Home Blog Page 2740

প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰ ভাৱে পদ্ম ভুষণ সন্মান

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক মৰণোত্তৰ ভাৱে পদ্ম ভুষণ সন্মান ভাৰত চৰকাৰৰ । মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ হাতৰ পৰা এই সন্মান গ্ৰহণ কৰে প্ৰয়াত গগৈ পত্নী ডলী গগৈৱে ।
বিগত বৰ্ষৰ ২৩ নবেম্বৰত ৮৪ বছৰ ইহলীলা সম্বৰণ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ২০০১ চনৰ ২০১৬ চনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকা প্ৰয়াত তৰুণ গগৈ অসমত ১৩ তম মুখ্যমন্ত্ৰী আছিল ।

টীয়কৰ মেলেংত মৰ্মান্তিক ঘটনা

টীয়কৰ  মেলেং বৰখেলীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।মাহীমাক আৰু নিজ পিতৃয়ে হত্যা কৰি পুত্ৰৰ মৃতদেহ পুতি থ’লে শৌচাগাৰৰ গাঁততে ।ঘটনা অনুসৰি, দিপাৱলী উদযাপনৰ বাবে পুত্ৰ কাকুমণি বৰাই মাহী মাক সৰু মাই দত্ত বৰা,আৰু পিতৃ ফণীধৰ বৰাক বিচাৰিছিল ১০ হাজাৰ টকা।যাৰ বাবে ৩১ অক্টোবৰৰ নিশা পিতৃ আৰু মাহীমাকে কাকুমণিক ফলীয়া বাহঁৰে মৰিয়াই মৰিয়াই হত্যা কৰে৷হত্যা কৰাৰ পাছত যুৱকজনৰ মৃতদেহতো শৌচাগাৰৰ গাঁতত পুতি থয়।জানিব পৰা মতে ৬ মাহ পূর্বে  বৈঠালাংছত নিৰুদ্দিষ্ট হোৱা আৰক্ষী জোৱান ৰিতু বৰাৰ ভাতৃ আছিল কাকুমণি বৰা৷ঘটনা পোহৰলৈ অহাৰ পাছতেই টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে মাহীমাক সৰু মাই দত্ত বৰা,পিতৃ ফণীধৰ বৰাক আটক কৰে৷আৰক্ষীয়ে অধিক তথ্যৰ বাবে 756/21 ,302/120(B)201/34 গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰখাৰ লগতে দুয়োকে জেললৈ প্ৰেৰণ কৰে৷

নেপালৰ সেনা প্ৰমুখক সন্মানসুচক সেনা প্ৰধানৰ উপাধি ভাৰতীয় সেনাৰ

নেপালৰ সেনা প্ৰমুখ জেনেৰেল প্ৰভু ৰাম শৰ্মাক সন্মান সুচক ভাৰতীয় সেনাৰ জেনেৰেল উপাধি প্ৰদান কৰা হব । ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১০ নবেম্বৰত অনুষ্ঠিত হব লগা এক বিশেষ অনুষ্ঠানত জেনেৰেল প্ৰভু ৰাম শৰ্মাক এই উপাধি প্ৰদান কৰিব ।ভাৰতীয় সেনাৰ সেনা প্ৰমুখ মনোজ মুকুন্দ নৰৱানেৰ আমন্ত্ৰণ ক্ৰমে নেপালৰ সেনা প্ৰমুখ প্ৰভু ৰাম শৰ্মাই চাৰিদিনীয়া ভ্ৰমণ সুচীলৈ ভাৰতত উপস্থিত হব । ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে জেনেৰেল প্ৰভু ৰাম শৰ্মা । ভাৰত ভ্ৰমণ কালত নেপালৰ সেনা প্ৰমুখ গৰাকীয়ে ভাৰতীয় সেনা প্ৰধান এম এম নৰৱানেক সাক্ষাৎ কৰাৰ উপৰিও সাক্ষাৎ কৰিব ভাৰতীয় সেনাৰ বহুকেইগৰাকী উচ্চ পদস্থ বিযয়াক ।উল্লেখ্য যে , বিগত বৰ্ষৰ নবেম্বৰত নেপাল ভ্ৰমণ কৰা ভাৰতীয় সেনা প্ৰদান এম এম নৰৱানেক নেপালী সেনাই বিশেষ সন্মান যাচিছিল । নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীয়ে বিশেষ অনুষ্ঠানত এই সন্মান প্ৰদান কৰিছিল জেনেৰেল এম এম নৰৱানেক । নেপাল আৰু ভাৰতে পৰস্পৰে পৰস্পৰৰ সেনা প্ৰধানক এই বিশেষ সন্মান জনোৱা পৰম্পৰা বহু দশক পুৰণি । এই পৰম্পৰাৰ আৰম্ভণি হৈছিল ১৯৫০ চনত ।

ষট পূজা উপলক্ষে চাৰিশ গৰাকী দৰিদ্ৰ মহিলাৰ মাজত কাপোৰ বিতৰণ

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰমত ষট্ পূজা উপলক্ষে  দৰিদ্ৰ মহিলাসখলৰ মাজত সোমবাৰে শাৰি কাপোৰ বিতৰণ কৰে বিটিআৰ চৰকাৰৰ কাৰ্যবাহী সদস্য তথা ফকিৰাগ্ৰামৰ পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ পৰা নিৰ্বাচিত প্ৰতিনিধি অৰূপ কুমাৰ দেৰ সহধৰ্মিণী অত্ৰেয়ী দাস দেই।জনিবলৈ দিয়া মতে, কালি এক গাম্ভীৰ্য্যপূৰ্ণ পৰিবেশত ফকিৰাগ্ৰাম চহৰত অবস্থিত হিন্দী স্কুল প্ৰংগণত অঞ্চলটোৰ চাৰিশ গৰাকী মহিলাক ষট্ পূজাৰ উপহাৰ হিচাপে এই শাৰি কাপোৰসমুহ বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ সহধৰ্মিণী অত্ৰেয়ী দাস দেই বিতৰণ কৰাৰ লগতে হবলগীয়া ষঠ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে । এই অনুষ্ঠানত অঞ্চলটোৰ বিজেপি দলৰ কৰ্মকৰ্তাসকলে উপস্থিত থকি ষট্ পূজাৰ জৰিয়তে সকলোৰে মাজত ভাতৃত্ববোধ অটুট ৰখাৰ লগতে মঙ্গল কমনি কৰে।

জঙ্গলপাৰা জুনিয়ৰ কলেজলৈ ৪০ লাখ টকাৰ অনুদান বিধায়ক মজিবুৰ ৰহমানৰ

বিধায়ক নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বিধায়ক মজিবুৰ ৰহমানে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আজি দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত জঙ্গলপাৰা জুনিয়ৰ কলেজ (বৰ্তমান চিনিয়ৰ চেকেণ্ডেৰী স্কুল) – ত অনুষ্ঠিত এক সভাত কলেজ খনলৈ ৪০ লাখ টকাৰ অনুদান ঘোষণা কৰে । কলেজ খনৰ অধ্যক্ষ শ্বহিদুল ইছলামে বিধায়ক গৰাকীক কলেজ খনৰ অভাৱ সম্পৰ্কে অৱগত কৰি তাৰ সমাধানসূত্ৰ উলিয়াবলৈ বিধায়ক মজিবুৰক অনুৰোধ জনোৱাত আন্তঃগাঁথনি উন্নয়ন আৰু অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ বাবে ১০ লাখ আৰু কলেজৰ চৌহদ নিৰ্মাণৰ বাবে ৩০ লাখ টকা ঘোষণা কৰি অতি শীঘ্ৰে কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সাংবাদিকৰে সৈতে বাৰ্তালাপত বিধায়কগৰাকীয়ে কয়- কলেজ খনৰ উন্নয়নৰ বাবে যথা সম্ভৱ প্ৰচেষ্টা হাতত লম । শিক্ষাৰ দিশত আমাৰ অনেক কাম কৰিব লগীয়া আছে । শিক্ষাৰ বাবেই আমি পিছুৱাই আছোঁ । উক্ত অনুষ্ঠানত কলেজ খনৰ প্ৰৱক্তা, পৰিচালনা সমিতিৰ সভাপতি নাজিৰ হুছেইন সৰকাৰ , উপ সভাপতি তথা খাৰুপেটীয়া মহাবিদ্যালয়ৰ  প্ৰৱক্তা আব্দুল ওৱাহিদ , কলেজ খনৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় বহু গণ্য মান্য লোক উপস্থিত থাকে ।

নগৰবেৰাত স্বাস্থ্য বিভাগৰ পয়ালগা ছবি

সদায় উন্নয়নৰ নামত ঢাক ঢোল বজোৱা ৰাজ্যৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ফটা ঢোল বাজিছে কামৰূপৰ নগৰবেৰাত। স্বাস্থ্য বিভাগৰ অতিকে পয়ালগা ছবি উন্মোচিত হৈছে নগৰবেৰাত। এবছৰ-দুবছৰ নহয় সুদীৰ্ঘ ২৯ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা স্বত্বেও মুকলি নোহোৱাকৈ পৰি ৰ’ল নগৰবেৰা গ্ৰাম চিকিৎসালয় এখন। বিগত শতিকাৰ ইং ১৯৯২ চনতেই নিৰ্মাণ কৰা হৈছিল চিকিৎসালয় খন সম্পূৰ্ণ হৈ উঠিছিল যাৱতীয় চিকিৎসালয়ৰ গৃহ সমুহ পিছে আজিকোপতি আশ্চৰ্যকৰ ভাবে মুকলি নোহোৱাকৈ পৰি ৰ’ল গ্ৰাম চিকিৎসালয় খন। সম্প্ৰতি হাবি জংঘলেৰে আবৃত ভূত বঙলাত পৰিণত হৈছে চিকিৎসালয় গৃহ পানীত পৰিল বিভাগীয় কৌটি টকা। ক্ৰমে কামৰূপ, বৰপেটা আৰু গোৱালপাৰা এই তিনি জিলাৰ সংগমস্থান, মফচলীয় চহৰ নগৰবেৰাত ৰাইজৰ উন্নত স্বাস্থ্য সেৱা লক্ষেৰে স্থাপিত চিকিৎসালয় খন আজি যেন বিভাগীয় ডাম্পিং গ্ৰাউণ্ড এখনহে। ভাঙি গৈছে দুৱাৰ-খিৰিকি চূৰ্ণাকৃত হৈছে মজিয়া মূধচ পৰ্যন্ত উৰি গৈছে বতাহৰ কোবত, বাকী আছে মাথো কৌটিটকীয়া চিকিৎসালয়ৰ জঁকাটোহে। স্বাস্থ্য বিভাগলৈ ৰাইজৰ দাবী শীঘ্ৰে এই গ্ৰাম চিকিৎসালয় খন মেৰামতি যোগেদি জিলা চিকিৎসালয়লৈ ৰূপান্তৰ কৰি ৰাইজক স্বাস্থ্য সেৱাৰ সুবিধা কৰি দিয়াৰ। পিছে আমাৰ এই বাতৰি প্ৰকাশ পোৱাৰ পিছত তৎপৰ হবনে স্বাস্থ্য বিভাগ ? ৰাইজৰ দীৰ্ঘদিনীয়া এনে বিপৰ্যয়ৰ খৱৰ পাই আগলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ যোগেদি নগৰবেৰা গ্ৰাম চিকিৎসালয় খন জিলা চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ দিহা কৰিবনে ?

লামডিঙত ফুটবল খেলৰ শুভাৰম্ভ

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত লামডিঙ স্বহীদ ফিল্ডত সোমবাৰৰ পৰা প্ৰাইজমাণী ও ৰানিং ট্ৰফীৰ নকআউট ফুটবল খেলৰ শুভাৰম্ভ হয়। দুপৰীয়া ভাগত ফুটবল খেলৰ শুভাৰম্ভ হয়।     খেলখনৰ মূখ্য অতিথিৰূপে  খেলৰ শুভাৰম্ভ কৰে লামডিঙৰ  বিধায়ক শিবু মিশ্ৰ, প্ৰাক্তন ফুটবল খেলোৱাৰ চন্দ্ৰ শেখৰ,লামডিঙৰ এজন যুৱ সমাজ কৰ্মী অনিমেষ মিশ্ৰ, প্ৰাক্তন খেলোৱাৰ পিন্টু মজুমদাৰ,লামডিঙ এফ আৰ ইউ চিকিৎসক ৰবিশ্বৰ ঘোষ, মিৰা মিশ্ৰ,লামডিঙ বিজেপিৰ টাউন মণ্ডলৰ সভাপতি দেৱাশিস গুপ্ত, জয়ন্ত দাস, লক্ষী দাসৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট বেক্তি উপস্থিত থাকে।ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ফুটবল টিম যোগদান কৰিছে এই খেলখনত ইতিমধ্যেই  মোট 16 গৰাকী ফুটবল টিম যোগদান কৰিছে। শুভাৰম্ভ খেলখনত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ বনাম এ পি টি এফ আৰু খেলখনৰ প্ৰথম দিনৰ ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ দিলে 3 গোল আৰু  এ পি টি এফ দিলে 2  গোল।

ওৰাঙত বাইক চুৰি

ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ধনশ্ৰীঘাটত  ৮ নবেম্বৰৰ  বিয়লি ৫ মান বজাত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এজনৰ বাইক এখন চুৰি হৈছে ।জানিব পৰা মতে মাজবাট গ্ৰাম্য বৈদ্যুতিক উপসংমন্ডলৰ কৰ্মচাৰী দৈমাগুৰী গাওঁৰ ৰখেশ্বৰ দৈমাৰীৰ AS -12 L -5052 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল পথৰ দাঁতিত ৰখাই থোৱা অবস্তাতে চোৰে লৈ যায় । উল্লেখ যে বিদ্যুত কৰ্মচাৰী জনে মটৰ চাইকেল খন ৰখাই  বিদ্যুতৰ খুটা এটাত উঠি কাম কৰি আছিল ।তেনে সময়তে মটৰ চাইকেল খন চোৰে লৈ যায় ।এই সংক্ৰান্তত কৰ্মচাৰী জনে আজি ৯নবেম্বৰত ওৰাং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।

নগাঁৱত শিশু উদ্ধাৰক লৈ চাঞ্চল্য

আৰ্থিক দুৰৱস্থাৰ বাবে বহু শিশুৱে শিশু শ্ৰমিক হিচাবে কাম কৰাটো নতুন কথা নহয় । কেতিয়াবা নিষ্ঠুৰ পিতৃ – মাতৃৰ বাবেও বহু শিশুৱে ঘৰ বাৰী এৰি এই পন্থা বাচি লব লগা হয় । আজিও তেনে এক কাহিনী পোহৰলৈ আহিছে ।    নগাঁও চহৰৰ খুটিকটীয়াৰ এটা পেট্ৰল পাম্পৰ ওচৰত এটা ৯ বছৰীয়া শিশু উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কালি পুৱাৰ ভাগত পেট্ৰল পাম্পটোৰ ওচৰত শিশুটিক অনাই বনাই ঘূৰি ফুৰা দেখি স্থানীয় এজন লোকে প্ৰত্যক্ষ কৰি হয়বৰগাও আৰক্ষীক চমজাই দিয়ে । পিছত নিশা আৰক্ষীয়ে শিশুটিক চাইল্ড লাইনক চমজাই দিয়ে । বাতৰি লিখা সময়লৈ চাইল্ড লাইনে শিশুটিক পৰিচৰ্যা কৰি আছে । চাইল্ড লাইনৰ সুত্ৰে জনোৱা মতে উদ্ধাৰ হোৱা শিশুটিৰ ঘৰ মৰিগাঁও জিলাৰ হিদাবাৰীত।শিশুটিৰ নাম দেৱ নাথ (৯) । সুত্ৰটোৱে জনোৱা মতে শিশুটিৰ মাক জুন দেবীয়ে শিশুটিৰ লগতে শিশুটিৰ তিনি বছৰীয়া  ভনীয়েকক এৰি কেইবা মাহ মানৰ পূৰ্বে এৰি গুচি যায় । তেতিয়াৰ পৰাই শিশুটি সহ ভনীয়েকক আইতাকে লালন পালন কৰিছিল । সুত্ৰটোৱে জনোৱা মতে শিশু দুটিৰ পিতৃ বাবুল নাথে শিশু দুটিক ভালদৰে চোৱা চিতা নকৰাৰ লগতে নিজৰ মাক তথা শিশু দুটিৰ আইতাকক নিৰ্যাতন কৰিছিল । যাৰ বাবে শিশু দুটিৰ আইতাক শিশু দুটিক লৈ বেলেগে আছিল । আৰ্থিক দুৰৱস্থাৰ বাবে শিশুটিক নগাঁও চহৰৰ এঘৰ মানুহৰ ঘৰত বন কৰা লৰা হিচাবে পৰহি দি গৈছিল আইতাকে । পৰহি নিশাটো মানুহজনৰ ঘৰত থকাৰ পিছত কালি পুৱা শিশুটি মানুহ ঘৰৰ পৰা ওলাই আহি পেট্ৰল পাম্পটোৰ ওচৰত অনাই বনাই ঘূৰি ফুৰিছিল  । আজি শিশুটিৰ আইতাকে শিশুটিক নিবৰ বাবে আহিছিল যদিও যাবতীয় তথ্যপাতি দিব নোৱাৰাৰ বাবে নিব নোৱাৰিলে । অৱশ্যে আইতাক কাইলৈ পুনৰ আহিব বুলি সুত্ৰটোৱে জানিবলৈ দিয়ে । নগাঁও চহৰৰ কোন ঘৰ মানুহৰ ঘৰত দিছিল সেই বিষয়ে শিশুটিয়ে একো কথা অৱগত কৰিব পৰা নাই । চাইল্ড লাইনৰ সঠিক তদন্তইহে এই কথা পোহৰলৈ আনিব । শিশুটিক এনে দৰে বন কৰা হিচাপে দিয়া কাৰ্যই সকলোৰে অন্তৰ চুই গৈছে ।

সদৌ অসম ভলীবল প্ৰতিযোগিতা

মাজুলীৰ জিলা সদৰ গড়মূৰৰ সমীপৱৰ্তী শান্তিপুৰ গাওঁৰ লায়ন্স ক্লাৱে দ্বিতীয় বাৰৰ বাবে সদৌ অসম ভিত্তিত আয়োজন কৰা দিবা-নৈশ প্ৰাইজমাণী ভলীবল প্ৰতিযোগিতাত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে তিনচুকিয়া পানীতোলা ভলীবল দলে ৷ ৭ নৱেম্বৰৰ সন্ধ্যা ৭-৩০ বজাত অনুষ্ঠিত প্ৰতিযোগিতাৰ চুড়ান্ত খেলত তিনচুকিয়া পানীতোলা দলে দক্ষিণ কামৰূপ দলক তিনিটা ছেটত পৰাজিত কৰি খেলত চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷ খেল পৰিচালনা কৰে ৰূপজ্যোতি ঠাকুৰ , নজৰুল ইছলাম আৰু হেমচন্দ্ৰ বৰুৱাই ৷ খেলৰ শেষত অনুষ্ঠিত বঁটা বিতৰণী সভাত মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰাজীৱ দত্ত ভূঞাই বিজয়ী দলক ট্ৰফী আৰু নগদ ধনৰ চেক প্ৰদান কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত সমাজকৰ্মী বিতোপন দলে , জিলা কাৰাগাৰ অধীক্ষক দুলাল দাস প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সভাত শ্ৰেষ্ঠ খেলুৱৈ ৰূপে নিৰ্বাচন কৰা তিনচুকিয়া পানীতোলা দলৰ সত্যজিৎ বৰাক শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয় ৷ প্ৰতিযোগিতা সুকলমে সমাপ্ত হোৱাত সহায়-সহযোগিতা আগবঢ়োৱা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে ক্লাৱৰ সভাপতি সঞ্জীৱ বৰুৱা আৰু ৰুবুল বৰুৱাই ৷