নিউজ ডেস্ক: দেৰগাঁও বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা তিনিবাৰৰ অগপৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক গোলাঘাট জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তি সদৌ অসম এনৰেগা কৰ্মচাৰী উন্নয়ণ পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে। সংগঠনটোৰ হৈ গোলাঘাট জিলাৰ কাৰ্য্যকৰি সভাপতি তথা কাকডোঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰীৰ ইউনিয়নৰ সভাপতি নৱজ্যোতি বৰা, কাকডোঙা উন্নয়ন খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰীৰ ইউনিয়নৰ সম্পাদক ভাস্কৰ দাস, বিষয় ববীয়া বিজয় শৰ্মা, নয়ন জ্যোতি দাস উপস্থিত থাকে। বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীয়ে সংগঠনটোৰ সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে-কাকডোঙা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তি এনৰেগা কৰ্মচাৰী সকলক দাবী সমুহ চৰকাৰ দৃষ্টিগোচৰ কৰাৰ লগতে এজন জন প্ৰতিনিধি হিছাপে তেঁওলোকৰ সমস্যা সমুহ যথাযোগ্য স্থানত তথ্যসহ দাঙি ধৰাৰো আশ্বাস দিয়ে”। বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীক গোলাঘাট জিলাৰ কাৰ্যকৰী সভাপতি তথা কাকডোঙা উন্নয়ণ খণ্ডৰ ঠিকাভিত্তি কৰ্মচাৰী ইউনিয়নৰ সভাপতি নৱজ্যোতি বৰাই তেঁওলোকৰ সমস্যা সমুহৰ ওপৰত গুৰুত্ব দিয়া বাবে বিধায়ক জনক ধন্যবাদ জ্ঞাপন কৰে।
দুধনৈত ৰাভা হাছং আন্তঃগাওঁ ভলীবল প্ৰতিযোগিতা আৰম্ভ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু ৰাভা হাছং ক্ৰীড়া সন্থাৰ পৰিচালনাত আজিৰে পৰা দুদিনীয়াকৈ দুধনৈৰ নিকটৱৰ্তী উপৰতোলা কালী মন্দিৰ প্ৰাংগণত ৰাভা হাছং আন্তঃগাওঁ ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভাই। ইয়াৰ পিছত ৰাভা হাছং ক্ৰীড়া সন্থাৰ উপদেষ্টা ভাস্কৰ ৰায়ে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে। প্ৰতিযোগিতাত স্থানীয় ভলীবল খেলুৱৈ সকলৰ দ্বাৰা খেল আৰম্ভ কৰা হয়। ৰাভা হাছং পৰিষদৰ ৩৬ টা সমষ্টিৰ পৰা কেবাটিও দলে অংশগ্ৰহণ কৰিব বুলি ৰাভা হাছং ক্ৰীড়া সন্থাৰ সভাপতি আদিত্য ৰাভা আৰু সম্পাদক পুস্পাদিত্য চৌধুৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। কাইলৈ অনুষ্ঠিত লবলগীয়া বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব ৰাভা হাছং পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।
গোসাঁইগাঁও মহাবিদ্যালয়ত দ্বিতীয় দিনাও আন্দোলন অব্যাহত
শিক্ষক-ছাত্ৰীৰ সম্পৰ্ক কলুষিত কৰা অধ্যাপক জয়নাল আবেদিনক বহিষ্কাৰৰ দাবীত ছাত্ৰ একতা সভাৰ স্মাৰকপত্ৰ দাখিল। গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত অন্যতম শিক্ষানুষ্ঠান গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবেদিনৰ নিজ মহাবিদ্যালয়ৰ ছাত্ৰীৰ সৈতে অশ্লীল কল ৰেকৰ্ডিং ভাইৰেল হোৱাত বিগত তিনি দিনৰ পৰা গোসাঁইগাঁও অঞ্চলত চাঞ্চল্যৰ সৃষ্টি হৈছে। গোসাঁইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা সহযোগী অধ্যাপক জয়নাল আবেদিনে নিজ বিভাগৰ ছাত্ৰীক ফোনযোগে অশ্লীল প্ৰস্তাৱ দিয়াক কেন্দ্ৰ কৰি বিগত তিনি দিনৰ পৰা গোসাঁইগাঁওৰ সদৰ চহৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি দ্বিতীয় দিনাও সহযোগী অধ্যাপক জয়নাল আবেদিনক নিলম্বন কৰাৰ দাবীত গোসাঁইগাঁও মহাবিদ্যালয়ত ছাত্ৰ একতা সভাই মহাবিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। উক্ত কাৰ্যসূচীত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই অধ্যাপক জয়নাল আবেদীনক নিলম্বন কৰক, অধ্যাপক জয়নাল আবেদীনক গ্ৰেফতাৰ কৰক, জয়নাল আবেদীন মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীক মানসিক অত্যাচাৰ বন্ধ কৰক, শিক্ষকৰ ভাণ্ডামি বন্ধ কৰক আদিকে ধৰি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি মহাবিদ্যালয়খনৰ পৰা গোসাঁইগাঁও অধ্যক্ষৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। কাৰ্যসূচীৰ অন্তত গোসাঁইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাই চৰিত্ৰহীন শিক্ষকগৰাকীক নিলম্বন কৰাৰ বাবে গোসাঁইগাঁও মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰীক এক কেইবাদফীয়া স্মাৰকপত্ৰ পত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰ পত্ৰ গ্ৰহণ কৰাৰ পিছত ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত কয় যে এই সন্দৰ্ভত অতিশীঘ্ৰে এক তদন্ত সমিতি গঠন কৰা হ’ব। তদন্ত সমিতিৰ প্ৰতিবেদনৰ পিছত service rule অনুসৰি বিহীত ব্যৱস্থা কৰা হ’ব। পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰে, সেইয়া হ’ব লক্ষণীয়।
পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ উকমুকনি
ৰাজ্যত পুনৰ “কা” বিৰোধী আন্দোলনৰ উকমুকনি। এইবাৰ আমগুৰিত “নাগৰিকত্ব সংশোধনী আইন” বাতিল কৰাৰ দাবীত উত্তাল প্ৰতিবাদ।শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ চাৰিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী মুখতাৰ আব্বাছ নকভিৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী গ’ বেক, নৰেন্দ্ৰ মোদীৰ কাম নাই, আব্বাছ নকভিৰ কাম নাই, বিজেপিৰ কাম নাই, বিজেপি হুচিয়াৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব হুচিয়াৰ, হিমন্ত বিশ্ব গ বেক, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক, অসমত বিদেশী সংস্হাপন কৰিবলৈ দিয়া নহব আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।প্ৰতিবাদস্থলীৰ পৰাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দি কয় বিজেপি চৰকাৰ খনে অসমত জোৰদবস্থ নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বিদেশী জাপি দিব বিচাৰিছে। অসমীয়াই স্বতঃস্ফূৰ্ত ভাবে ৰাজপথলৈ ওলাই প্ৰতিবাদ সাব্যস্ত কৰি জাতি বিৰোধী ‘কা’ বাতিল কৰিব লাগিব বুলি বাৰে বাৰে জনাই দিয়াৰ পিছটো নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ খনে অসমীয়াৰ আন্দোলনক ভেঙুচালি কৰিছে। বিজেপি চৰকাৰ খনে অসমৰ পাঁচজনকৈ তেজাল যুৱকক হত্যা কৰি কেৱল অসমীয়াৰ আন্দোলনটোক বিপথে পৰিচালিত কৰিলে। পুনৰ জাতিবিৰোধী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ জনতাক একত্ৰিত কৰি পুনৰ ৰাজপথত উত্তাল প্ৰৰিবাদ সাব্যস্ত কৰিব বুলি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক সকীয়াই দিয়ে। এইবাৰ চৰকাৰৰ দ্বাৰা পৰিচালিত কোনো অপশক্তিয়ে ‘কা’ বিৰোধী আন্দোলনটোক ৰাজপথৰ পৰা খেলপথাৰলৈ নিবলৈ চেষ্টা কৰিব নোৱাৰিব বুলিও কয়। লগতে নাচগানৰ জৰিয়তেও আন্দোলনটোক বিপথে পৰিচালিত কৰিবলৈ নিদিবলৈ অসমৰ জনতাক আহ্বান জনায়। কেন্দ্ৰীয় সংখ্যালঘু উন্নয়ন মন্ত্ৰী আব্বাছ নকভিৰকো সকীয়াই দিয়ে অসমত অসমীয়াৰ গাত শেষ টোপাল তেজ থকা লৈকে নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য হবলৈ নিদিয়ে বুলি আমগুৰি নগৰ চাৰিআলিৰ পৰা জনাই দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিজেপি নেতৃত্বাধীন সকলো বিধায়কক দিল্লীলৈ নি কেৱল মাত্ৰ ভোজভাতৰ মেল পাতি অসমত ‘কা’ প্ৰযোজ্য কৰাৰ সিদ্ধান্ত যে লৈ আহিছে সেইয়া অসমৰ জনতাই বুজি পাইছে বুলি কোৱাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰক তেল মৰা এই সপোন সফল নহব বুলি জনাই দিয়ে। লগতে অসমৰ ৰাইজক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আপোচবিহীন সংগ্ৰামৰ বাবে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে এইয়া কেৱল মাত্ৰ আৰম্ভণি, পাঁচজন শ্বহীদৰ তেজক অসমীয়াই অথলে যাবলৈ নিদিয়ে বুলি চৰকাৰ খনক জনাই দিয়ে। প্ৰতিবাদস্থলীত কৃষক মুক্তিৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি দুলু হাজৰিকা, যোৰহাট জিলাৰ অম্লান গগৈ, ৰুবুল বৰুৱা, ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ কাৰ্যকৰী সভাপতি পল্লব শইকীয়া, সম্পাদক সীমান্ত গগৈ, আমগুৰি আঞ্চলিক ৰবীন হাজৰিকা, ৰণটো শইকীয়া, বৰাহী বাৰী আঞ্চলিকৰ দেৱৰাজ তামুলী, আদিত্য গগৈ,কল্যান গগৈ, দ্বীপজ্যোতি গগৈ উপস্থিত থাকে।
বৰক্ষেত্ৰীৰ জি.বি.এল হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ
নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত জিবিএল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ কলা শাখাৰ পাঠদান আজি শুভৰাম্ভ কৰা হয় ৷ উল্লেখ্য যে কিছুদিন পূৰ্বে অসম চৰকাৰে হাইস্কুলখন উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰিছিল ৷ আজি একাদশ শ্ৰেণীৰ পাঠদানৰ শ্ৰেণীকোঠা আনুষ্ঠানিকভাৱে মুকলি কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে ৷ শেহতীয়াভাৱে অঞ্চলটোৰ ৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ কলা শাখাত নামভৰ্তি কৰিছে ৷ বিধায়ক দিগন্ত বৰ্মনে শ্ৰেণীকোঠা মুকলি কৰাৰ পিছতে বিদ্যালয়খনৰ অসমীয়া বিষয়ৰ শিক্ষয়ত্ৰী ৰুমা বৰাই ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰি শুভাৰাম্ভ কৰে পাঠদান প্ৰক্ৰিয়া ৷ নলবাৰী জিলা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ সোণাবৰ আলীৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় উদ্বোধনী সভা ৷ বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নজুৰুদ্দিন আহমেদে সভাৰ উদ্দেশ্য বাখ্যা কৰি বিদ্যালয়খন উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণ কৰি অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলক উচচ শিক্ষা গ্ৰহণত বিশেষ সুবিধা প্ৰদান কৰি দিয়াৰ বাবে বিধায়কগৰাকী ধন্যবাদ জনায় ৷ শুভৰাম্ভনি অনুষ্ঠানত নলবাৰী জিলা অধিবিদ্যা পৰিষদৰ সম্পাদক কৃষ্ণকান্ত মহন্ত উপস্থিত থাকি ২৫ নৱেম্বৰৰ দিনটো এই অঞ্চলৰ ৰাইজৰ বাবে এক চিৰস্মৰনীয় দিন হিচাপে লিপিবদ্ধ হব বুলি কোৱাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অঞ্চলটো এখোজ আগুৱাব বুলি আশা প্ৰকাশ কৰে ৷ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে শ্ৰেণীকোঠা মুকলি কৰি উদ্বোধনী সভাত কয় যে বৰক্ষেত্ৰীৰ দহখন হাইস্কুল উচ্চতৰ মাধ্যমিকলৈ উন্নতিকৰণৰ বাবে চৰকাৰৰ ওচৰত আৱেদন জনোৱা বুলি কৈ ২০১৩ চনত প্ৰাদেশিত ঘোগা বদনি-আখিয়া লাওতোলা হাইস্কুলখন অন্যতম আছিল মন্তব্য কৰে ৷ বিধায়ক গৰাকীয়ে লগতে কয় যে ছয় শতাধিকতকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনৰ অভাৱ যথেষ্ট আছে আৰু আগন্তক মাৰ্চ মাহৰ পূৰ্বে বিদ্যালয়খনৰ আন্ত:গাঠনিৰ বাবে দহ লাখ টকা অনুদান আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ উদ্বোধনী অনুষ্ঠানত ঘোগা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰিজুমা বেগম, পূৱ বৰক্ষেত্ৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হংসনাথ দাস, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লোকমান আলী, জিবিএল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আনোৱাৰ হুছেইন শইকীয়া, বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি নাছিৰ প্ৰধানী, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি চাধুল্লা আলী, ঘোগা মণ্ডল কংগ্ৰেছৰ সভাপতি মোস্তাফা আলীসহ অঞ্চলটোৰ ভালেকেইজন অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট ব্যক্তি, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷
বিশিষ্ট ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ দেহাৱসান
চৰাইদেউ জিলাৰ সাপেখাতীৰ বাসিন্দা অৱসৰ প্ৰাপ্ত শিক্ষক তথা ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ বুধবাৰে নিশা বাৰ্ধক্যজনীত কাৰণত পৰলোকগামী হোৱাত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । ১৯৬২ চনৰে পৰা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰা ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী পোৱাল চন্দ্ৰ চাংমাইয়ে ১৯৬৩ চনৰ পৰাই অবিভক্ত শিৱসাগৰ জিলা আৰু বৰ্তমান চৰাইদেউ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই আহিছিল ।১৯৬৩ চনতে সাপেখাতী ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কৰি বৰহাট,বগাদাত ,টিংখং আদি অঞ্চলত ফুটবল, কাবাডী ,খো-খো , এথেলেটিকচ্ আদিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিছিল । চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ লগত প্ৰতিষ্ঠাকালৰ পৰা জড়িত হোৱাৰ লগতে প্ৰায় ৬২ বছৰ ক্ৰীড়া জগতৰ লগত জড়িত হৈ আছিল । অসম চৰকাৰৰ ২০২০ -২১বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া পেঞ্চনৰ স্বকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ মৃত্যুত সাপেখাতী অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷
চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ কানুবাৰী বালিজান গ্ৰান্টত উত্তেজনা
চৰাইদেউৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা ৷যি সময়ত দুয়োখন ৰাজ্যৰ মুখ্য মন্ত্ৰী দুজনে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আলোচনাত মিলিত হৈছে সেই সময়তে অসমৰ দুই গৰাকীকৈ ছাত্ৰক ৮ জনীয়া নগা দূৰ্বৃত্তৰ দলে নাগালেণ্ডৰ লকুন বস্তিৰ এখন সাপ্তাহিক বজাৰৰ পৰা বাইকেৰে উঠাই নি ঘন জংঘলৰ ভিতৰত ভৰাই গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰাৰ উপৰিও উক্ত এলেকাতে গাঁত খান্দি পুতি হত্যাৰ চেষ্টা চলোৱা ঘটনাই এতিয়া সমগ্র জিলা খনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷বিভিন্ন সময়ত জিলাখনৰ দাঁতি কাষৰীয়া গাওঁ সমূহত দাবী ধমকিৰে নতুবা মৰণাস্ত্ৰ দেখুৱাই ধন দাবী কৰাৰ লগতে পশুধন উঠাই লৈ যোৱা ঘটনা সংঘটিত হৈ আহিছে।বজাৰ কৰিবলৈ বুলি ওলাই যোৱা ছাত্র প্ৰাঞ্জল বছা(২০)আৰু নৱজ্যোতি লাহন (২৫) ক এনেদৰে নগা দুৰ্বৃত্তই উঠাই লৈ যোৱা ঘটনাক এতিয়া সহজ ভাবে লব পৰা নাই গাওঁ খনৰ বাসিন্দাই।ছাত্ৰ দুজনে জনোৱা মতে এখন দোকানত পইচা খুচুৰা কৰিবলৈ ৰৈ থকা অৱস্থাতে চাৰি জনকৈ নগা দুৰ্বৃত্তই ধৰি মটৰ চাইকেলত বহুৱাই ঘন জংঘল লৈ যায় আৰু বিভিন্ন প্ৰশ্ন কৰে,উল্লেখযোগ্য যে বিগত কেইমাহ মান পূৰ্বে কানুবাৰী বালিজান গ্ৰাণ্ট গাওঁৰ পৰা অস্ত্ৰ সহ তিনি গৰাকীকৈ এন এছ চি এন দলৰ উগ্ৰপন্থী সদস্যক আটক কৰিছিল আছাম ৰাইফলছৰ জোৱানে,এই তিনি এন এছ চি এন কেডাৰক গ্ৰেপ্তাৰ কৰাত এই ছাত্ৰ দুজনে আছাম ৰাইফলছ ক সহায় কৰা বুলি অভিযোগ তুলি দিন দুপৰতে বজাৰৰ পৰা উঠাই নি অকথ্য নিৰ্যাতন চলাই।ইয়াৰে এজন ছাত্ৰ প্ৰাঞ্জল বছা অধিক ভাৱে আঘাতপ্ৰাপ্ত হয়,, প্ৰাঞ্জলৰ মূৰ ভৰি আদিত বাঁহেৰে কোবোৱাৰ লগতে লোৰ হাটুৰি ৰে হাতৰ আঙুলিত প্ৰহাৰ কৰাৰ আৰু বুকুত হাতেৰে প্ৰহাৰ কৰাৰ কথা জানিবলৈ দিয়ে আঘাত প্ৰাপ্ত ছাত্ৰ জনে।ইমানতে শান্ত নাথাকি এক প্ৰকাৰৰ তালিবানী শাস্তি দিয়াৰ ব্যৱস্থা কৰিছিল নগা দুৰ্বৃত্তই,ছাত্ৰ দুজনে জনোৱা মতে,গাঁত খান্দি পুতি থোৱাৰ ওপৰি গুলি কৰি হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে ।শেষত আসাম ৰাইফলছৰ এটা দলে সমগ্ৰ ঘটনাৰ সম্পৰ্কত অৱগত হোৱা ৰ লগে লগে সেই ঠাইলৈ ৰাওনা হয় । নগা দূৰ্বৃত্তৰ দলটোৱে আছাম ৰাইফলছৰ উপস্থিতিৰ উমান পাই ছাত্ৰ দুজনক হাবিত এৰি পলায়ন কৰে ৷ অধিক আঘাতপ্ৰাপ্ত প্ৰাঞ্জল অনুষ্ঠিত হৈ থকা পৰীক্ষাতো অৱতীৰ্ণ হব নোৱাৰিলে ৷বৰ্তমান সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলটোতে বিৰাজ কৰিছে চেপা উত্তেজনাই । ছাত্ৰ দুজনক বিনা দুখত এনেদৰে নগা দুৰ্বৃত্তই অত্যচাৰ কৰাক লৈ গাঁওখনৰ সকলো ৰাইজ ওলাই আহিল অসম নাগালেণ্ড সংযোগী পথ অৱৰোধ কৰিবলৈ,ততালিকে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ উপস্থিত হৈ শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় আৰু পথ অৱৰোধ নকৰিবলৈ গাওঁ বাসীক অনুৰোধ কৰাত সাময়িক ভাৱে প্ৰত্যাহাৰ কৰে পথ অৱৰোধৰ দৰে কাৰ্য্যসূচী ।
বিশিষ্ট ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ দেহাৱসান
চৰাইদেউ জিলাৰ সাপেখাতীৰ বাসিন্দা অৱসৰ প্ৰাপ্ত শিক্ষক তথা ক্ৰীড়া সংগঠক পোৱাল চন্দ্ৰ চাংমাইৰ নিশা বাৰ্ধক্য জনীত কাৰণত পৰলোকগামী হোৱাত সমগ্র অঞ্চলতে শোকৰ ছাঁ পৰিছে । ১৯৬২ চনৰে পৰা সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ ১৯৯৬ চনত অৱসৰ গ্ৰহণ কৰা ক্ৰীড়া সংগঠক তথা সমাজকৰ্মী পোৱাল চন্দ্ৰ চাংমাইয়ে ১৯৬৩ চনৰ পৰাই অবিভক্ত শিৱসাগৰ জিলা আৰু বৰ্তমান চৰাইদেউ জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনত যথেষ্ট অৱদান আগবঢ়াই আহিছিল ।১৯৬৩ চনতে সাপেখাতী ক্ৰীড়া সন্থা প্ৰতিষ্ঠা কৰি বৰহাট,বগাদাত ,টিংখং আদি অঞ্চলত ফুটবল, কাবাডী ,খো-খো , এথেলেটিকচ্ আদিত বহু ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিছিল । চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ লগত প্ৰতিষ্ঠা কালৰ পৰা জড়িত হোৱাৰ লগতে প্ৰায় ৬২ বছৰ ক্ৰীড়া জগতৰ লগত জড়িত হৈ আছিল । অসম চৰকাৰৰ ২০২০ -২১বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া পেঞ্চনৰ স্বকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল । তেখেতৰ মৃত্যুত সাপেখাতী অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷
মেঘালয় কংগ্ৰেছত সংকট !
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ৰাজ্যখনৰ ১৭ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ১১ জনৰ সৈতে উত্তৰ-পূবত পশ্চিম বংগৰ শাসকীয় দলৰ বাবে এক বৃহৎ অভ্যুত্থানত তৃণমূল কংগ্ৰেছত যোগদান কৰিব। মেঘালয়ৰ বিধায়কসকলে বুধবাৰে নিশা প্ৰায় ১০ বজাত বিধানসভাৰ অধ্যক্ষ মেটবাহ লিংডোলৈ এখন পত্ৰ দাখিল কৰে, য’ত তেওঁলোকক তেওঁলোকৰ স্থিতি পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা হয় ।প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত ১১ গৰাকী কংগ্ৰেছী বিধায়কে যোগদান কৰিব তৃণমুল কংগ্ৰেছত । শক্তিশালী বিৰোধীৰ ভুমিকা পালন কৰাত কংগ্ৰেছ ব্যৰ্থ হৈছে বুলি অভিযোগ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাৰ । কংগ্ৰেছী বিধায়কৰ বিসম্বাদৰ খবৰ লাভ কৰাৰ পিচতে মেঘালয়ত উপস্থিত হৈছে মেঘালয় কংগ্ৰেছৰ পৰ্যবেক্ষক মণিষ চাতৰথ । বিসম্বাদী কংগ্ৰেছী বিধায়ক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ইংগীত দিছে মেঘালয় কংগ্ৰেছে ।
কবি সনন্ত তাঁতিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি
অসমৰ পাঠক সমাজৰ অন্যতম এজন প্ৰিয় কবি সনন্ত তাঁতিৰ জন্ম হৈছিল ১৯৫২ চনত। কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিছাত জন্ম গ্ৰহন কৰা কবি গৰাকীয়ে জীৱন কালত নিজৰ সৃষ্টিৰাজিৰে বিভিন্ন পুৰস্কাৰ তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
তাৰে কেইটামান পুৰস্কাৰ তথা সন্মান হ’ল–
১. ১৯৯২ চনত অসম কবি সমাজৰ মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা।
২ ২০০২ চনত দলিত সাহিত্য অকাডেমি (অসম শাখা)য়ে আগবঢ়োৱা বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ।
৩. ২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা ওচমান আলী সদাগৰ সমন্বয় বঁটা।
৪. ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনৰ ক্ৰান্তিকাল সাহিত্য সন্মান।
৫. ২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা বঁটা।
৬. ২০১৬ চনত অসমৰ এ. পি. পি. এল. ফাউণ্ডেচনে আগবঢ়োৱা শিৰীষ-অইল সাহিত্য বঁটা।
৭. ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ।
৮. ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা।
৯. ২০১৮ চনত ভাৰত চৰকাৰৰ অধীনস্থ সাহিত্য অকাডেমিয়ে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে আগবঢ়োৱা সাহিত্য অকাডেমি বঁটা।
১০. ২০২০ চনত অসম চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা।
বুধবাৰে নিশা নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থস্থিত এপলো হস্পিতালত পৰলোকপ্ৰাপ্তি হয় কবিগৰাকীৰ। কবিগৰাকীৰ মহাপ্ৰয়াণত অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে সমগ্ৰ অসমবাসীয়ে। কবিগৰাকীৰ মহাপ্ৰয়াণত ডিবি নিউজৰ তৰফৰ পৰাও থাকিল গভীৰ শ্ৰদ্ধাঞ্জলি।











