Breaking

ওদালগুৰিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী উদযাপন

0 2,137

বিভিন্ন প্ৰান্তৰ লগতে ৫নবেম্বৰত  ওদালগুৰি শতদল সাহিত্য সভাৰ উদ্যোগত আৰু ভূপেন হাজৰিকা প্ৰতিমুৰ্তি অৱৰক্ষণ সমিতিৰ সহযোগত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু দিৱসটি পালন কৰা হয়।
ভূপেন হাজৰিকাৰ দশম মৃত্যু দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১০বজাত বন্তি প্ৰজ্বলন কৰে শতদল সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত ডাঙৰ বন্তি প্ৰজ্বলন কৰে আৰু ১০.১৫বজাত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্ত্তি অৱৰক্ষন সমিতিৰ সভাপতি গৌতম জ্যোতি  তালুকদাৰে মাল্যাৰ্পণ কৰে।সম্পাদক অজয় কলিতাই আঁতধৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত স্মৃতিচাৰণ সভাত গীত-মাত কবিতা আবৃত্তিৰ অনুষ্ঠানত হিতৈষী সদস্য নৃপেন্দ শৰ্মা, অৱৰক্ষণ সমিতিৰ সম্পাদক অখিল কলিতা, আজীৱন সদস্য গগন লহকৰ আৰু দ্বিজেন বায়নে হাজৰিকাৰ ওপৰত বক্তব্য ৰাখে ।ইয়াৰ উপৰিও হাজৰিকাদেৱৰ গীত আৰু কবিতা পাঠ কৰে ক্ৰমে-মধু পাটৌৱাৰী,তুলিকা তালুকদাৰ,মেঘমালা সূত্ৰধাৰ,অঞ্জু গোস্বামী কলিতা,আৰতি দেৱী,হিমাৰাণী বৰ্মন আদিয়ে। সন্ধিয়া ৫বজাত  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ বেদীৰ সমুহীয়াকৈ বন্তি প্ৰজ্বলন কৰে ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ ডেকা,উপ সভাপতি বিষ্ণু শৰ্মা নেওপান, বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহাল,আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাকে ধৰি শিল্পী, সাহিত্যিক, সাংবাদিক সকলে ।

Leave A Reply