Home Blog Page 2686

ক্ৰমান্বয়ে সক্ৰিয় হৈছে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি

ওদালগুৰি জিলাৰ জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব সুনীল কুমাৰ বাসুমতাৰীক দায়িত্ব অৰ্পণ কৰাৰ পিছৰে পৰা ক্ৰমান্বয়ে সক্ৰিয় হবলৈ ধৰিছে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি । জিলা সভাপতি হিচাপে বসুমতাৰীৰ নেতৃত্বত গঠন হোৱা জিলা সমিতি খনত জিলা খনৰ পৰা সক্ৰিয় দলীয় কাৰ্য্যকর্তা সকলক বিভিন্ন দায়িত্ব অৰ্পণ কৰা পৰিলক্ষিত হৈছে ।

ওদালগুৰি জিলা বিজেপি সমিতি খনত  সাধাৰণ সম্পাদক হিচাপে জয়কান্ত শৰ্মা , বলেন ব্ৰহ্ম আৰু সম্পাদক হিচাপে ৬ জন কাৰ্য্যকর্তা ক্ৰমে বিষ্ণুজ্যোতি ৰাভা , মানসী ডেকা , জৌচাং দৈমাৰী , বিনীতা কলিতা , জ্যোতিপ্ৰসাদ দাস , জোনমণি শইকীয়া, কোষাধ্যক্ষ কিশোৰ বায়ন ,কাৰ্য্যালয় সম্পাদক প্ৰণৱ দাস ,কাৰ্য্যালয় সহ: সম্পাদক অনুপম শৰ্মা , উপ সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , বীৰ্দ্ধও বসুমতাৰীৰ লগতে জেষ্ঠ কৰ্মী তপন চৰকাৰ ,পদুমী মহানন্দ ,বিক্ৰম বসুমতাৰী আৰু লক্ষ্মী মৈণালীকো উপ সভাপতি হিচাপে অধিষ্ঠিত কৰিছে । 

সংবাদ কোষত  জয়ন্ত শৰ্মাক দায়িত্ব অৰ্পণ কৰিছে । আৰু ওদালগুৰি জিলাৰ অন্যতম সক্ৰিয় যুৱ নেতা কিশোৰ শৰ্মাক ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ আহ্বায়ক হিচাপে দায়িত্ব অৰ্পণ কৰিছে ।  মাজবাটৰ অন্যতম পৰিচিত যুৱ নেতা কিশোৰ শৰ্মায়ে সামাজিক মাধ্যমৰ গুৰুদায়িত্ব পোৱা মাত্ৰেই ওদালগুৰি জিলা সামাজিক মাধ্যমৰ ২১ জনীয় জিলা সমিতি গঠন কৰি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছে । যুৱ নেতা কিশোৰ শৰ্মায়ে জানিব দিয়া মতে সমগ্ৰ ওদালগুৰি জিলাৰ ১১ খন মণ্ডলত বিজেপিৰ সামাজিক মাধ্যমৰ এক সুকীয়া সমিতি গঠন প্ৰক্ৰিয়া দ্ৰুত গতিত চলিছে ইতিমধ্যে জিলা খনৰ অন্তৰ্গত প্ৰায়ে বোৰ মণ্ডলৰ পৰা সামাজিক মাধ্যমৰ শক্তিশালী টিম বাহিনীবোৰ  গঠন কৰি থকা হৈছে যিটো টিম বাহিনীয়ে  দলৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰিব আৰু লগতে ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি আগৰ তুলনাত আৰু অধিক শক্তিশালী হোৱাৰ পোষকতা কৰে মাজবাটৰ যুৱ নেতা বৰ্তমান জিলা সমিতিৰ বিষয়ববীয়া কিশোৰ শৰ্মায়ে ।

ওদালগুৰি জিলা বিজেপিৰ সামাজিক মাধ্যমৰ জিলা আহ্বায়ক তথা মুখপাত্ৰৰ দায়িত্বত তথা  যুৱ নেতা কিশোৰ শৰ্মাই ওদালগুৰি জিলা সামাজিক মাধ্যমৰ ২১ জনীয় সমিতি গঠন কৰি ইতিমধ্যে সকলোকে দায়িত্ব অৰ্পণ কৰিছে । জিলা সভাপতিৰ নিৰ্দেশ মৰ্মে কিশোৰ শৰ্মাই গঠন কৰা জিলা সমিতি খনত জিলাৰ সামাজিক মাধ্যমৰ সহ  আহ্বায়ক হিচাপে ক্ৰমে বীণা দেৱী ,ৰিংকি ধৰ , ৰঞ্জন ডেকা ৰ লগতে জিলা সদস্য হিচাপে সমগ্ৰ জিলাৰ প্ৰত্যেক মণ্ডলৰ পৰা সক্ৰিয় কাৰ্য্যকর্তা সকলক লৈ মুঠ ২১ জনীয় সমিতি গঠন কৰা হৈছে । জিলাৰ সদস্য হিচাপে দায়িত্ব লাভ কৰা সকল ক্ৰমে কস্তভ হাজৰিকা , জগত ছেত্ৰী , অনুজ শৰ্মা , দিলীপ চৌহান , অস্মিতা ছেত্ৰী , স্বমকৰ ব্ৰহ্ম , ৰূপজ্যোতি কাকতি , বিশ্বজিত নেতাম , মিন্টু বৰুৱা , ৰিংকু মোদক , মানস শৰ্মা , কণিকা ডেকা নবীন শৰ্মা , ৰিজ’ ছেত্ৰী , নিকুমণি বৰা আৰু অজয় চৌধুৰী আদি কাৰ্যকৰ্তাই ।

যোৰহাটত সূৰুয ড্ৰামাৰ ‘নিসংগতাৰ কোলাহল’ মহুৰত

সাংস্কৃতিক দিশত অগ্ৰণী যোৰহাটৰ চাৰিগাঁও অঞ্চলত নাট্যধাৰা অক্ষুণ্ণ ৰাখি বিশেষভাৱে প্ৰভাৱ বিস্তাৰ আৰু বহু শিল্পী প্ৰতিষ্ঠিত হোৱাত অৱদান যোগোৱা স্বনামধন্য নাট্যশিল্পী অনিল চন্দ্ৰ বৰদলৈৰ সোঁৱৰণত সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচে নাট্য সন্ধিয়া উচৰ্গা কৰিব।

এই উপলক্ষে একেই শিল্পী স্ৰষ্টা আন এগৰাকী নাট্য সাধক মানবেন্দ্ৰ শৰ্মাৰ ৰচিত-পৰিচালিত নাটক ‘নিসংগতাৰ কোলাহল’ কালি গংগা বিবাহ ভৱনত শুভ মহুৰত হৈ যায়। বৰদলৈৰ পুত্ৰ ৰঞ্জিত বৰদলৈ, বোৱাৰী পূৰ্ণিমা বৰদলৈ প্ৰমুখ্যে পৰিয়ালবৰ্গৰ আন্তৰিকতাক অনিল চন্দ্ৰ বৰদলৈলৈ নাট্য নিবেদনেৰে সূৰুযে জনোৱা এইয়া তৃতীয় বাৰ্ষিক উচিত শ্ৰদ্ধা।

মহুৰত অনুষ্ঠানত পিতৃক সুঁৱৰি ৰঞ্জিত বৰদলৈয়ে প্ৰদীপ অৰ্পণ কৰে। নাট্যকাৰ-পৰিচালক মানবেন্দ্ৰ শৰ্মা আৰু অন্যতম বিষয়ববীয়া চন্দন ঠাকুৰে নাটকৰ বিষয়-কাহিনী অভিনেতা-অভিনেত্ৰীসকলক বুজাই দিয়ে। সভাপতি বিনোদ গগৈ আৰু জ্যেষ্ঠ শিল্পী অৰ্পণ শৰ্মা পাঠকে শুভ মহুৰতত ভাগ লয়।

সঞ্জীৱ চিকু, কিচ্যুৎ দত্ত, বিৰাজ দত্ত, পূৰৱী শইকীয়া, পাৰ্থ প্ৰতিম শৰ্মা, ময়ূৰপংখী কৌশিক, অপৰাজিতা কৌশিক, দেৱজিৎ বৰা, চঞ্চলজ্যোতি বৰদলৈ, অপৰাজিতা দত্ত, স্নেহা বৰদলৈ, গোবিন দত্ত আদি শিল্পীসকলৰ উপস্থিতিত মহুৰত অনুষ্ঠান সফলতাৰে সম্পন্ন হয়। নাটকখন ১৯ ডিচেম্বৰৰ সন্ধিয়া যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিনামূলীয়াকৈ প্ৰদৰ্শন হ’ব বুলি সভাপতি বিনোদ গগৈয়ে জানিবলৈ দিছে।

এপিএছছিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

এতিয়াৰে পৰা অসমীয়া ভাষাতেই লিখিব পাৰিব এ.পি.এছ.ছি পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ।শনিবাৰে এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।

অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়াৰে পৰা অসমীয়া ভাষাতেই উত্তৰ লিখিব পাৰিব। পূৰ্বৰ নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰী গৰাকীৰ এই বৃহৎ ঘোষণা।পূৰ্বতে এ.পি.এছ.ছি ত অসমীয়া ভাষাত উত্তৰ লিখিব পৰা নাছিল কিন্তু এতিয়া পাৰিব। এ.পি.এছ.ছি প্ৰিলিমছ আৰু মেইনচ দুয়োটাতে প্ৰযোজ্য হব এই নিয়ম

অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্তন কৰা হ’ল ইংৰাজী ভাষাৰ কাকত। একেদৰে ইংৰাজী মাধ্যমৰ বাবেও অসমীয়া ভাষাৰ কাকত কৰ্তন কৰা হল।

মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ পিছতে গ্ৰেপ্তাৰ প্ৰদীপ দত্ত ৰয়ক

শনিবাৰে এক সংবাদমেলত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া বিৰোধী মন্তব্য কৰা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক শেষ সকীয়নি দিছিল।মুখ্যমন্ত্ৰীগৰাকীয়ে বঙালী নেতাজনক কঠোৰভাৱে এনেদৰে কৈছিল…..

“প্ৰদীপ দত্ত ৰয়ে মোক লাইটলি লৈছে। যিদিনা ঠেলা মাৰিম ভালকৈ মৰিম। প্ৰদীপ দত্ত ৰয়ে চৰকাৰখনক বুজি পোৱা নাই। মই এতিয়া অসমৰ মুখ্যমন্ত্ৰী। যিদিনা ঠেলা পৰিব পুৰা ঠেলা দিম মই। তেওঁ বুজি পোৱা নাই মোক। প্ৰদীপ দত্ত ৰয়ৰ ওপৰত ভালকৈ ব্যবস্থা লবলৈ গৱেষণা চলাই থকা হৈছে। মই ৰৈ আছো। এইখন চৰকাৰ বহুত টান। আন চৰকাৰৰ লগত তুলনা কৰি লাভ নাই”

অসম আৰু অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা প্ৰদীপ দত্ত ৰয়ক এনেদৰে সকীয়নি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ কঠোৰ মন্তব্যৰ পিছতে প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰা হৈছে। শিলচৰত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ক।তদন্তৰ খাতিৰত ৰয়ক গুৱাহাটীলৈ অনাৰ সম্ভাবনা আছে।

ব্রহ্মপুত্র নদীত সন্ধানধীন অমৃত পুত্রৰ অপেক্ষাত অমৃতৰ পৰিয়াল

ডিমাপুৰৰ  পৰা বান্দৰদেৱা অভিমুখী দহ চকীয়া লোহাভৰ্তি ট্রাক তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ ৰেলিং ভাঙি দুর্ঘটনাত পতিত হৈছিল !যোৱা ২২নবেম্বৰৰ নিশা সংঘটিত এই পথ দুর্ঘটনাৰ চালক ৰাজীৱ বিশ্বকর্মা আৰু হেণ্ডিমেন অমৃত সোনাৰী আজিও সন্ধানহীন হৈ আছে !অমৃত সোনাৰী ঘৰ বিহালী থানাৰ অন্তর্গত চেনীমাৰী গাৱঁত !অতি দুখীয়া পৰিয়ালৰ ললিত সোনাৰীৰ পুত্র অমৃতে ঘৰুৱা অৱস্হা শোচনীয় হোৱাৰ বাবে নৱম শ্রেনীলৈকে পঢ়াশুনা কৰি ঘৰুৱা কামকাজতেই নিয়োজিত হৈ আছিল !২০বছৰীয়া অমৃত যোৱা কালিপূজাৰ পিছদিনাই উক্ত ট্রাকত নিজৰ ভিনীদেউ ৰাজীৱৰ লগতে ট্রাকত কাম কৰিবলৈ গৈছিল !এতিয়াও পৰিয়ালৰ লোক বিশেষকৈ পিতৃ মাতৃয়ে সোনাৰীৰে ঘূৰি আহিব বুলি আশাৰে বিট চাই  আছে !অতি দুখীয়া পৰিয়ালৰ অমৃতৰ ইতিমধ্যে  আক্ষীয়ে ব্রহ্মপুত্র নদীত ভোটাৰ আই ডি ,পানকার্ড আৰু চোলা এটা উদ্ধাৰ হৈছে যদিও চালক আৰু হেণ্ডিমেনৰ একো সন্ধান পোৱা নাই !এতিয়া  অমৃতৰ ঘৰত  জনসমাগম হৈ আছে অমৃতৰ খবৰ লবলৈ অহা লোকে !গাঁৱৰ লোকেও আশাত বন্দী অমৃতৰ সন্ধাৰ অপেক্ষাত ।

নগাঁৱৰ জামুগুৰিৰ দ’ঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ বাটচ’ৰা উন্মোচন

নগাঁও জিলাৰ জামুগুৰিৰ ঐতিয্যমণ্ডিত দ’ঘাট চুবুৰীৰ ২৪০ বছৰীয়া দ’ঘাট নামঘৰৰ বাটচ’ৰা আজি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে শুভ উন্মোচন কৰা হয় ৷ এই উপলক্ষে পুৱা নামঘৰ প্ৰাংগনত ধৰ্ম্মধ্বজা উত্তোলন কৰে সমাজকৰ্মী ফতিক নাথে ৷ বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পন কৰে হিতেশ্বৰ নাথে ৷ তাৰ পাছতে গায়ন বায়ন,আৰতিৰ উৰুলি,ডৱা কাহঁ শংখ ধৰ্ব্বনিৰে বাটচ’ৰাটি শুভ উন্মোচন কৰে বটদ্ৰৱা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া টিকেন্দ্ৰজিৎ দেৱগোস্বামীয়ে ৷ বাটচ’ৰাটি উন্মোচনৰ ক্ষনত ডেকা সত্ৰীয়া গৰাকীয়ে কয় যে বাটচ’ৰা হ’ল বৈকুণ্ঠৰ প্ৰথম দুৱাৰ ৷ নামঘৰৰ বাটচ’ৰা গৰকিহে প্ৰভু ভগৱন্তৰ স্থান বৈকুণ্ঠ পাব পাৰি ৷ সেইবাবেই বাটচ’ৰা হ’ল বৈকুণ্ঠৰ প্ৰথম দুৱাৰ ৷ ডেকা সত্ৰীয়া গৰাকীয়ে লগতে আৰু কয় যে আজিৰ নৱপ্ৰজন্মই গুৰুজনাৰ সংস্কৃতি চৰ্চা কৰিবলৈ আজি কাৰোৰে সময় নাই ৷ পশ্চিমীয়া সংস্কৃতিৰ প্ৰতিহে নৱপ্ৰজন্ম আগ্ৰহী হোবা দেখা গৈছে ৷ সমাজকৰ্মী খগেন চন্দ্ৰ নাথে আতঁধৰা অনুষ্ঠানটিত বাটচ’ৰাটি নিৰ্মাণ কৰি উলিওৱা ভাস্কৰ্য শিল্পী গোলাপ চন্দ্ৰ নাথক সম্বৰ্দ্ধনা জনোবা হয় ৷ শিল্পী প্ৰস্তুুতি দেৱীৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা বাটচ’ৰাটোৰ উন্মোচনী সভাখনিত শংকৰী কলা কৃষ্টিৰ সাধক বীৰেন চন্দ্ৰ নাথ,নৰেন নাথ,প্ৰবিন শিল্পী গম্ভীৰ নাথ,সমাজকৰ্মী মহিন্দ্ৰ মহন্ত,ধেনুৰাম নাথ,শিক্ষাবিদ ৰাসেশ্বৰ নাথ,কামেশ্বৰ নাথ,প্ৰদীপ নাথ,লিলাধৰ নাথ,অৱসৰপ্ৰাপ্ত শিক্ষক ৰুহিত নাথ,জামুগুৰি গৰখীয়া থানৰ পুজাৰী টংকেশ্বৰ নাথ,বটদ্ৰৱা বৰহিছাৰ পৰা অহা অতিথি খনিন্দ্ৰ মোহন ভূঞা,পুৰ্ণকান্ত নাথকে প্ৰমুখ্যে অঞ্চলৰ ভকত বৈষ্ণৱ সকল উপস্থিত থাকে ৷ অন্যহাতে দুপৰীয়াৰ নাম প্ৰসংগৰ পাছত বিয়লিৰ আই সকলৰ দিহা নাম আৰু সন্ধিয়ালৈ স্থানীয় শিল্পী সকলৰ দ্বাৰা পৰিৱেশিত হয় কেলি গোপাল নাট ৷ উল্লেখ্য যে,কাইলৈ সন্ধিয়া  হৰিশ্চন্দ্ৰ উপাখ্যান পালা ভাওনা অনুষ্ঠিত হব ৷ 

চিৰাঙত পথ সুৰক্ষা বিষয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা

 চিৰাং জিলা পথ সুৰক্ষা কমিটিৰ উদ্যোগত আজি জিলাখনৰ কাশীকত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্র-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে আগত ৰাখি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানটোত অতিথিৰূপে উপস্থিত থাকি জিলাৰ সহকাৰী আয়ুক্ত কুশল কলিতা,স্কুল পৰিদৰ্শক বিজয় বৈষ্ণৱ ,জিলা পৰিবহন বিষয়া দীপক পাটৱাৰী আৰু সহকাৰী এনফৰ্চমেণ্ট পৰিদৰ্শক মনোজ বসুমতাৰীয়ে বাহন চলোৱাৰ সময়ত সুৰক্ষা নিশ্চিত কৰাৰ বাবে ট্ৰেফিক নিয়ম ,চিহ্ন আৰু সংকেত সম্পৰ্কে অৱগত কৰি দুচকীয়া বাহনত আৰোহিয়ে হেলমেট পৰিধান আৰু চাৰিচকীয়া বাহন চলোৱাৰ সময়ত চিটবেল্ট লগোৱা আৰু বাহনৰ গতিবেগ অতিক্ৰম নকৰিবলৈ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনায়।

বিহালী ৰাংছালীত পুথিভঁৰাল আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

বিহালী সমষ্টিৰ   বিধায়ক  ৰঞ্জিত দত্তই  অসম আদর্শ গ্রাম যােজনাৰ অধীনত নির্মাণ কৰিবলগীয়া ৰাংছালী আদর্শ গাঁৱৰ পুঁথিভড়ালনির্মান কামৰ আধাৰশিলা স্থাপন কৰে।ৰাংছালী চেন্টাত নিৰ্মাণ হ’ব লগীয়া পুথিভঁৰালটো বাবে ইতিমধ্যে  মুঠ-১৫,২৪,৬৪৯.০০ টকা আবন্ট দিয়া বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।ইফালে একে সময়তে বিধায়ক ৰঞ্জিত দত্তই আজি ইংৰাজী ২৭-১১-২০২১ তাৰিখ শনিবাৰেবিহালী সমষ্টিৰ সন্মানীয় বিধায়ক পঞ্চদশ বিত্তীয় আয়ােগ ২০২১-২২বৰ্ষৰ পুঁজিৰে ৰাংছালী  জনতা বাকৰি শৰীৰ চর্চা কেন্দ্রনবীকৰণ আৰু উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন কৰে । এই শৰীৰ চৰ্চাৰ কেন্দ্ৰটো বাবে ইতিমধ্যে  মুঠ ১১,০১লাখ টকা আবন্ট হোৱা বুলি জানিবলৈ দিয়ে।এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে  নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল দেবী , বটিয়ামাৰী গাওঁ পঞ্চায়তয  সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী গাওঁ পঞ্চায়তৰ  সভাপতি প্ৰেমকান্ত চেত্ৰী, অভিযন্তা ভূপেন বৰুৱাকে ধৰি অঞ্চলটো কেইবাজনো বিশিষ্ট ব্যক্তি।

কমাৰগাঁৱৰ বছাপথাৰত ভয়ঙ্কৰ পথ দুৰ্ঘটনা নিহত এজন

কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাপথাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।উল্লেখ যে পুৱতি নিশা কমাৰগাঁও আৰক্ষীৰ এক তহলদাৰী দলে কমাৰগাঁও বছাপথাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  AS 4AA 8515 নম্বৰ এখন বগা ৰঙৰ পালচাৰ মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হৈ পৰি থকা প্ৰত্যক্ষ কৰাৰ লগতে কিছু  নিলগত এজন যুৱক পৰি থকা প্ৰত্যক্ষ কৰি তাৎক্ষণিক ভাৱে গুৰুত্বভাৱে আহত যুৱক জনক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইফালে গুৰুত্ব ভাৱে আঘাতপ্ৰাপ্ত যুৱক জনক উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে যদিও পুৱা যুৱক জনৰ মৃত্যু হয়।মৃত যুৱক জন কমাৰগাঁৱৰ দানহ গাঁৱৰ দেৱজিত গগৈ বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিছে।আনহাতে ঘন কুঁৱলিৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দিভাইদাৰত খুন্দিওৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

বিশ্বনাথ জিলাত ২৯ সংখ্যক শিশু বিজ্ঞান সমাৰোহৰ সামৰণি

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জিলা পৰ্যায়ৰ প্ৰকল্পৰ অনলাইন উপস্থাপন যোৱা ২৩ নৱেম্বৰত বিশ্বনাখ মহাবিদ্যালয়ৰ আলোচনাগৃহত সফলতাৰে সামৰণি পৰে। বিশ্বনাথ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ১০বছৰৰ পৰা ১৭বছৰ বয়সৰ শিশু আৰু কিশোৰ-কিশোৰীয়ে প্ৰস্তুত কৰা ডেৰশতাধিক প্ৰকল্প অনলাইন মাধ্যমৰ সহায়ত মূল্যায়ন কৰা হয়। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে সাংবাদিকক জনোৱা মতে শৈক্ষিক সম্বয়ক ড০ দেৱাশিষ শৰ্মাৰ পৰিচালনাত প্ৰকল্পৰ বহীসমূহ আৰু ছাত্ৰ-ছাত্ৰীৰ ভিডিঅ’ সমূহ মূল্যায়ন কৰে বিশ্বনাথ কৃষি মহাবিদ্যালয় আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড০ প্ৰশান্ত নেওগ, ড০ ৰত্ন কিংকৰ গোস্বামী, ড০ মনোজ কুমাৰ শৰ্মা, ড০ হেমেন্দ্ৰ চৌধুৰী আৰু ড০ দেৱাশিষ শৰ্মাই। কাৰ্যকৰী সভাপতি ৰাণা প্ৰসাদ হাজৰিকাই উদ্বোধন কৰা ২৯ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বিশ্বনাথ জিলা সমাৰোহৰ এইবছৰৰ মূল বিষয় আছিল ‘বহনক্ষম জীৱনধাৰণৰ বাবে বিজ্ঞান’। উক্ত মূল বিষয়ৰ অন্তগৰ্ত পাচটা উপবিষয়ৰ ওপৰত প্ৰস্তুত কৰা প্ৰকল্প সমূহৰ পৰা ১২টা প্ৰকল্প ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত কৰা হৈছে। জিলা সমন্বয়ক ৰিপুঞ্জয় বৰদলৈয়ে জনোৱা মতে অহা ৬ আৰু ৭ ডিচেম্বৰত অনলাইন মাধ্যমৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ বিশ্বনাথ মহাবিদ্যালয়ৰ পৰা ভিডিঅ’ কনফাৰেণচিঙৰ সহায়ত অনুষ্ঠিত কৰা হ’ব। বৰগাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ মহেশ গোৱালাৰ, ‘ফটিকাৰ সহায়ত কম খৰছী চেনিটাইজাৰ প্ৰস্তুতকৰণ’, কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুঞ্জনজ্যোতি শইকীয়াৰ, ‘তপা ব্যক্তিসকলৰ বাবে উত্তম থলুৱা ঔষধ প্ৰস্তুতকৰণ, নেহেৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হিৰকজ্যোতি বৰাৰ, ‘সামাজিক দূৰত্ব নিৰূপক যন্ত্ৰৰ উদ্ভাৱন’, ডিলাপখৰা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইভলিন বৰাৰ,‘পেলনীয়া বটল আৰু পলিথিন বেগৰ সহায়ত পঘা প্ৰস্তুতকৰণ’, পশ্চিম কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰক্তোতপল হাজৰিকাৰ, ‘থলুৱা পদ্ধতিৰে সংৰক্ষণ কৰা শস্যৰ বীজ কৃষকৰ বাবে অধিক লাভদায়ক’, শ্বহীদ মুকুন্দ কাকতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ দেৱকুমাৰ তাঁতিৰ, ‘পেলনীয়া চুলিৰ লাভদায়ক ব্যৱহাৰ’, ডুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্ণৱজ্যোতি শইকীয়াৰ, ‘নিম’নিয়া প্ৰতিৰোধত সোণবড়িয়াল গছৰ শিপা’, লুহিতমুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মণি ডলেৰ, ‘চুলি সৰা আৰু উফি প্ৰতিৰোধত শিমলু গছৰ চেম্পু’, চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজনোৰা বেগমৰ, ‘বজাৰত উপলব্ধ কৃত্ৰিম পানীয় আৰু নাৰিকল পানীৰ এক তুলনাত্মক অধ্যয়ন’, চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিলি বৰাৰ, ‘বহিৰাগত অপতৃণ সমূহে স্থানীয় শস্যৰ উৎপাদনত পেলোৱা প্ৰভাৱ অধ্যয়ন’, শংকৰদেৱ শিশু বিদ্যান নিকেতনৰ দিগন্ত কলিতাৰ, ‘বানপানী অধ্যূষিত অঞ্চলৰৰ বাবে অনাময় ব্যৱস্থা’ আৰু লিটল ষ্টাৰ স্কুলৰ অন্তৰীপ পাঠকৰ, ‘বিশ্বনাথ চাৰিআলিৰ ডাম্পিং গ্ৰাউণ্ডে স্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰা ভাবুকি আৰু নিৰাময়ৰ উপায়’। বিশ্বনাথ জিলাৰ পৰা ২৯ সংখ্যক ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত ১২গৰাকী শিশুবিজ্ঞানী আৰু প্ৰকল্পৰ সহযোগী, তত্ত্বাৱধায়ক, বিদ্যালয়ৰ প্ৰধান সকলক বিশ্বনাথ জিলাৰ অতিৰিক্ত উপাযুক্ত ড০ সূৰ্য কমল বৰা, শিক্ষা বিষয়া ৰবীন্দ্ৰ হাজৰিকা আৰু বেদব্ৰত বৰাই শুভেচ্ছা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ নাম জিলিকাবলৈ অনুপ্ৰেৰণা যোগায়।