Home Blog Page 2739

ৰঙিয়াত ঘৰুৱা কণ্ডলৰ চুড়ান্ত ৰূপ

ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত এটা ঘৰৰ দখলক কেন্দ্ৰ কৰি দুই ভাই ককাইৰ কাজিয়াত অৱশেষত গৃহহাৰা হ’বলগীয়াত পৰে শাৰীৰিক ভাবে অক্ষম ভাতৃ। দুটিকৈ কন্যা সন্তানক লগত লৈ মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলৈ বাধ্য হয় কণিষ্ঠ ভাতৃ। ঘটনা অনুসৰি ৰঙিয়াৰ ৫ নং ৱাৰ্ডৰ ভূটান পথৰ পৰেশ কলিতাৰ গোচৰৰ ভিত্তিত  আদালতৰ নিৰ্দেশত কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাক পৰিয়াল সহ ঘৰৰ পৰা উচ্ছেদ কৰা হয়। কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাৰ অভিযোগ অনুসৰি তেওঁলোকৰ পৈতৃক ভিটাত দীৰ্ঘদিন ধৰি দুয়ো ভায়েকে পৰিয়াল সহ বসবাস কৰি আছিল। তেওঁ শাৰীৰিক ভাৱে অক্ষম হোৱা বাবে খোজ কাঢ়িব নোৱাৰে। বিগত প্ৰায় সাত বছৰ পূৰ্বে তেওঁৰ ককায়েক পৰেশ কলিতাই কৌশলেৰে মাটি টুকুৰা নিজৰ নামত কৰি লয়, আৰু ইয়াৰ পিছৰ পৰাই তেওঁৰ অত্যাচাৰে চুড়ান্ত ৰূপ ধাৰণ কৰে। ককায়েক পৰেশ কলিতাই তেওঁলোকক পৈতৃক ভেটিৰ পৰা উচ্ছেদ কৰাৰ বাবে আদালতৰ দ্বাৰস্থ হয়। ভাতৃ ইন্দ্ৰজিৎ কলিতাৰ অভিযোগ অনুসৰি তেওঁলোকৰ বৈদ্যুতিক সংযোগ পৰ্যন্ত কাটি দিয়াৰ লগতে পানী আৰু অহা যোৱাৰ ৰাস্তা বন্ধ কৰি দিয়ে। অকল সেয়াই নহয় ইন্দ্ৰজিৎ কলিতাৰ পত্নীয়ে চুবুৰীয়াৰ ঘৰৰ পৰা খোৱাপানী সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু ককায়েক পৰেশ কলিতাই চুবুৰীয়াই পানী যোগান ধৰাত, চুবুৰীয়াকো ঘৰত গৈ পানী নিদিবৰ বাবে ধমক দিয়ে,আনকি চুবুৰীয়াৰ লগতো কাজিয়াত লিপ্ত হয় জেষ্ঠ ভাতৃ পৰেশ কলিতাই। পিছত তেওঁ চুবুৰীয়াৰ ওচৰত অপদস্থ হৈ বিফল মনোৰথেৰে উভতি আহে বুলিও কণিষ্ঠ ভাতৃয়ে জানিবলৈ দিয়ে। সোমবাৰে দুপৰীয়া ভাত ৰান্ধি থকাৰ সময়ত আমিনগাঁওৰ পৰা এদল আৰক্ষীয়ে আদালতৰ নিৰ্দেশ লৈ তেওঁলোকৰ ঘৰত উপস্থিত হয়। আৰক্ষীয়ে কলিতাক ঘৰ খালি কৰি দিবলৈ নিৰ্দেশ দিয়ে। কিন্তু কলিতাই মান্তি নোহোৱাত আৰক্ষীয়ে শ্ৰমিক লগাই কলিতাৰ ঘৰৰ সকলো বয়বস্তু আনকি কাটি থোৱা পাচলিও পথৰ দাঁতিত উলিয়াই দিয়ে। পিছত নৰিয়াপাটিত থকা কলিতাক দাঙি লৈ মুকলি আকাশৰ তলত উলিয়াই দি, উক্ত ঘৰৰ দখল জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাক ছমজাই দিয়ে। ইপিনে কনিষ্ঠ ভাতৃ ইন্দ্ৰজিৎ কলিতাই দুটা কণকণ সন্তান আৰু পত্নীক লৈ মুকলি আকাশৰ তলত আশ্ৰয় লবলৈ বাধ্য হৈছে। মনকৰিবলগীয়া যে জ্যেষ্ঠ ভাতৃ পৰেশ কলিতাই ঘৰটো পৈতৃক সম্পত্তি নহয় বৰঞ্চ তেওঁৰ নিজৰ বুলি দাৱী কৰে। অকল সেয়াই নহয় ভাতৃক চৰকাৰী চাকৰিত সোমাই দিয়া  বুলিও কয়। এই ঘটনাই ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

নাজিৰা মহাবিদ্যালয়লৈ সাঁচিপাতৰ পুথি দান

-যি সময়ত আমাৰ ৰাজ্যত বহু আপুৰুগীয়া সম্পদ সংৰক্ষণৰ অভাৱত উৱলি যোৱা পৰিলক্ষিত হয়,তেনেক্ষেত্ৰত নাজিৰাৰ জতকীয়া লাহন গাঁৱৰ বয়োজ্যেষ্ঠ আদৰ্শৱান সমাজকৰ্মী জীৱকান্ত লাহন আৰু তেওঁৰ সহধৰ্মীনি ফুলেশ্বৰী লাহনে পুত্ৰ তথা নাজিৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্র টৈলেন লাহনৰ অনুপ্ৰেৰণাত চাৰিখনকৈ আপুৰুগীয়া সাঁচিপাতৰ পুথি সংৰক্ষণৰ বাবে নাজিৰা মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰাললৈ দান কৰে । গ্ৰন্থাগাৰিক ড০ ৰাজেন্দ্ৰ মোহন দেৱ শৰ্মা আৰু সহকাৰী অধ্যাপক ৰাজীৱ কলিতাই দানৰ এই মহানুভতাক সহৃদয়ে গ্ৰহণ কৰি মহাবিদ্যালয় পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আজিও অসমৰ চুকে -কোণে সিচৰতি হৈ থকা বহু অমূল্য সাঁচিপাতৰ পুথি আৰু গ্ৰন্থ সংৰক্ষণৰ বাবে উন্নত পুথিভঁৰালত দান কৰিবলৈ সকলোকে আহ্বান জনায়।

ৱানপ্লাছ ফোনত পুনৰ বিস্ফোৰণ

ৱানপ্লাছ নৰ্ড 2 5জি স্মাৰ্টফোনটোত বিস্ফোৰণৰ হেট্ৰিক আছে। হয়, আকৌ এবাৰ এই স্মাৰ্টফোনটোৱে বিস্ফোৰণৰ বাবে শিৰোনাম দখল কৰিছে। এইবাৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সুচিত শৰ্মাই ফোনটো বিস্ফোৰণৰ পিছত কিছুমান ফটো শ্বেয়াৰ কৰিছে। এই ফটোবোৰত ক্ষতিগ্ৰস্ত ফোনটোৰ সৈতে ভৰিৰ এখন ফটোও আছে। সুচিতে কৈছিল যে বিস্ফোৰণৰ পিছত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ভৰি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল। যোৱা ৩ মাহত এই মডেলটো ফাটি যোৱাৰ এইটো তৃতীয় ঘটনা।ফটোখনে দেখুৱাইছে যে বিস্ফোৰণটো কিমান ভয়ংকৰ আছিল। ব্যৱহাৰকাৰীৰ জিন্সইয়াত জ্বলি গৈছিল। একে সময়তে, তেওঁৰ উৰু বেয়াকৈ জ্বলি গৈছিল। ঘটনাটোৰ পিছতে, ৱানপ্লাছে কৈছিল যে আমি এনে ঘটনাক গুৰুত্বসহকাৰে লওঁ। আমাৰ দলটোৱে ব্যৱহাৰকাৰীৰ ওচৰলৈ গৈছে।

দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত পূব নলবাৰী ক’চিং চেণ্টাৰ চেম্পিয়ন

৭ আৰু ৮ নৱেম্বৰত অনুষ্ঠিত হৈ যোৱা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত, উত্তৰ পূব খাতা শাখা ছাত্ৰ সন্থা তথা ৰাইজৰ সহযোগত প্ৰয়াত কৃতি শিক্ষক গিৰীধৰ ডেকা সোঁৱৰণী সদৌ অসম ভিত্তিত আয়োজিত আমন্ত্ৰণমূলক প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলত পূব নলবাৰী ক’চিং চেণ্টাৰে বিজয়ীৰ সন্মান লাভ কৰে। ছেমী ফাইনেলত পূব নলবাৰীয়ে ৰেঙণী, তেজপুৰ দলক ২-০ গেমত পৰাজিত কৰাৰ বিপৰীতে কেন্দুকুছি ভলীবল ক্লাৱে তিনিছুকীয়া ৰেল দলক ২-০ গেমত পৰাজিত কৰি চুড়ান্তু খেলৰ যোগ্যতা অৰ্জন কৰে। সন্ধিয়া ৮ বজাত অনুষ্ঠিত হোৱা চুড়ান্ত খেলত পূব নলবাৰী ক’চিং চেণ্টাৰে কেন্দুকুছি ভলীবল দলক ২৫-১৮, ২২-২৫ আৰু ১৭-১৫ গেমৰ ব্যাৱধানত পৰাস্ত কৰি বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। বিজয়ী দলে লাভ কৰে নগদ ৭ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী আনহাতে ৰানাৰ্চআপ দলে লাভ কৰে নগদ ৫ হেজাৰ টকা আৰু চুড়ান্ত ট্ৰফী। প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰেঙণী দলৰ মৃত্যুঞ্জয় মহন্তই, চুড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলুৱৈ আব্দুল বাতেনে আৰু শ্ৰেষ্ঠ লিফটাৰৰ খিতাপ অৰ্জন কৰে কেন্দুকুছি ভলীবল দলৰ খেলুৱৈ অজিত বড়োৱে। লোকে লোকাৰেন্য হৈ পৰা চুড়ান্ত খেলখন উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা উদ্ধোধণী অনুষ্ঠানত ভট্টাচাৰ্যই কয় যে “এগৰাকী শিক্ষকে মানৱ সম্পদ গঢ়ি তোলে। জীৱন যোৰা সাধনা আৰু অক্লান্ত পৰিশ্ৰমৰ পিছত প্ৰজন্মই প্ৰজন্মই মানুহ গঢ়াৰ এগৰাকী খনিকৰ হিচাপে কাম কৰি আহিছে সন্মানীয় শিক্ষা গুৰু সকলে। কৃতি শিক্ষক প্ৰয়াত গিৰীধৰ ডেকাৰ স্মৃতি জীয়াই ৰখাৰ বাবে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ পূব শাখা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে যি পদক্ষেপ গ্ৰহন কৰিছে তাৰে শলাগ লৈ আটাইলৈ ধন্যবাদ সহ কৃতজ্ঞতা জ্ঞাপন কৰে। সমগ্ৰ অসমৰ কাৰণেই ই এক অনুকৰণীয় পদক্ষেপ বুলিও মন্তব্য প্ৰকাশ কৰে।” উদ্ধোধণী অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় তথা জিলা পৰ্য্যায়ৰ বিষয়ববীয়াৰ লগতে ক্ৰীড়া সংগঠক তথা নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামী, অসম ভলীবল সন্থাৰ উপ সভাপতি তথা নলবাৰী ক্ৰীড়া সন্থাৰ কোষাধক্ষ্য কৰুনা বৰ্মন, এথলেটিকছ প্ৰশিক্ষক কল্যান বৰ্মন, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ নীৰেন শৰ্মা, দীনেশ ঠাকুৰীয়াকে আদি কৰি বিশিষ্ট ব্যাক্তি সকল উপস্থিত থাকে। খেলখন পৰিচালনা কৰে প্ৰথম ৰেফাৰী বীৰেন শৰ্মা, দ্বিতীয় ৰেফাৰী দেৱজিৎ ডেকা, স্কোৰাৰ বিকাশ ভট্টাচাৰ্য্য আৰু লাইনত সহায় কৰে ভলীবল ৰেফাৰী নৃপেন দাস আৰু হিতেশ দাসে। খেল সমাপ্ত হোৱাৰ পিছত বঁটা সমূহ বিতৰণ কৰে প্ৰয়াত গিৰীধৰ ডেকাৰ পত্নী পুত্ৰ ত্ৰিদীপ ডেকা, কন্যা ভূপাখী ডেকা, খেল পৰিচালনা সমিতিৰ সভাপতি নৃপেন্দ্ৰ দাস, কাৰ্য্যকৰী সভাপতি অতুল পাঠক, অভ্যৰ্থনা সমিতিৰ সভাপতি গিৰীশ ডেকা প্ৰমুখ্যে বিষয় ববীয়া সকলে।

আৰোহণ আৰ্টিছ গীল্ডৰ পৰা বঁটা লাভ কৰা দিপুল দাস-শম্ভূ ৰাজবংশীক

জ্যোতিষী বা হস্থৰেখাবিদ হিচাবে খ্যতি লাভ কৰি সুনাম অৰ্জন কৰা দিপুল দাস আৰু সমাজ উন্নয়ন মূলক কাম-কাজত অহৰহ লাগি থাকি সুনাম অৰ্জন কৰা শম্ভু ৰাজবংশীক গুৱাহাটীস্থ আৰ্টিছ গীল্ড তৰফৰ পৰা যথাক্ৰমে অসম জ্যোতিষ ৰত্ন আৰু অসম সমাজ হৈতিষী স্বীকৃতি প্ৰদান কৰি বঁটা প্ৰদান কৰে । যোৱা ৮ চেপ্টেম্বৰ দিনা গুৱাহাটী কুমাৰ ভাস্কৰ মন্দিৰত অনুষ্ঠিত এক গাম্ভৰ্যপূৰ্ণ সভাৰ জৰিয়তে বঁটা প্ৰদান কৰা হয় । উক্ত দুই গৰাকী সুযোগ্য ব্যক্তিক যোৱা কালি সন্ধিয়া বাসুগাঁৱত উস্ম সম্ভৰ্ধনা জনোৱা হয় । বাসুগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা দীপ মেধীৰ উদ্যোগত তেওঁৰ ভাড়া ঘৰৰ চৌহদত আটক ধুনীয়াকৈ সজোৱা মঞ্চত দুয়োগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাৱা হয় । ইয়াৰ অন্ততঃ দীৰ্ঘ দিনৰ পৰা জ্যোতিষ শাস্ত্ৰৰ সতে জড়িত হৈ থকা বঙাইগাঁও নিৱাসী দিপুল দাসে নিজৰ অনুভৱ ব্যক্ত কৰি জ্যোতিষ শাস্ত্ৰ সাগৰৰ দৰে বিশাল বুলি কৈ ঞ্জান আহৰণৰ শেষ নাই বুলি উল্লেখ কৰি বঁটাটি লাভ কৰাত তেওঁ যথেষ্ট উৎসাহ পোৱা বুলি কয় । আন এগৰাকী অসম সমাজ হৈতিষী বঁটা লাভ কৰা বাসুগাঁও নিৱাসী শম্ভু ৰাজবংশীয়ে প্ৰতিদিন ৰাতিপুৱা বিচনাৰ পৰা উঠিয়েই তেওঁ কোনো নহয় কোনো লোকক যাতে যত কিঞ্চিত সহায় কৰিব পাৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ কথা ব্যক্ত কৰে । বিভিন্ন সামাজিক কাম-কাজত জড়িত থকাৰ লগতে বিজয়গাঁৱত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিজৰ গাঁথিৰ ধন ব্যায় কৰি প্ৰায় সম্পূৰ্ণ কৰাৰ কথাও তেওঁ ব্যক্ত কৰে । মূল উদ্যোক্তা দীপ মেধীয়ে আঁত ধৰা অনুষ্ঠানটিত দুয়ো গৰাকী বঁটা প্ৰাপ্ত লোকক প্ৰসংশা কৰি চমু বক্তব্য দাঙি ধৰে ২০১২ চনত বিটিচিৰ শ্ৰেষ্ঠ পৰিবেশ কৰ্মীৰ বঁটা লাভ কৰা ভৃগু মুনি ৰায়, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বঙাইগাঁও জিলা বিএলটিৰ প্ৰাক্তন চেয়াৰমেন শুকুৰ সিং মুছাহাৰী,বিশিষ্ট-প্ৰতিষ্ঠিত ব্যৱসায়ী ফুকন ৰায় আদি লোক সকলে ।

ওৰাঙত উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰন

৮ নবেম্বৰত ওদালগুৰি জিলাৰ ওৰাঙৰ ধনশ্ৰীঘাটত ২ নং নলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ১৪২  খন চাইকেল বিতৰন কৰা হয় । প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ  ই এম নিলুৎ স্বগীযাৰীযে ৮ নবেম্বৰত বিদ্যালয় খনৰ নবম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল সমুহ বিতৰন কৰে ।দুখীয়া নিচলা মেধাবী ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰনি কাৰ্যসূচীত  উপষ্ঠিত থাকি ই এম  নীলোৎ স্বগীয়াৰীযে  ছাএ ছাত্ৰী সকলে  অধিক উৎসাহেৰে অধ্যযন কৰিবলৈ শিক্ষাৰ্থী সকলৰ মাজত আত্মবিশ্বাস ৰখাৰ বাবে পৰিবেশ অনূকূল আৰু পৰিবহন স্বাস্থ্যকৰ অভিযান প্ৰচাৰৰ বাবে ফ্ৰেগশ্বিপ মিছনটো আৰম্ভ কৰা হৈছে বুলি মন্তব্য কৰে । বিটিআৰ চৰকাৰৰ এনে প্ৰশংসনীয় পদক্ষেপৰ বাবে বিদ্যালয় খনৰ শিক্ষক, ছাত্ৰ ছাত্ৰী ,অভিভাবক সন্মনিতে সকলৱে  প্ৰশংসা কৰিছে ।

মৰিগাঁৱত আইন সেৱা শিবিৰ

মৰিগাঁও জিলাৰ সদৰ বিহুতলীত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস উপলক্ষে মৰিগাঁও জিলা আইন সেৱা প্ৰাধিকৰনৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত  ১৯ টা চৰকাৰী বিভাগক আমন্ত্ৰণ কৰি সাধাৰণ ৰাইজৰ মাজত বিভাগসমূহৰ পৰা লাভ কৰিবলগীয়া চৰকাৰী সুবিধা সমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে *আইন সেৱা শিবিৰ* অনুষ্ঠিত কৰে। পুৱা ৯.৩০ বজাত মৰিগাঁও জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা ও সত্ৰ ন্যায়াধীশ এছ. কে. পোদ্দাৰ,  আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন,অতিৰিক্ত উপায়ুক্ত ৰিংছাং মুছাহাৰী, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ছয়েদা ফৰিদা আফজল জিন্নত, মুখ্য ন্যায়িক  দণ্ডাধীশ হেমন্ত কুমাৰ দাস, অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ চিন্ময় বৰুৱা, প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ দ্বীপজ্যোতি বেজ ৰ উপস্থিতিত জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ তথা জিলা ও সত্ৰ ন্যায়াধীশে শিবিৰটোৰ ফিটা কাটি শুভাৰম্ভ কৰে। শিৱিৰৰ প্ৰতিটো বিভাগীয় ষ্টল পৰ্যবেক্ষণ কৰাৰ লগতে জনসাধাৰণক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।

পশ্চিম ঢেকীয়াজুলি ষ্টাৰ ইলেভেন প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ী

ঢেকীয়াজুলি ৰাজহ চক্ৰ এলেকাৰ গাভৰুপাৰ-বালিসুঁতি সমন্বয় সংঘৰ উদ্যোগত গাভৰুপাৰ সমন্বয় খেলপথাৰত ১৭ অক্টোবৰৰ পৰা আয়োজিত আমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাখনি স্থানীয় ভিন্ন জাতি-ধৰ্মৰ লোকৰ সহযোগিতা আৰু উৎসাহ-উদ্দীপনাৰ মাজেদি শান্তিপূৰ্ণ আৰু শৃংখলাৱদ্ধতাৰ মাজেদি ৪ নৱেম্বৰত সামৰণি পৰে ৷ এইবেলিৰ তৃতীয় বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনি পৰিচালনাৰ বাবে ড° ৰোহিত চন্দ্ৰ ৰাভাক মুখ্য উপদেষ্টা,শ্ৰীমন্ত বৰুৱাক সভাপতি,গুৰু তাঁতী আৰু গনেশ নাথক কাৰ্যকৰী সভাপতি,তৰুণ গোৱালাক সম্পাদক,আমিৰ হোছেইনক সহকাৰী সম্পাদক,শুকুৰ আলীক কোষাধ্যক্ষ,জয়ন্ত নাথক খেল বিভাগৰ সভাপতি,কৃষ্ণকান্ত বৰাক উপ-সভাপতি,মইনুদ্দিন আলীক ক্ৰীড়া সম্পাদক আৰু পংকজ নাথক সহকাৰী খেল সম্পাদকৰ দায়িত্ব প্ৰদান কৰি গঠিত খেল আয়োজক সমিতিয়ে প্ৰায় ১৫ দিনীয়া এই ফুটবল প্ৰতিয়োগিতাখনৰ সফল পৰিসমাপ্তিত পাৰ্যমানে সৰ্বাত্মক সহযোগ আগবঢ়ায় ৷ ১৭ অক্টোবৰত আয়োজক সমিতিৰ মুখ্য উপদেষ্টা তথা নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড° ৰোহিত চন্দ্ৰ ৰাভাই পতাকা উত্তোলনৰ লগতে ৰঙা ফিটা কাটি খেল পথাৰ মুকলি কৰা উদ্বোধনী খেলখনত ৰৌতা আৰু বগুলামাৰী দলৰ মাজত অনুষ্ঠিত হয় ৷ ৰৌতা, বগুলামাৰী, মাজবাট,ওদালগুৰি,ঢেকিয়াজুলি চাউন ক্লাৱ,পশ্চিম ঢেকিয়াজুলি ষ্টাৰ ইলেভেন,টিউলিপ চাহ বাগিছা,গোহাঁইভেটি,গাভৰুপাৰ সমিতি,প্ৰজাপথাৰ,ঘাটোৱাৰবস্তি,টিউলিপ ফেক্টৰী লাইন,বেটালী চাহ বাগিছা,ফুলগুৰি বি টিম,হুগ্ৰাজুলি চাহ বাগিছা আৰুলামাবাৰী চাহ বাগিছাকে ধৰি ১৬টা ফুটবল দলে যোগদান কৰে ৷ খেলখনৰ প্ৰথম ছেমি ফাইনেলত ষ্টাৰ ইলেভেনে গোঁহাইভেটি ফুটবল দলক আৰু দ্বিতীয়খন ছেমি ফাইনেলত ফুলগুৰি এফ চি দলে হুগ্ৰাজুলি চাহ বাগিছা দলক পৰাস্ত কৰি ফাইনেল খেলত প্ৰৱেশ কৰে ৷ সমগ্ৰ ফুটবল প্ৰতিযোগিতাখনত ওদালগুৰিৰ সুভাষ পাণ্ডা আৰু তুলেশ্বৰ বসুমতাৰীয়ে মুখ্য খেল পৰিচালক আৰু কপিল ৰাভা আৰু ৰূপেশ গোড়ে সহকাৰী খেল পৰিচালকৰ গধূৰ দায়িত্ব পালন কৰে ৷ ৪ নৱেম্বৰত জেষ্ঠ সাংবাদিক-শিল্পী-লেখক তথা ৰাজহুৱা কৰ্মী সুজিৎ কটকীয়ে যুৱৰাজ ছেত্ৰী আৰু মুক্তেশ্বৰ নাথৰ সহযোগত খেল পথাৰৰ চৌহদত এটি গছপুলি ৰোপণ কৰি চূড়ান্ত খেলখনৰ অনুষ্ঠান পৰিক্ৰমাৰ শুভাৰম্ভ ঘটায় ৷ ফাইনেল খেলখনৰ প্ৰাৰম্ভতে ক্ৰীড়াংগণৰ মাজত গৈ দুয়োটা দলৰ খেলুৱৈসকলক  ড° ৰোহিত চন্দ্ৰ ৰাভাকে ধৰি অতিথিসকলে এখন উপভোগ্য খেলৰ বাবে অভিনন্দন জনায় ৷ খেল আয়োজক সমিতিৰ সভাপতি তথা শিক্ষক শ্ৰীমন্ত বৰুৱাই আঁতধৰা উদ্বোধনী অনুষ্ঠানত অতিথি ড° ৰোহিত চন্দ্ৰ ৰাভা,সাংবাদিক সুজিৎ কটকী,পঞ্চায়ত সভানেত্ৰী মৰমী বৈশ্য,আঞ্চলিক পঞ্চায়তৰ সদস্যা মিনতি তাঁতী টিৰ্কী,মিট্ৰৰী ইংলিছ স্কুলৰ অধ্যক্ষ যুৱৰাজ ছেত্ৰী,সমাজসেৱিকা মিনু দেৱী,যুৱ সমাজকৰ্মী ৰবীন বৰা,সমবায় সমিতিৰ উপ-সভাপতি সন্তোষ দাস আৰু বেংগলী যুৱ ফেডাৰেছনৰ জিলাৰ উপ-সভাপতি চয়ন দাস,আমছু নেতা ছাইদুৰ ৰহমানৰ লগতে খেল পৰিচালকসকল আৰু পুৰস্কাৰৰ দাতাসকলকো উদ্যোক্তাসকলে ফুলাম গামোছাৰে সম্ভাষণ জনায় ৷ নিদিৰ্ষ্ট সময়ছোৱাত  গলশূণ্যভাৱে শেষ হোৱা ফাইনেল খেলখনত ট্ৰাইবেকাৰৰ যোগেদি পশ্চিম ঢেকীয়াজুলি ষ্টাৰ ইলেভেন ফুটবল দলে ওডালগুৰিৰ ফুলগুৰি এফ চি ফুটবল দলক ৪-৩ গলৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷ ড°ৰোহিত চন্দ্ৰ ৰাভা আৰু সুজিৎ কটকীয়ে বিচাৰকৰো দায়িত্ব পালন কৰা ফাইনেল খেলখনৰ অন্তত বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয় ৷ প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল তথা বিজয়ী দলে(পশ্চিম ঢেকীয়াজুলি ষ্টাৰ ইলেভেন) প্ৰয়াত বিলুৰাম ৰাভা সোঁৱৰণী বঁটা,মানপত্ৰ আৰু নগদ ১৫০০০/ টকা (দাতাঃড°ৰোহিত চন্দ্ৰ ৰাভা) লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দল তথা বিজিত দলে(ফুলগুৰি এফ চি) আয়োজক সমিতিয়ে আগবঢ়োৱা বঁটা,মানপত্ৰ আৰু নগদ ১১০০০/ টকা অৰ্জন কৰে ৷ সিফালে প্ৰতিযোগিতাখনৰ ফাইনেল খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাবে বিবেচিত হোৱা ষ্টাৰ ইলেভেন দলৰ প্ৰসেনজিৎ দৈমাৰীক স্বৰ্গীয় ৰোহিনী কান্ত বৰুৱা সোঁৱৰণী বঁটা,মানপত্ৰ আৰু নগদ মাননি(দাতাঃশ্ৰীমন্ত বৰুৱা) প্ৰদানৰ উপৰি শ্ৰেষ্ঠ গলৰক্ষক ৰূপে বাছনি কৰা ফুলগুৰি এফ চি দলৰ মণ্টু ৰাভাক প্ৰয়াত চেনাৰাম নাথ সোঁৱৰণী বঁটা,নগদ মাননি আৰু মানপত্ৰৰে ( দাতাঃজয়ন্ত নাথ) সন্মানিত কৰা হয় ৷ বঁটাৰ দাতাৰ হৈ ড° ৰোহিত চন্দ্ৰ ৰাভা,বিমলা বৰুৱা,অৰুণা দেৱী আৰু অতিথি সুজিৎ কটকীৰ হাতেৰে পুৰস্কাৰসমূহ বিজয়ী আৰু বিজিত দল তথা শ্ৰেষ্ঠ খেলুৱৈ আৰু গলকিপাৰক পুৰস্কাৰ বিতৰণ কৰা হয় ৷

সুস্থ হৈ উঠিছে ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা ৷

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ জাতীয় শ্বহীদ  দয়াল দাস পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকাই হঠাৎ অসুস্থ হোৱাত তাইক TMCত লৈ ভৰ্তি কৰোৱা হৈছিল ৷ আৰ্থিক দৈন্যতাত ভূগি থকা পৰিয়ালটিয়ে তাৎক্ষণিকভাৱে চিকিৎসাসেৱা গ্ৰহণ কৰিব নোৱাৰাত ঘৰতেই সাধাৰণ চিকিৎসা কৰি ৰাখিব লগীয়া হৈছিল ৷অৱশেষত ছহিদ দয়াল দাস পাণিকা মেম’ৰিয়েল ট্ৰাষ্টৰ সহযোগত পৰিয়ালৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল ৷তেতিয়াৰ পৰাই বিটিচিৰ ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ এম.চি.এল.এ দীপক মৌৰ আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লবলোচন দাসে চিকিৎসাধীন হৈ থকা মালতী পাণিকাৰ চিকিৎসাৰ যাৱতীয় খাখৰচৰ ব্যয়  বহন কৰি আছে৷ফলত ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা বৰ্তমান সুস্হ হৈ উঠিছে ৷ ৷উল্লেখ্য যে মাজবাট বিধান সভাৰ সমষ্টিৰ বিধায়ক চৰণ বড়ো ৱে এই দুৰ্দশাগ্ৰস্হ পৰিয়ালটিৰ চিকিৎসা সেৱাৰ বাবে পাঁচহেজাৰ টকা আৰ্থিক সাহাৰ্য আগবঢ়াইছিল ৷ছহিদ পৰিয়ালটিক  এনেদৰে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে  তেজপুৰৰ সাংসদ পল্লবলোচন দাস,এম.চি এল. এ দীপক মৌৰক বিটিএডি সাংবাদিক সন্হাৰ সম্পাদক  নবকুমাৰ ডেকাই ধন্যবাদ জ্ঞাপন কৰিছে ৷

আফগানিস্থান বিযয়ক লৈ অনুষ্ঠিত হব লগা বৈঠকত ভাগ নলয় চীনে

আফগানিস্থানত টালিবান সন্ত্ৰাসবাদী গোটে শাসনভাৰ লোৱাৰ পিচত সৃষ্টি হোৱা পৰিস্থিতিক লৈ ভাৰতে ৭ খন দেশৰ NSA সকলৰ এখন বৈঠক আহব্বান কৰিছিল । দিল্লীত ১০ নবেম্বৰত অনুষ্ঠিত হব এই বৈঠক । এই বৈঠকত উপস্থিত থাকিব ইৰাণ , ৰাছিয়া , উজবেকিস্থান , কাজাখাস্থান , তুৰ্কেমেনিস্থান , তাজিকিস্থান আৰু কিৰ্গিস্থানৰ NSA সকল । কিন্ত বৈঠকত ভাগ নলয় পাকিস্থান আৰু চীনে । আফগানিস্থান বিযয়ত পাকিস্থান শলঠেকত পৰিব বুলিয়েই দেশখনে বৈঠক ত ভাগ লোৱাৰ বিৰত আছে । আনহাতে সময়ৰ অভাৱৰ অজুহাত দেখুৱাই বৈঠকত ভাগ নলোৱাৰ ঘোষণা কৰিছে চীনে ।