Home Blog Page 2745

ওদালগুৰিত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম সৰ্বভাৰতীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰ্বভাৰতীয় পৰ্যায়ৰ  ২৭ সংখ্যক বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনি  ৬নবেম্বৰত  ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু খেল পৰিচালনা সমিতিৰ সহযোগত ওদালগুৰিৰ নলবাৰী খেলপথাৰত অনুষ্ঠিত হৈছে।
এই উপলক্ষে দিনৰ ২ বজাত জিলা ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। খেল পৰিচালনা সমিতিৰ  মুখ্য আহ্বায়ক ৰতেন্দ দৈমাৰীয়ে আতঁধৰা অনুষ্ঠানত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়োই।ইয়াৰ পিছতেই বেলুন আৰু শান্তিৰ বগা পাৰ চৰাই উৰুৱা  অনুষ্ঠানত অংশ গ্ৰ্হন কৰে ক্ৰমে-নিখিল  বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বিপেন বড়ো, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী,বিটিচিৰ উপমুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰী,বিএচিৰ প্ৰাক্তন ডেপুটি চীফ তথা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ প্ৰতিযোগিতাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ কুমাৰ দৈমাৰী,ওদালগুৰি জিলা এবচুৰ সভাপতি লোহিত বড়ো,অসম ফুটবল সন্থাৰ সহকাৰী সম্পাদক প্ৰনীল দৈমাৰী,বিটিচিৰ ই  এম ঘনশ্যাম দাস,ওদালগুৰি পৌৰ সভাৰ সভাপতি ৰাকেশ বড়ো,জিলা ক্ৰীড়া প্ৰাধিকাৰী চৌমদৌম মোছাহাৰী,মেচ কমিছনাৰ সুব্ৰত সিঙে,টিচিৰ এমচিএল সঞ্জয় স্বৰ্গীয়াৰী আৰু ফ্ৰেচ মোছাহাৰী আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে।

খেলৰ আৰম্ভনিতে জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে খেলুৱৈ আৰু অতিথি সকলৰ প্ৰতি আদৰণি ভাষন আগবঢ়ায়।ইয়াৰ পিছতেই বিটিচিৰ ডেপুটি চীফ তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে খেলখন উদ্বোধন কৰে।আজি অৰগেং ক্লাব (ডিমাকুছি)আৰু নিউ মডেল স্পষ্ট’চ ক্লাব (ওদালগুৰি)ৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ব  উদ্ধোধনী খেলত  নিউ মডেল স্পষ্ট’চ ক্লাবৰ খেলুৱৈ চুকুৰ সিঙে খেলৰ প্ৰথমাৰ্ধৰ ১মিনিট,২২ মিনিট,৪০ মিনিটত একোটাকৈ আৰু ২২,৩১ মিনীটত বিননে দুটা স্ক’ৰ কৰে। অৱশ্যে খেলৰ দ্বিতীয়াৰ্ধৰ ৪৩ মিনিটত ডিমাকুছিৰ অৰগেং ক্লাবৰ ষ্টাইকাৰ সুদীপ দৈমাৰীয়ে এটা আৰু ৬২ মিনিটত ৰবী কোচে এটাকৈ স্ক’ৰ কৰি ৫-২ সমতালৈ আনে।ফলত উদ্ধোধনী খেলত ওদালগুৰিৰ নিউ মডেল স্পষ্ট’চ ক্লাবে ডিমাকুছিৰ অৰগেং ক্লাবক ৫-২ গলৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰবেশ কৰে।খেল পৰিচালনা কৰে দিশ্বজিৎ দৈমাৰী,বুদ্ধ বসুমতাৰী,বাবুৰাম দৈমাৰী আৰু দ্বিজেন্দ্ৰ মোহনে।

৬৭ বছৰীয়া হ’ল কমল হাছান

আজি ৬৭ বছৰীয়া হ’ল অভিনেতা কমল হাছান। তেওঁ এজন অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, প্ৰযোজক, গায়ক, গীতিকাৰ আৰু আনকি এজন ৰাজনীতিবিদ হিচাপেও জনাজাত। হাচানে মুখ্যতঃ তামিল চলচ্চিত্ৰত কাম কৰিছে, কিন্তু কেইবাখনো তেলেগু, হিন্দী, মালায়ালম, কানাড়া আৰু বঙালী চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ এক সমৃদ্ধ চলচ্চিত্ৰ কেৰিয়াৰ জীয়াই আছে, আৰু চাৰিটা ৰাষ্ট্ৰীয় বঁটা আৰু ১৯ টা ফিল্মফেয়াৰ চাউথ বঁটা লাভ কৰিছে। ৬৭ বছৰীয়া ব্যক্তিগৰাকীক চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী আৰু পদ্মভূষণসন্মানেও সন্মানিত কৰা হৈছে। আজি তেওঁৰ জন্মদিনত শুভেচ্ছা বাৰ্তাৰে অনুৰাগীয়ে উপচাই পেলাইছে ছ’চিয়েল মিডিয়া। কেৱল অভিনয়েই নহয়, হাচানে বহুতো চলচ্চিত্ৰ পৰিচালনা কৰিছে। হাস্যকৰ নাটক চাচী-৪২০ ৰ পৰা ঐতিহাসিক অপৰাধ চলচ্চিত্ৰ হে ৰামলৈকে, হাছানে একাধিক বাৰ তেওঁৰ চলচ্চিত্ৰ নিৰ্মাণ দক্ষতা প্ৰমাণ কৰিছে।

ধাৰাসাৰ বৰষুণৰ ফলত তামিলনাডুত সতৰ্কতা জাৰি !

ধাৰাসাৰ বৰষুণৰ পিছত তামিলনাডুৰ কিছু অংশত বানপানীৰ সতৰ্কতা জাৰি । ৰাতিটোৰ ভিতৰতে চেন্নাই আৰু ইয়াৰ উপনগৰীয় অঞ্চলত ধাৰাসাৰ বৃষ্টিপাতৰ ফলত চাৰিওফালে পানী জমা হৈ পৰে। বৰ্তমানলৈও এই বৃষ্টিপাত হৈ আছে। দেওবাৰে উৰ্ধতম কৰ্তৃপক্ষই প্ৰাথমিক বানপানীৰ সতৰ্কতা জাৰি কৰে। চেম্বাৰামবাক্কাম আৰু পুঝাল জলাশয়, যি চেন্নাই চহৰলৈ খোৱা পানীৰ গুৰুত্বপূৰ্ণ উৎস হিচাপে কাম কৰে, অতিৰিক্ত বৰষুণৰ পানী এৰি দিবলৈ মুকলি কৰা হ’ব বুলি কৰ্তৃপক্ষই ঘোষণা কৰে।

প্ৰাথমিক বানপানীৰ সতৰ্কতা বজাই, ৰাজ্যৰ জল সম্পদ কৰ্তৃপক্ষই কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰৰ জিলা অঞ্চলত বাস কৰা লোকসকলক স্থানান্তৰ কৰিবলৈ আৰু তেওঁলোকক সুৰক্ষিত স্থানত ৰাখিবলৈ পৰামৰ্শ দিয়ে।

উল্লেখ্যযে, শনিবাৰে পুৱাৰ পৰা, চেন্নাই আৰু কাঞ্চীপুৰম আৰু তিৰুভাল্লুৰ জিলাৰ কেইবাটাও অংশত মাজে মাজে বৰষুণ হৈছিল আৰু নিশাৰ পৰা বৰষুণ অবিৰাম হৈ পৰে যাৰ ফলত বহুতো অঞ্চলত প্লাৱিত হৈ পৰে।

ওৰাং,ধনশ্ৰীঘাটৰ গোৰ্খা জনগোষ্ঠীৰ ভাইদৌজ উৎসৱ

৬নবেম্বৰত পোহৰৰ উৎসৱ তিহাৰৰ অন্তিম দিন যাক ভাতৃ দ্বিতীয়া, ভাইটিকা,অথবা ভাইদৌজ বুলিও কোৱা হয়|কাতি শুক্ল পক্ষৰ দ্বীতিয়া তিথিত পালন কৰা এই পৰ্ৱটি বিশেষ ধৰণে পালন কৰা হয়| বাই-ভনী হঁতে নিজৰ দাদা-ভাই হঁতক কপালত টিকা লগাই, মালা পিন্ধাই, সুস্বাদু আহাৰ খুৱাই বস্ত্ৰ আদি দি মৰম স্নেহৰ আদান প্রদাণ কৰে| ককাই-ভাই হঁতেও বাই-ভনী হঁতক কপালত গোলাকৃতিৰ ফোট দি ধন বিনিময় কৰি ভৰিত সেৱা কৰি আশীৰ্ৱাদ গ্ৰহণ কৰে|কিচুমানে বাই-ভনী হঁতৰ পৰা ধন ধাৰে লৈ জুৱা খেলিবলৈও যোৱা দেখা যায়| ভাইটিকা টো আছলতে দীর্ঘ দিন ধৰি দেখা সাখ্যাত নোহোৱা ভতৃ-ভগ্নী হঁতক একেলগ কৰি মৱৰ স্নেহৰ আদান প্রদান কৰা আৰু সম্বন্ধত আহিব ধৰা দূৰত্ব হ্রাস কৰি পৰিয়ালৰ সকলো লোককে একতাৰ এনাজৰীৰে বান্ধি ৰাখিবৰ কাৰণে পালন কৰা হয়|ভাইটিকাৰ আগতেই বাই-ভনী হঁতে পান চুপাৰি আদি দি ককাই ভাই হঁতক আমন্ত্রন জনায়|ভাইটিকাৰ দিনা বাই-ভন্টী হঁতে ৰাতিপূৱাই উঠি গা-পা ধূই প্ৰথমে অষ্ট-চিৰণজীৱিৰ পূজা কৰে,তাৰ পাছত চাকি বন্তি জ্বলাই কলচ স্হাপন কৰি গণেশৰ পূজা কৰে|তাৰ পাছত বিমিৰাৰ(এবিধ নেমু)পূজা কৰা হয়| তাৰ পাছত ককাই-ভাই হঁতৰ মংগল কামনা কৰি দৰ্জাত ওখল তথা যমৰাজৰ পূজাকৰি,ওখল ভঙি পেলাই দিয়া হয়|কালৰ ৰাস্তা বন্ধ কৰিবৰ কৰণে ভাই হঁতক ছেকা (সুৰক্ষা দিয়া) হয়|তাৰ পাছত ফুল,অক্ষতা,চন্দন,আতৰ লগাই পূজা কৰি চুলিত তেল খানি আৰ্চি প্ৰদৰ্শন কৰি চুলিও আচুৰি দিয়া হয়|তাৰ পাছত বাই-ভনী হঁতে ককাই ভাই হঁতৰ যশ,ঐচৰ্য্য,সুৰক্ষা,দীৰ্ঘায়ু, কামনা কৰি কপালত সপ্তৰঙী টিকা লগাই দিয়ে আৰু মখমলী বা চয়পত্রী বা দুবো(এবিধ পূজাত লগা ঘাঁহ)ৰ মালা পিন্ধাই মূৰত ঢাকা টুপি পিন্ধাই দিয়ে| এটেৱেই হৈছে গোৰ্খা সকলৰ ভাইটিকা| ওৰাং,ধনশ্ৰীঘাট,ৰৌতা আদি গোৰ্খা জনগোষ্ঠীৰ মাজত ভাইটিকা উৎসবটো অনুষ্ঠিত হৈ যায় ৷

মাজবাটত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱস উদযাপন

বিভিন্ন প্ৰান্তৰ লগতে  মাজবাটত সুধাকণ্ঠ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু মাজবাট বাসী ৰাইজৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱসটি ৫ আৰু ৬ নৱেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্ যাপন কৰা হয়।
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক স্মৃতি দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচী পুৱা ৫ বজাত প্ৰভাত ফেৰিৰে অনুষ্ঠিত হোৱাৰ পিছতে পুৱা ১০ বজাত সুধাকণ্ঠৰ প্ৰতিমূৰ্ত্তিত  মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় । ১১ বজাত  সুধাকণ্ঠৰ স্মৃতিত গছপুলি ৰোপন আৰু সন্ধিয়া ৫বজাত  সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ বেদীত সমুহীয়াকৈ বন্তি প্ৰজ্বলনেৰে প্ৰথম দিনৰ কাৰ্যসূচী সমাপ্ত কৰা হয় । ৬ নবেম্বৰ তাৰিখে দ্বিতীয় দিনৰ প্ৰথম কাৰ্য্যসূচী দিনৰ ১-৩০ বজাত ছাত্ৰ- ছাত্ৰী সকলৰ মাজত  কুইজ প্ৰতিযোগিতা , ৩-৩০ বজাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা , সন্ধিয়া ৫ বজাত মাজবাটস্থ জেষ্ঠ নাগৰিক , লেখিকা সমিতি আৰু মহিলা সমিতিৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰাৰ পিছতে  ভূপেন্দ্ৰ সংগীতৰ ওপৰত দলীয় নৃত্য প্ৰতিযোগিতা আৰু সন্ধিয়া ৬-৩০ বজাত স্থানীয় ন- পুৰণি আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সুধাকণ্ঠৰ ওপৰত গীত- নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হ’য়। দশম বাৰ্ষিক সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু ৩৯ নং পাঁচনৈ চেৰফাং বিটিছি পৰিষদৰ কাৰ্যবাহী সদস্য দীপক মৌৰক সুধাকণ্ঠ স্মৃতি ৰক্ষা সমিতিৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । 

অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে ক’ভিড ৱাৰ্ডৰ ১০ গৰাকী ৰোগীৰ !

মহাৰাষ্ট্ৰ চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ জুইত ১০ জন ৰোগীৰ মৃত্যু। মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে কৈছিল যে -আইচিইউটো ক’ভিড ৰোগীসকলৰ চিকিৎসাৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছিল, আৰু জুই লগাটো এটা অতি গুৰুতৰ বিষয় আছিল। আজি পুৱা প্ৰায় ১১ বজাত মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ অসামৰিক চিকিৎসালয়ৰ আইচিইউ (নিবিড় যত্ন গোট)ত অগ্নিকাণ্ডসংঘটিত হোৱাৰ ফলত দহজন ৰোগীৰ মৃত্যু হৈছে। আন এজন ৰোগী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। জুই চিকিৎসালয়ৰ চি.ও.ভি.আই.ডি.-১৯ ৱাৰ্ডত আছিল, য’ত ১৭ জন ৰোগীক ভৰ্তি কৰা হৈছিল। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে দুৰ্ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে, আৰু মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ বাবে ৫ লাখ ক্ষতিপূৰণ ঘোষণা কৰিছে। বাকী থকা ৰোগীসকলক আন এখন চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে, জিলা উপায়ুক্ত ডাঃ ৰাজেন্দ্ৰ ভোচলে সাংবাদিকক কয় যে গাঁথনিটোৰ ‘অগ্নি অডিট’ কৰা হৈছে। এতিয়া নিৰ্বাপিত হোৱা জুইৰ কাৰণ এতিয়াও অজ্ঞাত, কিন্তু অগ্নি নিৰ্বাপক বিভাগৰ প্ৰাথমিক অনুসন্ধানে সূচায় যে ই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে আৰম্ভ হৈছিল।

২০২১’বৰ্ষৰ অসম ষ্টাৰ এৱাৰ্ড “প্ৰাপ্তিৰে তীৰ্থনগৰী হাজোলৈ সুনাম অৰ্জন ড°পংকজ নম:শূদ্ৰৰ

তীৰ্থনগৰী হাজোৰ সুযোগ্য সন্তান, নৃত্য বিশাৰদ, বিভিন্ন সন্মানেৰে বিভুষিত, ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ নম:শূদ্ৰই অসম ষ্টাৰ এৱাৰ্ড – ২০২১ সন্মানে প্ৰাপ্তিৰে বৃহত্তৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে গৌৰৱৰ ধ্বজ্জা। সামাজিক- সাংস্কৃতিক সংগঠন অসম ষ্টাৰৰ উদ্যোগত গুৱাহাটী – পাঞ্জাবাৰীস্থিত শংকৰদেৱ ক’লাক্ষেত্ৰৰ আন্তৰ্জাতিক মাধৱদেৱ প্ৰেক্ষাগৃহত অনুস্থিত ” অসম ষ্টাৰ এৱাৰ্ড – ২০২১”শীৰ্ষক নৃত্যশ্ৰী সন্মানেৰে নিজ হাজোৰ পানীপাৰা নিৱাসী পংকজ নম:শূদ্ৰক সন্মানিত কৰে। বোলছৱি জগতৰ সুদক্ষ অভিনেতা নিপন গোস্বামী, মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া, অভিনেতা ৰবি শৰ্মাকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সন্মানেৰে বিভুষিত কৰে পংকজ নম:শূদ্ৰক। অসম প্ৰকাশন পৰিষদৰ সভাপতি প্ৰমোদ কলিতাই প্ৰদান কৰা এই সন্মানত আছিল এখনি চেলেংচাদৰ, মানপত্ৰ, এখন গ্ৰন্থ আৰু ষ্টাৰ বটা এটা। উল্লেখ্য যে, অসমীয়া ভাষা আৰু সাহিত্য উভয় বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী পংকজ নম:শূদ্ৰ লোকসংস্কৃতি বিষয়ৰো এগৰাকী স্নাতক। ইউ জি চি নেট্ আৰু শ্লেট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ নম:শূদ্ৰই  ২০০৯-১০ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা এম. ফিল আৰু ২০১৮ চনত পি এইচ ডি  উপাধি গ্ৰহণ কৰে । ২০০৪ বৰ্ষত তেওঁ হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত আৰু পৰৱৰ্তী সময়ত ২০১৬ বৰ্ষত কামৰূপৰ ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপকৰ পদত যোগদান কৰে। ২০১২ চনত অসম সংগীত সত্ৰৰ পৰা নৃত্য বিষয়ত ‘গুণীন’ (নৃত্য বিশাৰদ) উপাধি প্ৰাপ্ত পংকজ নম:শূদ্ৰই ভাৰতৰ বিভিন্ন ঠাইত নৃত্য আৰু ভাওনা পৰিৱেশনেৰে বুটলিবলৈ সক্ষম হোৱা সন্মানসমূহ হৈছে, নৃত্য শিৰোমণি (২০১৮, কটক, ওড়়িশা), নৃত্য জয়া সন্মান (২০১৮, কলকাতা), কামাখ্যী আচাৰ্য সন্মান (২০১৮, গুৱাহাটী), নৃত্য কলা চূড়়ামণি (২০১৯, কটক, ওড়়িশা), নৃত্যমণি সন্মান (২০১৯, ৰাওৰকেলা, ওড়়িশা), নৃত্য বৈভৱ সন্মান (২০১৯, বেনাৰস হিন্দু বিশ্ববিদ্যালয়), নৃত্য শাস্ত্ৰীয় সন্মান (২০১৯, গুৱাহাটী), নৃত্য ভূষণ সন্মান, (২০২০, কটক, ওড়়িশা)। এই সমূহৰ উপৰি তেওঁ ২০১৪ চনত অসমীয়া কথাছবি ‘মমতাজ’ত কৰা নৃত্যাভিনয়ৰ লগতে গুৱাহাটী দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিক আৰু নৃত্য নাটিকাত অভিনয় প্ৰদৰ্শনেৰে সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে।

সদৌ অসম কেওঁট জাতীয় পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক সমূহৰ পৰ্য্যালোচনা সভা ৷

সদৌ অসম কেওঁট জাতীয় পৰিষদৰ নগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক সমূহৰ এখনি পৰ্য্যালোচনা সভা যোৱা ৩ নৱেম্বৰত নগাঁওস্থিত জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ উক্ত পৰ্যালোচনা সভাত কেন্দ্ৰীয় পৰ্যব্যেক্ষক হিছাপে সদৌ অসম কেওঁট জাতীয় পৰিষদৰ উপ-সভাপতি লক্ষণ শইকীয়া,সদৌ অসম কেওঁট জাতীয় পৰিষদৰ মুখপাত্ৰ জয়ন্ত শইকীয়া,কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক দীপক কুমাৰ শইকীয়া,সাহিত্য আৰু সাংস্কৃতিক সম্পাদক প্ৰবিন কুমাৰ হাজৰিকাৰ উপস্থিতিত নগাঁৱত হব লগীয়া আগন্তুক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সম্পৰ্কে বিষদভাৱে আলোচনা কৰা হয় ৷ উক্ত পৰ্য্যালোচনা সভাত নগাঁও জিলাৰ বিভিন্ন আঞ্চলিক সমূহৰ উপস্থিতিত এখনি অভ্যৰ্থনা সমিতি গঠন কৰি কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক খনি অনুষ্ঠিত কৰিবৰ বাবে নৱেম্বৰ মাহৰ ২৮ তাৰিখটো সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে বুলি কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দীপক কুমাৰ শইকীয়াই এক বিবৃত্তি যোগে জানিবলৈ দিছে ৷ 

লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত অভিভাবক সভা

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ এক আগশাৰীৰ ব্যতিক্রমধৰ্মী তথা আধুনিক শিক্ষা জগতৰ উন্নত মানদণ্ডৰ এটি ব্যক্তিগত শিক্ষানুষ্ঠান লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত আজি দিনৰ ১২ বজাত শতাধিক ছাত্র ছাত্রীৰ অভিভাবক আৰু বিদ্যালয়ৰ অধ্যক্ষ ছুলমান আলীৰ লগতে ১৭ জন শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্হিতিত কৰোনা মহামাৰীৰ লক ডাউনৰ বাবে প্ৰায় ৬ মাহৰ বিৰতিৰ অন্তত যোৱা ১৯ অক্টোবৰৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পিছত প্ৰথম খন অভিভাবক সভাৰ লগতে পৰিচালনা সমিতিৰ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। সভাত সভাপতিত্ব কৰে হাৰুণ অল ৰাশিদ দেৱে। সভাৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ ছুলমান আলীয়ে। সভাত বিদ্যালয় পৰিচালনা সমিতিয়ে বিগত লক ডাউনৰ সময়চোৱাত পাঠদান বন্ধ থকাত ছাত্র ছাত্রী সকলৰ মাহেকীয়া মাছুলৰ ওপৰত আলোচনা কৰা হয়। লগতে শিক্ষক গোটৰ লগত শৈক্ষিক পৰিবেশৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ সৰ্বাঙ্গীন বিকাশৰ দিশতো চৰ্চা কৰা হয়। অভিভাবক সকলৰ তৰফৰ পৰাও বিদ্যালয় কতৃপক্ষক সু পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়। 

ছিপাঝাৰত অৱসৰী শিক্ষক মতলিব আলীৰ মৃত্যুত শোক

দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলিমঘোপা গাঁৱৰ ধৰ্মপ্ৰাণ ব্যক্তি অৱসৰী শিক্ষক মতলিব আলী (৮০)ৰ কালি দুপৰীয়া ১২-১৫ বজাত মৃত্যু হয়৷ তেখেত যোৱা কেইবাবছৰ ধৰি অসুস্থ অৱস্থাত আছিল৷ মৃত্যুৰ সময়ত তেখেতে পত্নী সহিতে ৩ জন পুত্ৰ, ৪ জনী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেত ছিপাঝাৰ শিক্ষাখণ্ডৰ অধীনস্থ ৰামৰাইপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত প্ৰধানশিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ তেখেত কলাঠাচুবা জামে মছজিদ পৰিচালনা সমিতিৰ সুদীৰ্ঘ ২০ বছৰ সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল৷ তেখেত এজন সহজ সৰল অন্তৰৰ সকলোৰে প্ৰতি মৰম থকা ব্যক্তি আছিল৷ কণ কণ ল’ৰা-ছোৱালীক ফল-মূল, চকলেট বিতৰণ কৰি আনন্দ পাইছিল৷ তেখেতৰ জানাজা নামাজ কালি নিশা ৮-৩০ বজাত সম্পন্ন কৰা হয়৷ জানাজা নামাজত ইমামতি কৰে মৌলানা আলহাজ ইক্ৰামূল মজিদে৷ দফনৰ পিছত দোৱা সম্পন্ন কৰে মুছলিমঘোপা কলাঠাচুবা জামে মছজিদৰ পেচ ইমাম মৌঃ আব্দুল কাদিৰে৷ জানাজাত বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী, অধিবক্তা নজৰুল হুছেইন (মুকুট)ৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন, অসম, মুছলিমঘোপা কলাঠাচুবা জামে মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণ ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷