ভাৰতৰ ৰাজধানীত বায়ুৰ মানদণ্ড শুক্ৰবাৰে ‘বিপদজনক’ স্তৰলৈ হ্ৰাস পাইছিল । দিল্লীত নিষেধাজ্ঞা অস্বীকাৰ কৰি দেৱালী সচৰাচৰ ব্যাপক ভাৱে আতচবাজীৰ ব্যৱহাৰেৰে উদযাপন কৰা হৈছিল। এয়াৰ কোয়ালিটি ইণ্ডেক্স (একিউআই) অনুসৰি, দিল্লীৰ বেছিভাগ স্থানত শুক্ৰবাৰে ৰাতিপুৱা ৫০০-ৰ ওপৰৰ একিউআই ৰেকৰ্ড কৰা হৈছিল। কেইটামান স্থানত সূচক সৰ্বাধিক ৯৯৯ আছিল। একিউআইয়ে প্ৰতি ঘন মিটাৰ বায়ুত পিএম ২.৫ কণিকাৰ ঘনত্ব জোখে, যি উচ্চ পৰিমাণত কাৰ্ডিওভাস্কুলাৰ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ সৃষ্টি কৰিব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই বাৰ্ষিক গড় ৫ মাইক্ৰ’গ্ৰামৰ ওপৰত যিকোনো বস্তুক অসুৰক্ষিত বুলি গণ্য কৰে – ৰয়টাৰৰ মতে শুক্ৰবাৰে দিল্লীত গড় পঢ়া আছিল ৭০৬ মাইক্ৰ’গ্ৰাম। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চহৰখনৰ প্ৰদূষণৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টাত যোৱা মাহত আতচবাজীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল। নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসত বুধবাৰে ৰাতিপুৱা একিউআই ১৯৭ বজাত থিয় হৈছিল। শুক্ৰবাৰৰ ভিতৰত একিউআই ৪৯২ ত ৰেকৰ্ড কৰা হৈছিল আৰু ‘বিপদজনক’ হিচাপে শ্ৰেণীবদ্ধ কৰা হৈছিল।
সমীৰ ৱানখেডেক আৰিয়ান খানৰ কেছৰ পৰা ‘আঁতৰোৱা হোৱা নাই’!
আৰিয়ান খান গোচৰএনচিবিৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰকৰা হৈছে; সমীৰ ৱানখেডে কেছটোৰ পৰা ‘আঁতৰোোৱা হোৱা নাই’। এক গুৰুত্বপূৰ্ণ ঘটনাত, নাৰ্কোটিক কণ্ট্ৰোল ব্যুৰোৰ (এনচিবি) বিতৰ্কিত আৰিয়ান খান গোচৰটো অপাৰেচন এনচিবি মুখ্য কাৰ্যালয়ৰ বিষয়াসকলক লৈ গঠিত এক বিশেষ অনুসন্ধান দল (এছআইটি)ৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছিল, এনচিবি মুম্বাই জোনেল উনৰ পৰা লোৱা ছয়টা গোচৰৰ ভিতৰত এটা পৰিচালক সমীৰ ৱানখেডেক গোচৰটোৰ পৰা আঁতৰাই দিয়া হৈছে নে নাই সেই বিষয়ে অনুমান উত্থাপন কৰা হৈছে। অৱশ্যে এক প্ৰেছ বিজ্ঞপ্তিত এনচিবিয়ে স্পষ্ট কৰি দিয়ে যে কোনো বিষয়াক তেওঁলোকৰ বৰ্তমানৰ ভূমিকাৰ পৰা আঁতৰ হোৱা নাই আৰু ইয়াৰ বিপৰীতে কোনো নিৰ্দিষ্ট আদেশ জাৰী নোহোৱালৈকে তেওঁলোকে প্ৰয়োজন অনুসৰি সহায় কৰি থাকিব। মুম্বাইত সংবাদ মাধ্যমৰ দ্বাৰা প্ৰশ্ন কৰা ৱানখেডেও অস্বীকাৰ কৰিছিল যে তেওঁক গোচৰটোৰ পৰা আঁতৰাই দিয়া হৈছে।
“মোক তদন্তৰ পৰা আঁতৰোৱা হোৱা নাই। এইটো আদালতত মোৰ ৰিট আৱেদন আছিল যে বিষয়টো এটা কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তদন্ত কৰা হ’ব। সেয়েহে, আৰ্যন খান গোচৰ আৰু সমীৰ খান গোচৰৰ তদন্ত দিল্লীৰ বিশেষ অনুসন্ধান কাৰী দলে কৰি আছে। এইটো দিল্লী আৰু মুম্বাইৰ এনচিবি দলৰ মাজত সমন্বয়।”
মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে কৈছিল যে ৱানখেডেক কৰ্ডেলিয়া ক্ৰুজ গোচৰকে ধৰি মুঠ পাঁচটা গোচৰৰ পৰা আঁতৰাই দিয়া হৈছে।
ৰঙিয়াত জিলা নিৰ্বাচন বিষয়াৰ সংবাদমেল।
ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰঙিয়া নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ ২০২২ বৰ্ষৰ খচৰা ভোটাৰ তালিকাখন আজি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা হয়। ৰঙিয়া মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়ৰ পৰা প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা অনুসৰি ৰঙিয়া নিৰ্বাচন জিলাত মুঠ ভোটদাতাৰ সংখ্যা ৩,৭৫,২৪৬ গৰাকী। ইয়াৰে ১,৮৯,৬৮৯ গৰাকী পুৰুষ আৰু ১,৮৫,৫৫৭ গৰাকী মহিলা ভোটদাতা। নতুন ভোটাৰ তালিকা অনুসৰি ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৭৯,৮০১ গৰাকী ৷ ইয়াৰে ৯১,০৭২ গৰাকী পুৰুষ আৰু ৮৮,৭২৯ গৰাকী মহিলা ভোটদাতা।আনহাতে ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫, ৪৪৫ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৮,৬১৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ৯৬,৮২৮ গৰাকী৷ এই খচৰা ভোটাৰ তালিকাত যোৱা বছৰৰ চুড়ান্ত ভোটাৰ তালিকাৰ তুলনাত ৫৬ নং কমলপুৰ বিধানসভা সমষ্টিত ০.৫৩ শতাংশ আৰু ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিত ০.৯২ শতাংশ নতুন ভোটদাতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে সংবাদমেলত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পাল আই.এ.এছয়ে জানিবলৈ দিয়ে যে আজি প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যদি কোনো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভূক্ত হোৱা নাই আৰু অন্তৰ্ভুক্ত কৰিব বিচাৰে, অন্তৰ্ভুক্ত হোৱা নাম কৰ্তন, শুধৰণি আদি সন্দৰ্ভত দাবী আৰু আপত্তি আদি অহা ৩০ নৱেম্বৰলৈকে দাখিল কৰিব পাৰিব। আবেদনকাৰী সকলে www.nvsp.in অথবা ভোটাৰ হেল্পলাইন এপৰ জৰিয়তে ও আবেদন কৰিব পাৰিব। এনে আবেদন সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন পঞ্জীয়ন বিষয়া, সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় বা কৰ্তৃত্বপ্ৰাপ্ত বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব।লগতে ২০ ডিচেম্বৰৰ ভিতৰত সকলোধৰণৰ ওজৰ- আপত্তি নিষ্পত্তি কৰি অহা ৫ জানুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি জানিব দিয়ে জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালে। আনহাতে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ড সমূহৰ ৰাইজৰ জ্ঞাতাৰ্থে ৰাজ্যিক নিৰ্বাচন আয়োগৰ অধিসূচনা মৰ্মে অসম পৌৰ আইন ১৯৫৬ ৰ অধীনৰ ১৪ নং বিধিমতে পৌৰসভাৰ ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ দিয়ে বুলি জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে।১৬ নৱেম্বৰ মঙলবাৰে খচৰা ভোটাৰ তালিকা প্ৰকাশ,২৬ নৱেম্বৰ শুকুৰবাৰে দাবী, আপত্তি দাখিলৰ অন্তিম তাৰিখ, ২৯ নৱেম্বৰ সোমবাৰে দাবী, আপত্তি দাখিল তালিকা প্ৰকাশৰ তাৰিখ, ১০ ডিচেম্বৰ শুক্ৰবাৰে দাবী, আপত্তি নিষ্পত্তিকৰণ অন্তিম তাৰিখ আৰু ২৮ ডিচেম্বৰ মঙলবাৰে প্ৰকাশ পাব ৰঙিয়া পৌৰসভাৰ চূড়ান্ত ভোটাৰ তালিকা।ভোটৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবী, আপত্তি আৰু শুধৰণিৰ আবেদন নিৰ্দিষ্ট প্ৰ পত্ৰ ৰঙিয়া পৌৰসভাৰ কাৰ্যলয়ৰ পৰা সংগ্ৰহ কৰিবলৈ লগতে কাৰ্য্যালয় চলি থকা সময়ত ৰঙিয়া পৌৰসভাৰ নিৰ্বাচন দণ্ডাধীশৰ ওচৰত দাখিল কৰিব লাগিব। উক্ত দাবী, আপত্তি ৰঙিয়া পৌৰ নিৰ্বাচন দণ্ডাধীশে নিষ্পত্তি কৰিব বুলিও আজিৰ সংবাদমেলত জানিবলৈ দিয়ে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে আজিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কাৰ্যসূচীত জিলা নিৰ্বাচন বিষয়া তথা মহকুমাধিপতি স্বপ্নীল পালৰ ওপৰিও সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমা নিৰ্বাচন বিষয়া অম্লান বৈশ্য, নিৰ্বাচনী সহায়ক জাকিৰ হুছেইন,মহকুমাধিপতি কাৰ্য্যালয়ৰ জ্যেষ্ঠ সহায়ক হিতেশ চন্দ্ৰ নাথ আৰু কম্পিউটাৰ সহায়ক ভৱজিৎ কলিতা প্ৰমূখ্যে ৰঙিয়া মহকুমাৰ সংবাদকৰ্মী সকল উপস্থিত থাকে।
কাকজানত বিৰ লাচিত সেনাৰ দশম মৃত্যু বাৰ্ষিকি পালন।
লাচিত সেনা চিপাহীখোলা আঞ্চলিক সমিতিৰ উদ্যোগত কাকজান বৰবৰা কম্প্লেক্স ব্যৱসায়ীৰ সহযোগত আজি কাকজানৰ মাজমজিয়াত ড.ভূপেন হাজৰীকাৰ দশম মৃত্যু বাৰ্ষিকি উদ্দেশ্য বন্তি প্ৰজ্বলন কাৰ্য্যসূচী অনুস্থিত হয়।বন্তি প্ৰজ্বলন কৰে কাকজান বামকুকুৱাচোৱাৰ বিশিষ্ট সমাজৰ্কমী তংকেশ্বৰ বাঢ়ৈয়ে।অনুস্থানতো আটধৰে বীৰ লাচিত সেনা চিপাহীখোলা আঞ্চলিকৰ সম্পাদক অসীম শংকৰ বৰাই।সমাজকৰ্মী তংকেশ্বৰ বাঢ়ৈয়ে ভাষন প্ৰসংগত ভূপেন হাজৰীকা দেৱৰ আৰ্দশৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে যুৱ প্ৰজন্মই তেখেতক সদায় স্মৰণ কৰিৱ লাগে।উক্ত অনুস্থানত বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সদস্য দাদু বৰাকে ধৰি সকলো বিষয়ববীয়া উপস্থিত থাকে।
বৰপেটাৰোডত জুৱাৰ গ্ৰাসত নৱ-প্ৰজন্ম
সম্প্ৰতি বিশ্ব টি-২০ ক্ৰিকেট আই পি এলৰ প্ৰতিযোগিতা সমূহৰ অনুৰাগীৰ আকৰ্ষণত বৃহৎ জুৱাৰ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ” শ্যাম পূজা উপলক্ষে ” বৰপেটাৰোডৰ কলহভাঙা চক, জাখলি বিল পথাৰ, খৈৰাবাৰী, মাৰোৱাৰি শ্মশান আদিকে ধৰি বিভিন্ন অঞ্চলত মুকুলিভাবে ঝাণ্ডি, মুণ্ডাৰ জুৱাই শেষতিয়া ভাবে নৱ-প্ৰজন্মকেই গ্ৰাস কৰাৰ অভিযোগ ৰাইজৰ মাজত উঠিছে। ইয়াৰ ফলত অঞ্চলটোত সামগ্ৰিক ভাবে চুৰি ডকাইতি দিনে দিনে বাঢ়িবলৈ ধৰাৰ পৰিলক্ষিত হৈছে। এনেবোৰ জুৱাৰ জ্বৰত আক্ৰান্তহৈ ইতিমধ্যে বহু পৰিয়াল পথৰ ভিকাৰীত পৰিণত হোৱাৰ লগতে সমাজহিতৈষী কাৰ্য্যত লিপ্তহৈ আছে। লক্ষণীয় যে এই অবৈধ জুৱা খেলৰ পৰা ৰাজ্য চৰকাৰে কোনো ধৰণৰ ৰাজহ লাভ নকৰে। মাত্ৰ একাংশ মুনাফা লোভী সুচতুৰ দালালৰ বাবেহে এই অবৈধ খেলবিধ কেনেদৰে চলিবলৈ পালে আজি ৰাইজৰ মাজত হাজাৰ প্ৰশ্ন উদয় হৈছে। এনেবোৰ অবৈধ জুৱা উৎখাত কৰি সমাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ব্যৱস্থাৰ কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ অঞ্চলটোৰ বিভিন্ন জাতীয় দল-সংগঠনে চৰকাৰৰ ওচৰত দাবী জনাইছে।
শেতালিত সুকুমাৰ কোঁৱৰ সোঁৱৰণী প্ৰাইজমানি ফুটবল আৰম্ভ
নগাঁও জিলাৰ শেতালি যুৱক সংঘৰ উদ্যোগত এছ.কে.বি.এল.খেলপথাৰত আজিৰে পৰা পঞ্চম সংখ্যক সুকুমাৰ কোঁৱৰ সোঁৱৰণী ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি(চেভেন-এ- চাইড)আৰম্ভ হৈছে।এই প্ৰতিযোগিতাৰ আজি উদ্বোধনী খেলত শেতালি ছিনিয়ৰ ফুটবল ক্লাৱে তুলসীমুখ বুঢ়াগোহাঁই জুনিয়ৰ ফুটবল দলক ১-০গ’লত পৰাজিত কৰে।তমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ ৫৯মিনিটত শেতালি ছিনিয়ৰ ফুটবল ক্লাৱৰ হৈ আলোক দেউৰীয়ে বিজয়সূচক গ’লটো দিয়ে।খেলখন পৰিচালনা কৰাত ৰেফাৰী ৰূপম হোকাইক সহায় কৰে যুগল কিশোৰ বৰদলৈ,সীমান্ত নাথ আৰু দুদুল বৰদলৈ(চতুৰ্থ)য়ে।এই প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি তথা প্ৰাক্তন খেলুৱৈ জীৱন চূড়ানাই।সাংস্কৃতিক কৰ্মী কুমাৰ কিশোৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত নগাঁও ক্ৰীড়া সংস্থাৰ সহকাৰী সম্পাদক সমীৰ হাজৰিকা,তিৱা স্বায়ত্ত্ব পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বকুল দেউৰী,ক্ৰীড়া সংগঠক সুভাষ ডেকা,সমাজকৰ্মী সঞ্জীৱ দেউৰী, কিৰন দেউৰী,সাৰংগ বৰা আৰু লক্ষ্যধৰ মেধি আদি উপস্থিত থাকে।শণিবাৰৰ খেলত চকলাঘাট ফুটবল ক্লাৱে দৰঙী গাঁও ফুটবল দলৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব বুলি আয়োজক সমিতিৰ সভাপতি পল্লৱ দেউৰী আৰু সম্পাদক মানসজ্যোতি কোঁৱৰে জনাইছে।
অসম হাইস্কুল শিক্ষক সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা
অসম হাইস্কুল শিক্ষক সন্থাৰ এটি সঁজাতি দলৰ সৈতে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় ভৱনত অনুস্থিত এই আলোচনাত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাও উপস্থিত আছিল ৷ অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী, সম্পাদক আনোৱাৰ হুছেইন,খগেন কলিতা, ফূলেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰা আলোচনাত অসম শৈক্ষিক ক্ষেত্ৰত থকা সমস্যা সম্পৰ্কে আলোচনা কৰে। বিশেষকৈ ২০০৬ চনৰ আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ বিষয় আৰু খালী শিক্ষক পদত নিযুক্তি, শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটী বছৰেকত ১০ দিনৰ পৰিবৰ্তে ৩০ দিনলৈ বৃদ্ধি, হাইস্কুলৰ শিক্ষককে লাভ কৰা তিনিশ টকাৰ বিশেষ ভাট্টা মুল দৰমহাৰ লগত যোগ কৰাকে প্ৰমুখ্য কৰি কেইবাটাও বিষয় আলোচনাত স্থান পায় বুলি সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী আৰু সম্পাদক আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে। এক সৌহাদ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত এই আলোচনাৰ অন্তত বিষয়সমূহৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰী গৰাকীয়ে অসম হাইস্কুল শিক্ষক সন্থাৰ লগত আলোচনা কৰি অতি শীঘ্ৰে সমস্যা সমূহ সমাধান কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুক পৰামৰ্শ দিয়ে ৷ এই আলোচনাত শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া সকলো উপস্থিত থাকে ৷
বৰপেটাৰ ভেল্লাত বিশ্ব বৰেণ্য ব্যক্তি ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি।
বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ দশমতম মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ভেল্লাত বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ প্ৰতিছবিত মাল্যৰ্পন কৰে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনচাৰী আলী আহমেদে। প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি তেওঁ মানুহৰ হৃদয় স্পৰ্শ কৰিব পৰা কথা ভূপেনৰ গীতত আবদ্ধ আছে বুলি কৈ ভূপেনৰ মৃত্যুৰ পিছতহে সেই গীত আৰু কথাৰ মাধুৰ্যতা উপলব্ধি কৰিছো আমি বুলি কয় তেওঁ। সকলোকে মৰমেৰে উপচাই পেলাবলৈ বিদেশতো গান গাই ভূপেন হাজৰিকাই যাযাবৰী জীৱন কটাইছে বুলি কৈ অসমক প্ৰাণেৰে ভালপোৱা লোক ভূপেন হাজৰিকা আছিল বুলি কয় তেওঁ । ভাৰতীয় লোকক একত্ৰিত কৰিবলৈ ভূপেন হাজৰিকাই ৰচনা কৰিছে বহু কালজয়ী গীত আৰু সেই গীত, মাতে একতা আৰু ভাতৃত্ববোধেৰে সকলোকে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে বুলিও কয় আনচাৰী আলী আহমেদে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ উপ সভাপতি সেখ ৰহমত উল্লাহে আৰু পূস্পাঞ্জলি জ্ঞাপন কৰে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ কাৰ্যকৰ্তা ছফিকুৰ ৰহমানে। অনুষ্ঠানত বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হক, কাৰ্যালয় সম্পাদক মুকুট আলীৰ লগতে কেইবাগৰাকীও স্থানীয় ব্যক্তি উপস্থিত থাকে।
বঙাইগাঁৱৰ উপায়ুক্তৰ বিভাগীয় উন্নয়নমূলক কামৰ পৰ্যালোচনা
বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মী প্ৰিয়াই শুকুৰবাৰে তেওঁৰ কাৰ্যালয় কক্ষত কেবাটাও বিভাগৰ বিষয়াৰ সৈতে বিভাগীয় উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস আৰু সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিতৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, জিলা মীন উন্নয়ন বিষয়া, হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ বঙাইগাঁৱৰ অধীক্ষক, ভূমি সংৰক্ষণ তথা জিলা পশুপালন বিষয়াৰ পৰা তেওঁলোকৰ বিভাগীয় উন্নয়নমূলক কাম-কাজৰ বিষয়ে বুজ লয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে বঙাইগাঁৱত চেনিটাৰী নেপকীন বনোৱা প্ৰশিক্ষণ এটি অচিৰেই অনুষ্ঠিত কৰা হ’ব। ইয়াৰ বাবে নাবাৰ্ডে এটি মেচিন আৰু যাৱতীয় খৰচ প্ৰদান কৰিব। আনহাতে গ্ৰামীণ জীৱিকা মিছনৰ অধীনত ৯০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক গাহৰি পালনৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব। গাঁও এলেকাৰ ৬০ গৰাকী আৰু চহৰ এলেকাৰ ৩০গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক তিনিটা গ্ৰুপত ভাগ কৰি ১৫ দিনীয়াকৈ মুঠ ৪৫ দিন এই প্ৰশিক্ষণ দিয়া হ’ব।জিলাখনৰ ডাংতল, সৃজনগ্ৰাম আৰু মাণিকপুৰ উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ’ব আৰু পশুপালন বিভাগৰ বিশেষজ্ঞই প্ৰশিক্ষণ দিব। আনহাতে নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে PM-SVANidhi আঁচনিৰ অধীনত জিলাখনৰ চহৰাঞ্চলৰ ৭৫৮ গৰাকী পদপথৰ ব্যৱসায়ীক এতিয়ালৈকে ১০,০০০ (দহ হেজাৰ) টকাকৈ প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত জিলাখনে অসমৰ ভিতৰতে এটা উল্লেখযোগ্য স্থানত আছে। তদুপৰি বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱীত শুকুৰবাৰৰ পৰা ৩দিনীয়াকৈ চহৰখনৰ ৩০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক অতিথি আপ্যায়ণ সন্দৰ্ভত (Catering) প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই মীন বিভাগৰ অধীনত বঙাইগাঁও ইকো-পাৰ্কত বনাই থকা পাব্লিক একুৱাৰিয়ামৰ কামৰ বুজ লয় আৰু জিলা মীন উন্নয়ন বিষয়াক সংশ্লিষ্ট সকলো কাম ভালদৰে তদাৰক কৰিবলৈ কয়। ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে হস্ততাঁত-বস্ত্ৰশিল্প,ভূমি সংৰক্ষণ,পশুপালন আদি বিভাগৰ কামৰো পৰ্যালোচনা কৰে।
ওদালগুৰি জিলাৰ ৰৌতা জাতীয় বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা
ওদালগুৰি জিলাৰ ৰৌতাৰ জাতীয় বিদ্যালয়ত অহা ৭ নবেম্বৰত সামাজিক আৰু ছপা মাধ্যমৰ এগৰাকী বিশিষ্ট লেখক-শিক্ষক খজেন ডেকাৰ “জীৱনৰ ধূসৰিত পৃষ্ঠাবোৰ”শীৰ্ষক তৃতীয়খন গ্ৰন্থ উন্মোচন কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰিসংখ্যা বিষয়া নগেন্দ্ৰ মোহন ভট্টাচাৰ্য্যই।গুৱাহাটীৰ ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ খনি দিনৰ ১১বজাত অনুষ্ঠিত্যব গ্ৰন্থ উন্মোচনী সভাত ওদালগুৰি জিলা সাহিত্য সভাৰ সভপতি হৰেশ্বৰ কলিতা আৰু সম্পাদক ড° পবিত্ৰ শৰ্মাৰ লগতে কেইবাগৰাকীও লেখক-বন্ধু উপস্থিত থাকিব। উল্লেখযোগ্য যে, লেখক খজেন ডেকাৰ ইতিমধ্যে প্ৰকাশিত আনদুখন গ্ৰন্থ হৈছে উপন্যাস সেউজীয়া সপোনৰ ৰং আৰু প্ৰৱন্ধ সংকলন জীৱন উপন্যাসৰ পমখেদি। গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়কদ্বয় ক্ৰমে অপূৰ্ব ডেকা আৰু দীপজ্যোতি নাথে নিমন্ত্ৰণ কৰা গ্ৰন্থ প্ৰেমী সকলক উপস্থিত থাকি অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।











