Home Blog Page 2685

চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ দুই কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে বনধংসৰ অভিযোগ

দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবল চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিৰ দালালেই নহয় পৰবৰ্তী সময়ত বন বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধেও সকীয়নি দিছিল। ইয়াৰ পিছতে যোৱা ২৮ অক্টোবৰত কামৰূপ প্ৰশাসনে এক চৰকাৰী নিৰ্দেশযোগে কামৰূপ জিলাৰ পাহাৰৰ মাটি কটা ,পাহাৰৰ পৰা শিল ভঙা, তথা পাহাৰ ধংসৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণৰ বাবে প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এনফ’ৰচমেণ্ট বিষয়া নিযুক্ত কৰি কঠোৰ হবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছিল।

উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ সিং , চিলা বনাঞ্চলিক বিষয়া এছ বৰদলৈ, কামৰূপ এনফৰ্চমেণ্ট আৰু চাংসাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ এক কমিটিৰ জৰিয়তে চিলা বন অঞ্চলটিৰ বন ধংসৰ বিৰুদ্ধেও পদক্ষেপ লবলৈ কোৱা হৈছিল কামৰূপ প্ৰশাসনৰ ফালৰ পৰা। চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ আওতাত পাঁচটা পুৰ্বৰ পৰা চলা মাটি কটাৰ ওপৰি উত্তৰ গুৱাহাটী আৰু বাইাহাটা অঞ্চলত অস্থায়ীভাবে পাহাৰৰ মাটি কটা অব্যাহত থাকিল। তদুপৰি চকীগেট , কাটামুৰ পাহাৰ , মলঙ পাহাৰ আদিত অবাধে পাহাৰ ধংস মুকলিভাবে চলি থাকিল। এইসমূহ অবাধে চলি থকাৰ মুলতে চিলা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মী জনৈক দাস আৰু জনৈক ভৰালীৰ অশুভ ইংগিতত জধেমধে পাহাৰ ধংস চলি আছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

জনৈক ভড়ালী আৰু দাসে প্ৰতিটোৰে পৰা মহিলী মোটা অংকৰে বুজাবুজি কৰি অবৈধ কাৰ্যকলাপ কৰাত সুবিধা কৰি দিয়াৰ উপৰিও কেইবাটাও ক্ৰেচাৰৰ পৰাওঁ মাহিলী ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে । তদুপৰি ব্লক ইটা উদ্যোগৰ প্ৰতিটোৰ পৰা আৰু ইটা ভাটা সমুহৰ পৰাও বুজন পৰিমানৰ ধন সংগ্ৰহৰ অভিযোগ উৎথাপিত হৈছে এই দুই বন কৰ্মীৰ বিৰুদ্ধে । আনকি আজ্ঞাঠুৰীৰ জনৈক আগৰৱালা উপাধিৰ কংক্ৰীট উদ্যোগলৈ কুমাৰিকটাৰ পৰা শিল বালি কঢ়িয়াই অনা ২৭খন মাল ট্ৰাকৰ পৰাও মাহিলি অবৈধভাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে জনৈক দাস আৰু ভৰালীৰ বিৰুদ্ধে । চিলা বনাঞ্চলিক বিষয়া এছ বৰদলৈক আঁৰত ৰাখি এই দুই অসাধু কৰ্মীয়ে  প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শনেৰে এইসমূহ কাম কৰাৰ অভিযোগ তুলিছে একাংশ সচেতন ৰাইজে ।

ইতিপুৰ্বে বেআইনী কামৰ বাবে কোনো কোনোক বন বিভাগৰ শীৰ্ষ মহলে কৈফিয়ৎ তলব কৰিছিল যদিও সেয়া যেন ফুটুকাৰ ফেনলৈ পৰ্যবেসিত হৈছে । এতিয়াও কুম্ভ নগৰ, টাঙনি ,গৌৰীপুৰ ,বাইহাটা ,মলঙ, কাটামুৰ আদি কেইবা ঠাইতো অবাধ বন ধংস চলি থকাৰ পিছতো চকু মুদা কুলিৰ ভাৱত বন বিভাগ কিম্বা জিলা প্ৰশাসন । কামৰূপ প্ৰশাসনে পাহাৰ ধংসৰ বিৰুদ্ধে সময়ে সময়ে  জাৰি কৰা নিৰ্দেশনাৰ পিছতো পাহাৰ ধংস অব্যাহত থকালৈ চাই এইয়া প্ৰশাসনৰ একাংশ অসাধু বিষয়াই বন ধংসকাৰিক কাষ চপোৱাৰ এক কৌশল বুলিও সৰ্ব সাধাৰণে মত ব্যক্ত কৰিছে । কামৰূপ প্ৰশাসন আৰু বন বিভাগৰ বৰমূৰীয়াই এইবোৰ অৱগত হৈ লবনে কিবা উচিত কাৰ্যপন্থা, ইমানবোৰ অভিযোগৰ পিছত বনকৰ্মী জনৈক ভৰালী আৰু দাসৰ বিৰুদ্ধে তদন্ত কৰি কিবা ব্যবস্থা গ্ৰহণ কৰিবনে প্ৰশাসনে , প্ৰশাসনে চিলা ৰেঞ্জত চলি থকা পাহাৰৰ ৰঙামাটিৰ অবৈধ খনন ও সৰবৰাহ, অসম চৰকাৰে পাবলগীয়া ৰাজহৰ বৃহৎ চুৰি কাৰ্যৰ লগতে বন্ধ কৰিবলৈ সক্ষম হবনে অন্যান্য অবৈধ কাৰ্যকলাপ?

এই সমূহ প্ৰশ্নৰ অৱতাৰণা হৈছে সচেতন মহলত।যাৰবাবে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইসমূহত হস্তক্ষেপ বিচৰাৰ লগতে বিভাগীয় মন্ত্ৰীকো উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা ৰেঞ্জত চলি থকা বৃহৎ দুৰ্নীতি বন্ধ কৰিবলৈ আহ্বান জনাইছে বৃহত্তৰ অঞ্চলৰ সচেতন ৰাইজে।

লামডিঙৰ চান্দুৰা বস্তিৰ এটি দূৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাঁথা

হোজাই জিলাৰ ৰেল নগৰি পূৰ্বৰ লামডিঙ পঞ্চায়তৰ চান্দুৰা বস্তিৰ আৰ্থিক ভাবে দুৰ্বল এটি পৰিয়ালৰ এটি কৰুণ কাহিনী। জন্মৰ পৰাই জটিল ৰোগত আক্ৰান্ত হৈ বিচনাত শয্যাশায়ী হৈ আছে সুবাস দাসৰ তিনিজন সন্তান আকাশ দাস অঞ্জনা দাস আৰু সুসিল দাস।এই জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে পিতৃ,মাতৃ তেনেই অপাৰগ। যি সা-সম্পত্তি আছিল সমগ্ৰ বিক্ৰী কৰি দিশহাৰা হৈ পৰিছে পৰিয়ালটো।

সুবাস দাসৰ তিনিজন সন্তান জন্মৰ পৰাই বিকলাংগ আৰু পত্নীৰো পেটৰ টিউমাৰত ভুক্তভোগী। উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া প্ৰয়োজন এক বৃহত পৰিমাণৰ ধন।আৰ্থিক দৈন্যতাৰে জীৱন নিৰ্বাহ কৰি অহা দুৰ্ভগীয়া পৰিয়ালটোৰ ভবিষ্যত জীৱনলৈ নামি আহিছে অন্ধকাৰ।তিনি সন্তানৰ পিতা সুবাস দাস এতিয়া দিশহাৰা হৈ পৰিছে।সুবাস দাসৰ প্ৰয়োজন স্থানীয় বিধায়ক ,আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। তেওঁলোকক প্ৰয়োজন আপোনাৰ মোৰ দৰে দহ জনৰ সহায়ৰ হাত। মানবতাৰ খাতিৰত উঠি অহা সপোন বিকলাংগ সুবাস দাসৰ তিনিজন সন্তান আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ মুখলৈ হাঁহি ঘুৰাই আনিব পাৰে আপুনি।আপুনি যদি পৰিয়ালটোক আৰ্থিক সহায় আগবঢ়াব বিচাৰিছে তেন্তে এই একাউন্ট নম্বৰত অৰ্থ দান কৰিব পাৰে।

STATE BANK OF INDIA, LUMDING BRANCH. ACCOUNT HOLDER : SUBHASH  DAS, ACCOUNT NO : 37437823185, IFSC CODE : SBIN0006310

ডেৰশ বিঘা মাটিত উন্নত জাতৰ মগু,মাটি মাহৰ খেতি কৰি হাঁহি বিৰিঙিছে কৃষকৰ৷

যি সময়ত ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলে কেৱল মাত্ৰ চৰকাৰী সংস্থাপনৰ আশাত বছৰ বছৰ ধৰি অপেক্ষা কৰি দিন কটাবলগীয়া হৈছে ঠিক তেনে সময়তে তৰুণ প্ৰজন্মৰ একাংশ শিক্ষিত যুৱক যুৱতীয়ে কৃষি বিজ্ঞান কেন্দ্ৰক সহযোগী হিচাপে লৈ নিবনুৱা সমস্যাৰ সমাধানৰ বাবে কৃষি কৰ্মৰ জৰিয়তে প্ৰথম প্ৰচেষ্টাতেই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে বিভিন্ন ঠাইত বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ বালি চাপৰি সমূহ এনেই পৰি থকালৈ লক্ষ্য কৰি এইবাৰ শোণিতপুৰ জিলাৰ বৰছলা সমষ্টি অন্তৰ্গত ন বিলত ব্ৰহ্মপুত্ৰৰ বালি চৰত কেইবাজনো শিক্ষিত যুৱকেৰে গঠিত জোনাক আত্ম সহায়ক গোটে তেজপুৰ নপাম স্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি প্ৰায় ডেৰশ বিঘা বালি চৰত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা যোগান ধৰা উন্নত মানদণ্ডৰ মাটি মাহ আৰু মগু মাহ খেতি কৰিছিল।

যুৱক সকলক কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা পৰীক্ষা মূলক ভাৱে যোগান দিয়া উন্নত জাতৰ মাটি আৰু মগু মাহৰ  খেতি কৰি সফলতা পাৱলৈ সক্ষম হৈছে।২৬ নবেম্বৰত তেজপুৰ নপামস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা এই খেতি পৰিদৰ্শন কৰিবলৈ অহা কেন্দ্ৰটোৰ শস্য ৰক্ষা বিশেষজ্ঞা সংযুক্তা শইকীয়াই উপস্থিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যোগান ধৰা বীজৰ উৎপাদন সম্পৰ্কে কৃষক সকলৰ পৰা বুজ লয়।ইফালে একেটা মাটিত কি দৰে অধিক উৎপাদন কৰিব পাৰি বা মাটিৰ গুণাগুন সম্পৰ্কে কৃষক সকল কেনেদৰে গম পাব সেই সম্পৰ্কে মত বিনিময় কৰে ভূমি বিজ্ঞানী বিষয়া নমিতা দত্তই । কৃষি বিজ্ঞান কেন্দ্ৰৰ দলটোৰ সৈতে সহ প্ৰকল্প বিষয়া পলাশ ঠেঙাল আৰু এপাৰ্টৰ বিষয়া পদ্ম দলেও উপস্থিত থাকি জোনাক আত্ম সহায় গোটৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ বিশাল বালিচৰত কৃষক সকলে পৰিশ্ৰমৰ জৰিয়তে কৃষি বিজ্ঞানৰ তৰফৰ পৰা লাভ কৰা বীজ সমূহৰ সঠিক ব্যৱহাৰ কৰি যি উৎপাদন কৰিলে ইয়াৰ দ্বাৰা আন কৃষক সকলেও উপকৃত হব বুলি উল্লেখ কৰে।

গুৰুত্বপূৰ্ণ কথা যে যি সময়ত কৃষি বিভাগ তৰফৰ পৰা যোগান ধৰা বীজৰ খেতি কৰি প্ৰায়ে কৃষক সকল ঠগ খাব লগা হয় তেনে সময়তে  তেজপুৰ নপাম কৃষি বিজ্ঞান কেন্দ্ৰ তৰফৰ পৰা উন্নত জাতৰ বীজ লাভ কৰি অধিক উৎপাদন কৰিৱলৈ সক্ষম হৈছে কৃষক গোটটিয়ে।প্ৰথম বাৰৰ বাবে কৃষি কাৰ্যৰ সৈতে জড়িত হৈ মগু আৰু মাটি মাহৰ খেতি কৰা কৃষক গোটটোৱে প্ৰায় ১০০ কুইন্টলতকৈ অধিক মাটিমাহ লাভ কৰিব বুলি কৃষি বিজ্ঞান কেন্দ্ৰৰ দলটোৰ আগত প্ৰকাশ কৰে।  

শেহতীয়াকৈ এই গোটটোকেই পুনৰ উন্নত জাতৰ মটৰ আৰু মচুৰ দাইলৰ বীজ খেতি কৰিবলৈ  যোগান ধৰিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা।তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তথা শিক্ষক তৰুণ চন্দ্ৰ নাথ,স্থানীয় কৃষক ৰঞ্জিত নাথ,জয়ন্ত নাথ,নিৰেন কুৰ্মীৰ বিশেষ প্ৰচেষ্টাৰ জৰিয়তে জিলা খনৰ কেইবাগৰাকী শিক্ষিত যুৱকৰ দ্বাৰাই যোগাত্মক দৃষ্টিভংগীৰে কৃষি কৰ্মত আত্মনিয়োগ কৰা এই সকল কৃষকৰ কৃষি কৰ্মই অঞ্চলটোত কৃষি কৰ্মৰ প্ৰতি বহুতকে আকৰ্ষিত কৰিছে ।

কৃষি আইন বাতিলৰ দাবীত দেৰগাঁৱত প্ৰতিবাদী কাৰ্যসূচী

জনবিৰোধী তিনিখন কৃষি আইন বাতিলৰ দাবীত ২০২০ চনৰ ২৬ নৱেম্বৰৰ পৰা দিল্লীত কৃষক সকলে  অব্যাহত ৰখা আন্দোলনৰ এবছৰ সম্পূৰ্ণ কৰাৰ দিনটোত সমগ্ৰ দেশতে কৃষক শ্ৰমিকে জনবিৰোধী কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।

দেৰগাঁৱতো এই দিনটোত নৰেন শৰ্মা স্মৃতি পথাৰত চিপিআইএম আৰু চিআইটিইউৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰতিবাদী সকলে কৃষক আন্দোলনত শ্বহীদ হোৱা ব্যক্তি সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতেই চিআইটিইউৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰকাশ হাজৰিকা আৰু চিপিআইএমৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক যুগল নাথে বিজেপি চৰকাৰ খনৰ বিভিন্ন জনবিৰোধী আচনি সমুহৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি বক্তব্য প্ৰদান কৰে।

প্ৰতিবাদকাৰী সকলে সংসদত জনবিৰোধী কৃষি আইন বাতিল কৰক, কৃষকক উৎপাদিত পণ্যৰ নুন্যতম সহায়ক মূল্য প্ৰদানৰ আইন গ্ৰহণ কৰক, বিদ্যুৎ (সংশোধনী) বিল ২০২১ বাতিল কৰক, শ্ৰম আইন ৰক্ষা কৰক, শ্ৰম সংহিতা বাতিল কৰক আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰে।

সেউজ প্ৰাধিকৰণৰ নিৰ্দেশনাক বুঢ়া আঙুলিঃ শিৱসাগৰত অব্যাহত কয়লাৰ ছিণ্ডিকেট

দূৰ্নীতি তথা অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে বৰ্তমানৰ শাসনাধিস্থ চৰকাৰে যিমানেই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰক কিয় চৰকাৰী পক্ষৰে একাংশ বাঘা বাঘা নেতাৰ পৃষ্ঠপোষকতাত অবিভক্ত শিৱসাগৰ জিলাত অব্যাহত আছে শিল ,কয়লা , পাণ , চুপাৰী , বিভিন্ন প্ৰতিষ্ঠানৰ ঠিকা কামৰ অবাধ ছিণ্ডিকেট। শিৱসাগৰ আৰু চৰাইদেউ জিলাত একাংশ প্ৰভাৱশালী দলীয় নেতাৰ পৃষ্ঠপোষকতাত পুনৰ সক্ৰিয় হৈ পৰিছে এই কয়লাৰ ছিণ্ডিকেট। আৰক্ষী – প্ৰশাসনৰ একাংশ বিষয়াই এই ছিণ্ডিকেট চক্ৰটোক সৰ্বতোপ্ৰকাৰে সহায় সহযোগিতা কৰাৰো অভিযোগ উঠিছে।

নৱগঠিত চৰাইদেউ জিলাৰ নিমনাগড় , মথুৰাপুৰ আদিৰ ভালেকেইটা অঞ্চলত একাংশ প্ৰভাৱশালী লোকে অবৈধ প্ৰক্ৰিয়াৰে কয়লাৰ ডিপো স্থাপন কৰি অভিনৱ পন্থাৰে অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি আহিছে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী , বিহুবৰ , চূণপোৰা , শিমলুগুৰি , হালোৱাটিং আমগুৰিকে ধৰি কেইবাটাও স্থানত একাংশ প্ৰভাৱশালী লোকে বিশেষ বিশেষ ব্যক্তিক মেনেজ কৰি কয়লাৰ ছিণ্ডিকেট অব্যাহত ৰখাৰ অভিযোগ উঠিছে। যোৱা ২৪ নৱেম্বৰৰ নিশা গোলাঘাটৰ পৰা অহা আৰক্ষীৰ এটা দলে নাজিৰা মহকুমাৰ চূণপোৰা অঞ্চলৰ জমিৰ নামৰ এগৰাকী ব্যক্তিৰ কয়লাৰ ডিপোত অভিযান চলায় । কৰ ফাকিৰে ডিপো চলাই থকা এই ব্যক্তি গৰাকীৰ নথি – পত্ৰ আৰক্ষীয়ে জব্দ কৰে ইয়াৰ লগতে সাতখনকৈ অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাকো জব্দ কৰে ।

উক্ত ঘটনাৰ ৪৮ ঘণ্টা পাৰ ন’হওতেই নাজিৰাৰ শিমলুগুৰি আৰক্ষীয়ে আন চাৰিখন অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাক জব্দ কৰা বিষয়টোয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । শুক্ৰবাৰে পুৱতি নিশা শিমলুগুৰি আৰক্ষীয়ে এএছ ১৯ এ চি – ২৭৮৪ , ডব্লিউ বি – ৫৯ চি – ২৯১১ , এ এছ – ০১ জি চি – ৩৯৯২ আৰু ডব্লিউ বি – ৫৯ বি – ৯৩২৬ নম্বৰৰ অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয়। এক সুত্ৰৰ পৰা জনা মতে কেউখন ট্ৰাক চৰাইদেউ জিলাৰ নিমনাগড়ত থকা জাগীৰোডৰ ইটাভাতালৈ নিয়া হৈছিল ।

ইফালে গোলাঘাটৰ আৰক্ষীয়ে শিৱসাগৰত আহি সাতখনকৈ কয়লা পৰিবাহী ট্ৰাক জব্দ কৰাৰ পিছত নাগালেণ্ডৰ পৰা নাজিৰা মহকুমাৰ বিহুবৰ , গেলেকী , নামতি , নাজিৰা আদৰ্শ আৰক্ষী থানাৰ সন্মুখেদি বিভিন্ন প্ৰান্তলৈ যোৱা ট্ৰাকসমূহ পৰহিৰ পৰা এক বিশেষ স্থানত ৰাখি কেইবাখনো কয়লা পৰিবাহী ট্ৰাকে তিৰ্পালেৰে কয়লাসমূহ ঢাকি সময় আৰু সুযোগ বুজি আৰক্ষী থানা কেইখনৰ সন্মূখেদিয়েই নিশা বৰ আলিয়েদি শিৱসাগৰ নগৰ আৰু জয়সাগৰৰ দিশে গতি কৰে । নিশা আৰক্ষীৰ টহলদাৰী দলে এই ট্ৰাকসমূহৰ পৰা বুজন পৰিমাণৰ ধন লৈ অনায়াসে এলেকা পাৰ হোৱাত সহায় কৰে বুলি অভিযোগ উত্থাপিত হৈছে । সেউজ প্ৰাধিকৰণৰ , চৰকাৰ তথা ন্যায়ালয়ৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এনেদৰে আৰক্ষী – প্ৰশাসনৰ সহযোগত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত থকা বিষয়টোয়ে ব্যাপক আলোড়ন সৃষ্টি কৰিছে । 

মানকাচৰত আৰক্ষী, চিআৰপিএফৰ যৌথ অভিযানত ফাৰ্মাচীৰ পৰা উদ্ধাৰ বৃহৎপৰিমানৰ ড্ৰাগছ

মানকাচৰত আৰক্ষী, চিআৰপিএফৰ যৌথ অভিযানত ফাৰ্মাচীৰ পৰা উদ্ধাৰ বৃহৎপৰিমানৰ ড্ৰাগছ। আটক দুই ড্ৰাগছ ব্যৱসায়ীক।মানকাচৰৰ পুৱেৰ গাঁওত এখন ফাৰ্মাচীত আজি বিয়লি প্ৰায় ৫ বজাত মানকাচৰ আৰক্ষী আৰু চি আৰ পি এফে যৌথ অভিযান চলাই দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

এক গোপন সূত্ৰৰ আধাৰত ৪৮ ই কোম্পানী বেটেলিয়ানৰ চিআৰপিএফ বাহিনীয়ে এক গোপন সূত্ৰৰ আধাৰত মানকাচৰ আৰক্ষীৰ সহযোগত গাঁওখনত থকা হাস্পাতালৰ কাষৰ এখন ফাৰ্মাচীত অভিযান চলায়। ফাৰ্মাচী খনৰ পিছফালে থকা ঔষধৰ গুদাম ঘৰত মাটিৰ তলত নিচা জাতীয় টেবলেট, ভাং জমা কৰি ৰাখিছিল। আৰক্ষী চিআৰপিএফে মাটিৰ তলৰ পৰা প্ৰায় ৭০০ গ্ৰাম ভাং, ৯৬০ টা নিচা জাতীয় টেবলেট জব্দ কৰিছে।

দুই ফাৰ্মাচীৰ গৰাকী ক্ৰমে মকচেদুল মিয়া আৰু ৰাহুল ইছলামক মানকাচৰ আৰক্ষীয়ে ফাৰ্মাচীৰ পৰা আটক কৰি সোধা পোছা চলাই আছে।ড্ৰাগছৰ বিৰূদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱাৰ সময়ত মানকাচৰত এইদৰে ড্ৰাগছ ব্যৱসায়ীয়ে ফাৰ্মাচীৰ সুযোগ লৈ ব্যৱসায় আৰম্ভ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কামাখ্যা মন্দিৰত নিৰ্বাচন

কামাখ্যা মন্দিৰৰ দলৈৰ পদৰ বাবে আজি অনুষ্ঠিত হোৱা নিৰ্বাচন এই পৰ্যন্ত সুকলমে চলি আছে।

নিৰ্বাচন অনুষ্ঠিত স্থলীত কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনৰ বিষয়াসকল উপস্থিত থকাৰ উপৰিও পুৱা ১০-১৫ বজাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কামাখ্যাত উপস্থিত হৈ নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰে।

সংবাদ মাধ্যমৰ লোকসকলক সংবাদ পৰিৱেশনৰ বাবে আন্তৰিকতাৰে অনুৰোধ জনাইছে কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই।

ৰৌতাত কোচ-ৰাজবংশী লোকনৃত্য কৰ্মশালা সম্পন্ন

স্বাধীনতাৰ পৰশত সঙ্গীত চৰ্চ্চা সঞ্জীৱনীৰ  সঞ্চাৰ হৈছিল । সেই দিনৰ পৰা আজিলৈ অনুৰাগ থকা  ডেকা গাভৰু চামৰ উপৰিও ল’ৰা ছোৱালী বিলাকৰ মনো বৈজ্ঞানিক পদ্ধতি যোগে সংগীত  বিদ্যা আহৰণ কৰিবৰ কাৰণে  আগ্ৰহি হোৱা দেখা যায় । উপভোগ  কৰি ক্ষন্তেকৰ কাৰণে হ’লেও পাহৰি যায় জীৱন নিৰ্বাহৰ  বেথা ।  ই  দেশ তথা ৰাজ্যখনৰ বাবে বৰ শুভ লক্ষণ ।

সেয়ে  বিটিআৰৰ ওদালগুৰি জিলাৰ  ৰৌতা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী ৰৌতা বাগান শ্ৰী শ্ৰী লক্ষ্মী মণ্ডপৰ খেল পথাৰত ৭ দিনীয়াকৈ  অনুষ্ঠিত হোৱা কোচ ৰাজবংশীসকলৰ লোকনৃত্য কৰ্মশালা প্ৰদৰ্শন ২৭  নৱেম্বৰৰ নিশা ১০ বজাত সামৰণি পৰে । ৰৌতা অঞ্চলটোৰ ৰৌতাবাগান , ৰৌতাষ্টেচন , ৮ নম্বৰ ধনশ্ৰী, বজ্ৰঝাৰ , বালিসিহা , বালিসিহা হাবি, ঝাৰগাও,সিধাখোৱা ,মৰাধনশ্ৰী আৰু মাধৱগোহাই আদিকেধৰি কেইবাখনো গাঁৱৰ  প্ৰায় পাঁচশ  কিশোৰী আৰু যুৱতীক কলা সংস্কৃতিৰ প্ৰশিক্ষণ দিয়া হয় ।

কোচ ৰাজবংশী সকলৰ সংস্কৃতিৰ ভিতৰত বিশেষ ভাৱে গুৰুত্ব দি  কিশোৰী আৰু যুৱতীসকলক  ঢোল, দোতৰা ,ঝুমকা ,চাৰিন্দা আৰু বাঁহী আদি বাদ্য বজায়  গীত পৰিৱেশনেৰে  নৃত্যৰ  মাজেৰে সুন্দৰ পৰিৱেশৰ মাজত  প্ৰশিক্ষণ আগবঢ়ায় । প্ৰতিদিনে   দিনৰ ১ বজাৰ পৰা নিশা  ৯  বজালৈকে অনুষ্ঠিত হোৱা এই  লোকনৃত্যৰ প্ৰশিক্ষণ আগবঢ়ায় কোকৰাঝাৰৰ দিলীপ ৰায়, কোচবিহাৰৰ দয়াময় বৰ্মন আৰু ধুবুৰীৰ নিতেশ চন্দ্ৰ ৰায়ে । আঞ্চলিক ভিত্তিত  চলা গোৱালিনি ,কুষান , কাৰ্তিকা আৰু হুদুম নামৰ নৃত্য -গীত প্ৰশিক্ষণৰ অন্তত  কালি ২৭ নৱেম্বৰৰ দিনা পুৱা  আঠ বজাত পতাকা উত্তোলন কৰে ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বিজয় ৰুদ্ৰই । ইয়াৰ পিছত আবেলি অনুষ্ঠিত হয় মুকলি  সভা ।

এই মুকলি সভাত  সভাপতিত্ব কৰে  ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী শ্ৰীবাস সিংহই । সভাত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰ্মন , মুছা ‘ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জব্বৰ আলী , ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি অখিল ৰাজবংশী ,  ওদালগুৰি জিলা অবিচি মৰ্চাৰ সভাপতি গোপী বাহাদুৰ চেত্ৰী , ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি সুৱল বৰ্মন আৰু ওদালগুৰি আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ ভক্ত সিংহ প্ৰমুখ্যে আক্ৰাছু পাঁচখন আঞ্চলিকৰ লগতে দহখন শাখা সমিতিৰ সভাপতি আৰু  সম্পাদকসকলে উপস্থিত থাকি কোচ ৰাজবংশীসকলৰ লোকনৃত্যৰ কৰ্মশালাখনৰ ওপৰত বক্তৃতা প্ৰদান কৰি শিক্ষাৰ্থীসকলক সংগীতৰসিক কামত দিহা পৰামৰ্শ  আগবঢ়ায়  । তদুপৰি সভাত কেইবাগৰাকী বিশিষ্ট অতিথি আৰু প্ৰশিক্ষক, প্ৰশিক্ষাৰ্থী ,নেতা, বিশিষ্ট নাগৰিক , সাংবাদিক আদিক সম্বৰ্ধনা জ্ঞাপন কৰে ।

অসম ক্ৰিকেট সংস্থাই ১ ডিচেম্বৰৰ পৰা আয়োজন কৰিব আৰ.জি. বৰুৱা অনুৰ্ধ-১৬ প্ৰতিযোগিতা

অসম ক্ৰিকেট সংস্থাই ২০২১ চনৰ ১ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰ, ২০২১ লৈ গুৱাহাটীত ২০২১-২২ বৰ্ষৰ বাবে ৰাধা গোবিন্দ বৰুৱা (আৰ জি বৰুৱা) অনুৰ্ধ-১৬ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিবলৈ প্ৰস্তুুতি চলাইছে। প্ৰতিযোগিতাখনত মুঠ ৪১ টা দলে অংশগ্ৰহণ কৰিব।

আগন্তুক বিজয় মাৰ্চেণ্ট ট্ৰফীৰ বাবে ৰাজ্যিক অনুৰ্ধ-16 দল বাছনিৰ আধাৰ হিচাপে গঢ়ি উঠা প্ৰতিযোগিতাখনৰ সময়ত, গুৱাহাটীৰ চাৰিটা পৃথক স্থানত প্ৰতিদিনে চাৰিখন কৈ খেল অনুষ্ঠিত হ’ব – এচিএ ষ্টেডিয়াম, বৰচাপাৰা (গ্ৰাউণ্ড ১), এচিএ ষ্টেডিয়াম, বৰচাপাৰা (গ্ৰাউণ্ড ২), নেহৰু ষ্টেডিয়াম আৰু আমিনগাঁও ক্ৰিকেট গ্ৰাউণ্ড।

ইয়াত উল্লেখ কৰিব লগীয়া যে আৰ জি বৰুৱা অনুৰ্ধ-১৬ আন্তঃজিলা প্ৰতিযোগিতাৰ এই ছিজনত অসমত ৰাজ্যিক ক্ৰিকেট একাডেমীৰ দুটা দলও অন্তৰ্ভুক্ত থাকিব, লগতে অনুমোদিত গোটসমূহৰ ৩৯ টা দলও অন্তৰ্ভুক্ত থাকিব।তদুপৰি, প্ৰতিযোগিতাখনৰ এই ছিজনত ২০২১ বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা অন্তিম আৰ.জি. বৰুৱা অনুৰ্ধ-১৬ আন্তঃজিলা টুৰ্ণামেণ্টৰ ফলাফলৰ ওপৰত আধাৰিত কৰি অনুমোদিত দলবোৰক দুটা শ্ৰেণীত বিভক্ত কৰা হ’ব – প্লেট আৰু এলিট।

ৰঙিয়াই ১ ডিচেম্বৰ, ২০২১ তাৰিখে হোজাইৰ বিৰুদ্ধে এচিএ ষ্টেডিয়াম, বৰচাপাৰা, গুৱাহাটীত খেলিব। বোকাখাতে ১ ডিচেম্বৰ, ২০২১ তাৰিখে নলবাৰীৰ বিৰুদ্ধে এচিএ ষ্টেডিয়াম, বৰচাপাৰা, গুৱাহাটীত খেলিব। মঙলদৈয়ে ২০২১ চনৰ ১ ডিচেম্বৰত উত্তৰ গুৱাহাটীৰ আমিনগাঁও ক্ৰিকেট খেলপথাৰত বিলাসীপাৰাৰ মুখামুখি হ’ব। তিতাবৰে ১ ডিচেম্বৰ, ২০২১ তাৰিখে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত বজালীৰ সৈতে শিং বন্ধ কৰিব।

মৰিগাঁও কলেজত এনচিচি দিৱস উপলক্ষে ৰক্তদান শিবিৰ

এনচিচি দিৱস উপলক্ষে মৰিগাঁও মহাবিদ্যালয়ত মৰিগাঁও কলেজ এনচিচি ইউনিত আৰু অসম বিএনচিচিয়ে আয়োজন কৰে এক ৰক্তদান শিবিৰ।

ৰক্তদান শিবিৰত উপস্থিত থাকে  মৰিগাঁও মহাবিদ্যালয়ৰ  অধ্যক্ষ  ড০ লীলাকান্ত বৰা, উপাধ্যক্ষ  ড০ হেমলতা শৰ্মা, মহাবিদ্যালয়ৰ  এনচিচি বিভাগৰ চিটিঅ’ সমুজ্জল শইকীয়া, মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়ৰ ৰক্ত ভাণ্ডাৰৰ  সচিবকে আদি কৰি সহকাৰী স্বাস্থ্য কৰ্মী সকলৰ ওপৰিও  মহাবিদ্যালয়ৰ শিক্ষাগুৰু সকলৰ লগতে এন চি চি ৰ ছাত্র ছাত্রী  সকল উপস্থিত আছিল।

উল্লেখ্য যে উক্ত ৰক্তদান শিবিৰত  ১৯ ইউনিত ৰক্তদান কৰা হয়।