Home Blog Page 2738

বিহালীৰ শিক্ষাবিদ ত্ৰিলোক ভৰালীৰ পৰলোকপ্ৰাপ্তি

বিহালীৰ মাজগাওঁ নিবাসী শিক্ষাবিদ ত্ৰিলোক ভৰালীৰ (৮৯) আজি বিয়লি প্ৰায় ৩ বজাত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। প্ৰাপ্ত তথ্য অনুসৰি, শিক্ষাবিদ ত্ৰিলোক ভৰালীয়ে বিহালীৰ ডেকাপথাৰত শিক্ষাৰ পোহৰ বিলাবলৈ নিজা প্ৰচেষ্টাৰে ১৯৫৫ চনত ডেকাপথাৰ এল পি স্কুল প্ৰতিষ্ঠা কৰি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। পৰৱৰ্তী সময়ত বিহালীৰ বিভিন্ন অঞ্চলত শিক্ষকতা কৰি ১৯৯৩ চনত চিলাহৰণ প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰোপৰি তেখেত বিভিন্ন সামাজিক কামত আগৰণুৱা আছিল। তেখেত গৃহ অঞ্চলটোত ধৰ্মীয় কামত গতিশীলতা আনিছিল। মাজগাৱৰ হৰিমন্দিৰ পৰিচালনা সমিতিৰ দীৰ্ঘদিন ধৰি সভাপতি আৰু সম্পাদক হিচাপে দায়িত্ব পালন কৰিছিল। তাৰ পূৰ্বে প্ৰগতি ক্লাবৰ সক্ৰিয় সদস্য আছিল। অঞ্চলটোৰ বৰ্ষীয়াণ লোকজনৰ মৃত্যুত হৰিমন্দিৰ পৰিচালনা সমিতি,কাত্যায়নী অধ্যয়ন গোষ্ঠী,মাজগাওঁ ভানু ৰংগমঞ্চৰ পৰিচালনা সমিতি,গাংমৌথান চৰকাৰী বালিকা মজলীয়া বিদ্যালয়,হাতীবন্ধা মজলীয়া বিদ্যালয়,বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। অগনন গুণমুগ্ধৰ উপস্থিতিত আজি সন্ধ্যা বৰগাং নদীৰ পাৰত পৰম্পৰাগত ৰীতি-নীতিৰে তেখেতৰ অন্তেষ্টিক্ৰিয়া সমাপন কৰা হয়। ইফালে মৃত্যুৰ সময়ত তেখেতে পত্নী, এগৰাকী পুত্ৰ, দুগৰাকী কন্যা, বোৱাৰী,জোৱাই,নাতি নাতিনী আৰু পৰিনাতিক ইহসংসাৰত এৰি থৈ যায়।

পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ত ৭২৫৬ গৰাকীক ভেকচিন প্ৰদান

৯অক্টোবৰ ২০২১ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন  কেন্দ্রত মুঠ ৭০ গৰাকী হিতাধীকাৰীয়ে ক’ভিশ্ছিল ভেকচিন গ্ৰহণ কৰে ।ইয়াৰে প্রথম পালি ভেকচিন ৬গৰাকী আৰু ৬৪ গৰাকীয়ে দ্বিতীয় পালি ভেকচিন গ্ৰহণ কৰে। ভেকচিনেচন   কাৰ্যসূচী যোৱা ২৫মে ২০২১ তাৰিখৰ পৰা একেৰাহে চলি আছে আৰু ৯ নবেম্বৰলৈ সৰ্বমুঠ ৭২৫৬ গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত গাওঁ সমুহৰ যি সকল ব্যক্তিয়ে আজিলৈকে প্রথম পালি ভেকচিন গ্ৰহণ কৰিবলৈ ভয় কৰি আছে ,তেওঁলোকৰ ঘৰে ঘৰে গৈ ক’ভিড ভেকচিনৰ  সজাগতা আগবঢ়ায়। দ্বিতীয় পালি ভেকচিন লোৱা হিতাধীকাৰী সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে ১০০ শতাংশ  ভেকচিন প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ  ভেকচিনেচন কাৰ্য্যসূচী সুচাৰুৰূপে চলাই লৈ যোৱা যুদ্ধা সকল হৈছে  বীৰেন্দ্ৰ হাজং(MPW), মুনু দাস( এ এন এম),ৰিংকু দৈমাৰী,ৰীছা দৈমাৰী (জিএন এম) লগতে আশা চুইপাৰভাইজাৰ বিজুলী দাস কলিতা, আশা কৰ্মী মৰজিনা বেগম, জৰিনা বেগম, ৰমিছা বেগম আৰু হাছিনা বেগমে সক্ৰিয়ভাৱে সহায় সহযোগিতা কৰে আনহাতে ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি,পি,এম পংকজ কুমাৰ সভাপ্ন্ডিতে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলক   সকলো সময়তে সহায় সহযোগিতা আগবঢ়ায় আহিছে।

আজি মাজুলীত উপস্থিত মৃণালিনী দেৱী

অসম সাহিত্য সভাৰ উপসভাপতি তথা আদৰ্শময়ী মাতৃ মৃণালিনী দেৱী বহুকেইটা কাৰ্যসূচী লৈ আজি পুৱা ১০বজাত মাজুলীত উপস্থিত হয় | তাৰেই অংশ হিচাপে দিনৰ ১১ বজাত শ্ৰী শ্ৰী ভোগপুৰ সত্ৰত অনুষ্ঠিত এখনি গাম্ভীৰ্যপূৰ্ণ সভাত অসম সত্ৰ মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ, অসমৰ মাজুলী জিলা সমিতি তৰফৰ পৰা সাহিত্যিকগৰাকীলৈ গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে এক বিশেষ আদৰণী পৰ্ব সম্পন্ন হয় | শ্ৰী শ্ৰী ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ তথা সমন্বিত যুৱতীৰ্থ, অসমৰ মাজুলী জিলা সমিতিৰ সভাপতি উৎপল মহন্ত, মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক তথা সমন্বিত যুৱতীৰ্থ, অসমৰ মাজুলী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ্যোতি ৰেগন, জিলা সম্পাদকদ্বয় ক্ৰমে শংকুসিদ্ধ নাথ আৰু চন্দন গোস্বামী, সাংস্কৃতিক সম্পাদক গোলাপ চন্দ্ৰ নাথ প্ৰমুখ্যে বিষয়ববীসকলে সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটিত মাজুলীৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান, সচেতন ব্যক্তিসকল উপস্থিত থাকি সাহিত্যিকগৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে | সাহিত্য অকাদেমি অনুবাদ সাহিত্য বঁটা প্ৰাপক পুত্ৰ দিগন্ত বিশ্ব শৰ্মাৰ সংগত অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীয়ে মাজুলীত উপস্থিত হৈ পৰম সন্তোষ লাভ কৰাৰ লগতে মাজুলীবাসীৰ মৰম আৰু আতিথ্যত মুগ্ধ হৈ আকৌ মাজুলীলৈ অহাৰ ইচ্ছা ব্যক্ত কৰে |Attachments area

এইবাৰ অস্ত্ৰধাৰীৰ ৰূপত ধৰ্ষণকাৰী

ধুবুৰীৰ ভোগদহৰ গাঁও পঞ্চায়তৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি সহ দুজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ এগৰাকী মহিলাৰ। আৰক্ষী থানাত এজাহাৰ দাখিল নিৰ্যাতিত মহিলাৰ। অভিযোগ অনুসৰি কিছুদিন পূৰ্বে ভোগদহৰ গাঁও পঞ্চায়ত এলেকাৰ কলাপাকানী গাঁওৰ এগৰাকী বিবাহিত মহিলাৰ ধৰ্ষণৰ প্ৰস্তাৱ দিছিল এইজন প্ৰাক্তন পঞ্চায়ত সভাপতি আতাউৰ ৰহমানে। কিন্তু মহিলা গৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে। ইয়াৰ পিছতেই পুণৰ যোৱা ৫ নৱেম্বৰৰ নিশা ভোগদহৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি আতাউৰ ৰহমানে ধৰ্ষণ কৰে মহিলা গৰাকীক। এনেকি জাইদুল ইছলাম নামৰ আন এজন লোকে মহিলা গৰাকীৰ মূৰত পিষ্টল টুৱাই ভয় ভাবুকিৰে ধৰ্ষণ কৰাৰ অভিযোগ নিৰ্যাতিত মহিলাৰ। এ আই ইউ ডি এফ দলৰ প্ৰাক্তন পঞ্চায়ত সভাপতি গৰাকীয়ে বলপূৰ্বক মহিলা গৰাকীক ধৰ্ষণ কৰাৰ বিপৰীতে এই কথা ৰাজহুৱা কৰিলে হত্যাৰ ভাবুকি প্ৰদান কৰাৰ দৰে গুৰুতৰ অভিযোগ মহিলা গৰাকীৰ।
       ইতিমধ্যে নিৰ্যাতিত মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিত ধুবুৰীৰ এ এম কোঃ ৰোড আৰক্ষীয়ে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাই তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সকলো তথ্য। যদিওঁ আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আতাউৰ ৰহমান আৰু জাইদুল ইছলামক

কটনৰ বিশেষ ব্যৱস্থা

কভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধিনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ২০২১ৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ কভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব আৰু প্ৰায়জনীয় নথি পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ) ত ইমেইলযোগে আবেদনকাৰী সকলে প্ৰেৰণ কৰিব পাৰিব।

কটনৰ বিশেষ ব্যৱস্থা

কভিড মহামাৰীৰ ফলত পিতৃ-মাতৃহাৰা হোৱা শিক্ষাৰ্থীসকলৰ বাবে কটন বিশ্ববিদ্যালয়ৰ ফালৰ পৰা ২০২১-২২ বৰ্ষৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সুবিধাৰ অধিনত যিসকল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে ১৫ নৱেম্বৰ ২০২১ৰ ভিতৰত এখন আবেদন পত্ৰ আৰু যোগ্যতা পৰীক্ষাৰ প্ৰমাণপত্ৰ ছাত্ৰ কল্যাণ বিভাগত প্ৰেৰণ কৰিব লাগিব। আবেদন পত্ৰৰ সৈতে পিতৃ বা মাতৃৰ মৃত্যুৰ কাৰণ কভিড-১৯ বুলি উল্লেখ কৰা চিকিৎসা প্ৰমাণপত্ৰ থাকিব লাগিব আৰু প্ৰায়জনীয় নথি পত্ৰসমূহ স্কেন কৰি ec.ug@cottonuniversity.ac.in (স্নাতক) আৰু ec.pg@cottonuniversity.ac.in (স্নাতকোত্তৰ) ত ইমেইলযোগে আবেদনকাৰী সকলে প্ৰেৰণ কৰিব পাৰিব।

বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত তিনিটাকৈ ছাগলী চোৰ

 বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত চলিছে ছাগলী চোৰৰ সন্ত্ৰাস । এইবাৰ দিন-দুপৰতে ছাগলী চুৰি কৰি বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ আলহী হ’ল তিনিটাকৈ কুখ্যাত ছাগলী চোৰ । আজি গুৱাহাটী দৌলাশাল পথৰ চেঙাত বলেৰো পিক‌আপ ভানত ২৩ টাকৈ চুৰি হোৱা ছাগলী উদ্ধাৰ হয় । বৰপেটাৰ চেঙাত স্থানীয় ৰাইজৰ সহযোগত তাৰাবাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় তিনিটাকৈ ছাগলী চোৰ । দীৰ্ঘদিন ধৰি বৰপেটাৰ বিভিন্ন প্ৰান্তৰ লগতে চেঙা , বহৰি ,পালহাজী , ৰাউলী, কাপলা আদি অঞ্চলৰ পৰা চুৰি হৈছিল ছাগলী । উল্লেখ্য যে প্ৰতিদিনে চুৰি হৈ থকা ছাগলীসমূহ কেতিয়াবা যদি ঘৰৰ পৰা চুৰি কৰিছে আৰু কেতিয়াবা কোনো লোক নথকাৰ সুযোগ বুজি পথাৰৰ পৰা চুৰি কৰিছে ছাগলী । তাৰাবাৰী আৰক্ষীয়ে ছাগলী চোৰক আটক কৰাৰ খবৰ পায় থানালৈ আহিছে ছাগলীৰ গৰাকী আৰু চিনাক্ত কৰিছে নিজৰ নিজৰ চুৰি হোৱা ছাগলী । আজি তিনিটাকৈ ছাগলী চোৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে চেঙা মুছলমান গাওঁৰ স্থানীয় ৰাইজৰ সহযোগত । ধৃত চোৰ কেইটা ক্ৰমে বৰপেটা জিলাৰ বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজী গাঁৱৰ চাইফুৰ ৰহমান (২৭) আৰু চাইফুল ইছলাম (২৪) আৰু বৰপেটা সদৰ থানাৰ অন্তৰ্গত সোনকুছি গাঁৱৰ আব্দুল আজিজ(২৫) বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে । চুৰি ছাগলীসমূহ কঢ়িয়াই অনা এ.এচ- ১৫ চি -৭২৩৫ নম্বৰৰ বলেৰো পিক‌আপ ভ্যানখনো জব্দ কৰিছে আৰক্ষীয়ে । অধিক তথ্যৰ বাবে চোৰ তিনিটাক তাৰাবাৰী আৰক্ষী থানাত সোধাপোচা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে । আনহাতে চুৰি হোৱা ছাগলীৰ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কাইলৈ ধৃত চোৰ তিনিটাক বৰপেটা আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীয়ে ।

নাগাৰা নামৰ বৰ্ষীয়ান শিল্পী ৰামচৰণ ভড়ালী

নামনি অসমত আজিও নাগাৰা নামে এক সুকীয়া স্হান দখল কৰি আহিছে। নৃত্য গীত আৰু নাটকীয় উপাদানেৰে মিশ্ৰিত এই বিধ কলাই তাহানিৰ পৰাই আজিলৈকে সমাজত  সমানে জনপ্ৰিয় হৈ আহিছে। সৰ্ব সাধাৰণ ৰাইজে উপলব্ধি কৰিব পৰা এই বিধ কলাৰ ইতিহাস সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও ভাগৱতৰ চতুৰ্থ ষ্কন্ধত পৃথু ৰজাৰ ৰাজঅভিষেকৰ সময়ত নাম গোৱাৰ কিছু আভাষ পোৱা যায়।  অসমত   নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক   শ্ৰী শ্ৰী শংকৰদেৱেও  হৰি নাম ৰসক অমৃতৰ নদী বুলি উল্লেখ কৰিছে ।  এই লোকপৰিবেশ্য কলাৰ মূল বাদ্য নাগাৰা হেতুকে এইবিধ কলাক নাগাৰা নামবোলাৰ যথোপযুক্ত যুক্তি আছে।  অসমৰ নাগাৰা শিল্পক গতিশীল কৰা তথা একনিষ্ঠ সাধক   ১৯৯৮ চনতে  নাগাৰা নামৰ চৰকাৰী শিল্পী পেঞ্চন লাভ কৰা বৰ্ষীয়ান শিল্পী  ৰামচৰণ ভড়ালীৰ মনৰ কথা দৈনন্দিন বাৰ্তাৰ পাঠকলৈ  আগবঢ়োৱা হ’ল। ১৯৩৯ চনত  পশ্চিম নলবাৰীৰ দেহৰ কালাকুছিত জন্মগ্ৰহন কৰা ৰামচৰণ ভড়ালী অসমৰ নাগাৰা নামৰ দৰ্শক শ্ৰোতাৰ মাজত  বিশেষ ভাবে পৰিচিত এটি নাম। নাগাৰা নামক শিল্পী গৰাকীয়ে সময় উপযোগী কৰি সজাই- পৰাই  অতি মনোগ্ৰাহী কৰি তথা ধৰ্মীয় ভাবেৰে বছৰ বছৰ ধৰি চৰ্চা অব্যাহত ৰাখিছে। শিল্পী গৰাকীৰ মনৰ খবৰ লবলৈ আমি নিজবাসগৃহত কিছু কথোপকথন হৈছিলো।প্ৰশ্নঃ আপুনি ক’ত কেনেকৈ নাগাৰা নামৰ সাধনা কৰিছিল ?উত্তৰঃ প্ৰথম অৱস্হাত নাগাৰা নাম শুনি শুনি মোৰ মনত ধৰ্মীয়  অনুভূতিয়ে ক্ৰীয়া কৰিছিল ।পিছত ১৯৬৭চনৰ পৰা নাগাৰা নামত আন্তৰিকতাৰে মনোনিবেশ কৰো। মোৰ গুৰু আছিল সাতদলাৰ কুশল মালাকৰ।প্ৰশ্নঃএগৰাকী সফল শিল্পী হবলৈ হলে কি গুনৰ দৰকাৰ?   উত্তৰঃ   শিল্পীৰ একান্ত সাধনা আৰু ধৈৰ্যৰ প্ৰয়োজন।ধৈৰ্য আৰু সাধনা অবিহনে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰে। প্ৰশ্নঃঅসমত বৰ্তমান প্ৰচলিত  নাগাৰা নাম সম্পৰ্কে  আপোনাৰ মতামত কি? উত্তৰঃ কেবাজনো পাঠকে বিভিন্ন ধৰনে সম্প্ৰতি নাগাৰা নামক উপস্হাপন কৰিছে ই ভাল কথা। পিচে নাগাৰা নামৰ আচল ঐতিহ্য বচাই ৰখাটো প্ৰতিগৰাকী  পাঠকৰে কৰ্তব্য। প্ৰশ্নঃনতুন চামৰ প্ৰতি আপোনাৰ কিবা পৰামৰ্শ আছে নেকি?উত্তৰঃ নতুন চামে কৰ্তব্য বোধেৰে সমাজৰ বাবে পুৰণি সকলৰ আধৰুৱা খিনিসম্পূৰ্ণ কৰক। কিয়নো পুৰণি বিলাক অতি পুৰণি হৈ এসময়ত অতীতৰ বুকুত জাহ যাৱগৈ।

চাবুৱাত ‘ অসম দৰ্শন ‘ আঁচনি ৰূপায়ন

অসম চৰকাৰে ৰাজ্যৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰুপ তথা আসমীয়া জাতিৰ সত্ৰীয়া সংস্কৃতিৰ অন্যতম নামঘৰসমূহৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা অভিলাষী আঁচনি হৈছে ”অসম দৰ্শন’ আঁচনি। এই আঁচনিৰ আধাৰতে বিগত সময়ত  সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰৰ দিনৰ পৰা নামঘৰ, মদজিদ, মঠ-মন্দিৰ আদিৰ আন্তগাঁঠনি নিৰ্মাণ কৰাৰ দৰে সম্প্ৰতি ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰেও একে ধাৰা অব্যাহত ৰাখি ২০২০-২১ বৰ্ষৰ বিত্তীয় সাহায্যৰে  অসমৰ অন্যান্য বিধানসভা সমষ্টিৰ দৰে চাবুৱা বিধানসভা সমষ্টিটো বহুকেইটা নামঘৰ নিৰ্মাণ হৈ আছে।  আজি চাবুৱা বিধানসভা সমষ্টিৰ  বিধায়ক পোনাকণ বৰুৱাই নাদুৱা গাঁও পঞ্চায়তত ৫ টাকৈ নামঘৰত  উল্লেখিত আঁচনিৰ অধীনত আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ সৈতে সংগতি ৰাখি পঞ্চায়তটোৰ আটাইকেইটা নামঘৰতে মায়ামৰা ধৰ্মীয় পৰম্পৰাৰে মাংগলিক ভাৱে অনুষ্ঠানৰ আয়োজন কৰে। উল্লেখ্য , প্ৰতিটো নামঘৰৰ উন্নয়নৰ বাবে ২,৫০,০০০ .০০ টকাৰ পুঁজি প্ৰদান কৰিছে নামঘৰ পৰিচালনা সমিতিসমূহক। ৰাজ্য চৰকাৰৰ এনে  ব্যতিক্ৰমী আৰু ইতিবাচক পদক্ষেপে অসমীয়াৰ ধৰ্মীয় সমাজখনৰ ভেঁটি অধিক টনকীয়াল কৰাত উল্লেখনীয় ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে বিধায়ক বৰুৱাই। ডিকম পঞ্চায়তৰ নাদুৱা গ্ৰাণ্ট গাঁও নামঘৰ, হাতীগান্ধৈ ফুলাম নামঘৰ, নাদুৱা গাঁও পশ্চিম নামঘৰ, তিয়ঁহজলীয়া চুবুৰী নামঘৰত আধাৰশিলা স্থাপন তথা কামৰ শুভাৰম্ভ কৰাৰ সময়ত বিধায়ক গৰাকীয়ে ৰাইজক উদ্দেশ্যি কয় যে গ্ৰাম্যাঞ্চলৰ নামঘৰ সমূহ সৰ্বাংগ সুন্দৰ হৈ  নামঘৰ সমূহত ধৰ্মৰ আৰু আধ্যাত্মিক চৰ্চাৰে কলা কৃষ্টি সংস্কৃতি বিকাশৰ কাৰণে চৰকাৰখনে কাম ত্বৰান্বিত কৰি থাকিব। ভকত আৰু আইসকল একত্ৰিত হৈ অঞ্চলটোত সুস্থ সামাজিক আৰু আধ্যাত্মিক পৰিবেশ গঢ়  তুলিবলৈ প্ৰয়াস কৰিব লাগিব। তদুপৰি বিধায়কগৰাকীয়ে ২০২০-২১ বৰ্ষত চাবুৱা সমষ্টিটোত ৪০ টা নামঘৰত অসম দৰ্শন আঁচনিৰ জৰিয়তে নিৰ্মাণ কৰিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাইজক অৱগত কৰে। আজি বিধায়ক গৰাকীৰ দিনজোৰা কাৰ্যসূচী সমূহত উপস্থিত আছিল নাদুৱা গাওঁ পঞ্চায়তৰ সভানেত্ৰী শেৱালী বুঢ়াগোহাঁই ডাঙৰীয়া, অসম মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা অঞ্জলী গগৈ, পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ত্ৰিকেন্দ্ৰজিত মাৰাঙ, ডিকম গাঁও পঞ্চায়তৰ সভানেত্ৰী বন্তী শৰ্মা, অ গ প চাবুৱা বিধান পৰিষদৰ সম্পাদক নিপুল কোঁৱৰকৈ ধৰি অন্যান্যসকল । 

গোলাঘাটত লাভলীনা বৰগোঁহাই

 অসম গৌৰৱ, অলিম্পিয়ান তথা অৰ্জুন বঁটা পদক বিজয়ী লাভলীনা বৰগোহাঁই সোমবাৰে স্ব-গৃহলৈ আহি মাক দেউতাক সহিতে গোলাঘাটৰ  জামুগুৰি প্ৰেছ ক্লাব আৰু জামুগুৰিস্থিত কম্পিউটাৰ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান কম্পিউটেক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত সৌজন্যমূলক ভাবে সকলোকে সাক্ষাৎ কৰি যায় । পূৰ্বতে এই দুয়োটা অনুষ্ঠানে লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ হেঁপাহ কৰি যোগাযোগ কৰিছিল । কিন্তু তাৎক্ষণিকভাৱে লাভলীনা প্ৰশিক্ষণ কেন্দ্ৰত যোগদান কৰিব লগীয়া হোৱাত এই কাৰ্যসূচী ৰদ কৰা হয় । সেয়েহে কালি অনুষ্ঠান দুয়োটাত সোমাই সকলোৰে লগত বাৰ্তালাপ কৰে। অনুষ্ঠান দুয়োটাৰ হৈ প্ৰেছ ক্লাবৰ সভাপতি প্ৰসেনজিত শইকীয়া, যুটীয়া  সম্পাদক ৰিতুপন দত্ত আৰু ইনষ্টিটিউটৰ শিক্ষক ৰূপাংক বৰুৱাই অনুষ্ঠান দুটালৈ উষ্ম আদৰণি জনাই । আনহাতে সাধাৰণ বাৰ্তালাপৰ মাজতে লাভলীনাই বৃহত্তৰ জামুগুৰি অঞ্চলৰ কিশোৰ কিশোৰী সকলৰ বাবে কিবা এটা কৰাৰ হেঁপাহ পুহি ৰখাৰ কথাও ব্যক্ত কৰে । আজিৰ এই সাক্ষাৎত সমূহ জামুগুৰিবাসীৰ হৈ এই দুয়োটা অনুষ্ঠানে শুভেচ্ছা আৰু শুভকামনা জনায় ।