Breaking

ওৰাঙত দিব্যাংগ ব্যক্তিসকলৰ বাবে স্বাস্থ্য আৰু চিকিৎসা শিবিৰ স্থাপন

0 2,232

২৬নবেম্বৰত ওদালগুৰি জিলাৰ পাঁচনৈ চেৰফাং সমষ্টিৰ  অন্তৰ্গত  ওৰাং ভিচিডিচিত বিশেষ ভাবে সক্ষম ব্যক্তি সকলৰ সঠিক চিনাক্তকৰণ  শিবিৰ অনুষ্ঠিত হৈ যায় ৷এই স্বাস্থ্য আৰু চিকিৎসা  শিবিৰটোত  স্বাস্থ্য পৰীক্ষণ কৰে ওৰাং খণ্ড প্ৰাথমিক  খণ্ডপ্ৰাথমিক   স্বাস্থ্য বিষয়া সকলে। ওৰাং স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা  চিকিৎসা আৰু স্বাস্থ্য বিষয়া  ডাঃ লক্ষণ  কুমাৰ বড়োবে  এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে। স্বাস্থ্য বিভাগক বিশেষ ভাবে এই ক্ষেত্ৰত সহায় কৰে অঙ্গনাবাদী কৰ্মী সকলে। অঙ্গনাবাড়ীৰ  চিডিপিঅ  অঞ্জনা ব্ৰহ্ম  আৰু লগতে ওৰাং ভিচিডিচি ৰ চেয়াৰমেন দিব্যজ্যোতি শইকীয়াই এই মহান কাৰ্যসূচীত বিশেষ ভাবে সহায় সহযোগিতা কৰে।স্বাস্থ্য বিভাগৰ দ্বাৰা সঠিক চিনাক্তকৰণ কৰা  দিব্যাং ব্যক্তি সকলে অনাগত দিনত বিটিআৰৰ চৰকাৰৰ জৰিয়তে আৰ্থিক ভাৱে  উপকৃত হব।প্ৰায় ৫০০শ ব্যক্তিক স্বাস্থ্য আৰু চিকিৎসা সেৱা আগবঢ়ায় ৷