Breaking

স্মৃতিদিৱসত গীত-কথাৰে ভূপেন হাজৰিকাক স্মৰণ কলংপাৰ বিদ্যাপীঠত

0 2,082

 “ড° ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই, তেওঁ আমাৰ মাজত জীয়াই আছে । তেওঁ জীয়াই আছে তেওঁৰ গীতসমূহৰ মাজত, প্ৰতিগৰাকী অসমীয়াৰ মাজত, তেওঁৰ লক্ষ লক্ষ গুণমুগ্ধৰ মাজত।”—আজি নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠত আয়োজিত ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ অনুষ্ঠানত এই মন্তব্য বিশিষ্ট শিল্পী সমৰ হাজৰিকাৰ । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ চৰ্চা হওক, সেই উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত যান্ত্ৰিক কৌশলেৰে গুৱাহাটীৰ পৰা সংযোগ হোৱা শিল্পী সমৰ হাজৰিকাই লগতে কয় যে “ভূপেন হাজৰিকাৰ গীত মানেই এটা সমাজবাৰ্তা । তেওঁৰ প্ৰতিটো গীত সমাজৰ একোখন ছবি । সেই গীতবোৰ আছে মানেই ভূপেন হাজৰিকা আছে ।” সুধাকণ্ঠৰ ব্যক্তিগত জীৱনৰ কিছু দিশ ৰোমন্থন কৰি শিল্পীগৰাকীৰ কনিষ্ঠ ভাতৃগৰাকীয়ে ভূপেন হাজৰিকাৰ এটি যুগজয়ী গীত পৰিৱেশন কৰে । কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে কলংপাৰ বিদ্যাপীঠে ছাত্ৰ-ছাত্ৰীক লৈ ভূপেন হাজৰিকাৰ চৰ্চা কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে আৰু এই অনুষ্ঠানটিৰ জৰিয়তেই মৃত্যু তিথিত শিল্পী ভাতৃক শ্ৰদ্ধা জনাবলৈ পাই পৰম আনন্দ প্ৰকাশ কৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাৰ সঞ্চালনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববৰেণ্য শিল্পী- সাহিত্যিক ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট একৰ্ডিয়ান শিল্পী চিত্ৰদেৱ মহন্ত আৰু পৰিচিত মেণ্ডোলিন বাদক অঞ্জলি মহন্তই । পুষ্পাঞ্জলি তৰ্পণ কৰে জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি, সুলেখিকা কৰবী দেৱী লিগিৰা, শিল্পী দীপিকা মহন্ত আৰু কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সম্পাদক অতুলচন্দ্ৰ বৰুৱাই । স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি উদ্বোধন কৰে শিল্পী চিত্ৰদেৱ মহন্তই । নিজৰ ভাষণত মহন্তই মাজে মাজে সঙ্গীতসূৰ্যৰ গীতৰ কলি গাই গাই ভূপেন হাজৰিকাৰ সৈতে হোৱা সান্নিধ্য আৰু শিল্পীজনৰ সঙ্গীত জীৱনৰ বিভিন্ন সৰু সৰু স্মৰণীয় মুহূৰ্তৰ কথাবোৰ শ্ৰদ্ধাৰে ৰোমন্থন কৰে । অসমত ভূপেন হাজৰিকাৰ দৰে বৰেণ্য শিল্পীৰ জন্ম অসমবাসীৰ পৰম সৌভাগ্যৰ ফল বুলিও তেওঁ মন্তব্য দিয়ে । সুৰজিৎ দেৱনাথ, জ্যোতিমণি ডেকা, ইন্দ্ৰমোহন বৰা, মৃগাশ্ৰী বৰা লক্ষ্যজ্যোতি দেৱী, জিমি  বৰকাকতী, টিনা বৰঠাকুৰ, শুভাশিস বৰগোহাঁই আদি শিক্ষক তথা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত  শিল্পী অঞ্জলি মহন্তই মেণ্ডোলিত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । বিশেষ অতিথি কবি কৰবী দেৱী লিগিৰাই নিজৰ ভাষণত সংক্ষেপে ড° ভূপেন হাজৰিকাৰ বিশাল প্ৰতিভা আলোকপাত কৰে । লেখিকাগৰাকীয়ে ভূপেন হাজৰিকাক বিৰল ক্ষণজন্মা পুৰুষ বুলি উল্লেখ কৰি ভূপেন হাজৰিকাক অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সদায় সুবাটে অগ্ৰসৰ হ’ব পাৰিব বুলি মন্তব্য দিয়ে । ছাত্ৰী ৰাজটিকা ডেকাৰজাই ভূপেন হাজৰিকাৰ গীতত নৃত্য পৰিৱেশন কৰা অনুষ্ঠানত ছাত্ৰ কুনালদীপ বৰদলৈ, দীপজ্যোতি নাথ আৰু ভণিতা দেৱীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে । ভাষা বিষয়ক বৰেণ্য স্মৰণ শিতানত আয়োজন কৰা অনুষ্ঠানত শিক্ষক অতুলচন্দ্ৰ বৰুৱাই গীতকথাৰে ভূপেন হাজৰিকাক স্মৰণ কৰে । অনুষ্ঠানত অসমৰ সংগীত ক্ষেত্ৰৰ এটি জনপ্ৰিয় ভাতৃজুটি শিল্পী মনমিৎ মহন্ত আৰু মনদীপ মহন্তই ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । শেষত সমস্বৰে গোৱা “মানুহে মানুহৰ বাবে” গীতেৰে স্মৃতি দিৱসৰ অনুষ্ঠানৰ সামৰণি পৰে

Leave A Reply