Home Blog Page 2746

বকোত ” পাঞ্চজন্য শিল্পী গোষ্ঠী”ৰ নাট শুভ উদ্ধোধন

নাটকৰ জৰিয়তে স্বকীয় সংস্কৃতি আৰু সমাজ সংস্কাৰ কৰিব পাৰি, :খয়াৰ আলী আহমেদ।দৈনন্দিন বাৰ্তা সেৱা,বকো, ৬ নবেম্বৰকৃষ্টিৰ পথাৰত সৃষ্টিৰ থাপনা স্থাপন কৰি কামৰূপ জিলাৰ বকোত আজি শুভ উন্মোচনী অনুষ্ঠান ৰূপায়ণ কৰা হয় পাঞ্চজন্য নামৰ শিল্পী গোষ্ঠীৰ সাংস্কৃতিক মঞ্চ। উল্লেখ্য যে ; কৃষ্টি সংস্কৃতিত চহকী পশ্চিম অসমৰ দেশী জনগোষ্ঠীয়ে আধ্যাত্মিক পৰম্পৰা তথা জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিত যথেষ্ট ভুমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত প্ৰতি বছৰৰ দৰে এই বেলিও নতুন সাজ সজ্জাৰে কেইবাখনো নাট সম্ভাৰ লৈ বকো আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা বালিঝাৰ বজাৰ প্ৰাঙ্গনাত আনুষ্ঠানিকতা ৰক্ষা কৰি সাংস্কৃতিক গোষ্ঠীটোৰ সাংস্কৃতিক মঞ্চ শুভ উদ্ধোধন কৰা হয়। সাংস্কৃতিক মঞ্চ খন উদ্ধোধন কৰে বৰুৱাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে। সভাত কামৰূপ জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি খয়াৰ আলী আহমেদে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে ” কলা সংস্কৃতি হৈছে এটা জাতি জনগোষ্ঠীৰ দাপোন স্বৰূপ। ইয়ে বিশ্বৰ দৰবাৰত জনগোষ্ঠীক আগুৱাই নিয়াত যথেষ্ট সহায় কৰে। তেওঁ আৰু কয় যে কেৱল নিজৰ পৰম্পৰাৰ মাজতেই আৱদ্ধ নাথাকি নাট্য দল টোয়ে বাল্য বিবাহৰ বিৰুদ্ধে ; মদ ড্ৰাগছ ; গুটখা ; বিড়ি ; চিগাৰেট আদিৰ নিচিনা সমাজৰ ব্যাধি স্বৰূপ অপ শক্তিৰ ওপৰত তথ্য চিত্ৰ ; বাটৰ নাট আদিতো মনোনিবেশ কৰি সমাজ খনক যাতে আগুৱাই নিয়াত সহায় কৰে তাৰ পৰামৰ্শ দিয়ে সাংস্কৃতিক দলটোক। অনুস্থানত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মতিউৰ ৰহমান ; নৰুল হক গাওবুঢ়া ; বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ প্ৰাক্তন সভাপতি ছামাদ আলী ; সম্পাদক ইমাৰ আলী ; কেৰামত আলীৰ উপৰিও অঞ্চলটোৰ বয়োজেষ্ঠ্য ব্যক্তি সকলে উপস্থিত থাকি দলটোক দিহা পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে প্ৰায় পাঁচ শতাধিক দৰ্শক উপস্থিত থকা অনুস্থানৰ আত ধৰে পাঞ্চজন্য শিল্পী গোষ্ঠীৰ মুখ্য প্ৰযোজক আবু ছালাম আৰু ৰবিউল হুছেইনে।

চাবুৱা সংগীত বিদ্যালয়- চিহ্নযাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ সুধাকণ্ঠক  স্মৰণ

বিশ্ব বৰেণ্য শিল্পী, অসম ৰত্ন তথা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী আজি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ দৰে বৃহত্তৰ চাবুৱা অঞ্চলটো দিনজোৰা বৰ্ণাঢ্য বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰে। চাবুৱা সংগীত বিদ্যালয়ে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মহান শিল্পীজনাৰ মৃত্যু দিনটো গীত-মাত পৰিৱেশনৰ মাজেৰে উদযাপন কৰে । সন্ধিয়া ৫ বজাৰ পৰা  অনুষ্ঠিত মৃত্যু দিৱসটি ড০  ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাপন- ধূপ-চাকি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোলোক বৰপাত্ৰগোঁহাই আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা শিশুবন্ধু কুলেন দাসে । এটি বৰগীতেৰে কাৰ্যসূচী উদ্বোধন হোৱাৰ পিছতে ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যাপক ড০  দিগন্ত দত্তই সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে। ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে’ শীৰ্ষক হাজৰিকাদেৱৰ কালজয়ী গীত পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । সাংস্কৃতিক কাৰ্যসূচীত ক্ৰমে শ্যামলী গোহাঁই, আদ্ৰিজা গোহাঁই , জাহ্নৱী ফুকন, হৰিপ্ৰিয়া গগৈ, অনাতাঁৰ শিল্পী চন্দ্ৰকান্ত ফুকন, প্ৰাৰ্থনা ফুকন, মুকুল দাস, অনুপ বৰুৱা,ৰহিত ডাঙৰীয়া, ভাৰ্স্বতী দাস, ৰামানুজ চেতিয়া, আচিক ফুকন, কৰিষ্ণু গগৈ, দীপান্বিতা হাজৰিকা,অভিনৱ গগৈ, তেজস্বিতা দিহিঙ্গীয়াকে ধৰি বহু কেইগৰাকী শিল্পীয়ে ড০  ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিবেশনেৰে অনুষ্ঠানটি সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত চাবুৱা ডায়েটৰ জেষ্ঠ্য প্ৰবক্তা ভূপেন দাস, চাবুৱা বিদ্যানিকেতনৰ অধ্যক্ষ দিগন্ত দত্ত, সমাজ সেৱাক তুলেশ্বৰ ঘৰফলীয়া, হাতীআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰবীন চেতিয়া, সাংবাদিক ক্ৰমে অৰুণ বৰপাত্ৰগোঁহাই, দিব্যজ্যোতি লাহন, বিশ্বজিৎ ফুকনকে ধৰি অন্যান্যসকল। অনুষ্ঠানটি আঁত ধৰে সংগীত বিদ্যালয়ৰ অধ্যক্ষ মুকুট নেওগ আৰু অনুপম বুঢ়াগোহাঁয়ে। ইফালে চাবুৱা চিহ্নযাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত দিনজোৰা কাৰ্যসূচীৰে ‘শ্ৰদ্ধাঞ্জলী অনুষ্ঠান’ নামেৰে উদযাপন কৰে। পূৱা ভাগত দিলীপ দাসৰ দুটি প্ৰভাতী বৰগীতেৰে অনুষ্ঠান শুভাৰম্ভ কৰে।  পূৱা দহ বজাত চিহ্নিযাত্ৰাৰ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি প্ৰশান্ত নেওগে পতাকা উত্তোলন, ১০.১৫ বজাত  শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সভাপতি পূৰন্দৰ গোহাঁইয়ে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসলৰ মাজত ভূপেন্দ্ৰ সংগীত আৰু নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত। সন্ধিয়া ৫ বজাত চাবুৱা নগৰত উলিওৱা শুভাযাত্ৰাৰ উদ্বোধন কৰে চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোণাকন বৰুৱাই । ৬ বজাত ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল্যাপন-ধূপ-চাকি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে সাংস্কৃতিক গোষ্ঠীটোয়ে । নিশালৈ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন হয়।

টুপামাৰীত শোকৰ ছাঁ! বিশিষ্ট সমাজ সেৱক আলহাজ ওৱাহেদ আলীৰ মৃত্যু

টুপামাৰীত শোকৰ ছাঁ, বিশিষ্ট সমাজ সেৱক আলহাজ ওৱাহেদ আলীৰ পৰলোক। কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ টুপামাৰী অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আলহাজ ওৱাহেদ আলী (৭২) ৰ যোৱা নিশা ৯ঃ৩০ বজাত নিজ বাসগৃহত মৃত্যু হয়। বৃহত্তৰ টুপামাৰী অঞ্চলৰ এখন অতিকে চিনাকি মূখ তথা বৃহত্তৰ অঞ্চলটোৰ এগৰাকী সৰবৰহী ব্যক্তি আলহাজ ওৱাহেদ আলীৰ মৃত্যুত জাতি-ধৰ্ম নিৰ্বিশেষে সকলো মৰ্মাহত। অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জড়িত থকাৰ উপৰিও বিভিন্ন সমাজিক কাম কাজ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান লগতো জড়িত থাকি কাম কাজ কৰাৰ বাবে সকলো স্তৰৰ লোকৰ প্ৰিয়ভাজন হবলৈ সক্ষম হোৱা লোকজনৰ বিয়োগে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। আজি ৰাতিপুৱা ১০ বজাত কৰিতলা কৱৰস্থানত সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত তেখেতৰ জানাজা সম্পন্ন হয়। জানাজাত টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দাসো উপস্থিত থাকি আলহাজ ওৱাহেদ আলীলৈ অন্তিম সেৱা যাঁচে। মৃত্যুৰ সময়ত পত্নী, এজন লৰা, দুজনী কন্যা, নাতি, নাতিনী সহ অসংখ্য গুণমুগ্ধক ইসংসাৰত এৰি থৈ যায়। জানাজাৰ পৰত আত্মীয় স্বজনৰ উপৰিও কেবা সহস্ৰাধিক গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন আৰু আত্মাৰ  চিৰশান্তি কামনা কৰে।

মহাৰাষ্ট্ৰৰ আহমদনগৰত ভয়ংকৰ অগ্নিকাণ্ড

মহাৰাষ্ট্ৰৰ আহমদনগৰস্থিত শনিবাৰে এখন চিকিৎসালয়ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছে ১০ গৰাকী ৰোগীৰ । চিকিৎসালয় খনত চিকিৎসা গ্ৰহণ কৰি থকা ১০ গৰাকী কভিড আক্ৰান্তৰ মৃত্যু ঘটিছে । গুৰুতৰ ভাৱে আহত হৈছে ৬ গৰাকী ৰোগী । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

আজিৰে পৰা বন্ধ কেদাৰনাথ মন্দিৰৰ দুৱাৰ!

পুৱা ৮ বজাৰ লগে লগে বন্ধ হৈ পৰিল কেদাৰনাথ মন্দিৰৰ দুৱাৰ। শীতৰ আগমণৰ লগে লগে পুনৰ ৬ মাহৰ বাবে বন্ধ হল কেদাৰনাথ মন্দিৰৰ দুৱাৰ । মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পিছত, বাবা কেদাৰৰ (ভগৱান শিৱ) পাঁচমুখৰ মূৰ্তিটো ফুলেৰে সজোৱা এটা পালঙ্কুৰত উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰলৈ লৈ যোৱা হৈছিল য’ত শীতৰ মাহবোৰত তেওঁক পূজা কৰা হয়। চলিত বৰ্ষৰ ছেপ্টেম্বৰত চাৰধাম যাত্ৰা আৰম্ভ হোৱাৰ পৰা ২.৪০ লাখতকৈও অধিক তীৰ্থযাত্ৰীয়ে কেদাৰনাথ মন্দিৰ দৰ্শন কৰিছিল। দেশৰ লগেতে বিদেশৰ বিভিন্ন ঠাইৰ পৰা এই তীৰ্থ স্থানলৈ বছৰি অগণন ভক্তৰ আগমণ হয়। যদিও প্ৰতিবাৰে শীতত তুষাৰপাতৰ বাবে বন্ধ হয় চাৰি ধাম ক্ৰমে কেদাৰনাথ লগতে বদ্ৰীনাথ ,যমুনন্ত্ৰী আৰু গংগোত্ৰী মন্দিৰ।

দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুৰ উদ্ধোধনী অনুষ্ঠানত ঠিকাদাৰসহ অভিযন্তাক মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা

অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ততম অঞ্চল হিচাপে পৰিগণিত হৈ অহা ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ পৰা মুক্ত কৰি ৰখাৰ বাবে অসম চৰকাৰে স্ব-অগ্ৰাধিকাৰ পুঁজিৰ ধনেৰে নিৰ্মাণ কৰিছে দুখনকৈ উৰণীয়া সেঁতু। ইয়াৰে প্ৰথমখন উৰণীয়া সেঁতু আৰ জি বৰুৱা পথত গণেশগুৰীৰ উৰণীয়া সেঁতুখন সংযোগ কৰাৰ বিপৰীতে ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ যাতায়তৰ বাবে উদ্ধোধন কৰা তিনি বাহুযুক্ত দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুখনে একে সময়তে গণেশগুৰী-খানাপাৰা  সংযোগী জি এছ ৰোড (শংকৰদেৱ পথ) আৰু   লাষ্টগেটলৈ সংযোগ কৰিছে। ইফালে ২০১৯ চনৰ ডিচেম্বৰ মাহত নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা দিছপুৰ ছুপাৰ মাৰ্কেট উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰাৰ বাবে তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ দায়িত্বত দিয়া হৈছিল অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত  প্ৰথম শ্ৰেণীৰ (ক্লাছ ১, এ) এজন সফল অসমীয়া ঠিকাদাৰ হিচাপে পৰিচিত দক্ষিণ কামৰূপৰ মিৰ্জা অঞ্চলৰ বাসিন্দা অনিল দাসক। কিন্তু লোক নিৰ্মাণ বিভাগৰ ইতিহাসত এক বিৰল   অভিলেখ সৃষ্টি কৰি অনিল দাসে লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰ সহায়কলৈকে সকলোৰে সহযোগিতাত এটা টীমৰ দৰে দিনে নিশাই কাম কৰি নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই যোৱা ৩০ অক্টোবৰৰ ভিতৰত নির্মাণকাৰ্য সম্পূৰ্ণ কৰে। আনহাতে উদ্ধোধনৰ প্ৰায় এক সপ্তাহ পূৰ্বে নিশা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উৰণীয়া সেঁতুখন আকস্মিকভাবে খোজকাঢ়ি পৰিদৰ্শন কৰিছিল। পৰিদৰ্শনকালত। লোকনিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেঁতুৰ ওপৰতে ইয়াৰ বাবে ঠিকাদাৰ অনিল দাস, নিৰ্মাণকাৰ্যৰ তদাৰক কৰা দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাকে ধৰি সংমণ্ডলটোৰ সকলো অভিযন্তাক টীমৱৰ্কৰ দৰে কাম কৰি নিৰ্ধাৰিত সময়তকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বাবে প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰিছিল। ইয়াৰ উপৰিও ৪ নৱেম্বৰত উৰণীয়া সেঁতুখনৰ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাবে মঞ্চত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ অনিল দাস, নিৰ্মাণ কাৰ্যৰ তদাৰক কৰা দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয়  বিশ্বজিৎ কলিতা আৰু প্ৰাণজিত তালুকদাৰ, সহকাৰী অভিযন্তাদ্বয় আবু চৈয়দ আৰু ৰূপক ডেকাক গামোছা পিন্ধাই মানপত্ৰ প্ৰদান কৰি ৰাজহুৱাভাবে সম্বৰ্ধনা জনায়। যাৰ বাবে দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলত কৰ্মৰত প্ৰায় ৭০ জন বিভিন্ন বৰ্গৰ কৰ্মচাৰী – অভিযন্তাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে।  উল্লেখ্য যে ক’ভিড -১৯ৰ দুটাকৈ ভয়াবহতাক নেওচিও ক’ভিড বিধি মানি, সান্ধ্য আইন, লকডাউন আদিৰ সুযোগ লৈ বিগত চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ দায়িত্বত থকা মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অভিযন্তা সকলে মাজনিশা আহিও উৰণীয়া সেঁতুখনৰ নিৰ্মাণ কার্য পৰিদৰ্শন কৰিছিল। আনকি উদ্ধোধনৰ দুদিন পূৰ্বে লোকনিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে মুখ্য অভিযন্তা সঞ্জীৱ শ্যামক লগত লৈ উৰণীয়া সেঁতুখন তন্নতন্নকৈ পৰিদৰ্শন কৰিছিল

লাহৰীঘাটৰ ধিঙ্গৰআটি গাৱঁত এক সন্তানৰ মাতৃ নিৰুদ্দেশ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত   লাহৰীঘাট গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ ধিঙ্গৰআটি গাৱঁৰ এক সন্তানৰ মাতৃ যোৱা ২ নবেম্বৰত পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দিছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে ধিঙ্গৰআটি গাৱঁৰ বাবুল ইছলামে সামাজিক ৰীতি নীতি অনুযায়ী ৪/৫ বছৰ আগতে নগাঁও জিলাৰ কচুৱাৰ শিংমাৰীৰ ফিৰুজা খাতুনক বিয়া কৰিছিল, আৰু সুন্দৰ সংসাৰো চলি আছিল লগতে দুয়োৰে এটি চাৰে তিনি বছৰীয়া পূত্র সন্তানো আছে। বাবুল ইছলাম দৰিদ্ৰ হোৱা হেতুকে জীৱিকা নিৰ্বাহৰ পথ হিচাপে কৰ্ম সূত্রে কেৰালাত কাম কৰিবলৈ গৈছিল। নিৰুদ্দেশ হোৱা বাবুলৰ পত্নী ফিৰুজা খাতুনে স্বামীৰ ঘৰৰ পৰা চিকিৎসা কৰিবলৈ যোৱা বুলি কৈ ওলাই গৈছিল,কিন্তু লক্ষনীয় বিষয় যে যাওতে নিজৰ ফুল কুমলীয়া পূত্র সন্তানটিক লগত নিয়া নাছিল। কান্ধোনত ভাগি পৰিছে কনমানি শিশুটি। যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দিয়া মহিলা গৰাকীৰ সন্ধান পায় তেন্তে 9365187853 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ

লাহৰীঘাটৰ বগলীপাৰা গাঁৱৰ দুই যুবকৰ থিতাতে মৃত্যু

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ হজৰত আলীৰ পূত্র আমিনুল হক  আৰু আব্দুল কাদিৰৰ পূত্র ৰিয়াজুল হকৰ যোৱা ৫ নবেম্বৰত বহিঃৰাজ্য নাগালেণ্ডৰ কিৰ্পি নামৰ ঠাইত NL07A , AO331 নম্বৰৰ  ডাম্পাৰ  পাল্টি হৈ  থিতাতে মৃত্যু হোৱাৰ খবৰে পৰিয়ালৰ লগতে লাহৰীঘাট অঞ্চলত শোকৰ ছাঁ বিয়পি পৰিছে। জানিব পৰা মতে আৰু দুজন  গুৰুতৰভাৱে আহত হোৱা যুৱক ক্ৰমে ইজাজুল হক আৰু হিবজুল ইছলাম  । সম্প্রতি আহত  দুয়ো যুবক তাতে হস্পিটেলত চিকিৎসাধীন হৈ আছে। নিহত হোৱা দুই বিবাহিত যুৱকৰ পৰিয়ালে জনোৱা মতে যোৱা ৩ নবেম্বৰ বুধবাৰে স্হানীয়  ঠিকাদাৰ হাৰুণ অল ৰাশিদৰ লগত কাম কৰিবলৈ ডিমাপুৰলৈ গৈছিল। তাৰ পৰা কৰ্ম সূত্রে ডিমাপুৰৰ পৰা  কিৰ্তি নামৰ ঠাইত  মাল ভৰ্তি ডাম্পাৰত বাকি শ্ৰমিকৰ সৈতে বগলীপাৰা গাঁৱৰ ৪ জন শ্রমিকো  গৈ আছিল। দূৰ্ভাগ্যবশতঃ মাল ভৰ্তি ডাম্পাৰটি আধা বাটতে পাল্টি হোৱাত থিতাতে দুই যুৱকৰ মৃত্যু হয়। দুয়োৰে মৃতদেহ আজি নিচেই পুৱাতে বগলীপাৰাত এম্বুলেন্স যোগে লৈ অনা হয়। 

ৰৌতাত ড০ ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত ছাত্ৰক অভিনন্দন জ্ঞাপন

ওদালগুৰি জিলাৰ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতা চাৰিআলি চহৰৰ  মাজমজিয়া ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংগঠনটোৰ অৱস্থিত শ্বহীদ বেদীৰ প্ৰাংগণত  কালি  ৫  নৱেম্বৰৰ সন্ধিয়া  ৫ বজাত ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী  পালন কৰা হয় ।  ২০১১ চনৰ  ৫ নৱেম্বৰত  শেষ নিশ্বাস ত্যাগ কৰা  সুধাকন্ঠ   ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি  উপলক্ষে  শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি নাথে । ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মলয় আচাৰ্য, আৰক্ষী বিষয়া ৰিতুপল  শইকীয়া , ছাত্ৰ সন্থাৰ  প্ৰাক্তন সাধাৰণ সম্পাদক বিক্ৰম দেউৰী , ৰিতম ডেকা আদিকেধৰি বহুতো ছাত্ৰ নেতা আৰু ৰাইজ উপস্থিত থকা ৰাজহুৱা ভাৱে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ চৌহদত স্হায়ী ভাৱে থকা সূধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাপণ কৰে ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অভিলাষ  দাসে । আনহাতে , ৰৌতা চাৰিআলিৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত ৰৌতা ষ্টেচনৰ শংকৰ – মাধৱ কৃষ্টি সংঘৰ প্ৰাংগণতো কালি ৫  নৱেম্বৰৰ দিনা  সন্ধিয়া সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী তিথি উদযাপন কৰা হয় । সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অভিষেক ৰাজ কলিতা আৰু ৰৌতা আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি লক্ষ্য জ্যোতি ডেকা আৰু  ভাৰপ্ৰাপ্ত সহকাৰী সম্পাদক মৃত্যুঞ্জয় ওজা প্ৰমুখ্যে ছাত্ৰ সংগঠন দুটাৰ কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰাৰ পাছতে ভাৰত ৰত্ন  ড০ ভূপেন হাজৰিকাৰ স্মৃতি তৰ্পণ আৰু সৰ্ব- ধৰ্ম প্ৰাৰ্থনা সভা  অনুষ্ঠিত হৈ যায় ।  ইয়াৰ পিছতেই সন্ধিয়া ৰৌতা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধিৰ দলে ৰৌতা ষ্টেচনৰ দুজন ছাত্ৰক অভিনন্দন জ্ঞাপন কৰে । সামগ্ৰিক প্ৰতিযোগিতামূলক সময়ত সদ্য ঘোষিত  সৰ্বভাৰতীয় ভিত্তিত নীট (Neet)ৰ দৰে পৰীক্ষাত সফলতা কঢ়িয়াই অনা ৰৌতাষ্টেঢনৰ দিব্যজ্যোতি পাঠক আৰু কুলদীপ দাসৰ ঘৰলৈ গৈ ৰৌতা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰৌতা আৰক্ষী থানাই দুয়োজন ছাত্ৰকেগামোচা , পুথি আদিৰে অভিনন্দন জনায় ।

গহপুৰৰ কৃতী শিক্ষক সমাজ সংগঠক মুকুল বৰাৰ মৃত্যু

সমাজকৰ্মী  সংগঠক মুকুল বৰাৰ কালি পুৱা ৬-১০ বজাত নিজ বাসভৱনত  মৃত্যুৰ বাতৰিযে সমগ্ৰ গহপুৰত শোকৰ ছাঁ পেলাইছে। পূব কলংপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাবে কৰ্মৰত অতি সহজ সৰল জীৱন যাপন কৰা মুকুল বৰা  কিছু দিনৰ পৰা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মহকুমা  কৃতী শিক্ষকৰ বঁটা প্ৰাপক বৰাই দুটা কায্য কালৰ বাবে গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে গহপুৰ সাৰ্বজনীন ৰাস মহোৎসৱত,গহপুৰ জিলা ক্ৰীড়া সন্থা ,সদৌ গহপুৰ শ্ৰীমন্ত শংকৰ গুৰু জন্ম জয়ন্তী উৎসৱ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জঢ়িত হৈ আছিল।সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত জনপ্ৰিয় বৰাৰ মৃত্যুৰ সময়ত ব‌য়স ৫৮ বছৰ হৈছিল। ইহ সংসাৰত পত্নী সহিতে দুজন পুত্ৰ পাঁচ জন ভাতৃ এগৰাকী ভগ্নী এৰি থৈ যোৱা আদৰ্শ শিক্ষক বৰাৰ মৃত্যুত  গহপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে  বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।  নিতুল বৰা হাৱাজান ।