কাকডোঙা নদীৰ বিহখোৱা ঘাটৰ সমীপত প্ৰকৃতিৰ নৈসৰ্গিক পৰিবেশত “উত্তৰ-পূৱ গোলাঘাট কবি সন্মিলনে “আঘোণৰ ৰ’দালিত কবিতাৰ গুণগুণ”শীৰ্ষক কবি মেল আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান ২৪ নৱেম্বৰত সম্পন্ন কৰে। শিশু শিল্পী অন্তৰা ৰাগিনী দত্তই পৰিবেশণ কৰা টোটয় পাঠেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হোৱা কবিতাৰ মেল সঞ্চালনা কৰে বিশিষ্ট গল্পকাৰ,কবি ফুলেন কুমাৰ বৰাই।কবি সাদৰী বৰা,গিৰিশ দত্ত,ইন্দু হাতী বৰুৱা,গনেশ কছাৰী, ৰবীন্দ্ৰ দেৱ,অংকুৰ বুঢ়াগোহাঁই, নবীন হাজৰিকা, তফজ্জুল হক বৰবৰা,লক্ষ্মীচৰণ কুৰ্মী,মামণি বৰা,আদিত্য বৰবৰা, বিপুল বৰুৱা, ৰূপালী মহন্ত,চম্পা নেওগ,দীপশিখা বৰুৱা,লক্ষেশ্বৰ গগৈ,দুলুমনি বৰা,জ্যোতিকা ৰাজখোৱা,দিগন্ত বৰা,বিপুল বৰুৱা, অভিজিত শইকীয়া,সংগীতা দত্ত,স্বপ্না শইকীয়া আদি প্ৰায় দুকুৰিৰো অধিক কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।বিউটি কলিতাই সম্পাদনা কৰা কবি সন্মিলনৰ মুখপত্ৰ “শব্দ প্ৰৱাহ” উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক,লেখক ইন্দ্ৰ বৰাই।এই অনুষ্ঠানতে কৃতী শিক্ষয়িত্ৰী বন্দনা দত্ত আৰু দুলুমনি বৰা দত্তক বিশেষ সম্বৰ্ধনা জনোৱা হয়। উত্তৰ পূব গোলাঘাট কবি সন্মিলনৰ সম্পাদিকা বন্দনা দত্তই আঁত ধৰা অনুষ্ঠানটো কাব্যমন্ত্ৰ পাঠেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়।
মহিলা কাবাডী প্ৰতিযোগিতাত ওদালগুৰি ষ্টাৰ ক্লাব জয়ী
ওদালগুৰিৰ নলবাৰী খেলপথাৰত ২৪নবেম্বৰৰ পৰা ফ্লেটাৰনিতি ক্লাবৰ উদ্যোগত আৰম্ভ হোৱা ওদালগুৰি মহকুমা আন্ত:ক্লাব মহিলা কাবাডী প্ৰতিযোগিতাৰ আজি সামৰণি পৰে।২৫নবেম্বৰত বিয়লি ৪বজাত অনুষ্ঠিত চূড়ান্ত খেলত ওদালগুৰি ষ্টাৰ ক্লাবে সাপেখাইটি ইউথ ক্লাবক ৩০-১৮ পইন্টত পৰাজিত কৰি খিতাপ অৰ্জন কৰে। ৰাইডাৰ-কেচাৰৰ সন্মান লাভ কৰে ওদালগুৰি ষ্টাৰ ক্লাবৰ খেলুৱৈ ফ্ৰিমীছা দৈমাৰী আৰু সাপেখাইটি ইউথ ক্লাবৰ খেলুৱৈ ছোৱালী মূৰ্মূই ৰাইডাৰৰ সন্মান লাভ কৰে।খেল পৰিচালনা কৰে ৰেফাৰী বিশ্বজিৎ বড়োই।আম্পিয়াৰ মানিক ৰাভা আৰু মিথিংগা নাৰ্জাৰী। স্ক’ৰাৰ নিৰঞ্জন বসুমতাৰী।সহকাৰী স্কৰাৰ হেমন্ত বড়ো আৰু গৌজৌংচেৰাং বসুমতাৰীয়ে।বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, ইউপিপিএলৰ উপ-সভাপতি ভ্ৰমন বাগ্লাৰী, সদৌ অসম কাবাডী ফেডাৰেচনৰ সহকাৰী সম্পাদক প্ৰনীল দৈমাৰী, ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উপ-সভাপতি চামূৱেল দৈমাৰী, ইউ পিপিএলৰ ধনশ্ৰী ব্লকৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰী,ক্লাবৰ উপদেষ্টা বিজন দৈমাৰী আৰু ওদালগুৰি জিলা ইউপিপিএলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীয়ে দুয়োটা দলক নগদ ধন আৰু ট্ৰফী প্ৰদান কৰে।ওদালগুৰি ফ্লেটাৰনিতি ক্লাবৰ উদ্যোগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ২০টা মহিলা কাবাডী দলে অংশ গ্ৰহণ কৰে।
ওৰাঙত উৰা বাতৰিৰ ফলত হাৰাশাস্তি খাইছে স্বাস্থ্য কৰ্মীয়ে
মাৰাত্মক ক’ভিড ১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত ৰাখিবলৈ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰাত সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য কৰ্মী সকলে সৰ্বসাধাৰণ ৰাইজৰ গাঁৱে গাঁৱে ঘৰে ঘৰে স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্ৰাণ চেষ্টা চলাই আহিছে ৷ তেনে সময়তে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ কেইবাটাও ভিতৰুৱা গাঁওৰ ৰাইজৰ মাজত উৰাবাতৰিৰ প্ৰভাৱে স্বাস্থ্য কৰ্মী সকলক বাৰুকৈ শলঠেকত পেলাইছে । এইবাৰ এনে এক ঘটনাই চিন্তিত কৰিছে অঞ্চলৰ সচেতন ৰাইজক । ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত কছাৰী ভেটি গাঁওৰ এজন সংখ্যালঘু সাম্প্ৰদায়ৰ লোকে ভেকচিন গ্ৰহণ কৰাত বাৰম্বাৰ মানা কৰি অহাৰ বাবে উক্ত লোক জনৰ বাসগৃহত গৈ ওৰাং স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী আৰু আশা চুপাৰ ভাইজাৰ বিজুলী কলিতা দাস সহ কেইবাজনো স্বাস্থ্য বিভাগৰ কৰ্মচাৰী উপস্থিত হয় । স্বাস্থ্য কৰ্মী সকলে উক্ত গাঁওৰ সংখ্যা লঘু সাম্প্ৰদায়ৰ লোকজনক ভেকচিন লবলৈ আহ্বান জনোৱাত অন্ধবিশ্বাস , উৰা বাতৰিৰ প্ৰকোপত কৰা উক্ত লোক জনে স্বাস্থ্য কৰ্মী সকলক মুছলিম সাম্প্ৰদায়ৰ লোকক দিয়া ভেকচিন আৰু হিন্দু সকলক দিয়া ভেকচিন ভিন্ন ভিন্ন । ৰোগৰ পৰা মুক্ত পোৱা ভেকচিন হিন্দু সকলক দিয়া হয় আৰু মুছলমান লোক সকলক অতি সোনকালে মাৰি পেলাবলৈ কভিড ভেকচিন দিয়া বুলি অপ্ৰচাৰ চলাই থকাটো এতিয়া নিত্য নৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷হকে বিহকে ব্যাপক হাৰত কভিড ভেকচিনৰ সম্পৰ্কে অপ্ৰচাৰ,উৰা বাতৰি আদি প্ৰচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰ সুব্যৱহাৰ গ্ৰহন কৰিবলৈচৰকাৰ ,সংশ্লিষ্ট বিভাগক ওদালগুৰি জিলা সচেতন নাগৰিক সমাজে দাবী জনাইছে ৷
ৰঙিয়াত উপস্থিত মন্ত্ৰী অতুল বৰা
অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত নৱ নিৰ্মীয়মান ৪৮ খন বিছনা যুক্ত আই চি ও(ICU)চিকিৎসালয়খন পৰিদৰ্শন কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকল আৰু চিকিৎসসকলৰ লগত মত-বিনিময় কৰে। লগতে বড়িগোগ গাঁও পঞ্চায়তৰ অন্তৰ্গত কনিহাৰ উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ত কেবিনেট মন্ত্ৰী অতুল বৰাৰ সৈতে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই উপস্থিত হৈ প্ৰতিষ্ঠানটোৰ জৰিয়তে চলি থকা এফ পি চি(FPC) প্ৰকল্প টোৰ কাম-কাজৰ বুজ লয় আৰু প্ৰতিষ্ঠানটোৰ কামত ব্যৱহাৰ হোৱা যন্ত্ৰ পাতি সমূহ পৰিদৰ্শন কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ বিষয়ববীয়া তথা কৰ্মচাৰী সকলৰ লগত মত বিনিময় কৰি কৃষিজাত সামগ্ৰীসমূহৰ বুজ লয়। এই সময়চোৱাত মন্ত্ৰী গৰাকীক সংগ দিয়ে মহকুমাধিপতি স্বপ্নীল পাল(আইএএছ) আৰু প্ৰশাসনৰ বিষয়ববীয়া সকলে।
হাতত কাঁচি লৈ পথাৰত নামিল সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
আঘোণৰ পথাৰত এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। শাওনৰ পথাৰত প্ৰখৰ ৰ’দত কপালৰ ঘাম মাটিত পেলাই আশাৰ সপোন দেখা কৃষকে ভুঁই ৰোৱা সেউজীয়া ধাননীডৰা এতিয়া সোণোৱালী হ’ল। সোণোৱালী ধান চপোৱাৰ সময় এয়া। সেয়েহে এতিয়া ব্যস্ততা বাঢ়িছে কৃষকৰ। হাতত কাঁচি লৈ জীয়ৰী-বোৱাৰী দাৱনী জাক এতিয়া ব্যস্ত সোণগুটি চপোৱাত। তেনে সময়তে আজি সোণাৰিৰ ভজোৰ ধাননি পথাৰত দাৱনীৰ ৰূপত দেখা গ’ল সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক। হাতত কাঁচি লৈ ধান চপালে বিধায়কগৰাকীয়ে। উল্লেখ্য যে, সোণাৰিত কৃষি বিভাগৰ উদ্যোগত পৰীক্ষামূলক ভাৱে ৰোপন কৰা দহবিধ বিভিন্ন জাতৰ ধান চপোৱাৰ উদ্দেশ্যে আজি এক অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকি ধান চপোৱা কাৰ্যৰ শুভাৰম্ভ কৰে। আত্মাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থকা এপাৰ্টৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি সোণাৰিৰ ভজোত বিশ্ব বেংকৰ অৰ্থ সাহাৰ্যত এপাৰ্ট আঁচনিৰ অধীনত চৰাইদেউ কৃষি বিভাগৰ উদ্যোগত দুই বিঘা মাটিত পৰীক্ষা মূলকভাৱে ৰোপন কৰা হৈছিল দহটা উন্নত জাতৰ কঠিয়া। এই আঁচনিৰ জৰিয়তে উৎপাদিত ধানৰ গৱেষণা কৰা হব আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰত। আগষ্ট মাহত ৰোপন কৰা কঠিয়াৰ উৎপাদিত ধান চপোৱাৰ লগতে মূল্যায়নৰ উদ্দেশ্যে আজি ভজোৰ পথাৰত অনুষ্ঠিত হোৱা কাৰ্যসূচীত সোণাৰি সমষ্টিৰ বিধায়কগৰাকীৰ লগতে চৰাইদেউ জিলা কৃষি বিভাগৰ উপৰিও এপাৰ্টৰ বিষয়ববীয়া, আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ বিষয়া, তথা স্থানীয় কৃষকসকল উপস্থিত থাকে।
গোসাঁইগাঁৱৰ ব্লুমিং বাড’ছ স্কুলত চকলেট খাই ছাত্ৰ-ছাত্ৰী অসুস্থ
কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী চিকিৎসাধীন হৈছে ৷ গোসাইগাঁও সদৰ চহৰ স্থিত ব্লুমিং বাড’ছ স্কুলৰ পঞ্চম শ্ৰেনীৰ এগৰাকী ছাত্ৰই তেৱৰ জন্মদিন উপলক্ষে সহপাটি সকলক চকলেট বিতৰন কৰিছিল আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে চকলেট খাইছিল ৷ শ্ৰেনীৰ প্ৰায় সকলো ছাত্ৰ-ছাত্ৰীয়ে চকলেট খাইছিল আৰু ইয়াৰে ১০ গৰাকী ছাত্ৰ-ছাত্ৰী পেটৰ আৰু গলৰ বিষ অনুভব কৰাৰ লগতে বমি অনুভব কৰে ৷ ক্ৰমেন্বয়ে ছাত্ৰ-ছাত্ৰীৰ শাৰিৰিক অবস্থা বেয়াৰ ফালে গতি কৰাত স্কুল কতৃপক্ষই ততাতৈয়াকৈ গোসাইগাঁও আৰ এন বি চিকিৎসালয়ত ভৰ্তি কৰে ৷ চিকিৎসক সকলে তাৎক্ষনিক ভাবে চিকিৎসা প্ৰদান কৰে আৰু সম্প্ৰতি সকলো ছাত্ৰ-ছাত্ৰী সংকটমুক্ত বুলি চিকিৎসালয়ৰ অধ্যক্ষ সুজিত কুমাৰ দাসে জানিব দিয়ে ৷ অসুস্থ ছাত্ৰ-ছাত্ৰী সকল ক্ৰমে ভিডি গোলছা,চন্দ্ৰমিকা ব্ৰহ্ম,ছাকিব মেহবুব,মিদুশ্ৰী বসুমতাৰী ,ছিয়া নাৰ্জাৰী,হিমা ৰানি মুছাহাৰী,ৰিমি নাৰ্জাৰী,মালেকা বেগম,উদ্দীপ্ত কুমাৰ দে আৰু গেৰেমছা বসুমতাৰী।
নলবাৰীৰ বিজেপি কাৰ্যালয়ত আগন্তুক নলবাৰী পৌৰসভা নিৰ্বাচন সন্দৰ্ভত সাংগঠনিক সভা
আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ উঠিছে ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিয়ে । সেইমৰ্মে বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টি নলবাৰী টাউন মণ্ডল সমিতিৰ উদ্যোগত বিজেপি নলবাৰী জিলা সমিতিৰ মুখ্য কাৰ্য্যালয়ত আগন্তুক নলবাৰী পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বুথ সভাপতি আৰু সাধাৰণ সম্পাদক সকলক লৈ অনুষ্ঠিত কৰা সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় । আজিৰ এই সাংগঠনিক সভাত আগন্তুক পৌৰসভা নিৰ্বাচন সন্দৰ্ভৰ লগতে কি দৰে ভাৰতীয় জনতা পাৰ্টি দলৰ ভেটি মুজবত কৰিব পাৰি সেই বিষয় সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় । আজিৰ এই সাংগঠনিক সভাত ৫৯ নং নলবাৰী সদৰ সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,বিজেপি নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,নলবাৰী টাউন মণ্ডল সমিতিৰ সভানেত্ৰী অজিতা বৰ্মন ,পূৱ নলবাৰী মণ্ডল সমিতিৰ সভাপতি প্ৰতুল কলিতা লগতে দলীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনত আছুৰ ১৩ গৰাকী বিনাপ্ৰতিদ্বন্দিতাৰে জয়ী
দেওমৰনৈ মহাবিদ্যালয় (কনিষ্ঠ)ৰ ২০২১-২২ শিক্ষাবৰ্ষ ছাত্র একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত ১৩ গৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । উপসভাপতিপদত মৃগাংক চলিহা,সাধাৰণ সম্পাদক পদত হিমান জ্যোতি শৰ্মা,খেল বিভাগৰ সাধাৰণ সম্পাদক বিশাল বৰুৱা সহঃ সম্পাদক জ্যোতিময় চহৰীয়া ,সাংস্কৃতিক বিভাগৰ সাধাৰণ সম্পাদক চয়নিকা ডেকা সহঃ সম্পাদক ৰফিকুদ্দিন আহমেদ আলোচনী বিভাগৰ সাধাৰণ সম্পাদক ভাৰ্গৱ জ্যোতি নাথ সহঃ সম্পাদক চালমা শ্বাহনাজ সাহিত্য বিভাগৰ সাধাৰণ সম্পাদক কাব্যশ্ৰী চহৰীয়া সহঃসম্পাদক ৰেহেনা আখতাৰ বেগম সমাজসেৱা বিভাগৰ সম্পাদক ধ্ৰুৱজ্যোতি ৰাজবংশী,ছাত্র জিৰণি চ’ৰা সম্পাদক প্ৰণৱ ডেকা,ছাত্রী জিৰণি চ’ৰা সম্পাদিকা ৰূপশিখা কলিতাক আজি দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাই আদৰণি জনাই । আদৰণি কাৰ্যসূচীত উপস্থিত থাকে দেওমৰনৈ আঞ্চলিক ছাত্র সন্থাৰ উপসভাপতি চিন্টু নাথ,সহঃ সাধাৰণ সম্পাদক কুৰ্নাল শৰ্মা,সাংগঠনিক সম্পাদক জিতুল দাস আৰু অপূৰ্ব শৰ্মাই।
পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদযাপন
পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পদ্মনাথ গোহাঞিবৰুৱাৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উপলক্ষে এক বিশেষ বক্তৃতা অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অসমৰ জাতীয় জীৱনলৈ তেওঁৰ অৱদানক স্মৰণ কৰে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী আধ্যপক পঞ্চানন হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত “পদ্মনাথ গোহাঞি বৰুৱাৰ জীৱন আৰু সাহিত্য” শীৰ্ষক বক্তৃতা প্ৰদান কৰে ডুমডুমা মহাবিদ্যালয়ৰ উপাধ্যক্ষা তথা অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ডঃ ৰিঞ্জু মণি শৰ্মাই। তেওঁৰ বক্তব্যত ডঃ শৰ্মাই বংগৰ নৱজাগৰণৰ লগত গোহাঞি বৰুৱাৰ সম্পৰ্ক, গোহাঞি বৰুৱাৰ উপন্যাসত ঐতিহাসিক পটভূমি, গোহাঞিবৰুৱাৰ সাহিত্য সভাৰ সভাপতিৰ অভিভাষণত প্ৰকাশিত জাতীয় চেতনা আদি দিশবোৰত বিস্তৃত আলোচনা কৰে। বিশ্বৰূপা মৰাণ আৰু পৰী হাজৰিকাৰ গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত পদ্মনাথ গোহাঞিবৰুৱা ৰচিত কবিতা ” বাগদেৱী বন্দনা” আবৃত্তি কৰে মহাবিদ্যালয়ৰ ছাত্ৰী সংগীতা মৰানে। অনুষ্ঠানটোত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক লক্ষীপ্ৰসাদ দিহিঙীয়াই শলাগৰ শৰাই আগবঢ়ায়।
নলবাৰীৰ সোণপুৰত হবলগীয়া বিজেপিৰ স্থায়ী কাৰ্যালয়ৰ স্থান পৰিদৰ্শন বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ
বৃহস্পতিবাৰে নলবাৰী চহৰৰ মাজ-মজিয়াস্থিত সোনপুৰত নলবাৰী জিলা বিজেপিৰ স্থায়ী কাৰ্য্যালয় নিৰ্মান হ’বলগীয়া স্থান পৰিদৰ্শন কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই । বিধায়ক গৰাকীৰ এই পৰিদৰ্শন কালত উপস্থিত থাকে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া,নলবাৰী পৌৰসভাৰ বিষয়াববীয়া সহ নলবাৰী ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল ।তদুপৰি সোনপুৰ অঞ্চলৰ নলা ব্যৱস্থা আৰু বাট-পথৰ সমস্যা সন্দৰ্ভত বুজ লৈ নলা আৰু বাট-পথৰ সমস্যা সমাধানৰ বাবে অতি সোনকালে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত চয়নিকা ঠাকুৰীয়া আৰু নলবাৰী পৌৰসভাৰ বিষয়াববীয়া সকলক নিৰ্দেশ প্ৰদান কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই । আজিৰ এই পৰিদৰ্শন কালত ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ সভাপতি ডা: মৃগাংক তালুকদাৰ,সম্পাদক নন্দলাল সৰকাৰ সহ ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে ।











