Breaking

লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত অভিভাবক সভা

0 2,023

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ এক আগশাৰীৰ ব্যতিক্রমধৰ্মী তথা আধুনিক শিক্ষা জগতৰ উন্নত মানদণ্ডৰ এটি ব্যক্তিগত শিক্ষানুষ্ঠান লাহৰীঘাট চিনিয়ৰ ছেকেণ্ডাৰী ইংলিচ মিডিয়াম স্কুলত আজি দিনৰ ১২ বজাত শতাধিক ছাত্র ছাত্রীৰ অভিভাবক আৰু বিদ্যালয়ৰ অধ্যক্ষ ছুলমান আলীৰ লগতে ১৭ জন শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্হিতিত কৰোনা মহামাৰীৰ লক ডাউনৰ বাবে প্ৰায় ৬ মাহৰ বিৰতিৰ অন্তত যোৱা ১৯ অক্টোবৰৰ পৰা বিদ্যালয়ত পাঠদান আৰম্ভ হোৱাৰ পিছত প্ৰথম খন অভিভাবক সভাৰ লগতে পৰিচালনা সমিতিৰ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। সভাত সভাপতিত্ব কৰে হাৰুণ অল ৰাশিদ দেৱে। সভাৰ উদ্দেশ্য বাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ ছুলমান আলীয়ে। সভাত বিদ্যালয় পৰিচালনা সমিতিয়ে বিগত লক ডাউনৰ সময়চোৱাত পাঠদান বন্ধ থকাত ছাত্র ছাত্রী সকলৰ মাহেকীয়া মাছুলৰ ওপৰত আলোচনা কৰা হয়। লগতে শিক্ষক গোটৰ লগত শৈক্ষিক পৰিবেশৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ উপৰিও বিদ্যালয়ৰ সৰ্বাঙ্গীন বিকাশৰ দিশতো চৰ্চা কৰা হয়। অভিভাবক সকলৰ তৰফৰ পৰাও বিদ্যালয় কতৃপক্ষক সু পৰামৰ্শ আগবঢ়োৱা পৰিলক্ষিত হয়। 

Leave A Reply