উত্তৰ-পূৱাঞ্চলৰ সৰ্ববৃহৎ প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে ৰঙামাটি মৌজা দুসুঁতিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত বানেগৰকা ৰোহিতা চাপৰি প্ৰাথমিক বিদ্যালয়ত আজি “গঁড় বিদ্যালয়ৰ যাত্ৰা” শীৰ্ষক এক প্ৰকৃতি সজাগতা সভা অনুষ্ঠিত কৰে। অৰণ্যকৰ মধ্য অসম মণ্ডলৰ সমন্বয়ক আৰিফ হুছেইনে পৰিচালনা কৰা সভাত উদেশ্য ব্যাখ্যা আগবঢ়াই প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ সদস্য ইভান লইঙে। অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী সংগঠনৰ তৰফৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ আগত তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এলানি কুইজ প্ৰতিযোগিতা আয়োজন কৰি শুদ্ধ উত্তৰ দিয়াসকলক পৰিৱেশ সম্বন্ধীয় কিতাপৰ টোপোলা দিয়া হয।সভাত মুখ্য অতিথি হিচাপে কাজিৰঙাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক ধ্ৰুৱজ্যোতি নাথ, জেষ্ঠ সাংবাদিক তথা অনুষ্ঠানটোৰ সমল ব্যক্তি স্বপন নাথ,আৰণ্যকৰ গঁড় আৰু গৱেষণা সংৰক্ষণ বিভাগ আৰু মধ্য অসম মণ্ডলৰ সমন্বয়ক আৰিফ হুছেইন ,বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰিধৰ দাস,সহকাৰী শিক্ষক কিৰণ বড়ি , বিদ্যালযৰ পৰিচালনা সমিতি সভাপতি বুবুল দলে ,প্ৰাক্তন সভাপতি গিৰিন্দ দলে ,স্থানীয় সংবাদ কৰ্মী বলোৰাম কামান আৰু আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়া,বাবুকান্ত দাৱ , স্থানীয় প্ৰকৃতিপ্ৰেমী প্ৰশান্ত মৰাঙেও উপস্থিত থাকে।সভাত ভাষন প্ৰদান কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথ,স্বপন নাথ,বিদ্যালয়ৰ প্ৰধান গিৰিধৰ দাস আৰু ৰাইজৰ ফালৰ পৰা ৰাজকুমাৰ দলেয়ে৷আৰণ্যকৰ সদস্য ক্ষীৰোদ শইকীয়াই এটি পৰিৱেশ সংৰক্ষণৰ ওপৰত লিখা স্বৰচিত কবিতা আবৃত্তি কৰে।সভাৰ শলাগৰ শৰাই আগবঢ়ায় আৰণ্যকৰ সদস্য ইভান লইঙে।
দেৰগাঁৱৰ সুদক্ষ ফুটবলাৰ মঃজিয়াফট ৰহমান(কেকা)ই নাপালে স্বীকৃতি
দেৰগাঁৱৰ সুদক্ষ ফুটবলাৰ তথা প্ৰবীণ খেলুৱৈ মঃজিয়াফট ৰহমান(কেকা) প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত। দেৰগাঁও বুঢ়ী গোঁসানী থানৰ ওচৰ নিবাসী মঃজিয়াফট ৰহমানে সৰুৰে পৰা খেলৰ লগত জড়িত হৈ বিভিন্ন প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ লগতে নতুন চাম ছাত্ৰ ছাত্ৰীক ক্ৰীড়াৰ প্ৰশিক্ষণ দি বিভিন্ন খেলৰ বাবে প্ৰস্তুত কৰি তুলিছিল। বিশেষকৈ ফুটবল খেলত বিশেষ দক্ষ জিয়াফট ৰহমানে ১৯৭৪/৭৫ চনৰ পৰা একেৰাহে বিভিন্ন দলৰ হৈ ৰাজ্যৰ বিভিন্ন খেল পথাৰত ফুটবল খেলি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ লগতে অসংখ্য পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। ১৯৯৫ চনৰ পৰা বৰ্তমানলৈ বহু ফুটবল খেলৰ ৰেফাৰী হিছাপেও বহু খেল পৰিচালনা কৰিছে।গোলাঘাট জিলাখনৰ ভিতৰতে নাম থকা প্ৰবীণ খেলুৱৈ জনে এতিয়ালৈকে অসম চৰকাৰৰ কোনো সা-সুবিধা তথা ক্ৰীড়া পেঞ্চনৰ বাবে নিৰ্বাচিত নোহোৱাতো অতি পৰিতাপৰ কথা। জনপ্ৰিয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা ,ক্ৰীড়া মন্ত্ৰী বিমল বৰা,দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক পৰিয়াল তথা সচেতন মহলেও বৰ্তমান দৰ্জীৰ কাম কৰি দিন অতিবাহিত কৰা খেলুৱৈজনক চৰকাৰী স্বীকৃতি দিবলৈ অনুৰোধ জনাইছে।
হৰিনামৰ ধ্বনি,খোল-তাল-দবা-শংখ,আয়তিৰ উৰুলীৰে মুখৰ ৰাংচলীয়া কাঠবাৰী
জামুগুৰিহাটৰ ৰাংচলীয়া কাঠবাৰী গাঁও উন্নয়ন সমিতি আৰু ৰাংচলীয়া কাঠবাৰী প্ৰাথমিক সমাজৰ সৌজন্যত কালি দুভাগ গায়ন বায়ন আৰু দুভাগ নামসিংহ প্ৰতিমূৰ্তি স্থাপন কৰা হয়৷কলিয়াবৰৰপৰা অনা এই দুভাগ গায়ন-বায়ন আৰু নামসিংহৰ মূৰ্তিক গাঁওখনৰ ভক্তপ্ৰাণ ৰাইজে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা গাঁওখনৰ কীৰ্তনগৃহলৈকে প্ৰায় ১ কি:মি: পথ হৰিনামৰ ধ্বনি,খোল-তাল-দবা-শংখ,আয়তিৰ উৰুলীৰ মাজত সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ৰাংচলীয়া কাঠবাৰী গাঁৱৰ কীৰ্তন গৃহলৈকে আদৰি নিয়ে৷ইয়াৰ পিছতেই কীৰ্তন গৃহত দুভাগ গায়ন-বায়নৰ মূৰ্তি স্থাপন কৰে গাঁওখনৰে বয়োজ্যেষ্ঠ লোক জীৱন বৰুৱা আৰু জামুগুৰিহাটৰ চেচাসত্ৰ গাঁৱৰ বয়োজ্যেষ্ঠ লোক ভৰত শইকীয়াই৷ইয়াৰোপৰি কীৰ্তন গৃহতেই দুভাগ নামসিংহও স্থাপন কৰে গহপুৰৰ গংগাৰাম বৰুৱা আৰু গাঁওখনৰে বয়োজ্যেষ্ঠ লোক বিশ্ব বৰুৱাই৷কীৰ্তনগৃহৰ মূল সিংহাসনভাগ প্ৰতিষ্ঠা কৰাৰ দিনটোৰ লগত সংগতি ৰাখি কালি অনুষ্ঠিত কৰা এই গায়ন-বায়ন তথা নামসিংহৰ প্ৰতিমূৰ্তি স্থাপন অনুষ্ঠানটোৰ লগত সমন্বয় ৰাখিয়েই আজি নিশালৈও এই কীৰ্তনগৃহতেই “হংসধ্বজৰ শাপমোচন হিৰাদৈত্য বধ” নামৰ এখনি ভাঁওনাও অনুষ্ঠিত হ’ব বুলি জানিব দিছে গাঁওখনৰ লোকসকলে।
লামডিঙত একে নিশাই দুটা স্হানত চোৰৰ চাফাই অভিযান
চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল চুৰি কৰাৰ দৃশ্য।সাৱধান আপোনাৰ দোকানৰ পৰাও এইদৰে লুটি নিব পাৰে দোকানৰ কেছত থকা টকা ।শুকুৰবাৰ ৰাতি পুৱা ৩.৩০ পৰা ৪টা বজাত লামডিং নেতাজী ৰোডত থকা এখন কণী আলু পিয়াঁজৰ দোকানৰ পৰা আৰু নেতাজী ক্লাৱৰ কালী মন্দিৰত চোৰে চলালে সাফাই অভিযান। চিচি কেমেৰাৰ ফুটেজত ধৰা পৰিল নেতাজী ৰোডৰ আলু পিয়াজৰ দোকানৰ চুৰি কৰাৰ সমগ্ৰ ঘটনা।ভালকৈ প্ৰত্যক্ষ কৰক গভীৰ নিদ্ৰাত যেতিয়া আপুনি থাকে তেতিয়া কেনেকৈ চোৰে দোকানৰ তলা ভাঙি প্ৰথমে প্রবেশ কৰি দোকানত থকা টকা চুৰি কৰে তাৰ পাছত দোকান খনত লগোৱা চি চি কেমেৰাৰ কানেকচন কাটি দিয়ে। পিছে চোৰিকাণ্ডৰ সমগ্ৰ ঘটনাটো দোকানী ( টুটন কান্তি হোৰ) চিচি ফুটেজত চাই লামডিং আৰক্ষীক অৱগত কৰে।তাৰ পিছত আৰক্ষী আটক কৰি আদালতলৈ প্ৰেৰন কৰে সুজিত দাস নামৰ গভাইত চোৰ জনক। উল্লেখ যে আগতেও এনে ধৰনৰ চুৰিৰ অভিযোগত সুজিতক আটক কৰিছিলে লামডিং আৰক্ষীয়ে।
ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ “প্ৰেৰণা” নবীন প্ৰবীণ প্ৰতিভাধৰৰ সৈতে আলাপ” শীৰ্ষক অনুষ্ঠান
“সততাৰ লগতে জন্মভূমিৰ প্ৰতি ,সমাজৰ প্ৰতি,মানুহৰ প্ৰতি এক প্ৰেম ভাৱ থাকিব লাগিব,তেতিয়াহে প্ৰকৃত সাংবাদিক হ’ব পাৰিব” প্ৰয়াত স্বনামধন্য সাহিত্যিক, প্ৰথিতযশা সাংবাদিক, বিশিষ্ট সাহিত্যিক ,মহীৰূহ হোমেন বৰগোঁহাঞিদেৱৰ এই আপ্তবাক্যশাৰী সাৰোগত কৰি,তেখেতৰ আঙুলিত ধৰি সাংবাদিকতাৰ আদিপাঠৰে সত্তৰৰ দশকতে সাংবাদিকতাৰ ক্ষেত্ৰখনত খোজ আগবঢ়াইছিল শ্বহীদ নগৰী ঢেকীয়াজুলিৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত,একালৰ প্ৰবীণ সাংবাদিক ললিত বৰুৱাই৷ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ ধাৰাবাহিক কাৰ্যসূচী “প্ৰেৰণা- নবীন প্ৰবীণ প্ৰতিভাধৰৰ সৈতে আলাপ” শীৰ্ষক এক ব্যতিক্ৰমী অন্তৰংগ আলাপ
অনুষ্ঠানত সাহিত্যিক পেঞ্চনপ্ৰাপ্ত বিশিষ্ট কথাশিল্পী ললিত বৰুৱাই তেখেতৰ জীৱনত প্ৰয়াত স্বনামধন্য সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ প্ৰভাৱ তথা অৱদানৰ বিষয়ে অৱগত কৰি নষ্টালজিক হৈ পৰে ৷ প্ৰবীণ সাংবাদিক ,নীৰৱ সাহিত্যিক তথা কথাশিল্পী ললিত বৰুৱাদেৱে ১৫ খনতকৈ অধিক গ্ৰন্থ ৰচনা কৰাৰ লগতে বহু বঁটাৰে বিভূষিত হৈছিল ৷তেখেতৰ গ্ৰন্থসমূহ জীৱন জেউতি(কবিতা পুথি ১৯৭৫ ),সুৰ মাধুৰী(গীত সংকলন,২০১৫),মুক্তি যোদ্ধা জনসেৱক চন্দ্ৰশেষৰ দাস( জীৱনী ১৯৮৬),লোকনায়ক অমিয় কুমাৰ দাস(জীৱনী),জীৱন আৰু বাস্তৱ(উপন্যাস, ১৯৭৫ ),অসমৰ নাৰী জাগৰণৰ অগ্ৰদূত,অকণবালা দাস (জীৱনী, ১৯৯৮),ইতিহাসে পৰশা স্মৃতি সজল (প্ৰৱন্ধ পুথি ১৯৭৬),মোৰ গল্পৰ শৰাই (চুটিগল্প),মোৰ প্ৰৱন্ধ সংকলন(প্ৰৱন্ধ),সাহিত্য চিন্তাৰ পট-পৰিবৰ্তন (প্ৰৱন্ধ),চন্দ্ৰজ্যোতি(সংগৃহীত জীৱনী ১৯৯২ চন ),স্ব-নিৰ্বাচিত প্ৰবন্ধাৱলী (২০১১) আদিকে ধৰি প্ৰায় পোন্ধৰখন প্ৰকাশিত পুথিৰ উপৰিও তেখেতে সম্পাদনা কৰিছিল শোণিতপুৰ জিলা সাহিত্য সভাৰ পত্ৰিকা (১৯৯৩),অসম ৰাজ্যিক প্ৰাদেশিকৃত বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ দ্বিবাৰ্ষিক ৰাজ্যিক অধিবেশনৰ স্মৰণিকা ‘অস্তৰাগ'(২০০৭চন),অসম হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক অধিবেশনৰ স্মৃতিগ্ৰন্থ (১৯৯০),পাঞ্চজন্য,সুত্ৰধাৰ, সুন্দৰম (২০১৪),কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ কেহেৰুখন্দা কেন্দ্ৰৰ সোণালী জয়ন্তীৰ স্মৰণিকা (১৯৯৫) আদিকে মুখ্য কৰি বহুকেইখন গ্ৰন্থ ৷ সমাজ আৰু সাহিত্যৰ প্ৰতি থকা তেখেতৰ দায়বদ্ধতাৰ স্বীকৃতি স্বৰূপে তেখেতে লাভ কৰিছে বহু সন্মান ৷তেখেতে ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে দিয়া ড° আম্বেদকাৰ ফেল’শ্বিপ বঁটা —(২০০৩ চন),অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন(২০১৯) লাভ কৰাৰ উপৰিও লাভ কৰিছে বিভিন্ন সম্বৰ্ধনা ৷ অসম সাহিত্য সভাৰ আজীৱন সভ্য ,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰাক্তন সদস্য (১৯৯৪),শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি(১৯৯২-৯৩ চন),শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি (১৯৯০-৯১ চন),শোণিতপুৰ জিলা সাহিত্য সভাৰ অন্যতম প্ৰতিষ্ঠাপক সভ্য , তথা ১৯৭৮ চনৰ প্ৰথমখন কাৰ্যনিৰ্বাহকৰ এগৰাকী সহ সম্পাদক ,ঢেকীয়াজুলি শাখা সাহিত্য সভাৰ তৃতীয়জন সম্পাদক হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ ( ক্ৰমে ১৯৭৩-৭৪ বৰ্ষ আৰু ১৯৭৭-৭৯ বৰ্ষ ),সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ প্ৰাক্তন সদস্য,ঢেকিয়াজুলি কবি সন্মিলনৰ সভাপতি (১৯৮৮),শোণিতপুৰ জিলা অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক সন্থাৰ উপ-সভাপতি,ঢেকীয়াজুলি ন- চহৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভ্য, তথা প্ৰথমখন পৰিচালনা সমিতিৰ যুটীয়া সম্পাদক,ঢেকীয়াজুলি মইনা পাৰিজাতৰ প্ৰাক্তন সভাপতি,ৰঙাগৰা হাইস্কুলৰ প্ৰতিষ্ঠাতা শিক্ষক,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢেকীয়াজুলি প্ৰাথমিকৰ প্ৰতিষ্ঠাপক , প্ৰাক্তন সম্পাদক (১৯৮১-৮২) তথা সভাপতি (১৯৮৩-৯০),ঢেকীয়াজুলিৰ সুন্দৰম সাংস্কৃতিক সংঘ , কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উপদেষ্টা,উত্তৰ ঢেকিয়াজুলি ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো কাৰ্যনিৰ্বাহ কৰি নিজৰ কৰ্মদক্ষতাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে ৷১৯৬৮ চনৰেপৰা সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ নতুন অসমীয়া,মহাজাতি, আজিৰ বাতৰি, আজিৰ অসম, দৈনিক অসম, দৈনিক জনমভূমি,জনক্ৰান্তি , ন-লখিমী(লক্ষীমপুৰ), মণিকাঞ্চন আদি একাধিক কাকতৰ সংবাদদাতা ৰূপে ললিত বৰুৱাদেৱে অত্যন্ত নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰিছিল৷ সদায় জনসাধাৰণৰ হকে মাত মাতি অহা বৰুৱাদেৱে এইক্ষেত্ৰত বহু বাধাৰো সন্মুখীন হ’ব লগা হৈছিল যদিও কোনো আপোচ নকৰি নিজৰ কৰ্তব্যত অটল হৈ থাকিছিল ৷ঢেকীয়াজুলিৰ একাধিক গ্ৰন্থৰ প্ৰণেতা, একালৰ প্ৰবীণ সাংবাদিক, নীৰৱ সাহিত্যিক,কথাশিল্পী,শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত ললিত বৰুৱাদেৱে ঢকুৱাখনাত ১৯৪৫ চনত জন্ম গ্ৰহণ কৰে ৷ এটা সু-সাংস্কৃতিক পৰিয়ালত ঢকুৱাখনাত জন্ম লাভ কৰাৰ পিছতে যুৱক অৱস্থাত কিদৰে প্ৰয়াত স্বনামধন্য সাহিত্যিক হোমেন বৰগোঁহাঞিদেৱে সাংবাদিকতাৰ আদিপাঠ শিকাইছিল সেই স্মৃতি সোঁৱৰি নষ্টালজিক হৈ পৰে ৷ ককা-আজোককাকৰ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাটেৰে বাট বুলি অহা ললিত বৰুৱাদেৱে নিজৰ শিক্ষকতাৰ জীৱনৰ মাজতো সাংবাদিকতাৰ দৰে গধুৰ দায়িত্ব পালন কৰিছিল সেই সত্তৰৰ দশকতেই ৷অনুষ্ঠানটিৰ আৰম্ভণিতে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশিষ্ট সাহিত্যিক ললিত বৰুৱাদেৱক এখনি ফুলাম গামোচা আৰু বৰ জাপিৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে সহধৰ্মিনী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লীলাৱতী বৰুৱাকো গামোচাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷অনুষ্ঠানটিৰ আঁত ধৰে ক্লাবৰ সাধাৰণ সম্পাদক কল্পজ্যোতি নাথে ৷মনোজ্ঞ অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলা বাবে ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া তথা সদস্যবৃন্দক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে সভাপতি গোলোক বৰা,কাৰ্যকৰী সভাপতি তপন চক্ৰৱৰ্তী আৰু সম্পাদক কল্পজ্যোতি নাথে ৷কথাশিল্পী,সাহিত্যিক শ্ৰীযুত ললিত বৰুৱাদেৱৰ সুস্বাস্থ্যৰ লগতে সুদীৰ্ঘ জীৱন কামনা কৰে ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সদস্যসকলে ৷
ওৰাঙত দিব্যাংগ ব্যক্তিসকলৰ বাবে স্বাস্থ্য আৰু চিকিৎসা শিবিৰ স্থাপন
২৬নবেম্বৰত ওদালগুৰি জিলাৰ পাঁচনৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত ওৰাং ভিচিডিচিত বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ সঠিক চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হৈ যায় ৷এই স্বাস্থ্য আৰু চিকিৎসা শিবিৰটোত স্বাস্থ্য পৰীক্ষণ কৰে ওৰাং খণ্ড প্ৰাথমিক খণ্ডপ্ৰাথমিক স্বাস্থ্য বিষয়া সকলে। ওৰাং স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ লক্ষণ কুমাৰ বড়োবে এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে। স্বাস্থ্য বিভাগক বিশেষ ভাবে এই ক্ষেত্ৰত সহায় কৰে অঙ্গনাবাদী কৰ্মী সকলে। অঙ্গনাবাড়ীৰ চিডিপিঅ অঞ্জনা ব্ৰহ্ম আৰু লগতে ওৰাং ভিচিডিচি ৰ চেয়াৰমেন দিব্যজ্যোতি শইকীয়াই এই মহান কাৰ্যসূচীত বিশেষ ভাবে সহায় সহযোগিতা কৰে।স্বাস্থ্য বিভাগৰ দ্বাৰা সঠিক চিনাক্তকৰণ কৰা দিব্যাং ব্যক্তি সকলে অনাগত দিনত বিটিআৰৰ চৰকাৰৰ জৰিয়তে আৰ্থিক ভাৱে উপকৃত হব।প্ৰায় ৫০০শ ব্যক্তিক স্বাস্থ্য আৰু চিকিৎসা সেৱা আগবঢ়ায় ৷
কৰোনাৰ নতুন ভেৰিয়েন্টকলৈ বৰ্ধিত উদ্বেগৰ মাজত প্ৰধানমন্ত্ৰী মোডীৰ বৈঠক
কৰোনাৰ নতুন ভেৰিয়েন্ট অমাইক্ৰনৰ আবিৰ্ভাৱৰ পিছত পৃথিৱীৰ বহুতো দেশ সতৰ্ক হৈ পৰিছে। ইফালে, অ’মাইক্ৰনৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰোনাক লৈ সাম্প্ৰতিক পৰিস্থিতি আৰু দেশৰ পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক আহ্বান কৰিছে। বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ভেকছিনৰ বিষয়ে আলোচনা কৰা হৈছে।বৈঠকত তেওঁ দেশত কৰোনা ভাইৰাছৰ বিৰুদ্ধে প্ৰস্তুতিৰ বুজ ল’ব। প্ৰধানমন্ত্ৰী মোডীৰ বৈঠকখনে গুৰুত্ব বহন কৰিছে কিয়নো বৰ্তমান দেশৰ বহুতো ৰাজ্যত কৰোনাৰ সংক্ৰমণ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী মোডীয়ে বৈঠকত কৰোনাৰ পৰা উদ্ভৱ হোৱা অন্যান্য পৰিস্থিতিৰ বিষয়েও আলোচনা কৰিব। প্ৰধানমন্ত্ৰী মোডীয়ে বৈঠকত বিষয়াসকলক কেইবাটাও নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে।
মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিটিআৰৰ তৰফৰ পৰা ডেৰশ ছাত্ৰক চাইকেল বিতৰণ
২৫ নবেম্বৰত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় খনৰ দশম আৰু একাদশ শ্ৰেণীৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শ্ৰেণীৰ ডেৰশ ছাত্ৰক বিনামূলীয়া চাইকেল বিতৰণ কৰা হয় ৷বিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ৰামকৰণ গোড়ৰ সভাপতিত্বত অনুষ্ঠিত চাইকেল বিতৰণ অনুষ্ঠানত বিটিআৰৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দীপক মৌৰে ছাত্ৰছাত্ৰী ক উদ্দেশ্যি চাইকল খনৰ সদ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেখেত পথত চাইকেল চলাওঁতে পথটো আগুৰি যোৱাৰ পৰিবৰ্তে শাৰী শাৰীকৈ যোৱাৰো পৰামৰ্শ আগবঢ়ায় ৷সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মথুৰ পাঠক ,প্ৰাক্তন সভাপতি পূৰ্ণৰাম ডেকা,উপাধ্যক্ষ তুলসী ৰাম নাথ,ওদালগুৰি জিলা ভূমি উপদেষ্টা সমিতিৰ সদস্য তথা সাংবাদিক মুনীন্দ্ৰ নাথ কলিতা ,অৱসৰী শিক্ষয়িত্ৰী হিমানী পাঠক প্ৰমূখ্যে ব্যক্তি সকল উপস্হিত থাকে ৷সভা খনৰ আঁত ধৰে বিদ্যালয়খনৰ অধ্যক্ষ সুভাষ দেই ৷অধ্যক্ষ গৰাকীয়ে লগতে বিদ্যালয় খনৰ সমস্যা সামাধানৰ বাবে এখন স্মাৰক পত্ৰও এমচিএলএ দীপক মৌৰৰ হাতত প্ৰদান কৰে ৷
দুৰদুৰীয়াৰ বানত ছিগা মথাউৰি খৰালিতে মেৰামতিৰ দাবী ৰাইজৰ
দৰং জিলাৰ পশ্চিমাঞ্চলৰ মাজেৰে বৈ যোৱা দিমীলা নদীৰ বাঢ়নী পানীয়ে ২০০৪ চনতে দুৰদুৰীয়াৰ সমীপত পূব দিশৰ মথাউৰিটোৰ প্ৰায় পঞ্চাশ মিটাৰ দৈৰ্ঘ্যজুৰি ছিগি পেলায়।যাৰ পাছত আজি সুদীৰ্ঘ সোতৰটা বছৰে বিভাগে মেৰামতি নকৰাকৈয়ে পেলাই থোৱাত দুৰদুৰীয়া, নাওঁপোটা,চমুখা, বগাচলা, বাঘমাৰা, ঘোপেলী, গোপালপুৰ, পাটগিৰি চুৱা, সোনাপুৰকে ধৰি প্ৰায় পোন্ধৰখনমান ৰাজহ গাঁৱৰ কৃষক ৰাইজৰ খেতি পথাৰ বাৰিষা সময়ত নদীখনৰ ওভটনি পানীৰ সোঁতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে।মূলতঃ বাৰিষা সময়ত পানীয়ে মাৰি থকাৰ পৰিপ্ৰেক্ষিতত তিনি- চাৰিবাৰকৈ কঠীয়া ৰুয়ো শস্য গোটাব নোৱাৰাৰ বাবে অঞ্চলটোৰ ৯৫ শতাংশ কৃষক ৰাইজ অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰিছে।খৰালি কালতো কৃষক ৰাইজে কৃষি বিভাগৰ পৰা বীজ- সাৰ আদি একো নোপোৱাত বজাৰৰ অত্যধিক মূল্যত ৰবি শস্যৰ বীজ- সাৰ কিনিব নোৱাৰি ঘৰৰ পোহনীয়া হাঁহ-কুকুৰা বিক্ৰী কৰি যি পাৰে তাকৰীয়া ভাবে সৰিয়হ,মটৰ,মচুৰ, মাটি মাহ আদিৰ খেতি কৰি কিবা কৰি পৰিয়ালক পোহপাল দি আহিছে। উল্লেখ্য যে প্ৰতি বছৰে মথাউৰিৰ ছিগা অংশৰে বাৰিষা সময়ত নদীৰ বাঢ়নী পানী সোমাই কৃষিজীৱি ৰাইজক নাজল নাথল খুৱাই অহা ছিগা মথাউৰিৰ অংশ খিনি মেৰামতি কৰাৰ বাবে ৰাইজে বিধায়ক,সাংসদ, বিভাগৰ ওচৰত বাৰম্বাৰ আবেদন- নিবেদন, অনুৰোধ কৰি ভাগৰি পৰি বাদ দিবলৈ বাধ্য হৈছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১৯ চনত তেতিয়াৰ তদানীন্তন বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চেঙেলীয়াঝাৰত ননৈ নদীৰ বানে ছিগা মথাউৰি পৰিদৰ্শন সময়ত দুৰদুৰীয়া গাঁৱৰ গাওঁ বুঢ়া গৰাকীয়ে বিষয়টো মন্ত্ৰী গৰাকীৰ ওচৰত অৱগত কৰাত তেওঁ তাত উপস্থিত থকা মঙলদৈ সংমণ্ডল জলসম্পদ বিভাগৰ অভিযন্তাক ব্যৱস্থা লবলৈ নিৰ্দেশ দিছিল।ৰাইজে ভাবিছিল যে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিলে যেতিয়া এইবাৰ মেৰামতি হ’বই।পিছে আজি দুটা বছৰে তেনেদৰেই নিৰ্দেশ নিৰ্দেশে হৈ থাকিল। ইফালে বিগত বৰ্ষত ৰাজ্যৰ বহু মথাউৰি মেৰামতি হ’ল যদিও বাদ পৰি ৰ’ল মাত্ৰ দুৰদুৰীয়াৰ দিমীলা নদীৰ ছিগা মথাউৰি। ইফালে আজি সোতৰ বছৰে মথাউৰিৰ ছিগা অংশত বাঁহৰ সাঁকো দি ৰাইজে যাতায়াত অব্যাহত ৰাখিব লগীয়া হৈছে। আঞ্চলিক ৰাইজে পুনৰ মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি খৰালি কালত যিকোনো প্ৰকাৰে ছিগা অংশ খিনি মেৰামতি কৰি ৰাইজক উপকৃত কৰাৰ বাবে আহ্বান জনাইছে।
ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে সমৰ হাজৰিকাক দায়িত্ব অৰ্পণ
অসম ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই ৰাজ্যৰ কেইবাটাও জিলাত ননুনকৈ যুৱ মৰ্চাৰ জিলা সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰাৰ সমান্তৰালকৈ ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিছে । নৱ নিৰ্বাচিত যুৱ মৰ্চাৰ সভাপতি জনে দলৰ সাংগঠনিক দিশত অধিক গুৰুত্ব প্ৰদান কৰি ওদালগুৰি জিলাৰ নৱ প্ৰজন্মক আগুৱাই লৈ যোৱাত ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি ওদালগুৰি জিলা বিজেপিৰ দায়িত্বত থকা মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই আশা ব্যক্ত কৰিছে ।











