ওদালগুৰি জিলা ভেৰগাঁও মহকুমা অন্তৰ্গত গড়কাষ ফটুকিবাৰী গাঁৱত আজি বড়ো সকলৰ(ঔখাম গৌৰলৈ জানাই) অসমীয়া ভাষাত ন’ৱা খোৱা পৰৱ উৎসৱটি উলহ মালহৰে উদযাপন কৰা দেখা যায়।উল্লেখ্য যে বাথৌ ধৰ্মীয় বড়ো সকলৰ এটি পৰম্পৰাগত উৎসৱ ঔখাম গোৰলৈ জানাই অসমীয়াত নৱা খোৱা পৰৱ উৎসৱটি প্ৰতিবছৰে আঘোন মাহৰ ৯ তাৰিখে বড়ো সকলে আঘোন মাহৰ নতুন ধান ঘৰত চপাই নি নতুন ধানৰ চাউলৰ ভাত বছৰটোৰ প্ৰথমবাৰৰ বাবে বাথৌ ইশ্বৰৰ ওচৰত প্ৰাথনা জনাই ৰাইজে মিলি-জুলি এগলগে এসাজ খোৱাৰ বাবে এই উৎসৱটি উদযাপন কৰে।সেয়েহে আজি আঘোন মাহৰ ৯ তাৰিখ ২৬ নৱেম্বৰ দিনা বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা অন্তৰ্গত গড়কাষ আৰু ফটুকিবাৰী গাঁৱত ঔখাম গৌৰলৈ জানাই ন’ৱা খোৱা পৰৱ উৎসৱটি আজি দিনযোৰা কাৰ্যসূচী মৰ্মে পুৱা বাথৌ ধৰ্মৰ পতকা উত্তোলন কৰে গৰকাষ ফুটুকিবাৰী গাঁও পৰিচালনা সমিতিৰ সভাপতি মোহন বড়োয়ে , আনহাতে গাঁওখনৰ স্বৰ্গগামী লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ফুটুকিবাৰী বাথৌ মন্দিৰৰ পূজাৰী কুলেন বসুমতাৰীয়ে আৰু লগতে উদযাপনৰ লগত সংগতি ৰাখি দুআষাৰ মন্তব্য কৰে গাঁওখনৰ এজন জ্যেষ্ঠ ব্যক্তি কনক চন্দ্ৰ বড়োয়ে।””অন্তত গাঁওখনৰ প্ৰ্তিগৰাকী লোকে মন্দিৰত ভগৱানৰ ওচৰত ( আৰজ)প্ৰাৰ্থনা কৰি (বিমা মাইনাওক)অসমীয়াত দেৱী মা লক্ষ্মীক মন্দিৰৰ পৰা নিজৰ নিজৰ ঘৰলৈ আগ বঢ়াই নিয়ে প্ৰতিগৰাকী গৃহণীয়ে। শেষত ৰাইজে মেলিজুলি মুকলি পথাৰত (ঔখাম গৌৰলৈ জানাই) এসাঁজ ন’ৱা ভাত খাই কাৰ্যসূচী সম্পন্ন কৰে।
নগৰবেৰাত বন বিভাগে উদ্ধাৰ কৰিলে বুজন পৰিমাণৰ বস্তাভৰ্তি কয়লা
ৰাজ্যত অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া সৰবৰাহ আৰু তেনে সময়তে পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ এটা দলে অতৰ্কিতে অভিযান চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ বস্তা ভৰ্তি কয়লা। জানিব পৰা মতে নগৰবেৰা বজাৰৰ উত্তৰ দিশত থকা পাহাৰপাৰা গাঁৱৰ এঠাইত থুপাই থোৱা মুঠ আশী বস্তা কয়লা বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক খৱৰৰ ভিত্তিত বন বিভাগে থুপাই থোৱা কয়লাৰ বস্তা সমুহ উদ্ধাৰ কৰি এখন বাহনেৰে নগৰবেৰা বন কাৰ্যালয়লৈ নিয়ে। উল্লেখ্য যে কোনে, কিয় এই দৰে কয়লাৰ বস্তা সমুহ থুপাই মজুত কৰি ৰাখিছিল সেয়া সকলোৰে বাবে ৰহস্যৰ বিষয় হৈ পৰিছে। আনহাতে বন বিভাগে কয়লা খিনি উদ্ধাৰ কৰে যদিও এই সন্দৰ্ভত সোধপোছৰ বাবে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি বন বিভাগে জনায়।
কেন্দ্ৰই দাবী পূৰণ নকৰালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব
কৃষক সংগঠনৰ অল ইণ্ডিয়া কিষাণ সভাৰ সভাপতি অশোক ধাৱালে শুকুৰবাৰে (২৬ নৱেম্বৰ) কয় যে কেন্দ্ৰই দাবী পূৰণ নকৰালৈকে তেওঁলোকৰ প্ৰতিবাদ অব্যাহত থাকিব। ধাৱালে এএনআইক কয়, “কৃষক আন্দোলনৰ প্ৰথম বাৰ্ষিকী উপলক্ষে সংযুক্ত কিষাণ মৰ্চাই (এছকেএম) বিভিন্ন ৰাজ্যত প্ৰতিবাদৰ জোৱাৰ আনিব। সংসদৰ শীতকালীন অধিৱেশন ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব, কেন্দ্ৰই নিম্নতম সমৰ্থন (এমএছপি)ৰ ওপৰত পদক্ষেপ লোৱা উচিত।”অশোক ধাৱালে কয়, “আমি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনীক লখিমপুৰ খেৰী হিংসাৰ গোচৰৰ সন্দৰ্ভত পদৰ পৰা আঁতৰাই দিয়াৰ দাবী জনাইছো। তেওঁক হত্যা আৰু ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে, লগতে কয় যে প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা কৃষকসকলৰ পৰিয়ালক কেন্দ্ৰই ক্ষতিপূৰণ দিব লাগে।”সংবিধানে আমাক অধিকাৰৰ বাবে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। আমাৰ সংগ্ৰাম অব্যাহত থাকিব,” তেওঁ লগতে কয়।কৃষকসকলে বাহাদুৰগড়ত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰথম বাৰ্ষিকীত ‘কিষাণ মহাপঞ্চায়ত’ৰ আয়োজন কৰিছিল তেওঁলোকে তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰথম বাৰ্ষিকী পালন কৰিবলৈ সিংগু সীমান্তত বৃহৎ সংখ্যাত একত্ৰিত হৈছিল।দিল্লী, ৰাজ্যৰ ৰাজধানী আৰু জিলা সদৰত ব্যাপক প্ৰতিবাদৰ সৈতে ঐতিহাসিক কৃষি আন্দোলনৰ এবছৰ উপলক্ষে এছকেএমৰ আহ্বানত কৃষক আৰু শ্ৰমিকসকলে বৃহৎ সংখ্যাত সঁহাৰি জনাইছে,” এছকেএমে আগতে কৈছিল।”দিল্লীৰ বিভিন্ন প্ৰতিবাদস্থলীত হাজাৰ হাজাৰ কৃষক উপস্থিত হ’বলৈ আৰম্ভ কৰিছে। দিল্লীৰ পৰা বহু দূৰত থকা ৰাজ্যসমূহত ৰেলী, ধৰ্ণা আৰু অন্যান্য কাৰ্যসূচীৰে অনুষ্ঠানটো চিহ্নিত কৰাৰ প্ৰস্তুতি চলি আছে,” ইয়াত উল্লেখ কৰা হৈছিল।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি কৈছিল যে দেশৰ কৃষকসকলে আমাক ধৈৰ্য্যৰে অধিকাৰৰ বাবে কেনেদৰে যুঁজিব লাগে শিকাইছে।কেজৰিৱালে হিন্দীত টুইট কৰি কয়, “আজি কৃষকআন্দোলনৰ এবছৰ সম্পূৰ্ণ হৈছে। এই ঐতিহাসিক আন্দোলনত গৰম-ঠাণ্ডা আৰু বৰষুণ-ধুমুহাৰ লগতে বহুতো ষড়যন্ত্ৰৰ সন্মুখীন হৈছিল। দেশৰ কৃষকজনে আমাক সকলোকে শিকাইছিল যে কেনেকৈ ধৈৰ্য্যৰে অধিকাৰৰ বাবে যুঁজিব লাগে। মই কৃষক ভাতৃসকলৰ সাহস, আত্মা আৰু ত্যাগক অভিবাদন জনাইছো।”কৃষকসকলে ২৬ নৱেম্বৰ, 2020 ৰ পৰা দিল্লীৰ বিভিন্ন সীমাত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰই এই মাহৰ শেষৰ ফালে আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত কৃষি আইন বাতিল কৰিবলৈ প্ৰয়োজনীয় বিধেয়ক আনিব। প্ৰধানমন্ত্ৰী মোডীয়ে লগতে ঘোষণা কৰিছিল যে চৰকাৰে নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) বাবে এক নতুন পৰিকাঠামোৰ ওপৰত কাম কৰিবলৈ এখন সমিতি গঠন কৰিব।ইফালে, ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে কৈছিল যে ট্ৰেক্টৰ পদযাত্ৰাৰ অংশ হিচাপে ২৯ নৱেম্বৰত ৬০ খন ট্ৰেক্টৰ ৰাষ্ট্ৰীয় ৰাজধানীত সংসদলৈ যাব যাতে অন্যান্য বিষয়ৰ লগতে শস্যৰ বাবে নিম্নতম সমৰ্থন মূল্যৰ (এমএছপি) আইনী গেৰাণ্টি ৰখা হয়। “\গাজীপুৰ সীমান্তৰ কৃষকসকলে আজি কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰথম বাৰ্ষিকী উদযাপন কৰে।এএনআইৰ সৈতে বাৰ্তালাপ কৰি পিলিভিট জিলাৰ এজন কৃষক কৱাৰবীৰ সিঙে কয়, “যোৱা এবছৰত প্ৰতিবাদৰ সময়ত দিল্লীৰ সীমাত কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি থকা অৱস্থাত প্ৰতিদিনে প্ৰায় দুজন কৃষকৰ মৃত্যু হৈছে। ভৱিষ্যত প্ৰজন্মই বুজিপাব যে কৃষকসকলে কেনেকৈ কৃষি আৰু ভূমি ৰক্ষা কৰিছিল।””অৱশ্যে, মাটিৰ বাস্তৱতা সলনি হোৱা নাই। বিগত বছৰবোৰত, ডিজেল, কীটনাশক আৰু কীটনাশকৰ মূল্য বৃদ্ধি পাইছে। আমি এতিয়া সেউজ বিপ্লৱৰ পাৰ্শ্বক্ৰিয়াউপলব্ধি কৰিআছো। আপুনি আমাক উৎপাদিত সামগ্ৰীৰ প্ৰকৃত ব্যয় পৰিশোধ কৰিলেহে আমি আমাৰ ব্যয় পুনৰুদ্ধাৰ কৰিব পাৰোঁ। সেয়েহে ইয়াৰ বাবে আমি প্ৰতিবাদ কৰিআছো আৰু এমএছপিৰ ওপৰত আইন ৰখাৰ দাবী জনাইছো,” তেওঁ লগতে কয়।কৃষকসকলৰ প্ৰতিবাদ এবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে, দিল্লী ট্ৰেফিক আৰক্ষীয়ে শুকুৰবাৰে গাজিয়াবাদৰ পৰা দিল্লীঅভিমুখে যাত্ৰা কৰা যাত্ৰীসকলক বিকল্প পথ ল’বলৈ কৈছিল, ইয়াৰ নিৰাপত্তা ব্যৱস্থাৰ বাবে যান-বাহন ৰৈ যোৱাৰ আশংকা কৰিছিল। যাত্ৰীসকলক বিকাশ মাৰ্গ বা জিটি ৰোড লৈ দিল্লী পাবলৈ পৰামৰ্শ দিয়া হৈছে, আৰক্ষীয়ে কয়।দিল্লী ট্ৰেফিক পুলিচে টুইট কৰিছে, “গাজিয়াবাদৰ পৰা দিল্লীৰ ফালে অহা যান-বাহনৰ চলাচল গধুৰ হৈ আছে, স্থানীয় আৰক্ষীয়ে গাজীপুৰ আণ্ডাৰপাছত বেৰিকেডিং কৰাৰ ফলত। যাত্ৰীসকলক বিকল্প বিকাশ মাৰ্গ/জিটি ৰোড দিল্লীলৈ লৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে।”দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন সীমান্ত বিন্দুত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে যিহেতু শুক্ৰবাৰে কৃষকসকলে এই উপলক্ষে বৃহৎ সংখ্যাত একত্ৰিত হৈছিল।লক্ষণীয়ভাৱে, কৃষক সংগঠনসমূহে এই উপলক্ষে সমগ্ৰ দেশজুৰি কেইবাটাও অনুষ্ঠানৰ পৰিকল্পনা কৰিছে।
আজি সংবিধান দিৱস
আজি দেশে পালন কৰিছে সংবিধান দিৱস । সংসদৰ কেন্দ্ৰীয় কক্ষত অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । অনুষ্ঠানত ভাষণ দি বিৰোধী ৰাজনৈতিক দল সমুহক তুলাধুনা প্ৰধানমন্ত্ৰীৰ । বিভিন্ন ৰাজনৈতিক দলত গা কৰি উঠা পৰিয়ালতান্ত্ৰিক ব্যৱস্থা গণতন্ত্ৰৰ বাবে বিপদজনক বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ।
লামডিঙত নাৰী নিৰ্যাতন বিৰোধী দিৱস পালন
বৃহস্পতিবাৰে হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ চহৰৰ মাজ মজিয়াত থকা D R M কাৰ্যালয়ৰ সন্মুখত নাৰী নিৰ্যাতন বিৰোধী দিৱসৰ আয়োজন কৰা হৈ্ছে। লামডিঙ ৰেলৱে মজদুৰ ইউনিয়নৰ মহিলা শাখাৰ সম্পাদিকা মধুমিতা দে কয় যে নাৰী নিৰ্যাতন বন্ধ হব লাগিব,নাৰীক সন্মান দিব লাগিব, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ হোৱাৰ কাৰনেই মজদুৰ ইউনিয়নৰ মহিলা শাখাৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈ্ছে।নাৰী নিৰ্যাতন বিৰোধী দিৱস উপলক্ষে হাতত মমবাতি লৈ পদ যাত্রা কৰি নাৰী নিৰ্যাতন বন্ধ হব লাগিব, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ হব লাগিব মজদুৰ ইউনিয়ন জিন্দাবাদ দি ৰাইজৰ মাজত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈ্ছে।আৰু দুপৰীয়াৰ ভাগৰ পৰাই কবিতা, নিত্য নাটক সমবেত নিত্য আদিকে ধৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈ্ছে।মজদুৰ ইউনিয়নৰ এনেধৰনৰ পদক্ষেপক লামডিঙ বাসী ৰাইজৰ প্ৰশংশনীয় হৈ পৰিছে।
নগৰবেৰাৰ টুপামাৰীত গাওঁবুঢ়া বিতৰ্ক লৈ অব্যাহত আছে প্ৰতিবাদ
কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত টুপামাৰীত গাওঁবুঢ়া বিতৰ্ক লৈ অব্যাহত আছে প্ৰতিবাদ। গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ তদন্তৰ দাবীত পুণৰ উত্তাল ২/৩ নং টুপামাৰী গাওঁ। উল্লেখ্য যে নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ২/৩ নং টুপামাৰী গাওঁৰ গাওঁবুঢ়াৰ মৃত্যু ঘটাত পদটি খালী হৈ থকাত বিভাগীয় বিজ্ঞাপনৰ ভিত্তিত অনুষ্ঠিত হৈছিল সাক্ষাৎকাৰ আৰু সাক্ষাৎকাত পূৰ্বৰ গাওঁবুঢ়াৰ পুত্ৰ বোৱাৰী মাজিদা খাতুনে ২/৩ নং টুপামাৰী গাওঁৰ গাওঁবুঢ়া পদৰ বাবে বাচনি হয়। ৰাইজৰ অভিযোগ অনুসৰি বাচনি হয় যদিও আজিকোপতি নিযুক্তি পত্ৰ পোৱা নাই মাজিদা খাতুনে আৰু নিযুক্তি পত্ৰ নোপোৱাকৈ ধনৰ বিনিময়ত দিবলৈ লৈছে গাওঁবুঢ়াৰ প্ৰমাণ পত্ৰ। উল্লেখ্য যে কিছু দিন পূৰ্বে নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই মাজিদা খাতুনক সাময়িক ভাৱে গাওঁবুঢ়াৰ দায়িত্ব অৰ্পণ কৰাৰ পাছত গাওঁৰে একাংশ সচেতন যুৱকে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ আৰু জিলা উপায়ুক্ত লৈ অভিযোগ দাখিল কৰে। অভিযোগ দাখিল কৰাৰ পাছতেই নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে মাজিদা খাতুনক গাওঁবুঢ়াৰ যি সাময়িক দায়িত্ব দিছিল তাৰ পৰা আকৌ অব্যাহতি দি অন্য এজনক দায়িত্ব দিয়ে। এফালে নিযুক্তি নহওতেই ৰাজহ চক্ৰ বিষয়াৰ সাময়িক দায়িত্বভাৰ, সমন্তৰালকৈ আকৌ নিযুক্তি পত্ৰ নোপোৱাকৈ প্ৰমাণ পত্ৰ নামত ধন আদায়, দুয়োটা ইচ্যুক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পিছত সামাজিক মাধ্যমত ভাইৰেল হয় এই স্পৰ্শকাতৰ বিষয় দুটা, তাকে ল’ই প্ৰাৰ্থী মাজিদা খাতুনে সংবাদ মেল পাতি তাইৰ বিৰুদ্ধে অনা সকলো অভিযোগ নস্যাৎ কৰে আৰু এয়া তাইৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰ কৰিছে বুলি প্ৰতিঅভিযোগ তুলে। মাজিদা খাতুনৰ সংবাদ মেলৰ পাছতেই আকৌ ৰাইজে গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰি সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে নিযুক্তি পত্ৰ পোৱাৰ পূৰ্বেই মাজিদা খাতুনে টকাৰ বিনিময়ত প্ৰমাণ পত্ৰ দিবলৈ লোৱাত গাওঁবাসীয়ে জাঙুৰ খাই উঠিছে আৰুবৃহস্পতিবাৰৰ আবেলি হাতে হাতে প্লেকাৰ্ড লৈ ক্ষুদ্ধ লোকে মাজিদা খাতুনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গাওঁবুঢ়া নিযুক্তি প্ৰক্ৰিয়াৰ তদন্ত লাগে, মাজিদা খাতুনক গ্ৰেপ্তাৰ কৰক, মাজিদা খাতুনৰ দুৰ্নীতি নচলিব, মাজিদা খাতুন হুচিয়াৰ আদি শ্ল-গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। মুঠতে গাঁওবুঢ়া কেন্দ্ৰিক বিতৰ্কই অঞ্চলজুৰি অব্যাহত ৰাখিছে এক অস্থিৰতা। আমাৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
সংসদত কৃষি আইন বাতিলৰ দাবীত মুকালমুৱাত প্ৰতিবাদ
কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত আজি কৃষক বিৰোধী কৃষি আইন সংসদত প্ৰত্যাহাৰ আৰু শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিলৰ দাবীত বৰক্ষেত্ৰীৰ কে’বাটাও সংগঠনে মুকালমুৱাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ এছ.এফ.আই বৰক্ষেত্ৰী আঞ্চলিক সমিতি, চিটু বৰক্ষেত্ৰী, নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতি আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাত যৌথভাৱে প্ৰতিবাদী সমদল উলিয়াই বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ দুই শতাধিক প্ৰতিবাদকাৰীয়ে কৃষক বিৰোধী তিনিখন কৃষি আইন সংসদত বাতিল কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা আইন বাতিল কৰক, বিজেপি চৰকাৰ হায়-হায়, মোডী চৰকাৰ হায়-হায়, অমিত শ্বাহ হায়-হায় ইত্যাদি বিভিন্ন ধ্বনিৰে সমদল উলিয়াই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মুকালমুৱা ৰাজহুৱা মঞ্চৰ পৰা বৰক্ষেত্ৰী মহাবিদ্যালয় পথচোৱাৰে নাৰায়নপুৰ-বৰলিয়াপাৰ হৈ মুকালমুৱা চ’ক বজাৰলৈ বিভিন্ন শ্লোগান প্ৰদান কৰি পথচোৱা উত্তাল কৰি তোলে ৷ কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভা বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক ভুৱনেশ্বৰ বৰ্মন, সভাপতি হবিবৰ আলী, এছ এফ আইৰ ৰাজ্যিক সমিতিৰ সদস্য গাজিউৰ ৰহমান চৌধুৰী, চিটু নলবাৰী জিলা সমিতিৰ সদস্য জয়নাল আলী আহমেদে, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ সম্পাদক নুৰ হুছেইন আলীসহ দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
সাংসদৰ অযুক্তিকৰ মন্তব্য : ‘প্ৰধানমন্ত্ৰী মোডীয়ে দাড়ি জোকাৰিলে ৫০ লাখ টকীয়া ঘৰো সৰি পৰে’
মধ্য প্ৰদেশৰ ৰেৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰই আকৌ এবাৰ তেওঁৰ বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰে। দৰাচলতে, এইবাৰ তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ দাড়ি সম্পৰ্কে এক আচৰিত মন্তব্য দিছে। তেওঁৰ বিবৃতিত জনাৰ্দন মিশ্ৰাই কয়, “প্ৰধানমন্ত্ৰী মোডীৰ দাড়িত ঘৰ আছে। এবাৰ তেওঁ দাড়ি জোকাৰিলে, ৫০ লাখ টকীয়া ঘৰ সৰি পৰে । এতিয়া তেওঁৰ অযুক্তিকৰ মন্তব্য সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে।তদুপৰি, ৰেৱাৰ সাংসদগৰাকীয়ে লগতে কয়, “যেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ মুখত দাড়ি থাকে, তেতিয়ালৈকে ঘৰ লাভ কৰি থাকিব। প্ৰধানমন্ত্ৰীৰ দাড়ি অমৰ আৰু আপোনাৰো ঘৰ অমৰ হ’ব। সেইকাৰণে প্ৰধানমন্ত্ৰীৰ দাড়িলৈ চাঁওক আৰু ঘৰ লাভ কৰক। জনাৰ্দন মিশ্ৰৰ বক্তব্য এতিয়া ভাইৰেল হৈ আছে।
মুক্তি পালে চুটি ছবি “তাৱৈ”
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তি অঞ্চল টেকেৰী গাঁৱৰ চৰকাৰী গাওঁ বুঢ়া লাটেশ্বৰ চেতিয়া ঘৰত পিতৃ চেমন্ত নেওগ,প্ৰয়াত মাতৃ ইলা নেওগৰ পুত্ৰ বাবুল নেওগৰ দ্বাৰা ৰচনা আৰু পৰিচলনা কৰা চুটি ছবি “তাৱৈ” আজি মুক্তি লাভ কৰে। সদৌ মৰাণ ছাত্ৰ সন্থা ডিগবৈ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মানস মৰাণৰ দ্বাৰা শুভ মুক্তি কৰা অনুষ্ঠানত উপস্থিত থাকে টেকেৰী জাতীয় বিদ্যালয়ৰ পৰিচালক আৰু “তাৱৈ” চুটি ছবিৰ অন্যতম চৰিত্ৰত অভিনয় কৰা অভিনেতা বিজু মৰাণ, চুটি ছবিৰ ইডিটৰ কৈলাশ চাউৰক আৰু হৰিকান্ত চাউৰক লগতে টেকেৰী গাঁৱৰ বহু কেইজন গণ্যমান্য ব্যক্তি। অনুষ্ঠানটোৰ আহ্বায়ক, তাৱৈৰ পৰিচালক বাবুল নেওগে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বহু কষ্টৰ মাজেৰে অৱশেষত আজি ৰাইজ আপোনালোকলৈ আগবঢ়াই দিলো। আপোনালোকে অতি হেঁপাহেৰে বাট চাই থকা ” তাৱৈ ” চুটি ছবি খনি আজি মুক্তি দিলোঁ। এই ছেগতে বন্ধু মানস মৰাণলৈ আন্তৰিক ধন্যবাদ জনালো আমাৰ অনুৰুধ ৰক্ষা কৰি ছবি খনি মুক্তি কৰি দিয়াৰ বাবে লগতে অনুষ্ঠানটিত উপস্থিত থকা বন্ধু বিকাশ ডেকা মৰাণ,বিজু মৰাণ ককাইদেউ,লাটেশ্বৰ চেতিয়া ককাইদেউ , মায়া বৌ ,ভাইটি দুষ্মন্ত মৰাণলৈও আৰু আমাৰ ছবি খনিৰ লগত জড়িত প্ৰতিগৰাকী কলাকুশলী,শুভাকাংশী সকললৈও আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো লগতে আশা ৰাখিছো আপোনালোকে আদৰি লব।বৰ্তমানলৈকে ৬ খন চুটি ছবি কৰি আজি “তাৱৈ” চুটি ছবিখন মুক্তি পালে। মই বহুত সুখী। ভবিষ্যতে এখন ভাল পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মান কৰাৰ পৰিকল্পনা আছে কিন্তু আৰ্থিক ক্ষেত্ৰত বৰ্তমালৈকে সৱল হব পৰা নাই সেইবাবে সঠিক সময়লৈ অপেক্ষা কৰি আছো। এইদৰে বিভিন্ন দিশৰ উপৰত মন্তব্য প্ৰদান কৰা মাজতে শৈক্ষিক সামাজিক সাংস্কৃতিক অৰ্থনৈতিক দিশৰ উন্নয়ন কৰিবলৈ গুৰুত্বপুৰ্ণ প্ৰদক্ষেপ লোৱাৰ কথা প্ৰকাশ কৰে।
ধনশ্ৰীঘাটৰ বৰঝাৰ আশ্ৰমত ওদালগুৰি জিলা বিজেপিৰ ৩দিনীয়া প্ৰশিক্ষণ কৰ্মশালা সমাপ্ত
প্ৰত্যেক বছৰে বিজেপি দলে নিজ দলৰ দলীয় কাৰ্য্যকর্তা সকলক প্ৰশিক্ষণ দি অহাৰ সমান্তৰালকৈ এই বছৰো ৰাজ্যৰ ৪০ খন সাংগঠনিক জিলাৰ দলীয় বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তা সকলক প্ৰশিক্ষণ দিয়াৰ নিমিত্তে জিলা সমূহত তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । যোৱা ২২ নবেম্বৰৰ পৰা তিনি দিনিয়াকৈ অনুষ্ঠিত হোৱা ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সফল পৰিসমাপ্তি ঘটে। ওদালগুৰি জিলা বিজেপিৰ নৱ গঠিত সমিতি খনক বিবেকৰ দ্বাৰা পৰিচালিত হৈ মানসিক শক্তি আৰু চিন্তাৰ পৰিসৰ একত্ৰিত কৰি দলীয় কাম কৰি যাবলৈ পৰামৰ্শ প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। সোৱাৰ মনোভাৱেৰে সমান চিন্তা, সমান বিচাৰ, সমান আকাংক্ষা, সমান লক্ষ্য আৰু সমান প্ৰয়াসৰ কাম কৰিবলৈ বিজেপি কাৰ্যকৰ্তাক আহ্বান সাংসদ দিলীপ শইকীয়াৰ। দলীয় স্বাৰ্থত দূৰ্বল কাৰ্যকৰ্তাক হাতত ধৰি আগবঢ়াই নিয়াৰ পৰম্পৰা ভাৰতীয় জনতা পাৰ্টিত আছে বুলি প্ৰশিক্ষণ শিবিৰৰ উপস্থিত দলীয় কাৰ্যকৰ্তাক উদ্দেশ্য বক্তব্য দাঙি ধৰে। বিজেপি কাৰ্যকৰ্তা সকলৰ উত্তৰণৰ প্ৰক্ৰিয়া আৰু ব্যক্তিত্ব নিৰ্মাণৰ বাবে প্ৰশিক্ষণ শিবিৰ প্ৰয়োজন আছিল, প্ৰয়োজন আছে আৰু প্ৰয়োজন থাকিব বুলি মন্তব্য প্ৰদান কৰে। বিজেপি দলৰ কাৰ্যকৰ্তা সকলে যদি প্ৰশিক্ষণ গ্ৰহণ কৰি আহৰণ কৰা শিক্ষা সমাজৰ মাজত বিলাই দিয়ে তেন্তে দলত ১০০ গৰাকী নতুন কাৰ্যকৰ্তা সৃষ্টি হ’ব বুলি প্ৰশিক্ষণ শিবিৰত উপস্থিত দলীয় কৰ্মকৰ্তা সকলক উৎসাহিত কৰে। প্ৰশিক্ষণ শিবিৰৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। দিল্লীত কৃষক আন্দোলন সফল হোৱাৰ পাছতে অসমত পুনৰ উমি উমি জ্বলিছে ‘কা’ আন্দোলনৰ জুই। ৰাজ্যত পুনৰ ‘কা’ আন্দোলন হ’ব লাগে বুলি প্রথম মাতষাৰ দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। কৃষক নেতাক কাৰাৰুদ্ধ কৰা আৰু আন্দোলনৰ নেতৃত্ব দুৰ্বল হোৱাৰ বাবে ‘কা’ আন্দোলন স্তিমিত হোৱাৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে। জাতিৰ স্বাৰ্থত বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু বুলি মন্তব্য প্ৰদান কৰিছিল বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ দিলীপ শইকীয়াই তেওঁ কয় যে “অখিল গগৈয়ে আন্দোলন অবিহনে জীয়াই থাকিব নোৱাৰে। অখিল গগৈ আন্দোলনজীৱি তেওঁৰ আন্দোলন নহলে উশাহ-নিশাহ বন্ধ হৈ যায়। তেওঁ আন্দোলন কৰিয়েই বিধায়ক হ’ল” বুলি কটাক্ষ কৰে অখিল গগৈক। লগতে দিশপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লাখ লাখ টকা খৰচ কৰি চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ সমালোচনাত সৰৱ বিৰোধী।কাৰোবাৰ মতে পিকনিক, কাৰোবাৰ মতে চাহ-ভাত খোৱা সভা। সোঁতৰ বিপৰীতে এনে সিদ্ধান্ত কিয় লৈছে চৰকাৰে তাক লৈ বিৰোধীৰ প্ৰশ্ন। কেবিনেট বৈঠক সন্দৰ্ভত বিৰোধীয়ে কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰত সাংসদ গৰাকীয়ে কয় চৰকাৰখন ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে কেবিনেট বৈঠক দিশপুৰৰ বাহিৰত অনুষ্ঠিত কৰা হৈছে। ভেকুঁভাওনালৈ পৰিণত হোৱা কংগ্ৰেছৰ শ্লগান ‘ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ’ প্ৰকৃতাৰ্থত বিজেপিয়ে হে বাস্তবায়িত কৰিছে। ইয়াৰ উপৰিও মাজুলি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয় মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টিৰ মজিয়াত কোনো আলোচনা হোৱা নাই। উপযুক্ত সময়ত দলে উপযুক্ত প্ৰাৰ্থী প্ৰদান কৰি বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰাৰ লগতে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মাজুলীৰে স্থানীয় কোনো এজনে প্ৰাৰ্থী হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সাংসদ দিলীপ শইকীয়াই। ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠানত জিলা বিজেপিৰ সমূহ বিষয়ববীয়া জেষ্ঠ কাৰ্য্যকর্তা সকলক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যৰে তিনি দিনৰ ভিতৰত ১৫ টা কৈ গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰোৱা হয় । উক্ত প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰিত কাৰ্য্যকর্তা সকলক দলীয় দিশত মাৰ্গদৰ্শন কৰিবলৈ ১৫ জনকৈ সমল ব্যক্তিক আমন্ত্ৰণ কৰি অনা হৈছিল । প্ৰত্যেক জন সমল ব্যক্তিয়ে নিজ নিজ দায়িত্ব অনুযায়ী দলৰ সাংগঠনিক দিশ সক্ৰিয় কৰাৰ স্বাৰ্থত জিলা নেতৃবৰ্গক উদ্দেশ্যি অতিকমেও ১ ঘণ্টাকৈ নিজৰ মন্তব্য প্ৰদান কৰে সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা , ৰাজ্যিক বিজেপিৰ সদস্য জিতু কিষান , প্ৰদীপ ৰাভা , আশুতোষ চৌধুৰী , পুস্পধৰ শৰ্মা , জয়কান্ত শৰ্মা , নয়ন মল্ল বুজৰ বৰুৱা , জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী , এম চি এল এ অপৰ্ণা মেধি , বিকণ ডেকা , লগতে কেইবাজনো সমল ব্যক্তি । ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত মাজবাটৰ বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত অনুষ্ঠিত হোৱা উক্ত উল্লেখযোগ্য প্ৰশিক্ষণ বৰ্গত জিলা প্ৰভাৰী প্ৰাণ কুমাৰ দাস , বৰ্গৰ বৰ্গাধিকাৰী খগেন নাৰ্জাৰী ,পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল এ দ্বীপক মৌৰ , প্ৰাচুৰ্য দাসকে আদি কৰি জিলা সভাপতি সম্পাদক কে আদি কৰি দলীয় বহু কাৰ্য্যকর্তা উপস্থিত থাকে । তদুপৰি তপন চৰকাৰ , জীৱন ডেকা ,বনলতা শৰ্মা , পদুমী মহানন্দ , অতুল কোচ , দিব্যজ্যোতি শইকীয়া , ৰঞ্জন ডেকা , সমৰ হাজৰিকা , মিন্টু নাথ , কিশোৰ বায়ন , জয়কান্ত শৰ্মা , ৰবীন দৈমাৰী , হোম গৌতম , ক্ষীতেশ সেন আদি কাৰ্যকৰ্তা উপস্থিত থাকি সহায় সহযোগিতা কৰে ৷











