Home Blog Page 2748

স্মৃতিদিৱসত গীত-কথাৰে ভূপেন হাজৰিকাক স্মৰণ কলংপাৰ বিদ্যাপীঠত

 “ড° ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই, তেওঁ আমাৰ মাজত জীয়াই আছে । তেওঁ জীয়াই আছে তেওঁৰ গীতসমূহৰ মাজত, প্ৰতিগৰাকী অসমীয়াৰ মাজত, তেওঁৰ লক্ষ লক্ষ গুণমুগ্ধৰ মাজত।”—আজি নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠত আয়োজিত ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ অনুষ্ঠানত এই মন্তব্য বিশিষ্ট শিল্পী সমৰ হাজৰিকাৰ । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ চৰ্চা হওক, সেই উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত যান্ত্ৰিক কৌশলেৰে গুৱাহাটীৰ পৰা সংযোগ হোৱা শিল্পী সমৰ হাজৰিকাই লগতে কয় যে “ভূপেন হাজৰিকাৰ গীত মানেই এটা সমাজবাৰ্তা । তেওঁৰ প্ৰতিটো গীত সমাজৰ একোখন ছবি । সেই গীতবোৰ আছে মানেই ভূপেন হাজৰিকা আছে ।” সুধাকণ্ঠৰ ব্যক্তিগত জীৱনৰ কিছু দিশ ৰোমন্থন কৰি শিল্পীগৰাকীৰ কনিষ্ঠ ভাতৃগৰাকীয়ে ভূপেন হাজৰিকাৰ এটি যুগজয়ী গীত পৰিৱেশন কৰে । কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে কলংপাৰ বিদ্যাপীঠে ছাত্ৰ-ছাত্ৰীক লৈ ভূপেন হাজৰিকাৰ চৰ্চা কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে আৰু এই অনুষ্ঠানটিৰ জৰিয়তেই মৃত্যু তিথিত শিল্পী ভাতৃক শ্ৰদ্ধা জনাবলৈ পাই পৰম আনন্দ প্ৰকাশ কৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাৰ সঞ্চালনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববৰেণ্য শিল্পী- সাহিত্যিক ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট একৰ্ডিয়ান শিল্পী চিত্ৰদেৱ মহন্ত আৰু পৰিচিত মেণ্ডোলিন বাদক অঞ্জলি মহন্তই । পুষ্পাঞ্জলি তৰ্পণ কৰে জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি, সুলেখিকা কৰবী দেৱী লিগিৰা, শিল্পী দীপিকা মহন্ত আৰু কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সম্পাদক অতুলচন্দ্ৰ বৰুৱাই । স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি উদ্বোধন কৰে শিল্পী চিত্ৰদেৱ মহন্তই । নিজৰ ভাষণত মহন্তই মাজে মাজে সঙ্গীতসূৰ্যৰ গীতৰ কলি গাই গাই ভূপেন হাজৰিকাৰ সৈতে হোৱা সান্নিধ্য আৰু শিল্পীজনৰ সঙ্গীত জীৱনৰ বিভিন্ন সৰু সৰু স্মৰণীয় মুহূৰ্তৰ কথাবোৰ শ্ৰদ্ধাৰে ৰোমন্থন কৰে । অসমত ভূপেন হাজৰিকাৰ দৰে বৰেণ্য শিল্পীৰ জন্ম অসমবাসীৰ পৰম সৌভাগ্যৰ ফল বুলিও তেওঁ মন্তব্য দিয়ে । সুৰজিৎ দেৱনাথ, জ্যোতিমণি ডেকা, ইন্দ্ৰমোহন বৰা, মৃগাশ্ৰী বৰা লক্ষ্যজ্যোতি দেৱী, জিমি  বৰকাকতী, টিনা বৰঠাকুৰ, শুভাশিস বৰগোহাঁই আদি শিক্ষক তথা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত  শিল্পী অঞ্জলি মহন্তই মেণ্ডোলিত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । বিশেষ অতিথি কবি কৰবী দেৱী লিগিৰাই নিজৰ ভাষণত সংক্ষেপে ড° ভূপেন হাজৰিকাৰ বিশাল প্ৰতিভা আলোকপাত কৰে । লেখিকাগৰাকীয়ে ভূপেন হাজৰিকাক বিৰল ক্ষণজন্মা পুৰুষ বুলি উল্লেখ কৰি ভূপেন হাজৰিকাক অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সদায় সুবাটে অগ্ৰসৰ হ’ব পাৰিব বুলি মন্তব্য দিয়ে । ছাত্ৰী ৰাজটিকা ডেকাৰজাই ভূপেন হাজৰিকাৰ গীতত নৃত্য পৰিৱেশন কৰা অনুষ্ঠানত ছাত্ৰ কুনালদীপ বৰদলৈ, দীপজ্যোতি নাথ আৰু ভণিতা দেৱীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে । ভাষা বিষয়ক বৰেণ্য স্মৰণ শিতানত আয়োজন কৰা অনুষ্ঠানত শিক্ষক অতুলচন্দ্ৰ বৰুৱাই গীতকথাৰে ভূপেন হাজৰিকাক স্মৰণ কৰে । অনুষ্ঠানত অসমৰ সংগীত ক্ষেত্ৰৰ এটি জনপ্ৰিয় ভাতৃজুটি শিল্পী মনমিৎ মহন্ত আৰু মনদীপ মহন্তই ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । শেষত সমস্বৰে গোৱা “মানুহে মানুহৰ বাবে” গীতেৰে স্মৃতি দিৱসৰ অনুষ্ঠানৰ সামৰণি পৰে

ওদালগুৰিৰ পুৰণি থানাত অনুষ্ঠিত আন্ত জিলা দ্বিতীয় বাৰ্ষিক বক্সিং চেম্পিয়নশ্বিপৰ সামৰণি

৬ নবেম্বৰ:ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত, ওদালগুৰি জিলা বক্সিং এচ’চিয়েশন আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত যোৱা ২নবেম্বৰৰ পৰা অনুষ্ঠিত  দ্বিতীয় বাৰ্ষিক আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি  ৩ নবেম্বৰত সামৰণি পৰে।ওদালগুৰি জিলা ভিত্তিত আয়োজিত চাব জুনিয়ৰ,(ল’ৰা), জুনিয়ৰ (ল’ৰা),যুৱ আৰু মহিলা শাখাত মুঠ ৯৯ গৰাকী পুৰুষ মহিলাই বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।কালি সামৰণি পৰা উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।উঠি অহা যুৱক যুৱতী সকলক খেলৰ প্ৰতি আগ্ৰাহ্নিনত হ’বলৈ আহ্বান জনায়।কিয়নো ভাল খেলুৱৈ এগৰাকীয়ে   দেশৰ সুনাম অৰ্জন কৰিব পাৰে। উক্ত বঁটা বিতৰণী সভাত ভাৰতীয় খেল প্ৰাধিকাৰীৰ সঞ্চালক ড° সুভাষ বসুমতাৰী, জিলা ক্ৰীড়া প্ৰাধিকাৰী বিষয়া সৌমদৌম মোছাহাৰী,শাৰিৰীক শিক্ষা বিষয়া বিক্ৰম সিং দৈমাৰী, বড়োলেণ্ড বস্কিং সন্থাৰ সাধাৰণ সম্পাদক কৰে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল।বিজয়ী প্ৰতিযোগী সকলক শাখা অনুযায়ী সোন ,ৰূপ আৰু ব্ৰঞ্জৰ মেডেল উপহাৰ দিয়া হয়

ওদালগুৰিৰ চিজৌগুৰিত বাথৌ ধৰ্মীয় আলোচনা চক্ৰ

ওদালগুৰিৰ চিজৌগুৰিত সদৌ বাথৌ মহাসভাৰ যুৱ সমাজৰ ২০ স‍ংখ্যক বাথৌ ধৰ্মীয় আলোচনা চক্ৰ ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ উদ্যোগত আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ যায়।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সভাপতি সমৰসিং দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাখনি উদ্বোধন কৰে ওদালগুৰি জিলা বাথৌ ধৰ্ম মহাসভাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ বড়োই।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সম্পাদক শুকুৰাম বড়োই আঁতধৰা সভাত প্ৰাৰ্থনাৰে  সজয় দৈমাৰীয়ে দান কৰে আৰু আনসকলে বৰঙনি সংগ্ৰহত সহযোগিতা আগবঢ়ায়।  সভাত আদৰণি বক্তব্য ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি কুলেন দৈমাৰীয়ে।মুকলি সভাত উপস্থিত থাকি সমাজকৰ্মী ৰিঞ্জয় বড়োই বাথৌ ধৰ্মত আধ্যাত্মিকৰ ক্ষেত্ৰত যুৱক যুৱতী সকলৰ দায়িত্ব আৰু কৰ্তব্যত কিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত বক্তব্য ৰাখে।নিজৰ ধৰ্মৰ পবিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত শিক্ষিত নৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।কিয়নো বাথৌ ধৰ্ম এক বিজ্ঞান সন্মত ধৰ্ম।ধৰ্মীয় অনুভূতিৰে সঠিক পথৰ সন্ধান বিচাৰিব লাগিব। আধ্যাত্মিক ভাবধাৰা বজাই ৰাখিব পৰাটোহে আচল জীৱনৰ মাহাত্ম বুলি তেওঁ লগতে উল্লেখ কৰে।পুৱা ৭.৩০বজাত ধৰ্মধ্বজা উত্তোলন কৰে ওদালগুৰি আঞ্চলিক বাথৌ ধৰ্ম মহাসভাৰ সভাপতি সমৰসিং দৈমাৰীয়ে।পুৱা ৮ বজাত যেপ্ৰাৰ্থনা সভা উদ্বোধন কৰে আঞ্চলিকৰ উপদেষ্টা নিতুল বড়োই।

ওদালগুৰিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী উদযাপন

বিভিন্ন প্ৰান্তৰ লগতে ৫নবেম্বৰত  ওদালগুৰি শতদল সাহিত্য সভাৰ উদ্যোগত আৰু ভূপেন হাজৰিকা প্ৰতিমুৰ্তি অৱৰক্ষণ সমিতিৰ সহযোগত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু দিৱসটি পালন কৰা হয়।
ভূপেন হাজৰিকাৰ দশম মৃত্যু দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১০বজাত বন্তি প্ৰজ্বলন কৰে শতদল সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত ডাঙৰ বন্তি প্ৰজ্বলন কৰে আৰু ১০.১৫বজাত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্ত্তি অৱৰক্ষন সমিতিৰ সভাপতি গৌতম জ্যোতি  তালুকদাৰে মাল্যাৰ্পণ কৰে।সম্পাদক অজয় কলিতাই আঁতধৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত স্মৃতিচাৰণ সভাত গীত-মাত কবিতা আবৃত্তিৰ অনুষ্ঠানত হিতৈষী সদস্য নৃপেন্দ শৰ্মা, অৱৰক্ষণ সমিতিৰ সম্পাদক অখিল কলিতা, আজীৱন সদস্য গগন লহকৰ আৰু দ্বিজেন বায়নে হাজৰিকাৰ ওপৰত বক্তব্য ৰাখে ।ইয়াৰ উপৰিও হাজৰিকাদেৱৰ গীত আৰু কবিতা পাঠ কৰে ক্ৰমে-মধু পাটৌৱাৰী,তুলিকা তালুকদাৰ,মেঘমালা সূত্ৰধাৰ,অঞ্জু গোস্বামী কলিতা,আৰতি দেৱী,হিমাৰাণী বৰ্মন আদিয়ে। সন্ধিয়া ৫বজাত  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ বেদীৰ সমুহীয়াকৈ বন্তি প্ৰজ্বলন কৰে ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ ডেকা,উপ সভাপতি বিষ্ণু শৰ্মা নেওপান, বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহাল,আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাকে ধৰি শিল্পী, সাহিত্যিক, সাংবাদিক সকলে ।

ওৰাঙৰ গেলাবিলত বিহ খুৱাই হত্যা ২৪টা হাঁহ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত ৫নবেম্বৰত  ২৪ টাকে হাঁহ হত্যাৰ অতি দুখজনক ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গাঁওখনৰ নিবাসী দুই ভাই-ককাই ক্ৰমে শ্ৰমজীৱি প্ৰদীপ বৈশ্য আৰু ব্যৱসায়ী লোহিত বৈশ্যৰ প্ৰতিজনৰে ১২টাকৈ মুঠ ২৪ টা পোহনীয়া হাঁহ দুস্কৃতিকিৰীয়ে বিহ মিহলি ভাত খুৱাই নিষ্ঠুৰভাৱে হত্যা কৰে । এই সন্দৰ্ভত ভূক্তভোগী প্ৰদীপ বৈশ্যই নিকট প্ৰতিবেশী নিজ খুৰাক প্ৰয়াত আনন্দ বৈশ্যৰ পুত্ৰ হেমন্ত বৈশ্যই( লেকৌ) হাঁহকেইটা হত্যা কৰা বুলি  অভিযোগ তুলি ওৰাং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়াংকুৰ হাজৰিকাৰ নিৰ্দেশ ক্ৰমে সহকাৰী উপ পৰিদৰ্শক নৃপেন চন্দ্ৰ  তামুলীৰ  নেতৃত্বত যোৱা এটি আৰক্ষী দলে বিয়লি হেমন্ত বৈশ্যক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে পাচটা মতা  আৰু ১৯ টা মাইকী নোদোকা তথা তজবজীয়া হাঁহ নিধনকাৰী হেমন্ত বৈশ্য এজন উচ্ছৃংখল , আসামাজিক , মদমত্ত যুৱক । সততে নিজ মাতৃক শাৰীৰিক ভাৱে  অপদস্থ আৰু প্ৰহাৰ কৰাৰ চুবুৰীয়াৰ অভিযোগো আছে হেমন্তৰ বিৰুদ্ধে । এজাহাৰকাৰীয়ে সন্দেহ কৰা মতে হাঁহ হত্যাৰ ঘটনাৰ একাধিক ব্যক্তি জড়িত আছে । সঠিক অনুসন্ধান আৰু কঢ়া সোধ-পোছ ( জেৰা) হ’লে ঘটনাৰ সত্য ৰহস্য ফাদিল হ’ব বুলি ৰাইজে দাবী তুলিছে । দোষীয়ে সমূচিত দণ্ড পাব লাগে বুলিও সচেতন নাগৰিক সকল আশা বাদী ।

দেৰগাঁৱত শিল্পী ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী পালন

 দেৰগাঁৱৰ অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান বহ্নিমান সাংস্কৃতিক মঞ্চৰ উদ্যোগত দেৰগাঁৱৰ লোক নিৰ্মাণ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী।বহ্নিমান সাংস্কৃতিক মঞ্চৰ সম্পাদিকা গায়ত্ৰী দেৱীয়ে উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰা অনুষ্ঠানটিত প্ৰান গোপাল বৰঠাকুৰে সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভণী কৰে।ইয়াৰ পাছতেই প্ৰীয়ংকা বৰাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটিৰ মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী তথা বহ্নিমান সাংস্কৃতিক মঞ্চৰ সভাপতি ৰাজু গগৈয়ে। বাসৱ বৰবৰা, ভৱেন বৰপূজাৰী, গোপাল কৃষ্ণ খাউণ্ড, প্ৰদীপ বৰা,নিৰ্মালী হাজৰিকা, অনিমা দেৱী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ শিশু সকলে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ৰাজিৰ গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।

নাছাৰ ‘দিপাৱলী’ক লৈ এটা বিশেষ প’ষ্ট

দেৱালীত মহাকাশৰ পৰা ভাৰতৰ শ্বট ভাগ বতৰা কৰাৰ পৰিৱৰ্তে, মহাকাশ সংস্থাটোৱে আকাশগঙ্গাৰ মাজভাগৰ পৰা এক সুন্দৰ প্ৰতিচ্ছবি পোষ্ট কৰিছিল। ভাৰতে দেৱালীৰ বাবে পোহৰ আৰু ৰঙৰ এক চমকপ্ৰদ প্ৰদৰ্শনত জ্বলি উঠিছিল, উদযাপনৰ ফটো ছচিয়েল মিডিয়া ছাইটত প্লাৱিত হৈছিল। অৱশ্যে, এটা আলোকচিত্ৰ আছিল যিটো বহুতো দেশী মানুহে আগ্ৰহেৰে অপেক্ষা কৰি আছিল – বাহিৰৰ মহাকাশৰ পৰা দেশখনৰ নাছাৰ ছবি। যদিও মাটিৰ পৰা উদযাপন কৰা নহয়, তথাপিও মহাকাশ সংস্থাৰ উৎসৱৰ অভিবাদনে সকলোকে আচৰিত কৰি তুলিছিল। এতিয়া সকলোৱে প্ৰশংসা কৰিছে নাছাৰ এই প’ষ্টটোক।

পোন্ধৰ শ মাটিৰ চাকি প্ৰজ্বলন কৰি উদযাপন প্ৰদূষণমুক্ত দীপাৱলী

সমগ্ৰ দেশৰ লগতে আজি ব্ৰিটিছ কালীন বজালীৰ ৰাজধানী পাটাছাৰকুছিৰ বৰপুখুৰীত প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত উদযাপন কৰা হয়।পোহৰৰ উৎসৱ দীপাৱলী। মহামিলনৰ বাৰ্তাৰে দীপান্বিতা জ্বলিল পোন্ধৰ শ চাকি ।পাটাছাৰকুছি বৰপুখুৰী ৰ পাৰত ১৫শ মাটিৰ চাকি জ্বলাই বৃদ্ধৰ পৰা শিশু লৈ উদযাপন কৰিলে শব্দ বৰ্জিত আলোক ৰ দীপাৱলী।যি সময়ত ভয়ানক শব্দ প্ৰদূষণৰ লগতে উচ্চ প্ৰাবল‍্যৰ  ফটকাৰ শব্দ আৰু ধোঁৱা ই পৰিবেশ ৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে তেনে সময়তে এই আৰ্হি ৰে  সমাজত নতুন বাৰ্তা বিলাবলৈ কৰা প্ৰচেষ্টাই তাৎপৰ্য বহন কৰিছে।যি সময়ত সমাজ খনত হৃদয় ৰ ভালপোৱা, চেনেহ মৰমৰ এনাজৰী লেখডাল চুটি হৈ আহিছে, তেনেস্থলত  পাটাছাৰকুছি বৰপুখুৰী ৰৰ পাৰৰ এক সমন্বয়ৰ বাৰ্তাই জনজীৱনলৈ কঢ়িয়াই আনিছে ভাতৃত্ববোধৰ মহাবাৰ্তা।অন্যতম স্বেচ্চাসেৱী অনুষ্ঠান পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাৱৰ উদ্যোগত পাটাছাৰকুছিৰ  সমাজ জীৱনত এটা সময়ত  নিবিড় সম্পৰ্ক থকা ঐতিহমণ্ডিত বৰপুখুৰী পাৰত কালি (৪ নবেম্বৰত)   দিপাৱলীৰ সন্ধিয়া  অনুষ্ঠিত সম্প্ৰীতিৰ আলোক মেলাত বিভিন্ন জাতি, ধৰ্ম, জনগোষ্ঠীৰ লোকৰ  মহামিলনেৰে  দিপাৱলীত পোন্ধৰশ মাটিৰ চাকিৰ  পোহৰে  আলোকিত  কৰি তুলে ঐতিহ্যপূৰ্ণ  বৰপুখুৰী পাৰ । পুখুৰীৰ পাৰত জ্বলোৱা পোন্ধৰশ মাটিৰ  চাকিৰ  পোহৰৰ লগতে  পানীৰ মাজত কলৰ ভুৰত সজোৱা  চাকিৰ ভেল, চাকিৰে  লিখা বৰ পুখুৰী, চেলফি পইন্ট আদিয়ে পৰিবেশটো দৃষ্টিনন্দন কৰি  তোলে।  শব্দ প্ৰদূষন বিহীন এই দিপাৱলীৰ আৰ্হিৰে সমাজত নতুন বাৰ্তা বিলাবলৈ কৰা প্ৰচেষ্টাই বিশেষ তাৎপৰ্য বহন কৰিছে৷ সন্ধিয়া ৫:৫৯ বজাত  সমাজৰ বিভিন্ন স্তৰৰ  ব্যক্তি ধনী – দুখীয়া তথা জাতি – ধৰ্ম  নিৰ্বিশেষে শিশুৰ পৰা বৃদ্ধলৈ পঁচিশ গৰাকী পুৰুষ- মহিলাই  মুখ্য বন্তি  প্ৰজ্বলক হিচাপে বন্তি জ্বলাই শুভাৰম্ভ  কৰে এই  আলোক উৎসৱ । বজালী জিলাৰ উপাযুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, চি আৰ পি এফৰ হাউলীৰ চি.অ. প্ৰদীপ সিং গাব্ৰিৱাল ,পাটাছাৰকুছি শিবিৰৰ বিষয়া  সুভাষ চন্দ্ৰ ৰয় লগতে  বয়োজ্যেষ্ঠ ব্যক্তি ভৱেশ শৰ্মা, মুনীন্দ্ৰ নাৰায়ন গোস্বামী, ৰৱীন শৰ্মা, জয়মতী দেৱ চৌধুৰী,  হাজী কাচিম আলী, গাওবুঢ়া ব্ৰজমোহন বৰো, প্ৰাক্তন  ৰিক্সা চালক  বিজু ৰয় , ফূলেন দাস,  প্ৰাক্তন নাপিত ৰামকুমাৰ ঠাকুৰ, কৃষক লক্ষ্মী বৰো, গৌৰী ডেকা, বোৱাৰী অঞ্জলী নাথ, ডালিমী বেগম, দীপ্তি দেৱ চৌধুৰী,  বিষয়ালক্ষ্মী দেৱী, গ্ৰন্থ প্ৰকাশক ধীৰাজ গোস্বামী, গৱেষক ছাত্ৰ দীপজ্যোতি গোস্বামী, যুৱতী ৰিমলী গোস্বামী, উৰ্মিকা শৰ্মা, শিশু হিমাস্মিতা শৰ্মা, প্ৰিন্স মহিদুল হক, কুশনাভ শৰ্মা, ধিয়াশ্ৰী কাশ্যপ আৰু জিজ্ঞাসা কাশ্যপক ধৰি  পঁচিশ গৰাকী ব্যক্তিয়ে মুখ্য বন্তি  প্ৰজ্বলক হিচাপে উপস্থিত থকা  এই  আলোক মেলাত  উপস্থিত আন  সকলেও  বন্তি জ্বলাই অংশগ্ৰহণ কৰে। যথেষ্ঠ লোক  সমবেত  হোৱা অনুষ্ঠানটোৰ  শুভাৰম্ভণিৰ আঁত ধৰে  আকাশবানী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা তথা ভট্টদেৱ বিশ্ব বিদ্যালয়ৰ  গন সংযোগ আৰু  সাংবাদিকতা বিভাগৰ অতিথি অধ্যাপিকা শৰ্মিষ্ঠা দাস আৰু বিশিষ্ট লেখিকা তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিন ড° বিনীতা বৰা দেৱ চৌধুৰীয়ে ।

নিজে টেক্টৰ চলাই কলগছ সমূহ নিৰ্দিষ্ট স্থানলৈ স্হানান্তৰ কৰিলে বিধায়ক ৰূপক শৰ্মাই

 দীপাৱলীত মাটিৰ চাকিৰ আলোকসজ্জাত ব্যৱহৃত কলগছ দীপাৱলী উদযাপনৰ  পাচত এলাগী হৈ পৰে। আনহাতে অৱশিষ্ট এই কলগছ সমূহ য’তে ত’তে সিচৰিত হৈ পৰি থাকি পৰিবেশ বিনষ্ট  কৰি তোলে। কালি নিশা দীপাৱলী উদযাপনৰ পাচত আজি পুৱা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ তৎপৰতাত নগাঁও জিলা কিষাণ মৰ্চাৰ সদস্যসকলে নগাঁও চহৰৰ আৱাসিক আৰু  ব্যৱসায়িক এলেকাত সিচৰিত হৈ পৰি থকা অৱশিষ্ট কলগছ সমূহ একগোট কৰি উক্ত স্হানৰ পৰা আতৰাই চহৰখন পৰিস্কাৰ পৰিছন্ন কৰি ৰখাত উদ্যোগ গ্ৰহণ কৰে। চহৰখনৰ নাগৰিকসকলে দীপাৱলীৰ সময়ত ব্যৱহাৰ কৰা কলগছ  সমূহেৰে কলাখাৰ প্ৰস্ত্ততৰ ব্যৱস্হা কৰাৰ লগতে  বন্যহস্তী আহযাহ কৰা নিৰ্দিষ্ট পথত ৰখাৰ ব্যৱস্হা কৰে। যাতে এই কলগছ সমূহ বন্যহস্তীয়ে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে ।  জিলা কিষাণ মৰ্চাৰ এই কাৰ্যসূচীত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায়।  বিধায়ক শৰ্মাই কিষাণ মৰ্চাৰ সদস্যসকলৰ হাতে হাত ধৰি চহৰখনত সিচৰিত হৈ থকা কলগছ সমূহ আতৰাই নিয়াৰ লগতে নিজে টেক্টৰ চলাই কলগছ সমূহ নিৰ্দিষ্ট স্থানলৈ স্হানান্তৰিত কৰাত সহযোগ কৰে। নগাঁৱৰ সচেতন মহলে বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা কিষাণ মৰ্চাৰ সদস্যসকলৰ এনে পদক্ষেপৰ শলাগ লয় ।

পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজাক লৈ উখল-মাখল ৰাজ্য ।

পোহৰৰ উৎসৱ দীপাৱলী আৰু শ্ৰী শ্ৰী শ্যামা পূজা উদযাপনেৰে মুখৰিত হৈ পৰিছে ৰাজ্য । দেশজুৰি আনন্দ-উছাহেৰে  পালন কৰা হৈছে  দীপাৱলী । কাতি মাহৰ অমৱস্যা তিথিত দীপান্বিতাৰ লগতে উদযাপন কৰা হৈছে  শক্তিৰূপিণী দেৱী দুৰ্গাৰ কালৰূপ মা কালীৰ পূজা  । অন্ধকাৰ নাশ কৰি, অশুভ শক্তিক বিনাশ কৰাৰ সংকল্পৰে নিশা বন্তি প্ৰজ্বলন কৰি উজলাই তোলা হয়  চৌদিশ । 
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পশ্চিম নলবাৰীৰ বাটসৰ গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাঙ্গণত বৃহস্পতি বাৰে  ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে কালী পুজাৰ আয়োজন কৰা হৈছে । কালী পুজা উপলক্ষে  সন্ধিয়াৰে পৰা মনৰ কামনা পুৰণৰ অৰ্থে মন্দিৰত অগণন ভক্তৰ সমাৱেশ ঘটে । বাটসৰৰ এই বিখ্যাত কালী মন্দিৰটোত বহু দূৰ-দূৰণিৰ পৰা ভক্তৰ আগমন ঘটে । এইবেলি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি বাটসৰৰ ৰাইজে পুজাভাগ আগবঢ়াইছে ।উল্লেখ্য যে এই ঐতিহ্যমণ্ডিত কালী মন্দিৰটোত কালী পুজাৰ দিনা এক বৃহৎ সংখ্যক ৰাজহুৱা বলিৰ প্ৰথা আছিল কিন্তু কোভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষৰ দৰে এইবেলিও ৰাইজৰ মংগলৰ অৰ্থে দুটি পঠা ছাগলী বলি দিয়াৰ ব্যৱস্থা কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।