Home Blog Page 2689

ওদালগুৰি জিলাৰ কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰণ

ৰাষ্টীয় কৃষি বিকাশ যোজনাৰ অধীনত ওদালগুৰি জিলা কৃষি বিভাগৰ তৰফৰ পৰা জিলা খনৰ কৃষক সকলক উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰা হ’য়। জিলা খনৰ কৃষি কৃষকক সামৰি কৃষি খণ্ডৰ বিকাশৰ বাবে আলুৰ উন্নত মানৰ বীজ প্ৰদান কৰা হ’য় কৃষক সকলৰ মাজত। জিলা কৃষি বিষয়া প্ৰফুল্ল বৰগোহাঁই আৰু কৃষি উন্নয়ন বিষয়া ইন্দু প্ৰাঞ্জল বৰাই আনুষ্ঠানিক ভাৱে উন্নত মানৰ আলুৰ বীজ বিতৰণ কৰে। কৃষক সকলৰ মাজত বিতৰণ কৰা উন্নত মানৰ আলুৰ বীজৰ নাম কুৰ্ফিজ্যোতি। এই উন্নত মানৰ বীজ বিধত আলুত হোৱা ব্ৰাই বেমাৰৰ উপস্থিতি ধৰা নপৰে। ইয়াৰ উপৰিও এছ অ পি ডি আঁচনিৰ অধীনত জৈবিক কৃষিৰ বাবে কৃষক সকলৰ মাজত কেঁচুসাৰ বিতৰণ কৰা হ’য়। উক্ত বিতৰণ সভাত বি টি চি ৰ উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে  পৰিষদীয় সদস্য সকলৰ প্ৰতিনিধি সকল উপস্থিত থাকে।‌ এই বিতৰণ প্ৰক্ৰিয়াত কৃষি সহায়ক উৎপল কুমাৰ ডেকা আৰু এডিচন মুছাহাৰীয়ে সহযোগিতা আগবঢ়ায়।‌

বাক্সাত ৩২ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ দাহন আৰক্ষীৰ

বিগত সময়চোৱাত বাক্সা জিলাৰ বিভিন্ন ঠাইত আৰক্ষীৰ অভিযানত জব্দ কৰা ড্ৰাগছ, গাঞ্জাকে আদি কৰি প্ৰায় ৩২ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী আজি আনুষ্ঠানিক ভাৱে দাহ কৰা হয়। এই উপলক্ষে আজি জিলাখনৰ বৰবৰী আৰক্ষী থানাৰ সমীপৰ দিৰিং নৈৰ দাঁতিত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণই, আৰক্ষী অধীক্ষক ৰাজেন সিং, সদৰ মহকুমাধিপতি গীতাশ্ৰী লাচিত, উপ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি কলিতা উপস্থিত থাকে ৷ পিছত জিলা অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অচ্যুতানন্দ শইকীয়াৰ উপস্থিতিত বাক্সা জিলা আৰক্ষীয়ে জব্দ কৰা নিচা জাতীয় সামগ্ৰী সমূহ দাহ কৰি ধ্বংস কৰি দিয়া হয়। জিলাখনৰ গোৰেশ্বৰ আৰক্ষী থানাৰ ২ টা, তামুলপুৰ আৰক্ষী থানাৰ ৮ টা, বৰমা আৰক্ষী থানাৰ ২ টা, মুছলপুৰ আৰক্ষী থানাৰ ১ টা, শালবাৰী আৰক্ষী থানাৰ ১ টা, শিমলা আৰক্ষী থানাৰ ৩ টা আৰু গোৱৰ্ধনা আৰক্ষী থানাৰ ৪ টা তথা সৰ্বমুঠ ২১ পঞ্জীয়ণভূক্ত গোচৰৰ ভিত্তিত জব্দ হোৱা নিচাজাতীয় সামগ্ৰীসমূহ দাহ কৰা হয় ৷ আজিৰ এই দাহন কাৰ্যসূচীত প্ৰায় ৩৪ কিলোগ্ৰাম গাঞ্জা, ৬ গ্ৰাম ব্ৰাউন চুগাৰ, ১০ গ্ৰাম হেৰ’ইন, ৩৫৩ গ্ৰাম অ’পিয়াম আৰু ১৯৬৮ টা নিচাজাতীয় টেবলেট দাহ কৰে ৷ দাহন কৰা সামগ্ৰী খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৩২ হাজাৰ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে ৷ 

চামগুৰিৰ গেৰুৱাআটিত ১১ টা চোৰাং গৰুসহ ট্ৰাক জব্দ

যি সময়ত ৰাজ্য চৰকাৰখনে চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধেকঠোৰ স্থিতি গ্ৰহণ কৰিছে সেই সময়তে নগাঁও জিলাৰ চামগুৰি সমষ্টিত চোৰাং গৰু সৰবৰাহ চলি থকা কাৰ্য পোহৰলৈ আহিছে ৷ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ খাটোৱাল থানাৰ আৰক্ষীয়ে যোৱা নিশা চামগুৰি থানাৰ আৰক্ষী  সহযোগত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই গেৰুৱাআটিৰ চপতকাৰা অঞ্চলৰ পৰা চোৰাং গৰুসহ এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে খাটোৱাল আৰক্ষী থানাৰ  অন্তৰ্গত গেৰুৱাআটি দিশৰ পৰা যোৱা নিশা প্ৰায় ২:৩০ মান বজাত এখন ট্ৰাকত চোৰাং গৰু আনি থকা বুলি খাটোৱাল  আৰক্ষীয়ে এক গোপন সুতৰ পৰা জানিব পাৰি অভিযান আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত খাটোৱাল আৰক্ষীয়ে চামগুৰি থানাৰ  আৰক্ষীৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথত যৌথ অভিযান চলাই থকাৰ সময়ত উক্ত চোৰাং গৰু ভৰ্তি ট্ৰাক খন পুনৰ গেৰুৱাআটি দিশে পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পলাবলৈ চেষ্টা কৰা এ এছ ০২ বি চি ৩৬৫৪ নম্বৰৰ চোৰাং গৰু ভৰ্তি ট্ৰাকখন আৰক্ষীয়ে  পিছে পিছে খেদি পুৱতি নিশা প্ৰায় ৪–৩০ মান বজাত গেৰুৱাআটিৰ চপতকাৰা অঞ্চলত জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পৰা ১১ টা চোৰাং গৰু উদ্ধাৰ কৰে যদিও গাড়ী খনৰ চালক আৰু কুখ্যাত চোৰাং গৰু ব্যৱসায়ী কেইজন পলায় যাবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷  আজি পুৱতি নিশা উদ্ধাৰ কৰা চোৰাং গৰু খিনি আৰক্ষীয়ে গোশালালৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে চোৰাং গৰু ব্যৱসায়ী চক্ৰটোক আটক কৰিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

অসম গৃহ নিৰ্মান পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইক সম্বৰ্ধনা

শুক্ৰবাৰে অসম গৃহ নিৰ্মান পৰিষদৰ অধ্যক্ষ পুলক গোহাঁইক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰাৰ লগতে ফুলৰ থোপা আৰু গামোচাৰে সন্মান জনায়।গুৱাহাটী মহানগৰীৰ খাৰঘুলি পাহাৰ হাউচিং চৌহদ মহিলা সমন্বয় সমিতিয়ে গৃহ নিৰ্মাণ পৰিষদে প্ৰদান কৰে এই সম্বৰ্ধনা।

কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত সংবিধান দিৱস উৎযাপন

 অসম কৃষি বিশ্ববিদ্যালয়ৰ  অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত আজি সংবিধান দিৱস উদযাপন কৰা হয়। সংবিধান দিৱসটিৰ আঁত ধৰে উদ্যান শস্য বিশেষজ্ঞা ড০ দৰদী প্ৰিয়ম দুৱৰাই ।এই দিৱসত আই. চি. এ. আৰ. আটাৰীৰ সঞ্চালক  ড° অনিল এিপাঠী,অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগৰ সঞ্চালক ড০ প্ৰসন্ন কুমাৰ পাঠক,চি.বি.বি. অ. ৰ মূখ্য বিষয়া ড° প্রমোদ ডেকা, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্রধান বিজ্ঞানী ড° জয়ন্ত শৰ্মা,কামৰূপ  কৃষি বিজ্ঞান কেন্দ্রৰ  মুৰব্বী ড° ধীৰেন কলিতা,বিশেষজ্ঞা ড° মধুসমিতা কটকী, পৰাগ শইকীয়া, কৰ্মচাৰীৰ উপস্থিতিত কৃষি বিজ্ঞান কেন্দ্রৰ প্রাণজল ঠাকুৰীয়াই ভাৰতীয় সংবিধানৰ প্রস্তাবনা পাঠ কৰায় আৰু লগতে অসমৰ বিভিন্ন জিলাৰ পৰা অহা কৃষক উৎপাদক কোম্পানিৰ সদস্যসকলেও সহপাঠ কৰে।

লটাৰীত ইব্ৰাহিম আলীৰ জয়

 অৱশেষত আজি ৪২৪ নং বিৰসিংচৰ এল পি স্কুলৰ পৰিচালনা কমিটীৰ সভাপতি পদৰ প্ৰাৰ্থীকলৈ যি নিৰ্বাচন হ’ল সেই নিৰ্বাচনত ২জন প্ৰাৰ্থী প্ৰতিদ্বন্দিতা কৰিছিল। ১ আবু তাহেৰ মণ্ডল, ২ ইব্ৰাহিম আলী । ভোট দান শেষ, ভোট গণনা আৰম্ভ। উক্ত ভোট গণনাৰ ফলাফল ভাগ্যৰ ওপৰত নিৰ্দ্ধাৰিত হ’ল, কাৰণ বিদ্যালয় খনৰ মুঠ ভোটাৰৰ সংখ্যাঃ- ৮৭ , ভোট দানৰ সংখ্যাঃ- ৮৬ ,আবু তাহেৰ মণ্ডলে মুঠ ভোট লাভ কৰিলে ৪৩ টা, আৰু ইব্ৰাহিম আলীয়ে মুঠ ৪৩টা ভোট লাভ কৰিলে।তাৰ মানে দুয়ো জন প্ৰাৰ্থীয়ে ভোট লাভ কৰিলে সমান সমান, ইয়াতেও সমস্যা নহ’ল সমাধান। অৱশেষত নিৰ্বাচিনী বিষয়াই লটাৰীৰ সিদ্ধান্ত লয়। আৰু লটাৰীত ইব্ৰাহিম আলীয়ে জয়ী হয় আৰু আবু তাহেৰ মণ্ডলে পৰাজিত হয়।

ৰাজ্যিক কৰ্মচাৰীয়ে চলিতে মাহতে ৩ শতাংশ মৰগীয়া বনাচ লাভ কৰিব :- বাসৱ চন্দ্ৰ কলিতা

তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ ষষ্ঠ দ্বি- বাৰ্ষিক অধিবেশনখন বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে তামুলপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় । বিয়লি তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি দেবেন দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি  সভাত নিৰ্দিষ্ট বক্তাহিচাৱে অংশ গ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসৱ চন্দ্ৰ কলিতাই কয়  যে ৰাজ্যিক কৰ্মচাৰী সকলৰ বাবে এটি সুখবৰ চলিত মাহতে ৩ শতাংশ মৰগীয়া বনাচ লাভ কৰিব। পূৰ্বৰ এগৰাকী সম্পাদকে কৰ্মচাৰী পৰিষদত এক নায়কত্ব বাদ  চলা বুলি প্ৰচাৰ  চলাই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ কথা দোহাৰি তেওঁ কৰ্মচাৰী সকলক এনে অপপ্ৰচাৰত ভোল নগৈ নেতৃত্বৰ ওপৰত বিশ্বাস ৰাখিবলৈ আহ্বান জনায়। কভিড পৰিস্থিতিৰ বাবে স্থৱিৰতা অহাৰ কথা দোহাৰি তেওঁ কয় কভিডৰ বাবে আমি মৃণাল দাসৰ দৰে  এগৰকী ভাল, দক্ষ নেতাক হেৰুৱাই মৰ্মাহত হোৱাই নহয়  তেওঁৰ মৃত্যুৰ পিচতে   পৰিষদখনৰ বিৰুদ্ধে এচাম লোকে ষড়যন্ত্ৰত লিপ্ত হৈ পৰিল ।  তথাপি কৰ্মচাৰী পৰিষদে বহি থকা নাই বুলিও তেওঁ উপস্থিত কৰ্মচাৰী সকলক আশ্বস্ত কৰি কৰ্মচাৰী পৰিষদৰ কিছু কামৰ খতিয়ান দাঙি ধৰি কয় বিদ্যালয় চৰকাৰীকৰণ , নতুন পেঞ্চন নীতিৰ ওপৰত আলোচনা কৰি পূৰনা পেঞ্চন  বাহাল ৰখাৰ বাবে পৰিষদে দাবী জনাই আহিছে । বিগত দৰমহা আয়োগ গঠনৰ  সময়ত কৰ্মচাৰীসকলে পাঁচ হাজাৰ টকা হেৰুৱাইছিল কিন্তু কৰ্মচাৰী পৰিষদৰ প্ৰচেষ্টাত হেৰুৱা ধন ঘুৰাই পাইছে ।  মৃনাল দাসক জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা হিচাপে এখন কিতাপো উলিওৱা হৈছে  । মুখ্য অতিথিহিচাবে  অংশ গ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি   প্ৰদীপ দত্তই   মঞ্চত   থিয় হৈয়েই সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰয়াত  কেন্দ্ৰীয়  সাধাৰণ সম্পাদক মৃণাল দাসক স্মৰণ কৰে । তেওঁ প্ৰয়াত  মৃণাল দাসৰ ব্যক্তিত্ব ,কৰ্মদক্ষতাৰ ওপৰত সাৱলীল বক্তব্য প্ৰদান কৰে।  কৰ্মচাৰী পৰিষদে কভিড  অতিমাৰীৰ সময়ত হোৱা ল’ক ডাউনৰ বাবে বিশেষ কাম কৰিব পৰা নাই যদিও ৰাজ্যিক কৰ্মচাৰীসকলৰ  স্বাস্থ্য সেৱা আঁঁচনিখন  কাৰ্যকৰি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে আৰু  শীঘ্ৰে কাৰ্যকৰি হৈ উঠাৰ সম্ভাৱনা আছে । ৰাজ্যখখনৰ কৰ্মচাৰীসকলৰ প্ৰাপ্যখিনি আজুৰি অনাৰ বাবে চেষ্টা কৰি থকা বুলিও তেওঁ দোহাৰে ।  সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰি সদৌ অসম কৰ্মমচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক শ্যামন্ত দাসেও কৰ্মচাৰী পৰিষদৰ কামৰ কিছু খতিয়ান দাঙি ধৰি কয়-  ২০২০  চনৰ নৱেম্বৰত চৰকাৰৰ সৈতে আলোচনা কৰোতে নতুন পেঞ্চন নীতি সন্দৰ্ভত আলোচনা কৰোতে চৰকাৰী এই সমস্যা কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ বুলি উল্লেখ কৰে । কৰ্মচাৰী পৰিষদে কৰ্মচাৰীসকলৰ সকলো সমস্যা সমাধানৰ চেষ্টা চলাই আহিছে কিন্তু কৰ্মচাৰী পৰিষদৰ এচামে পৰিষদখনৰ বিৰুদ্ধাচাৰন কৰিবলৈ লোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁ আখ্যা দিয়ে ।  মেৰাপানীত সীমা সমস্যা ,গোষ্ঠী সংঘৰ্ষ আদিত কৰ্মচাৰী পৰিষদে খবৰ লৈ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে। মুুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি দ্বীপেন শৰ্মা, কেন্দ্ৰীয় কৰ্মচাৰী পৰিষদৰ সাংগঠনিক সম্পাদক আজিজুৰ ৰহমান ,  কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বশিষ্ঠ শৰ্মা  তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ , বিভুতি ডেকা , তামুলপুৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নাৰায়ন কলিতা , নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা উদয় বৰ্মন, সাংগঠনিক সম্পাদক পঙ্কজ বৰ্মন কোষাধ্যক্ষ  মনোৰঞ্জন শৰ্মাৰ ,তামুলপুৰ জিলা কৰ্মচাৰী পৰিষদৰ  সভাপতি চিনাকান্ত বসুমতাৰী ,সাধাৰণ সম্পাদক কন্দৰ্প তালুকদাৰৰ লগতে তামুলপুৰ জিলা আৰু কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া  আৰু কৰ্মচাৰীসকল উপস্থিত থাকে । ইপিনে দিনৰ ভাগত অনুষ্ঠিত তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধি সভাত দেবেন দাসক সভাপতি আৰু  চক্ৰেশ্বৰ ডেকাক সাধাৰণ সম্পাদক  হিচাপে লৈ একত্ৰিশজনীয়া তামুলপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।

জীয়াভৰলী নদীৰ বক্ষ খননৰ প্ৰস্তুতি ৰাজ্য চৰকাৰৰ

গৰাখহনীয়া ৰোধ কৰিবৰ বাবেই জীয়াভৰলী নদীত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে চলাব নদীখনৰ খননকাৰ্য৷ইতিমধ্যে জীয়াভৰলী নদীৰ বক্ষ খননৰ বাবে নদীৰ পাৰত নমোৱা হৈছে মুম্বাইৰপৰা অনা বৃহৎ অত্যাধুনিক যন্ত্ৰাংশ৷নদীখনৰ খননকাৰ্য চলাই গৰাখহনীয়া ৰোধ কৰিবৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বাবে উৎফুল্লিত হৈ পৰিছে নৈপৰীয়া লোকসকল৷ক্ৰমাৎ বাম হৈ পৰা জীয়াভৰলী নদীখন খননৰ ফলত নদীৰ পানীৰ গভীৰতা বৃদ্ধি হ’লে নদীখনৰ ভয়াবহ খহনীয়া ৰোধ হ’ব৷অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা জীয়াভৰলী নদীৰ খহনীয়াৰ ফলত ইতিমধ্যে জামুগুৰিহাটৰ নদীপৰীয়া লোকসকলৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি,ঘৰ-মাটি,কেবাখনো গাঁও নদীখনৰ বুকুত জাহ গৈ বিলীন হৈ গৈছে৷এইবাৰো বাৰিষাৰ বতৰত জীয়াভৰলী নদীয়ে তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলবাসীলৈ ভাবুকী কঢ়িয়াই অনাৰ লগতে কৃষিবান্ধো চিঙি লৈ গৈছিল৷তাৰপিছতেই বিধায়ক পদ্ম হাজৰিকাৰ আমন্ত্ৰণমৰ্মে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা উপস্থিত হৈ নদীখনৰ খহনীয়া ৰোধৰ বাবে নদীখন খন্দাৰ কথা ঘোষণা কৰিছিল৷উল্লেখ্য যে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে ব্ৰহ্মপুত্ৰৰ প্ৰধান উপনৈ সমুহ খন্দাৰ বাবে চৰকাৰীভাৱে লোৱা সিদ্ধান্তসমুুহৰ প্ৰথমটো কাৰ্যসুচী হিচাপে চতিয়া সমষ্টিৰ অন্তৰ্গত জীয়াভৰলী নদীতেই সৰ্বপ্ৰথমে নদী খনন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে৷চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত নদীখনে সৃষ্টি কৰা গৰাখহনীয়াৰ কবলৰপৰা মুক্ত হ’ব পাৰিব বুলিয়েই যথেষ্ট আশা পুহি ৰাখিছে নৈপৰীয়া লোকসকলে৷

বৰপেটাত একেদিনাই ২৯২ টা মহিলা আত্মসহায়ক গোটলৈ ১১.৩২ কোটিৰ ঋণ

অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, বৰপেটাৰ সৌজন্যত জিলাখনত থকা বিভিন্ন বেংকৰ সহযোগত আজি একেদিনাই ২৯২ টা মহিলা আত্মসহায়ক গোটৰ মাজত মুঠ ১১.৩২ কোটি টকাৰ ঋণ প্ৰদান কৰা হয়। আজি বৰপেটাত অনুষ্ঠিত এটি বিশাল ঋন মেলাত এই ঋণত মঞ্জুৰী প্ৰদান কৰাৰ লগতে ইয়াৰে সিংহভাগ বিতৰণো কৰা হয়। জিলা পৰিষদৰ সভাগৃহত অনুষ্ঠিত এটি অনুষ্ঠানত উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আনুষ্ঠানিকভাৱে ঋণ মঞ্জুৰী-পত্ৰ বিতৰণ কৰি ঋণমেলাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত তেওঁ কয় যে, গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা ৰূপায়িত এই কাৰ্যসূচীৰ দ্বাৰা এফালে গ্ৰাম্য অৰ্থনীতি সুদৃঢ় হোৱাৰ লগতে আনফালে মহিলা সবলীকৰণৰ দিশতো ব্যাপক ইতিবাচক প্ৰভাৱ পৰিলক্ষিত হৈছে। তেওঁ মহিলা সকলক নিজৰ উৎপাদিত সামগ্ৰীৰ গুণমান বিশিষ্টা আৰু আকৰ্ষণীতয়তা বৃদ্ধিৰ প্ৰচেষ্টা নিৰন্তৰ চলাই যাবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে বজাৰ দখল কৰিবলৈ হলে উৎপাদিত সামগ্ৰীৰ মান উন্নত হোৱাৰ লগতে কিছু নতুনত্ব থকাৰ প্ৰয়োজন। লগতে উপযুক্ত প্ৰচাৰৰো আৱশ্যকতাৰ বিষয়ে তেওঁ দোহাৰে। বৰপেটা জিলা গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক সুমিত দাসে আতঁধৰা সভাখনত দিয়া ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই চৰকাৰে আগবঢ়োৱা এই আঁচনিৰ দ্বাৰা প্ৰতিগৰাকী মহিলাকে আত্মপ্ৰতিষ্ঠাৰ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইয়ে মহিলাসকলৰ আৰ্থিক নিৰাপত্তা আৰু সামাজিক প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো সহায়ক হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে। সভাত জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া চিত্তৰঞ্জন ডেকা,  গ্ৰামীণ জীৱিকা অভিযানৰ  ৰাজ্যিক প্ৰকল্প বিষয়া দীপাংকৰ বৰুৱা, অসম গ্ৰামীণ বিকাশ বেংকৰ আঞ্চলিক প্ৰৱন্ধক ৰামকৃষ্ণ শৰ্মা, নাবাৰ্ডৰ সহকাৰী মহাপ্ৰৱন্ধক শ্যামল কুমাৰ দে আৰু ইউকো বেঙ্কৰ লীড প্ৰৱন্ধক প্ৰমোদ কুমাৰ, বৰপেটা জিলা গ্ৰামীণ স্বনিয়োজন প্ৰতিষ্ঠানৰ প্ৰৱন্ধক ৰঞ্জিত কুমাৰ তালুকদাৰ আদিয়েও চমু ভাষণ প্ৰদান কৰি আত্মসহায়ক গোট সমূহক উৎসাহিত কৰে। উল্লেখযোগ্য যে আজি প্ৰদান কৰা ঋণৰ সিংহভাগেই দিয়া হৈছে অসম গ্ৰামীণ বিকাশ বেংকৰ তৰফৰ পৰা। ইয়াৰ উপৰিও এপেক্স বেঙ্ক, চেন্ট্ৰেল বেংক, এইছ ডি এফ চি বেঙ্ক, কাণাৰা বেঙ্ক, ষ্টেট বেংক আদিৰ তৰফৰ পৰাও গোট সমূহলৈ ঋণ আগবঢ়োৱা হৈছে। জিলা জনসংযোগ বিষয়াই এই কথা প্ৰকাশ কৰি জনাইছে যে, ইয়াকে  লৈ চলিত বিত্তীয় বৰ্ষত অবিভক্ত বৰপেটা জিলাৰ ১১১৪ টা আত্মসহায়ক গোটৰ মাজত ২০ কোটি ২৮ লাখ টকাৰ ঋণ প্ৰদান কৰা হৈছে।

বোকাখাতত কৃষক বোৰোধী আইন বাতিলৰ দাবীত প্ৰতিবাদ

কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিলৰ দাবীত বোকাখাতত জীপাল কৃষক শ্ৰমিক সংঘই শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত  কৰে । ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চ আৰু সংযুক্ত কিষান মৰ্চা অসমৰ আহ্বানত বোকাখাতৰ লোকনিৰ্মান বিভাগৰ চৰকাৰী বঙলাৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰে । নৰেন্দ্ৰ মোদীৰ কথাত বিশ্বাসী নহয়, প্ৰধানমন্ত্ৰীৰ কথাতহে বিশ্বাসী প্ৰতিবাদকাৰীসকল ৷ সংসদত কৃষি আইন বাতিল নকৰা পৰ্যন্ত সৰ্বভাৰতীয় পৰ্যায়ত এই আন্দোলন অব্যাহত থাকিব ৷ মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই, কৃষক নিধিৰ ভূৱা হিতাধিকাৰীক চিনাক্ত কৰক, কৃষক নিধিৰ কেলেংকাৰীত জড়িত কৃষিমন্ত্ৰী অতুল বৰাক অপসাৰন কৰক আদি বিভিন্ন দাবীৰে উত্তাল কৰি তোলে জীপাল কৃষক শ্ৰমিক সংঘই ৷