Home Blog Page 2717

আইএমচিএমএছ গুৱাহাটী কেন্দ্ৰলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ বঁটা

আইএমচিএমএছ গুৱাহাটী কেন্দ্ৰলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ বঁটা। আজি গুৱাহাটীৰ লতাশিলষ্ঠিত বিষ্ণু-নিৰ্মলা ভৱনত নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ  উদ্যোগত আয়োজন কৰা প্ৰাগজ্যোতিষ বঁটা ২০২১ তৰফৰ পৰা ৰাজ্যখনৰ শৈক্ষিক সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি সকলৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানক বঁটা প্ৰদান কৰা হয়।

ইনষ্টিটিউট অফ মাছ কমিউনিকেচন এণ্ড মিডিয়া ষ্টাডী, গুৱাহাটী কেন্দ্ৰলৈ শ্ৰেষ্ঠ সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ বঁটা প্ৰদান কৰা হৈছে।

২০২০ চনত স্থাপন হোৱা শৈক্ষিক প্ৰতিষ্ঠানখনে যোগাযোগ আৰু সাংবাদিকতাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব ভূমিকা পালন কৰি আহিছে।

শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক মুন তালুকদাৰে জনাই যে এই বঁটাই শৈক্ষিক ক্ষেত্ৰখন আগন্তুক দিনত আগবঢ়াই যোৱাত প্ৰেৰণা দিব। উল্লেখ্য, প্ৰায় শতাধিক শিক্ষাৰ্থীৰে আইএমচিএমএছ গুৱাহাটী কেন্দ্ৰ পৰিচালনা হৈ আছে।

প্ৰদূষণ মিটাৰ কি ? ই কেনেকৈ কাম কৰে ?

বায়ু প্ৰদূষণ এই মুহূৰ্তত দেশৰ আটাইতকৈ জ্বলন্ত সমস্যাবোৰৰ ভিতৰত এটা। যদিও আদালত, চৰকাৰ, ইউনিয়ন, ৰাজনীতিবিদ সকলে বহল পৰিসৰত বিস্তাৰ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতিৰ বিষয়ে বিতৰ্ক কৰি আছে, তথাপিও আপুনি উপযুক্ত মুখা আৰু এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰি নিজকে কিছু পৰিমাণে সুৰক্ষিত কৰিব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলে সদায় দীঘলীয়া সময়ৰ বাবে উচ্চ প্ৰদূষণৰ স্তৰ থকা ঠাইত নাথাকিবলৈ পৰামৰ্শ দিয়ে। উপযুক্ত ব্যৱস্থা লোৱাৰ বাবে ঘৰুৱা সময়ত প্ৰদূষণৰ স্তৰ নিৰীক্ষণ কৰিবলৈ আৰু সেই অনুসৰি এয়াৰ পিউৰিফায়াৰৰ ছেটিং সলনি কৰাৰ পৰামৰ্শ দিয়া হয়। বন্ধ পৰিৱেশত থকা প্ৰদূষকৰ ঘনত্ব জোখাৰ বাবে, আপুনি বায়ু প্ৰদূষণ মিটাৰ ব্যৱহাৰ কৰিব পাৰে। এই সঁজুলিটোৱে চাৰিওফালে বায়ুত থকা পাৰ্টিকুলেট মেটাৰ (পিএম), ফৰ্মেলডিহাইড আৰু মুঠ উদ্বায়ী জৈৱিক যৌগ (টিভিঅ’চি)ৰ পৰিমাণ ট্ৰেক কৰে। এই গেজেটটোৱে কঠিন, তৰল আৰু গেছীয় ৰূপত বায়ুদূষিত পদাৰ্থৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে। বজাৰত উপলব্ধ কেইটামান বায়ু প্ৰদূষণ মিটাৰ ৱাই-ফাই সক্ষম আৰু ই আৰ্দ্ৰতা আৰু উষ্ণতাৰ দৰে অন্যান্য তথ্য প্ৰদান কৰিব পাৰে। যদি আপুনি বায়ু প্ৰদূষণ মিটাৰ এটা ক্ৰয় কৰাৰ পৰিকল্পনা কৰি আছে, আপুনি এই বিকল্পবোৰ বিবেচনা কৰিব পাৰে।

স্মাইলড্ৰাইভ পোৰ্টেবল বায়ু মানদণ্ড প্ৰদূষণ মিটাৰঃ স্মাইলড্ৰাইভ পোৰ্টেবল বায়ু গুণমান প্ৰদূষণ মিটাৰে লেজাৰ স্কেটাৰিং চিনাক্তকৰণৰ জৰিয়তে আপোনাৰ চাৰিওফালৰ বায়ুত পিএম ১, পিএম ২.৫, পিএম১০ এইচচিঅ’ আৰু টিভিঅ’চিৰ স্তৰ চিনাক্ত কৰিব পাৰে। ই এটা ৰিচাৰ্জেবল ১২০০ এমএএইচ বেটাৰিৰ সৈতে আহে। ডিভাইচটো ৩২-বিট তিনি-কোৰ এআৰএম প্ৰচেছৰত চলে যাক কোম্পানীয়ে দাবী কৰে যে সঠিক ৰিডিং প্ৰদান কৰে।

টেমটপ এলকেচি-১০০০ই এয়াৰ কোয়ালিটি মনিটৰঃ টেমটপ এলকেচি-১০০০ই এয়াৰ কোয়ালিটি মনিটৰে পিএম ২.৫, পিএম ১০, কণা, এইচচিএইচঅ’ আৰু একিউআই জোখাৰ বাবে তৃতীয় প্ৰজন্মৰ টেম্প লেজাৰ কণা চেন্সৰ আৰু অনুকূলিত পিএছঅ’ এলগৰিথম ব্যৱহাৰ কৰে। ই এটা ডাঙৰ টিএফটি স্ক্ৰীণৰ সৈতে আহে যি ডাটা পঢ়িবলৈ সহজ কৰে, আনকি যিকোনো সময়তে বেটাৰি পৰীক্ষা কৰাত আপোনাক সহায় কৰিবলৈ বেটাৰী ইণ্ডিকেটৰ লাইটৰ সৈতে উপলব্ধ।

হোনেলাইফ এয়াৰ কোয়ালিটি মনিটৰ ফৰ্মেলডিহাইড ডিটেক্টৰ প্ৰদূষণ মিটাৰঃ হোনেলাইফ প্ৰদূষণ মিটাৰত 12-বিট এডি স্মাৰ্ট চিপ থাকে। ই মাত্ৰ দুটা বুটাম আৰু এটা ডাঙৰ এলচিডি স্ক্ৰীণৰ সৈতে এটা সৰল অপাৰেচন পেনেল লাভ কৰে। ডিভাইচটো কম্প্যাক্ট আৰু নিৰন্তৰ নিৰীক্ষণৰ বাবে যিকোনো ঠাইতে ৰাখিব পাৰি।

সাহিত্যৰ শিতানত দীপাঙ্কৰ ওজালৈ প্ৰাগজ্যোতিষ বঁটা-২০২১

১৯ নৱেম্বৰ শুক্ৰবাৰে গুৱাহাটী উজানবজাৰস্থিত বিষ্ণু-নিৰ্মলা ভৱনত প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ প্ৰাগজ্যোতিষ বঁটা। অসমৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বিভিন্ন শিতানত প্ৰদান কৰা হ’ল এই বঁটা। আচুৰ্য বৰপাত্ৰ আৰু প্ৰিয়ংকা ভৰালীলৈ প্ৰদান কৰা হ’ল প্ৰাগজ্যোতিষ জনপ্ৰিয় কন্ঠশিল্পীৰ সন্মান। সমান্তৰালকৈ ওদালগুৰি জিলাৰ কলাইগাঁৱৰ যুৱক দীপাঙ্কৰ ওজাক প্ৰদান কৰা হ’ল প্ৰাগজ্যোতিষ যুৱ সাহিত্য বঁটা- ২০২১। দীপাঙ্কৰ ওজা মঙলদৈ মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ লগতে মঙলদৈ মহাবিদ্যালয় আছু গোটৰ সভাপতি। কলাইগাঁও নিবাসী দীপাঙ্কৰ ওজা ওদালগুৰি জিলা ছাত্ৰ সন্থাৰো এগৰাকী সদস্য লগতে অসমৰ তাৰ্কিক সমাজৰ মাজত জনপ্ৰিয় সদৌ অসম তাৰ্কিক সন্থাৰো এগৰাকী সক্ৰিয় সদস্য। ছাত্ৰ সমাজক সংগঠিত কৰি বিভিন্ন উন্নয়নমূলক সামাজিক কাম-কাজত নিয়োগ কৰাত দীপাঙ্কৰ ওজাই দীৰ্ঘদিন ধৰি পদক্ষেপ লৈ‌ আহিছে। অসম ভিত্তিক কেইবাখনো তৰ্ক প্ৰতিযোগিতাত তেখেতে পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। কাকতে পত্ৰই ইতিমধ্যে দীপাঙ্কৰ ওজাৰ বহুসংখ্যক লেখা প্ৰকাশ পাইছে। তেখেতৰ এই উত্তৰণক লৈ উৎসাহিত কলাইগাঁওবাসী। আজি বঁটা প্ৰদান অনুষ্ঠানতো তেখেতক সংগ দিয়ে তেখেতৰ কেইবাগৰাকীও ঘনিষ্ঠ বন্ধুৱে।

সৰ্থেবাৰীৰ নসত্ৰত কৃষ্ণ গুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস

আজি বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ সৰ্থেবাৰীস্থিত নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস আৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আৱিৰ্ভাৱ তিথি । প্ৰতি বছৰে ২ আঘোণ তাৰিখে নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত উলহ মালহেৰে উদযাপন কৰে এই বিশেষ দিনটো ।এইবেলিও সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস তথা গুৰুৰ আবিৰ্ভাৱ তিথি উপলক্ষে অনুষ্ঠিত হয় বৰ্ণাঢ্য কাৰ্যসূচীৰ । কাৰ্যসূচী অনুসৰি পুৱা সম্প্ৰীতি যাত্ৰা উলিওৱা হয়।

এই যাত্ৰাৰে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ বিশাল ৰেলীত সংগ দিয়ে গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে । অনুষ্ঠানত উপস্থিত থাকে বিটিচি প্ৰধান প্ৰমোদ বড়োকে ধৰি বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি । প্ৰভুৰ আশীৰ্বাদ ল’বলৈ পুৱাই  সেৱাশ্ৰমত উপস্থিত হয় নেতাজন।উল্লেখ্য যে সেৱাশ্ৰমৰ কীৰ্ত্তন ঘৰত একনাম কীৰ্তন নাম প্ৰসংগৰে বিশেষ দিনটো উদযাপন কৰে ভক্ত গনে ।

বাক্সাত কলিতা জনগোষ্ঠী সন্মিলনৰ মহোহো উৎসৱ পালন

আঘোণ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অসমীয়া লোক সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় মহোহো বা মহ খেদা উৎসৱ ৷ আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বড়িমুখত কলিতা জনগোষ্ঠী সন্মিলন,অসমে কেন্দ্ৰীয়ভাৱে মহোহো উৎসৱ পালন কৰে ৷ কলিতা জনগোষ্ঠীৰ সন্মিলনৰ মুছলপুৰ জিলা সমিতিৰ সহযোগত আৰু বড়িমুখ আঞ্চলিক সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আয়োজিত এই মহোহো উৎসৱৰ পুৱা বন্তি প্ৰজ্জ্বলনেৰে শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিচতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তোৰণ উন্মোচন, বৃক্ষ ৰোপণ, চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতাৰ পিচত আবেলি মুকলি সভা অনুষ্ঠিত হয় ৷ হৰেন্দ্ৰ নাথ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কলিতা জনগোষ্ঠী সন্মিলন, অসমৰ মুখ্য উপদেষ্টা ড° সনেশ্বৰ কলিতা, উপদেষ্টা অৰবিন্দ কলিতা, সভাপতি ৰমণীকান্ত চহৰীয়া, সাধাৰণ সম্পাদক দেৱ কুমাৰ ডেকা, কলিতা উন্নয়ণ পৰিষদৰ অধ্যক্ষ ডাঃ ৰাজেন্দ্ৰ নাথ কলিতা, উপাধ্যক্ষ মিহিৰ তালুকদাৰ, লোক শিল্পী বসন্ত পাটগিৰী, বাক্সা জিলা কেওট জাতীয় পৰিষদৰ সভাপতি কুশল কুমাৰ হালৈ, মুছলপুৰ জিলা সুত্ৰধৰ সন্মিলনৰ সভাপতি তনুৰাম সুত্ৰধৰ, বাক্সা জিলা কোঁচ-ৰাজবংশী সন্মিলনৰ সভাপতি অজিত দাস, শিক্ষাবিদ সুৰেন্দ্ৰ নাথ বাৰ্মাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ মুকলি সভাত ভাষণ প্ৰদান কৰা বক্তাসকলে মহোহো উৎসৱৰ উদ্দেশ্য আৰু তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ৰাজ্যখনত বসবাস কৰা কলিতা জনগোষ্ঠীৰ লোক সকলক জনজাতিকৰণৰ দাবী জনায় ৷ লগতে বিটিআৰত বসবাস কৰা কলিতা সকলক সমমৰ্যাদা, সমঅধিকাৰ প্ৰদান কৰিবলৈ বিটিচি কৰ্তৃপক্ষক দাবী জনায় ৷ সন্ধিয়াৰ ভাগত প্ৰতিযোগীসকলৰ মাজত মহোহো প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

বঙাইগাঁৱত অবৈধ কফ ছিৰাপ- নিচাযুক্ত দ্ৰব্যৰ সৈতে ৬ জনক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ কফ চিৰাপ- নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা । বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই আৰক্ষী চকীটোৰ অন্তৰ্গত নিত্যবজাৰ এলেকাৰ এঘৰ লোকৰ পৰা নিষিদ্ধ কফ ছিৰাপ আৰু নিছাযুক্ত দ্ৰব্য সহ ৬ জন যুৱকক গ্ৰেপ্তাৰ কৰে। তাৰ মাজত ৱেব পৰ্টেল এটাৰ মালিক এজনো থকা বুলি জানিব পৰা গৈছে । উক্ত যুৱক জন ধুবুৰী জিলাৰ চাপৰৰ ছফিকুল ইছলাম । তেওঁ  ৱেব পৰ্টেলৰ স্বত্তাধিকাৰী বুলি স্বীকাৰোক্তি দিছে। সাংবাদিকজনৰ লগত ধৃত আন যুৱক কেইজন হল চাপৰ আৰু নিত্যবজাৰ এলেকাৰ ক্ৰমে সানিদুল ইচলাম,আব্দুল ৰহিম আহমেদ, কৰিমুল ইচলাম আৰু ৰিজু আহমেদ । গোটেইকেইজনক আৰক্ষীয়ে কৰায়ত্ত কৰি বইটামাৰী আৰক্ষী চকীলৈ আনে । তাৰ পিছত ঘটনা সন্দৰ্ভত বইটামাৰী আৰক্ষীয়ে অভয়াপুৰী থানাত এটি গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে চক্ৰটোৰ লগত জড়িত আন লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে । এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি গোপনে নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহা চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে । আৰক্ষীয়ে এই চক্ৰটোক কৰায়ত্ত কৰাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।

চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা

আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি ৰক্ষাৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ। আমি আমাৰ ঐতিহ্য-সংস্কৃতি ৰক্ষা কৰিব নোৱাৰিলে ভৱিষ্যতে জাতিটোৱে অস্তিত্বৰ সংকটত ভুগিব। সেয়েহে প্ৰতিজন খিলঞ্জীয়া লোকেই দায়ৱদ্ধতাৰে নিজৰ ঐতিহ্য-সংস্কৃতিক জীয়াই ৰখাৰ দায়িত্ব গ্ৰহণ কৰক। চৰকাৰে জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে সদায়েই সাজু আছে। এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ। চৰাইদেউ মৈদাম প্ৰত্নতাত্বিক স্থানত অনুষ্ঠিত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে অসম প্ৰত্নতত্ব সঞ্চালকালয়ে প্ৰতি বছৰে উদযাপন কৰি অহা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান এইবাৰ চৰাইদেউ মৈদাম প্ৰত্নতাত্বিক স্থানত চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত কৰে। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আজিৰেপৰা ২৫ নৱেম্বৰলৈকে অনুষ্ঠিত হব বিশ্ব ঐতিহ্য সপ্তাহৰ কাৰ্যসূচী।  আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে আগন্তুক তিনি বছৰৰ ভিতৰত বিশ্ব ঐতিহ্যৰ তালিকাত চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে। ইফালে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও আগন্তুক তিনিবছৰৰ ভিতৰত চৰাইদেউৰ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰা লগতে এইক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা কামনা কৰে। উল্লেখ কৰা প্ৰয়োজন যে ১৯৭২ চনত সংযুক্ত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ইউনেস্কোৰ সাধাৰণ সভাই সমগ্র বিশ্বৰ কেইটামান বিশেষ সাংস্কৃতিক ঐতিহ্যৰ স্বাক্ষৰ বহনকাৰী প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰাজিক বিশ্ব ঐতিহ্য হিচাপে তালিকাভুক্ত কৰি ৰক্ষণাবেক্ষণ দিবলৈ বিশেষ উদ্যোগ গ্ৰহণ কৰে। বিশ্ব ঐতিহ্যৰ তালিকাত ভাৰতবৰ্ষৰ ৩৮ টা সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য ই এতিয়ালৈকে স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত অসমৰ কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নামো অন্তৰ্ভুক্ত হৈছে যদিও এতিয়ালৈকে অসমৰ কোনো এটা সাংস্কৃতিক ঐতিহ্যই স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত নদীদ্বীপ মাজুলীৰ লগতে আহোম ৰাজত্বৰ প্ৰথমটো স্থায়ী ৰাজধানী তথা পৰৱৰ্তী সময়ত সমাধিস্থল হিচাপে পৰিণত হোৱা আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কৃষাণচান্দ নোৰিয়েলৰ তত্বাৱধানত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসম চৰকাৰে ইতিমধ্যে বিশ্ব ঐতিহ্যৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত হোৱা চৰাইদেউ প্ৰত্নতাত্বিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মূল তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ আন্তগাঠনি উন্নয়ন, ডচিয়াৰ প্ৰস্তুতকৰণ, সংস্কৰণ ইত্যাদিৰ কাম পূৰ্ণগতিত ৰূপায়ণ কৰি আছে। পৰিকল্পনা অনুসৰি যদিহে সকলো কাম সময়মতে সম্ভৱ হৈ উঠে তেনেহলে আগন্তুক তিনি বছৰৰ ভিতৰত চৰাইদেউৰ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হব। ইয়াৰ ফলত শিৱসাগৰ আৰু চৰাইদেউৰ আৰ্থসামাজিক তথা সাংস্কৃতিক মানচিত্ৰ সলনি হোৱাৰ লগতে বহু যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিব। চৰাইদেউ মৈদাম ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত এই কথা জনালে মন্ত্ৰী যোগেন মহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকন, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা দিপিৰেখা কুলি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ ড° দয়ানন্দ বুঢ়াগোহাঁই।

উল্লেখ্য যে,টাই আহোম ধৰ্মীয় প্ৰাৰ্থনা আই-চিং লাও পৰিৱেশনেৰে  চৰাইদেউ মৈদামক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ শুভাৰম্ভ হয়। খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ প্ৰত্নতত্ব সঞ্চালকালয়ৰ উদ্যোগত আজি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা লগতে পদ্মশ্ৰী যোগেন্দ্ৰনাথ ফুকন আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিক্ষাবিদ ড° দয়ানন্দ বুঢ়াগোহাঁই, প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ, সোণাৰিৰ প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ ওপৰিও বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।

ডিগবৈ মহিলা মহাবিদ্যালয়ৰ নিৰ্বাচনঃ দহটা পদত আছুৰ জয়লাভ

ডিগবৈ নগৰৰ অগ্ৰনি উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহিলা মহাবিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ যোৱা ১৭ নৱেম্বৰত ঘোষিত ফল অনুসৰি সাধাৰণ সম্পাদিকা পদ সহ মুঠ ১০ গৰাকী আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰা বিপৰিতে গোৰ্খা ছাত্ৰ সন্থা সমৰ্থীত প্ৰাৰ্থীয়ে সভানেত্ৰী পদত জয়লাভ কৰিবলৈ সক্ষম হয় ৷ সেই অনুসৰি আগন্তোক ২০২১-২২ বৰ্ষৰ ছাত্ৰী একতা সভাৰ বাবে আছুৰ সমৰ্থনত জয়লাভ কৰে সাধাৰণ সম্পাদিকা পদত মমিতা ৰায়, সহ সাধাৰণ সম্পাদিকা পদত চুমিত্ৰা গগৈ, উপ-সভানেত্ৰী পদত কৰিণা মৰাণ, আলোচনী সম্পাদিকা পদত চবা ৰুকচাৰ খানম, তৰ্ক আৰু সাহিত্য সম্পাদিকা পদত লক্ষীপ্ৰভা ফুকন, সাংস্কৃতিক সম্পাদিকা পদত পাপৰি গগৈ, ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত সাগৰি চুতিয়া, লঘু ক্ৰীড়া সম্পাদিকা পদত পল্লৱী গগৈ, গুৰু ক্ৰীড়া সম্পাদিকা পদত জ্ঞানশ্ৰী বৰুৱাই ৷ ইয়াৰ বিপৰতি সভানেত্ৰী দৰে গধুৰ দ্বায়িত্ব পদত জয় লাভ কৰে গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থীত পদৰ প্ৰাৰ্থী সঞ্জনা ছেত্ৰীয়ে ৷ সকলো নিৰ্বাচিত প্ৰাৰ্থীলৈ ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ নিৰ্বাচনৰ ফল ঘোষণাৰ পাচতে আছুৰ সমৰ্থনত জয়লাভ কৰা সকলো প্ৰাৰ্থীয়ে ডিগবৈ শ্বহীদ বেদী চৌহদত উপস্থিত হৈ বন্তি প্ৰজ্বলন কৰে আৰু সকলোকে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আব্দুল ৰাজাই ফুলাম গামোচাৰে আদৰণি জনাই ৷ ইফালে সভানেত্ৰী পদত জয়লাভ কৰা সঞ্জনা ছেত্ৰীক ডিগবৈ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিস্থলিত ডিগবৈ গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ তৰফৰ পৰা গামোচা পিন্ধাই সম্ভাষণ জ্ঞাপন কৰে৷ লগতে ডিগবৈ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বিনোদ ছেত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে ৷

কলিয়াবৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা

সংস্কৃতিৰ বৰঘৰ কলিয়াবৰত এতিয়া খোল-তালৰ মধুৰ ধ্বনিৰ মাজত – “আহা-আহা সখীসৱ বৃন্দাৱনে যাওঁ…” গীতেৰে শৰতৰ পূৰ্ণিমাত কলিয়াবৰীয়া ৰাইজৰ শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা উদ্‌যাপন।শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা ৰাসলীলা ছ-অৰা এখন সত্ৰৰে পৰিৱেষ্টিত কলিয়াবৰৰ অন‍্যতম মুখ্য ধৰ্মীয় উৎসৱ। মূলত: আধ্যাত্মিক তত্ত্বসমৃদ্ধ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় যদিও কলিয়াবৰত শ্ৰীমন্তশঙ্কৰদেৱ বিৰচিত অঙ্কীয়া নাট ‘কেলি-গোপাল’ অতীজৰে পৰা সত্ৰীয়া পৰম্পৰাৰে পালন কৰি অহা হৈছে। এই পৰম্পৰাগত ৰাস উৎসৱ পালনে এক সুকীয়া বৈশিষ্ট্য বহন কৰিছে। ভক্তিৰসৰ মধুৰ সমন্বয়েই ৰাসলীলা। শৰতকালৰ জ্যোৎস্না প্লাৱিত ৰাতিত, গোপীসকলক প্ৰেমৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন উৎফুল্ল কৰি তুলিছিল সেই প্ৰেমলীলাই ৰাস মহোৎসৱৰ প্ৰতিপাদ্য বিষয়। শ্ৰীকৃষ্ণৰ চৈতন্য প্ৰেমৰ জীৱাত্মা-পৰমাত্মাৰ মিলনৰ স্বৰূপ গুৰুজনাৰ ‘কেলিগোপাল’ নাটৰ আধাৰত পৰিৱশন হোৱা কলিয়াবৰৰ মাধতাৰিৰ ৰাসত বিভোৰ হ’ল স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। কল্পনাৰ ঐশ্চৰ্যময় সমাবেশ ঘটা ‘কেলিগোপাল’ নাটকৰে ‘শৰৎকালৰ বিতোপন চন্দ্ৰাৱলী নিশা কলিয়াবৰৰ আকাশ-বতাহ মুখৰিত হ’ল শ্ৰীকৃষ্ণ প্ৰেমৰ শ্বাশ্বত মধুৰ স্বৰেৰে। কলঙৰ পাৰত অনুষ্ঠিত শ্ৰীকৃষ্ণ-ৰাধাৰ ৰাসলীলাই দ্বিতীয় বৃন্দাবনলৈ পৰিগণিত কৰিলে কলিয়াবৰৰ মাধতাৰি গাঁও। সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ মাধতাৰি শাখাই আয়োজন কৰা কেলি গোপাল নাটৰ ৰাস মহোৎসৱত অগনন দৰ্শকৰ উপস্থিতিয়ে গুৰুজনাৰ সৃষ্টিৰাজিক পুনৰ জিলিকাই তুলিলে। মন্ত্ৰীত্বৰ কৰ্ম ব্যস্ততাৰ মাজতে শ্ৰীকৃষ্ণৰ চৈতন্য প্ৰেমৰ ৰাসলীলা উপভোগ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ‘আহা আহা সখী সৱ বৃন্দাবনে যাওঁ’ শ্ৰতিমধুৰ ছন্দোময় গীতৰ অনুৰণনে দ্বিতীয় বৃন্দাবনলৈ পৰিগণিত কৰিলে কলিয়াবৰৰ মাধতাৰি গাঁও।

কলিয়াবৰত কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমীৰ পৰ্যবেক্ষকৰ দল

অসমৰ বন আৰু পৰ্যটন ক্ষেত্ৰত ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে কলিয়াবৰলৈ কেৰেলা¸ অন্ধপ্ৰদেশ অৰু উত্তৰপ্ৰদেশৰ পৰা আহিল কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমিৰ পৰ্যবেক্ষকৰ দল। মূলত উত্তৰ-পূৰ্বাঞ্চলৰ বন আৰু পৰ্যটনক্ষেত্ৰসমূহৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ লগতে ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদানৰ বাবেই কলিয়াবৰৰ নতুন দংগাৰ চৌৰান এহেম আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল পৰ্যবেক্ষণ কৰে বহিঃৰাজ্যৰ পৰা অহা কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমিৰ পৰ্যবেক্ষকৰ দলটিয়ে। এসময়ত চোৰাংচিকাৰীৰ ৰেষ্টকেম্প হিচাবে খ্যাত নতুন দংগা গাঁৱক বৰ্তমান পৰ্যটনক্ষেত্ৰ হিচাবে চিনাকি দিবলৈ সক্ষম হৈছে কাৰ্বি খাদ্য সম্ভাৰ লৈ অতিথিক আপ্যায়ণ কৰা চৌৰাণ এহেমে। এই নতুন ডাঙ্গা গাঁও আৰু চৌৰাণ এহেমৰ ওপৰত বিশেষভাৱে অধ্যয়ণ তথা পৰ্যবেক্ষণ কৰিবলৈ চৌৰাণ এহেমত উপস্থিত হয় বহিঃৰাজ্যৰ পৰা অহা কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমিৰ পৰ্যবেক্ষকৰ দল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱ কুমাৰৰ নেতৃত্বত বুঢ়াপাহাৰ বনাঞ্চল আৰু নতুন ডাঙ্গা পৰ্যবেক্ষণ কৰি ক্ষেত্ৰভিত্তিক অধ্যয়ণ কৰে দলটোৱে। চৌৰান এহেমত কাৰ্বি জনগোষ্ঠীয় খাদ্য গ্ৰহণ কৰি আপ্লুত হৈ পৰে টীমটো।পৰ্যটন ক্ষেত্ৰত পৰ্যটকৰ বাবে ট্ৰেকিঙৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰত অন্য এক মাত্ৰা প্ৰদান কৰিব পাৰে বুলি আশা ব্যক্ত কৰে বহিঃৰাজ্যৰ পৰা অহা কেন্দ্ৰীয় ৰাজ্যিক বন সেৱা একাডেমিৰ পৰ্যবেক্ষকৰ দলটোৱে। উল্লেখযোগ্য যে¸ ২০১৯ বৰ্ষত ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছন আহি নতুন ডাঙ্গাৰ চৌৰান এহেমত কাৰ্বি জনগোষ্ঠীয় খাদ্যৰ সোৱাদ লৈ যায়।