Home Blog Page 2737

দৰং জিলাৰ কিৰিংবৰীত তিহাৰ সন্মিলন সম্পন্ন

গোৰ্খা জনগোষ্ঠীৰো এটি অন্যতম বাপতি সাহোন উৎসৱ হৈছে তিহাৰ অৰ্থাৎ দেৱালী উৎসৱৰ এক বিস্তৃত ৰূপ। এই পৱিত্ৰ উৎসৱ তিহাৰৰ লগত সংগতি ৰাখি দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰ অন্তৰ্গত  কিৰিংবৰী শাৰদা ভাই ভাই জ্যোতি সংঘৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে ২১ সংখ্যক তিহাৰ সন্মিলনৰ ৮ তাৰিখে সামৰণি পৰে। পুৱা কিৰিংবৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি গোবিন্দ অধিকাৰীয়ে পতাকা উত্তোলনৰ পাছতেই ক্ৰমে  স্মৃতি তৰ্পন, বৃক্ষপুলি ৰোপন , খেল-ধেমালি আৰু সাহিত্য প্ৰতিযোগিতা, নেপালী কৃষ্টি প্ৰদৰ্শনী কাৰ্যসূচী সম্পন্ন হয়। আবেলি কুৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ বল বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকুলি সভাত দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথ, উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ড° ললিত শ্ৰেষ্ঠ, অসম চৰকাৰৰ হিচাব নিধি বিভাগৰ অৱসৰী উপ-সঞ্চালক গণেশ‌ প্ৰসাদ ছেত্ৰী, ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পৱন কুমাৰ কলিতা, দৰং জিলা গোৰ্খা সন্মিলনৰ সম্পাদক টংক প্ৰসাদ ভট্টৰায়, দৰং জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক ধকমান শ্ৰেষ্ঠ, ধৰ্ম দাস প্ৰমুখ্য বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

ৰাজকন্যা হিট এণ্ড ৰাণ কাণ্ড !

অৱশেষত মৃত্যুক সাৱটিলে গুৰুতৰ ভাৱে আহত যোচেফে ,কভিড প্ৰটকল অমান্য কৰি তীব্ৰগতিৰে বাহন চলাই মহানগৰী জি এছ ৰোডত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল মডেল ৰাজকন্যা বৰুৱাই । ১ অক্টোবৰৰ মাজনিশা সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হৈছিল ৮ গৰাকী শ্ৰমিক । সুৰাপায়ী মডেল ৰাজকন্যা বৰুৱা বৰ্তমান কাৰাবন্দী ।
দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত ৮ গৰাকী শ্ৰমিকৰ এগৰাকী যোচেফ মাৰাকে অৱশেষত মৃত্যুক সাৱটিলে । দুৰ্ঘটনাটোত দুয়োখন ভৰি চিঙি গৈছিল যোচেফ মাৰাকৰ । মেঘালয়ৰ নালাং অঞ্চলৰ বাসিন্দা আছিল যোচেফ মাৰাক ।

শিৱসাগৰৰ চৰকাৰী বিদ্যালয়ত অসমৰ ভিতৰতে প্ৰথম আচুতীয়া কোঠা শুভ উদ্বোধন

 শিৱসাগৰ জিলাৰ ডিমৌৰ সমীপৰ খেলুৱা শিক্ষা খণ্ডৰ বকতা সমল কেন্দ্ৰ পশ্চিম বস্তি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ স্বাস্থ্য জনিত কাৰণত ব্যৱহাৰ হোৱাকৈ অসমৰ ভিতৰত প্ৰথমটো  আছুতীয়া কোঠা লগতে আন দুটা শ্ৰেণী কোঠা আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ শুভল্ষ্মী ৰাজকুমাৰী । চি আৰ চি চি জুবেদ আলি প্ৰধান শিক্ষক ৰবিন ফুকনৰ এনে ধৰণৰ সৃজনশীল কামৰ বাবে বিদ্যালয় খনে এক নতুন গতি প্ৰদান কৰিলে,যিহেতু ৰ্বতমান কভিড পৰিস্থিতি মাজত এনেধৰণৰ আচুতীয়া কোঠাৰ প্ৰয়োজনীয় হৈ পৰিছে, আনহাতে  বিদ্যালয় সমূহত কেতিয়াবা প্ৰাত সভাত ছাত্ৰ ছাত্ৰী শ্ৰেণীকোঠাত শিক্ষক শিক্ষয়িত্ৰী হঠাৎ অসুস্থ হৈ পৰে তেন অৱস্থাত শ্ৰেণী কোঠাত ৰাখিব লগীয়া হয়, কিন্তু এটি যদি আচুতীয়া কোঠা থাকে তেনেস্থলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী উপকৃত হব, আৰু এই দিশত বিদ্যালয় খনে এটি সুন্দৰ নিৰ্দশন দাঙি ধৰিছে বুলি বিভিন্ন জনে মন্তব্য কৰিছে।আজি বিদ্যালয় খনত শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া ড০ শুভলষ্মী ৰাজকুমাৰীয়ে শুভ উদ্ধোধন কৰা আচুতীয়া কোঠাত এখন বিচনা প্ৰাথমিক চিকিৎসাৰ বাবে ঔষধ, জৰুৰী কালীন সেৱাৰ কিছুমান ফোন নম্বৰৰ তালিকা সহ বিদ্যালয় লগত জড়িত কিছু বিশেষ ব্যক্তিৰ তালিকা, ইয়াৰ পিছতে জিলা প্ৰাথমিক শিক্ষা বিষয়াই  চৰকাৰ তৰফৰ পৰা প্ৰেৰণ কৰা ১৬ টা কৈ কম্পিউটাৰ সংলগ্ন শ্ৰেণী কোঠা শুভ উদ্ধোধন কৰে  ইয়াৰ পিছত খেলুৱা শিক্ষা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈক শ্ৰেণীৰ  এটি শ্ৰেণী কোঠা আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে। জিলা প্ৰাথমিক বিদ্যালয় খনৰ প্ৰধান শিক্ষক ,চি আৰ,চি চি আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ গঠনমূলক কামৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে। খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই ৰাজ্য খনৰ ভিতৰত এই বিদ্যালয় এখন শ্ৰেষ্ঠ বিদ্যালয় হৈ পৰক বুলি নিজৰ ভাষন প্ৰসংগত ব্যক্ত কৰে,শুভ উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে  বিদ্যালয় তৰফৰ পৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড০ শুভল্ষ্মী ৰাজকুমাৰী ,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণৱ গগৈ, জিলা আচঁনি বিষয়া অসীম বৰুৱা, জিলা প্ৰগেমাৰ নৱজ্যোতি বুঢ়াগোহাঁইৰ লগতে উপস্থিত অতিথি  সকলক  সম্বন্ধনা জনায় ।    আনহাতে যি সমূহ বিদ্যালয়ত আন্ত গাঠনিৰ সুবিধা আছে তেনে বিদ্যালয়ত বৰ্তমান পৰিস্থিতিত এনে ধৰনৰ আচুতীয়া কোঠাৰ  প্ৰয়োজনীয়তা আছে বুলি সচেতন মহলে ব্যক্ত কৰিছে।

মৰিগাঁৱত মূকাভিনেতা মুকুন্দ নাথৰ উল্লেখনীয় পদক্ষেপ

-মৰিগাঁৱৰ  এইবাৰ মুকুন্দ নাথে আৰম্ভ কৰিছে প্ৰশিক্ষণ মুকাভিনয়। জানিব পৰা মতে  মুঠ ১০০০ বিদ্যালয়ৰ ৫০০০ শিক্ষাৰ্থীক দিব মূকাভিনয়  প্ৰশিক্ষণ। মূকাভিনেতা মুকুন্দ নাথে কয় যে প্ৰথম পৰ্যায়ত ১০০০ খন বিদ্যালয় নিৰ্বাচিত কৰি মুঠ ৫০০০ শিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়া হৱ যিহেতু গাঁও অঞ্চলৰ লোক সকলে মুকাভিনয় বিষয় জ্ঞাত নহয় আৰু এই পদক্ষেপৰ বাবে শলাগ লৈ মৰিগাঁও বাসী ৰাইজে ।আনহাতে মুকুন্দ নাথে ৫ বছৰৰ পৰা ৬ বছৰ সময় লাগিব বুলি জনাই আৰু লগতে ৬ বছৰ পিছত একেলগে ১০০০ মূকাভিনয়  শিল্পীক লগ কৰি মৰিগাঁৱৰ সদৰত এক অনুষ্ঠান প্ৰদৰ্শন কৰিব বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে । খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

ৰাজস্থানৰ বাড়মেৰত ভয়ংকৰ দুৰ্ঘটনা

ৰাজস্থানৰ বাড়মেৰত ভয়ংকৰ দুৰ্ঘটনাৰ পিচতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে । বাড়মেৰ জিলাৰ যোধপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভান্দিয়াবাসত বুধবাৰে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । যাত্ৰীবাহী বাছ আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষৰ পিচতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে দুয়োখন বাহন । দুৰ্ঘটনাটোত ৫ গৰাকী লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে । দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে প্ৰায় দুই ডৰ্জন লোক অগ্নিদগ্ধ হৈছে । ইতিমধ্যে উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন তথা উদ্ধাৰকাৰী দল ।

কবি ফুল চাংমাই গগৈলৈ ২০২১ বৰ্ষৰ “দিখৌ পাৰৰ সাহিত্য বঁটা”

 নাজিৰা মহকুমাৰ শিমলুগুৰি নগৰৰ প্ৰভাতীপুৰৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, শিশু সাহিত্যিক – কবি ফুল চাংমাই গগৈলৈ আগবঢ়োৱা হৈছে সমাজসেৱিকা কুশলতা শইকীয়া সোঁৱৰণী ২০২১ বৰ্ষৰ “দিখৌ পাৰৰ সাহিত্য বঁটা”। শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত শিমলুগুৰি শাখা সাহিত্য সভাই চলিত বৰ্ষৰ পৰা আৰম্ভ কৰা এই বঁটা প্ৰতিবছৰে বৃহত্তৰ শিমলুগুৰি অঞ্চলৰ সমাজ, সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্ৰদান কৰা হব। চলিত বৰ্ষৰ বটাঁ প্ৰাপক ফুল চাংমাই গগৈয়ে দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত শিশুসকলৰ উপযোগীকৈ কেইবাখনো শিশু গ্ৰন্থ প্ৰকাশ কৰে। “ইৰাণৰ সাধু শুনো আহা, ইণ্ডোনেছিয়াৰ সাধু, নেপালৰ সাধু, থাইলেণ্ডৰ সাধু, চাওতালীৰ সাধু, ইয়ো এক গল্প (দেশ বিদেশৰ জনশ্ৰুতিমূলক গল্প), শিৱসাগৰ জিলাৰ আহোম যুগৰ স্হাপত্য, অসম ইতিহাসৰ ত্যাগী পুৰুষসকল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহাসিক ৰমণীসকল” আদিকে ধৰি কুৰিখনৰো অধিক শিশু গ্ৰন্থ ৰচনা কৰা ফুল চাংমাই গগৈয়ে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে বৰ্তমানেও ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। অহা ১৪ নৱেম্বৰৰ শিশু দিৱসৰ দিনা শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয় ‘শ্বহীদ ভৱন’ ত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক গৰাকীক এই বটাঁ প্ৰদান কৰা হব। এই বঁটাত আছে এখন প্ৰশষ্টি প্ৰত্ৰ, এটা স্মাৰক, চেলেং চাদৰ, গামোছা আৰু গ্ৰন্থৰ টোপোলা। এক প্ৰেছ বিবৃতিৰ জৰিয়তে শিমলুগুৰি শাখা সাহিত্য সভাৰ সভানেত্ৰী কৃষ্ণা শইকীয়া আৰু সম্পাদিকা ইলা মহন বুঢ়াগোঁহায়ে এই বটাঁৰ বিষয়ে জানিবলৈ দিয়াৰ লগতে বটাঁ প্ৰদানৰ দিনা সাহিত্যপ্ৰেমী ৰাইজৰ একান্ত উপস্থিত কামনা কৰিছে।

লামডিঙত ফুটবল খেলৰ শুভাৰম্ভ।

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰৰ উদ্যোগত লামডিঙ স্বহীদ ফিল্ডত সোমবাৰৰ পৰা প্ৰাইজমাণী ও ৰানিং ট্ৰফীৰ নকআউট ফুটবল খেলৰ শুভাৰম্ভ হয়। দুপৰীয়া ভাগত ফুটবল খেলৰ শুভাৰম্ভ হয়। খেলখনৰ মূখ্য অতিথিৰূপে খেলৰ শুভাৰম্ভ কৰে লামডিঙৰ বিধায়ক শিবু মিশ্ৰ, প্ৰাক্তন ফুটবল খেলোৱাৰ চন্দ্ৰ শেখৰ,লামডিঙৰ এজন যুৱ সমাজ কৰ্মী অনিমেষ মিশ্ৰ, প্ৰাক্তন খেলোৱাৰ পিন্টু মজুমদাৰ,লামডিঙ এফ আৰ ইউ চিকিৎসক ৰবিশ্বৰ ঘোষ, মিৰা মিশ্ৰ,লামডিঙ বিজেপিৰ টাউন মণ্ডলৰ সভাপতি দেৱাশিস গুপ্ত, জয়ন্ত দাস, লক্ষী দাসৰ লগতে সমাজৰ বিশিষ্ট বিশিষ্ট বেক্তি উপস্থিত থাকে।
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ফুটবল টিম যোগদান কৰিছে এই খেলখনত ইতিমধ্যেই মোট 16 গৰাকী ফুটবল টিম যোগদান কৰিছে।শুভাৰম্ভ খেলখনত ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ বনাম এ পি টি এফ আৰু খেলখনৰ প্ৰথম দিনৰ ছেলী ‘ছ কোচিন ছেন্ট্ৰাৰ দিলে 3 গোল আৰু এ পি টি এফ দিলে 2 গোল।

শান্তিৰ নোবেল বটা বিজয়ী মালালাই আৰম্ভ কৰিলে নতুন জীৱন

নাৰী শিক্ষাৰ বাবে অহৰহ যুঁ‌জ চলাই অহা পাকিস্থানৰ মালালা ইউচুফজাই নতুন জীৱন আৰম্ভ কৰিলে । নাৰী শিক্ষাৰ পক্ষ লোৱা বাবে সেইসময়ত টালিবানী সন্ত্ৰাসবাদীৰ ৰোষত পৰিছিল ১১ বৰ্ষীয়া মালালা । ২০১২ চনত টালিবানী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণ চলাইছিল ১১বছৰীয়া মালালা ইউচুফজাই ওপৰত । স্কুল ৰ পৰা ঘৰলৈ ওভতাৰ পথত হোৱা আক্ৰমণটোত গুৰুতৰ ভাৱে আহত হৈছিল মালালা । ব্ৰিটেইনত দীঘলীয়া চিকিৎসাৰ অন্তত সুস্থ হৈছিল মালালা । তাৰ পিচত পুৰ্বতকৈ দুগুণ উৎসাহেৰে পাকিস্থানত নাৰী শিক্ষাৰ বাবে যুঁ‌জ অব্যাহত ৰাখিছিল । ২০১৪ চনত শান্তিৰ নোবেল বটাৰ বাবে মনোনিত হৈছিল মালালা ইউচুফজাই ।
মঙলবাৰে যুগ্ম জীৱনৰ পাতনি মেলিলে শান্তিৰ নোবেল বটা বিজয়ী মালালা ইউচুফজায়ে । মালালা ইউচুফজায়ে সহযোগী অসৰ ৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে ।ব্ৰিটেইনৰ বাৰ্মিংঘাম স্থিত বাসভৱনত নিকাহ সম্পন্ন হয় মালালা-অসৰৰ । টুইটাৰৰ যোগেৰে নিকাহ অনুষ্ঠানৰ ফটো আপলোড কৰি মালালাই লিখিছে , মোৰ জীৱনৰ এয়া এক গুৰুত্বপুৰ্ণ দিন , অসৰ আৰু মই চিৰজীৱনৰ বাবে বিবাহপাশত আৱদ্ধ হলো ।

বৰপেটাত উপস্থিত বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল

 অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিয়ে মংগলবাৰে বৰপেটা জিলা ভ্ৰমণ কৰি বিভিন্ন বিভাগৰ আঁচনিৰ কাম-কাজ চৰজমিন পৰিদৰ্শন কৰাৰ উপৰিও আবেলি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে।এই পৰিদৰ্শন কালত তথা পৰ্যালোচনা সভাত বৰপেটা জিলাৰ বিধায়ক সকল, বৰপেটাৰ আব্দুৰ ৰহিম আহমেদ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰ, জনিয়া সমষ্টিৰ বিধায়ক ড: ৰফিকুল ইছলাম আৰু চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনো উপস্থিত থাকে।সভাত  মুখ্য প্ৰধান বন সংৰক্ষক (নামনি অসম ক্ষেত্ৰীয়) সন্দীপ কুমাৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব প্ৰণতি মজুমদাৰ, ৰাজহ বিভাগৰ যুটীয়া সচিব আনন্দ দাস, সমাজ কল্যাণ বিভাগৰ যুটীয়া সচিব গৌতম মজুমদাৰ, পৰিবহন বিভাগৰ যুটীয়া সচিব হানিফ নুৰানি আৰু বিধানসভা সচিবালয়ৰ যুটীয়া সচিব এম কে শৰ্মা আদিও উপস্থিত থাকে।

গুৱাহাটী আহি পালে বি আৰ অ’ৰ ৭৫ দিনীয়া মটৰ চাইকেল ৰেলী

দেশৰ স্বাধীনতাৰ ৭৫  সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা “আজাদি কা অ মৃত মহোৎসৱ” উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই  ১৪ অক্টোবৰত  নতুন দিল্লীৰ পৰা দেশজুৰি আৰম্ভ কৰিছিল মটৰ চাইকেল ৰেলী । ৭৫ দিনত ২০,০০০ কিঃমিঃ যাত্ৰা  পথ  এই অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা  ৰেলীত বি আৰ অ’ৰ বিভিন্ন পদমৰ্যাদাৰ ৭৫ জন জন বিষয়া , জুনিয়ৰ কমিচনড বিষয়া , নন কমিচনড বিষয়াই ভাগ লৈছে । ৰেলীত ভাগ লোৱা মটৰ চাইকেল ৰাইডাৰ সকলে ভাগে ভাগে দেশৰ দুৰ্গম স্থান সমূহলৈ যাত্ৰা কৰিছে । এই ৰেলীত ভাগ লোৱা ১৫ জনীয়া এটা দল কালি সন্ধিয়াৰ ভাগত পশ্চিমবঙ্গৰ হাচিমাৰাৰ পৰা প্ৰায় ৩৪০ কিঃমিঃ যাত্ৰা পথ অতিক্ৰম কৰি গুৱাহাটীৰ লংকেশ্বৰত থকা বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয় । নিশাটো পূব মণ্ডল মুখ্য কাৰ্যালয়ত থকাৰ পাছত দলটোৱে আজি পুৱা তেজপুৰলৈ যাত্ৰা কৰে । পুৱা পতাকা জোকাৰি তেজপুৰ অভিমুখে যোৱা দলটোৰ যাত্ৰাৰ শুভাৰম্ভ কৰে বি আৰ অ’ৰ পূব মণ্ডলৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান ( ডি ডি জি ) শ্যামন্ত ৰায়ে । তেজপুৰৰ পৰা দলটোৱে অৰুণাচল প্ৰদেশৰ ভাৰত – চীন সীমান্ত অভিমুখে যাত্ৰা কৰিব । দলটোত দুজন কমিচনড বিষয়া , এজন জুনিয়ৰ কমিচনড বিষয়া আৰু ১০ জন নন কমিচনড তথা  অন্যান্য পদবীৰ  কৰ্মচাৰীয়ে ভাগ লৈছে । উল্লেখযোগ্য যে অহা ২৭ ডিচেম্বৰত এই ৭৫ দিনীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি বি আৰ অ’ৰ সূত্ৰত প্ৰকাশ ।