প্ৰবীণ স্বাধীনতা সংগ্ৰামী তথা অসমৰ বাওঁপন্থী আন্দোলনৰ পুৰোধা ব্যক্তি নন্দেশ্বৰ তালুকদাৰৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেওবাৰে চি পি আই ( এম ) ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত ভাকাৰিভিটাস্থিত দলীয় কাৰ্যালয়ত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । এই ৰক্তদান শিবিৰটো উদ্ধোধন কৰে স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ফিৰোজ আহমেদে ৷ শিবিৰ উদ্ধোধনী অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সেৱা সঞ্চালক ডাঃ ভূপেন বৈশ্য , বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ দায়িত্বত থকা ডাঃ কচেৰ আলি আহমেদ , পশ্চিম অসম ৰক্তদাতা সমিতিৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰণজিৎ পাল , জ্যেষ্ঠ অধিবক্তা ধ্ৰুৱ জ্যোতি মুখাৰ্জী , চি পি আই ( এম ) ৰ জিলা সম্পাদক পৰিমল চক্ৰৱৰ্তী , আঞ্চলিক সমিতিৰ সম্পাদক হৰেশ্বৰ দাস আদি উপস্থিত থাকে ৷ এই শিবিৰত উপস্থিত থকা চিকিৎসক তথা বিশিষ্ট ব্যক্তি সকলে ৰক্তদান তথা নেত্ৰদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই ব্যাখ্যা কৰে আৰু এইবোৰ বিষয়ত ৰাইজক সচেতনভাৱে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । ৰক্তদান শিবিৰত ২৫ জন ৰক্তদাতাই ৰক্তদান কৰে । এই অনুষ্ঠানত ৰক্তদান কৰা আৰু বিভিন্ন ধৰণে সহযোগিতা কৰা সকলো ব্যক্তিলৈ চি পি আই ( এম )ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰা হয় । উল্লেখ্য যে জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অহা ১৩ নৱেম্বৰত বীৰঝৰা পাব্লিক লাইব্ৰেৰী প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা এখন আলোচনা সভাৰ আয়োজন কৰা হৈছে । উক্ত আলোচনা সভাত প্ৰবীণ বাওঁপন্থী নেতা হেমেন দাস আৰু চি পি আই ( এম ) ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সুপ্রকাশ তালুকদাৰ অলোচক হিচাবে উপস্থিত থাকিব ৷
ৰৌতাত ‘নীট’ পৰীক্ষাত দুজন ছাত্ৰ কূলদীপ আৰু দিব্যজ্যোতিৰ সাফল্য
সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা চমুকৈ ‘নীট ‘ত বিটিআৰৰ ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি চহৰৰ পৰা প্ৰায় তিনি কিলো মিটাৰ নিলগৰ ৰৌতাষ্টেচনৰ দুজন শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ ৰৌতা অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । জানিব পৰা মতে , ৰৌতাষ্টেচন নিবাসী গিৰিলাল দাস আৰু মলয়া দাসৰ পুত্ৰ কূলদীপ দাসে ‘নীট ‘ৰ পৰীক্ষাত সৰ্বমুঠ ৫৭৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে- কূলদীপ দাসে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰৌতা চেক্ৰেট হাৰ্ট স্কুলৰ পৰা পৰীক্ষা দি ৮৯ শতাংশ নম্বৰ লাভ কৰি উৰ্ত্তীণ হোৱাৰ বিপৰীতে তেজপুৰ চাইঞ্চ একাদেমীৰ পৰা পৰীক্ষা দি ৮৪ শতাংশ নম্বৰ লাভ কৰিছিল আৰু সদ্যঘোষিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত সৰ্বমুঠ ৫৭৫ নম্বৰ পাই উত্তীৰ্ণ হয় । আনহাতে , ৰৌতাষ্টেচন নিবাসী ভোগীৰথ পাঠক আৰু লাৱন্য পাঠকৰ পুত্ৰ দিব্যজ্যোতি পাঠকে সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা ‘নীট’ ত সৰ্বমুঠ ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে দিব্যজ্যোতি পাঠকে ৰৌতা ছেক্ৰেট হাৰ্ট স্কুলৰ পৰা পৰীক্ষা দি মেট্ৰিকত ৯২ শতাংশ আৰু নগাঁও চহৰৰ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হাইচেকেণ্দাৰীত ৮৯ শতাংশ নম্বৰ লাভ কৰিছিল আৰু এতিয়া সদ্যঘোষিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা দি ৬০৩ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
ঘগ্ৰাপাৰত জটিল ৰোগত আক্ৰান্ত ৰোগীক বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ সাহায্য চেক বিতৰণ
জনতা পাৰ্টীৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ কাৰ্যলয়ত দেওবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ঘগ্ৰাপাৰ অঞ্চলৰ কেইগৰাকী জটিল ৰোগত আক্ৰান্ত ৰোগীৰ মাজত চেক বিতৰণ কৰে। বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিধায়ক গৰাকীয়ে নিজৰৰ ভাষণত কয় যে নলবাৰী বিধানসভা সমষ্টিবাসী ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদিৰ বুজলৈ সেইসমূহৰ যথাসম্ভৱ সমাধানৰ বাবে প্ৰতিটো ৰবিবাৰে সমষ্টিত উপস্থিত থাকিব বুলি সদৰী কৰে।বিধায়ক বৰুৱাই সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগ, সমস্যা আদিৰ সমাধানৰ চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে।বিধায়কগৰাকীয়ে লগতে ইয়াকো কয় যে প্ৰতিটো মাহৰ প্ৰথমটো ৰবিবাৰে ঘগ্ৰাপাৰস্থিত ভাৰতীয় জনতা পাৰ্টি বড়িগোগ বনভাগ মণ্ডল সমিতিৰ কাৰ্য্যালয়ত, দ্বিতীয়তো ৰবিবাৰে পূব নলবাৰী মণ্ডল সমিতিৰ কাৰ্য্যালয়ত, তৃতীয়তো ৰবিবাৰে নলবাৰী জিলা সমিতিৰ কাৰ্য্যালয় অথবা টাউন মণ্ডল কাৰ্য্যালয়ত আৰু অন্তিমটো ৰবিবাৰে চান্দকুচিস্থিত তেওঁৰ বাসভৱনত উপস্থিত থাকি ৰাইজৰ সৈতে মতবিনিময় কৰিব বুলি মন্তব্য কৰে।এই উপলক্ষে কালি প্ৰথমটো ৰবিবাৰে ঘগ্ৰাপাৰস্থিত মণ্ডল বিজেপিৰ কাৰ্যলয়ত উপস্থিত থাকি উপস্থিত ৰাইজৰ সৈতে মতবিনিময় কৰাৰ লগতে তেওঁলোকৰ বিভিন্ন অভাৱ অভিযোগ, সমস্যা আদিৰ বুজ লৈ যথাসম্ভৱ সমাধানৰ প্ৰচেষ্টা কৰিম বুলি সদৰী কৰে। উক্ত অনুষ্ঠানটিতে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ঘগ্ৰাপাৰ অঞ্চল বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৫ গৰাকীকৈ ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা চিকিৎসাৰ বাবে আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে।কালিৰ ৰ এই অনুষ্ঠানটিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগতে বিজেপিৰ বড়িগোগ বনভাগ মহিলা মৰ্চাৰ সভানেত্ৰী মণিকা ভৰালী, আল্লিয়া জিলা পৰিষদৰ সদস্যা মাধৱী ৰাজবংশী আদিয়ে অংশগ্ৰহণ কৰে।
শ্বহীদ নগৰী ঢেকীয়াজুলিত বিধ্বংসী অগ্নিকাণ্ড
শোণিতপুৰ জিলাৰ শ্বহীদ নগৰী ঢেকীয়াজুলিত বিধ্বংসী অগ্নিকাণ্ড৷অগ্নি দেৱতাৰ প্ৰকোপত পৰি সৰ্বহাৰা হ’ল এটি মধ্যবিত্ত পৰিয়াল৷দীপাৱলী তথা কালি পূজাৰ নিশা গৃহত অকস্মাৎ জুইৰ লেলিহানে আগুৰি ধৰাৰ ফলত সকলো হেৰুৱালে দুৰ্ভগীয়া পৰিয়ালটোৱে৷ঢেকীয়াজুলি পৌৰসভাৰ অধীনৰ ৬ নং ৱাৰ্ডৰ বাহিন্দা সুবোধ মিত্ৰৰ পৰিয়ালটোৱে অগ্নি দেৱতাৰ ৰোষ্ট দৃষ্টিৰ প্ৰকোপত পৰি সকলো হেৰুৱালে৷ কালি পূজা তথা দীপাৱলীৰ নিশা ৯.৩০ মিনিটত গৃহত জুই লগাৰ ফলত ঘৰত থকা সকলো আচবাব সাসম্পতি ভস্মীভূত হ’ল পৰিয়ালটোৰ৷সৰুসুৰা ব্যৱসায় কৰি পৰিয়াল পোষপাল দিয়া সুবোধ মিত্ৰৰ পৰিয়ালটো বিধ্বংসী অগ্নিকাণ্ডৰ ফলত এতিয়া অঘৰী হৈ পৰিছে৷অগ্নিকাণ্ডৰ ফলত নিজৰ আশ্ৰয় খিনিও হেৰুৱাই পেলাইছে পৰিয়ালটোৱে৷এই ক্ষেত্ৰত সুবোধ মিত্ৰৰ লগতে তেখেতৰ জীয়ৰী অংকিতা মিত্ৰই সদাশয় ব্যক্তিৰ সহায় সহযোগ কামনা কৰাৰ লগতে ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংঘালৰ পৰা সহায় বিছাৰিছে৷৷
ডি- ভোটাৰক অত্যাচাৰ নকৰিবলৈ চৰকাৰক সকিয়নি
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন সংবাদমেল কালি ৭ নৱেম্বৰত ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিত থকা কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় । অসমৰ কোচ-ৰাজবংশী জনগােষ্ঠীকজনজাতিকৰণৰ বাবে পূর্বৰ কংগ্রেছ চৰকাৰৰ দৰে বর্তমানৰ কেন্দ্রীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনৰাে যে সদিচ্ছা নাই সেই কথা আজি আখৰে আখৰে প্রমাণিত হৈ আহিছে । কাৰণ চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি ৰক্ষা কৰি বিজেপি চৰকাৰৰ কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্রী অর্জূণ মুণ্ডাই অসমত আহি ৰাজহুৱা সভাত কৈছিল কোচক জনজাতি কৰণৰ কাৰণে অধ্যয়ণ কৰি থকা হৈছে । ইয়াৰ পৰাই বুজা যায় জনজাতিকৰণ প্রক্রিয়া লেহেমীয়া গতিত আছে আৰু কিছু চৰকাৰে মাজে সময়ে বান্দৰক নাৰিকল খাব দিয়াৰ দৰে জনজাতিৰ কাম মাত্ৰ দহ শতাংশহে বাকী আছে বুলি থগায় থাকে ।এইবােৰ কথাৰ পৰাই বুজা যায় যে বিজেপি চৰকাৰখনে কোচক প্ৰৱঞ্চনা কৰি হেতালিহে খেলি খেলাৰ আৰম্ভ কৰিছে । চৰকাৰৰ এনে ভূমিকাক কাচ-ৰাজবংশী ছাত্র সন্থাই তীব্র ভাষাৰে গৰিহণা দি কয় যে, ২০১৪ চনৰ পৰা প্রতিটো লােকসভা আৰুবিধানসভাত এই বিজেপি চৰকাৰখনেতেওঁলোকৰ নির্বাচনী ইস্তাহাৰত বিজিপি চৰকাৰ গঠন হলে ছয় মাহৰ ভিতৰত কাচ-ৰাজবংশী সকলক জনজাতিকৰণ কৰা হ’ব বুলি প্রতিশ্রুতি দিছিল । কিন্তু দৃূর্ভাগ্যৰ কথা প্রথমকার্যকাল শেষ হৈ দ্বিতীয় কার্যকাল কৰা বহুদিন অতিক্রম কৰাৰ পিছতাে কিন্তু চৰকাৰৰ প্রতিশ্রুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল । কোচ ৰাজবংশীসকলৰ জনজাতি কৰণৰ সকলাে বৈশিষ্ট থকাৰপিছতো জনজাতি নকৰি বৰঞ্চ অসমৰ কোচ-ৰাজবংশী সকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ হে আৰম্ভ অহা পৰিলক্ষিত হৈছে । উদাহৰণ স্বৰূপে যি সময়ত CAAৰ জৰিয়তে হিন্দু লোকক সুৰক্ষাৰ কথা কোৱা হৈছে বিদেশৰ নাগৰিকক ভাৰতত স্থান দিয়াৰ কথা কোৱাহৈছে সেই একে সময়তে অসমৰ ভূমি পূত্র খিলঞ্জীয়া জনগােষ্ঠি কোচ – ৰাজবংশীসকলৰউপযুক্ত প্রমাণ পত্র আৰু বর্তমানাে ভােট দি খকা ভােটাৰকো D-Voter” সজাই বিদেশী ন্যায়াধিকৰণ আদালতৰ পৰা জাননী জাৰি কৰি হাৰাশাস্তি কৰি আহিছে । অসমৰ বিভিন্ন জিলাৰ বহু কোচ-ৰাজবংশীলােকক এতিয়াও Detention Camp ত আবদ্ধ কৰি ৰাখি আছে ।কাচ-ৰাজবংশী সকলৰ ওপৰত চলা এই অত্যাচাৰ এক লজ্জাজনক । এই সন্দর্ভত বিভাগীয় বিষয়া সকলৰ লগত আলােচনা কৰাত তেখেত সকলে এনে ধৰণৰ অত্যাচাৰপুনৰাই নহয বুলি প্রতিশ্রুতিও দিছিল । কিন্ত পুনৰাই এনে ধৰণৰ অত্যাচাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে । সেয়েহে এনে ধৰণৰ কার্য শীঘ্ৰে বন্ধ কৰিবলৈ সদৌ কোচ-ৰাজবংশী ছাত্র সন্থাই দাবী উত্থাপন কৰিছে । তদুপৰি অসম আৰু কেন্দ্রীয় চৰকাৰে কোচ-ৰাজবংশী সকলক ভাগ-ভাগ কৰাৰ যি চক্রান্ত ৰচিছে তাকো বন্ধ কবিবলৈ আক্রাছুই সকিয়াই দিছে। কিয়নোএকেখন ৰাজ্যৰ সকলাে কোচ-ৰাজবংশী লােকে নিজৰ প্রাপ্য আদায়ৰ বাবে দীর্ঘদিন ধৰি গণতান্ত্ৰিক আন্দোলন কৰি আহিছে । কিন্তু অসম চৰকাৰে উজনি অসम, মধ্য অসমৰ কোচ-ৰাজবংশী সকলক বঞ্চিত কৰি কেৱল মাত্র অসমৰ পশ্চিম অংশক গুৰুত্ব প্রদান কৰাদেখা যায় । উদাহৰণ স্বৰূসেঃ KAC ঘােষণা, STP হিচাবে ঘােষণা, ভূমি সংৰক্ষণৰ ব্যবস্থা ইত্যাদি । আজিৰ দিনত সমূহ অসমৰ লগতে BTR স্বায়ত্ব্ব শাষিত পৰিষদ, কার্বি আংলং স্বায়ত্ব শাষিত পৰিষদ, ৰাভা হাচং স্বায়ত্ব্ব শাষিত্ব পৰিষদৰ অন্তর্গত কোচ-ৰাজবংশীসকল সকলাে দিশতে বঞ্চিত হৈ আছে । আজি বিটিআৰত কোচ-ৰাজবংশীসকলৰভূমিৰ অধিকাৰ সংৰক্ষিত নাই কাৰণে মাটিৰ পট্টা পােৱা নাযায় । শিক্ষাৰ ক্ষেত্রত সংৰক্ষণৰ ব্যৱস্থা নাই, চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা নাই, ৰাজনৈতিক দিশত সংবক্ষণৰ ব্যৱস্থা নাই । গতিকে খিলঞ্জীয়া ভূমি পুত্ৰৰ বাবে এয়া অতিকৈ লজ্জাজনক বিষয় । সেয়ে স্বায়ত্ত পৰিষদ সমূহত ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আহ্বান জনালোঁँ । অসম চৰকাৰে মাজে মাজে আচনি ঘােষণাৰে কোচ-ৰাজবংশী ছাত্র সন্থাৰ বিপুল দাবীত কোচ-ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰেছে যদিও সেয়া কোনাে কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ লগত আলােচনা বিলােচনা নকৰাকৈ কেৱল দলীয়কর্মী হােৱাৰ বাবে প্রণৱ নাৰায়ণক অধ্যক্ষ হিচাবে লৈ এখন উন্নয়ন পৰিষদ সমিতি গঠন কৰে। এই সমিতিত কোন কোন কোচ-ৰাজবংশী তথাজাতীয় সংগঠনৰ সদস্য অন্তর্ভূক্ত হ’ল সেয়া আজিলৈ ৰাজহৰা নহ’ল । এই ক্ষেত্রত অসমৰ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক আহ্বান জনাও যে সমগ্র অসমৰ কোচ-ৰাজবংশীসকলক লাভাম্বিত হােৱাকৈ উন্নয়ন পৰিষদ গঠন কৰক অন্যথা এই ভেকো-ভাওনা বন্ধ কৰক । তদুপৰি এইটোও জনাও যে বিজেপি চৰকাৰখনে অসমৰ জনসাধাৰণক প্রতিশ্রুতি দিছিল চৰকাৰ হলে ” আচ্ছে দিন আয়েগা ” ক’ত গ’ল আজি সেয়া কথা । সেই প্রতিশ্রুতি । অসমৰ জনসাধাৰণে বহু আশাৰে চৰকাৰ গঠন কৰাত সহায় কৰিলে । যাৰ পলিণাম আজি সকলোৱে ভূগি আছে । আজি বস্তুৰ মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক কোঙা কৰি পেলাইছে । দুখীয়া জনসাধাৰণ মানুহে আজি এখাজ ভাত ভালকৈ খাবলৈ এশ বাৰ চিন্তা কৰিব লগীয়া হৈছে । চৰকাৰৰ আঁচনি হৈয়েই আছে । সফল ৰূপায়ণ হোৱা দেখা পোৱা নাই । উদাহৰণস্বৰূপে : অন্ন সুৰক্ষা যোজনাৰ জৰিয়তে দুখীয়া পৰিয়ালৰ চাউলসমূহ বিনামূলীয়া কৰি দিলে যদিও একেখিনি সুলভ মূল্যৰ কেৰাচিন তেল প্ৰতি লিটাৰত ২৫ টকাৰ পৰা ৫০ টকা কৰি দিলে । অৰুণোদয় আচনি ঘােষণা কৰিলে , কিন্তু এই আঁচনিত সকলো প্ৰাপ্য হিতাধিকাৰী অন্তৰ্ভুক্ত নহ’ল । এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে বুলি কয় সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ ‘আক্ৰাছু ‘ৰ সভাপতি অতুল বৰ্মনে সংবাদমেলত এইদৰে কয় । এই সংবাদমছলত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন যায় , ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰী শ্ৰীবাস সিংহ , ওদালগুৰি জিলা সন্মিলনীৰ সভাপতি ভাস্কৰ সিংহ , সম্পাদক অখিল ৰাজবংশীৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বহুতো বিষয় ববীয়া উপস্থিত থকা সভাখনত সভাৰ শেষত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে ।
বেলশৰ বিল্বেশ্বৰ দেবালয়ৰ দলৈৰ সংবাদ মেল সম্বোধন
অসম তথা উত্তৰ পূৱ ভাৰতৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ক কিছুমান মনেসজা আৰু ভিত্তিহীন অভিযোগ ৰাজহুৱাভাৱে প্ৰকাশ কৰি শক্তিপীঠ খনক কলংকিত কৰাৰ ব্যথা চেষ্টা কৰা হৈছে ৷ এই অভিযোগ বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ ৷ নিয়মীয়া বাৰ্তাকে ধৰি একাংশ ছপা মাধ্যমত প্ৰকাশিত বাতৰি সন্দৰ্ভত কালি সন্ধিয়া পশ্চিম নলবাৰী প্ৰেছ ক্লাৱত বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই এক সংবাদ মেল সম্বোধন কৰি প্ৰকাশিত বাতৰিত প্ৰকাশ পোৱা অভিযোগৰ কোনো কথাৰ লগত দলৈ মিশ্ৰ তথা বিল্বেশ্বৰ দেৱালয় পৰিচালনা সমিতি জড়িত নহয় ৷ সংবাদ মেলত বিল্বেশ্বৰ দেৱালয় চৌহদত আৰু দেৱালয়ৰ ভুমিত যি বিলাক চৰকাৰি আঁচনি ৰূপায়িত হৈছে সেই বিলাক চৰকাৰি নীতি নিয়মৰ মাজেৰে নিবিদাৰ ভিত্তিত আঁচনিৰ কাম ৰূপায়ন হৈছে ৷ আঁচনি সমুহৰ কামৰ কাৰনে দেৱালয় পৰিচালনা সমিতিৰ বেংক একাউন্ট ব্যৱহাৰ হোৱা নাই ৷ বাতৰিত উল্লেখ কৰা ধৰণে দেৱালয়ত ৩০ লাখ টকাৰ কোনো বেল গছৰ পুলি ৰোপনৰ আচনি ৰূপায়ন হোৱা নাই ৷ পঞ্চায়তৰ জৰিয়তে এম জি এনৰেগা আঁচনিৰ অধিনত ৩ লাখ টকাৰ বেল গছৰ পুলি ৰোপন কৰাৰ কাম এটাহে হৈছিল ৷ আনহাতে ৰঞ্জিত মিশ্ৰ এগৰাকী অভিনেতা, নাট পৰিচালক হোৱাৰ কাৰনেহে শিল্পী পেঞ্চন লাভ কৰিছে ; দেৱালয়ৰ দলৈ হিচাবে মিশ্ৰই শিল্পী পেঞ্চন লাভ কৰা নাই ৷ দেৱালয়ৰ বাতৰিৰ লগত ৰঞ্জিত মিশ্ৰৰ ব্যাক্তিগত জীৱনক সাঙোৰাটো বৰ দুৰ্ভাগ্যজনক বুলি সংবাদমেলত উল্লেখ কৰে ৷ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰ; দেৱালয় পৰিচালনা সমিতিৰ সদস্য দীলিপ মেনা; দেৱালয়ৰ মূখ্য পুজাৰী ৰাতুল শৰ্মাই সম্বোধন কৰা সংবাদমেলত দলৈ মিশ্ৰই দেৱালয় খনক বদনামি কৰাৰ প্ৰয়াসৰে প্ৰকাশ কৰা বাতৰিৰ আৰত দেৱালয় খনৰ প্ৰাক্তন দলৈ বসন্ত মিশ্ৰ জড়িত থকাৰো অভিযোগ কৰে ৷ ৰঞ্জিত মিশ্ৰই প্ৰাক্তন দলৈ বসন্ত মিশ্ৰ দেৱালয়ৰ ১৮ লাখ টকাৰ কেলেংকাৰীত সাঙোৰ খাই তেওঁ আদাতলৰ বিচাৰাধীনহৈ আছে বুলিও উল্লেখ কৰে ৷ পূৰ্বৰ দলৈ গৰাকীয়ে দেৱালয়ৰ সেই সময়ৰ হিচাব দাখিল কৰিব নোৱাৰা কাৰনে ৰঞ্জিত মিশ্ৰই হিচাব দাখিল কৰিব পৰা নাই বুলিও কয় ৷ সংবাদ মেলত দেৱালয় দলৈ ৰঞ্জিত মিশ্ৰই বাতৰিত উল্লেখ কৰা সকলো অভিযোগত তেও জড়িত থকাৰ আৰু দেৱালয় পৰিচালনা সমিতি জড়িত থকাৰ সত্য প্ৰমানিত কৰিবলৈ প্ৰত্যাহ্বান জনাই প্ৰমান দিব পাৰিলে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলিও কয় ৷ কোনো তথ্য প্ৰমান নহোৱাকৈ ইতিহহাস প্ৰসিদ্ধ শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ক বদনাম কৰাৰ কাৰনে উদ্দেশ্য প্ৰনোদিত ভাবে বাতৰি পৰিৱেশন নকৰিবলৈ সকিয়াই দিয়ে
ওৰাং শাখা সাহিত্য সভাৰ উদ্যোগত ভূপেন হাজৰিকাৰ সম্পৰ্কত এক মনোজ্ঞ অনুষ্ঠান
৭ নবেম্বৰৰত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জীৱনৰ বিষয়ে আলোকপাত কৰি এক মনোজ্ঞ অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় ৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা – ৯-৩০ বজাত পতাকা উত্তোলন কৰে ওৰাং শাখা সাহিত্য সভাৰ সভাপতি নব কুমাৰ নাথে । ১১ বজাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাদেৱৰ জীৱন পৰিক্ৰমা আৰু গীতৰ – সুৰৰ অনুষ্ঠানত আলোকপাত কৰে অসম জ্যোতি মহাবিদ্যালয়ৰ অবসৰী অধ্যক্ষ কেশৱ চন্দ্ৰ বৰুৱা, ওৰাং সংগীত মহাবিদ্যালয়ৰ সংগীত শিক্ষয়িত্ৰী কবিতা বৰা,স্বৰস্বতী ইংলিছ স্কুলৰ শিক্ষয়িত্ৰী আশা শৰ্মাই অংশগ্ৰহণ কৰে ৷ ৭নবেম্বৰৰত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলাৰ ভূমি উপদেষ্টা সমিতিৰ মনোনীত সদস্য মুনিন্দ্ৰ কলিতা । স্থানীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত মাত পৰিবেশনৰ কৰি অনুষ্ঠানটি আৰু অধিক মনোমোহা কৰি তোলে । কাৰ্যসূচীৰ অন্তত শলাগৰ শৰাই আগবঢ়াই ওৰাং শাখা সাহিত্য সভাৰ সম্পাদক ৰূপম কুমাৰ ডেকাই।
চাপৰত পুনৰ সংগঠিত এক জঘন্য কাণ্ড
চাপৰত পুনৰ সংগঠিত এক জঘন্য কাণ্ড ।৫ বছৰীয়া শিশুক ৫০ উৰ্দ্ধৰ ব্যক্তিয়ে কৰিলে ধৰ্ষনৰ চেষ্টা।এই জনেই সেইজন লক্ষ্মন পাইক নামৰ নৰাধমএই জন পাষণ্ডই সংগঠিত কৰিলে এই জঘন্য কান্ডচাপৰ কৃষ্ণকলি বুধনাথ লাইনত এই ঘৃণনীয় কাণ্ড।ভুক্তভোগীৰ পিতৃয়ে চাপৰ আৰক্ষী থানাত দাখিল কৰিলে গোচৰ ধুবুৰী জিলাৰ চাপৰ কৃষ্ণকলি চাহ বাগিছাৰ বুধনাথ লাইনত এই ঘৃণনীয় কাণ্ড। উল্লেখ্য যে শনিবাৰ সন্ধিয়া ৬ মান বজাত কৃষ্ণকলি চাহ বাগিছাৰ বুধনাথ লাইনৰ লক্ষ্মন পাইক ওৰফে নাগাৰা নামৰ ৫০ উৰ্দ্ধৰ এক লম্পটে একে গাওঁৰে ৫ বছৰীয়া এজনী কন্যা শিশুক বিস্কুটৰ প্ৰলোভন দি ওচৰতে থকা এখন বিদ্যালয় প্ৰাঙ্গনত ধৰ্ষণৰ চেষ্টা কৰাত কন্যা শিশুটোৱে চিঞৰ-বাখৰ কৰে পিছত মানুহ অহাৰ উমান পাই লম্পট জনে এন্ধাৰৰ সুয়োগ লৈ পলাই যায়।। পুৱাৰ ভাগত লম্পট জনে এঘৰত বহি সুৰা সেৱন কৰি থকা অৱস্থাত ৰাইজৰ হাতত ধৰা পৰে আৰু ৰাইজে উত্তম-মধ্যম শোধাই চাপৰ আৰক্ষী থানাত গোটাই দিয়ে। চাপৰ আৰক্ষীয়ে লম্পট লক্ষ্মন পাইক ওৰফে নাগাৰাক আটক কৰি চাপৰ আৰক্ষী থানালৈ লৈ আনে। সম্প্ৰতি চাপৰ আৰক্ষীয়ে লক্ষ্মন পাইকক জেৰা অৱ্যাহত ৰাখিছে। আনহাতে উক্ত ঘটনাটোক সদৌ অসম আদিৱাসী ছাত্ৰ সন্থা (আছা) সভাপতি গোলাপ চিকবাৰাইকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি লম্পট লক্ষ্মন পাইকক কঠোৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাৱি উত্থাপন কৰি কয় ভৱিষ্যতে যাতে পুনৰায় এনে ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাৱে অসম চৰকাৰক এখন নতুন আইন প্ৰনয়ন কৰাৰ দাবী উত্থাপন কৰে।
অসম ফুটবল খেলত বিজয়ী ধেমাজী ফুটবল দল।
‘অসম ফুটবল সন্থাৰ উদ্যোগত, ভেৰগাঁও জিলা আৰু ডিমাকুছী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত কৰা ৫৭ সংখ্যক এফ মণ্ডলৰ সন্তুস লখৰ ট্ৰ্ফী যোৱা ৪ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ চাঁৰি দিনিয়া কাৰ্যসূচীৰে ডিমাকুছী ষ্টেডিয়ামত নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল।পৰিপেক্ষিতত আজি ৭ নৱেম্বৰৰ নিশা চূড়ান্ত খেল অনুষ্ঠিত হয়।আৰু উক্ত চূড়ান্ত খেলখন উদ্ধোধন কৰে ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োয়ে।লগত উপস্থিত থাকে ক্ৰমে বিটিচি ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাউৱাইছা বড়ো সহ বিজেপি জনজাতি মৰ্চাৰ জিলা সভাপতি জুওশ্ৰাং বড়ো, বিজেপি দলৰ কাৰ্যকৰ্তা অৰ্জুন বড়ো, ভেৰগাও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক লক্ষী ৰাম বড়ো সহ এবছুৰ বিভিন্ন বিষয়ববীয়াৰ লগতে কেইবাগৰাকীও ক্ৰীড়া সন্থাৰ প্ৰতিনিধি উপস্থিত থকা চূড়ান্ত খেলখন ধেমাজী আৰু মঙ্গলদৈৰ মাজত অনুষ্ঠিত হয়।প্ৰায় সহশ্ৰাধিক দৰ্শকে উপভোগ কৰা তীব্ৰ উত্তেজনা পূৰ্ণ চূড়ান্ত খেলখনত দুৰ্দান্ত খেল পৰিৱেশনৰে প্ৰথম আৰু দ্বিতীয়ৰ্ধত সৰ্বমুঠ ৫-০ গ’লৰ ব্যৱধানত ধেমাজী দলে মঙ্গলদৈ দলক পৰাস্ত কৰি অসম ফুটবল সন্থাৰ ২০২১ বৰ্ষৰ এফ মণ্ডলৰ সন্তুস লখৰৰ বিজয়ী ট্ৰফী অৰ্জন কৰিবলৈ সক্ষম হয়।
শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হাজোৰ বাহকাটোলা নিবাসী প্ৰফুল্ল দাস
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজো বাহকাটোলা নিবাসী তথা ভ্ৰাম্যমান মঞ্চজগতৰ সুদক্ষণ নৃত্যশিল্পী প্ৰফুল্ল দাস ।পিতৃ স্বৰ্গীয় গোপাল দাস ,মাতৃ স্বৰ্গীয় চেনেহী দাসৰ পুত্ৰ প্ৰফুল্ল দাসৰ নিচেই সৰুৰে পৰা নৃত্যশিল্পৰ প্ৰতি দুৰন্ত হেঁপাহ আছিল। প্ৰফুল্ল দাসে সুদীৰ্ঘ ৩০টা বছৰ যাত্ৰা পাৰ্টী আৰু ভ্ৰাম্যমান থিয়েটাৰৰ লগত ১৩ বছৰ বয়সতেই প্ৰাথমিক শিক্ষা শেষ কৰি এক নৃত্য শিল্পী হিচাপে যোগদান কৰিছিল । নৃত্য শিল্পী হিচাপে পোনপ্ৰথমে হাঁলোগাৱৰ পোনা দাসৰ যাত্ৰা দলত এবছৰ, হাজো নাট্য কলাকেন্দ্ৰত তিনি বছৰ, কৰুণা কান্ত মজুমদাৰে প্ৰযোজনা কৰা পূৰ্বজ্যোতি থিয়েটাৰ, অমৰ থিয়েটাৰ, নটৰাজ থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, মঞ্চকোঁৱৰ থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, অপৰূপা থিয়েটাৰ, অভিযাম থিয়েটাৰ, ইন্দ্ৰধনু থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰত ভ্ৰাম্যমান থিয়েটাৰৰ নৃত্য কলাৰে নৃত্য শিল্পী হিচাপে পৰিচয় দাঙি ধৰে। তেওঁ ভ্ৰাম্যমান নাট্যদলত নৃত্য পৰিবেশন কৰা নৃত্য নাতিকা বোৰ ক্ৰমে শকুন্তলা, ৰামবিজয়, মাটি কাৰ, সৱখীপৰিয়াল, জেৰেঙাৰ সতী, দেশৰ লখিমী, বুঢ়ালুইত, জয় মা গংগা, এই পৃথিৱী আমাৰ, ৰূপকোঁৱৰ, ওলট পালট, অপৰূপা, হাতীৰ মাউট, চন্দ্ৰহংস, শ্বহীদ, অৰুনোদয়, ৰামধেনু বিষ্ণুজ্যোতি আদি নৃত্যনাতিকাত নৃত্য কৰি এগৰাকী সুদৰ্শন শিল্পীৰপে পৰিচয় দাঙি ধৰিছে। উল্লেখ্য যে তেওঁ বহু কেইখন নাট্যদলৰ নৃত্য পৰিচালক হিচাপেওঁ পৰিচিত আছে। তেওঁ নৃত্য পৰিচালনা কৰা নাট্যদল সমূহ হ’ল যাত্ৰিক থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰ, অভিযাম থিয়েটাৰ, পূৰ্ণজ্যোতি নাট্যদল, হাজো পঞ্চতীৰ্থ নাট্য দল। সুদীৰ্ঘ ৩০ টা বছৰ নৃত্যশিল্পী হৈ ভ্ৰাম্যমান থিয়েটাৰ দলত থাকি এতিয়া আৰ্থিক দৈন্যতাত ভুগি দিন হাজিৰাৰ লগতে এজন মাছমৰিয়া হিচাপে পৰিয়াল পোহ পাল দি আছে দুৰ্ভগীয়া শিল্পী প্ৰফুল্ল দাসে । এইজনা শিল্পীয়ে অচ্যুৎ নৃত্য ক’লা কেন্দ্ৰৰ তৰফৰ পৰা গংগা নমঃশুদ্ৰ বঁটা লাভ কৰাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত অসম নাট্য সন্মিলন হাজো শাখাৰ তৰফৰ পৰাওঁ সম্বৰ্ধনা গ্ৰহন কৰে। অৱশ্যে এনে এগৰাকী সৃষ্টিশীল শিল্পীয়ে বৰ্তমান চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আৰ্থিক দৈন্যতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।তদুপৰি চৰকাৰে গ্ৰামাঞ্চলৰ এনে এগৰাকী বহু মূখী অভিনেতাক সুদৃষ্টি দিয়াটো অতিকৈ প্ৰয়োজন আছে বুলিওঁ বিভিণ্ণ মহলত চৰ্চিত হৈছে । অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাষনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সযয়তহে লক্ষ্যনীয় হ’ব।











