Breaking

বকোত ” পাঞ্চজন্য শিল্পী গোষ্ঠী”ৰ নাট শুভ উদ্ধোধন

0 94

নাটকৰ জৰিয়তে স্বকীয় সংস্কৃতি আৰু সমাজ সংস্কাৰ কৰিব পাৰি, :খয়াৰ আলী আহমেদ।দৈনন্দিন বাৰ্তা সেৱা,বকো, ৬ নবেম্বৰকৃষ্টিৰ পথাৰত সৃষ্টিৰ থাপনা স্থাপন কৰি কামৰূপ জিলাৰ বকোত আজি শুভ উন্মোচনী অনুষ্ঠান ৰূপায়ণ কৰা হয় পাঞ্চজন্য নামৰ শিল্পী গোষ্ঠীৰ সাংস্কৃতিক মঞ্চ। উল্লেখ্য যে ; কৃষ্টি সংস্কৃতিত চহকী পশ্চিম অসমৰ দেশী জনগোষ্ঠীয়ে আধ্যাত্মিক পৰম্পৰা তথা জনগোষ্ঠীটোৰ ভাষা সংস্কৃতিত যথেষ্ট ভুমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত প্ৰতি বছৰৰ দৰে এই বেলিও নতুন সাজ সজ্জাৰে কেইবাখনো নাট সম্ভাৰ লৈ বকো আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱা বালিঝাৰ বজাৰ প্ৰাঙ্গনাত আনুষ্ঠানিকতা ৰক্ষা কৰি সাংস্কৃতিক গোষ্ঠীটোৰ সাংস্কৃতিক মঞ্চ শুভ উদ্ধোধন কৰা হয়। সাংস্কৃতিক মঞ্চ খন উদ্ধোধন কৰে বৰুৱাগাওঁ গাওঁ পঞ্চায়তৰ সভাপতি আক্ৰাম হুছেইনে। সভাত কামৰূপ জিলাৰ দেশী জনগোষ্ঠীয় মঞ্চৰ সভাপতি খয়াৰ আলী আহমেদে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে ” কলা সংস্কৃতি হৈছে এটা জাতি জনগোষ্ঠীৰ দাপোন স্বৰূপ। ইয়ে বিশ্বৰ দৰবাৰত জনগোষ্ঠীক আগুৱাই নিয়াত যথেষ্ট সহায় কৰে। তেওঁ আৰু কয় যে কেৱল নিজৰ পৰম্পৰাৰ মাজতেই আৱদ্ধ নাথাকি নাট্য দল টোয়ে বাল্য বিবাহৰ বিৰুদ্ধে ; মদ ড্ৰাগছ ; গুটখা ; বিড়ি ; চিগাৰেট আদিৰ নিচিনা সমাজৰ ব্যাধি স্বৰূপ অপ শক্তিৰ ওপৰত তথ্য চিত্ৰ ; বাটৰ নাট আদিতো মনোনিবেশ কৰি সমাজ খনক যাতে আগুৱাই নিয়াত সহায় কৰে তাৰ পৰামৰ্শ দিয়ে সাংস্কৃতিক দলটোক। অনুস্থানত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মতিউৰ ৰহমান ; নৰুল হক গাওবুঢ়া ; বালিঝাৰ আঞ্চলিক বজাৰ সমিতিৰ প্ৰাক্তন সভাপতি ছামাদ আলী ; সম্পাদক ইমাৰ আলী ; কেৰামত আলীৰ উপৰিও অঞ্চলটোৰ বয়োজেষ্ঠ্য ব্যক্তি সকলে উপস্থিত থাকি দলটোক দিহা পৰামৰ্শ আগবঢ়ায়। উল্লেখ্য যে প্ৰায় পাঁচ শতাধিক দৰ্শক উপস্থিত থকা অনুস্থানৰ আত ধৰে পাঞ্চজন্য শিল্পী গোষ্ঠীৰ মুখ্য প্ৰযোজক আবু ছালাম আৰু ৰবিউল হুছেইনে।

Leave A Reply