা ব্যৱসায়িক সমুলঞ্চে উৎখাত কৰি একমাত্ৰ এপল’ৰ দৰে পুজিপতি গোষ্ঠীক নাজিৰা , শিৱসাগৰ , গেলেকী আৰু লাকুৱাত সংস্থাপিত কৰি বহিৰাগত একাংশ বিষয়াৰ স্বাৰ্থ সিদ্ধিৰ বাবেই এনেদৰে হাজাৰ হাজাৰ জন অ’ এন জি চি ৰ বৰ্তমান আৰু অৱসৰী কৰ্মচাৰীৰ জীৱন বিপদাপন্ন কৰি তুলিছে। আনহে নালাগে বিশ্ব জুৰি মহাৰত্ন তেল – গেছ উদ্যোগ হিচাপে পৰিগণিত অ’ এন জি চিৰ ৰহস্যজনক এপল’ প্ৰেমৰ বাবেই ৰোগীয়ে প্ৰয়োজনীয় ঔষধ বিছাৰি আন আন স্থানলৈ ঢাপলি মেলিব লগা পৰিস্থিতি সৃষ্টি হৈছে । উল্লেখযোগ্য যে, দশক দশক জুৰি নিগমত কৰ্মৰত আৰু অৱসৰী কৰ্মচাৰী সকলৰ চিকিৎসাৰ সমুদায় ব্যয় বহন কৰি আহিছে। নিগমত কৰ্মৰত কৰ্মচাৰীৰ পিতৃ , মাতৃৰ লগতে কৰ্মচাৰী গৰাকীৰ পত্নী , অপ্ৰাপ্তবয়স্ক সন্তান – সন্ততিৰ চিকিৎসাৰ বাবে ভাৰতৰ বিভিন্ন স্থানত থকা কেইবাখনো আগশাৰীৰ নাৰ্চিংহোমৰ লগতে ডিব্ৰুগড় আৰু গুৱাহাটীৰ বহুকেইখন নাৰ্চিংহোমক নিগমৰ পেনেলৰ অন্তৰ্ভুক্ত কৰিছে । তাৰোপৰি নিয়মিত ঔষধ সেৱন কৰিব লগীয়া ৰোগী আৰু সাধাৰণ ৰোগত আক্ৰান্ত ব্যক্তি সকলৰ বাবে চিকিৎসকৰ নিদান পত্ৰ অনুসৰি নিগমৰ পেনেলৰ অন্তৰ্ভুক্ত মুঠ ১৩ খন থলুৱা ঔষধ বিক্ৰী প্ৰতিষ্ঠানৰ পৰা এই সকল ব্যক্তিয়ে বছৰ বছৰ ধৰি বিনামূলীয়াকৈ ঔষধ লৈ আহিছে। নিগমৰ কৰ্মচাৰী সকলৰ সুবিধাৰ বাবেই নাজিৰা , শিৱসাগৰ , গেলেকী আৰু লাকুৱাত সংস্থাপিত কৰা হৈছিল এই ১৩ খন থলুৱা ব্যৱসায়ীৰ ঔষধ প্ৰতিষ্ঠান । সম্প্ৰতি অসমত পোন প্ৰথম বাৰৰ বাবে এখন খিলঞ্জীয়াৰ চৰকাৰে কাৰ্যনিৰ্বাহ সেই সময়তেই অ’ এন জি চিৰ এক অসম বিৰোধী চক্ৰই আৰম্ভ কৰিছিল নিগমৰ বুকুৰ পৰা থলুৱা খিলঞ্জীয়া ব্যৱসায়ীক উৎখাতৰ অভিযান । ইতিমধ্যে থলুৱা ঔষধ ব্যৱসায়ীৰ পৰা ঔষধ যোগানৰ সকলো ব্যৱসায় বহিৰাগত পুজিপতি গোষ্ঠী এপল’ক গতাই দিয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে । নিগমৰ অসম সম্পদৰ আৱাসিক এলেকাত স্থাপিত কৰা এপল’ প্ৰতিস্থানলৈ ৰোগী – পৰিয়ালে চিকিৎসকৰ নিদান পত্ৰলৈ ঔষধ আনিবলৈ গৈ প্ৰতিষ্ঠানটোৰ কৰ্মৰত কৰ্মচাৰীৰ সৈতে বাক –  বিতণ্ডাত লিপ্ত হোৱাৰ পৰিস্থিতি সৃষ্টি হয় । কাৰণ নিয়মিত ভাৱে ঔষধ সেৱন কৰি থকা ৰোগী সকলেও প্ৰয়োজনীয় ঔষধ নাপায় এই পুজিপতি এপল’ ফাৰ্মাচীত । চিকিৎসকৰ নিদান পত্ৰ ৰাখিথৈ চাৰি – পাচ দিনৰ পিছত ঔষধ আহি পাবহি আৰু তেতিয়া আপোনালোকক ফোন কৰি দিয়া হ’ব  ঔষধ নিবৰ বাবে । নিগমৰ বহিৰাগত একাংশ কমিছনভোগী বিষয়াৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা কৰা এই এপল’ ফাৰ্মাচী আৰু অ’ এন জি চিয়ে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আৰু অৱসৰী সকলৰ লগতে পৰিয়ালৰ জীৱনকলৈ এনেদৰে হেতালি খেলা ঘটনাকলৈ বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । অসমৰ ঔৰষত বাণিজ্যৰ পোহাৰ মেলা তথা লাখ লাখ অসমীয়া মানুহৰ প্ৰত্যক্ষ আৰু প্ৰৰোক্ষ্য জীৱন আৰু জীৱিকা নিহিত হৈ থকা অ’ এন জি চিৰ অবৈধ পুজিপতি এপল’ প্ৰেমে হাজাৰ হাজাৰ অসুহ্থ ৰোগীৰ জীৱনলৈ নমাই অনা ভয়ংকৰ দূৰ্যোগ আৰু ভাবুকিৰ বিৰুদ্ধে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ হস্তক্ষেপৰ দাবী জনাইছে ভুক্তভোগী তথা জনগণে । 

নাজিৰা নিৰ্বাচনী জিলাত ব্যাপক ভোটাৰ সজাগতা অভিযান

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে বৰ্তমান চলি থকা ফটোযুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী, ২০২২ প্ৰতি লক্ষ্য ৰাখি নাজিৰা নিৰ্বাচনী জিলাত ভোটাৰৰ মাজত ব্যাপক প্ৰচাৰ অভিযান হাতত লৈছে। বিগত প্ৰায় এক সপ্তাহজুৰি নাজিৰা জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি সব্যসাচী কাশ্যপৰ তত্বাবধানত  এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে মহকুমাধিপতিৰ সামগ্ৰিক পৰিকল্পনাৰে প্ৰস্তুত কৰা এটি চুটি ভি ডি অ’ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত মুকলি কৰা হৈছে আৰু কমসময়ৰ ভিতৰতে ই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মহকুমাটোৰ অন্তৰ্গত নাজিৰা, মেকীপুৰ, ৰমণী, জয়মতী, ৰহদৈপুখুৰী আদি পঞ্চায়তত ভোটাৰৰ মাজত সজাগতা সৃষ্টি লগতে ভোটাৰ হেল্পলাইন এপৰ সন্দৰ্ভতো প্ৰচাৰ চলোৱা হয়। উল্লেখযোগ্য যে  ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে অতি সহজতে ঘৰতে বহি ভোটাৰ তালিকাত নতুন নাম অৰ্ন্তভূক্তি, কৰ্তন, শুধৰণী আদি বিভিন্ন কাম কৰিব পাৰি। নাজিৰা আৰু শিমলুগুৰি নগৰৰ মূল প্ৰাণ কেন্দ্ৰতো এই এপৰ বিষয়ে শিৱিৰ অনুষ্ঠিত কৰা হয়। ইয়াতকৈ উল্লেখনীয় দিশ এইয়াই যে মহকুমাটোৰ অন্তৰ্গত সাতখনকৈ চাহ বাগিচা সামৰি সেই এলেকা সমূহত বিশেষ সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হয়। যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে গড়গাঁও মহাবিদ্যালয়, নাজিৰা মহাবিদ্যালয় আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশেষভাৱে ভোটাৰ হেল্পলাইন এপৰ বিষয়ে প্ৰচাৰ আৰু প্ৰশিক্ষণ দিয়া হয়। লগতে গড়গাঁও মহাবিদ্যালয়ত পোষ্টাৰ প্ৰদৰ্শনী আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতাও সম্পন্ন হৈ যায়। সমগ্ৰ নাজিৰা বিধান সভা সমষ্টি এলেকাসমূহত ভ্ৰাম্যমান বাহনৰ যোগেদি মাইকৰ দ্বাৰা ধাৰাবহিকভাৱে ঘোষণা কৰি ভোটাৰ ৰাইজক উৎসাহিত কৰা পৰিলক্ষিত হয়। এই সমগ্ৰ কাৰ্যসসূচীত নিয়োজিত সহকাৰী নিৰ্বাচক পঞ্জীয়ক বিষয়া, পৰ্যবেক্ষক আৰু সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া সকলে সহযোগ আগবঢ়ায়।

ওদালগুৰি জিলাত ৯৩ শতাংশ ভেকচিন প্ৰদান

ওদালগুৰি জিলাৰ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভেকচিনেশ্যচন কেন্দ্ৰত  ২৯ নবেম্বৰত ২০২১তাৰিখে লৈ ১৪০ গৰাকীক  গৰাকীক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছ ৷ ইয়াৰ ভিতৰত ক’ভেস্কিন ১৬ আৰু কভিডশ্বিল  ১২৪ গৰাকী হিতাধিকাৰীক ভেকশ্বিন প্ৰদান কৰা হয় ৷ ২৯ নবেম্বৰলৈ  ২০২১ তাৰিখৰ লৈ সৰ্বমুঠ ৪২ হেজাৰ গৰাকীৰো অধিক হিতাধিকাৰীক  ভেকচিনেচন কাৰ্য্যসূচী অনুষ্ঠিত হৈ যায়  ।ভেকচিনেশ্যনৰ  অনুষ্ঠানটোতবি এইচ ডব্লিউ  গজেন চন্দ্ৰ বড়ো,জিএন এম  প্ৰনিতা নাৰ্জাৰী,এছ  ডব্লিউ বিপ্লবজ্যোতি ডেকা,অজয় পাল,ৰাজা দাসআদিয়ে সক্ৰিয় সহায় সহযোগিতা কৰে ৷আনহাতে  ওদালগুৰি জিলাত ৯৩ শতাংশৰ কোভিড ভেকচিন গ্ৰহন।বাকী ৭ শতাংশ লোককো আগন্তুক ৫ দিনৰ ভিতৰত ভেকচিন দিয়া কাম সম্পুৰ্ন কৰাৰ হব। ২৯নবেম্বৰত  ওদালগুৰি উপায়ুক্ত কাৰ্যলয়ৰ সভা কক্ষত  এক সংবাদ মেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে ওদালগুৰি জিলাৰ উপায়ুক্ত ডাক্টৰ উদয় প্ৰবীনে।তেও প্ৰকাশ কৰা মতে জিলা খনৰ ওদালগুৰি স্বাস্থ্য খণ্ডৰ গাৰোবস্তি আৰু শান্তিপুৰ,খৈৰাবাৰী স্বাস্থ্য খণ্ডৰ নিজ পাত্লা আৰু নাগাচুবা,ওৰাং স্বাস্থ্য খণ্ডৰ ১ নং গাৰোগাও আৰু জিংগাবিল নামৰ গাও কেইখনত কোভিড ভেকচিন  গ্ৰহনৰ সংখ্যা এতিয়াও যথেষ্ঠ কম ।সেইবাৱে উক্ত গাও কেই খনত ভেকচিন প্ৰদানৰ কাম ক্ষীপ্ৰ কৰি তোলাৰ বাৱে ব্যৱস্হা হাতত লোৱা বুলি উপায়ুক্ত গৰাকীয়ে সদৰি কৰে।ইপিনে বিশ্বত নতুনকৈ দেখা দিয়া অ’মিক্ৰন নামৰ কোৰোনা ভাইৰাচৰ পৰা হাত সাৰিবলৈ সামাজিক ব্যৱধান আৰু মাক্স পৰিধান নিশ্চিত কৰিবলৈ উপায়ুক্ত গৰাকীয়ে  জিলা বাসীক আহ্বান জনায়। সংবাদ মেলত যুটীয়া স্বাস্থ্য বিষয়া অভিজিৎ বসু, সদৰ মহকুমাধিপতি শ্যামন্ত বাৰা আৰু ভাৰপ্ৰাপ্ত  জন সংযোগ বিষয়া নীলাক্ষী বৈশ্যও উপস্হিত থাকে।

বঙাইগাঁৱত কোভিড – ১৯ সম্পূৰ্ণ টিকাকৰণ অভিযান সন্দৰ্ভত সংবাদ মেল

বঙাইগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত সোমবাৰে সন্ধিয়াৰ ভাগত বঙাইগাঁও জিলাৰ কোভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্ব লাভ কৰা ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া তথা পৰিৱেশ আৰু বন বিভাগৰ  অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ আৰু অসম অসামৰিক সেৱাৰ বিষয়া তথা হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব আৰু চাহ জনজাতি কল্যাণ বিভাগৰ  সঞ্চালক  ভাস্কৰ ফুকনৰ লগতে জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই  একেলগে এখন সংবাদ মেল সম্বোধন কৰি জিলাখনৰ কোভিড- ১৯ টিকাকৰণ সন্দৰ্ভত শেহতীয়া তথ্য দাঙি ধৰে ৷ দেশৰ আন ৰাজ্যৰ তুলনাত অসমে কোভিড পৰিস্থিতি ভালদৰে মোকাবিলা কৰাৰ লগতে কোভিড টিকাকৰণতো উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰাৰ কথা উল্লেখ কৰি সোমবাৰৰ পৰা আৰম্ভ হোৱা ঘৰে ঘৰে গৈ টিকা প্ৰদান কৰা কোভিড – ১৯ সম্পূৰ্ণ টিকাকৰণ অভিযান ”হৰ ঘৰ দস্তক” অভিযানো সফলতাৰে সম্পন্ন হ’ব বুলি জ্যেষ্ঠ পৰ্যবেক্ষক তথা বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ  প্ৰসাদে সংবাদ মেলত আশা ব্যক্ত কৰে।লগতে কোভিড টিকাকৰণৰ ক্ষেত্ৰত ৰাজ্যখনৰ আন আগশাৰীৰ জিলাসমূহৰ লগতে বঙাইগাঁও জিলাও সফল হৈছে বুলি মন্তব্য কৰে ৷ আনহাতে  হাউচিং আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব তথা আনগৰাকী পৰ্যবেক্ষক ভাস্কৰ ফুকনে সংবাদ মেলত সাংবাদিকসকলক তেওঁলোকৰ বাতৰিৰ জৰিয়তে এতিয়ালৈকে কোভিড টিকা নোলোৱা লোকসকলক প্ৰতিষেধকটো ল’বলৈ উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজৰ মাজত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে।উল্লেখ্য যে বঙাইগাঁও জিলাত পৰ্যবেক্ষকদ্বয়ে কেবাটাও স্থান পৰিদৰ্শন কৰে। বঙাইগাঁও জিলাত ঘৰে ঘৰে গৈ সৰ্বসাধাৰণ ৰাইজে কোভিড-১৯ টিকা লৈছে নে নাই সেয়া পৰিদৰ্শন কৰে। ১০০ শতাংশ টিকাকৰণ নিশ্চিত কৰাৰ বাবে চৰকাৰে সোমবাৰৰ পৰা ৫ ডিচেম্বৰলৈ কোভিড -১৯ সম্পূৰ্ণ টিকাকৰণ সন্দৰ্ভত”হৰ ঘৰ দস্তক” কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে কোভিডৰ পৰা সকলো ৰাইজক সুৰক্ষিত ৰখাটো চৰকাৰৰ উদ্দেশ্য বুলিও পৰ্যৱেশকদ্বয়ে কয় ৷ ইপিনে  বঙাইগাঁও জিলাত এতিয়ালৈকে কোভিডৰ প্ৰথম পালি টিকা এশ শতাংশৰো অধিক লোক আৰু দ্বিতীয় পালি প্ৰায় ৫০ শতাংশ লোকে গ্ৰহণ কৰা বুলি সংবাদ মেলত উপায়ুক্ত ডা: এমএছ লক্ষ্মীপ্ৰিয়াই প্ৰকাশ কৰে ৷ জিলা উপায়ুক্তই সংবাদ মেলত সদৰি কৰা মতে বঙাইগাঁও জিলাত সোমবাৰৰ দিনটোত মুঠ ৪,৮৮৯ পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷ আনহাতে জিলাখনত বৰ্তমানলৈকে মুঠ ৮,১৬,৯৮০পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ জিলা উপায়ুক্তগৰাকীয়ে জিলাখনত এশ শতাংশ কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত সফল হ’ব বুলিও আশা ব্যক্ত কৰে ৷

দুনীত সাংবাদিক দীপক কুমাৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

দৰঙৰ প্ৰয়াত সাহিত্যিক, সাংবাদিক কৃতী শিক্ষক দীপক কুমাৰ শৰ্মাৰ এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় পশ্চিম দৰঙৰ বুঢ়াত ।প্ৰকৃতি বন্ধু নামৰ প্ৰকৃতি প্ৰেমী সংগঠনৰ উদ্যোগত বুঢ়া আৰক্ষী চকী চৌহদত অনুষ্ঠিত সভাত  অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে  ।২০২০ বৰ্ষৰ ২১ ডিচেম্বৰত মৃত্যু হোৱা  শিক্ষকগৰাকী ৰ স্মৃতি চাৰণ সভাত  অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই প্ৰয়াত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি মাল্যপৰ্ণ কৰাৰ লগতে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়ো বৰঙণি বিষয়ে উল্লেখ কৰে ।বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অলি কুমাৰে দোচাডে উদ্বোধন কৰা স্মৃতি চাৰণ সভাত সাহিত্যিক তথা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক  কমলাকান্ত ডেকাই দীপক কুমাৰ শৰ্মাৰ জীৱন, কৃতি আৰু সাহিত্য সৃষ্টি সন্দৰ্ভত বিস্তৃত ভাৱে ব্যাখ্যা কৰি শ্ৰদ্ধাৰে স্মৰণ কৰে ।বিশিষ্ট চিকিৎসক,কবি ডাঃ কমলা শৰ্মাই সঞ্চালনা কৰা স্মৃতি চাৰণ সভাত অখিল ৰঞ্জন ভট্ৰ,ডাঃ মৃন্ময় নাথ,নাট্যকাৰ নৰেশ্বৰ কলিতা,অৱসৰী আৰক্ষী বিষয়া চক্ৰধৰ ডেকাই বিশেষ ভাৱে অংশগ্ৰহণ কৰে ।আনহাতে প্ৰকৃতি বন্ধু সংস্থা ই প্ৰয়াত শিক্ষক সাংবাদিক গৰাকীক “চিন্তা বৃক্ষ” উপাধি মৰোনত্তৰ ভাৱে প্ৰদান কৰাৰ কথা ৰাজহুৱা ভাৱে প্ৰকাশ কৰে ।