Breaking

ওদালগুৰিৰ চিজৌগুৰিত বাথৌ ধৰ্মীয় আলোচনা চক্ৰ

0 2,027

ওদালগুৰিৰ চিজৌগুৰিত সদৌ বাথৌ মহাসভাৰ যুৱ সমাজৰ ২০ স‍ংখ্যক বাথৌ ধৰ্মীয় আলোচনা চক্ৰ ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ উদ্যোগত আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ যায়।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সভাপতি সমৰসিং দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাখনি উদ্বোধন কৰে ওদালগুৰি জিলা বাথৌ ধৰ্ম মহাসভাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ বড়োই।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সম্পাদক শুকুৰাম বড়োই আঁতধৰা সভাত প্ৰাৰ্থনাৰে  সজয় দৈমাৰীয়ে দান কৰে আৰু আনসকলে বৰঙনি সংগ্ৰহত সহযোগিতা আগবঢ়ায়।  সভাত আদৰণি বক্তব্য ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি কুলেন দৈমাৰীয়ে।মুকলি সভাত উপস্থিত থাকি সমাজকৰ্মী ৰিঞ্জয় বড়োই বাথৌ ধৰ্মত আধ্যাত্মিকৰ ক্ষেত্ৰত যুৱক যুৱতী সকলৰ দায়িত্ব আৰু কৰ্তব্যত কিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত বক্তব্য ৰাখে।নিজৰ ধৰ্মৰ পবিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত শিক্ষিত নৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।কিয়নো বাথৌ ধৰ্ম এক বিজ্ঞান সন্মত ধৰ্ম।ধৰ্মীয় অনুভূতিৰে সঠিক পথৰ সন্ধান বিচাৰিব লাগিব। আধ্যাত্মিক ভাবধাৰা বজাই ৰাখিব পৰাটোহে আচল জীৱনৰ মাহাত্ম বুলি তেওঁ লগতে উল্লেখ কৰে।পুৱা ৭.৩০বজাত ধৰ্মধ্বজা উত্তোলন কৰে ওদালগুৰি আঞ্চলিক বাথৌ ধৰ্ম মহাসভাৰ সভাপতি সমৰসিং দৈমাৰীয়ে।পুৱা ৮ বজাত যেপ্ৰাৰ্থনা সভা উদ্বোধন কৰে আঞ্চলিকৰ উপদেষ্টা নিতুল বড়োই।

Leave A Reply