কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত হাজো বাহকাটোলা নিবাসী তথা ভ্ৰাম্যমান মঞ্চজগতৰ সুদক্ষণ নৃত্যশিল্পী প্ৰফুল্ল দাস ।পিতৃ স্বৰ্গীয় গোপাল দাস ,মাতৃ স্বৰ্গীয় চেনেহী দাসৰ পুত্ৰ প্ৰফুল্ল দাসৰ নিচেই সৰুৰে পৰা নৃত্যশিল্পৰ প্ৰতি দুৰন্ত হেঁপাহ আছিল। প্ৰফুল্ল দাসে সুদীৰ্ঘ ৩০টা বছৰ যাত্ৰা পাৰ্টী আৰু ভ্ৰাম্যমান থিয়েটাৰৰ লগত ১৩ বছৰ বয়সতেই প্ৰাথমিক শিক্ষা শেষ কৰি এক নৃত্য শিল্পী হিচাপে যোগদান কৰিছিল । নৃত্য শিল্পী হিচাপে পোনপ্ৰথমে হাঁলোগাৱৰ পোনা দাসৰ যাত্ৰা দলত এবছৰ, হাজো নাট্য কলাকেন্দ্ৰত তিনি বছৰ, কৰুণা কান্ত মজুমদাৰে প্ৰযোজনা কৰা পূৰ্বজ্যোতি থিয়েটাৰ, অমৰ থিয়েটাৰ, নটৰাজ থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, মঞ্চকোঁৱৰ থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, অপৰূপা থিয়েটাৰ, অভিযাম থিয়েটাৰ, ইন্দ্ৰধনু থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰত ভ্ৰাম্যমান থিয়েটাৰৰ নৃত্য কলাৰে নৃত্য শিল্পী হিচাপে পৰিচয় দাঙি ধৰে। তেওঁ ভ্ৰাম্যমান নাট্যদলত নৃত্য পৰিবেশন কৰা নৃত্য নাতিকা বোৰ ক্ৰমে শকুন্তলা, ৰামবিজয়, মাটি কাৰ, সৱখীপৰিয়াল, জেৰেঙাৰ সতী, দেশৰ লখিমী, বুঢ়ালুইত, জয় মা গংগা, এই পৃথিৱী আমাৰ, ৰূপকোঁৱৰ, ওলট পালট, অপৰূপা, হাতীৰ মাউট, চন্দ্ৰহংস, শ্বহীদ, অৰুনোদয়, ৰামধেনু বিষ্ণুজ্যোতি আদি নৃত্যনাতিকাত নৃত্য কৰি এগৰাকী সুদৰ্শন শিল্পীৰপে পৰিচয় দাঙি ধৰিছে। উল্লেখ্য যে তেওঁ বহু কেইখন নাট্যদলৰ নৃত্য পৰিচালক হিচাপেওঁ পৰিচিত আছে। তেওঁ নৃত্য পৰিচালনা কৰা নাট্যদল সমূহ হ’ল যাত্ৰিক থিয়েটাৰ, বিষ্ণুজ্যোতি থিয়েটাৰ, অভিযাম থিয়েটাৰ, পূৰ্ণজ্যোতি নাট্যদল, হাজো পঞ্চতীৰ্থ নাট্য দল। সুদীৰ্ঘ ৩০ টা বছৰ নৃত্যশিল্পী হৈ ভ্ৰাম্যমান থিয়েটাৰ দলত থাকি এতিয়া আৰ্থিক দৈন্যতাত ভুগি দিন হাজিৰাৰ লগতে এজন মাছমৰিয়া হিচাপে পৰিয়াল পোহ পাল দি আছে দুৰ্ভগীয়া শিল্পী প্ৰফুল্ল দাসে । এইজনা শিল্পীয়ে অচ্যুৎ নৃত্য ক’লা কেন্দ্ৰৰ তৰফৰ পৰা গংগা নমঃশুদ্ৰ বঁটা লাভ কৰাৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত অসম নাট্য সন্মিলন হাজো শাখাৰ তৰফৰ পৰাওঁ সম্বৰ্ধনা গ্ৰহন কৰে। অৱশ্যে এনে এগৰাকী সৃষ্টিশীল শিল্পীয়ে বৰ্তমান চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আৰ্থিক দৈন্যতাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ।তদুপৰি চৰকাৰে গ্ৰামাঞ্চলৰ এনে এগৰাকী বহু মূখী অভিনেতাক সুদৃষ্টি দিয়াটো অতিকৈ প্ৰয়োজন আছে বুলিওঁ বিভিণ্ণ মহলত চৰ্চিত হৈছে । অৱশ্যে এই ক্ষেত্ৰত চৰকাৰ প্ৰশাষনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহন কৰে সেয়া সযয়তহে লক্ষ্যনীয় হ’ব।
কোছ ৰাজবংশী ছাত্ৰ সন্থাৰ সংবাদ মেল
অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বর্তমান কেন্দ্রীয় আৰু ৰাজ্যৰ বি.জে.পি. চৰকাৰখনৰো যে, সদিচ্ছা নাই সেই কথা ইতিমধ্যে প্রমাণিত হৈ আহিছে । কাৰণ তেওঁলোকে নির্বাচনত দিয়া প্রতিশ্রুতি ৰক্ষা নকৰিলে বি.জে.পি. চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী অর্জুণ মুণ্ডাই অসমত আহি ৰাজহুৱা সভাত কয় জনজাতি কৰণৰ কাৰণে অধ্যয়ণ কৰি থকা হৈছে। ইয়াৰ পৰাই বুজা যায় জনজাতিকৰণ প্ৰক্ৰিয়া লেহেমীয়া গতিত আছে। কিন্তু অসম আৰু কেন্দ্রীয় চৰকাৰে কয়, জনজাতিৰ কাম মাত্ৰ দহ শতাংশহে বাকী আছে । এইবোৰ কথাৰ পৰাই বুজা যায় বি.জে.পি. চৰকাৰ খনে আমাক প্ৰৱঞ্চনা কৰি হেতালি খেলি আছে। চৰকাৰৰ এনে ভূমিকাক কোচ-ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে, ২০১৪ চনৰ পৰা প্ৰতিটো লোকসভা, বিধানসভাত এই বি.জে.পি. চৰকাৰখনে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত বি.জে.সি. চৰকাৰ গঠন হলে ছয় (৬) মাহৰ ভিতৰত কোচ-ৰাজবংশী সকলক জনজাতি কৰণৰ প্ৰতিশ্ৰুতি দি আহিছে। কিন্তু দূর্ভাগ্যৰ কথা প্রথম কার্যকাল শেষ হৈ দ্বিতীয় কার্যকালৰো বহুদিন অতিক্রম কৰাৰ পিছতো কিন্তু প্রতিশ্রুতি প্রতিশ্রুতিয়েই হৈ থাকিল । কোচ-ৰাজবংশী সকলৰ জনজাতি কৰণৰ সকলো বৈশিষ্ট থকাৰ পিছতো জনজাতি নকৰি বৰঞ্চ অসমৰ কোচ-ৰাজবংশী সকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি অহা পৰিলক্ষিত হৈ আছে । উদাহৰণ স্বৰূপে যি সময়ত “CAA”ৰ জৰিয়তে হিন্দু লোকক সুৰক্ষাৰ কথা কোৱা হৈছে, বিদেশৰ নাগৰিকক ভাৰতত স্থান দিয়াৰ কথা কোৱা হৈছে সেই একে সময়তে অসমৰ ভূমি সূত্র খিলঞ্জীয়া জনগোষ্ঠি কোচ-ৰাজবংশী সকলৰ উপযুক্ত প্রমাণ পত্ৰ আৰু বর্তমানো ভোট দি থকা ভোটাৰকো “D-Voter” সজাই বিদেশী ন্যায়াধিকৰণ আদালতৰ পৰা জাননী জাৰি কৰি হাৰাশাস্তি কৰি আহিছে। অসমৰ বিভিন্ন জিলাৰ বহু কোচ-ৰাজবংশী লোকক এতিয়াও Detention Camp ত আৱদ্ধ কৰি ৰাখিছে। কোচ-ৰাজবংশী সকলৰ ওপৰত চলা এই অত্যাচাৰ এক লজ্যাজনক বিষয়। এই সন্দৰ্ভত বিভাগীয় বিষয়া সকলৰ লগত আলোচনা কৰাত তেখেত সকলে এনে ধৰণৰ অত্যাচাৰ পুনৰাই নহয় বুলি প্রতিশ্রুতিও দিছিল। কিন্তু পুনৰাই এনে ধৰণৰ অত্যাচাৰ কৰি থকা আমি দেখিবলৈ পাইছো বুলি ৭ নবেম্বৰত ৰৌতাত সংগঠনটোবে সংবাদ মেলত উল্লেখ কৰে ৷ সেয়েহে এই ধৰণৰ কাৰ্য বন্ধ কৰিবলৈ সদৌ কোচ-ৰাজবংশী ছাত্র সন্থাই দাবী উত্থাপন কৰিছে । লগতে অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোচ-ৰাজবংশী সকলক ভাগ ভাগ কৰাৰ যি চক্রান্ত ৰচিছে তাকো বন্ধ কৰিবলৈ আক্রাছুই সকিয়াই দিছে । কাৰণ একেখন ৰাজ্যৰ সকলো কোচ-ৰাজবংশী লোকে নিজৰ প্ৰাণ্য আদায়ৰ বাবে দীর্ঘদিন ধৰি গণতান্ত্রিক আন্দোলন কৰি আহিছে । কিন্তু এই অসম চৰকাৰে উজনি অসম, মধ্য অসম কোচ-ৰাজবংশী সকলক বঞ্চিত কৰি কেৱল মাত্ৰ অসমৰ পশ্চিম অংশক গুৰুত্ব প্ৰদান কৰা দেখা যায়। উদাহৰণ স্বৰূপে: KAC ঘোষণা, STP হিচাবে ঘোষণা, ভূমি সংৰক্ষণৰ ব্যৱস্থা ইত্যাদি ইত্যাদি। আজিৰ দিনত সমূহ অসমৰ লগতে BTR স্বায়ত্ব শাষিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্বশাষিত পৰিষদ ৰাভা হাচৎ স্বায়ত্বশাষিত্ব পৰিষদৰ অন্তৰ্গত কোচ-ৰাজবংশী সকল সকলো দিশতে বঞ্চিত হৈ আহিছো । আজি বি.টি.আৰ.ভ কোচ-ৰাজবংশী সকলৰ ভূমিৰ অধিকাৰ সংৰক্ষিত নাই কাৰণে মাটিৰ গট্টা পোৱা নাযায়। শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা নাই, চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা নাই, ৰাজনৈতিক দিশত সংৰক্ষণৰ ব্যৱস্থা নাই। ই আমাৰ খিলঞ্জীয়া ভূমি পুত্ৰৰ বাবে অতি লজ্যাজনক বিষয় । সেয়ে স্বায়ত্ব পৰিষদ সমূহত । ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকার সুনিশ্চিত কৰাৰ বাবে আহ্বান জনালোঁ । অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই মাজে মাজে আচনি ঘোষণা কৰে যদিও এয়া ফুটুকাৰ ফেন। যেনে: কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিপুল দাবীত কোচ-ৰাজবংশী উন্নয়ন পরিষদ গঠন হ’ল যদিও সেয়া কোনো কোচ-ৰাজবংশী জাতীয় দল সংগঠনৰ লগত আলোচনা বিলোচনা নকৰাকৈ কেৱল মাত্র বি.জে.পি.ৰ কৰ্মী হোৱাৰ বাবে প্ৰণৱ নাৰায়ন দেৱক অধ্যক্ষ হিচাবে লৈ এখন উন্নয়ন পৰিষদ সমিটি গঠন কৰে । এই সমিটিত কোন কোন কোচ-ৰাজবংশী জাতীয় সংগঠনৰ সদস্য অন্তর্ভূক্ত হ’ল আজিলৈ ৰাজহুৱা নহ’ল। এই ক্ষেত্ৰত অসমৰ মূখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাও যে সমগ্র অসমৰ কোচ-ৰাজবংশী সকল লাভান্বিত হোৱাকৈ উন্নয়ন পৰিষদ গঠন কৰক অন্যথা এই ভেকো-ভাওনা বন্ধ কৰক । লগতে অসমৰ মুখ্যমন্ত্রী মহোদয়ক এইটোও জনাও যে, আপোনালোকৰ বি.জে.সি. চৰকাৰখনে অসমৰ জনসাধাৰণক প্রতিশ্রুতি দিছিল বি.জে.সি. চৰকাৰ হলে “আচ্ছে দিন আয়েগা ক’ত গ’ল আজি আপোনালোকৰ সেই প্রতিশ্রুতি । অসমৰ জনসাধাৰণে বহু আশাৰে আপোনালোককচৰকাৰ গঠন কৰাত সহায় কৰিলে বুলি সংগঠনটোবে জনাইছে ৷ যাৰ পৰিণাম আজি সকলোৱে ভূগি আছে । আপোনালোকৰ ভাল দিনে আজি বস্তুৰ মূল্যবৃদ্ধি কৰি অসমৰ জনসাধাৰণক কোঙা কৰি পেলাইছে । দুখীয়া জনসাধাৰণ মানুহে আজি এসাজ ভাত ভালকৈ খাবলৈ এশ বাৰ চিন্তা কৰিব লগীয়া হৈছে। মুখ্যমন্ত্রী মহোদয় আপুনি বহুত আঁচনি ঘোষণা কৰিছে কিন্তু আপোনাৰ আঁচনি আঁচনি হৈয়েই আছে। সফল ৰূপায়ণ হোৱা দেখা পোৱা নাই । উদাহৰণ স্বৰূপে: অন্ন সুৰক্ষা যোজনাৰ জৰিয়তে দুখীয়া পৰিয়ালৰ চাউল সমূহ বিনামূলীয়া কৰি দিলে যদিও একেখিনি সুলভ মূল্যৰ কেৰাচিন তেল প্রতি লিটাৰত ২৫.০০ টকাৰ পৰা ৫০.০০ টকা কৰি দিলে অৰুণোদয় আঁচনি ঘোষণা কৰিলে, কিন্তু এই আঁচনিত সকলো প্রাপ্য হিতাধীকাৰী অন্তর্ভুক্ত নহল। এনে ধৰণৰ উদাহৰণ আৰু বহুতো আছে। এনে ধৰণৰ আঁচনি ঘোষনা কৰি অভ্যাৱশ্যকীয় বস্তুৰ মূল্যবৃদ্ধি কৰি জনসাধাৰণক মাধমাৰ শোধাইছে । পেট্রল’, ডিজেলত প্রায় ৪০.০০ টকা বঢ়াই মাত্র ১২.০০ টকাহে কমালে, গেছ চিলিণ্ডাৰৰ দাম দিনে দিনে বাঢ়ি গৈয়েই আছে। গতিকে মুখ্যমন্ত্রী মহোদয় সকলো অভ্যাৱশ্যকীয় বস্তুৰ মূল্য হ্রাস কৰি অসমৰ জনসাধাৰণক সকাহ দিবৰ বাবে আহ্বান জনালোঁ। অন্যখা আমি কোচ-ৰাজবংশী ছাত্র সন্থাই আমাৰ জাতীয় দল সংগঠন সমূহক লগত লৈ আপোনালকৰ বিৰুদ্ধে ৰাজপথত আহিবলৈ বাধ্য হয়।৭নবেম্বৰৰত অনুস্থিত হোৱা সংবাদমেলত কেন্দ্রীয় আক্ৰাছুৰ সাধাৰণ সম্পাদক শ্রীভূপেন ৰায়ৰ লগতে কেন্দ্রীয় সমিতিৰ সদস্য সকল, মহিলা সমিতিৰ সদস্যা সকল, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি শ্রী শ্রীবাস সিংহ, ওদালগুৰি জিলা সন্মিলনীৰ সভাপতি, সম্পাদক ক্রমে শ্রীভাস্কৰ সিংহ আৰু শ্ৰীঅখিল ৰাজবংশীৰ লগতে বিভিন্ন আঞ্চলিকৰ সদস্য-সদস্যা উপস্থিত থাকে ।
ভাৰতীয় মাছমৰীয়াক অপহৰণ পাকিস্থানৰ
সীমাত পাকিস্থানে হিংসাত্মক কাৰ্য অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতীয় উপকুলবৰ্তী অঞ্চল সমুহটো সন্ত্ৰাস আৰম্ভ কৰিছে পাকিস্থানে ।
ৰবিবাৰে পাকিস্থানী নৌসেনাৰ এটা দলে ভাৰতীয় মাছমৰীয়া নাওঁ এখনৰ সহিতে অপহৰণ কৰে ছয়গৰাকী ভাৰতীয় মাছমৰীয়াক । ভাৰতীয় মাছমৰীয়াৰ ভাষ্য অনুসৰি , অপহৰণ কাৰ্য সংঘটিত কৰাৰ সময়ত পাকিস্থানী নৌসেনাই ভাৰতীয় মাছমৰীয়া নাওঁ খনলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰিছিল । গুলিবৰ্ষণ নিহত হৈছে এগৰাকী ভাৰতীয় মাছমৰীয়া ।

পুনৰ NCBৰ SIT দলৰ জেৰাৰ সন্মুখীন হ’ব লাগিব আৰয়ান খান
মুম্বাইৰ ক্ৰুজ ড্ৰাগছ গোচৰত অভিযুক্ত আৰয়ান খানৰ বিপদ আতৰা নাই । দুসপ্তাহ পুৰ্বে জামিনত মুক্তি লাভ কৰা অভিনেতা শ্বাহৰুখৰ পুত্ৰ আৰয়ান খানক শিঘ্ৰে NCB ৰ SIT দলে জেৰা চলাব । সোমবাৰে দিল্লী NCB ৰ SIT দলে জেৰা চলাই আৰয়ান খানৰ সংগী অৰবাজ মাৰ্চেন্ট আৰু অচিৎ কুমাৰক।
NCB-SIT দলে মুঠ ছটা গোচৰৰ তদন্ত কৰি আছে । এই গোচৰৰ সকলো অভিযুক্তক জেৰা কৰিব NCB – SIT দলে । আৰয়ান খান আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী নবাব মালিকৰ জোৱাই সমীৰ খানকো জেৰা কৰিব NCB ৰ SIT য়ে।

T-20 World Cupৰ ছেমিফাইনেল খেলাৰ সুযোগ পাবনে ভাৰতে
আবু ধাবিত অনুষ্ঠিত T-20 World Cup ৰ ছেমিফাইনেলত ভাৰত অৱতীৰ্ণ হব পাৰিবনে ? এই প্ৰশ্নটোৱে আজি সমগ্ৰ দেশত চৰ্চা লাভ কৰিছে । ভাৰতীয় দলৰ শোচনীয়া প্ৰদৰ্শনৰ পিচত এতিয়াও কিছু আশা পুহি ৰাখিছে ভাৰতীয় ক্ৰিকেটপ্ৰেমী সকলে । T-20 World Cup 2021 ৰ পঞ্চম খন খেলত আফগানিস্থান ক্ৰিকেট দল মুখামুখি হব নিউজিলেণ্ড দলৰে । আবুধাবীৰ শ্বেখ জায়দ ষ্টেডিয়ামত ৰবিবাৰে মুখামুখি হৈছে দুয়োটা দল । খেলৰ আৰম্ভণিতে ভাৰতৰ বাবে সুখবৰ যে আফগানিস্থান দল টছত জয়ী হৈছে । টছত জয়ী হৈয়ে বেটিং কৰাৰ সিদ্ধান্ত আফগানিস্থানৰ দলৰ ।

ৰবিবাৰে অনুষ্ঠিত হোৱা এই খেলখনত যদিহে আফগানিস্থান দলে নিউজিলেণ্ড দলক হৰুৱাবলৈ সমৰ্থ হয় , তেতিয়া ছেমিফাইনেল খেলাৰ পথ প্ৰসস্ত হব ভাৰতৰ । বৰ্তমান নিউজিলেণ্ড দলটোৰ প্ৰদৰ্শনে ভাৰতীয় দলৰ ছেমিফাইনেলত খেলাৰ ক্ষেত্ৰত মুখ্য বাধা ৰুপে থিয় হৈছে । নিউজিলেণ্ডৰ তুলনাত আফগানিস্থান দল যথেষ্ট দুৰ্বল । কিন্ত ক্ৰিকেটত কোনো অসম্ভৱ নাই । এইবাৰৰ T-20 World cup ৰ চাৰিখন খেলৰ দুখনত জয় সাব্যস্ত কৰিছে আফগানিস্থানে । আনহাতে চাৰিখন খেল খেলি ৩ খনত জয়লাভ কৰিছে নিউজিলেণ্ড দলে ।
খৈৰাবাৰীত ৩১তম ওদালগুৰি জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশনৰ অস্থায়ী কাৰ্যালয় উদ্ধোধন
ওদালগুৰি জিলা বাথৌ মহাসভাৰ সৌজনত ৩১ তম বাৰ্ষিক অধিৱেশন অহাঁ ২০২২ বৰ্ষৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখত ওদালগুৰি জিলা খৈৰাবাৰী আৰেংপাৰত অনুষ্ঠিত কৰা হ’ব । পৰিপেক্ষিতত প্ৰস্তুতি অব্যাহত ৰাখিছে, সংশ্লিষ্টত আজি ৭ নৱেম্বৰ দেওবাৰে খৈৰাবাৰী চহৰত অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে।উল্লেখ্য যে বাথৌ ধৰ্মৰ প্ৰচলনৰ দ্বাৰাই বড়ো সমাজখনক বন্ধনৰ এনাজৰী অতুত ৰাখি হিংসাত্মক ক্ৰিয়া-কলাপৰ পৰা বিৰত ৰাখি সমিল-মিলৰে বড়ো জনগোষ্ঠীক আগুৱাই নিয়াত অভূতভাৱে সহাৰী জনাই আহিছে যাৰ বাবে বড়ো জনগোষ্ঠীয় লোক সকলে প্ৰতিবছৰে বাথৌ ধৰ্মৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰি আহিছে।

সেয়েহে এইবেলিও ২০২২ বৰ্ষৰ ১২ আৰু ১৩ ফেব্ৰুৱাৰী তাৰিখত প্ৰায় ২২ টা বাথৌ আঞ্চলিক সমিতিৰ সহযোগত জিলা ভিক্তিত ৩১ তম ওদালগুৰি জিলা বাথৌ মহাসভাৰ বাৰ্ষিক অধিৱেশন উদযাপন কৰিবৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে।

সেয়েহে আজি খৈৰাবাৰী চহৰত ওদালগুৰি জিলা বাথৌ মহাসভাৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় উন্মোচন কৰে ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দূৰ্গাদাস বড়োয়ে।লগত উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা বথৌ মহাসভাৰ সভাপতি তথা কলাইগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তণ বিধায়ক মহেশ্বৰ বড়ো লগতে ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়ো সহ প্ৰফেচাৰ হিৰণ ডেকা, সমাজ সেৱক ধ্ৰুৱজ্যুতি বড়ো।

জিলা বাথৌ মহাসভাৰ উপসভাপতি মোনমিল বড়ো লগতে প্ৰায় শতাধিক বাথৌ মহাসভাৰ প্ৰতিনিধি উপস্থিত থকা কাৰ্যালয় উদ্ধোধন কাৰ্যসূচীত উদ্ধোধক বড়োয়ে বাথৌ ধৰ্ম প্ৰচাৰৰ বাবে অহৰহ কস্ত কৰি যোৱা মহান ব্যক্তি সকলক শলাগ লোৱাৰ লগতে, অনাগত দিনত যাতে বড়ো বড়োজনগোষ্ঠীয় লোক সকলে অন্য ধৰ্মলৈ ৰূপান্তৰ হোৱাত ধাৱমান নহয় তাৰ বাবে বড়ো জনগোষ্ঠীয় লোকসকলৈ অহ্বান জনাই।

লাহৰীঘাটত দাঁতৰ বিনামূলীয়া চিকিৎসা শিবিৰ
মৰিগাঁও জিলাৰ লাহৰীঘাট শান্তি গেছ এজেন্সিৰ কাৰ্যালয় চৌহদত আজি পুৱা ৮ বজাৰ পৰা দিন যোৰা কাৰ্যসূচীৰে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ উদ্যোগত “দাঁতৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত দাঁতৰ ৰোগী সকলক বিনামূলীয়াকৈ চিকিৎসাৰ লগতে ঔষধো বিনামূলীয়াকৈ দিয়া হয়। উল্লেখ্য যে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ উদ্যোগত অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত দাঁতৰ ৰোগী সকলক চিকিৎসা প্ৰদান কৰে ডাঃ দেবাশীষ হাজৰিকা B D S ( দিল্লী), ডাঃ বৰ্ষা বৰা B D S ( দিল্লী) আৰু ডাঃ জ্যোতি কলিতা B D S ( দিল্লী ) । এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় লাহৰীঘাটৰ উদীয়মান যুৱক তথা সমাজ সেৱক জহিৰুল ইছলাম,বাবুল আনম,ফুৰকান আলী আৰু মনজুৰুল কাৰিমে। নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ এই বিনামূলীয়া দাঁতৰ চিকিৎসা শিবিৰ পাতি দাঁতৰ ৰোগী সকলক চিকিৎসা সেৱা প্রদান কৰাৰ বাবে লাহৰীঘাট স্হানীয় সচেতন ৰাইজে নৰ্থ ইষ্ট ডেন্টেল ক্লিনিকৰ শলাগ লৈছে।
চাহ জনগোষ্ঠীৰ কৃষি উৎসৱ চঁহৰাই পৰব
চাহজনগোষ্ঠী- আদিবাসী সমাজৰ এক অন্যতম কৃষি উৎসৱ চঁহৰাই পৰব ঘৰে ঘৰে পালন কৰা দেখা গৈছে ৷ পুৱাৰে পৰা মাতৃ জীয়াৰী-বোৱাৰী সকল পিঠা গুৰি খুন্দাত ব্যস্ত হৈ পৰে৷কৃষিৰ সজুলি নাঙল-যুৱলী-মৈ আদি ধুৱাই চোতালত সজাই থয় ৷গাই গৰুক গা ধুওৱা হয় ৷গোহালীত আলপনা আঁকি গাই গৰুৰ ঠেং ধুৱাই গোহালীত সোমোৱা হয় আৰু গৃহস্হই গাই গৰুৰ কুশল মংগল কামনা কৰি লাউপানীৰ মেৰা,পিঠা পনাৰ লগতে কুকুৰা চৰাই উচৰ্গা কৰে ৷অমাৱস্যাৰ নিশাৰ লগতে আজিও গৃহস্হৰ ঘৰে ঘৰে হুচৰি গোৱাৰ দৰে চাঁচেইৰ বা জাহলী গীত গাই আনন্দ উৎসৱ পালন কৰে৷

গেৰুৱাৰ শিক্ষক চন্দন দৈমাৰীয়ে ড্ৰেগন ফ্ৰুইটচৰ খেতিৰে গেৰুৱাত আনিছে কৃষি বিপ্লৱ
ওদালগুৰি জিলাৰ বিটিআৰৰ ৰৌতা সমষ্টিৰ গেৰুৱা অঞ্চলত ড্ৰেগন ফলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰাৰ পথ দেখুবাইছে কৃষক সকলক ৷তুলনামূলক ভাবে অনান্য খেতিতকৈ ড্ৰেগন ফলৰ খেতিত পৰ্যাপ্ত লাভ হোৱাত ই এক লাভজনক খেতি ৰূপে কৃষক সমাজত সমাদৰ লাভ কৰিছে ৷এই লাভ জনক খেতিৰ বাট দেখুৱাইছে এহাতে শিক্ষকবৃত্তি আৰু আনহাতেদি কৃষি কৰ্মক এক লাভজনক ব্যৱসায়ৰূপ দিয়া চন্দন দৈমাৰীয়ে ৷এক সাধাৰণ জীৱন অতিবাহিত কৰাদৈমাৰীয়ে তেওঁৰ কৃষি বিপ্লৱ সম্পৰ্কে সাংবাদিক সকলৰ আগত কয় “মোৰ সৰুৰ পৰাই খেতিবাতি কৰাত বৰ আগ্ৰহ আছিল ৷আগতে মই বিলাহী,জলকীয়া,কবি আদিৰ খেতি আৰম্ভ কৰিছিলো ৷পৰবৰ্তী পৰ্যায়ত বগৰী খেতিত মনোনিৱেশ কৰো ৷এনেতে কৃষি ব্যৱসায় সূত্ৰে পশ্চিমবঙ্গৰ এগৰাকী বঙালী লোকেৰে পৰিচয় হয় ৷তেখেতেই মোক এই ড্ৰেগন খেতিৰ বাবে দিহা দিয়ে আৰু যাৱতীয় পৰামৰ্শ আগবঢ়ায় ৷

তেওঁৰ পৰামৰ্শ মতে মই ২০১৮ চনৰ পৰা পৰীক্ষামূলক ভাৱে এবিঘা মাটিৰে ড্ৰেগনৰ খেতি আৰম্ভ কৰো ৷বৰ্তমান মোৰ ৭.৫ বিঘা(চাৰে সাত বিঘা) মাটিত ড্ৰেগন ফলৰ খেতি আছে ৷৮×১০ বৰ্গ ফুট জোখত এই লতা লগাব পাৰি ৷এজোপা গছত ৪০/৫০ টা ফল লাগে ৷এজোপা গছে ১০/১২ কিঃগ্ৰাঃকৈ ফল দিয়ে ৷ধাৰাবাহিক ভাবে এই ফল লাগি থাকেযদিও এপ্ৰিল মে ত ইয়াৰ উৎপাদন সৰহ হয় ৷এই ফলৰ বজাৰ মূল্য প্ৰতি কেজিত ৩৫০ /৪০০ টকা ৷মই শিক্ষক মানুহ সময় বিশেষ নাপাওঁ ৷এই ফাৰ্মৰ পৰাই নগাওঁ গুৱাহাটীৰ বেপাৰী আহি ২৫০ টকা দৰত লৈ যায় ৷এই ফল অতি উৎকৃষ্টমানৰ ৷ আইৰণ,চি.ভিটামিন,প্ৰটিন ৰ পৰা আৰম্ভ কৰি আমাৰ শৰীৰৰ লগা প্ৰায়বোৰ মিনাৰেলেৰে পৰিপূৰ্ণ এই ফল ৷তেখেতে এই ফলৰ বৰ্ণনা দাঙি ধৰি কয় ড্ৰেগনৰ ১৭৮ টা প্ৰজাতি আছে ৷মই পিংক কালাৰ যুক্ত চি .ভেৰেটী প্ৰজাতিৰ কৰিছো ৷

এজোপা গছৰ পৰা বছৰত অতিকমেও আঢ়ৈ হেজাৰ টকা উপাৰ্জন কৰিব পাৰি ৷এবিঘা মাটিত ২.৫০ লাখ ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰিব পাৰি ৷যিটো অন্য খেতিকৰি এনে উপাৰ্জন কৰাটো অসম্ভৱ কথা ৷এই খেতি সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে কৰা হয় ৷গোবৰেই একমাত্ৰ ইয়াৰ সাৰ ৷মোৰ এই ড্ৰেগন খেতিৰ ওপৰিও ১৩ বিঘাত বগৰী,৮ বিঘাত মধুৰী,আৰু ইজৰাইল আপেল পৰীক্ষামূলক ভাবে এবিঘা মাটিত আৰম্ভ কৰিছো ৷আমি চাৰি ভাই ককাই ৷এতিয়া সকলোৰে এনে খেতি আছে ৷এতিয়া আমাৰ গাওঁৰ প্ৰায় ভাগ মানুহে এনে খেতি আৰম্ভ কৰিছে ৷মোৰ এই ফাৰ্মৰ যোগেদি৮/১০ টা পৰিয়াল পোহ পাল গৈ আছে ৷অসমৰ নিবণুৱা যুবক যুবতী সকলে চাকৰিৰ বাবে,হাবাথূৰি খাই থকাৰ কোনো দৰকাৰ নাই ৷ পাচ বিঘা এনে খেতিৰে বছৰেকত ১৪ ৰ পৰা ১৫ লাখ টকা উপাৰ্জন কৰি এক সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে৷ এই খেতি কৰি লাখ লাখ টকা উপাৰ্জন কৰাৰ লগতে অতি সহজে কোটিপতি হোৱাৰো সম্ভৱনাই দেখা দিছে ৷
ডুবাইত অনুষ্ঠিত টি-২০ বিশ্বকাপত পত্নীয়ে উৎসাহিত কৰিলে বিৰাট কোহলীক
তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শুক্ৰবাৰে, ৫ নৱেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিছিল যিহেতু তেওঁ ৩৩ বছৰীয়া হৈছিল। তেওঁ বৰ্তমান ইউ.এ.ই.ত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অধিনায়কত্ব কৰি আছে। টীম ইণ্ডিয়াইও শুক্ৰবাৰে চলিত খেলত বিৰাটৰ পত্নী, অভিনেত্ৰী অনুষ্কা শৰ্মাক ষ্টেণ্ডৰ পৰা উল্লাস কৰা দেখা গৈছে । শুক্ৰবাৰে এই জয়ে চেম্পিয়নশ্বিপত ভাৰতৰ সম্ভাৱনা জীয়াই ৰাখে। খেলখনৰ পিছত, ৰজা কোহলীক, যিহেতু তেওঁক অনুৰাগীসকলে মাতিছিল, তেওঁৰ জন্মদিনৰ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল। তেওঁ এটা হৃদয়স্পৰ্শী উত্তৰ দিছিল। বিৰাটে কৈছিল, “মই ভাবো মই এতিয়া সেই পৰ্যায়টো শেষ কৰিছো। মোৰ পৰিয়াল ইয়াত আছে। অনুষ্কা আৰু ভামিকা ইয়াত আছে। জীৱনৰ এই সময়ত কেৱল পৰিয়াল থকাটো অতি কঠিন। এইটো নিজেই এক আশীৰ্বাদ। দলটো আশ্চৰ্যজনক আছিল। সকলোৱে মোক শুভেচ্ছা জনাইছিল।” খেলৰ পিছৰ প্ৰেজেণ্টেচনত তেওঁৰ স্বামীয়ে ভাষণ দিয়াৰ সময়ত অনুষ্কাক হাঁহি থকা দেখা গৈছিল। ক্ৰিকেটাৰজনে শুক্ৰবাৰে তেওঁৰ দলৰ সৈতেও উদযাপন কৰিছিল। বিচিচিআইয়ে টুইট কৰা এটা ভিডিঅ’ত টীম ইণ্ডিয়াৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলে বিৰাটৰ জন্মদিনৰ কেক কাটি থকাৰ সময়ত তেওঁক উল্লাস কৰা দেখা গৈছে। বিৰাটে এম এছ ধোনী আৰু দলৰ আন সদস্যসকলকো কেক খুৱাইছিল।
ইয়াৰ আগতে, অনুষ্কাই কোহলীৰ জন্মদিনত এটা মৰমৰ আৰু আৱেগিক টোকা লিখিছিল। তাই একেলগে তেওঁলোকৰ এখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছিল। ছবিখনৰ কাষত তাই লিখিছিল, “আপোনাৰ মূল অংশটো তীখাৰ সততা আৰু সাহসেৰে নিৰ্মিত। সাহস যি সন্দেহক বিস্মৃতিত পেলাই দিয়ে। মই এনে কোনো লোকক নাজানো যিয়ে আপোনাৰ দৰে অন্ধকাৰ ঠাইৰ পৰা নিজকে তুলি ল’ব পাৰে। আপুনি সকলো ধৰণে উন্নত হয় কাৰণ আপুনি আপোনাৰ মাজত স্থায়ী আৰু নিৰ্ভীক বুলি একো ধৰি নাৰাখে। মই জানো যে আমি এনেদৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ইজনে সিজনৰ সৈতে কথা পাতিবলৈ নহয় কিন্তু কেতিয়াবা মই কেৱল চিঞৰি বজাই বিশ্বক ক’ব বিচাৰো যে আপুনি কি আশ্চৰ্যকৰ মানুহ ভাগ্যৱান তেওঁলোক যি আপোনাক সঁচাকৈয়ে জানে।”











