সম্প্ৰীতি স্পৰ্টছ একাডেমীৰ উদ্যোগত আৰু বৃহত্তৰ লাইপুলি ডিমৰুগুৰি অঞ্চলবাসী ৰাইজৰ সহযোগত ২৫ অক্টোবৰ তাৰিখ পৰা লাইপুলি ইন্দিৰা গান্ধী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বিনামূলীয়া এমহীয়া এথলেটিকচ্ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠানটি ২৮ নবেম্বৰত সফল সামৰণি পৰে। শিক্ষক অমৃত ৰাজখোৱাই সভাপতিত্ব কৰা সামৰণি অনুষ্ঠানৰ সভাত সম্প্ৰীতি স্পৰ্টছ একাডেমিৰ সভাপতি শীৰ্ষজোতি নেওগে উদ্দেশ্যে বাখ্যাত বৃহত্তৰ লাইপুলি অঞ্চলটোৰ কলা- সংস্কৃতি , গ্ৰাম্য উন্নয়ন, বিজ্ঞন-প্ৰযুক্তি, শিক্ষা, পৰিৱেশ, স্বাস্থ্য, ক্ৰীড়া, নাৰী আৰু শিশু কল্যাণকে ধৰি অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা হোৱা সম্প্ৰীতি স্পৰ্টছ একাডেমীয়ে গ্ৰাম্যাঞ্চলৰ সুযোগ সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈসকলৰ উন্নতি সাধনাৰ্থে কাম কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰি যাব বুলি বক্তব্য আগবঢ়ায়। উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ এথলেটিকচ্ সম্পাদক কপিধৰ হাজৰিকা, বৰগুৰি আঞ্চলিক ক্ৰীড়া সংস্থাৰ সভাপতি জিতেন গগৈ, আন্তৰাষ্ট্ৰীয় এথলেটিক্স খেলুৱৈ তথা প্ৰশিক্ষক সত্যনাথ দুৱৰা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকচ্ খেলুৱৈ তথা প্ৰশিক্ষক মৌচুমী চেতিয়া দাস,মটক জনগোষ্ঠীৰ লেখক প্ৰবন্ধকাৰ ফটিক চন্দ্ৰ নেওগ, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক ৰুপম কাকতি, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, শিক্ষক ক্ৰমে মনোজ বৰপাত্ৰগোঁহাই, ধৰ্য্যনাথ গোহাঁই, আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ খোজ কঢ়া প্ৰতিযোগী যাদৱ মিলি, শাৰিৰীক প্ৰশিক্ষক অভিনৱ বৰগোহাঁই, সমাজসেৱক দেব চেতিয়া, সম্প্ৰীতি স্পৰ্টছ একাডেমীৰ সম্পাদক গিৰিণ বৰপাত্ৰগোঁহাই, নাৰি কল্যাণ বিভাগৰ সম্পাদিকা প্ৰতিভা গগৈ চেতিয়া,সম্প্ৰীতি স্পৰ্টছ একাডেমিৰ বিষয়ববীয়া ক্ৰমে মন্টু মাউত, দিপাংকৰ বড়া, শুভাৰঞ্জন ডিব্ৰুৱাল, বুবু বৰপাত্ৰগোঁহাই, গণিত বড়া, যুগ্মজিৎ ফুকন, বলিন বড়া, ধন্তী বৰপাত্ৰগোঁহাই, লগতে বহু স্থানীয় গণ্য মান্য ব্যক্তি। অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনিকৈ মানপত্ৰ প্ৰদান কৰে সম্প্ৰীতি স্পৰ্টছ একাডেমীয়ে ।
অৱশেষত প্ৰশ্ন কাকত ফাদিল কৰা আটিকুল ইছলাম আৰক্ষীৰ জালত
মৰিগাঁও জিলাৰ শিক্ষা বিভাগক লজ্জানত কৰা ছমহীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত কেলেংকাৰীৰ নায়কক অৱশেষত আৰক্ষীৰ জালত পৰিল আটিকুল ইছলাম ।মৈৰাবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকৰ বনকৰা লৰা আটিকুল ইছলাম। প্ৰধান শিক্ষক নজৰুল ইছলামে আটিকুলক স্কুলৰ কামত ব্যৱহাৰ কৰিছিল।আটিকুলক স্কুলৰ চৌহদতে থাকিব দিছিল নজৰুলে।মৰিগাঁও টাউন স্কুলৰ পৰা প্ৰশ্ন কাকত নীতিবহিভূত ভাৱে প্ৰধান শিক্ষকে অনাইছিল আটিকুলৰ সহায়ত। ২৫ আৰু ২৭ নৱেম্বৰত সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞান প্ৰশ্ন কাকত ফাডিল কৰিছিল আটিকুলে।প্ৰতিখন প্ৰশ্নৰ বাবত ২০০০ কৈ টকা লৈছিল আটিকুলে। ২৫ নৱেম্বৰত নৱম আৰু দশম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত আগদিনাই বিক্ৰী কৰিছিল। পুণৰ ২৭ নৱেম্বৰত দশম শ্ৰেনীৰ বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন কাকত আগ দিনাই বিক্ৰী কৰিছিল আটিকুলে।লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াই তদন্ত কৰিছিল প্ৰশ্ন কাকত ফাডিল কাণ্ড। চক্ৰ বিষয়াৰ তদন্তৰ ভিত্তিত ৰবি বাৰে নিশা মৈৰাবাৰী আৰক্ষীয়ে আটক কৰিছে আটিকুলক।এই কাণ্ডৰ বাবে গ্ৰেপ্তাৰ হব পাৰে কেবাজনো শিক্ষক।স্কুলৰ কৰ্মচাৰী নোহোৱাকৈ প্ৰশ্ন কাকত অনাৰ দৰে দায়িত্ব বনকৰা লৰা আটিকুলক প্ৰধান শিক্ষক নজৰুল ইছলামে কিয় দিছিল সেয়া ৰহস্যজনক।
নগৰবেৰাৰ কল্যাণপুৰত শিক্ষামূলক আলোচনাচক্ৰৰ সামৰণি অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়া
নতুন শিক্ষা নীতিৰ প্ৰৱৰ্তনে আমোল পৰিৱৰ্তন আহিব। যদিও তাৰ কাৰণে যিখিনি আন্তঃগাঁঠনিৰ প্ৰয়োজনীয় হব সেই খিনি ৰজাঘৰীয়াই কেনেদৰে যোগান ধৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। কালি কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত কল্যাণপুৰএমই স্কুল পৰিচালনা সমিতিৰ উদ্যোগত ছমৰীয়াশিক্ষা খণ্ড ভিত্তিত তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিক্ষামূলক আলোচনা চক্ৰৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে প্ৰতিদিন টাইমৰ মুখ্য কাৰ্যবাহী সম্পাদক তথা বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই। কল্যাণপুৰ এমই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুচ ছামাদ আগমেদে সভাপতিত্ব কৰা সভাখনত নিতুমণি শইকীয়াই কয় নতুন শিক্ষানীতিৰ ফলত লৰা ছোৱালীৰ ভাবিব নোৱাৰা পৰিবৰ্তন হব। প্ৰথম অৱস্থাত অসুবিধা হ ব পাৰে যদিও অভিভাৱক, ছাত্ৰ আৰু শিক্ষক সমাজে এই ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়িলে নতুন শিক্ষানীতি ভালেই হব বুলি কয়। চৰকাৰে শিক্ষাৰ উন্নতিৰ কাৰণে কিছুমান ক্ষেত্ৰত চেষ্টা কৰিছে যদিও চৰকাৰী ব্যৱস্থাটোৱে মানুহৰ আস্থা আৰু বিশ্বাস ধৰি ৰাখিব পাৰিছে নে বুলি কৈ তেও কয় চহৰ – নগৰ অঞ্চলত চৰকাৰী শিক্ষানুষ্ঠানৰ অৱস্থা ভাল নহয়। কোনো অভিজাত লোক বা চৰকাৰী বিষয়াই নিজৰ সন্তানক চৰকাৰী বিদ্যালয়লৈ নপঠিয়ায়। মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ সন্তানসকলহে চৰকাৰী বিদ্যালয়লৈ যায়। ব্যক্তিগত শিক্ষানুষ্ঠানে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। গ্ৰামাঞ্চলতো ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকৰ্ষণ বাঢ়িছে। প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্য্যায়লৈ শিক্ষা ব্যৱস্থাৰ পয়ালগা অৱস্থাৰ বাবে বিগত দিনৰ চৰকাৰ সমূহেই দায়ী বুলি কৈ কয় যে ১৯৯১ আৰু ১৯৯৯ চনৰ পৰাই শিক্ষা ব্যৱস্থাৰ ধ্বংস যজ্ঞ আৰম্ভ হৈছিল। শিক্ষকতাৰ চাকৰি অন্য চাকৰিতকৈ অলপ বেলেগ হব লাগিব। ল’ৰা-ছোৱালীৰ ভৱিষ্যত মাক দেউতাকক বাদ দি শিক্ষকৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়ে অকল চাকৰি কৰাৰ মানসিকতা এৰি এগৰাকী প্ৰকৃত শিক্ষক হিচাপে ল’ৰা-ছোৱালীৰ ভৱিষ্যত গঢ়িবলৈ শিক্ষা প্ৰদান কৰা উচিত। ভাষণ প্ৰসংগত নিতুমণি শইকীয়াই কয় বিভিন্ন অপৰাধমূলক কৰ্মকাণ্ডত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোক জড়িত হৈ আহি সমগ্ৰ জাতিটোকে বদনাম কৰা সকলক মষিমূৰ কৰিবলৈ উঠি অহা প্ৰজন্মক আহ্বান জনায়। তদুপৰি সংখ্যালঘু অঞ্চলত ৰাইজৰ মাজত ছোৱালী শিক্ষাৰ প্ৰতি গুৰুত্ব নিদিয়া মানসিকতা আছে বুলি কৈ কয় যে বাল্য বিবাহেই হৈছে অঞ্চলটোৰ শিক্ষাৰ ক্ষেত্ৰত উন্নতি নোহোৱাৰ মূল কাৰণ। এনে মানসিকতা সলনি কৰি লৰাৰ সমানে সমানে ছোৱালীকো শিক্ষা দিবলৈ ৰাইজক আহ্বান জনায়। নিজৰ সন্তানক হিন্দু বা মুছলমান হিচাপে নহয় এগৰাকী প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিবলৈ আৰু নৱ প্ৰজন্মক হিংসা বিদ্বেষ নোহোৱা এখন অসম,সমাজ আৰু দেশ নিৰ্মাণ কৰিবলৈ একেলগে থিয় দিবলৈ আহ্বান জনায়। সভাত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, কামৰূপ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা,অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰবিলোচন ঠাকুৰীয়া,যুৱ নেত্ৰী হাচিনা আহমেদ, আব্দুল বাৰিক, সাইজুদ্দিন আহমেদ, ৰেজিয়া চুলতানা প্ৰমুখ্য আৰু বহু কেইজন শিক্ষক, বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে ।
বৰগীত-নাটক-শংকৰী কলা কৃষ্টিৰ সাধনাৰে একাত্ম শিল্পী অনন্ত হাজৰিকা
অসমীয়া লোক-কলা সংস্কৃতিৰ ক্ষেত্ৰ খনত চহকী কৰি তোলা এজন আজন্ম শিল্পী হ’ল নগাঁও জিলাৰ বেবেজীয়া নিৱাসী তথা শংকৰী কলা কৃষ্টিৰ সাধক অনন্ত হাজৰিকা ৷ জীৱনৰ তিনি কুৰি ষোল্লটা বসন্তই (৭৬) শংকৰী কলা কৃষ্টিৰ সাধনাত ব্যস্ত থকা সাধক অনন্ত হাজৰিকাই শৈশৱৰ পৰাই কৰি আহিছে সংস্কৃতিৰ চৰ্চা ৷ সত্ৰীয়া পৰিবেশত শৈশৱৰ পৰাই সংস্কৃতিৰ মোহত পৰি গুৰুদুজনাৰ বৰগীত চৰ্চাৰ পৰা অংকীয়া ভাওনাৰ শৈলী,লোকগীত,নামাচাৰ্য,খোল বাদনকে ধৰি কৃষ্টিৰ পথাৰত স্বপ্ৰতিভা প্ৰকাশ কৰি আহিছে ৷ কৃষ্টিৰ মোহনাত সপ্তসুৰৰ ঝংকাৰে উদ্ভাসিত নগঁঞা শিল্পী অনন্ত হাজৰিকাই সত্ৰীয়া কৃষ্টিৰ পৰা আধুনিক শৈলী লৈকে সকলোতে পাৰদৰ্শিতা আৰু নিপুনতাৰ পৰিচয় দিয়া এইজনা শিল্পীয়ে অবিভক্ত নগাঁও জিলাত অংকীয়া ভাওনাত সূত্ৰধাৰ নৃত্যকে ধৰি বিভিন্ন অভিনয়ৰ স্বাক্ষৰ বহন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে,বেবেজীয়া গাৱঁত শ্ৰীকৃষ্ণৰ কেলিগোপাল নাটক অনন্ত হাজৰিকাৰ নিজা উদ্যোগতে আৰম্ভ হৈ আজিও অব্যাহত আছে ৷ স্মতৰ্ৱ্য যে,কৈশোৰ অৱস্থাতে ৰাম বিজয় ভাওনাত অভিনয়ৰ প্ৰথম পাতনি মেলা অনন্ত হাজৰিকাই বিভিন্ন সময়ত হৰিচন্দ্ৰ-উপাখ্যান,সাবিত্ৰী- সত্যবান,নলদময়ন্তী,দুৰ্যোধনৰ-উৰুভংগ,শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান,কুৰুক্ষেত্ৰ- সমৰ,দক্ষ্যযজ্ঞ,লক্ষণ- বৰ্জন,সীতাৰ- বনবাস,ঊব্বৰ্শী- উদ্ধাৰ,মায়াচন্দন কে আদি কৰি দুকুৰিৰো অধিক অংকীয়া ভাওনাকে ধৰি হৰিচন্দ্ৰ পালা ভাওনা আৰু মঞ্চ থিয়েটাৰ আদিত সুদক্ষ অভিনয় প্ৰদৰ্শন কৰি দৰ্শক ৰাইজক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল ৷ তেওঁৰ নেতৃত্বতেই বেবেজীয়াত পুস্পজ্যোতি যাত্ৰা পাৰ্টি মুকলি কৰি ৰাজ্যৰ বিভিন্ন স্থানত নিজে অভিনয় কৰাৰ লগতে অন্যান্য সকলক অভিনয় কৰাবলৈ সক্ষম হৈছিল ৷ তাৰোপৰি তেখেতৰ অপ্ৰাণ চেষ্টাতে বেবেজীয়াত এটি শিল্প সাধনাৰ কেন্দ্ৰ হিছাপে ৰংগমঞ্চ নিৰ্মাণ কৰি বৰ্তমান অঞ্চলৰ নৱ প্ৰজন্মৰ যুৱক যুৱতীক শিল্প সাধনা কৰিবলৈ অনুপ্ৰেৰণা যোগাই আহিছে ৷ প্ৰনিধানযোগ্য যে,বেবেজীয়া গাঁৱতে জন্ম লাভ কৰি গাঁৱৰ বোকামাটিৰ লগত ডাঙৰ দীঘল হৈ শৈশৱৰ পৰা নাট্য জগতৰ লগত জড়িত হৈ আজিলৈকে ৰজাঘৰীয়া পৰা কোনো ধৰনৰ আৰ্থিক সাহায্য লাভ নকৰা আজন্ম শিল্পী জনে জীৱনৰ খলাবমা পথত জীৱন সংগ্ৰাম কৰোতে সাংস্কৃতিক পথাৰখনত সময়ে সময়ে থমকি ৰব লগা ক্ষণবোৰক লৈ শিল্পী জনে আক্ষেপ কৰে ৷ শংকৰী কলা কৃষ্টিৰ সাধনত ব্ৰতী হৈ অহা এইগৰাকী শিল্পীক আজিলৈকে ৰজাঘৰীয়া অভিলাষী শিল্পীৰ আচঁনিয়ে ঢুকি নাপালে ৷ অথচ ৰজাঘৰ প্ৰজাঘৰৰ পৰা কোনো স্বীকৃতি লাভ নকৰিলেও শিল্পী গৰাকীয়ে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে ৷ এইজনা অশীতিপৰ আজন্ম শিল্পীক চৰকাৰৰ সাংস্কৃতিক বিভাগে শীৰ্ঘে শিল্পী পেঞ্চন দিবলৈ বেবেজীয়া অঞ্চলৰ বিভিন্ন দল সংগঠনৰ লগতে সাংস্কৃতিক প্ৰেমী ৰাইজে দাবী জনাইছে ৷
শোণিতপুৰ জিলাত প্ৰয়াত বীনেন্দ্ৰ চন্দ্ৰ ভগত দেৱৰ দশম স্মৃতি দিৱস
শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰি হাটৰ নিকটৱৰ্তী শিয়াল মাৰীৰ মহেন্দ্ৰ মোহন প্ৰাথমিক বিদ্যালয় খেলপথাৰত অলপতে অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা কুডুখ (ওৰাও) সাহিত্য সভাৰ উদ্য্যোগ আৰু নদুৱাৰ আঞ্চলিক সমিতি ৰ সহযোগত অনুষ্ঠিত হয় স্মৃতি দিৱস ও মুকলি সভা । পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ ৰে আৰম্ভ হোৱা এই কাযসুচীত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা।শোণিতপুৰ জিলা কুডুখ সাহিত্য সভাৰ সভাপতি,জাকাৰিয়াচ লাকডাৰ পৌৰোহিতত অনুষ্ঠিত হোৱা এই মুকলি সভাত কুডুখ সাহিত্য সভাৰ কেইবা গৰাকী বিশিষ্ট লোকে অঙশ গ্ৰহণ কৰে।সভাত বিভিন্ন অতিথি য়ে কুডুখ (ওৰাও) সমাজৰ বিভিন্ন সামাজিক দিশৰ ওপৰত আলোকপাত কৰাৰ লগতে বিশেষ আলোচনা ৰ বিষয় আছিল কুডুখ ভাষা শিক্ষা গ্ৰহণ তেওঁ সাহিত্য সভাৰ ভুমিকা আৰু সমাজ সঙসকাৰত সাহিত্য সভাৰ ভুমিকা ৰ ওপৰত ইডমানুৱেল কুজুৰ আৰু ঘন কান্ত ওৰাঙে বহল ভাৱে আলোচনা আগবঢ়ায় । উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি অসমত কৰা এই অতিকৈ পিছপৰা জনগোষ্ঠীৰ ভাষাক ভাৰতীয় সঙবিধানৰ অষ্টম অনুসুচিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰা হৈছে যদিও চৰকাৰে অদেপিও কুডুখ ( ওৰাও )ভাষা ক স্বীকৃতি প্ৰদান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে কুডুখ সাহিত্য সভাৰ নেতৃবৃন্দই
গহপুৰত এজন পুত্ৰৰ মাতৃ স্নেহৰ ব্যতিক্ৰমী নিদৰ্শন
পুত্ৰ-কন্যাৰ দ্বাৰা পিতৃ-মাতৃ এলাগী, অথবা বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থাকিবলৈ দিয়া অথবা বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত নিৰ্যাতন চলোৱা ঘটনা সঘনাই কাকত মাধ্যমত পঢ়িবলৈ পোৱা অথবা টেলিভিশ্যনৰ পৰ্দাত দেখিবলৈ পোৱা যায়। পিতৃ-মাতৃ নিজ পুত্ৰ-কন্যাৰ দ্বাৰা উপেক্ষিত ঘটনা দৈনন্দিন বৃদ্ধি পাই থকাৰ সময়তে গহপুৰৰ এজন যুৱকে দেখুৱাইছে মাতৃ স্নেহৰ অপুৰ্ব নিৰ্দশন। নিজৰ জীৱনটোক ভালদৰে বুজি পোৱাৰ সময়তে পিতৃক হেৰুওৱা গহপুৰ বড়িগাঁৱৰ ৰুদ্ৰ হাজৰিকাই দুই ভগ্নীক বিয়া দিয়াৰ পাছৰে পৰা অকলসৰীয়া মাতৃ অঞ্জলি হাজৰিকাৰ যত্ন লোৱাৰ উপৰিও তেখেতক সুখী কৰি ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি মাতৃস্নেহৰ এক বিৰল নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। টেলিভিশ্যনৰ ধাৰাবাহিকত অভিনয় কৰি ৰুদ্ৰসাগৰ হিচাপে পৰিচিত হোৱা ৰুদ্ৰ হাজৰিকাই নিজে বেছিসময় গুৱাহাটীত থাকিব লগা হোৱাৰ পৰিপ্ৰেক্ষিতত বড়িগাঁৱত জাকৈ নামৰ এখন ক্ষুদ্ৰ ৰেষ্টুৰেন্ট খুলি উক্ত ৰেষ্টুৰেন্টৰ পৰিচালনা কৰাৰ দ্বায়িত্ব মাতৃৰ হাতত অৰ্পন কৰি মাকক ব্যস্ত কৰি ৰখাৰ লগতে জাকৈ ৰেষ্টুৰেন্টত বয়োজ্যেষ্ঠৰ আড্ডাঘৰৰ মুকলিৰে বয়োজ্যেষ্ঠ পুৰুষ-মহিলাৰ সুখ-দুখৰ কথা-বতৰা পতাৰ লগতে গীত-মাতেৰে মনোৰঞ্জন কৰাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে বড়িগাঁৱৰ গোপিনিসকলৰ মাজত এগৰাকী সুকণ্ঠি নামতি হিচাপে পৰিচিত অঞ্জলি হাজৰিকাৰ গীতৰ চৰ্চা আব্যাহত ৰখাৰ বাবেই একমাত্ৰ পুত্ৰ ৰুদ্ৰসাগৰে জাকৈ ৰেষ্টুৰেণ্টৰ বয়োজ্যেষ্ঠৰ আড্ডাঘৰত দেওবাৰে সন্ধ্যা এক ব্যতিক্ৰমী সংগীতানুষ্ঠানৰ আয়োজন কৰে। গহপুৰৰ বিশিষ্ট দোতোৰা, বাদক উমা হাজৰিকা, খোল বাদক ৰামেশ্বৰ বৰা, ডগৰ বাদক বিপুল বৰুৱা আৰু বাঁহীবাদক দিগন্ত বৰাৰ সহযোগত ৰুদ্ৰসাগৰৰ মাতৃ অঞ্জলি হাজৰিকাই ৰাসৰ গীত, দিহানাম, লোকগীত আৰু বৰগীত পৰিৱেশনেৰে জাকৈৰ বয়োজ্যেষ্ঠৰ আড্ডাঘৰ জীপাল কৰি তোলে। উল্লেখ্য যে একমাত্ৰ মাতৃৰ সুখ তথা সংগীতৰ চৰ্চাৰ কাৰ্যক উদগনি দিয়াৰ উদ্দেশ্যৰে ৰুদ্ৰসাগৰে নিজাববীয়াকৈ উক্ত ব্যতিক্ৰমী সংগীতানুষ্ঠানৰ আয়োজন কৰে। মাতৃৰ উপৰিও অঞ্চলটি বয়োজ্যেষ্ঠ পুৰুষ মহিলা সকলৰ জীৱনৰ বিয়লি বেলাত অলপ সুখ, মানসিক সন্তুষ্টি দিয়াৰ উদ্দেশ্যৰে প্ৰতি দেওবাৰে জাকৈৰ আড্ডাঘৰত এনেধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ পৰিকল্পনা কৰিছে ৰুদ্ৰসাগৰে।
শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ আছু গোট গঠন
পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ অন্তর্গত বেলশৰস্হ শ্বহীদ স্মৃতি মহাবিদ্যালয় কালি আছু গোটটো গঠন কৰা হয় । কাৰ্যসূচীৰ আৰম্ভণিতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলন কৰে শ্বহীদ স্মৃতি মহাবিদ্যালয় আছু গোটৰ সভাপতি ধনজিৎ বৰ্মন , আছু গোটৰ উপদেষ্টা প্ৰাণজিৎ ৰাজবংশী । তাৰ পিছত প্ৰতিনিধি সভা আৰম্ভ হয় । প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে আছু গোটৰ সভাপতি ধনজিৎ বৰ্মনে , প্ৰতিনিধি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আছু গোটৰ সম্পাদক ৱিকি পাটোৱাৰী , সদৌ অসম ছাত্র সন্থাৰ দৃষ্টিভংগী বাখ্যা কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল বৰ্মন । আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা বক্তব্য আগবঢ়াই পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰানজিৎ ঠাকুৰীয়া, উপ সভাপতি দেৱজিত শৰ্মা , কল্পমণি কাকতি , সহ সাধাৰণ সম্পাদক নয়নজ্যোতি শৰ্মা , মুখ্য সাংগঠনিক সম্পাদক চাহিদুল আলম ।সভাখনত আমন্ত্ৰনিত অতিথি হিচাপে উপস্থিত আছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ শৰ্মা , সমাজকৰ্মী লক্ষ্মী পাটোৱাৰী । প্ৰতিনিধি সভাত উপস্থিত আছিল পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি মিৰ হুছেইন , সহ সাধাৰণ সম্পাদক নয়নজ্যোতি বৰ্মন , শিক্ষা সম্পাদক দীপাংকৰ বৰ্মন ,বিত্ত সম্পাদক বিশাল জ্যোতি কাশ্যপ , সাংগঠনিক সম্পাদক জ্যোতিপ্ৰকাশ সেন ডেকা, দীপামণি সেন ডেকা , অংকুৰ শৰ্মা , কাৰ্য্যলয় সম্পাদক ৰাজেশ শৰ্মা , কাৰ্যনিৰ্বাহ সদস্য সমুদ্ৰ গুপ্ত কাশ্যপ , দক্ষিণ পকোঁৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া জুবিন ডেকা , প্ৰতিনিধি সভা শেষ হোৱাৰ পিছত আৰম্ভ হয় বিষয় বাচনি সভা । বিষয় বাচনি সভাৰ সভাপতিত্ব কৰে আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতি কল্পমণি কাকতি । উদ্দেশ্য ব্যাখা কৰে আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰানজিৎ ঠাকুৰীয়াই । বিষয় বাচনি সভাত শ্বহীদ মহাবিদ্যালয় আছু গোটৰ সভাপতি হিচাপে ৰাহুল ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক হিচাপে চাইদূৰ ৰহমান আৰু শিক্ষা সম্পাদক হৰেকৃষ্ণ নাথক লৈ এখন শক্তিশালী আছু গোট গঠন কৰা হয় ।
বিহালীত সাংবাদিকৰ নামত ধন সংগ্ৰহৰ ক’ল ৰেকৰ্ডিং ভাইৰেল
ৰাজ্যত অব্যাহত আছে সহজে ধন ঘটা প্ৰক্ৰিয়া ।ইতিমধ্যে একাংশ দল সংগঠনক কঠোৰ সমালোচনা কৰিছে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই। বৰুৱাই একাংশ দল সংগঠনক কঠোৰ সমালোচনা কৰা লগতে বিধায়ক গৰাকীয়ে কয় আন্দোলন নামত ধন ঘটনা প্ৰক্ৰিয়া আৰু দোকান বন্ধ হোৱাৰ সময়ত। আন্দোলন নকৰিলে একাংশ পাকঘৰ নচলে বুলি মন্তব্য প্ৰকাশ কৰে বৰুৱাই ।ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ও কঠোৰ সকীয়নি দিছে একাংশ দল সংগঠনক ।কোনো দল সংগঠনৰ নেতাই ব্যৱসায়ী, প্ৰতিষ্ঠানৰ ব্যক্তি পৰা আন্দোলনৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰিব।প্ৰয়োজন হলে চৰকাৰে আৰ্থিক অনুদান দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।কিন্তু মুখ্যমন্ত্ৰী ঘোষণা প্ৰতি কিমান গুৰুত্ব দিছে একাংশ দল সংগঠনৰ নেতাই সেইটো গুৰুত্বপূৰ্ণ বিষয় ।ইফালে শেহতীয়াকৈ বহু কেই জন ছাত্র নেতা ধন সংগ্ৰহৰ অভিযোগত আৰক্ষীয়ে আটক কৰা পৰিলক্ষিত হৈছে যদিও সংগঠনৰ নামত একাংশই অব্যাহত ৰাখিছে ধন ঘটা প্ৰক্ৰিয়া। শেহতীয়াকৈ বিশ্বনাথত এটা জাতিয় সংগঠনৰ এজন গুৰুত্বপূৰ্ণ দায়িত্ব থকা নেতাই সাংবাদিক মেনেজ কৰিব লাগে বুলি ধন সংগ্ৰহত লিপ্ত থকা এক কথোপকথন বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অলপতে এই সন্দৰ্ভত সংবাদ মাধ্যমত কিছু বিষয়টো প্ৰকাশ পাইছিল ।
আনহাতে দেওবাৰে সম্পূৰ্ণ ঘটনাটো পোহৰলৈ আহে। সাংবাদিক মেনেজ কৰিব লগা বুলি ভাইৰেল হোৱা অডিঅটোত সামাজিক মাধ্যমৰ বিয়পি পৰা পিছতে তৎপৰ হয় বিহালী একাংশ সাংবাদিক ।সামাজিক মাধ্যমত প্ৰকাশ পোৱা অডিঅটোৰ তথ্য অনুসৰি বিশ্বনাথ জিলা অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ সভাপতি সিংজিত হাজৰিকা বুলি দাবী কৰে একাংশ লোকে।স্পষ্টকৈ একাংশই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এই ৰেকৰ্ডিংটো প্ৰকৃতে সংগঠনটোৰ নেতা সিংহজিৎ হাজৰিকা বুলি ।আনহাতে অডিঅটো প্ৰকাশ পোৱা কথোপকথন স্পষ্ট কৈ প্ৰকাশ পাইছে সংগঠনৰ নেতা গৰাকীয়ে এজন যুৱকক কৈছে সিহঁতৰ চাকৰি যাব, বহুত বহুত দৰমহা পাই সিহঁতে খেলিমেলি হ’ব চাকৰি যাব ।বহুত সাংবাদিক আহিব এতিয়া নিমিলিলে পিছত অসুবিধা হ’ব সিহঁতৰ এই দৰে সংগঠন নেতা জনে যুৱক জনৰ সৈতে আলোচনা কৰা কথা প্ৰকাশ পাই।নেতা গৰাকীয়ে কয় শুনকালে মিলাব লাগে সিহঁতে সাংবাদিকক সংগঠনটো নেতা গৰাকীয়ে যুৱক জনৰ সৈতে কথোপকথন স্পষ্ট প্ৰকাশ পাইছে।
সংগনৰ নেতা জনে কয় যুৱক জনক ১০ নহ’ব ৩০ লাগিব সাংবাদিকক মেনেজ কৰিবলৈ যদিও সাংবাদিকে বাতৰি কৰি দিয়ে, সিহঁতৰ চাকৰি যাব।ইমান ইমান দৰমহা পাই সিহঁতে।বহুত সমস্যা হ’ব চাকৰি যাব পিছত মোক নকবা ।বুলি ভাবুকি দিয়ে যুৱক জনক। যুৱক জন কয় মই ছাৰ সকলৰ সৈতে কথা পাতি আপোনাক জনাই আছোঁ।আকৌ পুনৰ কয় যুৱক জনে সাংবাদিক সকলক বুজাই দিব আপুনি । পুনৰ সংগঠনৰ নেতা জনে কয় ১০ নহ’ব সিহঁতে ৩০ কৈ আছে নহলে বাতৰি কৰিব দেই ।তেতিয়া পুনৰ যুৱক জনে কয় আপুনি মিলাব ।ইফালে এই অডিঅটো ভাইৰেল হৈ পৰা লগে লগে বিহালীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কোন সাংবাদিকক মেনেজ কৰিবলৈ এই দৰে এটা জাতিয় সংগঠনৰ নেতা জড়িত হ’ব পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন মহলৰ লগতে সাংবাদিক মহলত ।প্ৰকৃতে কোন সাংবাদিকৰ নামত ধনৰ লেনদেন কথা আলোচনা কৰিছে সংগঠনৰ নেতা জনে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিশ্বনাথ জিলাৰ সাংবাদিক মাজত ।আনহাতে বিষয়টো লৈ বিহালী সাংবাদিক মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। শীঘ্ৰে এই বিষয়টো সন্দৰ্ভত দুই এদিনৰ ভিতৰত উচিত তদন্ত দাবীত আইনৰ কাষ চাপিব বুলি প্ৰকাশ কৰে বিহালী সংবাদ মহলে।এতিয়া প্ৰশ্ন হয় এই জন নেতাই কোন সাংবাদিকক মেনেজ কৰিবলৈ ধন সংগ্ৰহ পৰিকল্পনা কৰিছে আৰক্ষীক তদন্ত কৰিবলৈ ও দাবী জনাইছে বিহালী সংবাদ মহলে । প্ৰকৃত ঘটনা পোহৰলৈ অহাটো বিভিন্ন দল সংগঠনে দাবী কৰিছে।ইফালে অডিঅটো সন্দৰ্ভত বিহালী কেইজনমান সাংবাদিকে নিজেই তদন্ত কৰি বিষয়টো আইনৰ কাষ চাপিব বুলি প্ৰকাশ কৰে। যিহেতু বিহালী সকলো সাংবাদিক বদনাম হৈ পৰিছে অডিঅটো ভাইৰেল হৈ পৰাত।ৰাইজৰ মাজত স্পষ্ট কৰি বিহালী সাংবাদিক মহলক দাবী জনাইছে সচেতন মহলে ।ইফালে মুখ্যমন্ত্ৰী ঘোষণা কৰা পিছতো সঘনাই এনে ঘটনা সংঘটিত হোৱাটো এক দুভাগ্যজনক আখ্যা দিছে সচেতন মহলে।আনহাতে বিষয়টো সংগঠনৰ দৃষ্টি গোচৰ কৰিবলৈ আহ্বান জনাইছে বিহালী সচেতন মহলে।
ক্ৰমান্বয়ে সক্ৰিয় হ’ব ধৰিছে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি
ওদালগুৰি জিলাৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব সুনীল কুমাৰ বাসুমতাৰীক দায়িত্ব অৰ্পণ কৰাৰ পিছৰে পৰা ক্ৰমান্বয়ে সক্ৰিয় হবলৈ ধৰিছে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি । জিলা সভাপতি হিচাপে জিলা সভাপতি বসুমতাৰীৰ নেতৃত্বত গঠন হোৱা জিলা সমিতি খনত জিলা খনৰ পৰা সক্ৰিয় দলীয় কাৰ্য্যকর্তা সকলক বিভিন্ন দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হৈছে । ওদালগুৰি জিলা বিজেপি সমিতি খনত সাধাৰণ সম্পাদক হিচাপে জয়কান্ত শৰ্মা , বলেন ব্ৰহ্ম আৰু সম্পাদক হিচাপে ৬ জন কাৰ্য্যকর্তা ক্ৰমে বিষ্ণুজ্যোতি ৰাভা , মানসী ডেকা , জৌচাং দৈমাৰী , বিনীতা কলিতা , জ্যোতিপ্ৰসাদ দাস , জোনমণি শইকীয়া, কোষাধ্যক্ষ কিশোৰ বায়ন ,কাৰ্য্যালয় সম্পাদক প্ৰণৱ দাস ,কাৰ্য্যালয় সহ: সম্পাদক অনুপম শৰ্মা , উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , বীৰ্দ্ধও বসুমতাৰীৰ লগতে জেষ্ঠ কৰ্মী তপন চৰকাৰ ,পদুমী মহানন্দ ,বিক্ৰম বসুমতাৰী আৰু লক্ষ্মী মৈণালীকো উপ সভাপতি হিচাপে অধিষ্ঠিত কৰিছে । সংবাদ কোষত জয়ন্ত শৰ্মাক দায়িত্ব অৰ্পণ কৰিছে । আৰু ওদালগুৰি জিলাৰ অন্যতম সক্ৰিয় যুৱ নেতা কিশোৰ শৰ্মাক ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে । মাজবাটৰ অন্যতম পৰিচিত যুৱ নেতা কিশোৰ শৰ্মায়ে সামাজিক মাধ্যমৰ গুৰুদায়িত্ব পোৱা মাত্ৰেই ওদালগুৰি জিলা সামাজিক মাধ্যমৰ ২১ জনীয় জিলা সমিতি গঠন কৰি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে । যুৱ নেতা কিশোৰ শৰ্মায়ে জানিব দিয়া মতে সমগ্ৰ ওদালগুৰি জিলাৰ ১১ খন মণ্ডলত বিজেপিৰ সামাজিক মাধ্যমৰ এক সুকীয়া সমিতি গঠন প্ৰক্ৰিয়া দ্ৰুত গতিত চলিছে ইতিমধ্যে জিলা খনৰ অন্তৰ্গত প্ৰায়ে বোৰ মণ্ডলৰ পৰা সামাজিক মাধ্যমৰ শক্তিশালী টিম বাহিনীবোৰ গঠন কৰি থকা হৈছে যিটো টিম বাহিনীয়ে দলৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব আৰু লগতে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি আগৰ তুলনাত আৰু অধিক শক্তিশালী হোৱাৰ পোষকতা কৰে মাজবাটৰ যুৱ নেতা বৰ্তমান জিলা সমিতিৰ বিষয়ববীয়া কিশোৰ শৰ্মায়ে । ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ জিলা আহ্বায়ক তথা মুখপাত্ৰৰ দায়িত্বত তথা যুৱ নেতা কিশোৰ শৰ্মাই ওদালগুৰি জিলা সামাজিক মাধ্যমৰ ২১ জনীয় সমিতি গঠন কৰি ইতিমধ্যে সকলোকে দায়িত্ব অৰ্পণ কৰিছে । জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে কিশোৰ শৰ্মাই গঠন কৰা জিলা সমিতি খনত জিলাৰ সামাজিক মাধ্যমৰ সহ আহ্বায়ক হিচাপে ক্ৰমে বীণা দেৱী ,ৰিংকি ধৰ , ৰঞ্জন ডেকা ৰ লগতে জিলা সদস্য হিচাপে সমগ্ৰ জিলাৰ প্ৰত্যেক মণ্ডলৰ পৰা সক্ৰিয় কাৰ্য্যকর্তা সকলক লৈ মুঠ ২১ জনীয় সমিতি গঠন কৰা হৈছে । জিলাৰ সদস্য হিচাপে দায়িত্ব লাভ কৰা সকল ক্ৰমে কস্তভ হাজৰিকা , জগত ছেত্ৰী , অনুজ শৰ্মা , দিলীপ চৌহান , অস্মিতা ছেত্ৰী , স্বমকৰ ব্ৰহ্ম , ৰূপজ্যোতি কাকতি , বিশ্বজিত নেতাম , মিন্টু বৰুৱা , ৰিংকু মোদক , মানস শৰ্মা , কণিকা ডেকা নবীন শৰ্মা , ৰিজ’ ছেত্ৰী , নিকুমণি বৰা আৰু অজয় চৌধুৰী আদি কাৰ্যকৰ্তাই ।
ওৰাং কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ত আটছাৰ প্ৰাথমিক সমিতি গঠন
২৭ নবেম্বৰত শনিবাৰে ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত আটছা ৰ প্ৰাথমিক সমিতি গঠন কৰা হয় । প্ৰায়ে দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভা খনত প্ৰাথমিক সমিতি গঠন কৰাৰ পিছতেই সাংগঠনিক দিশত আলোকপাত কৰাৰ লগতে বিস্তৃত ভাবে আলোচনা পৰ্য্যালোচনা কৰা হয় ৷।উক্ত সভাৰ সভাপতিত্ব কৰে আটছাৰ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি মণিৰাম মাহাতোৱে ৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে আটছা মাজবাট শাখাৰ সম্পাদক দেৱহৰি মাহাতোৱে । ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ আটছা ৰ প্ৰাথমিক সমিতিত সভাপতি হিচাপে লোহিত মাহাতো আৰু সম্পাদিকা হিচাপে ৰীতা মাহাতোক নিৰ্বাচিত কৰি মুঠ ২১ জনীয়া শক্তিশালী কাৰ্য্যকৰী সমিতি গঠন কৰা হয় ।











