Breaking

ওদালগুৰিৰ পুৰণি থানাত অনুষ্ঠিত আন্ত জিলা দ্বিতীয় বাৰ্ষিক বক্সিং চেম্পিয়নশ্বিপৰ সামৰণি

0 2,018

৬ নবেম্বৰ:ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত, ওদালগুৰি জিলা বক্সিং এচ’চিয়েশন আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত যোৱা ২নবেম্বৰৰ পৰা অনুষ্ঠিত  দ্বিতীয় বাৰ্ষিক আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি  ৩ নবেম্বৰত সামৰণি পৰে।ওদালগুৰি জিলা ভিত্তিত আয়োজিত চাব জুনিয়ৰ,(ল’ৰা), জুনিয়ৰ (ল’ৰা),যুৱ আৰু মহিলা শাখাত মুঠ ৯৯ গৰাকী পুৰুষ মহিলাই বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।কালি সামৰণি পৰা উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।উঠি অহা যুৱক যুৱতী সকলক খেলৰ প্ৰতি আগ্ৰাহ্নিনত হ’বলৈ আহ্বান জনায়।কিয়নো ভাল খেলুৱৈ এগৰাকীয়ে   দেশৰ সুনাম অৰ্জন কৰিব পাৰে। উক্ত বঁটা বিতৰণী সভাত ভাৰতীয় খেল প্ৰাধিকাৰীৰ সঞ্চালক ড° সুভাষ বসুমতাৰী, জিলা ক্ৰীড়া প্ৰাধিকাৰী বিষয়া সৌমদৌম মোছাহাৰী,শাৰিৰীক শিক্ষা বিষয়া বিক্ৰম সিং দৈমাৰী, বড়োলেণ্ড বস্কিং সন্থাৰ সাধাৰণ সম্পাদক কৰে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল।বিজয়ী প্ৰতিযোগী সকলক শাখা অনুযায়ী সোন ,ৰূপ আৰু ব্ৰঞ্জৰ মেডেল উপহাৰ দিয়া হয়

Leave A Reply