পশ্চিম বংগ (পশ্চিম বংগ)ৰ কলকাতা (কলকাতা)ৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে। ইয়াত এ়টি শিশুৱে দুৰ্ঘটনাক্ৰমে প্লাষ্টিকৰ হুইচেল এটা গিলি পেলাই। এই হুইচেলটো শিশুটোৰ হাঁওফাঁওত লাগি গৈছিল। কলকাতাৰ চৰকাৰী এছএছকেএম চিকিৎসালয়ৰ (এছএছকেএম চিকিৎসালয়) চিকিৎসকসকলে শিশুটোৰ হাঁওফাঁওৰ পৰা হুইচেলটো অস্ত্ৰোপচাৰ কৰি আঁতৰাই দিছে। হাঁওফাঁওত হুইচেল থকা স্বত্বেও ১১ মাহ জীয়াই আছিল শিশুটো ।দক্ষিণ ২৪ পৰগণা জিলাৰ বাৰুইপুৰৰ বাসিন্দা ৰেহান লস্কৰে জানুৱাৰীত আলুৰ চিপচ খোৱাৰ সময়ত দুৰ্ঘটনাক্ৰমে প্লাষ্টিকৰ হুইচেল গিলিছিল বুলি এছএছকেএম চিকিৎসালয়ৰ ইনষ্টিটিউট অৱ অটোৰহেনোলাৰিনজুলজী এণ্ড হেড এণ্ড নেক চাৰ্জাৰীৰ এজন চিকিৎসকে কয়।হুইচেলটো গিলি দিয়াৰ পিছত, যেতিয়াই মুখ খুলিবলৈ চেষ্টা কৰে তেতিয়াই হুইচেলৰ শব্দ শুনা যায়। শিশুটোৰ পিতৃ-মাতৃয়ে প্ৰথমতে অনুভৱ কৰা নাছিল যে তেওঁলোকৰ সন্তানে কি অসুবিধাৰ মাজেৰে পাৰ হৈ আছে। তেতিয়া শিশুটোৰ দেউতাকে লক্ষ্য কৰিলে যে ৰেহানে আগৰ দৰে 1 মিনিটপানীৰ তলত থাকিব নোৱাৰে। শিশুটোৰ বুকুৰ বিষ আৰু উশাহ লোৱাত অসুবিধা হৈছিল। ৰেহানৰ পৰিয়ালে তেতিয়া তেওঁক ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ গৈছিল য’ৰ পৰা তেওঁক এছএছকেএম চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।চিকিৎসকে কৈছিল যে আমি শিশুটোৰ এক্স-ৰে আৰু চিটি স্কেন কৰিছিলো, যাৰ পিছত দেখা গৈছিল যে হুইচেলটো কেঁচুৱাটোৰ হাঁওফাঁওত লাগি আছিল। তাৰ পিছত শিশুটোৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। আমি ব্ৰঙ্কোস্কোপী কৰিছিলো আৰু তাৰ পিছত শৰীৰৰ পৰা হুইচেল উলিয়াবলৈ অপ্টিকেল ফৰ্চেপ ব্যৱহাৰ কৰিছিলো
গহপুৰ নগৰত এগৰাকী স্বামীহাৰা মহিলাৰ জীৱন সংগ্ৰাম
জীৱনৰ ঘাট-প্ৰতিঘাট, বাধা-বিঘিনিক প্ৰত্যাহ্বান জনোৱাৰ সাহস যে এগৰাকী দৃঢ়মনা মহিলাৰ থাকে তাকে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে গহপুৰৰ এগৰাকী স্বামীহাৰা মহিলাই। গহপুৰ নগৰৰ ২নং ৱাৰ্ড ধেনুধৰাৰ নিৱাসী প্ৰয়াত হিৰণ বৰাৰ পত্নী জ্যোৎস্না বৰাই ২০১৮ চনতে অকালতে স্বামীক হেৰুৱাই দিক বিদিক হেৰুৱাই পেলাইছিল। উল্লেখ্য যে গহপুৰ নগৰৰ ট্ৰেফিক পইন্টৰ সমীপতে জোতা-চেন্দেলৰ এক ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান চলাই পত্নী জ্যোৎস্না বৰা আৰু দুই পুত্ৰ সহ নিজৰ চাৰিজনীয়া পৰিয়ালটো সুখেৰে চলাই আছিল ধেনুধৰাৰ নিৱাসী হিৰণ বৰাই। কিন্তু ২০১১চনত উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰন্ত হৈ হিৰণ বৰাৰ শৰীৰ অৰ্ধাংশ বিকল হৈ পৰে। পত্নী জ্যোৎস্না বৰাই দেওৰৰ লগতে বিভিন্ন জনৰ সহযোগিতাত ৭বছৰ কাল শয্যাগত স্বামীৰ চিকিৎসা কৰাৰ লগতে আলপৈচন ধৰি সুস্থ কৰি তোলাৰ অপ্ৰাণ চেষ্টা চলাইছিল যদিও ২০১৮ চনত হিৰণ বৰাৰ মৃত্যু ঘটে। বহু প্ৰচেষ্টাৰ অন্ততো স্বামীক জীয়াই ৰাখিবলৈ সক্ষম নোহোৱা জ্যোৎস্না বৰাৰ জীৱনলৈ স্বামীৰ মৃত্যুৰ ঘোৰ কাল অমানিশা নামি আহে। স্বামীক হেৰুৱাৰ বেদনাত দগ্ধ হৈয়ো দুই পুত্ৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি জ্যোৎস্না বৰাই অতি সাহসেৰে জীৱন সংগ্ৰাম চলোৱাৰ বাবে নিজকে মানসিক ভাবে প্ৰস্তুত কৰি তোলে। স্বামীয়ে আৰম্ভ কৰা জোতা-চেন্দেলৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ জৰিয়তে নিজৰ লগতে দুই পুত্ৰৰ দ্বায়িত্ব পালনৰ বাবে সাহস গোটায় জ্যোৎস্না বৰাই। এই ক্ষেত্ৰত জ্যোস্না বৰাক বিশেষ ভাবে সহযোগিতা আগবঢ়ায় দেওৰ অমল বৰাই। এগৰাকী স্বামীহাৰা মহিলা হৈয়ো নিজৰ অদম্য মানসিক শক্তিৰ বলত জ্যোৎস্না বৰাই জ্যেষ্ঠ পুত্ৰক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈকে পঢ়োৱাৰ পাছত ফটোগ্ৰাফী পাঠ্যক্ৰমত অধ্যয়ন কৰাৰ সুবিধা প্ৰদান কৰাৰ সামন্তৰালকৈ সৰু পুত্ৰক বৰ্তমান উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তী কৰাবলৈ সক্ষম হৈছে। নিজা প্ৰচেষ্টাৰে জীৱন সংগ্ৰাম চলাই থকা এইগৰাকী স্বামীহাৰা মহিলাই আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ’ল এগৰাকী স্বামীহাৰা মহিলাই লাভ কৰিব লগা চৰকাৰী আঁচনি বিধবা পেঞ্চন অথবা এককালিন সাহাৰ্য। দুই পুত্ৰ সহ তিনিজনীয়া পৰিয়ালটো চলাই থকাৰ সংগ্ৰামত ব্ৰতী থকা জ্যোৎস্না বৰাৰ ব্যৱসায় প্ৰতিষ্ঠানটো দুটা বছৰৰ ল’ক ডাউনৰ পাছত বৰ্তমান বহু পৰিমানে দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ল’ক ডাউনৰ সময়ত নিজৰ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত নিজ গৃহত চিলাই মেচিন লৈ গাঁওখনৰ ঘৰে ঘৰে ঘুৰি চিলাব লগীয়া কাপোৰ সংগ্ৰহ কৰি চিলাই কৰি পোৱা অৰ্থৰেই নিজৰ পৰিয়ালটো চলোৱাৰ বাবে কষ্ট কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছিল। চৰকাৰী ভাবে কোনো আৰ্থিক অনুদান অথবা বেংকৰ জৰিয়তে যদি কোনো ঋণ লাভ কৰিবলৈ সক্ষম হয় তেন্তে জ্যোৎস্না বৰাই নিজৰ ব্যৱসায় প্ৰতিষ্ঠানটো পুনৰ উজ্জীৱিত কৰাৰ আশা প্ৰকাশ কৰিছে।
দায়িত্বজ্ঞানহীন মৰিগাঁওৰ শিক্ষা বিভাগ
মৰিগাঁৱত অনুষ্ঠিত কৰা ছমহীয়া পৰীক্ষাৰ পুনৰ প্ৰশ্ন কাকত ফাদিল। পৰীক্ষাৰ আগদিনা WhatsApp ত বিয়পি পৰিল প্ৰশ্ন কাকত। অকমন্যতাৰ বহিঃপ্ৰকাশ মৰিগাঁও শিক্ষা বিভাগৰ। মৰিগাঁও শিক্ষা বিভাগৰ অকমন্যতাৰ বাবে অবাঞ্চিত পৰিস্থিতিৰ আৰু মানসিক হাৰাশাস্তিৰ সন্মুখীন শিক্ষাৰ্থীৰ।জিলা শিক্ষা বিভাগে ছমহীয়া পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও মৰিগাঁও শিক্ষা বিভাগৰ কৰ্মচাৰীৰ চৰম ব্যৰ্থতাৰ বাবে সপ্তাহটোৰ ভিতৰতে দুবাৰকৈ সমাজ বিজ্ঞান আৰু সাধাৰণ বিজ্ঞানৰ পৰীক্ষা প্ৰশ্ন ফাদিল হোৱাত পৰীক্ষা বাতিল হয়। পৰীক্ষা আৰম্ভ হোৱাৰ এঘন্টাৰ পিছতে বন্ধ কৰিলে মৰিগাঁৱৰ শিক্ষা বিভাগে। বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক অবাঞ্চিত আৰু অনাকাংক্ষিত পৰিস্থিতি। মৰিগাঁও জিলা ছাত্ৰ সংস্থাৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে মৰিগাঁওৰ শিক্ষা বিভাগৰ এনে কাণ্ডক গৰিহণা দিয়ে। লগতে উপযুক্ত তদন্ত কৰি দুখীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই বিভিন্ন মহলে। আনহাতে মৰিগাঁও জিলা উপায়ুক্তই উক্ত প্ৰশ্ন কাকত ফাদিলৰ ঘটনাক দণ্ডাধীশৰ দ্বাৰা তদন্ত কৰাই থকাৰ কথা প্ৰকাশ কৰে। উপায়ুক্ত গৰাকীয়ে জনায় যে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ আৰক্ষীয়ে নিজাববীয়াকৈ তদন্ত চলাই আছে।
নাজিৰা মহাবিদ্যালয়লৈ গ্ৰন্থ দান
শিৱসাগৰ জিলাৰ অন্যতম ইতিহাস সমৃদ্ধ অঞ্চল ৰূপে পৰিচিত নাজিৰাৰ মাদুৰি অঞ্চলৰ অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃত গীতিকাৰ কবি সাহিত্যিক “নাজিৰা ডালিমা বাখৰ কছাৰী কমল” খ্যাত প্ৰয়াত কমল কছাৰীৰ ব্যক্তিগত পুথিভঁৰালৰ সমগ্ৰ গ্ৰন্থ নাজিৰা মহাবিদ্যালয়ক দান কৰে পৰিয়ালবৰ্গই। নাজিৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ তেখেতৰ পৰিয়ালবৰ্গৰ হৈ পুত্ৰ তথা শিল্পী মানৱতা প্ৰাণ কছাৰীয়ে ২৬ নৱেম্বৰত মহাবিদ্যালয় কৰ্তৃপক্ষক আনুষ্ঠানিক ভাৱে দান কৰে। মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ ড০ ৰাজু ফুকন আৰু গ্ৰন্থগাৰিক ডo ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মাই গ্ৰন্থ সমূহ গ্ৰহণ কৰি এই মহানুভতাৰ বাবে প্ৰয়াত কমল কছাৰীৰ পৰিয়ালবৰ্গক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সামাজিক স্বাৰ্থৰ বাবে এনেদৰে গ্ৰন্থ দান কৰিবলৈ ৰাইজক আহ্বান জনায়।
জীয়াভৰলী নদীৰ বক্ষ খননৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ
গৰাখহনীয়া ৰোধ কৰিবৰ বাবেই জীয়াভৰলী নদীত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে চলাব নদীখনৰ খননকাৰ্য৷ইতিমধ্যে জীয়াভৰলী নদীৰ বক্ষ খননৰ বাবে নদীৰ পাৰত নমোৱা হৈছে মুম্বাইৰপৰা অনা বৃহৎ অত্যাধুনিক যন্ত্ৰাংশ৷নদীখনৰ খননকাৰ্য চলাই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বাবে উৎফুল্লিত হৈ পৰিছে নৈপৰীয়া লোকসকল৷ক্ৰমাৎ বাম হৈ পৰা জীয়াভৰলী নদীখন খননৰ ফলত নদীৰ পানীৰ গভীৰতা বৃদ্ধি হ’লে নদীখনৰ ভয়াবহ খহনীয়া ৰোধ হ’ব৷অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা জীয়াভৰলী নদীৰ খহনীয়াৰ ফলত ইতিমধ্যে জামুগুৰিহাটৰ নদীপৰীয়া লোকসকলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি,ঘৰ-মাটি,কেবাখনো গাঁও নদীখনৰ বুকুত জাহ গৈ বিলীন হৈ গৈছে৷এইবাৰো বাৰিষাৰ বতৰত জীয়াভৰলী নদীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলবাসীলৈ ভাবুকী কঢ়িয়াই অনাৰ লগতে কৃষিবান্ধো চিঙি লৈ গৈছিল৷তাৰপিছতেই বিধায়ক পদ্ম হাজৰিকাৰ আমন্ত্ৰণমৰ্মে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হৈ নদীখনৰ খহনীয়া ৰোধৰ বাবে নদীখন খন্দাৰ কথা ঘোষণা কৰিছিল৷উল্লেখ্য যে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সমুহ খন্দাৰ বাবে চৰকাৰীভাৱে লোৱা সিদ্ধান্তসমুুহৰ প্ৰথমটো কাৰ্যসুচী হিচাপে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়াভৰলী নদীতেই সৰ্বপ্ৰথমে নদী খনন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত নদীখনে সৃষ্টি কৰা গৰাখহনীয়াৰ কবলৰপৰা মুক্ত হ’ব পাৰিব বুলিয়েই যথেষ্ট আশা পুহি ৰাখিছে নৈপৰীয়া লোকসকলে৷
ঘগ্ৰাপাৰত জলজীৱন মিছন আঁচনিৰ নামত ব্যাপক খেলিমেলি
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইঠাইতো জল জীৱন মিছনৰ কামৰ ব্যাপক দুৰ্নীতি -অনিয়ম সংঘটিত হোৱা অভিয়োগ ৰাজহুৱা হোৱাৰ সময়তে ঘগ্ৰাপাৰ হৰিমন্দিৰ চৌহদত ৰূপায়িত এই আঁচনিখনতো জনৈক দাস নামৰ উপাধিৰ ঠিকাদাৰজনে প্ৰথমৰ পৰা নিজৰ মইমতালিত কাম কৰা ফলত আজি প্ৰায় ছয় মাহে ঘগ্ৰাপাৰ হৰিমন্দিৰকে ধৰি অঞ্চলটোৰ অধিকাংশ ৰাইজে বিশুদ্ধ খোৱা পানী পোৱাৰ পৰা বঞ্চিত হৈছে বূলি ৰাইজৰ অভিয়োগ উঠিছে।উল্লেখ্য যে আঁচনিৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰগৰাকীয়ে পুৰণি চৌহদৰ বেৰ ৰং সানি নতুন ৰূপ দিয়াৰ ওপৰিও অভাৰ হেদ(পানী টেংক) তৈয়াৰতো ব্যাপক দুৰ্নীতি আশ্ৰয় লোৱা বুলি ৰাজহুৱা অভিয়োগ উঠিছে। ইফালে বিগত কিছুদিন পুৰ্ব নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা পিংকু পাঠকে আঁচনি পৰিদৰ্শন কৰি কাম ব্যৱহাৰ্য্য সামগ্ৰী নিম্নগামী হোৱাত আঁতৰ কৰাৰ লগতে অভাৰ হেদ (পানী টেংক)ৰ কামটো প্ৰাক্ কলন অনুসৰি তৈয়াৰ নকৰাত ভাঙি দিয়ে।ইফালে আজি ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰভাত শৰ্মা -সম্পাদক অৰেন্দ্ৰ দাসসহ কেইগৰাকী লোকে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।লগতে ঘগ্ৰাপাৰ হৰিমন্দিৰ পৰিচালনা সমিতিয়ে শীঘ্ৰে ঘগ্ৰাপাৰ হৰিমন্দিৰকে ধৰি স্থানীয় ৰাইজসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰমুৰীয়া আৰু নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাক দাবী জনাইছে।
লাহৰীঘাটৰ দোৱামাৰীত বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দোৱামাৰী গাঁৱত বিবাহিত যুৱকৰ মৃতদেহ উদ্ধাৰ।যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱজন।মৃত যুৱক জনৰ নাম জিন্নাতুল ইছলাম,বয়স ২৮ বছৰ।যুৱক জনক কোনো লোকে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে স্থানীয় লোকে।শনিবাৰে মৃতদেহটো উদ্ধাৰ হয় ঘৰৰ পৰা প্ৰায় ডেৰশ মিটাৰ দূৰত্বত। সম্প্রতি লাহৰীঘাট থানাৰ আৰক্ষীয়ে ঘটনাস্হলীত উপস্থিত হৈ তদন্ত কৰি আছে।
অভিনেত্ৰী অৰ্চনা গৌতমৰ কংগ্ৰেছত যোগদান
তামিল চলচ্চিত্ৰ উদ্যোগৰ প্ৰখ্যাত অভিনেত্ৰী অৰ্চনা গৌতমে আদ কংগ্ৰেছত যোগদান কৰে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে অভিনেত্ৰী অৰ্চনা গৌতমক কংগ্ৰেছৰ সদস্যপদ প্ৰদান কৰে। অৰ্চনা গৌতমে কৈছে -“প্ৰিয়ংকা গান্ধী মোৰ আদৰ্শ, মই তেওঁৰ অনুপ্ৰেৰণালৈ কংগ্ৰেছত যোগদান কৰিছো”। ২০২২ চনৰ বিধান সভা নিৰ্বাচনত অৰ্চনা গৌতমে প্ৰতিদ্বন্দিতা কৰিব।
ৰঙিয়াত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
ৰঙিয়া নগৰৰ তিনিআলিৰ বাসিন্দা ৰিদিপ কলিতাৰ পত্নী ধৰিত্ৰি কলিতাই গলত চিপলৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ তথ্য অনুসৰি কমলপুৰ সমষ্টিৰ বৰুৱাজানীৰ ধৰিত্ৰী কলিতা নামৰ বোৱাৰীগৰাকী বিয়া হৈছিল ৰঙিয়াৰ তিনিআলিৰ ৰিদীপ কলিতাৰ লগত। ডেৰবছৰ পূৰ্বে বিয়া হোৱা দম্পতী হালৰ এটি চাৰিমহীয়া কণমাণি সন্তান আছে। নিশা স্বামীৰ সৈতে হোৱা মনোমালিন্যৰ পাছতে চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্বাৰ হয় মৃতদেহ, কিন্তু মৃত ধৰিত্ৰী কলিতাৰ পৰিয়ালৰ লোকে ইয়াক সহজভাৱে লব পৰা নাই,আৰু এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি এজাহাৰ দাখিল কৰিছে ৰঙিয়া থানাত । ইতিমধ্যে অভিযুক্ত ৰিদীপ কলিতা সহ পৰিয়ালৰ তিনি জন সদস্যক আৰক্ষীয়ে আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে এমাহ পূৰ্বেও প্ৰায় এসপ্তাহৰ ভিতৰত তিনি গৰাকীকৈ বোৱাৰীয়ে অনুৰূপ ধৰণে মৃত্যুক আকোৱালি লবলগীয়া হৈছিল।এই ঘটনাই স্বাভাৱিকতে উদ্দিগ্ন কৰি তুলিছে ৰঙিয়াৰ সচেতন মহলক।
নিজ জন্ম স্থানত উপেক্ষিত হোৱাৰ দিশত জননেতা শৰৎ চন্দ্ৰ সিংহ
নিজ জন্ম স্থানত আজি উপেক্ষিত হোৱাৰ দিশত জননেতা শৰৎ চন্দ্ৰ সিংহ।জননেতা গৰাকীৰ আদৰ্শ ভূলুণ্ঠিত চাপৰত।তীব্ৰ ক্ষোভ দল-সংগঠনৰ, স্মাৰক পত্ৰ প্ৰেৰণ মূখ্যমন্ত্ৰী লৈ।চাপৰ নগৰত বিলাতী সুৰাৰ বিপনী স্থাপনৰ বিৰোধিতাৰে এই প্ৰত্ৰ প্ৰেৰণ।চাপৰ নগৰত ৱাইন শ্বপৰ বিপনী দিয়া আৰু জননেতা গৰাকীক হত্যা কৰা একে কথা। এই মন্তব্য লেখিক সমাৰোহ সমিতিৰ।চাপৰত ৱাইন শ্বপৰ বিজ্ঞাপন বাতিল কৰিবলৈ দাবি দল সংগঠনৰ,নহলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ ভাবুকি।প্ৰাক্তণ মূখ্যমন্ত্ৰী তথা জননেতা শৰৎ চন্দ্ৰ সিংহৰ জন্ম স্থান ধুবুৰী জিলাৰ চাপৰ। নিজ জন্ম স্থানত আজি উপেক্ষিত উপেক্ষিত হবলৈ গৈ আছে জননেতা গৰাকী। জননেতা গৰাকীৰ আদৰ্শ ভূলুণ্ঠিত কৰি চাপৰ নগৰত বিলাতী সুৰাৰ বিপনী স্থাপনৰ বিজ্ঞাপনে বাকৰুদ্ধ কৰি পেলাইছে চাপৰবাসীক। ক্ষোভিত হৈছে জননেতা গৰাকী অনুগামী তথা স্থানীয় দল-সংগঠন। জননেতা গৰাকীয়ে ১৯৮৯ চনত চাপৰ পৌৰ সভা (তেতিয়াৰ চাপৰ নগৰ সমিতি) স্থাপনৰ সময়ত আহ্বান জনাইছিল চাপৰ নগৰত সুৰাৰ বিপনী স্থাপন নকৰিবলৈ তথা অনুমতি প্ৰদান নকৰিবলৈ। সেই সময়ত এ চাপৰৰ সিংহ পুৰুষ সদৃশ প্ৰয়াত ডালিম কুমাৰ মেধিকে ধৰি একাংশ নেতৃস্থানীয় পুৰোধা ব্যক্তিয়ে লিখিত ভাৱে চাপৰ নগৰ সমিতিক সেই সম্পৰ্কে এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনো দাখিল কৰিছিল। সেই আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিয়েই চাপৰ পৌৰ সভাই আজিলৈকে সেই অনুমতি প্ৰদান কৰা নাছিল। কিন্তু মন্ত্ৰী পৰিমল শুক্লবৈদ্য নেতৃত্বাধীন আবকাৰী বিভাগে যোৱা ২৫ অক্টোবৰত ই এক্স- ১৪৫/২০১৭/৮৭ নম্বৰ নিৰ্দেশনা যোগে অসমৰ ১১খন জিলাৰ ২০ টা স্থানৰ লগতে চাপৰত ও ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।চাপৰত ৱাইন শ্বপ স্থাপনৰ বিৰোধিতাৰে চাপৰ ৰাজহ চক্ৰৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, ধুবুৰী জিলাৰ উপায়ুক্ত,বিলাসীপাৰা মহকুমাধীপতিক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে আছু, আক্ৰাছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,আমছু,লেখিকা সমাৰোহ সমিতিয়ে।











