বঙাইগাঁও আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পমখেদি ৰাখালডুবি অঞ্চলত অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ৩৪ গ্ৰাম হেৰ’ইনৰ লগতে এটা মোবাইল ফোন আৰু নগদ ২২ শ টকা জব্দ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বঙাইগাঁও জিলাৰ হাপাচাৰাৰ ইনামূল হক বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে জানিবলৈ দিয়া মতে আজি দিনৰ প্ৰায় দুইমান বজাত গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰাখালডুবি এলেকাত ড্ৰাগছৰ সৰবৰাহকাৰীৰ সন্ধানত অভিযান চলায় ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৰাখালডুবিত ড্ৰাগছ বিক্ৰী কৰাৰ বাবে উপস্থিত হ’ব বুলি সম্ভেদ লাভ কৰাৰ পিছতে অঞ্চলটোত খাপপিটি থাকি চলোৱা অভিযানত ড্ৰাগছসহ ইনামূল হকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে পিছত ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক বঙাইগাঁও সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷ লগতে এই ড্ৰাগছৰ বেহাৰ লগত কোন কোন জড়িত আছে সেইসকলোৰ তথ্য উদঘাটনৰ বাবে উঠি পৰি লাগিছে ৷ উল্লেখ্য যে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰী আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষসহ আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল ৷
বাংগালোৰত ‘অনীহা’ই বুটলিলে সোণৰ পদক
‘অনীহা’ এনে এখন চুটি ছবি যিখন ছবিয়ে পৰিৱেশ দিৱসত মুক্তি পোৱা ক্ষণৰ পৰাই পুৰস্কাৰ লাভ কৰি আহিছে। যোৱা ৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত এই চুটি ছবি অনীহাই এইবাৰ সামাজিক সচেতনতা ছবি শিতানত শ্ৰেষ্ঠ ছবিৰূপে নিৰ্বাচিত হৈছে। প্ৰতিযোগিতাখনত অনীহাই মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছিল। অনীহাৰ হৈ প্ৰযোজক নয়ন জ্যোতি শৰ্মা আৰু জুৰি শৰ্মাই বাংগালোৰৰ চৌদিয়া মেম’ৰিয়েল হলত অনুষ্ঠিত ৰেড কাৰ্পেটৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক গ্ৰহণ কৰে। উক্ত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দক্ষিণাত্যৰ ছবি জগতৰ কেইবাজনো জনপ্ৰিয় ছবি নিৰ্মাতা , প্ৰযোজক, পৰিচালক, চিনেমেটোগ্ৰাফাৰ উপস্থিত আছিল। যোৰহাটৰ স্প্ৰীংড’ল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু উদীয়মান যুৱ প্ৰতিভা মৃগাংক মাইনা যুটীয়া কাহিনী আৰু পৰিচালনাৰে অনীহা চুটি ছবিখন নিৰ্মাণ হৈছিল। ছবিখনৰ চিনেমেটোগ্ৰাফী আৰু দ্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। অনীহাই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।
২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ-সাহিত্য বঁটা”
প্ৰাগজ্যোতিষ প্ৰকাশন আৰু ন্যাসৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰাৰ দৰে এইবেলিও ঘোষিত হ’ল ২০২১ বৰ্ষৰ “যুৱ-সাহিত্য” বঁটা প্ৰাপকৰ নাম । উক্ত বঁটাৰ বাবে এইবৰ্ষত মনোনীত কৰিছে যুৱ সাহিত্যিক তথা সুদক্ষ তাৰ্কিক প্ৰাঞ্জল প্ৰতিম ডেকাক । উল্লেখ্য যে, শ্ৰী ডেকাই দৰং জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠানৰ প্ৰাক্তন মুখ্য সমন্বয়ক, প্ৰাক্তন সহঃআহ্বায়কৰ পদ অলংকৃত কৰাৰ উপৰিও “পূবেৰুণ”, “নতুন দিগন্ত”কে ধৰি কেইবাখনো আগশাৰীৰ আলোচনীৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰে ।লগতে “সদৌ অসম তাৰ্কিক সন্থা”ৰো তেওঁ বৰ্তমানৰ সাধাৰণ সম্পাদক হিচাপে অধিস্থিত হৈ আছে । স্কুলীয়া দিনৰে পৰাই অবিৰতভাৱে সাহিত্য চৰ্চাত মনোনিৱেশ কৰা প্ৰাঞ্জল প্ৰতিম ডেকাই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য-আলোচনী সম্পাদকৰ দায়িত্ব ৰূপায়ন কৰাৰ লগতে শ্ৰেষ্ঠ সাহিত্যিক, শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ বক্তাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । আধুনিক ৰোমান্টিক কবিতাত এক নতুন ধাৰাৰ সূচনা কৰা শ্ৰী ডেকা বিভিন্ন সাহিত্যানুষ্ঠানৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে । উল্লেখ্য যে, ২০১৮ বৰ্ষত দৰঙৰ দলগাঁওত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৰামধেনুৰ কেন্দ্ৰীয় অনুষ্ঠানত উদীয়মান প্ৰতিভাধৰ হিচাপে নৱ-প্ৰজন্মক আদৰ্শৰ পথ দেখুওৱাৰ বাবে “অসম সাহিত্য সভা”ই প্ৰাঞ্জল প্ৰতিম ডেকালৈ প্ৰশস্তি পত্ৰও প্ৰদান কৰে । প্ৰাপ্তিৰ বতৰা লাভ কৰি যুৱ-সাহিত্যিকগৰাকীয়ে কয়:-“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়, তথাপি প্ৰাপ্তিয়ে এখোজ আগুৱাবলৈ অফুৰন্ত প্ৰেৰণা । এই প্ৰাপ্তিয়ে আনন্দিত কৰাৰ সমান্তৰালকৈ নতুন সৃষ্টিৰ বাবে দায়িত্বও বঢ়ালে ।”
গেৰুৱাত কৃষি বিপ্লৱ ৷
ওদালগুৰি জিলাৰ বিটিআৰৰ ৰৌতা সমষ্টিৰ গেৰুৱা অঞ্চলত ড্ৰেগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰাৰ পথ দেখুবাইছে কৃষক সকলক ৷তুলনামূলক ভাবে অনান্য খেতিতকৈ ড্ৰেগন ফলৰ খেতিত পৰ্যাপ্ত লাভ হোৱাত ই এক লাভজনক খেতি ৰূপে কৃষক সমাজত সমাদৰ লাভ কৰিছে ৷এই লাভ জনক খেতিৰ বাট দেখুৱাইছে এহাতে শিক্ষকবৃত্তি আৰু আনহাতেদি কৃষি কৰ্মক এক লাভজনক ব্যৱসায়ৰূপ দিয়া চন্দন দৈমাৰীয়ে ৷এক সাধাৰণ জীৱন অতিবাহিত কৰাদৈমাৰীয়ে তেওঁৰ কৃষি বিপ্লৱ সম্পৰ্কে সাংবাদিক সকলৰ আগত কয় “মোৰ সৰুৰ পৰাই খেতিবাতি কৰাত বৰ আগ্ৰহ আছিল ৷আগতে মই বিলাহী,জলকীয়া,কবি আদিৰ খেতি আৰম্ভ কৰিছিলো ৷পৰবৰ্তী পৰ্যায়ত বগৰী খেতিত মনোনিৱেশ কৰো ৷এনেতে কৃষি ব্যৱসায় সূত্ৰে পশ্চিমবঙ্গৰ এগৰাকী বঙালী লোকেৰে পৰিচয় হয় ৷তেখেতেই মোক এই ড্ৰেগন খেতিৰ বাবে দিহা দিয়ে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়ায় ৷তেওঁৰ পৰামৰ্শ মতে মই ২০১৮ চনৰ পৰা পৰীক্ষামূলক ভাৱে এবিঘা মাটিৰে ড্ৰেগনৰ খেতি আৰম্ভ কৰো ৷বৰ্তমান মোৰ ৭.৫ বিঘা(চাৰে সাত বিঘা) মাটিত ড্ৰেগন ফলৰ খেতি আছে ৷৮×১০ বৰ্গ ফুট জোখত এই লতা লগাব পাৰি ৷এজোপা গছত ৪০/৫০ টা ফল লাগে ৷এজোপা গছে ১০/১২ কিঃগ্ৰাঃকৈ ফল দিয়ে ৷ধাৰাবাহিক ভাবে এই ফল লাগি থাকে যদিও এপ্ৰিল মে ত ইয়াৰ উৎপাদন সৰহ হয় ৷এই ফলৰ বজাৰ মূল্য প্ৰতি কেজিত ৩৫০ /৪০০ টকা ৷মই শিক্ষক মানুহ সময় বিশেষ নাপাওঁ ৷এই ফাৰ্মৰ পৰাই নগাওঁ গুৱাহাটীৰ বেপাৰী আহি ২৫০ টকা দৰত লৈ যায় ৷এই ফল অতি উৎকৃষ্টমানৰ ৷ আইৰণ,চি.ভিটামিন,প্ৰটিন ৰ পৰা আৰম্ভ কৰি আমাৰ শৰীৰৰ লগা প্ৰায়বোৰ মিনাৰেলেৰে পৰিপূৰ্ণ এই ফল ৷তেখেতে এই ফলৰ বৰ্ণনা দাঙি ধৰি কয় ড্ৰেগনৰ ১৭৮ টা প্ৰজাতি আছে ৷মই পিংক কালাৰ যুক্ত চি .ভেৰেটী প্ৰজাতিৰ কৰিছো ৷এজোপা গছৰ পৰা বছৰত অতিকমেও আঢ়ৈ হেজাৰ টকা উপাৰ্জন কৰিব পাৰি ৷এবিঘা মাটিত ২.৫০ লাখ ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰিব পাৰি ৷যিটো অন্য খেতিকৰি এনে উপাৰ্জন কৰাটো অসম্ভৱ কথা ৷এই খেতি সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে কৰা হয় ৷গোবৰেই একমাত্ৰ ইয়াৰ সাৰ ৷মোৰ এই ড্ৰেগন খেতিৰ ওপৰিও ১৩ বিঘাত বগৰী,৮ বিঘাত মধুৰী,আৰু ইজৰাইল আপেল পৰীক্ষামূলক ভাবে এবিঘা মাটিত আৰম্ভ কৰিছো ৷আমি চাৰি ভাই ককাই ৷এতিয়া সকলোৰে এনে খেতি আছে ৷এতিয়া আমাৰ গাওঁৰ প্ৰায় ভাগ মানুহে এনে খেতি আৰম্ভ কৰিছে ৷মোৰ এই ফাৰ্মৰ যোগেদি৮/১০ টা পৰিয়াল পোহ পাল গৈ আছে ৷অসমৰ নিবণুৱা যুবক যুবতী সকলে চাকৰিৰ বাবে,হাবাথূৰি খাই থকাৰ কোনো দৰকাৰ নাই ৷ পাচ বিঘা এনে খেতিৰে বছৰেকত ১৪ ৰ পৰা ১৫ লাখ টকা উপাৰ্জন কৰি এক সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে৷ এই খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে অতি সহজে কোটিপতি হোৱাৰো সম্ভৱনাই দেখা দিছে ৷
উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ প্ৰতিযোগিতা
ওদালগুৰিৰ নলবাৰী খেল পথাৰত চলি থকা ২৭ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ ৮নবেম্বৰত অনুষ্ঠিত তৃতীয় প্ৰি-কোৱাৰ্টাৰ খেলত বঙাইগাঁওৰ গ্লোবেল স্পৰ্টচ একাডেমীয়ে পশ্চিম বংগৰ সোনাদোবা ৰুপালী ক্লাবক ১-০ গ লৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰত প্ৰবেশ কৰে।
খেলৰ আৰম্ভনিৰ পৰাই দুয়োটা দলে তীব্ৰ আক্ৰমনাত্মক খেল প্ৰদৰ্শন কৰে যদিও প্ৰথমাৰ্দ্ধত গ’ল শূণ্য হৈ থাকে। প্ৰথমাৰ্ধত দুয়োটা দলে স্ক’ৰ কৰিব নোৱাৰাত দ্বিতীয়াৰ্ধত খেলখন অধিক তীব্ৰতৰ হৈ পৰে।দুয়োটা দলৰ আক্ৰমন প্ৰত্যাক্ৰমৰ মাজতে খেলৰ দ্বিতীয়াৰ্ধৰ ৪৩ মিনিটত গ্লোবেল একাডেমীৰ স্টাইকাৰ নিকোদিম নাৰ্জাৰীয়ে দিয়া একমাত্ৰ গ’লৰ সহায়ত সোনাডুবা ৰুপালী ক্লাবক পৰাজিত কৰি কোৱাৰ্টাৰত প্ৰবেশ কৰে। খেলৰ মাজতে অশোভনীয় আচৰণ কৰাৰ বাবে গ্লোবেল স্পৰ্টচৰ খেলুৱৈ ৰুস্তম ব্ৰহ্মক ৰেফাৰীয়ে ৰঙাকাৰ্ড প্ৰদৰ্শন কৰে। ৮নবেম্বৰৰ খেলখন পৰিচালনা কৰে ৰেফাৰী ক্ৰমে বুদ্ধ বসুমতাৰীয়ে। তেওঁক লাইনত সহায় কৰে বাবুৰাম দৈমাৰী আৰু বিশ্বজিৎ বড়োই। কাইলৈ প্ৰতিযোগিতাৰ চতুৰ্থ খন প্ৰি-কোৱাৰ্টাৰত কাৰ্ব আংলংৰ লানহিং এফ চিয়ে বঙাইগাঁওৰ একাদশ ষ্টাৰ এফ চিৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব।
জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰীকা
অসম চৰকাৰৰ জলসম্পদ দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশ লয় | মন্ত্ৰীগৰাকীয়ে বিভাগীয় অভিযন্তা আৰু বিষয়াৰ পৰা বিগত সময়ত বিভাগে কৰা বিভিন্ন কামৰ সম্পূৰ্ণ খতিয়ান লোৱাৰ লগতে কাম সমাপ্ত কৰিব নোৱাৰা সকলোকে নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত বাকী থকা কামসমূহ সমাপ্ত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে |
আজিৰ পৰ্যালোচনা সভাখনৰ আৰম্ভণিতে মন্ত্ৰী পীযুষ হাজৰীকাই বিগত বাৰিষাৰ সময়ত বিভাগীয় অভিযন্তা, বিষয়া তথা ঠিকাদাৰসকলৰ আন্তৰিক সমূহীয়া প্ৰয়াসৰ বাবে ৰাজ্যবাসী বানপানীৰ প্ৰকোপৰ পৰা তুলনামূলকভাৱে ৰেহাই পোৱা বুলি উল্লেখ কৰি সকলোকে ইয়াৰ বাবে অভিনন্দন আৰু কৃতজ্ঞতা জনায় | মন্ত্ৰীগৰাকীয়ে কয় যে যদিও বিগত সময়খিনিত বৰষুণৰ পৰিমাণ কম তথাপিও বিভাগীয় তত্পৰতাৰ বাবে প্ৰায় ১৫ টা মথাউৰি ভঙাৰ পৰা ৰক্ষা পৰিল | আনহাতে বিভাগৰ মুখ্য অভিযন্তাৰ প্ৰতিবেদন অনুসৰি ২০০০ চনৰ পৰা ২০২০ চনলৈ প্ৰায় ২০ বছৰ ৰাজ্যখনত গঢ় হিচাপে ৩০ ৰ পৰা ৩৫ টা মথাউৰি ভাঙিছিল বুলি উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে এই বছৰ মথাউৰি ভঙাৰ পৰা ৰক্ষা পোৱা কথাটো কিছু পৰিমাণে হ’লেও বিভাগৰ এক সফলতা | আনহাতে মন্ত্ৰী গৰাকীয়ে অহা বছৰৰ বাৰিষাৰ বাবেও বিভাগীয় সকলোকে সাজু হ’বৰ বাবে আহ্বান জনায় |বিভাগীয় বিষয়া আৰু অভিযন্তাসকলক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে আৰু কয় যে বিভাগীয় মন্ত্ৰী হিচাপে তেঁওৰ প্ৰথম লক্ষ্য হৈছে ৰাজ্যখনত ইতিমধ্যে থকা মথাউৰিসমূহ নভগাকৈ ৰখা আৰু য’ত প্ৰয়োজন তাত নতুন মথাউৰি নিৰ্মাণ কৰা | বিভাগটোক জনমুখী কৰাৰ উদ্দেশ্যৰেই মাজে সময়ে মন্ত্ৰী গৰাকীয়ে বিভাগীয় বিষয়া, অভিযন্তা তথা ঠিকাদাৰসকলৰ ওচৰত কঠোৰ হ’ব লগা হয় বুলিও উল্লেখ কৰে | আনহাতে ঠিকাদাৰ মন্ত্ৰী গৰাকীৰ কোনো বন্ধু অথবা শত্ৰু নহয় বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে বিভাগীয় মন্ত্ৰী হিচাপে তেঁও কোনো ধৰণৰ আপোচ নোহোৱাকৈ সঠিক সময়ত কাম সুচাৰুৰূপে সমাপ্ত হোৱাটোহে বিচাৰে |
ধুবুৰীৰ ভূমিহীন দুই ভাই ককাই
নাম ফাজে শেখ আৰু ফতো শেখ। তেতিয়াৰ গৌৰীপুৰৰ ৰজাই দুই ককাইক বিগত ১৯৫৮ চনত মুঠ ৮১ বিঘা মাটি দিছিল প্ৰজা হিচাপে। দুই ভাই ককাই পৃথক হোৱাৰ পিছত হল দুটা পৰিয়াল। ফাজে শেখ আৰু ফটো সেখৰ পৰিয়াল। এইসকল হৈছে প্ৰয়াত ফাজে সেখৰ পুত্ৰ প্ৰয়াত মহম্মদ শেখৰ পৰিয়াল। ৰজাদিনীয়া পৈত্রিক সম্পত্তি থকাৰ পিছতো এইসকল খিলঞ্জীয়া আজি ভূমিহীন হৈছে। মাটিৰ এশ এবুৰি নথি – পত্ৰ আছে কিন্তু প্ৰকৃততে নাই মাটি। জীয়াই থাকিবলৈ নাই এডোখৰ ভূমি।
আনৰ মাটিত অস্থায়ী ভাবে থাকি কোনো মতে জীয়াই থকাৰ প্ৰয়াস কৰিছে এই পৰিয়ালটো।
নথি – পত্ৰ লৈ ধুবুৰীৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ধুবুৰী আদালতৰ দুৱাৰত তাতবাটি ফুৰিবলগীয়া হৈছে সুদীৰ্ঘ বছৰে। কিন্তু আজি লৈকে পোৱা নাই ন্যায়। অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত একাংশ বিষয়া আৰু দালালৰ বাবেই আজি ভূমিহীন এই খিলঞ্জীয়া পৰিয়ালটো।
কার্যলয়টোৰ ছাইফুল আলম নামৰ এজন প্ৰতিষ্ঠিত দালাল আৰু মণ্ডলৰ চক্ৰান্তৰ বাবেই আজি ভূমিহীন হৈ পৰিছে প্ৰয়াত মহম্মদ শেখৰ সন্তান ক্ৰমে আহমেদ আলী, অহেদ আলী, কাশেম আলী, মৰজিনা বিবি, মাহমুদা বিবি, ছামিদা বিবিৰ পৰিয়াল। এইজন গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পুলিন চন্দ্ৰ ৰায় বহু নথি পত্ৰ থকাৰ পিচতো কামত গুৰুত্ব দিয়া নাই। নে লাট মণ্ডলৰ আছে কিবা ৰহস্য? আটাইখিনি ভূমি আজি বেদখলৰ কৱলত। আজি এই কেইটা পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বশান্ত। মূৰ গুঁজিবলৈ নাই এডোখৰ ভূমি। নিৰক্ষৰ পৰিয়াল কেইটা নিজৰ ভূমিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিওঁ মহম্মদ শেখৰ নাতিয়েক মমিৰ আলীয়ে বহু কষ্ট কৰি উলিয়াই লৈছে মাটিৰ সকলো নথি পত্ৰ সমূহ। এই অসহায় পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ। মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মা লৈ আহ্বান এই পৰিয়ালটোৰ। বেদখলকাৰীৰ কবলৰ পৰা মাটিখিনি উদ্ধাৰ কৰিবলৈ। আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়ে হ’ব লক্ষ্যণীয়।
ধুবুৰীত ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকা
ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ ৰমেন ডেকাই আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত প্ৰত্যাশাপূৰ্ণ জিলা হিচাপে ধুবুৰীত ৰূপায়ন হৈ থকা আঁচনিবোৰৰ লগতে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে৷ জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলা উন্নয়ণ আয়ুক্ত কান্তা দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানী প্ৰমুখ্যে বিষয়সকলৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ৰমেন ডেকাই প্ৰথমে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কামৰ বুজ লয়৷ শিক্ষা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰি ৰমেন ডেকাই বিভাগটোৰ বিষয়াসকলক নতুন শিক্ষা নীতিৰ ওপৰত গুৰুত্ব দিবলৈ কয়৷ তেওঁ কৃষি বিভাগৰ বিষয়াসকলক আধুনিক পদ্ধতিৰে লাভজনক খেতি কৰা খেতিয়কৰ তালিকা প্ৰস্তুত কৰিবলৈ আৰু নিয়মীয়াকৈ খেতিপথাৰ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে৷ কৃষি বিভাগৰ কামৰ পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই বিলাসীপাৰা মহকুমাত হোৱা পৰ্যাপ্ত পৰিমাণৰ জলকীয়া উৎপাদনৰ কথা উল্লেখ কৰে৷ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াসকলক ৰাজ্যিক জীৱিকা অভিযানৰ সুযোগ লবলৈ ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষগৰাকীয়ে আহ্বান জনায়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে আয়োগে গ্ৰহণ কৰা ‘সমৃদ্ধি হাঁহ-কুকুৰা পালন’ প্ৰকল্পৰ কথা উল্লেখ কৰি তেওঁ বিভাগটোৰ বিষয়াসকলক কাৰিকৰী সহায়ৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনায়৷ স্বনিয়োজনৰ সুযোগ সৃষ্টিৰ বাবে অধিক সংখ্যক দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন কৰাত তেওঁ গুৰুত্ব দিয়ে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা জল জীৱন মিছনৰ পৰ্যালোচনা কৰি কাৰ্যকৰী কৰা পানীযোগান প্ৰকল্পবোৰ নিৰীক্ষণ কৰি থাকিবলৈ উপাধ্যক্ষগৰাকীয়ে কয়৷ মীন বিভাগে ৰূপায়ন কৰা ‘ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ’ আঁচনিৰ হিতাধিকাৰীৰ তালিকা জমা দিবলৈ ৰমেন ডেকাই বিভাগটোৰ বিষয়াক নিৰ্দেশ দিয়ে আৰু আঁচনিখনৰ ক্ষেত্ৰভিত্তিক ৰূপায়ন নিৰীক্ষণৰ বাবে দণ্ডাধীশক দায়িত্ব দিবলৈ জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে৷ বৈঠকত জিলা উদ্যেগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধকে জনায় যে কোনো ‘ষ্টাৰ্ট আপ’ জিলাখনত আৰম্ভ হোৱা নাই৷ উপাধ্যক্ষগৰাকীয়ে কৃষি বিভাগ আৰু মীন বিভাগৰ সৈতে যুটীয়াভাৱে এই বিষয়ত সজাগতা শিবিৰ আয়োজনৰ পৰামৰ্শ দিয়ে৷ সমাজ কল্যাণ বিভাগৰ আঁচনি পৰ্যালোচনাৰ সময়ত জিলা উপায়ুক্তই জনায় যে পু্ষ্টিহীনতাত ভোগা শিশুৰ বাবে জিলাখনত বিশেষ আঁচনি গ্ৰহণ কৰা হৈছে৷ বৈঠকত উপাধ্যক্ষগৰাকীয়ে লোকনিৰ্মাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, বন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প আদি বিভাগৰো কাম কাজ পৰ্যালোচনা কৰে৷
অসমৰ সামগ্ৰীক ক্ৰীড়াক্ষেত্ৰখনত দীৰ্ঘদূৰত্ব দৌৰবিদৰ নাই গুৰুত্ব
: অসমৰ সামগ্ৰীক ক্ৰীড়াক্ষেত্ৰখনত দীৰ্ঘদূৰত্ব দৌৰবিদৰ নাই গুৰুত্ব, মাত্ৰ মনোৰঞ্জনৰ সামগ্ৰী ৰূপে ব্যৱহাৰ কৰে চৰকাৰে। এই বক্তব্যৰে তীব্ৰ ক্ষোভ প্ৰকাশ আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত ইথিউপিয়া, জাপানৰ দৰে দেশৰ দৌৰবিদক অতিক্ৰম কৰি প্ৰথম স্থান লাভ কৰা দৌৰবিদ বিজয় ডেকাই। নামটো অসমত বৰ চিনা-জনা নহয় যদিও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আনকি দেশৰ আন্তৰাষ্টীয় মাৰাথন দৌৰৰ এক শক্তিশালী চিনাকী প্ৰতিযোগী যোৰহাটৰ বিজয় ডেকা। কিন্তু ৰাজ্যৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ ভূমিকাত ক্ষোভিত আজি কলিয়াবৰত অনুষ্ঠিত হৈ যোৱা ৩৩ সংখ্যক সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ বিজয়ী বিজয় ডেকা। হিমা দাস বা লাভলিনা বা আন ট্ৰেক ইভেণ্টৰ খেলুৱৈয়ে লাভ কৰা অপৰ্য্যাপ্ত সুবিধাৰ বিপৰীতে দীৰ্ঘদূৰত্বৰ দৌৰবিদৰ সুবিধা শূন্যৰ ঘৰত। কিন্তু নিৰ্বিকাৰ ৰাজ্যৰ ক্ৰীড়া বিভাগ।
অসমৰ অন্যতম পুৰণি দীৰ্ঘদূৰত্বৰ দৌৰ প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন স্থানৰ শতাধিক দীৰ্ঘদূৰত্বৰ দৌৰবিদে অংশগ্ৰহণ কৰে। তাৰ মাজতে দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলৰ প্ৰতি চৰকাৰৰ মাহী আই দৃষ্টিৰ প্ৰতি ক্ষোভ উদ্গীৰণ হোৱা পৰিলক্ষিত হয়। ৰাজ্য তথা দেশৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মাৰাথন দৌৰ প্ৰতিযোগিতাত স্থান লাভ কৰা তথা সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা যোৰহাটৰ বিজয় ডেকাই প্ৰকাশ কৰে তীব্ৰ ক্ষোভ। ৰাজ্যৰ দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলে খেলৰ লগত জড়িত সকলো দিশ ব্যক্তিগতগতভাবে খা-খৰচ কৰি প্ৰতিযোগিতসমূহত অংশগ্ৰহণ কৰিছে যদিও কেৱল ট্ৰেক্ ইভেণ্টৰ খেলুৱৈসকলকহে চৰকাৰে গুৰুত্ব প্ৰদান কৰি অহা দেখা যায়।শ। ফলস্বৰূপে আৰ্থিক আৰু মানসিকভাৱে যথেষ্ট কষ্ট হোৱাৰ পাছতো একমাত্ৰ কিছু উপাৰ্জনৰ আৰু মানসিক শান্তিৰ কথা চিন্তা কৰি এনে প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি আহিছে। কেতিয়াবা কোনো ব্যক্তি বা সংস্থাই সহায় কৰে যদিও সি পৰ্য্যাপ্ত নহয়। গুৱাহাটী, হাৰিয়ানা, দিল্লী, বাংগালুৰ আদি স্থানত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মাৰাথন দৌৰত অংশ গ্ৰহণ কৰি দেশী-বিদেশী দৌৰবিদক হেলাৰঙে পৰাজিত কৰিও নিজ ৰাজ্যৰ চৰকাৰে কেৱল মনোৰঞ্জনৰ বাবে মাৰাথন দৌৰ মাজে-মধ্যে পালন কৰিয়েই দায়িত্ব সামৰে বুলি দুখ প্ৰকাশ কৰে ডেকাই। এনে দায়সৰা প্ৰতিযোগিতাই খেলুৱৈসকলৰ কোনো উন্নতি নকৰে। অভিজ্ঞ প্ৰশিক্ষক, ফিজিঅ’ৰ কথা বাদেই আনকি, খেলুৱৈসকলৰ সামান্য সা-সুবিধাৰ প্ৰতি দৃষ্টি দিবলৈ অসমত দীৰ্ঘদূৰত্বৰ দৌৰবিদসকলৰ বাবে এটা উমৈহতীয়া সংস্থা আছনে নাই সেই বিষয়েও অজ্ঞতা প্ৰকাশ কৰে বিজয়ে।চৰকাৰৰ সদিচ্ছাৰ অভাৱে বহু মাৰাথন দৌৰবিদে সা-সুবিধা দূৰৰ কথা স্বীকৃতি পৰ্য্যন্তও লাভ নকৰে বুলি আক্ষেপ প্ৰকাশ কৰে ইথিউপিয়া, জাপানৰ দৰে দেশৰ দৌৰবিদক অতিক্ৰম কৰি প্ৰথম স্থান লাভ কৰা দৌৰবিদ বিজয় ডেকাই। আজিৰ দৰে প্ৰতিযোগিতাত লাভ কৰা এটা সামান্য মাননিৰে কষ্টসাধ্য এটা খেল খেলি যাব কিমান দিনলৈ খেলি যাব পাৰে তাক লৈ সন্দিহান দীৰ্ঘ দূৰত্বৰ দৌৰবিদসকল। চৰকাৰৰ সদিচ্ছা জাগ্ৰত হওক তাৰেই কামনা কৰে দৌৰবিদজনে।৩৩ সংখ্যক কলিয়াভোমোৰা মাৰথন প্ৰতিযোগিতাত যোৰহাটৰ বিজয় ডেকাৰ শিৰত বিজয় মুকুট
অসমৰ ক্ৰীড়া জগতৰ অন্যতম পুৰণি দীৰ্ঘ দূৰত্বৰ প্ৰতিযোগিতা কলিয়াবৰৰ সদৌ অসম কলিয়াভোমোৰা মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আজি সফল সামৰণী পৰে। মাধ্যম আন্দোলনৰ পঞ্চম শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাই ৮ আৰু ৯ নবেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা শ্বহীদ দিৱসৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাই এই বেলি ৩৩ টা বছৰ অতিক্ৰম কৰিলে। আজিৰ এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই মাৰাথন দৌৰ প্ৰতিযোগিতত। প্ৰতিযোগীসকলে নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ কাৰ্য্যালয়ৰ প্ৰাঙ্গণত সমাপ্তি কৰে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে যোৰহাটৰ বিজয় ডেকাই। দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰে ক্ৰমে – ছানিউল ইছলাম¸ বকো আৰু বৰপেটাৰ ৰবিন দাস আৰু মৰিগাঁৱৰ সূৰ্য দাসে। উল্লেখ্য যে, এই প্ৰতিযোগিতাখনিত উদযাপন সমিতিয়ে এঘাৰ গৰাকী শ্ৰেষ্ঠ দৌৰবিদক পুৰস্কাৰ প্ৰদান কৰে। প্রতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১০,০০১.০০ টকা, দ্বিতীয় পুৰস্কাৰ ৭০০১.০০ টকা তৃতীয় পুৰস্কাৰ ৫.০০১.০০ টকাৰ লগতে মানপত্র, ট্ৰফী, ট্রেক ছুট, মেডেল। প্রতিযোগিতাৰ একাদশ স্থানলৈকে ১৫,০১.০০ টকা নগদ মাননী আৰু মানপত্ৰ।
পানীতোলা কাপ-২০২১ ফুটবলত ডিব্ৰু ইউনাইটেড এফ চিৰ খিতাপ অৰ্জন
পানীতোলা স্পৰ্টচ একাডেমিৰ উদ্যোগত পানীতোলা-বৰুৱাহোলা আঞ্চলিক মটক যুৱ-ছাত্ৰ পৰিষদৰ তত্বাবধানত আৰু বালিজান জনপ্ৰিয় যুৱ-সংঘৰ সহযোগত ২৪ অক্টোবৰ পৰা বালিজান জনপ্ৰিয় যুৱ-সংঘৰ খেলপথাৰত অনুষ্ঠিত হোৱা পানীতোলা কাপ- ২০২১ দিবা -নৈশ ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ডিব্ৰু ইউনাইটেড এফ চি , জানমুখে খিতাপ অৰ্জন কৰে। ৭ নবেম্বৰত সন্ধিয়া ৭.০০ বজাৰ পৰা সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত ডিব্ৰু ইউনাইটেড এফ চিয়ে বাৰেকুৰি ডাইমণ্ড এফ চিক ট্ৰাইব্ৰেকাৰ পদ্ধতিৰে পৰাভূত কৰে । তীব্ৰ উত্তেজনাময় চূড়ান্ত খেলখনত নিৰ্দ্ধাৰিত সময়ত অমীমাংসিতভাৱে সমাপ্ত হয়। ট্ৰাইব্ৰেকাৰ পদ্ধতিত ডিব্ৰু ইউনাইটেডে ৬ গ’ল দিয়াৰ বিপৰীতে বাৰেকুৰী ডাইমণ্ডে ৫ গলহে কৰিবলৈ সক্ষম হয়। মুকলি আৰু বঁটা বিতৰণী সভাত বিজয়ী দলক ১০০০১টকা আৰু বিজিত দলক ৬০০১ টকা প্ৰাইজমানী প্ৰদান কৰে আয়োজকে। ইফালে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হোৱা ডিব্ৰু ইউনাইটেডৰ ৰিকি নেওগক ২০০০১ টকা প্ৰদান কৰে । বটা বিতৰণী সভাত উপস্থিত থাকে পানীতোলা স্পৰ্টচ একাডেমিৰ সভাপতি মৃদুপৱন চেতিয়া, সম্পাদক নয়নমণি ফুকণ,সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উজ্জ্বল বৰুৱা,উপ সভাপতি বিজু বৰুৱা,চাবুৱা ক্ৰীড়া সন্থাৰ সভাপতি মৃদুল ৰাজখোৱা,চাবুৱা ইউনাইটেড এফ চিৰ সভাপতি দিলীপ বড়া,লাইপুলি সমবায় সমিতিৰ সভাপতি শৈলেন কুমাৰ বৰুৱা,অসম জাতীয়তা বাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলাৰ সম্পাদক প্ৰাঞ্জল নেওগ,তিনিচুকীয়া আঞ্চলিক মৰান ছাত্ৰ সন্থাৰ সভাপতি সত্য মৰান,টাইপা তিনিচুকীয়া জিলাৰ সম্পাদক বিশ্বজীৎ গগৈ, সাংবাদিক অনুপম বুঢ়াগোঁহাই, সাংবাদিক দিব্যজ্যোতি লাহন,সাংবাদিক বিপ্লৱ চেতিয়া,সাংবাদিক বিশ্বজীৎ ফুকণ,প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায় এথলেটিকছ্ খেলুৱৈ মৌচুমী চেতিয়া দাস,বালিজান জনপ্ৰিয় যুৱ সংঘৰ সভাপতি অৰূপ শইকীয়া ,সম্পাদক জিটুপৰ্ণ ৰাজখোৱা, মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সভাপতি কৃষ্ণকান্ত কাকতি,সম্পাদক হৃদয় গোঁহাই,ডিব্ৰুগড় জিলাৰ সম্পাদক উমাকান্ত গগৈ,বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক বিনন্দ বৰুৱা,প্ৰাক্তন ভলীবল খেলুৱৈ কেশৱ চেতিয়া, ডিব্ৰু ইউনাইটেড এফ চিৰ সভাপতি প্ৰশান্ত গগৈকে ধৰি বহু গণ্যমান্য ব্যক্তি ।











