Breaking

আৰ্থিক দুৰাৱস্থাৰ বাবে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত যুৱতীৰ কৰ্মৰে স্বাৱলম্বনৰ পথ

0 2,030

শিক্ষা বিষয়ক প্ৰধান বিষয় হিচাপে লৈ সুখ্যাতিৰে স্নাতক উত্তীৰ্ন হৈও পৰিয়ালৰ আৰ্থিক দুৰাৱস্থাৰ বাবে স্নাতকোত্তৰ পঢ়িবলৈ সক্ষম নোহোৱা গহপুৰৰ এগৰাকী যুৱতীয়ে কৰ্মৰে জীৱন সংগ্ৰামত সফলতাৰে আগবাঢ়িবলৈ সক্ষম হৈছে। এগৰাকী যুৱতী হৈয়ো পিতৃৰ মৃত্যুৰ পিছত ঘৰখন চলোৱাৰ দায়িত্ব ল’ব মুৰ পাতি লৈ নাৰী যে কোনো গুণে কম নহয় তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে গহপুৰৰ জোনমণি মহন্ত নামৰ এইগৰাকী শিক্ষিত যুৱতীয়ে। গহপুৰ নগৰৰ ধেনুধৰাৰ প্ৰয়াত তিলক মহন্তৰ জ্যেষ্ঠ কন্যা জোনমণি মহন্তই টেইলৰিং, এম্ব্ৰদাৰী, পিক’, দহি বতা আদি কৰ্মৰে নিজে স্বাৱলম্বন হৈ মাতৃ সহ ৭জনীয়া পৰিয়ালটো চলাই দেখুৱাইছে নাৰী শক্তিৰ প্ৰকৃত পৰিচয়। গহপুৰ নগৰৰ পৰা ৰজাবাৰী সংযোগী গড়কাপ্তানি পথৰ ধেনুধৰাত জোনমণি মহন্তই নিজা ববীয়া প্ৰচেষ্টাৰে আৰম্ভ কৰ তুলিকা ইণ্ডাষ্ট্ৰীচ নামৰ প্ৰতিষ্ঠানটোত ৭গৰাকী যুৱতী-মহিলাক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাৰ উপৰিও উক্ত প্ৰতিষ্ঠানটোৰ জৰিয়তে জোনমণিয়ে ইতিমধ্যে বহু মহিলা-যুৱতীক চিলাই, এম্ব্ৰদাৰীৰ প্ৰশিক্ষন প্ৰদান কৰি স্বাৱলম্বনৰ পথ দেখুৱাৱলৈ সক্ষম হৈছে। উল্লেখ্য যে ১৯৯৮ চনতে স্নাতক উত্তীৰ্ণ হৈ আৰ্থিক দুৰাৱস্থাৰ বাবে স্নাতকোত্তৰ মহলাত নাম ভৰ্তী কৰিবলৈ অসমৰ্থ হোৱা জোণমণিয়ে চিলাই, এম্ব্ৰদাৰী, পিক’, দহিবতা আদিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। উক্ত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছে বেংকৰ পৰা ঋণ লৈ ধেনুধৰাত আৰম্ভ কৰিলে তুলিকা ইণ্ডাষ্ট্ৰীচ নামৰ প্ৰতিষ্ঠানৰ। নিজৰ প্ৰতিষ্ঠানত চিলাই, এম্ব্ৰদাৰী আদিৰ কাম আৰম্ভ কৰাৰ লগতে যুৱতী-মহিলাক প্ৰশিক্ষন প্ৰদানৰ ব্যৱস্থা কৰি অতি কম দিনৰ ভিতৰতে সফলতাৰ মুখ দেখিবলৈ সক্ষম হ’ল জোনমণি মহন্ত। ২০০৩ চনত জোনমণি মহন্তই নিজৰ প্ৰতিষ্ঠানটো চৰকাৰী ভাবে পঞ্জীয়ন ভূক্ত কৰাৰো ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু অতি দুখৰ বিষয় যে দুবাৰকৈ বেংকৰ পৰা ঋণ গ্ৰহণ কৰি নিজৰ প্ৰতিষ্ঠানটোৰ সফল ৰূপে গঢ় দিবলৈ সক্ষম হোৱা জোনমণি মহন্তই আজি পৰ্যন্ত লাভ কৰা নাই কোনো চৰকাৰী সা-সুবিধা। চৰকাৰী ভাবে পঞ্জীয়নভূক্ত হোৱা এখন প্ৰতিষ্ঠান হিচাপেও জোনমণি মহন্তই অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ পৰাও নুণ্যতম সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱাত যথেষ্ট আক্ষেপ প্ৰকাশ কৰে। চৰকাৰী সা-সুবিধাৰ প্ৰতি মোহ ভঙ্গ ঘটা জোনমণি মন্তই নিজৰ কৰ্মৰ জৰিয়তে সফলতাৰে জীৱন পথত আগ্ৰসৰ হোৱাৰ যৎপৰোনাষ্টি প্ৰচেষ্টা অব্যাহত ৰখাৰ সংকল্প  গ্ৰহণ কৰিছে। স্মাতৰ্ব্য যে কৰ্মৰে নিজৰ জীৱন-জীৱিকা সন্ধান কৰা অতি দৃঢ়মনা যুৱতী জোনমণি মহন্তই নিজৰ পৰিয়ালটোৰ চলোৱাৰ স্বাৰ্থতেই আজি পৰ্যন্তলৈকৈ বিবাহ পাশত আবদ্ধ হোৱাৰ কথা চিন্তা কৰা নাই।

Leave A Reply