ওদালগুৰি জিলাৰ গেৰুৱা অঞ্চলৰ ড্রেগন ফলৰ খেতিৰ বাটকটীয়া চন্দন দৈমাৰীৰ হাতত ধৰি আগবাঢ়িছে ৰঞ্জন ব্ৰহ্ম। তুলনামূলকভাৱে অন্যান্য খেতিতকৈ ড্রেগন ফলৰ খেতিত লাভ হোৱাত ই এক লাভজনক খেতিৰ জৰিয়তে বছৰত পাঁচ লাখ টকা বিক্রী হয়। এই ফলৰ বজাৰ মূল্য প্রতি খেতি ৰূপে কৃষক সমাজত সমাদৰ লাভ কৰিছে। গেৰুৱাৰে বাসিন্দা ৰঞ্জন দৈমাৰীয়ে মাত্ৰ ডেৰ বিঘা মাটিত তিনি বছৰ পূৰ্বে সামান্য মূলধনেৰে আৰম্ভ কৰা ড্রোগন ফলৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। নিবনুৱা বুলি হায়ৈ-বিয়ে নকৰি, চাকৰিৰ পিচত নদৌৰি দৈমাৰীয়ে ভাতৃ চন্দন দৈমাৰীৰ পথেৰে ড্রোগন ফলৰ খেতিত মনোনিবেশ কৰে। তেওঁ সাংবাদিকৰ আগত কয়— মোৰ সৰুৰে পৰাই খেতি-বাতি কৰাত বৰ আগ্ৰহ আছিল। প্রথম পর্যায়ত বগৰী খেতিত মনোনিৱেশ কৰো যদিও কৃষি ব্যৱসায় সূত্রে পশ্চিমবংগৰ এগৰাকী বাঙালী লোকেৰে পৰিচয় হয়। তেৱেঁই মোক এই ড্রেগন খেতিৰ বাবে দিহা দিয়ে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়ায়। চন্দন দাদাৰ পৰাও সহায়- সহযোগিতা পাইছো। তেওঁৰ পৰামৰ্শ মতে মই ২০১৮ চনৰ পৰা ডেৰ বিঘা মাটিত ড্রেগন ফলৰ খেতি আৰম্ভ কৰো। এই ফলৰ বজাৰৰ বাবেও হাবাথুৰি খাবলগা হোৱা নাই। ওচৰৰে ওদালগুৰি টাউন, ৰৌতাতে এই ফল কেজিত ৩৫০/৪০০ টকা যদিও এই ফাৰ্মৰ পৰা ২৫০ টকা দৰত মানুহে জন্ম কৰে। এই ফল অতি উৎকৃষ্ট। আইৰণ, চি ভিটামিন, প্ৰ’টিন, মেগনেছিয়ামৰ পৰা আৰম্ভ কৰি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰায়বোৰ মিনাৰেলেৰে পৰিপূৰ্ণ এই ফল। এই খেতি সম্পূর্ণ প্রাকৃতিক উপায়েৰে কৰা হয়। গোবৰেই একমাত্র ইয়াৰ সাৰ। এই খেতি কৰাও সহজ। মই অকলে এই ডেৰ বিঘা মাটিত খেতি কৰিছো। অন্য খেতিত মানুহ বেছি লাগে, শ্রমিক লাগে। এই খেতিৰ বাবে যাৱতীয় খৰচ কম কিন্তু লাভ বেছি। অসমৰ নিবনুৱা যুৱক-যুৱতীসকলে চাকৰিৰ বাবে হাবাথুৰি খাই থকাৰ কোনো দৰকাৰ নাই। এবিঘা-দুবিঘা মাটিৰেই এই খেতি কৰি বছৰেকত ৫ৰ পৰা ১০লাখ টকা উপার্জন কৰি এক সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে।
আলোপতি শান্তিপুৰত আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ ওৱাজ মেহফিলৰ সামৰণি
দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত আলোপতি শান্তিপুৰত আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ সাহাৰ্য্যাৰ্থে অনুষ্ঠিত ১৭ তম ধৰ্মীয় ওৱাজ মেহফিল সফলভাৱে সামৰণি পৰে। আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি আলহাজ আব্দুৰ কাদেৰৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা ধৰ্মীয় ওৱাজ মেহফিলৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক জাহান উদ্দিন আহমেদে। উক্ত সভাত মূখ্য অতিথি হিচাপে ধুবুৰী বক্সিৰহাট কায়েম মাটি হাইস্কুলৰ আৰবী শিক্ষক মৌলনা আফছাৰ আলী শ্বেখ, বিশিষ্ট অতিথি হিচাপে আলোপতিৰ ইকৰা নেচনেল একাডেমিৰ ব্যৱস্থাপক মুফতি ফাৰুক হাছান আল কাছিমি, আমন্ত্ৰিত অতিথি হিচাপে নৱগত শিমলীতোলা বজাৰ জামে মছজিদৰ ইমাম মৌলানা নুৰ হুছেইন, মুফতি মহিদুল ইছলাম লগতে অন্যান্য ধৰ্মীয় আলেম উলেমা উপস্থিত থাকে। উক্ত ধৰ্মীয় ওৱাজ মেহফিলত কেইবা শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ সমাগত হয়। আবু বাহাৰ তাহফিজুল কোৰাণ মাদ্ৰাছাৰ সাহাৰ্য্যাৰ্থে অনুষ্ঠিত ধৰ্মীয় জলসাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি-সম্পাদক আবুবক্কাৰ আৰু শিৰাজুল হকে ধৰ্মীয় জলসাত উপস্থিত হোৱা অতিথিৰ লগতে সমুহ ধৰ্মীয় প্ৰাণ ৰাইজৰ শলাগ লয়।
টীয়কত ছমহীয়া মিছিং ভাষা প্ৰশিক্ষণৰ আৰম্ভ
টীয়কৰ জাতীয় বিদ্যালয়ত টীয়ক মিচিং বাংকে আগম কেবাঙৰ উদ্যোগত আয়োজিত ছমহীয়া মিচিং ভাষা প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে টীয়ক জাতীয় বিদ্যালয় তথা জ্ঞানপীঠ একাডেমীৰ সঞ্চালক প্ৰদীপ চুতীয়াই। আঞ্চলিক সমিতিৰ সভাপতি দিলীপ কুমাৰ মিলিয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত উদ্বোধক ৰূপে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মিলেশ্বৰ পেগু আৰু অতিথি ৰূপে টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ মণ্টু কুমাৰ বড়াই অংশগ্ৰহণ কৰি এনে প্ৰশিক্ষণৰ গুৰুত্ব আৰু এই পদক্ষেপৰ জৰিয়তে মিচিং ভাষা শিক্ষাই জনপ্ৰিয়তা লাভ কৰিব বুলি বক্তৃতা আগবঢ়ায় উদ্যোক্তা সকলৰ পদক্ষেপৰ শলাগ লয়।আগম কেবাঙৰ টীয়ক অঞ্চলিকৰ প্ৰতিস্থাপক সম্পাদক অৰ্গেশ্বৰ টাই,প্ৰণৱ পায়েং, টীয়ক ডিব্ৰু কেবাঙৰ সভাপতি ধৰ্মেশ্বৰ মিলি, প্ৰতিষ্ঠাপক সভাপতি পীতাম্বৰ মিলি, সদস্য কাৰ্তিক পেগু আদিয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণত ৰবীন মিলি, ৰামাকান্ত টাই আৰু ললিত টায়ে প্ৰশিক্ষক ৰূপে দায়িত্ব গ্ৰহণ কৰিছে।
নাজিৰা নিৰ্বাচনী জিলাত ব্যাপক ভোটাৰ সজাগতা অভিযান কাৰ্যসূচী
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশমৰ্মে বৰ্তমান চলি থকা ফটোযুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী, ২০২২ প্ৰতি লক্ষ্য ৰাখি নাজিৰা নিৰ্বাচনী জিলাত ভোটাৰৰ মাজত ব্যাপক প্ৰচাৰ অভিযান হাতত লৈছে। বিগত প্ৰায় এক সপ্তাহজুৰি নাজিৰা জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি সব্যসাচী কাশ্যপৰ তত্বাবধানত এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে ভোটাৰক সজাগ কৰাৰ লক্ষ্যৰে মহকুমাধিপতিৰ সামগ্ৰিক পৰিকল্পনাৰে প্ৰস্তুত কৰা এটি চুটি ভি ডি অ’ নাজিৰা মহকুমা প্ৰশাসনৰ ফেচবুক পেজত মুকলি কৰা হৈছে আৰু কমসময়ৰ ভিতৰতে ই প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মহকুমাটোৰ অন্তৰ্গত নাজিৰা, মেকীপুৰ, ৰমণী, জয়মতী, ৰহদৈপুখুৰী আদি পঞ্চায়তত ভোটাৰৰ মাজত সজাগতা সৃষ্টি লগতে ভোটাৰ হেল্পলাইন এপৰ সন্দৰ্ভতো প্ৰচাৰ চলোৱা হয়। উল্লেখযোগ্য যে ভাৰতৰ নিৰ্বাচন আয়োগৰ ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে অতি সহজতে ঘৰতে বহি ভোটাৰ তালিকাত নতুন নাম অৰ্ন্তভূক্তি, কৰ্তন, শুধৰণী আদি বিভিন্ন কাম কৰিব পাৰি। নাজিৰা আৰু শিমলুগুৰি নগৰৰ মূল প্ৰাণ কেন্দ্ৰতো এই এপৰ বিষয়ে শিৱিৰ অনুষ্ঠিত কৰা হয়। ইয়াতকৈ উল্লেখনীয় দিশ এইয়াই যে মহকুমাটোৰ অন্তৰ্গত সাতখনকৈ চাহ বাগিচা সামৰি সেই এলেকা সমূহত বিশেষ সজাগতা শিৱিৰ অনুষ্ঠিত কৰা হয়। যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ লক্ষ্যৰে গড়গাঁও মহাবিদ্যালয়, নাজিৰা মহাবিদ্যালয় আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত বিশেষভাৱে ভোটাৰ হেল্পলাইন এপৰ বিষয়ে প্ৰচাৰ আৰু প্ৰশিক্ষণ দিয়া হয়। লগতে গড়গাঁও মহাবিদ্যালয়ত পোষ্টাৰ প্ৰদৰ্শনী আৰু শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত এখনি কুইজ প্ৰতিযোগিতাও সম্পন্ন হৈ যায়। সমগ্ৰ নাজিৰা বিধান সভা সমষ্টি এলেকাসমূহত ভ্ৰাম্যমান বাহনৰ যোগেদি মাইকৰ দ্বাৰা ধাৰাবহিকভাৱে ঘোষণা কৰি ভোটাৰ ৰাইজক উৎসাহিত কৰা পৰিলক্ষিত হয়। এই সমগ্ৰ কাৰ্যসসূচীত নিয়োজিত সহকাৰী নিৰ্বাচক পঞ্জীয়ক বিষয়া, পৰ্যবেক্ষক আৰু সংশ্লিষ্ট ভোট গ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া সকলে সহযোগ আগবঢ়ায়।
খৈৰাবাৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
প্ৰাপ্ত খৱৰ অনুসৰি ওদালগুৰি জিলাৰ খৈৰাবাৰী থানা অন্তৰ্গত খৈৰাবাৰীৰ পৰা গৰেশ্বৰ যোৱা পথৰ মাজৰগাঁৱত ৰবিবাৰে নিশা দুৰ্বিত্তই কোনোৱা অচিন ব্যক্তিক ডিঙি কাটি হত্যা কৰি থৈ যোৱা অৱস্থাত আজি পুৱা স্থানীয় লোকে অচিন মৃতদেহটো প্ৰ্ত্যক্ষ কৰি মাজৰগাঁও ভিডিপিৰ সহায়ত খৈৰাবাৰী আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলীত খৈৰাবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ।বৰ্তমান মৃতদেহটো চিনাক্তকৰণ হোৱা নাই যদিও আনুমানিক ৩৫ বছৰীয়া ডেকা যুৱক বুলি জানিব দিয়ে আৰু তদন্ত পক্ৰিয়া অব্যাহত ৰাখিছে।
জাগুনৰ সাংবাদিক ঋতুপৰ্ণ ভূঞাৰ দ্বাৰা সাংবাদিকতাৰ ওপৰত কেৰিয়াৰ সম্পৰ্কীয় আলোচনা
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডাৰী বিদ্যালয়ত শনিবাৰে সাংবাদিকতাৰ ওপৰত কেৰিয়াৰ সম্পৰ্কীয় এক আলোচনা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ অধ্যক্ষা ৰিণা কুমাৰী খনিকৰৰ নেতৃত্বত প্ৰতি শনিবাৰে ছাত্ৰ ছাত্ৰী সকল উপকৃত হোৱাকৈ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। যোৱা শনিবাৰে তেওঁলোকে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সাংবাদিকতাৰ ওপৰত আলোকপাত কৰিবৰ বাবে সাংবাদিকতাৰ ডিগ্ৰীধাৰী জাগুনৰ সাংবাদিক ঋতুপৰ্ণ ভূঞাক আমন্ত্ৰণ জনায়।ঋতুপৰ্ণ ভূঞাই ছাত্ৰ ছাত্ৰী সকলৰ আগত সাংবাদিকতাৰ বিভিন্ন দিশ,পাঠ্যক্ৰম আৰু কেৰিয়াৰ কেনেদৰে গঢ়িব পাৰি এই দিশ সমূহ সুন্দৰ ৰূপত উপস্থাপন কৰে।বিদ্যালয় খনৰ এনেধৰণৰ পদক্ষেপে ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যতে আগুৱাই যোৱাৰ ক্ষেত্ৰত নিশ্চিত ভাৱে সহায় কৰিব বুলি বিভিন্ন জনে মত পোষণ কৰে।
মাজবাটত ১৯৩ কেজি ভাং জব্দ
ওদালগুৰি জিলা মাজবাটৰ চিকাৰিডাংগা অঞ্চলৰ পৰা ৰবিবাৰে মাজবাট আৰক্ষীৰ এক গোপন খবৰৰ আলম লৈ মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জে,পি শৰ্মা ,এ এচ আই নয়ন জুতি গগৈ , লালপানি আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজিৱ গোঁহাইৰ লগত এটা দল এ অভিযান চলায় অসম অৰুণাচল হিমান্ত অঞ্চল চিকাৰিডাংগা অঞ্চলৰ জংগলত লুকাই ৰখা অবস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি ভাং খিনি ।ভাং খিনিৰ ওজন ১৯৩ কেজি বুলি আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়ে।মাজবাট আৰক্ষী থানাত লৈ আনে। মাজবাট আৰক্ষীয়ে 124/21 নম্বৰত এটা কেচ ৰজু কৰি তদন্ত অব্যাহত ৰাখিছে৷
নতুন দিল্লীত সৰ্বদলীয় বৈঠক, ৰহস্যজনক ভাবে অনুপস্থিত প্ৰধানমন্ত্ৰী মোদী
২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন।শীতকালীন অধিৱেশনৰ আগে আগে নতুন দিল্লীত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কংগ্ৰেছকে ধৰি ৩১ টা ৰাজনৈতিক দলৰ মুঠ ৪২ গৰাকী নেতা উপস্থিত থাকে। বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰী মন্ত্ৰী পিযুষ গোৱেল উপস্থিত থাকে যদিও ৰহস্যজনক কাৰণত বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
বৈঠকত মোদীৰ অনুপস্থিতিতিৰ বিষয়টোকলৈ বিভিন্ন দলৰ নেতাসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মোদীয়ে দেশৰ কেইবাটাও জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত বিৰোধীৰ সমালোচনাৰ সন্মুখীন হোৱাৰ ভয়তে সৰ্বদলীয় বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে বুলি বহুতে চৰ্চা কৰিছে। ইপিনে মোদীৰ অনুপস্থিতিৰ প্ৰসংগত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় ‘সৰ্বদলীয় বৈঠকত ইমানদিনে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়েই যোগদান কৰি অহাৰ নিয়ম আছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বৰ নিয়মৰ বিপৰীতে গৈ নিজেই সৰ্বদলীয় সভাত উপস্থিত থাকিবলৈ আৰম্ভ কৰিছিল।আজিৰ বৈঠকত বিশেষ অসুবিধাৰ বাবেহে মোদীয়ে উপস্থিত থাকিব নোৱাৰিলে ‘। অৱশ্যে মন্ত্ৰীগৰাকীয়ে কি কাৰণত মোদী বৈঠকত উপস্থিত নাথাকিল সেয়া সদৰী কৰাৰ পৰা বিৰত থাকে।
সৰ্বদলীয় বৈঠকত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেই কয় যে মোদীয়ে সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব লাগিছিল। কাৰণ সকলো দলৰে নেতাসকলে মোদীক ক’বলগীয়া বহু কথাই আছিল।মোদীৰ অনুপস্থিতে বৈঠকত বিভিন্ন দলৰ নেতাসকলে মূল্যবৃদ্ধি, পেগাছাচ ফোন টেপিং,নিৱনুৱা সমস্যা, কৃষকৰ সমস্যা আদিৰ বিষয়ত আলোচনা কৰে।বৈঠকত তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ’ ব্ৰিয়েন আৰু সুদীপ বন্দোপাধ্যায়ে পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত বিএছএফৰ ক্ষমতা বৃদ্ধিৰ বিষয়টোকলৈ চৰকাৰক সমালোচনা কৰে। কৃষকৰ বাবে নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণকে ধৰি তিনিখনকৈ কৃষি আইন বাতিল কৰিবলৈও বিভিন্ন দলৰ নেতাসকলে দাবী জনায়।
আজিৰ সৰ্বদলীয় বৈঠকত উপস্থিত থকা নেতাসকল হ’ল—কংগ্ৰেছৰ মল্লিকাৰ্জুন খৰ্গে,অধিৰ ৰঞ্জন চৌধুৰী,আনন্দ শৰ্মা,ডিএমকেৰ টি আৰ বালু,তিৰুছি ছিবা, এনচিপিৰ শাৰদ পাৱাৰ,শিৱসেনাৰ বিনায়ক ৰাউত,সমাজবাদী পাৰ্টীৰ ৰাম গোপাল যাদৱ,বিএছপিৰ সতীশ মিশ্ৰ,বিজেডিৰ প্ৰসন্ন আচাৰ্য,নেছনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লা আদি।
এইবাৰ সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা ২৩ ডিচেম্বৰ পৰ্যন্ত চলাৰ সম্ভাৱনা আছে। এই অধিৱেশনতে তিনিও খন কৃষি আইন বাতিলৰ আনুষ্ঠানিক প্ৰক্ৰিয়াও সম্পন্ন কৰা হ’ব বুলি আশা কৰা হৈছে। ইতিমধ্যে কেবিনেটে কৃষি আইন কেইখন বাতিলত অনুমোদনো জনাইছে। এইবাৰ সংসদৰ শীতকালীন অধিৱেশনত ২৬ খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।
দৈনন্দিন বাৰ্তাৰ সাংবাদিক গৌতম কুমাৰ কাকতিলৈ জাফাৰ এচিভাৰ্ছ এৱাৰ্ড
ৰাজ্যৰ সংবাদকৰ্মী সকলৰ অগ্ৰনী সংগঠন জাৰ্ণেলিষ্ট এছ’চিয়েছন ফৰ আসাম চমুকৈ জাফাই আজি বিভিন্ন শিতানত মুঠ ২৭ গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰে৷আজি দিছপুৰৰ অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত এই বটাসমুহ প্ৰদান কৰা হয়৷
জাফা এচিভাৰ্ছ এৱাৰ্ড অসমৰ বৈদ্যুতিক আৰু ছপা মাধ্যমৰ মুঠ ২৭ গৰাকী ন-পুৰনি সাংবাদিকক প্ৰদান কৰা হয়।উল্লেখ্য যে দৈনন্দিন বাৰ্তাৰ মৰিগাঁৱৰ সাংবাদিক গৌতম কুমাৰ কাকতিকো এই বটা প্ৰদান কৰা হয়। বটা প্ৰাপক সকলক গামোচা, স্মাৰক, চেলেং চাদৰ আৰু ফুলৰ ঠোপা প্ৰদান কৰা হয়৷

অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জেষ্ঠ সাংবাদিক নৰেন হাজৰিকা, বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্তা, জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকাকে প্ৰমুখ্যে কৰি আন বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে৷
শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধঃ উপস্থিত মন্ত্ৰী ইউ জি ব্ৰহ্ম
১৩ নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ আহুতি দিয়া আছাম ৰাইফলছৰ শ্বহীদ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধ দেওবাৰে সম্পন্ন হৈ যায়৷ বাক্সা জিলাৰ বৰমাৰ সমীপৰ থৈকাৰাকুছিৰ শ্বহীদ সুমনৰ গৃহত ৰাতিপুৱাৰে পৰা বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে কৰা হয় আদ্যশ্ৰাদ্ধৰ কাম-কাজ৷
পুৱাৰে পৰা অসংখ্য গুণমুগ্ধৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীয়ে আহি শ্বহীদ গৰাকীৰ পৰিয়ালৰ কাষত থিয় হৈ সমবেদনা জ্ঞাপন কৰে ৷ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আছাম ৰাইফলছৰ সহকৰ্মীয়ে আদ্যশ্ৰাদ্ধ স্থলীত উপস্থিত হৈ সুমনৰ পত্নীৰ হাতত পদক আৰু চেক প্ৰদান কৰে ৷ শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে চৰকাৰৰ তৰফৰ পৰা যথেষ্টখিনি সন্মান লাভ কৰাৰ কথা ব্যক্ত কৰে পত্নী জুৰি স্বৰ্গীয়াৰীয়ে ৷

ইতিমধ্যে শ্বহীদ গৰাকীৰ নামত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পথ আৰু বিদ্যালয়ৰ তোৰণৰ কাম পূৰ্ণগতিত চলি থকা বুলিও মন্তব্য কৰে ৷ লগতে আজিৰ আদ্যশ্ৰাদ্ধৰ সমস্ত খৰছ বিটিচি চৰকাৰে বহন কৰাৰ কথাও ব্যক্ত কৰে সুমনৰ পত্নীয়ে ৷ অনাগত দিনত ৰাইজৰ মৰম আৰু আশীৰ্বাদ লৈ একমাত্ৰ কণমানি পুত্ৰক দেশৰ সুনাগৰিক হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিব বুলি মন্তব্য কৰে শ্বহীদ পত্নীয়ে ৷

ইফালে আজি দিনৰ ভাগত শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ আদ্যশ্ৰাদ্ধত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ৷ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মন্ত্ৰী ব্ৰহ্মই নিজ ভাষণত বীৰ শ্বহীদ গৰাকীৰ কৃতিত্ব সোঁৱৰণ কৰাৰ লগতে সুমনৰ পৰিয়ালক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াবলৈ চৰকাৰ সম্পূৰ্ণৰূপে দায়ৱদ্ধ বুলি জনায় ৷ আনহাতে সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ হ’লে আমি সকলোৱে প্ৰথমে শিক্ষা আৰু উন্নয়ণত গুৰুত্ব দিয়া উচিত । অন্যথা ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰাটো একেবাৰে অসম্ভৱ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় মন্ত্ৰী ব্ৰহ্মই ।











