Home Blog Page 2742

তেজালপট্টী ফুটবল দল চূড়ান্ত বিজয়ী

অবিভক্ত শোণিতপুৰ জিলাৰ ইটাখোলাস্থিত দিকৰাই চাহ বাগিচাৰ গেলাহাটিঙাত কালি প্ৰাইজ মাণি চূড়ান্ত ফুট বল খেলৰ সামৰণি পৰে। বিগত দিৰ্ঘদিন ধৰি ক’ভিড সৃষ্ট পৰিৱেশ কিছু সাম কটাত ৰাইজৰ লগতে সজিৱ হৈ উঠিছে খেল পথাৰসমুহ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে জিলাখনৰ গেলাহাটিঙা ফুট বল ক্লাৱৰ উদ্যোগত অনুষ্ঠিত প্ৰাইজ মাণি ফুট বলখেন যোৱা দেওবাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায়। গেলাহাটিঙা খেল পথাৰত আয়োজিত জিলাখনৰ ১৬ টাকৈ ফুট বল দলে অংশ গ্ৰহণ কৰা খেলখনত শেহতীয়াকৈ তেজালপট্টী ফুট বল দল বনাম গেলাহাটিঙা ফুট বল দলৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত তেজালপট্টী ফুট বল দলে ৬-১ গ’লৰ ব্যৱধানত গেলাহাটিঙা ফুট বল দলক পৰাস্ত কৰে। ক’ভিড পৰিস্থিতিত ক্ৰীড়া প্ৰেমী ৰাইজ ঘৰতে আৱদ্ধ হৈ আছিল যদিও বৰ্তমাণ ক’ভিড পৰিস্থিতি কিছু সাম কটাত খেলৰ পৰিৱেশ বিৰাজ কৰাত খেল পথাৰতো যথেষ্ঠ সংখ্যক ৰাইজৰ উপস্থিতি দেখা যায়। গেলাহাটিঙা ফুটবল ক্লাৱৰ সভাপতি দানিয়েল কৰাট আৰু সম্পাদক দীপ তাঁ‌তিয়ে নেতৃত্ব লোৱা উক্ত চূড়ান্ত ফুট বল খেলখনৰ শুভ উদ্ধোধন কৰি যুৱ নেতা তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষিকান্ত বৰাই কয় যে গেলাহাটিঙাৰ ফুট বল খেল মানেই এক আকৰ্ষণীয় খেল,ঠাইখনৰ ক্ৰীড়া দিশত এক সু-নাম আছে,এক সৃংখলাবদ্ধ ভাবে খেলসমুহ অনুষ্ঠিত হয়। ইয়াৰ লগতে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নাগশংকৰৰ যি অত্যাধুনিক ষ্টেডিয়ামে সমষ্টিটোৰ উত্তৰ অঞ্চলৰ সকলো যুৱ প্ৰজন্মৰ বাবে এক আনন্দৰ বতৰা। কাৰণ ক্ৰীড়াৰ জৰিয়তে বৰ্তমানৰ যুৱ খেলুৱৈসকলে ৰাইজৰ লগতে দেশৰ গৌৰৱ কঢ়িয়াই আনিব আৰু সেইহে এই  ক্ষেত্ৰত ক্ৰীড়াৰ লগত জড়িত সকলোৱে যেন গুৰুত্ব প্ৰদাণ কৰে। উক্ত অনুষ্ঠানত মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল,জনপ্ৰিয় কন্ঠশিল্পী সুজিৎ তচা,নদুৱাৰ শাখা আটছাৰ ভাৰ প্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তি,অন্যতম কাৰ্য নিৰ্বাহক অৰুন গোৱালা,নদুৱাৰ আঞ্চলিক পঞ্চায়ত সদস্য আকাশ তচা,প্ৰাক্তন পঞ্চায়ত সভাপতি দেৱধৰ তাঁ‌তিকে ধৰি বহু কেইগৰাকী গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে। খেলৰ অন্তত বঁ‌টা বিতৰণী অনুষ্ঠানত তেজালপট্টী ফুট বল বিজয় দলক নগদ দহ হাজাৰ টকা,ট্ৰফী আৰু দলটিৰ প্ৰতিগৰাকী খেলুৱৈক মেডেল প্ৰদান কৰে।

আৰ্থিক দুৰাৱস্থাৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত যুৱতীৰ কৰ্মৰে স্বাৱলম্বনৰ পথ

শিক্ষা বিষয়ক প্ৰধান বিষয় হিচাপে লৈ সুখ্যাতিৰে স্নাতক উত্তীৰ্ন হৈও পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে স্নাতকোত্তৰ পঢ়িবলৈ সক্ষম নোহোৱা গহপুৰৰ এগৰাকী যুৱতীয়ে কৰ্মৰে জীৱন সংগ্ৰামত সফলতাৰে আগবাঢ়িবলৈ সক্ষম হৈছে। এগৰাকী যুৱতী হৈয়ো পিতৃৰ মৃত্যুৰ পিছত ঘৰখন চলোৱাৰ দায়িত্ব ল’ব মুৰ পাতি লৈ নাৰী যে কোনো গুণে কম নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে গহপুৰৰ জোনমণি মহন্ত নামৰ এইগৰাকী শিক্ষিত যুৱতীয়ে। গহপুৰ নগৰৰ ধেনুধৰাৰ প্ৰয়াত তিলক মহন্তৰ জ্যেষ্ঠ কন্যা জোনমণি মহন্তই টেইলৰিং, এম্ব্ৰদাৰী, পিক’, দহি বতা আদি কৰ্মৰে নিজে স্বাৱলম্বন হৈ মাতৃ সহ ৭জনীয়া পৰিয়ালটো চলাই দেখুৱাইছে নাৰী শক্তিৰ প্ৰকৃত পৰিচয়। গহপুৰ নগৰৰ পৰা ৰজাবাৰী সংযোগী গড়কাপ্তানি পথৰ ধেনুধৰাত জোনমণি মহন্তই নিজা ববীয়া প্ৰচেষ্টাৰে আৰম্ভ কৰ তুলিকা ইণ্ডাষ্ট্ৰীচ নামৰ প্ৰতিষ্ঠানটোত ৭গৰাকী যুৱতী-মহিলাক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ উপৰিও উক্ত প্ৰতিষ্ঠানটোৰ জৰিয়তে জোনমণিয়ে ইতিমধ্যে বহু মহিলা-যুৱতীক চিলাই, এম্ব্ৰদাৰীৰ প্ৰশিক্ষন প্ৰদান কৰি স্বাৱলম্বনৰ পথ দেখুৱাৱলৈ সক্ষম হৈছে। উল্লেখ্য যে ১৯৯৮ চনতে স্নাতক উত্তীৰ্ণ হৈ আৰ্থিক দুৰাৱস্থাৰ বাবে স্নাতকোত্তৰ মহলাত নাম ভৰ্তী কৰিবলৈ অসমৰ্থ হোৱা জোণমণিয়ে চিলাই, এম্ব্ৰদাৰী, পিক’, দহিবতা আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছে বেংকৰ পৰা ঋণ লৈ ধেনুধৰাত আৰম্ভ কৰিলে তুলিকা ইণ্ডাষ্ট্ৰীচ নামৰ প্ৰতিষ্ঠানৰ। নিজৰ প্ৰতিষ্ঠানত চিলাই, এম্ব্ৰদাৰী আদিৰ কাম আৰম্ভ কৰাৰ লগতে যুৱতী-মহিলাক প্ৰশিক্ষন প্ৰদানৰ ব্যৱস্থা কৰি অতি কম দিনৰ ভিতৰতে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ল জোনমণি মহন্ত। ২০০৩ চনত জোনমণি মহন্তই নিজৰ প্ৰতিষ্ঠানটো চৰকাৰী ভাবে পঞ্জীয়ন ভূক্ত কৰাৰো ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু অতি দুখৰ বিষয় যে দুবাৰকৈ বেংকৰ পৰা ঋণ গ্ৰহণ কৰি নিজৰ প্ৰতিষ্ঠানটোৰ সফল ৰূপে গঢ় দিবলৈ সক্ষম হোৱা জোনমণি মহন্তই আজি পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা। চৰকাৰী ভাবে পঞ্জীয়নভূক্ত হোৱা এখন প্ৰতিষ্ঠান হিচাপেও জোনমণি মহন্তই অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ পৰাও নুণ্যতম সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱাত যথেষ্ট আক্ষেপ প্ৰকাশ কৰে। চৰকাৰী সা-সুবিধাৰ প্ৰতি মোহ ভঙ্গ ঘটা জোনমণি মন্তই নিজৰ কৰ্মৰ জৰিয়তে সফলতাৰে জীৱন পথত আগ্ৰসৰ হোৱাৰ যৎপৰোনাষ্টি প্ৰচেষ্টা অব্যাহত ৰখাৰ সংকল্প  গ্ৰহণ কৰিছে। স্মাতৰ্ব্য যে কৰ্মৰে নিজৰ জীৱন-জীৱিকা সন্ধান কৰা অতি দৃঢ়মনা যুৱতী জোনমণি মহন্তই নিজৰ পৰিয়ালটোৰ চলোৱাৰ স্বাৰ্থতেই আজি পৰ্যন্তলৈকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ কথা চিন্তা কৰা নাই।

লাহৰীঘাটত স্কাউট এন্ড গাইডৰ প্ৰশিক্ষণ

 মৰিগাঁও জিলাৰ  লাহৰীঘাট অঞ্চলতো প্ৰতি দেওবাৰে বিভিন্ন বিদ্যালয় তথা খেলপথাৰত লাহৰীঘাটৰ প্ৰশিক্ষণ প্ৰাপ্ত মাষ্টাৰ ইলিয়াছ আহমেদে বিভিন্ন স্কুলৰ ছাত্র ছাত্রী সকলক Scout and Guide ৰ প্ৰশিক্ষণ দিয়ে। বয়স অনুযায়ী ৩ টা গ্ৰুপৰ ছাত্র ছাত্রী সকলক প্ৰশিক্ষণ দিয়ে। তেওঁ জনোৱা মতে মৰিগাঁও জিলাত ৯০ খন ঠাইত Scout and Guide  ৰ প্ৰশিক্ষণ দিয়া হয়। অৱশ্যে ইয়াৰ শাখা কাৰ্যালয় মৈৰবাৰীত আছে বুলিও জানিব পৰা গৈছে। বৰ্তমান সময়ত নিজৰ ব্যক্তিগত সুৰক্ষাৰ বাবে অধিক লাভদায়ক। প্ৰশিক্ষণ সম্পূর্ণ হলে পৰ্যায় অনুযায়ী ৩ খন প্ৰমাণ পত্র Scout and Guide বিভাগৰ  পৰা দিয়া হয় আৰু এই প্ৰ পত্র সেনা বাহিনীৰ চাকৰিৰ বাবে আবেদন কৰিলে যথেষ্ট সহায়ক হয় বুলিও জানিব পৰা গৈছে। 

কাছুমাৰাত ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ

 বৰপেটা জিলাৰ চেঙা সমষ্টিৰকাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা গাঁৱৰ  পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে গাঁৱ খনেৰে বাহেজ উদ্দিনৰ কন্যা এজ বাহাতন নেছাই যোৱা ইংৰাজী ২৮ অক্টোবৰত নিজ ঘৰৰ  আশেপাশে ঘুৰি ফুৰি থকা অৱস্থাৰ পৰা হঠাৎ নিৰুদ্দেশ হয়। কিশোৰী গৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰি যোৱা ইংৰাজী ৩০ অক্টোবৰত স্থানীয় কাছুমাৰা আৰক্ষী থানাত কিশোৰী গৰাকী নিৰুদ্দেশ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় ব্যক্তিয়ে কিশোৰী গৰাকীৰ সন্ধান পালে স্থানীয় আৰক্ষী থানাত নাইবা ৮১৩৩৮৯৭৬৩৬, ৬০০১২২৯৪৪৫ 
 ফোন নম্বৰ দুটাত ফোন কৰি খবৰ দিবলৈ পৰিয়ালৰ লোকে বিনম্ৰতাৰে অনুৰোধ জনাইছে

এছিয়া বুক অৱ ৰেকৰ্ড কৰা যুৱকৰ মৃত্যুৰ পাছত খৱৰ লবলৈ সময়ৰ অভাৱ চৰকাৰৰ

যোৱা ১নবেম্বৰত শিৱসাগৰৰ গৌৰীসাগৰ বৃন্দাবন চাৰিআলিত এক শোকাবহ পথদূৰ্ঘটনাত এচিয়া বুক অফ ৰেকৰ্ডছত স্থানপ্ৰাপ্ত দেৰগাঁৱৰ যুৱক ৰূপম বৰাৰ মৃত্যু আজি ৬টা দিন পাৰ হোৱাৰ পিছতো ৰূপমৰ পিতৃ-মাতৃক এশাৰ মাতদিবলৈও সেইসমত উৎসাহিত কৰা  দল সংগঠন, চৰকাৰ, প্ৰশাসনৰ সময়ৰ অভাৱ। দেৰগাঁৱৰ হলৌগাঁৱৰ নিবাসী শ্যাম বৰাৰ পুত্ৰ ৰূপম বৰাক  অসমবাসী ৰাইজক চিনাকী কৰিদিয়াৰ প্ৰয়োজন নাই। দু-সাহসী কৰ্মৰাজীৰ বাবে ভাৰত বিখ্যাত হৈ পৰিছিল। ২০১৩ চনৰ ২২ আৰু ২৩ মে’  তাৰিখে ২৪ ঘন্টা ২০ মিনিটত ১০৭ .৬০০ কিঃমিঃ পিছলৈ খোজ কাঢ়ি(ওভতি খোজ)  *ইণ্ডিয়া বুক অফ ৰেকড*এচিয়া বুক অফ ৰেকডচ* আৰু  * ASSIST বিশ্বৰেকডত নাম অন্তভূৰ্ক্ত কৰিবলৈ সক্ষম হৈছিল। 
 ৰূপমৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক সকলে আক্ষেপেৰে ব্যক্ত কৰিলে যে  সেইসময়ত ছাঁটোৰ দৰে লাগি থকা ব্যক্তি সকল, চৰকাৰ , প্ৰশাসনৰ এজনো ব্যক্তি কিয় নোলাল ৰূপমৰ শেষযাত্ৰাত অংশগ্ৰহন কৰিবলৈ তথা দুখৰ সময়ত এশাৰ মাত দিবলৈ।

দূৰ্নীতিৰ ৰম্যভূমিত পৰিণত মানকাচৰৰ কুকুৰমাৰা সমবায় সমিতি

মূখ্যমন্ত্ৰীৰ নিদেৰ্শৰ পিছতো অবাদে চলাইছে দূৰ্নীতি কুকুৰ মাৰা সমবায় সমিতিৰ সচিব এজিয়াল হ’কে।৫ কেজি চাউলৰ পৰিৱৰ্তে ৪ কেজি ৫০০ গ্ৰাম চাউল বিতৰণৰ বিস্ফৰক স্বীকাৰউক্তি উল্লেখিত সমবায় সমিতিৰ ডিলাৰৰ ।সচিব এজিয়াল হ’কৰ নিৰ্দেশত ৪ কেজি ৫০০ গ্ৰাম চাউল বিতৰণ কৰিছে বুলি কেমেৰাৰ আগত মন্তব্য ডিলাৰৰ।কিন্তু মনকৰিবলগীয়া বিষয় যে যোৱা অক্টবৰ মাহৰ অতিৰিক্ত কোঠাৰ চাউল বিতৰণ কৰিছে বুলি সচিব এজিয়াল হ’কে মন্তব্য কৰাৰ পিছত এজন হিতাধিকাৰীৰ ৰেচন কাৰ্ডে প্ৰমাণ কৰিলে যে যোৱা অক্টবৰ মাহত কোনো চাউল বিতৰণ কৰা হোৱা নাই।আনহাতে যোৱা অক্টবৰ মাহৰ এটা কোঠাৰ চাউল যোগান নধৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে সমবায় সমিতিখনৰ বিৰুদ্ধে।এতিয়া প্ৰশ্ন হয়! কাৰ বলত বলিয়ান সমবায় সমিতিৰ সচিব এজিয়াল হ’ক।মূখ্য মন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰে সচিব এজিয়াল হ’কে।শেহতীয়াকৈ এনে দূৰ্নীতিগ্ৰস্থ সচিবৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃ পক্ষই ?

দৌলাশাল আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান ৷

নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমান ৷ কালি নিশা দৌলাশাল আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই দৌলাশাল বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী আমানুৰ ৰহমানৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ বামুনবড়ীত ৷ উল্লেখ্য যে ধৃত আমানুৰে আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নলবাৰী আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছৰ অবাধ ব্যৱসায় চলায় আহিছিল ৷ আমানুৰ ৰহমানে ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ কথা মুকালমুৱা আৰু দৌলাশাল আৰক্ষীয়ে জানিব পৰাত আমানুৰক বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান ৷ কিন্তু আৰক্ষীয়ে বিচাৰি থকাৰ খবৰ পাই আমানুৰে বহিঃৰাজ্যকে ধৰি ডিব্ৰুগড়ত দীৰ্ঘদিন ধৰি পলাই থাকে ৷ ধৃত আমানুৰে কালি ডিব্ৰুগড়ৰ পৰা আহি দৌলাশাল বজাৰত ঘূৰি থাকোঁতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত আমানুৰৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষী থানাত ৰুজু হৈ থকা  ৫৯৭/২১ নম্বৰ গোচৰ আৰু এন ডি পি এচ আইনৰ ২২ (চি)/২৯ ধাৰাত আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক জে’ল- হাজোতলৈ প্ৰেৰণ কৰে ৷

মৰিগাঁও DTO কাৰ্যালয়ত পৰিবহন কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট

আজি  পুনৰ মৰিগাঁও DTO অফিচত দুঘন্টীয়া ধৰ্মঘট পালন কৰিলে পৰিবহন বিভাগৰ কৰ্মচাৰী সকলে। পৰিবহন আয়ুক্তই এজন জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিকভাৱে অপদস্থ কৰাকলৈয়ে জিলা পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলৰ এই  প্ৰতিবাদ ৷ পৰিবহন কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক পৰিবহন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ সময়সীমা বান্ধি দিছিল যদিও কোনো ব্যৱস্থা নোলোৱাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সমাজ সচেতক সদানন্দ তালুকদাৰৰ দেহাৱসান

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ বৰঘোপা নামৰ গাঁৱত বিশিষ্ট শিক্ষাবিদ, শিক্ষা বিষয়া , সমাজ সচেতক সদানন্দ তালুকদাৰৰ জন্ম হয়। তেওঁৰ যোৱা পাঁচ নবেম্বৰ পুৱতি নিশা ৯১ বছৰ বয়সত দেহাৱসান ঘটে। স্বৰাজ লাভৰ পুৰ্বে জন্ম গ্ৰহণ কৰা প্ৰয়াত সদানন্দ তালুকদাৰৰ পৰৱৰ্তী সময়ত কৰ্মসূত্ৰে বৰপেটা চহৰৰ গান্ধী নগৰত স্থায়ীভাৱে বসবাস কৰে । বৰঘোপা গাঁৱৰ প্ৰথম স্নাতক হিচাপে স্বীকৃত প্ৰয়াত তালুকদাৰ দেৱে কৰ্ম জীৱনৰ পাতনি শিক্ষকতাক আদৰ্শ হিচাপে গ্ৰহণ কৰি পৰবৰ্তী সময়ত শিক্ষা বিভাগতে সেৱা আগবঢ়াই বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক পদবীত থাকি ১৯৯৩ চনত কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে । সমাজ সচেতন সৰহবৰাহী এই ব্যাক্তি গৰাকীয়ে বিভিন্ন সময়ত, বিভিন্ন সামাজিক অনুষ্ঠান আৰু শিক্ষা অনুষ্ঠান ৰ সৈতে জড়িত হৈ পৰিছিল । বৰপেটাৰ জীৱন লতা ছোৱালী হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি, বৰপেটা জিলা পেন্সনাৰ সন্থাৰ সভাপতি হিচাপে প্ৰয়াত তালুকদাৰ ডাঙৰীয়াই দিগদৰ্শী ভুমিকা পালন কৰিবলৈ সক্ষম হৈছিল । জীৱনৰ বিয়লি বেলাত প্ৰায় দহ বছৰ পুৰ্বে তেখেতে পত্নীক হেৰুৱাই কিছুপৰিমানে হতাশ হৈ পৰিছিল যদিও, পৰবৰ্তী সময়ত স্বাস্থ্য সচেতন আৰু নিয়মানুবৰ্তী জীৱন শৈলীৰে তেখেতে সৰল জীৱন অতিবাহিত কৰিবলৈ সক্ষম হৈছিল । সদানন্দ তালুকদাৰৰ মৃত্যু ত তেখেতৰ জন্ম গাঁও বৰঘোপা আৰু কৰ্ম চহৰ বৰপেটা ৰ মানুহৰ মাজত গভীৰ শোকৰ ছাহ পৰে। ভিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যাক্তি প্ৰমুখ্যে মৃতকৰ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰি পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে । মৃত্যুৰ সময়ত প্ৰয়াত তালুকদাৰে চাৰি পুত্ৰ ক্ৰমে হেমেন তালুকদাৰ,কুলেন্দ্ৰ তালুকদাৰ ফনো তালুকদাৰ আৰু কমল তালুকদাৰ আৰু দুই কন্যা কল্পনা তালুকদাৰ,দীপাঞ্জলী ডেকাক এৰি থৈ যায় । উল্লেখযোগ্য যে প্ৰয়াত তালুকদাৰ দেৱৰ সভাপতিত্ব ৰ কাল ছোৱাতে তদানীন্তন সাংসদ ইন্দ্ৰমণি বৰাৰ সাংসদ পুঁজিৰ অনুদানেৰে বৰপেটাৰ গান্ধী নগৰস্থিত শ্মশান ঘাটটো আধুনিক সা সুবিধাৰে নিৰ্মাণ কৰি তোলা হয় ।

ধেমাজি সদৰ থানাত আৰক্ষী সঞ্চালক প্ৰধানৰ বিশেষ সভা।

ধেমাজিত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ আইন শৃংখলা ওপৰত বিশেষ সভা। সঞ্চালক প্ৰধান গৰাকী দেওবাৰে আৰক্ষী অধীক্ষক আৰু আৰক্ষী প্ৰশাসন সৈতে মিলিত হৈ এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰে।উক্ত সভাত জিলাখনৰ আইনজনিত সমস্যা সমূ্হ বিশেষ ভাৱে আলোচনা কৰা লগতে মুখ্যমন্ত্ৰী গৰাকী সৈতে আলোচনা কৰা বহুত কথাই তন্ন তন্নকৈ সভাত আলোচনা কৰে।২ঘণ্টীয়া সময় আলোচনা কৰা উক্ত সভাত সঞ্চালক প্ৰধান গৰাকীও উপস্থিত থাকে। ধেমাজি সদৰ থানাৰ সভা কক্ষৰ সভা সামৰি লিকাবালিত থকা মালিনী মন্দিৰ দৰ্শন কৰি ২২বেটেলিয়ানৰ আৰক্ষীৰ প্ৰশিক্ষণ স্থলীলৈ ৰাওনা হয়।